🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 8 Social Chapter 3 বসতি

Class 8 Social Science Geography Question Answer Chapter 3 বসতি answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social Chapter 3 বসতি and select needs one.

Class 8 Social Science Chapter 3 বসতি

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social Chapter 3 বসতি for All Subject, You can practice these here.

বসতি

Chapter – 3

TEXTUAL QUESTION ANSWER

১। খালী ঠাই পূৰ কৰা—

(ক) কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে।

(খ) পানীৰ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা-সুবিধা ভোগ কৰে।

(গ) আলিবাট, ৰে’লপথ, নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক ৰৈখিক বসতি বোলে।

(ঘ) বৰ্তমান অসমত গাঁৱৰ সংখ্যা হ’ল ২৫,৫৯০ খন।

২। শুদ্ধ উত্তৰটো বাছি উলিওৱা —

(ক) গ্ৰাম্য বসতিৰ মূল বৃত্তি হ’ল বেপাৰ-বাণিজ্য/ উদ্যোগ/কৃষি।

উত্তৰঃ কৃষি।

(খ) গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম/ অধিক /সমান।

উত্তৰঃ অধিক।

(গ) ভাৰতৰ প্ৰায় ৭০/৮০/৬০ শতাংশ লোকে গাঁৱত বাস কৰে।

উত্তৰঃ ৭০ শতাংশ।

(ঘ) কোনো ঠাইত থূপ খাই থকা বসতিয়েই হ’ল ৰৈখিক/ কেন্দ্ৰীভূত / পাতল বসতি।

উত্তৰঃ কেন্দ্ৰীভূত।

৩। উত্তৰ লিখাঃ (৪ টা বা ৫ টা বাক্যৰ ভিতৰত)

(ক) মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভাবা?

উত্তৰঃ মানুহে কৃষিকাৰ্য কৰিবলৈ লোৱাৰ পাছতহে স্থায়ী বসতিৰ সূচনা হয়। অৰ্থাৎ কৃষিকাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। বিশেষকৈ মাটি চহোৱা, শস্য চোৱা-চিতা কৰাৰ স্বাৰ্থত মানুহে স্থায়ীভাৱে বসতি কৰিবলগীয়া হয়। আনহাতে খেতি চপাই পোৱা শস্যবোৰৰ ভৱিষ্যতৰ বাবে মজুত কৰি ৰাখিবৰ কাৰণে মানুহে স্থায়ীভাৱে বসবাসৰ পোষকতা কৰে। সেয়ে কৃষি কাৰ্যকে মানুহৰ স্থায়ী বসতিৰ প্ৰধান কাৰণ বুলি কোৱা হয়।

(খ) গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা।

উত্তৰঃ গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য হ’ল– কৃষি। বসতি পাতল আৰু বিস্তৃত। ঘৰ বাৰীৰ আৰ্হি থলুৱা আৰু পৰম্পৰাগত হয়। এলেকাটোত যাতায়তৰ ব্যৱস্থা সুচল নহয়। অঞ্চলটোত যান বাহনৰ সংখ্যা কম। ব্যৱসায় বাণিজ্যৰ সুবিধা কম। গাঁৱলীয়া বসতিৰ এলেকাত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা কম।

(গ) কেন্দ্ৰীভূত বসতি কেনেধৰণে সৃষ্টি হয় লিখা।

উত্তৰঃ কোনো কোনো ঠাইতে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা -সুবিধাবোৰ যদি একেঠাইতে বা ওচৰে পাজৰে পোৱা যায়, তেন্তে সেই এলেকাটোত মানুহৰ বসতি থূপ খাই থাকে। এনে বসতিক কেন্দ্রীভূত বসতি বোলে। কেতিয়াবা কোনো বৃহৎ উদ্যোগ একোটা গঢ়ি উঠি অঞ্চলৰ আশে পাশে পোৱা বিভিন্ন সুবিধাৰ আলম লৈ কেন্দ্রীভূত বসতিৰ সৃষ্টি হয়।

