Class 8 Social পাঠ 13 ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ

Class 8 Social পাঠ 13 ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter  Class 8 Social পাঠ 13 ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ – সমাধান and select needs one.

Class 8 Social পাঠ 13 ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ – সমাধান

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social পাঠ 13 ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ – সমাধান Solutions for All Subject, You can practice these here.

ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ

পাঠ১৩ ( সমাজ বিজ্ঞান )

/ উত্তৰ দিয়া

() ইংৰাজ আৰু ফৰাচীৰ মাজত কিহৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল ?

উত্তৰ:- ইংৰাজ আৰু ফৰাচীৰ মাজত নিজ দেশৰ প্ৰতিপত্তি আৰু সাম্ৰাজ্য স্থাপনৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল

() প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচী সকলৰ গৱৰ্ণৰ কোন আছিল ?

উত্তৰ:- প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচী সকলৰ গৱৰ্ণৰ ফ্ৰান্সিছ ডপ্লে আছিল

() চিৰাজউদ্দৌল্লাৰ প্ৰধান সেনাপতি কোন আছিল ?

উত্তৰ:- চিৰাজউদ্দৌল্লাৰ প্ৰধান সেনাপতি মিৰ্জাফৰ আছিল

() বংগৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল ?

উত্তৰ:- বংগৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছ আছিল

() কোনে স্বত্ববিলোপ নীতি উদ্ভাৱন কৰিছিল ?

উত্তৰ:- কোৰ্ট অব ডাইৰেক্টৰ সকলে স্বত্ববিলোপ নীতি উদ্ভাৱন কৰিছিল

/ শুদ্ধ উত্তৰ বাচি উলিওৱা

() পণ্ডিচেৰী ইংৰাজ সকলৰ বাণিজ্য কুঠি আছিল

উত্তৰ:- অশুদ্ধ

() ফৰাচী সকলে চালাবৎ জঙক হায়দৰাবাদৰ নিজাম পাতিছিল

উত্তৰ:- শুদ্ধ

() চিৰাজউদ্দৌল্লা আলিবৰ্দি খাঁৰ ডাঙৰ জীয়েকৰ পুত্ৰ আছিল

উত্তৰ:- অশুদ্ধ

() পলাশী নামৰ ঠাইখন ভাগিৰথী নদীৰ পাৰত অৱস্থিত আছিল

উত্তৰ:- শুদ্ধ

() ৰেগুলেটিং এক্টে বংগৰ গৱৰ্ণৰ গৰাকীক গৱৰ্ণৰ জেনেৰেল পদলৈ উন্নতি কৰে

উত্তৰ:- শুদ্ধ

() লৰ্ড ৱেলেচলিয়ে স্বত্ব বিলোপ নীতি প্ৰবৰ্তন কৰিছিল

উত্তৰ:- শুদ্ধ

/ ক্ৰমানুসাৰে সজোৱা

চিৰাজউদ্দৌল্লা, মিৰজাফৰ, আলিবৰ্দি খাঁ, মীৰকাছিম

উত্তৰ:- আলিবৰ্দি খাঁ, চিৰাজউদ্দৌল্লা, মিৰজাফৰ, মীৰকাছিম

/ চমু উত্তৰ লিখা

() প্ৰথম কৰ্ণাটক যুদ্ধ

উত্তৰ:- ইংৰাজ নৌবাহিনীয়ে হঠাতে ভাৰতৰ দক্ষিণ উপকূলত ফৰাচী জাহাজ এখন ১৭৪৫ খ্ৰী:ত অৱৰোধ কৰে তাৰ উত্তৰত ফৰাচী সেনাপতি ডুপ্লে ইংৰাজৰ অধীনত থকা মাদ্ৰাজ অধিকাৰ কৰে । ইংৰাজে উপায় নাপাই কৰ্ণাটকৰ নবাবৰ সহায় লয় ।

ইয়াৰ ফলত নবাবৰ বৃহৎ সৈন্য বাহিনীৰ লগত ফৰাচী বাহিনীৰ যুদ্ধ হয় । যুদ্ধত ইংৰাজ আৰু নবাবৰ সৈন্যবাহিনী পৰাজিত হয় । কিন্তু ইউৰোপত ইংৰাজ আৰু ফৰাচী সকলৰ সন্ধি হোৱাত ভাৰততো দুয়োপক্ষৰ সন্ধি হয় । ফলত দখল কৰা ঠাইবোৰ ঘূৰাই দিয়া হয় । এয়ে কৰ্ণাটকৰ প্ৰথম যুদ্ধ ।

