Class 11 Political Science Chapter 9 জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান

Class 11 Political Science Chapter 9 জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 9 জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান and select needs one.

Class 11 Political Science Chapter 9 জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 9 জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান Solutions for All Subject, You can practice these here.

জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান

পাঠ: ৯

প্ৰথম খণ্ড

অতি চমু প্রশ্নৰ উত্তৰ দিয়া

১। সংবিধানৰ কোনটো অনুচ্ছেদত সংশােধন পদ্ধতি উল্লেখ কৰা আছে ? 

উত্তৰঃ ৩৬৮ নং অনুচ্ছেদ । 

২। ভাৰতীয় সংবিধান সংশােধন পদ্ধতি কেইটা ? 

উত্তৰঃ তিনিটা । 

৩। ভাৰতীয় সংবিধানৰ কোন সংশােধনী মতে মৌলিক কর্তব্যসমূহ সংবিধানত সন্নিৱিষ্ট কৰা হৈছে ? 

উত্তৰঃ ৪২ তম সংশােধনী । 

৪। ভাৰতীয় সংবিধান সংশােধন প্রক্রিয়াত জনসাধাৰণে অংশগ্রহণ কৰিব পাৰে নে নােৱাৰে ? 

উত্তৰঃ নােৱাৰে । 

৫। ভাৰতীয় সংবিধান সংশােধনৰ নমনীয় পদ্ধতিটো উল্লেখ কৰা ।

উত্তৰঃ নমনীয় পদ্ধতি অনুসৰি সংসদৰ উভয় সদনৰ সাধাৰণ সংখ্যাগৰিষ্ঠ ভােটৰ সমৰ্থনত কিছুমান অনুচ্ছেদ সংশােধন কৰিব পাৰি । 

৬। ভাৰতীয় সংবিধানৰ যিকোনাে এটা বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ লিখিত সংবিধান ।

৭। ভাৰতীয় সংবিধানৰ যিকোনাে এটা একাত্মক বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ একক নাগৰিকত্ব । 

৮। ভাৰতবৰ্ষৰ সংবিধানখন বলবৎ হােৱাৰ পিছত প্রথম সংশােধন কিমান চনত হৈছিল ? 

উত্তৰঃ ১৯৫১ চনত । 

৯৷ ভাৰতীয় সংবিধান সংশােধনৰ পদ্ধতি কেইটা আছে ? 

উত্তৰঃ তিনিটা । 

১০। ভাৰতবৰ্ষত বর্তমান কেইখন ৰাজ্য আছে ? 

উত্তৰঃ ২৯ খন । 

তলৰ প্ৰশ্নবােৰৰ উত্তৰ দিয়া :

১। সংবিধান এখন জীৱন্ত দলিল হয়নে ? 

উত্তৰঃ সংবিধান হ’ল ৰাষ্ট্ৰৰ মৌলিক আৰু সর্বোচ্চ আইনস্বৰূপ । সংবিধান পৰিৱৰ্তনীয় আৰু ক্রমবর্ধনশীল । সময়ৰ গতিৰ লগত খাপ খুৱাই সংবিধানবােৰ পৰিৱৰ্তন কৰা হয় । সংবিধানৰ কোনাে অপ্রয়ােজনীয় অংশ বাদ দিয়া হ’লেও নতুন কথা সংযােজনৰ ফলত ইয়াৰ কলেবৰ বৃদ্ধি হৈ থাকে । সংবিধান এখন ৰচনা কৰোঁতে ভালেমান আসোঁৱাহ ৰৈ যাব পাৰে । কেতিয়াবা বিশেষ পৰিস্থিতিৰ বাবে সংবিধানত সন্নিৱিষ্ট কৰিবলগীয়া কিছুমান অংশ বাদ দিবলগীয়া হ’ব পাৰে । আকৌ কেতিয়াবা সংবিধানত লিপিবদ্ধ থকা কিছু অংশ সময়ৰ পৰিৱর্তনৰ ফলত বাদ দিবলগীয়া হয় । উদাহৰণস্বৰূপে , ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰ বিলােপ ঘটোৱা হৈছে । নাইবা কোনাে অংশ নতুনকৈ সংযােজন কৰাৰ আৱশ্যক হ’ব পাৰে ।

