Class 11 Political Science Chapter 10 সংবিধানৰ দর্শন

Class 11 Political Science Chapter 10 সংবিধানৰ দর্শন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 10 সংবিধানৰ দর্শন and select needs one.

Class 11 Political Science Chapter 10 সংবিধানৰ দর্শন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 10 সংবিধানৰ দর্শন Solutions for All Subject, You can practice these here…

সংবিধানৰ দর্শন

পাঠ: ১০

প্ৰথম খণ্ড

অতি চমু প্রশ্নৰ উত্তৰ দিয়া

১। ভাৰতৰ সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয় ? 

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা । 

২। ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল ? 

উত্তৰঃ ডঃ বি.আৰ. আম্বেদকাৰ । 

৩। সংবিধান সভাৰ নির্বাচিত সভাপতি কোন আছিল ? 

উত্তৰঃ ডঃ ৰাজেন্দ্র প্রসাদ । 

৪। প্রস্তাৱনা মানেনাে কি ? 

উত্তৰঃ প্ৰস্তাৱনা হ’ল সংবিধানৰ দর্শন । 

৫। ____তম সংশােধনীয়ে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংযােজন কৰিছে । 

উত্তৰঃ ৪২ তম সংশােধনী । 

৬। ভাৰতীয় সংবিধানৰ যিকোনাে এটা সীমাবদ্ধতাৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ অতিকেন্দ্রিক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা । 

৭। ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া যিকোনাে দুটা প্ৰমূল্যৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ ( ১ ) ব্যক্তি স্বাধীনতা । আৰু

( ২ ) সামাজিক ন্যায় । 

৮। সংবিধান প্রধান কাম কি ? 

উত্তৰঃ সংবিধান প্রধান কামেই হ’ল স্বেচ্ছাচাৰিতাৰ অৱসান ঘটোৱা ।

৯। সংবিধান দর্শন বুলিলে কি বুজি পােৱা ? 

উত্তৰঃ দর্শন এক গতিশীল ধাৰণা । যিবােৰ প্ৰমূল্যৰ আধাৰত ভাৰতীয় সংবিধান নির্মাণ হৈ উঠিছে সেই প্রমূল্য সমূহক আমি ভাৰতীয় সংবিধানৰ দৰ্শন বুলি অভিহিত কৰিব পাৰো । ইয়াৰ উপৰিও ভাৰতীয় সংবিধান বহুতাে ঘটনা – পৰিঘটনা আৰু কাৰকৰ দ্বাৰা প্রভাৱান্বিত হৈছে । 

১০। সংবিধানৰ এটা সংজ্ঞা দিয়া । 

উত্তৰঃ লর্ড ব্রাইচে কয় , “ সংবিধান হ’ল সেইবিলাক আইন আৰু প্ৰথাৰ সমষ্টি , যিবিলাকৰ দ্বাৰা ৰাষ্ট্রৰ জীৱন পৰিচালিত হয় । ” 

তলত দিয়াবােৰৰ উত্তৰ দিয়া :

১। সংবিধানৰ কিছুমান বৈশিষ্ট্যৰ বিষয়ে আলােচনা কৰা ।

উত্তৰঃ ১। সংবিধানৰ ধাৰণা মূলতঃ এটি আইনগত ধাৰণা । 

২। সংবিধানে চৰকাৰৰ কার্য নিয়ন্ত্রক আৰু নিৰ্ধাৰক । সকলাে আইনগত আৰু আইন বহির্ভূত নীতি – নিয়মক বুজায় । 

৩। সংবিধান লিখিত বা অ – লিখিত হ’ব পাৰে । 

৪। কোনাে দেশৰ সংবিধান হ’ল সেই দেশৰ মৌলিক গাঁথনি । 

৫। সংবিধান সদায় পৰিৱৰ্তনশীল । ইয়াক সম্পূর্ণভাৱে বা আংশিকভাৱে পৰিৱৰ্তন বা সংশােধন কৰিব পাৰি । 

৬। সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ মাজত পাৰস্পৰিক সম্পর্ক নির্ধাৰণ কৰে । 