() ডুপ্লে

উত্তৰ:- ডুপ্লে আছিল ফৰাচীসকলৰ পণ্ডিচেৰী গৱৰ্ণৰ জেনেৰেল । তেওঁ বৰ চতুৰ, দূৰদৰ্শী আৰু তীক্ষ্ণ বুদ্ধি সেনাপতি আছিল । প্ৰথম কৰ্ণাটকৰ যুদ্ধৰ সময়ত তেওঁ পণ্ডিচেৰীতে আছিল ।

সুযোগ সন্ধানী ইংৰাজ নৌবাহিনীয়ে যেতিয়া ভাৰতৰ দক্ষিণ – পূব উপকূলত ফৰাচী জাহাজ এখন অৱৰোধ কৰে তেতিয়া তেওঁ লগে লগে ইংৰাজৰ অধীনত থকা মাদ্ৰাজ নগৰ অধিকাৰ কৰি ইংৰাজক কৰ্ণাটকৰ নবাবৰ সহায় লব লগা অৱস্থাত পেলায় ।

নবাবৰ বৃহৎ এটা সৈন্যবাহিনীয়ে ফৰাচী সকলক আক্ৰমণ কৰে । চতুৰ ডুপ্লে নবাবৰ সৈন্যক পৰাজিত কৰি সন্ধি কৰিবলৈ বাধ্য কৰে । পাছত তেওঁক গ্ৰহ চৰকাৰে স্বদেশলৈ ঘূৰাই লৈ যায় ।

() পলাশী যুদ্ধ

উত্তৰ:- ১৭৫৭ খ্ৰীষ্টাব্দত মূৰ্ছিদাবাদৰ পৰা ২৩ মাইল দক্ষিণে ভাগিৰথী নদীৰ পাৰৰ পলাশী নামৰ ঠাইত নবাবৰ সৈন্যৰ লগত ইংৰাজৰ যুদ্ধ হয় । নবাবৰ দুই সেনাপতি মীৰমদণ আৰু মোহনলালে তাকৰীয়া সৈন্যৰেই অসীম পৰাক্রমেৰে যুঁজি অৱশেষত প্ৰধান সেনাপতি মিৰজাফৰৰ বিশ্বাসঘাটকতাৰ বাবে পৰাজয় বৰণ কৰিব লগা হয় ।

যুদ্ধত পৰাজিত চিৰাউদ্দৌল্লাক মিৰজাফৰৰ পুতেক মিৰানে হত্যা কৰে । পলাশী যুদ্ধৰ পিছত ইংৰাজে পূৰ্বৰ প্ৰতিশ্ৰুতি মতে মিৰজাফৰক বংগৰ নবাব পাতে । যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মিৰজাফৰে ক্লাইব আৰু ইংৰাজ কৰ্মচাৰী সকলক অজস্ৰ ধন – সম্পত্তি দি পুৰস্কৃত কৰিছিল আৰু চৌবিছ পৰগনাৰ জমিদাৰী ইংৰাজ কোম্পানীক দান দিছিল ।

সামৰিক দৃষ্টিকোণৰ পৰা পলাশী যুদ্ধক যুদ্ধ বুলি কব নোৱাৰি যদিও এই যুদ্ধই ভাৰতীয় ইতহাসত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে । এই যুদ্ধত জয়ী হৈয়েই ইংৰাজ সকলে বংগৰ লগতে ভাৰতৰ আভ্যন্তৰীণ ৰাজনীতিত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সুবিধা পায় ।

আনহাতে ফৰাচী শক্তি ক্ৰমান্বয়ে লোপ পাই আহে । পলাশী যুদ্ধৰ পৰাই মধ্য যুগীয় ভাৰতৰ প্ৰায় সমাপ্তি ঘটিছিল আৰু ভাৰতত আধুনিক যুগৰ সূচনা হৈছিল বুলি গণ্য কৰা হয় ।