(ঘ) পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনেকুৱা চমুকৈ লিখা।

উত্তৰঃ পৌৰ এলেকাত মানুহে  বিভিন্ন শিল্প উদ্যোগ আদি গঢ়ি তুলিছে। এই উদ্যোগবিলাক যথেষ্ট মানুহ জড়িত হৈ থাকে। কিছুমানে বেপাৰ বাণিজ্যৰ মাজেৰে নিজৰ জীৱিকা বাছনি কৰে। এই এলেকাবোৰত থকা বিভিন্ন সেৱা খণ্ড-বেংক, ডাক, বীমা, শিক্ষানুষ্ঠান, চিকিৎসালয়ত  বহুতো লোকে সংস্থাপন পাই থাকে। যাতায়ত আৰু যোগাযোগ ব্যৱস্থা লগতে চৰকাৰী চাকৰীত জড়িত হৈ বহুতে সংস্থাপন বিচাৰি পাইছে।

(ঙ) গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা।

উত্তৰঃ গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক হ’ল- গ্ৰাম্য আৰু নগৰৰ মাজত বহুতো পাৰ্থক্য আছে যদিও গাঁও আৰু নগৰৰ মানুহৰ এৰাব নোৱাৰা সম্পৰ্ক আছে। পাঠত ইতিমধ্যে উল্লেখ কৰা হৈছে যে গাঁৱৰপৰাই কালক্ৰমত নগৰৰ উৎপত্তি হয়। কিন্তু এই কথাটো সকলো ক্ষেত্ৰত প্ৰয়োজ্যে নহ’বও পাৰে। এনে কিছুমান নগৰ আছে যিবোৰক পৰিকল্পিতভাৱে পোনপটীয়াকৈ নগৰ হিচাপে গঢ়ি তোলা হৈছে।

সাধাৰণতে বেপাৰ-বাণিজ্যই গাঁও আৰু নগৰৰ মাজত সম্পৰ্ক বৰ্তাই ৰাখে। তাৰোপৰি সেৱামূলক কার্যয়ো এই সম্পৰ্ক গাঢ় কৰি তোলে। গাঁওবাসীয়ে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰী নগৰক যোগান ধৰে আৰু নগৰেও ঔদ্যোগিক দ্ৰব্য আৰু অন্যান্য সেৱা গাঁৱলৈ আগবঢ়াই।

৪। চমুটোকা লিখা—

(ক) ৰৈখিক বসতি।

উত্তৰঃ বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক ৰৈখিক বসতি বোলে। যেনে- ৰেলপথৰ কাষে কাষে বিস্তাৰিত হৈ থকা বসতি, নদীৰ কাষে কাষে বৈ থকা বসতিয়েই হৈছে ৰেখিক বসতি। কোনো কোনো ঠাইতে মানুহৰ জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা-সুবিধাবোৰ যদি একে ঠাইতে বা ওচৰে পাজৰে পোৱা যায়, তেন্তে সেই এলেকাটোত মানুহৰ বসতি থূপ খাই থাকে।

(খ) বৰ্গক্ষেত্রাকাৰ বসতি।

উত্তৰঃ গ্ৰাম্যাঞ্চলত কৃষিক্ষেত্ৰক কেন্দ্ৰ কৰিও এক ধৰণৰ বসতিৰ সৃষ্টি হয় ǀ অৰ্থাৎ কৃষিক্ষেত্ৰৰ ওচৰে পাজৰে মানুহে নিজৰ বসতি গঢ়ি তোলে। এই বসতি সাধাৰণতে বর্গক্ষেত্রাকাৰ হয় আৰু দুই বা তাতোধিক পথৰ সংযোগস্থলৰ আশে পাশে দেখা যায়। এইবোৰক বর্গক্ষেত্রাকাৰ বসতি বোলে।

(গ) উচ্চভূমি বসতি।

উত্তৰঃ উচ্চভূমিত সাধাৰণতে পাতল বসতি দেখা যায়। এনে অঞ্চল পাহাৰে আৱৰা আৰু শিলাময় হোৱাৰ বাবে বসতি পাতল হয়। তাৰোপৰি অসাৰুৱা মাটি, যাতায়তৰ অসুবিধা আৰু প্ৰতিকূল জলবায়ুৰ বাবেও উচ্চভূমিৰ পাতল বসতি দেখিবলৈ পোৱা যায়। অসমৰ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলা তিনিখন উচ্চভূমি গঠিত হোৱাৰ বাবে সেইবোৰত বসতি পাতল। আহাতে নিম্নভূমি বা সমতল অঞ্চলত যাতায়ত-পৰিবহণ, খেতি-বাতি, বাণিজ্য় আদিকে ধৰি নানা ধৰণৰ সুবিধা থকাৰ বাবে বসতি ঘন।