২। গণতান্ত্রিক উত্তৰণৰ আধাৰ হিচাপে সংবিধানৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ সংবিধানে গণতান্ত্রিক আৰু শান্তিপূর্ণ উপায়েৰে সমাজ উত্তৰণৰ ব্যৱস্থা কৰিছে । ভাৰতীয় সংবিধানৰ চতুর্থ অধ্যায়ত ৰাষ্ট্ৰৰ নির্দেশাত্মক নীতিসমূহ সন্নিৱিষ্ট হৈছে । এই নীতিৰ জৰিয়তে ভাৰতীয় সংবিধানে ভাৰতবৰ্ষত এখন কল্যাণকামী ৰাষ্ট্র প্রতিষ্ঠাৰ কথা ঘােষণা কৰিছে । সংবিধানৰ এই নীতি নির্দেশনাৰ আধাৰতেই চৰকাৰে দুৰ্গত লােকসকলৰ কল্যাণৰ বাবে বহুবােৰ নীতি ঘােষণা কৰিছে । সংবিধানৰ এই নীতি নির্দেশনাৰ আধাৰতেই চৰকাৰে দুৰ্গত লােকসকলৰ কল্যাণৰ বাবে বহুবােৰ নীতি তথা কাৰ্যসূচী প্রণয়ন কৰি আহিছে । এনে নীতিৰ মূল  কথা হ’ল সমাজত থকা বৈষম্য দূৰ কৰা । এনে প্রচেষ্টাই সমাজৰ শান্তিপূর্ণ উত্তৰণত অৰিহণা যােগাব পাৰে । সংবিধানে আমাক আত্মশাসনৰাে সুবিধা প্রদান কৰিছে । আধুনিক ভাৰত নির্মাতা জৱহৰলাল নেহৰুৰ বাবে এই দুয়ােটা কথাই আছিল অত্যন্ত গুৰুত্বপূর্ণ । নেহৰুৱে স্পষ্টকৈ কৈছিল যে ভাৰতীয় জনসাধাৰণে নিজা সংবিধান সভাৰ জৰিয়তে সংবিধান প্রণয়নৰ যি দাবী তুলিছিল তাৰ মাজেৰে ভাৰতীয় জনসাধাৰণৰ আত্মশাসনৰ সমূহীয়া আকাংক্ষা প্রতিফলিত হৈছিল ৷ 

৩। ভাৰতীয় সংবিধান প্রধান বৈশিষ্ট্যসমূহ আলােচনা কৰা ৷ 

উত্তৰঃ ( ১ ) দীর্ঘতম সংবিধান :- ভাৰতীয় সংবিধান বৰ দীঘল । আৰম্ভণিতে ইয়াত ৪৪৮ টা অনুচ্ছেদ , ২০ টা অধ্যায় আৰু ১২ টা অনুসূচী আছিল । কিন্তু বর্তমানলৈকে ভাৰতৰ সংবিধান  বহুবাৰ সংশােধন কৰা হ’ল । ফলত সংবিধানৰ আকাৰ বাঢ়ি গৈ আছে । 

( ২ ) সার্বভৌম , সমাজবাদী , ধর্মনিৰপেক্ষ , গণতান্ত্রিক , প্রজাতন্ত্র :- এই সংবিধানে ভাৰতক এখন সার্বভৌম সমাজবাদী , ধর্মনিৰপেক্ষ , গণতান্ত্রিক গণৰাজ্য হিচাপে আখ্যা দিছে । 

( ৩ ) একক নাগৰিকত্ব :- ভাৰতীয় সংবিধানে ভাৰতবাসীৰ বাবে একক নাগৰিকত্বৰ ব্যৱস্থা কৰিছে । 

( ৪ ) আংশিকভাৱে নমনীয় আৰু আংশিকভাৱে কঠিন সংবিধান । ভাৰতীয় সংবিধান নমনীয়ও নহয় আৰু কঠিনাে নহয় । ইয়াক নমনীয় আৰু কঠিন সংবিধানৰ এক সংমিশ্রণ বুলি ক’ব পাৰি । ইয়াত ৰাষ্ট্রপতি নির্বাচন , কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰৰ ক্ষমতা , ন্যায়ালয় আদি বিষয়ত সংবিধান সংশােধন কৰা কঠিন । কিন্তু কোনাে ৰাজ্যৰ নাম পৰিৱৰ্তন কৰা বা সীমাৰ পৰিৱর্তন কৰা , এখন ভাঙি দুখন ৰাজ্য গঠন কৰা আদি বিষয়ত সংশােধন কৰা অতি সহজ । 

( ৫ ) সংসদীয় গণতন্ত্র :- ভাৰতৰ শাসনৰ মূলতে ৰাষ্ট্রপতি আছে যদিও ভাৰতত সংসদীয় পদ্ধতিৰ চৰকাৰ ব্যৱস্থাহে আছে । 