নাইবা কোনাে অংশৰ সম্ভাব্য পৰিৱর্তনৰ আৱশ্যক হ’ব পাৰে । প্রতিখন ৰাষ্ট্রৰ সংবিধানৰ ক্ষেত্ৰত এনে ধৰণৰ পৰিৱর্তন সাধিত হৈ থকা দেখা যায় । সংবিধান যিহেতুকে জীৱিত বস্তুৰ নিচিনা পৰিৱৰ্তনশীল আৰু ক্রমবর্ধমান । সেইবাবে সংবিধান এখনক জীৱন্ত দলিল বােলা হয় । 

২। ভাৰতীয় সংবিধান সংশােধন পদ্ধতি আলােচনা কৰা । 

উত্তৰঃ ভাৰতীয় সংবিধান সংশােধনী পদ্ধতি ৩৬০ নং অনুচ্ছেদ উল্লেখ কৰা আছে । ভাৰতীয় সংবিধানৰ ৩৬৮ নং অনুচ্ছেদ অনুযায়ী সংবিধান সংশােধন পদ্ধতিক তিনিটা ভাগত ভগােৱা হৈছে । 

প্রথম পদ্ধতি :- ভাৰতৰ সংসদে সংবিধানৰ বহুবিলাক বিষয় সাধাৰণ আইন প্রণয়ন পদ্ধতিতে সংশােধন কৰিব পাৰে । এই পদ্ধতি অনুসৰি সংসদৰ উভয় সদনৰ সাধাৰণ সংখ্যাগৰিষ্ঠ ভােটৰ সমর্থনত কিছুমান বিষয় সংশােধন কৰা হয় । 

দ্বিতীয় পদ্ধতি :- ভাৰতীয় সংবিধানৰ কিছুমান বিষয় বা অনুচ্ছেদ সংশােধনৰ ক্ষেত্ৰত দৃঢ় বা অনমনীয় পদ্ধতিৰ ব্যৱস্থা আছে । এই পদ্ধতি অনুসৰি সংবিধান সংশােধন কৰিবলৈ হ’লে সংসদৰ প্রত্যেক সদনৰ মুঠ সদস্যৰ অধিকাংশ উপস্থিত আৰু ভােট প্রদানকাৰী সদস্যসকলৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠ ভােটৰ প্রয়ােজন আৰু ৰাজ্যিক বিধানমণ্ডল সমূহৰ কমেও আধা সংখ্যক বা ততােধিক সমর্থনৰ প্রয়ােজন । 

তৃতীয় পদ্ধতি :- এই পদ্ধতি অনুসৰি সংবিধানৰ কিছুমান বিষয় সংসদ প্রত্যেক সদনৰ মুঠ সদস্যৰ অধিকাংশ আৰু উপস্থিত আৰু ভােট প্রদানকাৰী সদস্যৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠ ভােটক সংশােধন কৰিব পাৰি । এই বিষয়সমূহৰ কিছুমান হ’ল মৌলিক অধিকাৰ , নির্দেশাত্মক নীতি ইত্যাদি । 

ভাৰতীয় সংবিধানে সংশােধনৰ প্ৰস্তাৱ কেৱল কেন্দ্রীয় সংসদে উত্থাপন কৰিব পাৰে । ৰাজ্যসমূহৰ এই ক্ষমতা নাই । যিকোনাে সংবিধান সংশােধনী বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতিৰ প্রয়ােজন । ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ লাভ কৰাৰ পিছত সংবিধান সংশােধনী কার্যকৰী হয় । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1সংবিধান: কিয় আৰু কেনেকৈ ?
Chapter 2ভাৰতীয় সংবিধানত থকা অধিকাৰ সমূহ
Chapter 3নির্বাচন আৰু প্রতিনিধিত্ব
Chapter 4সংবিধান: কার্যপালিকা
Chapter 5বিধানমণ্ডল
Chapter 6ন্যায়পালিকা
Chapter 7যুক্তৰাষ্ট্রবাদ
Chapter 8স্থানীয় চৰকাৰ
Chapter 9জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান
Chapter 10সংবিধানৰ দর্শন ।
Unit 2দ্বিতীয় খণ্ড
Chapter 1ৰাজনৈতিক তত্ব: এক চমু পৰিচয়
Chapter 2স্বাধীনতা
Chapter 3সমতা
Chapter 4সামাজিক ন্যায়
Chapter 5অধিকাৰ
Chapter 6নাগৰিকতা
Chapter 7জাতীয়তাবাদ
Chapter 8ধর্মনিৰপেক্ষতাবাদ
Chapter 9শান্তি
Chapter 10 উন্নয়ন