() ৰেগুলেটিং এক্ট

উত্তৰ:- ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন নিয়ন্ত্ৰণ তথা সুদৃঢ় কৰাৰ বাবে বৃটিছ সংসদে ৰেগুলেটিং এক্ট নামে এখন আইন প্ৰণয়ন কৰি বলবৎ কৰিছিল । এই আইনৰ দ্বাৰা বংগদেশৰ গৱৰ্ণৰৰ পদটো জেনেৰেললৈ উন্নীত কৰা হৈছিল ।

তেওঁৰ কাম – কাজত সহায় কৰিবৰ বাবে এখন চাৰিজনীয়া কমিটি গঠন কৰা হয় । বোম্বাই আৰু মাদ্ৰাজৰ গৱৰ্ণৰ দুজনক বংগৰ গৱৰ্ণৰ জেনেৰেলৰ অধীনস্থ কৰা হয় । ৰেগুলেটিং এক্ট সাংবিধানিক গুৰুত্ব যথেষ্ট আছে ।

এই আইন মতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজনৈতিক কাৰ্যক ভাৰতত স্বীকৃতি দিয়া হৈছিল । ইয়াৰ দ্বাৰা ভাৰতত ইংৰাজ চৰকাৰৰ স্থায়ী শাসনৰ পাতনি মেলা হৈছিল । কিন্তু ৰেগুলেটিং এক্ট বংগৰ গৱৰ্ণৰ জেনেৰেল গৰাকীৰ ক্ষমতা নিৰ্দিষ্ট কৰি নিদিয়াৰ বাবে পৰবৰ্তী সময়ত এই আইন বিফলতাৰ সন্মুখীন হয় ।

() পিটৰ ভাৰত শাসন আইন

উত্তৰ:- পূৰ্বৰ আইনৰ আসোঁৱাহ দূৰ কৰাৰ বাবে পিটৰ ভাৰত শাসন আইন এখন প্ৰবৰ্তন কৰা হয় এই আইন মতে

) ভাৰত শাসনৰ বাবে এখন ছয় জনীয় সদস্যৰ  নিয়ন্ত্ৰণ মণ্ডলী গঠন কৰা হয় এই মণ্ডলীয়ে ভাৰতৰ কোম্পানীৰ কামকাজ তদাৰক কৰিব

) বংগদেশৰ গৱৰ্ণৰ জেনেৰেলৰ পৰিষদ সদস্য  সংখ্যা চাৰিজনৰ পৰা তিনিজন কৰা হয়

) ইয়াৰ উপৰিও এখন আঞ্চলিক সভাও গঠন কৰা হয় এই সভাই কোম্পানীৰ চাকৰিৰ প্ৰাৰ্থী নিযুক্তি আৰু বাতিল কৰাৰ অধিকাৰ থাকিব

) এই আইন গৱৰ্ণৰ জেনেৰেলৰ পদটো অধিক শক্তিশালী কৰে

) ইয়াৰ দ্বাৰা কেন্দ্ৰীয় শাসনৰ ভেটি স্থাপন কৰা হয় এই আইনেই ভাৰতত বৃটিছ সাম্ৰাজ্য শাসনৰ ভেটি সুদৃঢ় কৰে

() চিৰস্থায়ী বন্দোবস্ত

উত্তৰ:- প্ৰথমে ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰে ভাৰতীয় অৰ্থনীতি সংশোধন কৰাৰ নামত ৰাজহ ব্যৱস্থা কোম্পানীৰ দখললৈ নিছিল । এই ক্ষেত্ৰত গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ চিৰস্থায়ী বন্দোবস্তৰ কথাটো উল্লেখ কৰিছিল । তেওঁ কোম্পানীৰ ৰাজহ বিভাগটো টনকিয়াল কৰিবলৈ চেষ্টা কৰিছিল ।

কৃষি ভূমিৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দোবস্ত লগোৱা হৈছিল আৰু এই ভূমি সমূহ ভাগ ভাগ কৰি একোজন জমিদাৰৰ তত্বাৱধানত দিয়া হৈছিল । জমিদাৰ সকলে এটা নিৰ্ধাৰিত ৰাজহ ইষ্ট ইণ্ডিয়া কোম্পানীক বাৰ্ষিক খাজনা হিচাপে দিব লাগিছিল । এই খাজনা দিব নোৱাৰিলে জমিদাৰী চৰকাৰৰ হাতলৈ গৈছিল ।

