Class 8 Social পাঠ 23 মৌলিক অধিকাৰ – সমাধান

Class 8 Social পাঠ 23 মৌলিক অধিকাৰ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social পাঠ 23 মৌলিক অধিকাৰ – সমাধান and select needs one.

Class 8 Social পাঠ 23 মৌলিক অধিকাৰ – সমাধান

Join Telegram channel

Table of Contents

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social পাঠ 23 মৌলিক অধিকাৰ – সমাধান Solutions for All Subject, You can practice these here.

মৌলিক অধিকাৰ

পাঠ – ২৩ ( সমাজ বিজ্ঞান )

/ চমু উত্তৰ দিয়া

() মৌলিক অধিকাৰ বুলিলে কি বুজা ?

উত্তৰ:- নাগৰিক সকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যি বিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰ সমূহকে মৌলিক অধিকাৰ বোলা হয় ।

() কোন দেশত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণাৰ জন্ম হৈছিল ?

উত্তৰ:- আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণাৰ জন্ম হৈছিল ।

() সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰ সমূহৰ উল্লেখ আছে ?

উত্তৰ:- সংবিধানৰ তৃতীয় অধ্যায়ত ১৪ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈ মৌলিক অধিকাৰ সমূহৰ উল্লেখ আছে ।

() ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হয় ?

উত্তৰ:- ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো ১৯৭৮ চনত বিলোপ কৰা হয় ।

() কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয় ?

উত্তৰ:- ২০০৯ চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয় ।

/ খালী ঠাই পূৰ কৰা

() অস্পৃশ্যতা এক সামাজিক ……………………….

উত্তৰ:- ব্যাধি ।

() ভাৰতবৰ্ষ এখন ধৰ্ম  …………………….. ৰাষ্ট্ৰ

উত্তৰ:- নিৰপেক্ষ ।

() মৌলিক অধিকাৰ সমূহ সংবিধানৰ এক অবিচ্ছেদ্য …………………….

উত্তৰ:- অংগ ।

() মৌলিক অধিকাৰ নাগৰিকৰ ……………………. বিকাশত সহায় কৰে

উত্তৰ:- ব্যক্তিত্ব ।

S.L.NoContents
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1প্ৰাকৃতিক সম্পদ
পাঠ-2জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3বসতি
পাঠ-4বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5সাগৰ – মহাসাগৰ
পাঠ-6ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7অসমৰ নদ – নদী
পাঠ-8ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10মধ্য যুগৰ অসম
পাঠ-11অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17মানৱ সম্পদ উন্নয়ন
পাঠ-18মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22ভাৰতীয় সংবিধান
পাঠ-23মৌলিক অধিকাৰ
পাঠ-24আমাৰ মৌলিক কৰ্তব্য

) শুদ্ধ উত্তৰটো বাছি উলিওৱা

() দেশৰ জৰুৰী কালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে/ নোৱাৰে

উত্তৰ:- দেশৰ জৰুৰী কালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব নোৱাৰে ।

() মৌলিক অধিকাৰৰ পৰা নাগৰিক সকল বঞ্চিত হলে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে/ নোৱাৰে

উত্তৰ:- মৌলিক অধিকাৰৰ পৰা নাগৰিক সকল বঞ্চিত হলে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে ।

() আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনুৱালৈকে সকলো সমান হয়/ নহয়

উত্তৰ:- আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনুৱালৈকে সকলো সমান হয় ।

() চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত সকলো ছাত্ৰছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে/ নোৱাৰে

উত্তৰ:- চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত সকলো ছাত্ৰ – ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে ।

() সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষাসংস্কৃতি ৰক্ষা কৰিব পাৰে / নোৱাৰে

উত্তৰ:- সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা – সংস্কৃতি ৰক্ষা কৰিব পাৰে ।

/ সংবিধানত মৌলিক অধিকাৰ সমূহৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণ কি লিখা

উত্তৰ:- এখন স্বাধীন ৰাষ্ট্ৰৰ নাগৰিক সকলৰ ব্যক্তিত্ব বিকাশ আৰু স্বচ্ছন্দ ভাৱে জীয়াই থাকিবলৈ এটা সুন্দৰ বাতাবৰণ প্ৰয়োজন । বিভিন্ন পৰিস্থিতিত নাগৰিকসকলে উপভোগ কৰিব পৰা সা – সুবিধাৰ বাতাবৰনেই হৈছে অধিকাৰ।  যেনে – বিদ্যালয়ত শিক্ষা গ্ৰহণৰ সুবিধা পালেহে এটি শিশু শিক্ষিত হৈ ভবিষ্যতে সুনাগৰিক হবলৈ সক্ষম হব ।

গতিকে তেওঁক শিক্ষা লাভ কৰাৰ অধিকাৰ দিব লাগিব । তেতিয়াহে তেওঁৰ বিকাশ ঘটিব । সেয়ে সংবিধানত মৌলিক অধিকাৰ সমূহৰ অন্তৰ্ভুক্ত কৰা হৈছে ।

৫/ শিক্ষকৰ সহায়ত শ্ৰেণীৰ ছাত্ৰ – ছাত্ৰী সকলক লৈ এই বিষয়টোৰ ওপৰত এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা –

” মৌলিক অধিকাৰ জনসাধাৰণৰ ৰক্ষা কৱচ ” ।

উত্তৰ:- শিক্ষকৰ সহায় লৈ নিজে কৰা ।

৬/ ‘ শিশু শ্ৰমিক নিষিদ্ধ কৰণ, মহিলাক সম অধিকাৰ প্ৰদান কৰা আৰু সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰা ‘

– এনেধৰণৰ সমস্যা সমূহৰ ওপৰত একোখন চুটি বাটৰ নাট লিখি ঠায়ে ঠায়ে অনুষ্ঠিত কৰিবা ।

উত্তৰ:- শিক্ষকৰ সহায় লৈ নিজে কৰা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top