( ৬ ) জনজাতিৰ বিশেষ সুবিধা :- ভাৰতীয় সংবিধানত অনুসূচীত জাতি আৰু জনজাতিৰ লােকৰ বাবে বিশেষ সুবিধাৰ ব্যৱস্থা কৰা হৈছে । 

৪। ভাৰতীয় সংবিধানৰ চাৰিটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা । 

উত্তৰঃ ( ১ ) সংবিধানৰ প্রাধান্যতা :- যুক্তৰাষ্ট্ৰত সংবিধানক দেশৰ মৌলিক আইন বুলি কোৱা হয় যদিও ভাৰতীয় সংসদে সংবিধানৰ মূল গাঠনিৰ’বাহিৰে সকলাে অংশ সংশােধন কৰিব পাৰে । গতিকে ভাৰতত সংবিধানৰ পৰিৱর্তে সংসদৰ ওপৰত বেছি প্রাধান্য দিয়া হৈছে । ই ভাৰতীয় সংবিধানৰ এটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য । 

( ২ ) এক নাগৰিকত্ব :- যুক্তৰাষ্ট্ৰত দ্বি – নাগৰিকত্বৰ ব্যৱস্থা থাকে । কিন্তু ভাৰতত এক নাগৰিকত্বৰহে ব্যৱস্থা আছে । ভাৰতৰ সমূহ জনসাধাৰণ ভাৰতীয় নাগৰিক । 

( ৩ ) ৰাজ্যপালৰ নিযুক্তি :- যুক্তৰাষ্ট্ৰীয় বিধানমতে ৰাজ্যৰ মুৰব্বী ৰাজ্যপাল গৰাকীক সেই ৰাজ্যৰ জনসাধাৰণে নির্বাচিত কৰিব লাগে । কিন্তু ভাৰতত সেই নীতি প্রযােজ্য নহয় । ভাৰতৰ অংগ ৰাজ্যৰ ৰাজ্যপালক ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে । ইও ভাৰতীয় সংবিধানৰ অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য । 

( ৪ ) অংগৰাজ্যবােৰৰ মর্যাদা :- এখন যুক্তৰাষ্ট্ৰৰ অংগৰাজ্যবােৰে যি মর্যাদা ভােগ কৰে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অংগৰাজ্যসমূহে সেই মর্যাদা ভােগ কৰা নাই । যুক্তৰাষ্ট্ৰ অংগ ৰাজ্যসমূহৰ নিজা সংবিধান থাকে । ভাৰতৰ অংগৰাজ্যবােৰৰ নিজা সংবিধান নাই । সমগ্ৰ ৰাজ্যৰ বাবে মাত্র এখন সংবিধান আছে । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1সংবিধান: কিয় আৰু কেনেকৈ ?
Chapter 2ভাৰতীয় সংবিধানত থকা অধিকাৰ সমূহ
Chapter 3নির্বাচন আৰু প্রতিনিধিত্ব
Chapter 4সংবিধান: কার্যপালিকা
Chapter 5বিধানমণ্ডল
Chapter 6ন্যায়পালিকা
Chapter 7যুক্তৰাষ্ট্রবাদ
Chapter 8স্থানীয় চৰকাৰ
Chapter 9জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান
Chapter 10সংবিধানৰ দর্শন ।
Unit 2দ্বিতীয় খণ্ড
Chapter 1ৰাজনৈতিক তত্ব: এক চমু পৰিচয়
Chapter 2স্বাধীনতা
Chapter 3সমতা
Chapter 4সামাজিক ন্যায়
Chapter 5অধিকাৰ
Chapter 6নাগৰিকতা
Chapter 7জাতীয়তাবাদ
Chapter 8ধর্মনিৰপেক্ষতাবাদ
Chapter 9শান্তি
Chapter 10 উন্নয়ন

৫। প্রস্তাৱনাই ভাৰতীয় সংবিধানৰ মূল দর্শন প্রতিফলিত কৰিব পাৰিছেনে ? মন্তব্য দিয়া । 

