Class 8 Social Chapter 9 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান

Class 8 Social Science Question Answer Chapter 9 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social Chapter 9 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান and select needs one.

Class 8 Social Science Chapter 9 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social Science Solutions Chapter 9 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান for All Subject, You can practice these here.

     নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান

       পাঠ – ৯ ( সমাজ বিজ্ঞান )

/ উত্তৰ লিখা

() ভক্তিবাদ বুলিলে কি বুজায়  ?

উত্তৰ:- ভগবানৰ লগত মানৱ আত্মাৰ মিলন, ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষ সকলে যি মতবাদ সৃষ্টি কৰিছিল সেয়াই হৈছে ভক্তিবাদ ।

() ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ কি কি ?

উত্তৰ:- ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ হল –

(i) হিন্দু ধৰ্মৰ কঠোৰ নীতি – নিয়ম, জাতি ভেদ প্ৰথা, উচ্চ – নীচ, ধনী – দুখীয়া আদি পাৰ্থক্যই সমাজৰ নিম্ন শ্ৰেণীৰ জনসাধাৰণক বাৰুকৈয়ে অতিষ্ঠ কৰি তুলিছিল । তেওঁলোকে সততে ইয়াৰ পৰা মুক্তি বিচাৰিছিল ।

শংকৰাচাৰ্যৰ দৰে পণ্ডিতসকলে এই ক্ষেত্ৰত পথ দেখুৱালেও তেওঁলোকৰ দাৰ্শনিক মতবাদ সৰ্বসাধাৰণ লোকৰ বিশেষ বোধগম্য হোৱা নাছিল ।

(ii) মধ্য এছিয়াৰ কিছু সংখ্যক ইছলাম ধৰ্মৰ প্রচাৰকৰ ভাৰতত প্ৰবেশ ঘটিছিল । এওঁলোকে ভাৰতত ইছলাম ধৰ্ম প্ৰচাৰত মনোনিবেশ কৰিলে । চুলতান সকলৰো অনুগ্ৰহ তেওঁলোকে লাভ কৰিছিল ।

ইছলাম ধৰ্মত যাগ – যজ্ঞ আৰু মূৰ্তিৰ পূজা নাই । এই ধৰ্মত এজন ঈশ্বৰক উপাসনা কৰা হয় আৰু ঈশ্বৰৰ চকুত সকলো সমান । ফলত হিন্দু সমাজৰ একাংশ অৱহেলিত লোকো এই ধৰ্মৰ প্ৰতি আকৰ্ষিত হ’বলৈ ধৰে ।

() দিব্য প্ৰবন্ধম কি ?

উত্তৰ:- আলভাৰচসকলৰ গীত – মাত, মৌখিক সাহিত্যৰ কীৰ্তিৰাজি পৰবৰ্তী কালত সংকলিত ৰূপত প্ৰকাশ পায় । আলভাৰচসকলৰ এই সংকলিত সাহিত্য সম্ভাৰকে দিব্য প্ৰবন্ধম বোলে ।

(ঘ) উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম লিখা।

উত্তৰ:- উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম হল –

(i) ৰমানন্দ

(ii) কবীৰ

(iii) তুলখিদাস আৰু

(iv) গুৰুনানক

() শংকৰদেৱৰ মতে মানুহে কেনেকৈ মুক্তি লাভ কৰিব পাৰে ?

উত্তৰ:- শংকৰদেৱৰ মতে মানুহৰ মুক্তি লাভৰ বাবে যাগ – যজ্ঞ, বলি – বিধান আদিৰ প্ৰয়োজন নাই । ঈশ্বৰৰ ওচৰত একান্ত বিশ্বাস তথা নাম ভক্তিৰ দ্বাৰাই মানুহে মুক্তি লাভ কৰিব পাৰে ।

/ উপযুক্ত শব্দেৰে তলৰ খালী ঠাই পূৰ কৰা

(ক) শংকৰাচাৰ্য আছিল একেশ্ববাদত  বিশ্বাসী ।

(খ) খ্ৰীষ্টিয় নৱম শতিকাৰ পৰা ভাৰতত ইছলাম ধৰ্মাৱলম্বী তুৰ্কী – আফগান সকলৰ আৰ্বিভাব ঘটিছিল ।

