Class 11 Political Science Chapter 19 শান্তি

Class 11 Political Science Chapter 19 শান্তি The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 19 শান্তি and select needs one.

Class 11 Political Science Chapter 19 শান্তি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 19 শান্তি Solutions for All Subject, You can practice these here.

শান্তি

পাঠ: ৯

দ্বিতীয় খণ্ড

অতি চমু প্রশ্নৰ উত্তৰ দিয়া

১। শান্তিৰ অর্থ লিখা । 

উত্তৰঃ শান্তিৰ অর্থ যুদ্ধহীনতা । 

২। শান্তিৰ পৰিৱেশ বিনষ্ট কৰা যিকোনাে এটা উপাদানৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ জাতিভেদ প্রথা । 

৩। যুদ্ধক প্রশংসা কৰা এজন দার্শনিকৰ নাম লিখা । 

উত্তৰঃ ফ্রেডৰিক নিৎচে । 

৪। বর্তমান সময়ত সন্ত্রাসবাদ হ’ল শান্তি প্রতি আটাইতকৈ ডাঙৰ ভাবুকি । হয় নে নহয় লিখা । 

উত্তৰঃ হয় ।

৫। শান্তিৰ বাণী প্রচাৰ কৰা দুজন ভাৰতীয়ৰ নাম লিখা । 

উত্তৰঃ মহাত্মা গান্ধী আৰু গুৰু নানক । 

৬। মহাত্মা গান্ধীৰ আন্দোলনৰ মূল মাধ্যম কি আছিল ? 

উত্তৰঃ শান্তি আৰু অহিংসা ।

৭। পঞ্চশীলৰ যিকোনাে এটা নীতিৰ বিষয়ে লিখা । 

উত্তৰঃ শান্তিপূর্ণ সহাৱস্থান । 

৮। শান্তি প্রতিষ্ঠাৰ বাবে থকা যিকোনাে এটা দৃষ্টিভঙ্গীৰ বিষয়ে লিখা । 

উত্তৰঃ সমতাৰ সন্তোলন ।

৯। শান্তিবাদ কি ? 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই গৃহীত কৰা এটা গুৰুত্বপূৰ্ণ নীতি হ’ল শান্তিবাদ । শান্তিবাদ নীতিয়ে বিশ্বত যুদ্ধ আৰু হিংসা বর্জন কৰাৰ বাবে আহ্বান জনায় । 

১০। বিশ্বশান্তি প্রতিষ্ঠা আৰু ৰক্ষা কৰাৰ বাবে গঢ়ি উঠা এক অনুষ্ঠানৰ নাম লিখা । 

উত্তৰঃ ৰাষ্ট্ৰসংঘ । 

তলত দিয়াবােৰৰ উত্তৰ দিয়া :

১। শান্তি আৰু ৰাষ্ট্ৰৰ বিষয়ে লিখা । 

উত্তৰঃ ব্যক্তিয়ে যিদৰে শান্তি নােহােৱাকৈ সুস্থ জীৱন – যাপন কৰিব নােৱাৰে , ৰাষ্ট্ৰইও সেইদৰে শান্তি নােহােৱাকৈ বিকাশ লাভ কৰিব নােৱাৰে , নাগৰিকসকলে সুস্থ জীৱন যাপন কৰিব নােৱাৰে । দেশৰ বিকাশৰ বাবে শান্তি প্রয়ােজন । দেশৰ সার্বভৌমত্বই বিশ্বশান্তিত বাধাৰ সৃষ্টি কৰে । প্রত্যেক ৰাষ্ট্রই নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে আনৰ দেশক আক্ৰমণৰ চেষ্টা চলায় । ফলত দুয়ােখন দেশৰ শান্তি বিনষ্ট হয় । আক্রমণ প্রতিআক্রমণ  শান্তিৰ পৰিপন্থী । গণতন্ত্রৰ ওপৰত বিশ্বাস আৰু মানৱাধিকাৰক অগ্রাধিকাৰ দিব পাৰিলে বিশ্বত শান্তি প্রতিষ্ঠাৰ পথ সুচল হ’ব ।