উত্তৰঃ সাধাৰণতে প্রত্যেকখন লিখিত সংবিধানৰ আৰম্ভণিতে সংবিধানৰ আদর্শ , ৰাষ্ট্ৰৰ বুনিয়াদী নীতি আৰু দেশৰ শাসন ব্যৱস্থাৰ স্বৰূপটো প্ৰকাশ কৰি যি পাতনি লিপিবদ্ধ কৰা হয় তাক প্রস্তাৱনা বােলা হয় । দেশ এখনে অনুসৰণ কৰিবলগীয়া নীতি সমূহ প্ৰস্তাৱনাত উল্লেখ থাকে । বর্তমান সকলাে সংবিধানতে এক প্রস্তাৱনা সংযােজন কৰা দেখা যায় । ভাৰতৰ সংবিধানৰাে এটা প্রস্তাৱনা আছে । এই প্রস্তাৱনাটোৰেই ভাৰতীয় সংবিধানখন আৰম্ভ হৈছে । প্রস্তাৱনাই ভাৰতীয় সংবিধানৰ মূল দর্শন প্রতিফলিত কৰিছে । প্রস্তাৱনাত ভাৰতবৰ্ষক সার্বভৌম , সমাজবাদী , ধর্মনিৰপেক্ষ , গণতান্ত্রিক গণৰাজ্য হিচাপে ঘােষণা কৰা হৈছে । এই আদর্শকেইটা ভাৰতীয় সংবিধানৰ ভেঁটি ।

প্রস্তাৱনাত ভাৰতীয় নাগৰিকৰ চিন্তা , ভাৱ – প্ৰকাশ , বিশ্বাস , ধর্ম আৰু উপাসনাৰ স্বাধীনতাৰ কথা উল্লেখ আছে । প্রস্তাৱনাত প্রত্যেক ব্যক্তিৰ বাবে ৰাজনৈতিক , সামাজিক ন্যায় আৰু সমতা প্রতিষ্ঠাৰ আদর্শ সন্নিৱিষ্ট কৰা আছে । এইদৰে দেখা যায় যে প্রস্তাৱনাই ভাৰতীয় সংবিধানৰ মূল দর্শন প্রতিফলিত কৰিব পাৰিছে । 

৬। ভাৰতক কিয় ধর্মনিৰপেক্ষ ৰাষ্ট্র বােলা হয় । এই উক্তি সমর্থনত যুক্তি দিয়া । 

উত্তৰঃ ( ১ ) সকলাে ধৰ্মক সমান মর্যাদা দিয়া হয় । 

( ২ ) যিকোনাে ধর্ম প্রচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বাধা – আৰােপ কৰা নহয় । 

( ৩ ) ধৰ্মৰ অধিকাৰক মৌলিক মর্যাদা দিয়া হৈছে । 

৭। ভাৰতীয় সংবিধানৰ চাৰিটা আদর্শ আলােচনা কৰা ৷ 

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানখন এটা প্রস্তাৱনাৰ জৰিয়তে আৰম্ভ হৈছে যিটোৱে সংবিধানখনৰ দৰ্শন আৰু আদর্শ সমূহ প্রতিফলিত কৰে । ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো বিশ্লেষণ কৰি আমি ভাৰতবৰ্ষৰ সংবিধানখনৰ দৰ্শন আৰু আদর্শসমূহ তলত দিয়া ধৰণে আলােচনা কৰিব পাৰাে । 

১। জন সার্বভৌমত্ব :- ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ জৰিয়তে জনসার্বভৌমত্ব নীতি প্রতিফলিত হৈছে । ভাৰতবৰ্ষতে সকলাে ক্ষমতা আৰু কর্তৃত্ব প্রধান তথা চূড়ান্ত উৎস হৈছে জনগণ । চৰকাৰে জনসাধাৰণৰ পৰা ক্ষমতা আহৰণ কৰে । ভাৰতবৰ্ষত ভাৰতীয় সংবিধানখনক সর্বোচ্চ আইন হিচাপে বিবেচনা কৰা হয় কিন্তু ৰাষ্ট্ৰৰ সর্বোচ্চ ক্ষমতা ভাৰতবৰ্ষৰ জনসাধাৰণৰ হাতত ন্যস্ত থাকে । 

২৷ ভাৰতবৰ্ষক এখন সার্বভৌম ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাই ভাৰতবৰ্ষক এখন সার্বভৌম ৰাষ্ট্ৰ হিচাপে ঘােষণা কৰিছে । ইয়াৰ জৰিয়তে সংবিধানখনে দৃঢ়ভাৱে প্রতিষ্ঠা কৰিছে যে ভাৰতবর্য আভ্যন্তৰীণ আৰু বাহ্যিক বিষয়ত সম্পূৰ্ণৰূপে স্বাধীন । ভাৰতবৰ্ষ কোনাে বিদেশী শক্তিৰ নিয়ন্ত্রণাধীন নহয় । 