(গ) ৰমানন্দৰ মূল উপাস্য দেৱতা আছিল বিষ্ণু অৱতাৰ ৰাম

(ঘ) তুলসীদাসক বাল্মিকী অৱতাৰ বুলি গন্য কৰিছিল ।

(ঙ) গীত গোবিন্দত শ্ৰীকৃষ্ণৰ লীলাৰ প্ৰশংসা আৰু গৰিমা প্ৰচাৰ কৰা হৈছে ।

/ চমু টোকা লিখা

() শংকৰাচাৰ্য

উত্তৰ:- ১৪৪৯ খ্ৰীষ্টাব্দত অসমীয়া কলা – সংস্কৃতিৰ প্ৰাণস্বৰূপ শংকৰদেৱৰ জন্ম হয় । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান হল বৰদোৱাৰ ওচৰৰ আলিপুখুৰী অঞ্চল । ভাৰতৰ প্ৰসিদ্ধ তীৰ্থস্থান বোৰ ভ্ৰমণ কৰি শ্ৰীমন্ত শংকৰদেবে হিন্দু ধৰ্মৰ মূল ধৰ্ম – শাস্ত্ৰ বোৰ  খৰচি মাৰি অধ্যয়ন কৰিছিল ।

ভাগৱত পুৰাণকে সকলোৰে মূল বুলি মতপোষণ কৰি তেওঁ অসমত ভক্তি আন্দোলনৰ পাতনি মেলিছিল । শঙ্কৰদেৱে একেশ্ববাদত বিশ্বাসী আছিল । ভগবানৰ নিৰাকাৰ ৰূপেই তেওঁৰ মতবাদৰ মূল কথা । মানৱীয় প্ৰমূল্য আৰু অহিংসা হল শংকৰদেৱৰ মতাদৰ্শৰ প্ৰধান বিষয়বস্তু । এই ধৰ্মমতে জাতি, ধৰ্ম নিৰ্বিশেষে  সকলো শ্ৰেণীৰ মানুহৰে ভগবানৰ ওচৰত পূজা – অৰ্চনা কৰাৰ সমান অধিকাৰ আছে ।

মোক্ষ লাভৰ বাবে যাগ – যজ্ঞ, বলি – বিধান আদিৰ প্ৰয়োজন নাই । ঈশ্বৰৰ ওচৰত একান্ত বিশ্বাস তথা নাম ভক্তিৰ দ্বাৰাই মানুহে মুক্তি লাভ কৰিব পাৰে । শংকৰদেৱৰ ভক্তিবাদে অসমৰ সকলো শ্ৰেণীৰ লোকৰ মাজত প্ৰসাৰ লাভ কৰে ।

ধৰ্মক জনসাধাৰনৰ অধিক কাষ চপাবলৈ শঙ্কৰদেৱে সংস্কৃতৰ সলনি ব্ৰজাৱলী আৰু অসমীয়া ভাষাত ধৰ্ম শাস্ত্ৰবোৰ ৰচনা কৰিছিল । শংকৰদেৱৰ সাধনাৰ মূল বিষয়বস্তু আছিল অসমীয়া ভাষাৰ বিকাশ, ক’লা – সংস্কৃতিৰ ধাৰাবাহিক চৰ্চা আৰু ভক্তি বাদৰ প্ৰসাৰ । তেওঁ হল প্ৰকৃতাৰ্থত অসমীয়া জাতিৰ কাণ্ডাৰী, অসমীয়া ভাষা আৰু কলা সংস্কৃতিৰ অন্যতম প্ৰতিষ্ঠাপক ।

() জ্ঞানদেৱ

উত্তৰ:- উত্তৰ পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰত জ্ঞানদেৱৰ নেতৃত্বত খ্ৰীষ্টীয় ১৩ শতিকাত ভক্তি আন্দোলনৰ এক ধাৰা গঢ় লৈ উঠিছিল । জ্ঞানদেবে গীত – মাতৰ দ্বাৰাই ভগবানৰ ভক্তিৰ বাণী জনসাধাৰনৰ মাজত প্ৰচাৰ কৰিছিল । প্ৰচলিত সমাজ ব্যৱস্থাৰ জাতিভেদ প্ৰথা, উচ্চ – নীচ, ধনী – দুখীয়া আদি বৈষম্য বোৰ আঁতৰ কৰি সহজ – সৰল আৰু বন্ধুত্বপূৰ্ণ জীৱন যাপনত গুৰুত্ব দিছিল ।