এই ব্যৱস্থাৰ জৰিয়তে লৰ্ড কৰ্ণৱালিছে তেওঁৰ সাত বছৰীয়া কাৰ্যকালত যথেষ্ট পৰিমাণে অৰ্থ সংগ্ৰহ কৰি কোম্পানীৰ ৰাজভঁৰাল চহকী কৰিছিল । চিৰস্থায়ী বন্দোবস্তৰ আন এটি উল্লেখযোগ্য দিশ হল এক শ্ৰেণীৰ নতুন জমিদাৰৰ উত্থান । চিৰস্থায়ী বন্দোবস্তৰ ফলত পুৰণি জমিদাৰ বিলাকে কোম্পানীক ৰাজহ দিব নোৱাৰিলে তেওঁলোকৰ মাটি নিলামত বিক্ৰী হৈছিল ।

এই নিলামৰ মাটি সেই সময়ৰ ধনী শ্ৰেণীয়ে ক্ৰয় কৰিছিল । এই ধনী শ্ৰেণীৰ অধিকাংশৰে পিচে কৃষি কৰ্মৰ লগত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাছিল । সেয়েহে এই ধনী শ্ৰেণীয়ে কৃষকসকলৰ ওপৰত খাজনাৰ বোজা বৃদ্ধি কৰিছিল । ফলস্বৰূপে কৃষকসকল সততে ধাৰৰ বোজা সহ্য কৰিব লগা হৈছিল ।

এই নতুন ধনী শ্ৰেণীটো ইংৰাজৰ আইন মতে মাটিৰ মালিক আছিল । সেয়েহে এই শ্ৰেণীৰ লোকসকল সদায় ইংৰাজৰ অনুগত আছিল আৰু ১৮৫৭ চনৰ বিদ্ৰোহত ইংৰাজক সহায়হে কৰিছিল ।

S.L.NoContents
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1প্ৰাকৃতিক সম্পদ
পাঠ-2জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3বসতি
পাঠ-4বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5সাগৰ – মহাসাগৰ
পাঠ-6ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7অসমৰ নদ – নদী
পাঠ-8ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10মধ্য যুগৰ অসম
পাঠ-11অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17মানৱ সম্পদ উন্নয়ন
পাঠ-18মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22ভাৰতীয় সংবিধান
পাঠ-23মৌলিক অধিকাৰ
পাঠ-24আমাৰ মৌলিক কৰ্তব্য

/ ‘ বংগৰ ঘৰুৱা বিবাদেই ইংৰাজৰ বংগ দখলৰ প্ৰধান কাৰণ ‘ – কথাষাৰৰ যথাৰ্থতা নিৰ্ণয় কৰা

উত্তৰ:- বংগ দেশৰ নবাব আলিবৰ্দি খাঁৰ মৃত্যুৰ পিছত চিৰাজউদ্দৌল্লা বংগৰ নবাব হয় । কিন্তু আলিবৰ্দি খাঁৰ আন দুগৰাকী জীয়েকৰ পুতেক কেইজনেও বংগৰ নবাবৰ পদবী দাবী কৰে । সিংহাসনৰ পৰা বঞ্চিত হৈ এওঁলোকে চিৰাজউদ্দৌল্লাৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হয় ।

এই ঘৰুৱা বিবাদৰ সুযোগ লৈ ইংৰাজ আৰু ফৰাচী সকলে নিজকে শক্তিশালী আৰু সুৰক্ষিত কৰিবলৈ বংগদেশত সামৰিক দুৰ্গ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে । নবাব চিৰাজউদ্দৌল্লাই দুয়ো পক্ষকে দুৰ্গ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ আদেশ দিয়ে।