২। শান্তি অনুসৰণৰ বাবে বিভিন্ন দৃষ্টিভঙ্গীৰ বিষয়ে আলােচনা কৰা ৷ 

উত্তৰঃ বিশ্ব শান্তি প্রতিষ্ঠাৰ বাবে বিভিন্ন প্রচেষ্টা চলাব পাৰি । যেনে–

১। ক্ষমতাৰ সন্তোলন :- ৰাষ্ট্ৰবিলাকৰ মাজত থকা প্রতিযােগিতা নিয়ন্ত্রিত ৰূপত ৰাখিব পাৰিলে বিশ্বশান্তি প্রতিষ্ঠাৰ বাট মুকলি হ’ব ।

২। আর্থ – সামাজিক সহযােগিতা :- দেশবিলাকৰ মাজত আর্থ সামাজিক সহযােগিতাৰ দ্বাৰাও সামগ্রিক উন্নয়নৰ বাট মুকলি কৰি বিশ্বশান্তি প্রতিষ্ঠাৰ প্রচেষ্টা চলাব পাৰি । 

৩। জাতীয় উর্ধ্বৰ বিন্যাস :- এই দৃষ্টিভঙ্গীয়ে জাতীয় উর্ধ্বৰ বিন্যাস ঘটাই এক বিশ্ব সম্প্রদায়ৰ সৃষ্টি কৰি বিশ্বশান্তিৰ বাবে এটা নিশ্চিত ব্যৱস্থাৰ সৃষ্টি কৰাৰ কথা কয় । 

৩। পঞ্চশীল পাঁচটা নীতিৰ বিষয়ে লিখ । 

উত্তৰঃ পঞ্চশীল পাঁচটা মূল নীতি সমূহ হ’ল — 

( ১ ) পৰস্পৰৰ ভৌগােলিক অখণ্ডতা আৰু সার্বভৌমত্বৰ প্রতি পাৰস্পৰিক শ্রদ্ধা । 

( ২ ) পৰস্পৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা । 

( ৩ ) সাম্য ।

( ৪ ) পাৰস্পৰিক সুবিধা । আৰু 

( ৫ ) শান্তিপূর্ণ সহাৱস্থান । 

৪। শান্তিৰ সমসাময়িক প্ৰত্যাহ্বান সমূহ কি কি ? 

উত্তৰঃ পৃথিৱীত সাম্প্রতিক সময়ত শান্তি বিঘ্নিত হৈছে । বৃহৎ আৰু শক্তিশালী ৰাষ্ট্ৰবােৰে শান্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । আমেৰিকা , চীন ইত্যাদি ৰাষ্ট্ৰবােৰে নিজৰ আধিপত্য আৰু ক্ষমতা বিস্তাৰৰ বাবে বিভিন্ন সামৰিক ব্যৱস্থা গ্ৰহণ কৰিছে । উদাহৰণস্বৰূপে –আমেৰিকাই ইৰাক আৰু আফগানিস্থানত সামৰিক হস্তক্ষেপ কৰিছে । 