সকলো মানুহৰ গাতে যে ভগৱান বিদ্যমান সেই কথা জনসাধাৰনৰ মাজত উপস্থাপন কৰিছিল । তেওঁ সকলো মানুহকে ভগবানৰ একোটা অংশ বুলি ভাবি সকলোকে সমান বুলি জ্ঞান দিছিল ।

জ্ঞানদেৱৰ এই বাণী পৰবৰ্তী কালত নামদেৱ, একনাথ, টুকাৰাম, ৰামদাস আদি ভক্তিবাদৰ উদ্যোক্তা সকলৰ নেতৃত্বত বিভিন্ন অঞ্চললৈ বিয়পি পৰিছিল । জ্ঞানদেৱৰ বাণী সমূহে সকলোৰে অন্তৰৰ এক ঐশ্বৰিক প্ৰভাৱ পেলাইছিল । তেওঁ উদাৰ, ত্যাগী, নৈতিক জীৱনে সাধাৰণ ব্যক্তিক আকৰ্ষণ  কৰিছিল ।

() ৰামানন্দ

উত্তৰ:- উত্তৰ ভাৰতত বিশেষকৈ হিন্দীভাষী অঞ্চলত ভক্তিবাদ আন্দোলনৰ প্ৰচাৰক আছিল ৰামানন্দ । তেওঁ এগৰাকী পণ্ডিত আৰু সমাজ সংস্কাৰক আছিল । এওঁৰ ভক্তি মাৰ্গৰ মূল উপাস্য দেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম । তেওঁ ধৰ্মৰ দুৱাৰ সকলো শ্ৰেণীৰ লোকলৈ মোকলাই দিছিল ।

তেওঁ হিন্দী ভাষাত কবিতা ৰচনা কৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল । তেওঁৰ শিষ্য সকলৰ ভিতৰত অন্যতম শিষ্য আছিল । ৰামানন্দৰ দৰে কবীৰেও কবিতাৰ যোগেদি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল । তুলসীদাস ৰামানন্দৰ এজন সাৰ্থক উত্তৰাধিকাৰী আছিল । সৰ্বসাধাৰণ লোকৰ কথিত ভাষাত ‘ ৰামচৰিত – মানস ‘ ৰচনা কৰি প্ৰচাৰ কৰিছিল ।

S.L.NoContents
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1প্ৰাকৃতিক সম্পদ
পাঠ-2জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3বসতি
পাঠ-4বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5সাগৰ – মহাসাগৰ
পাঠ-6ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7অসমৰ নদ – নদী
পাঠ-8ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10মধ্য যুগৰ অসম
পাঠ-11অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17মানৱ সম্পদ উন্নয়ন
পাঠ-18মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22ভাৰতীয় সংবিধান
পাঠ-23মৌলিক অধিকাৰ
পাঠ-24আমাৰ মৌলিক কৰ্তব্য

() নানক

উত্তৰ:- উত্তৰ ভাৰতত ভক্তি মাৰ্গৰ প্ৰচাৰ কৰোতাসকলৰ অন্যতম এজন আছিল গুৰুনানক । এওঁক কবীৰৰ ভক্তিমাৰ্গে বিশেষভাৱে আকৃষ্ট কৰিছিল । নানকে হিন্দু ধৰ্মৰ মূৰ্তি পূজা কৰা পদ্ধতি আৰু জাতিভেদ প্ৰথা বিশ্বাস নকৰিছিল ।

তেওঁৰ মতে ঈশ্বৰ এজন । ঈশ্বৰ অদ্বিতীয় আৰু নিৰাকাৰ । গুৰু নানকৰ শিষ্য সকলক পৰবৰ্তী কালত শিখ বুলি অভিহিত কৰা হয় । শিখ ধৰ্মৰ উত্থান ভক্তিবাদ আন্দোলনৰ অন্য এক গুৰুত্বপূৰ্ণ দিশ আছিল ।

