Class 10 History Elective Chapter 6 দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয়

Class 10 History Elective Chapter 6 দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয় The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 History Elective Chapter 6 দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয় and select need one.

Class 10 History Elective Chapter 6 দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয়

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 History Elective Chapter 6 দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয় Solutions for All Subject, You can practice these here…

দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয়

অধ্যায় – ৬

ইতিহাস

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া :

(ক) স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথম দেশখনৰ নাম লিখা। 

উত্তৰ :- ফিলিপাইন। এই দেশখনে ১৯৪৬ চনৰ ৪ জুলাই তাৰিখে স্বাধীনতা লাভ কৰিছিল। 

(খ) ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন আছিল ?

উত্তৰ :- ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্রতিষ্ঠাতা আছিল এলেন অস্ট্রোভিয়ান হিউম আৰু ব্ৰিটিছ বৰলাট লর্ড ডাফ্‌ণি। ১৮৮৫ চনত প্রতিষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাসভাত উমেশ চন্দ্র বেনাৰ্জীয়ে সভাপতিত্ব কৰিছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) আফ্ৰিকাৰ জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন আছিল ?

উত্তৰ :-  আফ্ৰিকাৰ জাতীয় কংগ্ৰেছৰ প্রতিষ্ঠাতা আছিল জেনেৰেল জেমচ্ বেৰী মান্নিক হাৰযোগ (General James Barry Munnik Hertzog) |

(ঘ) ব্ৰহ্মদেশৰ মুক্তি আন্দোলনৰ নেতাসকল কোন কোন আছিল ? 

উত্তৰ :-  ব্ৰহ্মদেশৰ মুক্তি আন্দোলনৰ নেতাসকল আছিল–আং ছান (Aung San) আৰু ইউ নু (U Nu)

(ঙ) ইন্দোনেছিয়াৰ স্বাধীনতা আন্দোলনৰ দুজন নেতাৰ নাম উল্লে কৰা। 

উত্তৰ :- ইন্দোনেছিয়াৰ স্বাধীনতা আন্দোলনৰ দুজন নেতা হৈছে–হাডিনীংঘাট Hadiningrat) আৰু ৰাডেন আডজাং কাৰটিনী (Radan Adjang Kartini) ।

(চ) চীনত কোনে টুংমুং-হাই সংগঠিত কৰিছিল ?

উত্তৰ :-  চীনত ডা° ছান ইয়েৎ চেনে (Dr. Sun Yat-Sen) টুং-মুং-হাই (Tung-Meng-hai) সংগঠিত কৰিছিল।

(ছ) কুৱামিংটান সংগঠন কৰাত জড়িত এজন ব্যক্তিৰ নাম উল্লেখ কৰা।

উত্তৰ :-  ছুংছিয়াও-জেন (Sung Chiao-Jen) ।

(জ) ছিয়াং কাই-ছেকে ক’ত চীনৰ জাতীয় চৰকাৰ প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰ :-  ফৰমোচা (টাইৱান)ত।

(ঝ) স্বর্ণ উপকূলৰ বৰ্তমান নাম কি ?

উত্তৰ :- স্বর্ণ উপকূলৰ বৰ্তমান নাম হৈছে ঘানা।

(ঞ) কোন মহাদেশক অন্ধকাৰ মহাদেশ বোলা হৈছিল ? 

উত্তৰ :-  আফ্রিকা মহাদেশক।

(ট) পিকিঙৰ বর্তমান নাম কি ?

উত্তৰ :- পিকিঙৰ বৰ্তমান নাম হৈছে চীন প্রজাতন্ত্র।

(ঠ) ড° ছান-ইয়েৎ চেনৰ মৃত্যুৰ তাৰিখটো কি ?

উত্তৰ :-  ১৯২৫ চনৰ ১২ মার্চ। 

(ড) কংগোৰ বৰ্তমান নাম কি ?

উত্তৰ :-  কংগোৰ বৰ্তমান হৈছে জাইয়েৰী।

(ঢ) আলজেৰিয়ান মুক্তি সংগ্ৰামৰ নেতা কোন আছিল ?