সন্ত্রাসবাদ হ’ল শান্তি প্রতি আন এক বৃহৎ প্রত্যাহ্বান । আধুনিক অস্ত্র আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি সন্ত্রাসবাদী সকলে ধ্বংস আৰু হত্যালীলা কৰিবলৈ সক্ষম হৈছে । আমেৰিকাৰ বিশ্ব বাণিজ্য ক্ষেত্ৰত সন্ত্রাসবাদীৰ আক্রমণ আৰু মুম্বাই আক্ৰমণৰ কথা উল্লেখ কৰিব পাৰি । কিছুমান দেশৰ ভিতৰত বিভিন্ন সম্প্রদায়ৰ মাজত সংঘটিত আক্রমণ আৰু প্রতি আক্রমণৰ ফলত শান্তি বিঘ্নিত হৈছে । এইক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ দুর্বল ভূমিকাৰ কথাটোৱে শান্তি প্রতিষ্ঠাত ব্যাঘাত জন্মাইছে । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1সংবিধান: কিয় আৰু কেনেকৈ ?
Chapter 2ভাৰতীয় সংবিধানত থকা অধিকাৰ সমূহ
Chapter 3নির্বাচন আৰু প্রতিনিধিত্ব
Chapter 4সংবিধান: কার্যপালিকা
Chapter 5বিধানমণ্ডল
Chapter 6ন্যায়পালিকা
Chapter 7যুক্তৰাষ্ট্রবাদ
Chapter 8স্থানীয় চৰকাৰ
Chapter 9জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান
Chapter 10সংবিধানৰ দর্শন ।
Unit 2দ্বিতীয় খণ্ড
Chapter 1ৰাজনৈতিক তত্ব: এক চমু পৰিচয়
Chapter 2স্বাধীনতা
Chapter 3সমতা
Chapter 4সামাজিক ন্যায়
Chapter 5অধিকাৰ
Chapter 6নাগৰিকতা
Chapter 7জাতীয়তাবাদ
Chapter 8ধর্মনিৰপেক্ষতাবাদ
Chapter 9শান্তি
Chapter 10 উন্নয়ন

৩। শান্তি প্রতিষ্ঠাৰ বাবে বিভিন্ন পদ্ধতি সমূহ কি কি ? 

উত্তৰঃ শান্তি প্রতিষ্ঠাৰ বাবে তিনিটা প্রধান পদ্ধতি আছে । যেনে– 

( ক ) ক্ষমতাৰ ভাৰসাম্য ।

( খ ) সামাজিক আৰু অর্থনৈতিক সহযােগিতা । 

( গ ) অধিৰাষ্ট্ৰীয় ব্যৱস্থা । 

শান্তি প্রতিষ্ঠাৰ প্ৰথমটো পদ্ধতি হ’ল ক্ষমতাৰ ভাৰসাম্য ব্যৱস্থা । এই ব্যৱস্থা অনুসৰি ৰাষ্ট্ৰসমূহৰ মাজত এক ক্ষমতাৰ ভাৰসাম্য বজাই ৰখাত গুৰুত্ব দিয়া হয় । ইয়ে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত সংঘাত বা সংঘর্ষ আঁতৰাই ৰখাত সহায় কৰে । ৰাষ্ট্ৰসমূহৰ মাজত মিত্রগােষ্ঠী গঠন কৰি যুদ্ধক প্রতিহত কৰা হ’ব বা কোনাে এখন ৰাষ্ট্রক আক্রমণ কৰিবলৈ ভাবুকি প্রদান কৰা হয় । ইয়াৰ ফলত ৰাষ্ট্ৰসমূহৰ মাজত সংঘর্ষ বা সংঘাত নিয়ন্ত্রিত হৈ থাকে । 

ৰাষ্ট্ৰসমূহৰ মাজত সামাজিক আৰু অর্থনৈতিক সহযােগিতা স্থাপনৰ জৰিয়তে আন্তঃৰাষ্ট্রীয় পর্যায়ত শান্তি প্রতিষ্ঠা কৰিব পাৰি । এই পদ্ধতিৰ দ্বাৰা ৰাষ্ট্ৰসমূহৰ মাজত আন্তঃৰাষ্ট্ৰীয় বুজাপৰা বৃদ্ধি কৰি শান্তি স্থাপন কৰা হয় । 