৫। পাৰ্থক্য লিখা—

(ক) গ্ৰাম্য বসতি আৰু পৌৰ বসতি।

উত্তৰঃ গ্ৰাম্য বসতি আৰু পৌৰ বসতি মাজৰ পাৰ্থক্য হ’ল–

গ্ৰাম্য বসতিঃ

(১) গ্ৰাম্য বসতিৰ বাসিন্দাসকলৰ বৃত্তি মূলতঃ কৃষি।

(২) বসতি পাতল আৰু বিস্তৃত।

(৩) ঘৰ-বাৰীৰ আৰ্হি প্ৰধানকৈ থলুৱা আৰু পৰম্পৰাগত।

(৪) যাতায়াত ব্যৱস্থা সাধাৰণতে সুচল নহয়।

(৫) যান-বাহনৰ সংখ্যা কম।

(৬) অনুষ্ঠান-প্ৰতিষ্ঠানৰ সংখ্যা কম।

(৭) ব্যৱসায়-বাণিজ্যৰ সুবিধা কম।

পৌৰ বসতিঃ

(১) বাসিন্দাসকলৰ বৃত্তি মূলতঃ ব্যৱসায়-বাণিজ্য, উদ্যোগ, কাৰ্যালয়ৰ চাকৰি আদি।

(২) বসতি ঘন আৰু স্তূপীকৃত।

(৩) ঘৰ-বাৰীৰ আৰ্হি আধুনিক, ওখ অট্টালিকাৰ প্ৰাধান্য বেছি।

(৪) যাতায়াত ব্যৱস্থা সুচল।

(৫) যান-বাহনৰ সংখ্যা অধিক আৰু বাহিৰৰ লগত সংযোগৰ সুবিধা যথেষ্ট।

(৬) অনুষ্ঠান-প্ৰতিষ্ঠানৰ সংখ্যা বেছি।

(৭) ব্যৱসায়-বাণিজ্যৰ সুবিধা বেছি।

(খ) ৰৈখিক বসতি আৰু কেন্দ্ৰীভূত বসতি।

উত্তৰঃ ৰৈখিক বসতি আৰু কেন্দ্ৰীভূত বসতিৰ মাজৰ পার্থক্য হ’ল–

ৰৈখিক বসতিঃ

বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক ৰৈখিক বসতি বোলে। যেনে- ৰেলপথৰ কাষে কাষে বিস্তাৰিত হৈ থকা বসতি, নদীৰ কাষে কাষে বৈ থকা বসতিয়েই হৈছে ৰেখিক বসতি।

কেন্দ্ৰীভূত বসতিঃ

কোনো কোনো ঠাইতে মানুহৰ জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা-সুবিধাবোৰ যদি একে ঠাইতে বা ওচৰে পাজৰে পোৱা যায়, তেন্তে সেই এলেকাটোত মানুহৰ বসতি  থূপ খাই থাকে। এনে বসতিক কেন্দ্ৰীভূত বসতি বোলে।

(গ) উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতি।

উত্তৰঃ উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতিৰ মাজৰ পাৰ্থক্য হ’ল–

উচ্চভূমিৰ বসতিঃ

উচ্চভূমিত সাধাৰণতে পাতল বসতি দেখা যায়। এনে অঞ্চল পাহাৰে আৱৰা, স্থলভাগ থিয়, শিলাময় আৰু ওখোৰা মোখোৰা হোৱাৰ বাবে বসতি পাতল হয় ।তাৰোপৰি অসাৰুৱা মাটি, যাতায়তৰ অসুবিধা আৰু প্ৰতিকূল জলবায়ুৰ বাবেও উচ্চভূমিৰ পাতল বসতি দেখিবলৈ পোৱা যায়।

নিম্নভূমিৰ বসতিঃ

নিম্নভূমিত সমভূমি এলেকা বেছি। এই  অঞ্চলবোৰত যাতায়ত, খেতিবাতি, বাণিজ্য আদিৰ বাবে প্ৰৰ্যাপ্ত সুবিধাবোৰ থকাৰ বাবে  জনবসতি ঘন হোৱা দেখা যায়। নিম্নভূমি এলেকাত কেন্দ্ৰীভূত, ৰৈখিক, বৰ্গক্ষেত্ৰাকাৰ ৰূপত বসতি দেখা যায়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

2 thoughts on “Class 8 Social Chapter 3 বসতি”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top