৩। ভাৰতীয় সংবিধান নমনীয় আৰু অনমনীয়ৰ সংমিশ্রণ । ব্যাখ্যা কৰা ।

উত্তৰঃ ভাৰতীয় সংবিধান সম্পূর্ণ নমনীয় নহয় , অনমনীয়ও নহয় । অর্থাৎ ভাৰতীয় সংবিধান পদ্ধতি অতি সহজ বা সম্পূর্ণ জটিল নহয় । সংবিধানৰ কিছুসংখ্যক অনুচ্ছেদ সাধাৰণ আইন প্রণয়ন পদ্ধতিৰে সংশােধন কৰিব পাৰি । আনহাতে , কিছুসংখ্যক অনুচ্ছেদ সংসদৰ বিশেষ সংখ্যাগৰিষ্ঠ ভােটৰ সমৰ্থনত সংশােধন কৰিব পাৰি । তদুপৰি কিছুসংখ্যক অনুচ্ছেদ সংশােধন কৰিবলৈ হ’লে সংসদৰ বিশেষ সংখ্যাগৰিষ্ঠ ভােটৰ সমর্থন উপৰিও ৰাজ্য বিধান সভা সমূহৰ কমেও আধাসংখ্যাৰ সন্মতিৰ প্রয়ােজন হয় । গতিকে ক’ব পাৰি যে ভাৰতীয় সংবিধান নমনীয় আৰু অনমনীয়ৰ সংমিশ্রণ । 

৪। নমনীয় সংবিধানৰ ওপৰত টোকা লিখা । 

উত্তৰঃ সাধাৰণ আইনে প্রণয়ন পদ্ধতিৰে যি সংবিধান সংশােধন কৰিব পাৰি তাক নমনীয় সংবিধান বােলে । নমনীয় সংবিদানে জনসাধাৰণৰ আশা – আকাঙ্ক্ষা পূৰণ কৰিব পাৰে । কাৰণ এনে সংবিধানৰ সাল – সলনি বা সংশােধন কৰি জনসাধাৰণৰ দাবী পূৰণ কৰিব পাৰি । প্রত্যেক দেশতেই কেতিয়াবা কেতিয়াবা বিশেষ কোনাে পৰিস্থিতি বা সংকটজনক পৰিস্থিতিৰ সৃষ্টি হ’লে , সংবিধান সংশােধনৰ আৱশ্যকতা আহি পৰে । নমনীয় সংবিধানে এনে ধৰণৰ পৰিস্থিতিৰ মুখামুখি হােৱাত সহায় কৰে । 

৫। অনমনীয় সংবিধানৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ যি সংবিধান সহজে সংশােধন বা সলনি কৰিব নােৱাৰি তাক সংশােধন কৰিবলৈ এক জটিল প্রক্রিয়া অৱলম্বন কৰা হয় , তাকে অনমনীয় সংবিধান বােলে । অনমনীয় সংবিধানৰ স্থায়িত্ব আছে । অনমনীয় সংবিধান সহজে সংশােধন কৰিব নােৱাৰি । এই সংবিধানৰ ভৱিষ্যত শাসকৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে । যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত এই সংবিধান অত্যাৱশ্যকীয় । অনমনীয় সংবিধানে অংগৰাজ্য সমূহৰ স্বাৰ্থ ৰক্ষা কৰিব পাৰে । 

৬৷ ভাৰতীয় সংবিধান সংশােধন প্রক্রিয়াৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ ( ১ ) সংবিধান সংশােধনী বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতিৰ প্রয়ােজন । 

( ২ ) ৰাজ্যিক বিধানমণ্ডলসমূহৰ সংশােধনী প্রস্তাৱ উত্থাপনৰ অধিকাৰ নাই । 

( ৩ ) ভাৰতীয় সংবিধান সংশােধন পদ্ধতি নমনীয়তা আৰু অনমনীয়তাৰ সংমিশ্রণ । 

৭। অনমনীয় সংবিধানৰ ২ টা অসুবিধা লিখা । 

উত্তৰঃ ( ক ) অনমনীয় সংবিধান সংশােধন পদ্ধতি জটিল হােৱা বাবে সমাজৰ পৰিৱর্তনৰ ক্ষেত্ৰত প্রতিবন্ধকতাৰ সৃষ্টি কৰিব পাৰে । 

( খ ) জৰুৰী অৱস্থাৰ সন্মুখীন হ’বৰ বাবে অনমনীয় সংবিধান অনুকূল নহয় ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top