৩। সমাজবাদী ৰাষ্ট্র হিচাপে ভাৰতবর্ষ :- সমাজবাদী শব্দটো ভাৰতীয় সংবিধানে গ্ৰহণ কৰাৰ সময়ত প্ৰস্তাৱনাত উল্লেখ নাছিল । এই শব্দটো ১৯৭৬ চনৰ ৪২ তম সংবিধান সংশােধনী আইনৰ দ্বাৰা প্ৰস্তাৱনাত সংযােজিত হৈছে । সমাজবাদী’শব্দৰ সংযােজনৰ জৰিয়তে ভাৰতীয় সংবিধানে প্রতিফলিত কৰিছে । যে ভাৰত ৰাষ্ট্ৰৰ এটা প্রধান উদ্দেশ্য হৈছে সকলাে ধৰণৰ শােষণৰ অন্তৰ জৰিয়তে আৰু সম্পত্তি আৰু সম্পদৰ সম বিতৰণৰ জৰিয়তে ভাৰতবৰ্ষৰ সকলাে লােকৰ মাজত সামাজিক , অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্রতিষ্ঠা কৰা । 

৪। ধর্ম নিৰপেক্ষ দেশ হিচাপে ভাৰতবর্ষ :- ধর্ম নিৰপেক্ষ শব্দটো ভাৰতীয় সংবিধানত ৪২ তম সংশােধনীৰ জৰিয়তে ১৯৭৬ চনত অন্তর্ভুক্ত কৰা হয় যদিও আৰম্ভণিতে ধর্ম নিৰপেক্ষ শব্দটো সংবিধানত সন্নিৱিষ্ট হােৱা নাছিল । কিন্তু ভাৰতবৰ্ষৰ জনসাধাৰণে সংবিধানখন গ্ৰহণ কৰা সময়ৰে পৰা ধর্মীয় স্বাধীনতা উপভােগ কৰিছিল । প্রস্তাৱনাই ভাৰতবৰ্ষক এখন  – ধর্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে ঘােষণাৰ জৰিয়তে স্পষ্টভাৱে প্রতিফলিত কৰিছে যে ভাৰতবৰ্ষই কোনাে ধর্মকে চৰকাৰী  অথবা ৰাষ্ট্ৰীয় ধর্ম হিচাপে গ্ৰহণ কৰা নাই আৰু সকলো ধর্মকে সম মর্যাদা প্রদান কৰিছে । 

৮। সংবিধান বুলিলে কি বুজা ? সংবিধান বৈশিষ্ট্য সমূহ আলােচনা কৰা । 

উত্তৰঃ ৰাষ্ট্র বা দেশৰ মূল আদর্শ বা ঐতিহ্যৰ নিয়মাৱলীৰ ভিত্তিত চৰকাৰৰ সংগঠন আৰু বিভিন্ন বিভাগ , জড়িত বিভিন্ন ব্যক্তি আৰু ক্ষমতা দায়িত্বৰ লগতে চৰকাৰ আৰু নাগৰিকৰ সম্পর্ক , নাগৰিকৰ কর্তব্য আৰু দায়িত্ব নাগৰিকৰ প্রতি চৰকাৰৰ দায়িত্ব আদি বিভিন্ন বিষয়ৰ আইন প্রণালী বা অলিখিতভাৱে মানি চলা বিধিয়েই হ’ল সংবিধান । 

সংবিধানৰ বৈশিষ্ট্যসমূহ তলত আলােচনা কৰা হ’ল –

১। লিখিত সংবিধান :- ভাৰতীয় সংবিধানখন এখন লিখিত সংবিধান । ভাৰতীয় সংবিধানখনক সংবিধান সভাই প্রস্তুত কৰি উলিয়াইছিল । 

২। কঠিন আৰু শিথিল সংবিধান :- ভাৰতীয় সংবিধানৰ ইও এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য । কঠিন বুলি কওঁতে সংবিধানখন সংশােধন কৰোঁতে গ্ৰহণ কৰিবলগীয়াত পােৱা জটিল প্রক্রিয়াটোৰ কথা কোৱা হৈছে । আকৌ শিথিল বুলি কওঁতে সংবিধান সংশােধনৰ তেনে সহজ পদ্ধতিৰ কথা সূচাইছে । 