উত্তৰ :-  বেন বোলা (Ben Bela) |

(ণ) ছুয়েজ খাল কোন কোম্পানীয়ে খনন কৰিছিল ?

উত্তৰ :- ফ্ৰান্সৰ ছুয়েজ কেনেল কোম্পানীয়ে।

(ত) নেলচন মেণ্ডেলাই কিমান বছৰ জেইলত কটাইছিল ?

উত্তৰ :- ২৭ বছৰ।

(থ) কেতিয়া আফ্ৰিকাৰ জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল ? 

উত্তৰ :-  ১৯১২ চনত।

(দ) SWAPO-ৰ অৰ্থ কি ?

উত্তৰ :-  SWAPO-ৰ অৰ্থ হৈছে– South-West African People’s Organisation বা দক্ষিণ-পশ্চিম আফ্রিকীয় লোকৰ সংস্থা।

(ধ) কুৱামি এন ক্রুমাই ক’ত তেওঁৰ কলেজীয়া শিক্ষা লাভ কৰিছিল ? 

উত্তৰ :- আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘এছিমোটা কলেজ’ আৰু ‘লণ্ডন স্কুল অৱ ইকনমিক্সত’।

(ন) ৰবাৰ্ট মুগাৰে ক’ত তেওঁৰ কলেজীয়া শিক্ষা লাভ কৰিছিল ?

উত্তৰ :- দক্ষিণ আফ্ৰিকাৰ ফর্ট হেয়াৰ বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজত।

চমু উত্তৰ দিয়া

(ক) মিয়ানমাৰৰ মুক্তি আন্দোলন

(খ) শ্রীলংকাৰ মুক্তি আন্দোলন

(গ) ঘানাৰ মুক্তি আন্দোলন

(ঘ) কংগোৰ মুক্তি আন্দোলন 

(ঙ) আলজেৰিয়াৰ মুক্তি আন্দোলন

(চ) ইজৰায়েল ৰাষ্ট্ৰৰ সৃষ্টি

(ছ) পেলেষ্টাইন মুক্তি সংগঠন

(জ) ইয়াছেৰ আৰাফট।

উত্তৰ :- (ক) মিয়ানমাৰৰ মুক্তি আন্দোলন :- মিয়ানমাৰ বা পূৰ্বৰ ব্ৰহ্মদেশৰ লোকসকলে স্বাধীনতা প্রাপ্তিৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিবলগীয়া হৈছিল। ১৮২৪ চনত ব্ৰহ্মদেশৰ সৈতে ব্ৰিটিছৰ প্ৰথম সামৰিক সংঘৰ্ষ লাগিছিল আৰু এই যুদ্ধৰ পাছত ব্ৰিটিছে ব্ৰহ্মদেশৰ পৰা আৰাকান, টেনাচেৰিম আদি ৰাজ্য দখল কৰি নি দেশৰ সৈতে চামিল কৰিছিল। তাৰ পৰৱৰ্তী সময়ছোৱাত ১৮৫৪ আৰু ১৮৮৫-৮৬ চনত ব্ৰিটিছে মিয়ানমাৰৰ সৈতে পুনৰ দুখন যুদ্ধত অৱতীৰ্ণ হৈছিল। ব্ৰিটিছে ব্ৰহ্মদেশক ভাৰতবৰ্ষৰ পৰা আঁতৰাই নি. তেওঁলোকৰ গৃহ চৰকাৰৰ অধীন কৰিছিল। ১৯৪২ চনত জাপানে ব্রহ্মদেশক নিজৰ অধিকাৰলৈ নিছিল আৰু সেই সময়ত বহুসংখ্যক ব্রহ্মদেশীয় লোকে জাপানৰ সৈতে সহযোগ কৰিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত ইংৰাজসকলৰ সহযোগত ব্ৰহ্মদেশত জাপানৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্রাম গঢ়ি উঠিছিল। ১৯৪৬ চনত ইংলেণ্ডৰ গৃহ চৰকাৰৰ পৰা সহাৰি পাই মিয়ানমাৰৰ নেতা আং ছানে তেওঁলোকৰ ৰাজনৈতিক প্ৰশ্নটো মালোচনা কৰিবলৈ লণ্ডনলৈ গৈছিল আৰু তাৰপৰা উভতি অহাৰ কেইমাহ মান পাছত তেওঁ ৰাজনৈতিক প্রতিদ্বন্দ্বীৰ হাতত প্ৰাণ হেৰুৱাইছিল। 