শান্তি প্রতিষ্ঠাৰ তৃতীয়টো পদ্ধতি হল বিশ্ব সম্প্রদায় গঠন কৰি শান্তি প্রতিষ্ঠা কৰা । ৰাষ্ট্ৰৰ পৰিসীমা অতিক্রম কৰি বেচৰকাৰী সংগঠন বা অনুষ্ঠানৰ জৰিয়তে জনসাধাৰণৰ মাজত যােগাযােগ স্থাপন কৰি শান্তি প্রতিষ্ঠা কৰিব পৰা যায় বুলি কল্পনা কৰা হৈছে । বিশ্বায়নৰ ফলত এনেকুৱা এক পৰিবেশৰ সৃষ্টি হৈছে । 

৪। শান্তি প্রতিষ্ঠাৰ বাবে থকা বিভিন্ন দৃষ্টিভঙ্গীৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ বিশ্ব শান্তি প্রতিষ্ঠাৰ বাবে বিভিন্ন প্রচেষ্টা ল’ব পৰা যায় । যেনে–

১। ক্ষমতাৰ সন্তোলন :- ৰাষ্ট্ৰবিলাকৰ মাজত প্রতিযােগিতা থাকিব । কিন্তু এই প্রতিযােগিতাক নিয়ন্ত্রিত ৰূপত ব্যৱহাৰ কৰিব পাৰিলে বিশ্বশান্তি প্রতিষ্ঠাৰ বাট মুকলি হ’ব । 

২। আর্থ – সামাজিক সহযােগিতা :- দেশবিলাকৰ মাজত আর্থ সামাজিক সহযােগিতাৰ দ্বাৰাও সামগ্রিক উন্নয়নৰ বাট মুকলি কৰি বিশ্বশান্তি প্রতিষ্ঠাৰ প্রচেষ্টা চলাব পাৰি । 

৩। জাতীয় উর্ধ্বৰ বিন্যাস :- এই দৃষ্টিভঙ্গী বা প্রচেষ্টাই ৰাষ্ট্ৰ ব্যৱস্থাক মানৱ ইতিহাসৰ এটা সাময়িক অৱস্থা বুলিও আখ্যা দিছে । 

৫। সার্বভৌম ৰাষ্ট্রই বিশ্বশান্তিত বাধাৰ সৃষ্টি কৰে বুলি তুমি ভাবানে ? কাৰণ দর্শোৱা । 

উত্তৰঃ বর্তমান সময়ত পৃথিৱীৰ বহুতাে সৰু – ডাঙৰ সার্বভৌম ৰাষ্ট্ৰত বিভক্ত হৈ আছে । প্রত্যেকখন ৰাষ্ট্ৰই নিজৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ চেষ্টা কৰে । প্রয়ােজন হলে এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্রক আক্রমণ কৰে । প্রত্যেক ৰাষ্ট্ৰই নিজৰ নিজৰ ভূখণ্ডৰ প্ৰতিৰক্ষাৰ বাবে যুদ্ধৰ আশ্রয় লােৱাৰ এটা প্ৰৱণতা গঢ়ি উঠিছে । ১৯৯০ চনত ইৰাকে কুৱেইটক আক্রমণ কৰিছিল । আনহাতে ৰাষ্ট্ৰই সামৰিক বাহিনী বা আৰক্ষী বাহিনী প্রয়ােগ কৰি দেশৰ ভিতৰত সংঘটিত বিবাদ বা বিৰােধ দমন কৰিবলৈ চেষ্টা কৰে । বর্তমান ম্যানমাৰত এনেধৰণৰ স্বেচ্ছাচাৰী সামৰিক এক নায়ত্ববাদী শাসন চলি আছে । 

৫। ধর্মনিৰপেক্ষতাবাদ কি ? ধর্মনিৰপেক্ষতাবাদৰ চাৰিটা বৈশিষ্ট্য ব্যাখ্যা কৰা । 

উত্তৰঃ ব্যক্তি , সমাজ , ৰাষ্ট্র , আইন , শিক্ষাব্যৱস্থা , সাহিত্য , কলা কৃষ্টি , সংস্কৃতি আদিৰ ধৰ্মৰ সৈতে মুঠেই সম্পর্ক নথকা বা বিশেষ সম্পর্ক নথকা বিশ্বাস বা আদর্শক ধৰ্মনিৰপেক্ষতা বােলা হয় । 