৩। গণৰাজ্য আৰু গণতান্ত্রিক চৰকাৰৰ ব্যৱস্থা :- গণৰাজ্য বুলি কওঁতে এনেকুৱা এক ব্যৱস্থাক সূচায় য’ত ৰাষ্ট্ৰৰ মুৰব্বী গৰাকীক জনসাধাৰণে প্রত্যক্ষ বা পৰােক্ষভাৱে নির্বাচন কৰে । আমাৰ দেশৰ ৰাষ্ট্রপতি গৰাকীক ভাৰতীয় সংসদ আৰু বিধান সভাসমূহৰ নির্বাচিত সদস্যসকলে নির্বাচন কৰে । সেইকাৰণে ভাৰতবৰ্ষক গণৰাজ্য বুলি কোৱা হয় । ভাৰতীয় জনসাধাৰণে নির্দিষ্ট সময়ৰ মূৰে মূৰে আমাৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ নির্বাচন কৰে । দুয়ােখন চৰকাৰেই জনসাধাৰণৰ ওচৰত দায়বদ্ধ । 

৪। সংসদীয় আৰু যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ :- ভাৰতীয় সংবিধানে আমাক সংসদীয় আৰু যুক্তৰাষ্ট্ৰীয় এই দুয়ােটাৰে সংমিশ্রণ থকা চৰকাৰ এখন প্ৰদান কৰিছে । সংসদীয় পদ্ধতিৰ চৰকাৰত চৰকাৰখনক জনসাধাৰণে পােনপটীয়াকৈ নির্বাচন নকৰে । জনসাধাৰণে আচলতে তেওঁলােকৰ প্রতিনিধিক সংসদ বা বিধানসভালৈ নির্বাচন কৰে । ভাৰতীয় সংবিধানে আমাক এখন যুক্তৰাষ্ট্ৰীয় চৰকাৰাে প্ৰদান কৰিছে । যুক্তৰাষ্ট্ৰীয় চৰকাৰ দুখলপীয়া । সমগ্ৰ দেশখনৰ বাবে কেন্দ্রীয় চৰকাৰ থখাৰ উপৰিও প্ৰতিখন ৰাজ্যৰ একোখন নিজা ৰাজ্যিক চৰকাৰ আছে । সংবিধানে দুয়ােখন চৰকাৰৰ মাজত ক্ষমতা বিতৰণ কৰি দিছে । 

সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্র ব্যৱস্থা :- সংবিধানৰ প্রস্তাৱনালৈ ভাৰতবর্যক এখন সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি উল্লেখ কৰা হৈছে । সমাজবাদী বুলি কওঁতে ইয়াকে বুজোৱা হৈছে যে দেশৰ চৰকাৰে জনসাধাৰণৰ কল্যাণ বা উন্নতিৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰে আৰু সামূহিক কল্যাণৰ ওপৰত প্রাধান্য দিছে । অর্থাৎ জনসাধাৰণে নিজৰ কল্যাণ বা উন্নতিৰ দায়িত্ব নিজে মূৰ পাতি লওক বুলি এৰি নিদিয়ে । সংবিধান অনুসৰি ভাৰতবর্ষ এখন ধর্ম নিৰপেক্ষ ৰাষ্ট্ৰ । ইয়াৰ দুটা প্রধান অর্থ আছে । চৰকাৰ বা ৰাষ্ট্ৰৰ নিজা কোনাে ধর্ম নাই আৰু চৰকাৰ বা কোনাে ৰাজহুৱা প্রতিষ্ঠানে ধর্মৰ ভিত্তিক কাৰাে প্রতি বৈষম্য আচৰণ কৰিব নােৱাৰে ।

তৃণমূলৰ চৰকাৰ :- পঞ্চায়ত হ’ল তৃণমূলৰ চৰকাৰ । আজিকালি স্থানীয় শাসন চলােৱাৰ বেলিকা পঞ্চায়তসমূহে যথেষ্ট ক্ষমতা ভােগ কৰে । গাঁৱৰ পৰা আৰম্ভ কৰি জিলা পঞ্চায়তলৈকে পঞ্চায়ত অনুষ্ঠানসমূহে উন্নয়নমূলক কাম – কাজৰ পৰিকল্পনা কৰিব পাৰে তথা তাক পৰিত্যাগ কৰিব পাৰে । তৃণমূল চৰকাৰৰ ব্যৱস্থা কৰি ভাৰতীয় সংবিধানে ক্ষমতা বিকেন্দ্রীকৰণৰ ব্যৱস্থা কৰাৰ বাবে সাধাৰণ জনসাধাৰণে যাতে শাসন পৰিচালনাত অংশগ্রহণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top