আং ছানৰ মৃত্যুৰ পাছত মিয়ানমাৰ ইউ নু আৰু ব্ৰিটেইনৰ গৃহচৰকাৰৰ মাজত আলোচনা অনুষ্ঠিত হৈছিল আৰু সেই আলোচনা মর্মে ১৯৪৮ চনৰ ৪ জানুৱাৰী তাৰিখে মিয়ানমাৰে স্বাধীনতা লাভ কৰিছিল। স্বাধীনতা লাভ কৰাত পাছৰ মিয়ানমাৰৰ মুক্তি আন্দোলন সমাপ্ত হৈছিল।

(খ) শ্রীলংকাৰ মুক্তি আন্দোলন :- শ্রীলংকাৰ প্ৰধানকৈ তিনিখন ইউৰোপীয় দেশ—পটুগাল, হলেগু আৰু ইংলেণ্ডে বিভিন্ন সময়ত ঔপনিবেশিক স্থাপন কৰিছিল। ভাৰতবৰ্ষত আৰম্ভ হোৱা স্বাধীনতা আন্দোলনৰ সমসাময়িকভাৱে শ্রীলংকাতো ব্ৰিটিছ-বিৰোধী বাজনৈতিক কার্যকলাপ তথা স্বাধীনতা আন্দোলনৰ সূত্রপাত হৈছিল। শ্রীলংকাৰ বিভিন্ন বাজনৈতিক নেতা কর্মীয়ে দেশখনৰ ভবিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি একত্ৰিতভাৱে কাম কৰাৰ উদ্দেশ্যে ১৯১৯ চনত ছি’লন জাতীয় কংগ্ৰেছ গঠন কৰিছিল। 

এই কংগ্ৰেছৰ নেতৃত্বত পৰিচালিত আন্দোলনৰ ফলস্বৰূপে ব্ৰিটিছ চৰকাৰে ১৯২০ চনত এখন সংবিধান প্ৰস্তুত কৰি শ্রীলংকাৰ শাসনৰ ক্ষেত্ৰত কিছু পৰিৱ সাধন কৰিছিল আৰু ইংৰাজ তত্বাবধানত শ্রীলংকাত সাংবিধানিক গণত সূচনা হৈছিল।তাৰ পাছৰেপৰা সংখ্যালঘিষ্ট সকলে কংগ্ৰেছ ফালৰি কাটি আহি নিজস্ব পৃথক ৰাজনৈতিক সংগঠন গঢ়ি তুলিছিল। ১৯৩১ চনত ব্ৰিটিছ চৰকাৰে শ্ৰীলংকাৰ বাবে এখন নতুন সংবিধান প্রস্তুত কবি তাত কাৰ্যকৰী কৰিছিল। ১৯৪৭ চনত ব্ৰিটিছ চৰকাৰে শ্রীলংকাত স্বায়ত্ব শাসন প্রদান কৰিছিল যদিও শ্রীলংকাবাসী সন্তুষ্ট হোৱা নাছিল আৰু ব্ৰিটিছ্ বিৰোধী আন্দোলন চলাই আছিল। ১৯৪৮ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে শ্রীলংকাব মুক্তি আন্দোলন থমাব নোৱাৰি ইংলেণ্ডে শ্রীলংকা ত্যাগ কৰিছিল আৰু তেতিয়াৰে পৰা শ্রীলংকা স্বাধীন ৰাষ্ট্ৰত পৰিণত হৈছিল। তাৰ স্বাধীনতা প্রাপ্তিৰ সময়তে শ্রীলংকাৰ মুক্তি আন্দোলন সমাপ্ত হৈছিল।