সেইমতে ফৰাচী সকলে দুৰ্গ নিৰ্মাণ বন্ধ কৰে যদিও ইংৰাজে বন্ধ নকৰিলে আনহাতে চুক্তিমতে যি সুবিধা দিয়া হৈছিল সেইবোৰৰ অপব্যৱহাৰ কৰিছিল আৰু নবাবক ৰাজহৰ পৰা বঞ্চিত কৰিছিল । সেইবাবে নবাবে ইংৰাজৰ বিৰুদ্ধে অভিযান চলাই ইংৰাজক পৰাজিত কৰে । পাছত ৰবাৰ্ট ক্লাইবৰ সসৈন্য আহি  ফোৰ্ট উইলিয়াম দুৰ্গ উদ্ধাৰ কৰে আৰু আলিগৰত সন্ধি কৰে ।

ইংৰাজে চিৰাজউদ্দৌল্লাৰ লগত সেনাপতি মিৰ্জাফৰে গোপনে চুক্তি কৰি ষড়যন্ত্ৰ কৰে । ষড়যন্ত্ৰৰ সকলো আয়োজন সম্পূৰ্ণ হোৱাত ৰবাৰ্ট ক্লাইবে চিৰাজউদ্দৌল্লাৰ বিৰুদ্ধে সন্ধি ভংগৰ মিছা অভিযোগ আনি যুদ্ধ ঘোষণা কৰে ।

১৭৫৭ খ্ৰীষ্টাব্দত দুই পক্ষৰ মাজত পলাশী নামে ঠাইত তুমুল যুদ্ধ হয় । মিৰজাফৰৰ বিশ্বাস ঘাটকতাৰ বাবে চিৰাজউদ্দৌল্লা পৰাজিত হয় । যুদ্ধত চিৰাজউদ্দৌল্লাক মিৰজাফৰৰ পুতেক ম মিৰানে হত্যা কৰে । পূৰ্বৰ প্ৰতিশ্ৰুতি মতে মিৰজাফৰক বংগৰ নবাব পাতে ।

কিছুদিনৰ পাছত মিৰজাফৰে ওলণ্ডাজ সকলৰ লগ  লগাত মিৰজাফৰক নবাব ভাঙি মীৰকাছিমক নবাব পাতে । এইদৰে অৱশেষত বক্সাৰৰ যুদ্ধত বংগদেশৰ শাসন ইংৰাজৰ হাতলৈ যায় । মুঠতে ঘৰুৱা বিবাদৰ বাবেই বংগ দেশৰ ধ্বংস হৈছিল ।

 / ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোনবোৰ কাৰ্যকলাপে চিৰাজউদ্দৌল্লাক অসন্তুষ্ট কৰিছিল ?

উত্তৰ:- ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চিৰাজউদ্দৌল্লাক অসন্তুষ্ট কৰা কাৰ্য বোৰ হল

) কলিকতাত দুৰ্গ নিৰ্মাণৰ কাম বন্ধ কৰাৰ আদেশ অমান্য কৰাৰ উপৰি দুৰ্গ নিৰ্মাণৰ কাম পূৰ্ণোদ্যমে কৰি গৈছিল

) আনহাতে ইংৰাজক দিয়া আগৰ চুক্তিমতে বেহাবেপাৰৰ যি সুবিধা দিয়া হৈছিল তাৰো তেওঁলোকে অপব্যৱহাৰ কৰিছিল

) ইংৰাজ বনিক সকলে কোম্পানীৰ নামত ব্যক্তিগত ভাৱে ব্যৱসায় আৰম্ভ কৰাৰ ফলত বংগদেশৰ নবাব প্ৰাপ্য ৰাজহৰ পৰা বঞ্চিত হৈছিল

) ইয়াৰ উপৰি বংগৰ নবাব বিষয়া দেৱান ৰাজবল্লভৰ পুত্ৰ কৃষ্ণ দাসক নবাবৰ ইচ্ছাৰ বিৰুদ্ধে ইংৰাজ সকলে কলিকতাত আশ্ৰয় দিছিল

এইবোৰ আছিল নবাব চিৰাজউদ্দৌল্লাৰ অসন্তুষ্ট হোৱাৰ কাৰণ

 / ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্য বাদী নীতি কি কি কাৰ্যাৱলীৰ দ্বাৰা প্ৰকাশ পাইছিল আলোচনা কৰা

উত্তৰ:- ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্য বাদী নীতি তলত দিয়া কাৰ্যাৱলীৰ দ্বাৰা প্ৰকাশ পাইছিল