() মিৰাবাঈ

উত্তৰ:- ভাৰতৰ ভক্তিবাদী আন্দোলনৰ সমসাম়িকভাৱে আন এটি ধাৰা গুজৰাট আৰু ৰাজস্থানত দেখিবলৈ পোৱা যায় । মিৰাবাঈক ভজন – কীৰ্তন, গীত – মাতবোৰত পোৱা যায় । মিৰাবাঈয়ে ভজন – কীৰ্তনৰ জৰিয়তে ভগবানৰ গুনানুকীৰ্তন জনসাধাৰনৰ মাজত প্ৰচাৰ কৰিছিল ।

সৰ্বসাধাৰণ লোকক এই ভক্তি মাৰ্গ বিশেষভাৱে আকৰ্ষিত কৰিছিল । মিৰাবাঈয়ে ৰাজস্থানত জনসাধাৰণৰ মাজত ঠায়ে ঠায়ে গাই  সুৰ প্ৰচাৰ কৰিছিল বুলি জনা যায় । এই ভক্তিমূলক গীত – মাতে সাধাৰণ প্ৰজাক বিশেষভাৱে আকৃষ্ট কৰিছিল । মিৰাবাঈৰ ভজন – কীৰ্তন, গীত – মাতবোৰ ভাৰতত সকলো হিন্দুধৰ্মী লোকৰ অতি প্ৰিয় আছিল ।

/ আলভাৰচসকল কোন ? তেওঁলোকৰ মূল ধৰ্মমত কি আছিল ?

উত্তৰ:- আলভাৰচসকল তামিল ৰাজ্যত বসবাস কৰা এক সম্প্ৰদায়ৰ লোক আছিল ।

    আলভাৰচসকল বিষ্ণু উপাসক হোৱাৰ বাবে তেওঁলোকৰ মতে বিষ্ণু শ্ৰেষ্ঠ আৰু সৃষ্টিৰ মূল । অহং ভাৱবোৰ ত্যাগ কৰি ভগবানৰ ওচৰত নিজকে উৎসৰ্গা কৰিব পাৰিলে মোক্ষ লাভ হয় । মানুহৰ মাজতে ভগবানৰ পাব পাৰি । গতিকে জীৱ প্ৰেমেই ভগবৎ প্ৰেমৰ আধাৰ ।

/ চুফিবাদৰ মূলমন্ত্ৰ কি আছিল ? ভাৰতত চুফিবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰা

উত্তৰ:- চুফিবাদৰ মূলমন্ত্ৰ আছিল এক ভগৱানকে উপাসনা কৰা ।

  ভাৰতত চুফিবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম হল – নিজামুদ্দিন আউলিয়া আৰু আব্দুল কাদিৰ ।

/ কবীৰ কিয় হিন্দু আৰু ইছলাম ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল ?

উত্তৰ:- কবীৰ আছিল এক ভগবানৰ উপাসক । তেওঁৰ মতে ঈশ্বৰ – আল্লা এক । তেওঁক মুছলমান সকলে চুফিবাদী সাধক হিচাপে আৰু হিন্দুসকলে ৰাম ভক্ত হিচাপে স্বীকৃতি দিছিল । সেইকাৰণে কবীৰ হিন্দু আৰু ইছলাম ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল ।

/ ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সমাজ সংস্কাৰৰ কাম হাতত লোৱাৰ উদ্দেশ্যে কি কৰিছিল ?

উত্তৰ:- ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সামাজিক দিশতো ব্যাপক প্ৰভাৱ পেলাইছিল । এই আন্দোলনৰ ফলস্বৰপে জাতিভেদ, উচ্চ – নীচ, সৰু – বৰ ভাব আৰু আচাৰ – অনুষ্ঠানৰ বাহুল্যতা বহুখিনি হ্ৰাস পাইছিল ।

উদাৰ মানৱীয় দৃষ্টিভংগী ভক্তিবাদৰ ভেটি হোৱাৰ বাবে নাৰীয়েও পুৰুষৰ লগত একে লগে ধৰ্ম চৰ্চা আৰু প্ৰচাৰৰ সুবিধা লাভ কৰিছিল । হিন্দু – মুছলমানৰ মাজত ঐক্য – সংহতি বৃদ্ধি কৰাত ভক্তি আন্দোলনে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ।

/ ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ কাৰণ কি ?