অক্সফর্ড এডভান্সত লার্ণাড ডিক্সনাৰীত দিয়া অনুসৰি ধর্মনিৰপেক্ষতা হৈছে এটা বিশ্বাস যে শিক্ষা , আইন আদি ধৰ্মৰ ভিত্তিত প্রতিষ্ঠিত হােৱাতকৈ তথ্য , বিজ্ঞান আদিৰ ভিত্তিত প্রতিষ্ঠিত হােৱা উচিত । একেদৰে , এনচাইক্লোপেডিয়া বৃটেনিকা ৩ ধর্মনিৰপেক্ষ প্রতিশব্দটোৱে আধ্যাত্মিক , ধর্মীয় আদি বস্তুৰ সৈতে সম্পর্কবিহীনতা বুজায় বুলি কোৱা হৈছে । 

বৈশিষ্ট্যঃ ১৷ সকলাে ধৰ্মৰ প্রতি সমান সন্মান । 

২। ৰাষ্ট্রধর্মৰ অনুপস্থিতি ৩। ধর্মীয় বিষয়ত পক্ষপাতিত্বৰ অনুপস্থিতি ।

৩। ধৰ্মীয় বিষয়ত পক্ষপাতিত্বৰ অনুপস্থিতি ।

৪। ধর্মীয় সংখ্যালঘুসকলৰ প্রতি সমব্যৱহাৰ । 

৬। ভাৰতীয় আৰ্হিৰ ধৰ্মনিৰপেক্ষতাবাদৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ প্রাচ্য আৰু পাশ্চাত্য জগতৰ আধ্যত্মিক অধিভৌতিক ধর্মীয় আদি বিষয়ৰ লগত সংশ্লিষ্ট ভাৱধাৰাৰ বিভিন্নতাৰ ভিত্তিত ধর্মনিৰপেক্ষতাক দুটা শ্ৰেণীত বিভক্ত কৰা হয় । সেই দুটা হ’ল–

( ১ ) আমেৰিকাৰ প্রতিনিধিত্বধর্মী পাশ্চাত্য ধাৰণা । আৰু 

( ২ ) ভাৰতে প্রতিনিধিত্ব কৰা প্রাচ্য ধাৰণা । 

১। ধর্মনিৰপেক্ষতাৰ পাশ্চাত্য আৰ্হি :- ধৰ্ম আৰু ৰাষ্ট্ৰই পাৰস্পৰিক অকলশৰীয়াকৰণ পাশ্চাত্য ধর্মনিৰপেক্ষতাৰ সাৰবস্তু । সেই অনুসৰি , ৰাষ্ট্ৰই ধর্মীয় কোনাে কথাত হস্তক্ষেপ নকৰে আৰু ধর্মইও ৰাষ্ট্রৰ কাৰ্যৰ ভাল বেয়া বিচাৰ কৰি মূৰ নঘমায় । 

২। ভাৰতে প্রতিনিধিত্ব কৰা প্ৰাচ্য ধাৰণা :- ভাৰতীয় ধর্মনিৰপেক্ষতাৰ ধাৰণাৰ স্থপতি তথা মুখ্যপ্ৰৱক্তা পণ্ডিত জৱাহৰলাল নেহৰুৰ মতে , সকলাে ধৰ্মৰ প্রতি সুৰক্ষা প্রদান , কোনাে এটা ধৰ্মৰ প্রতি বিশেষ আগ্রহ প্রদর্শন আৰু অন্যবােৰ ধৰ্মৰ ক্ষতিসাধনৰ অনুপস্থিতি আৰু কোনাে ৰাষ্ট্ৰীয় ধর্ম নথকাটো ভাৰতীয় ধর্মনিৰপেক্ষতাৰ প্রধান বৈশিষ্ট্য ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top