১) বিভাজন আৰু শাসন নীতিৰে ৰাজ্যত দুটা বিৰোধী পক্ষৰ সৃষ্টি কৰি দুৰ্বল কৰি শেষত ৰাজ্যখন দখল কৰা নীতি যেনে – হায়দৰাবাদ আৰু কৰ্ণাটকৰ নিজামৰ উত্তৰাধিকাৰীৰ মাজত হোৱা বিবাদ হস্তক্ষেপ আৰু ষড়যন্ত্ৰ কৰি ৰাজ্য দখলৰ ব্যৱস্থা কৰা ।

ই সাম্ৰাজ্যবাদৰে এটা কৌশল । প্ৰথমে উপনিবেশ পাতি তাৰ সুৰক্ষাৰ বা দুৰ্গ সাজি স্থায়ী শাসন লোৱাৰ ব্যৱস্থা কৰা হৈছিল ।

২) বংগদেশৰ নবাবৰ উত্তৰাধিকাৰী বিবাদ । এই ক্ষেত্ৰতো দেশীয় ৰাজ্যৰ গৃহকন্দলৰ ক্ষেত্ৰতো ইংৰাজ আৰু ফৰাচী সকলে হস্তক্ষেপ কৰি ৰাজ্য দখলৰ চেষ্টা কৰি অৱশেষত বংগ, বিহাৰ, উৰিষ্যাৰ ৰাজহ আদায় আদি শাসন কাৰ্য হস্তগত কৰে ।

বক্সাৰৰ যুদ্ধত অযোধ্যা আৰু মোগল সম্ৰাটৰ পৰা কোৰা আৰু এলাহাবাদ দুখন জিলা দখল কৰে । তাৰ পিছত ৰেগুলেটি এক্ট, পিট ইণ্ডিয়া এক্ট আদিৰ দ্বাৰা ইংৰাজৰ শাসন সম্প্ৰসাৰণ আৰু দৃঢ় কৰি তুলিছিল ।

৩) লৰ্ড ডেলহাউছিৰ স্বত্ববিলোপ নীতিৰ মূল কথা হল বৃটিছৰ আশ্ৰয়ত থকা ৰাজ্যবোৰ উত্তৰাধিকাৰী নাথাকিবলৈ বৃটিছ চৰকাৰৰ অনুমতি নোলোৱাকৈ কোনো তোলনীয় উত্তৰাধিকাৰী হব নোৱাৰিব । এইদৰে ভাৰতৰ বহুতো ৰাজ্য ইংৰাজ চৰকাৰে নিজৰ সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত কৰিছিল ।

/ লৰ্ড ডেলহাউচিয়ে স্বত্ববিলোপ নীতি প্ৰয়োগ কৰি কোন কেইখন ৰাজ্য কোম্পানীৰ শাসনাধীন  কৰিছিল ? তাৰ এখন তালিকা প্ৰস্তুত কৰা

উত্তৰ:- লৰ্ড ডেলহাউচিয়ে স্বত্ববিলোপ নীতি প্ৰয়োগ কৰি কোম্পানীৰ শাসনাধীন কৰা ৰাজ্য কেইখন হল

) মন্দতী ৰাজ্য

) লাবা ৰাজ্য

) চাতাৰা ৰাজ্য

) সম্বলপুৰ ৰাজ্য

) ভাগলপুৰ ৰাজ্য

) উদয়পুৰ ৰাজ্য

) নাগপুৰ ৰাজ্য

) ঝান্সি ৰাজ্য আদি

/ ভাৰতবৰ্ষৰ এখন মানচিত্ৰ আঁকি তলত উল্লেখ কৰা স্থান সমূহ বহুওৱা

) পণ্ডিচেৰী

) মাদ্ৰাজ

) বোম্বাই

) এলাহাবাদ

) অযোধ্যা

) পলাশী

) কৰ্ণাটক

উত্তৰ:- নিজে চেষ্টা কৰা

১০/ শিক্ষকৰ সহায়ত ইউৰোপৰ মানচিত্ৰ চাই অষ্ট্ৰিয়া, ইংলণ্ড, ফ্ৰান্স, জাৰ্মানী আদি বিচাৰি উলিওৱা

উত্তৰ:- শিক্ষকৰ সহায় লৈ নিজে চেষ্টা কৰা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top