উত্তৰ:- ভক্তিবাদৰ নতুন নতুন ধ্যান – ধাৰণাই ভাৰতীয় সমাজ আৰু সংস্কৃতিত প্ৰভাৱ বিস্তাৰ কৰিলে । ক্ৰমান্বয়ে ভক্তিবাদৰ পৰিসৰ বহল হল ।

ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাবি ঐশ্বৰিক শক্তিৰ উপাসনাৰ মাধ্যমেৰে সমাজ – সংস্কাৰ কৰি সৰ্ব – সাধাৰনৰ সকলো প্ৰকাৰৰ কল্যাণ সাধন কৰা কাৰ্যকো ভক্তিৰ অন্তৰ্ভুক্ত বুলি বিবেচনা কৰা হল । মধ্য যুগত এনেধৰণৰ ভক্তিবাদী আন্দোলনে উত্তৰ আৰু উত্তৰ – পূব ভাৰতত বিস্তৃত ৰূপত প্ৰকাশ পায় । এইদৰে সমগ্ৰ ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হৈ উঠে ।

/ শ্ৰীমন্ত শংকৰদেবে অসমীয়া সমাজলৈ আগবঢোৱা অৰিহনাৰ বিষয়ে ৫০ টা মান শব্দৰ ভিতৰত এটি টোকা প্ৰস্তুত কৰা

উত্তৰ:- ১৪৪৯ খ্ৰীষ্টাব্দত অসমীয়া কলা – সংস্কৃতিৰ প্ৰাণস্বৰূপ শংকৰদেৱৰ জন্ম হয় । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান হল বৰদোৱাৰ ওচৰৰ আলিপুখুৰী অঞ্চল । শংকৰদেৱ ভক্তিবাদৰ ধাৰণাৰে তেওঁ অসমীয়া সমাজখনক নকৈ গঢ়ি তুলিলে ।

অসমীয়াৰ সামাজিক জীৱনটো একত্ৰিত কৰিবলৈ তেওঁ সমতা, সহিষ্ণুতা আৰু অহিংসাৰ বাণী প্ৰচাৰ কৰিছিল । ভক্তিবাদক আশ্ৰয় কৰি তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ লগতে সমাজ সংস্কাৰতো মনোনিবেশ কৰিছিল । ধৰ্মক জনসাধাৰনৰ অধিক কাষ চপাবলৈ শঙ্কৰদেৱে সংস্কৃতৰ সলনি ব্ৰজাৱলী আৰু অসমীয়া ভাষাত ধৰ্ম শাস্ত্ৰবোৰ ৰচনা কৰিছিল ।

সামাজিক একতা আৰু সম্প্ৰীতিৰ বান্ধ গঢ়ি তুলিবলৈ তেওঁ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ ব্যৱস্থা কৰিছিল । সামাজিক সমতা আৰু সকলো সম্প্ৰদায়ৰ উমৈহতীয়া অংশ গ্ৰহণ নিশ্চিত কৰি তেওঁ বৃহৎ অসমৰ ভাষা আৰু কলা – সংস্কৃতিৰ বহল ক্ষেত্ৰখন গঢ়ি তুলিছিল ।

শংকৰদেৱৰ সাধনাৰ মূল বিষয়বস্তু আছিল অসমীয়া ভাষাৰ বিকাশ, ক’লা – সংস্কৃতিৰ ধাৰাবাহিক চৰ্চা আৰু ভক্তি বাদৰ প্ৰসাৰ । তেওঁ হল প্ৰকৃতাৰ্থত অসমীয়া জাতিৰ কাণ্ডাৰী, অসমীয়া ভাষা আৰু কলা সংস্কৃতিৰ অন্যতম প্ৰতিষ্ঠাপক ।

2 thoughts on “Class 8 Social Chapter 9 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top