(গ) বানাৰ মুক্তি আন্দোলন :- ঘানা দক্ষিণ আটলান্টিক মহাসাগৰৰ গুইনা উপসাগৰৰ উপকূলৱৰ্তী আফ্রিকা মহাদেশৰ এখন সৰু দেশ। ১৮২১ চনত ব্রিটেইনে ঘানা দখল কৰি তাত এক উপনিৱেশ স্থাপন কৰিছিল। বহু বছৰ পূৰ্বৰে পৰা ঘানাৰ অধিবাসীসকলে স্বায়ত্ব শাসনৰ দাবী কৰি আহিছিল আৰু ব্ৰিটেইনে প্ৰদান কৰা সা-সুবিধাত তাৰ জনসাধাৰণে সন্তুষ্ট হোৱা নাছিল। ইয়াৰ ফলত ৰাজনৈতিক আন্দোলন চলি আছিল আৰু বিশ্বযুদ্ধৰ অন্তত আন্দোলনৰ তীব্ৰতা বৃদ্ধি পাইছিল। ১৯৪৬ চনত ব্ৰিটিছ গৃহ চৰকাৰে ঘানাৰ বাবে এখন নতুন সংবিধান প্রস্তুত কৰিছিল যদিও ফলৱতী হোৱা নাছিল। 

১৯৩৯ চনত ঘানাৰ কোৱামি এনকুমাৰ নেতৃত্বত Convention of People’s Party নামৰ দল গঠন হৈছিল আৰু এই দলৰ ব্যাপক প্রচাৰৰ জৰিয়তে জনসাধাৰণৰ ওচৰ চাপিছিল। এই ৰাজনৈতিক দলটোৱে ১৯৫১ চনৰ সাধাৰণ নিৰ্বাচনত সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত হৈছিল আৰু ইয়াৰ ফলত স্বাধীনতাৰ আঁকাংখা অধিক উজ্জ্বল হৈ পৰিছিল। স্বাধীনতা আন্দোলনৰ তীব্ৰতা আৰু জনপ্ৰিয়তাৰ শীৰ্ষত উঠা অৱস্থাতেই কোৱামি এনক্রুমাই ১৯৫৬ চনত বিধান পৰিষদত ঘানাৰ স্বাধীনতাৰ দাৰীত এক প্ৰস্তাৱ উত্থাপন কৰিছিল আৰু এই প্ৰস্তাৱ বিধান পৰিষদত গৃহীত হৈছিল। ঘানাৰ জনসাধাৰণৰ স্বাধীনতাৰ প্ৰতি থকা উচ্চাকাংখাৰ প্ৰতি শ্রদ্ধা জনাই ব্ৰিটেইনে সেই দেশক স্বাধীনতা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ১৯৫৭ চনৰ ৬ মাচত স্বর্ণ উপকূল স্বাধীন হৈ ঘানাৰূপে পৰিচিত হৈছিল আৰু মুক্তি আন্দোলনৰ অন্ত পৰিছিল।

(ঘ) কংগোৰ মুক্তি আন্দোলন :- দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কংগোত জাতীয়তাবাদী মুক্তি আন্দোলনৰ সূত্রপাত হয়। কংগো দেশখন পূর্বতে বেলজিয়ামৰ উপনিৱেশ আছিল। কংগোৰ মুক্তি আন্দোলনৰ নেতৃত্ব দিছিল পেট্ৰিছ লুমুম্বা (Patrice Lumumba) নামব ডাক বিভাগৰ কৰ্মচাৰী এজনে। তেৱেই ১৯৫৭ চনত কংগোবাসীৰ জাতীয় আন্দোলন (Congolese National Movement) নামে এটা ৰাজনৈতিক দল গঢ়ি তুলিছিল। পেট্ৰিছ লুমুম্বাই নেতৃত্ব দিয়া জাতীয়তাবাদী মুক্তি আন্দোলনে ১৯৫৭-৬০ৰ কালছোৱাত জনসাধাৰণৰ ব্যাপক সমর্থন লাভ কৰিছিল। 

বেলজিয়ামৰ সেনাবাহিনীত কৰ্মৰত কংগোব থলুৱা সৈনিকসকলেও স্বাধীনতাৰ দাবীত দেশৰ বিভিন্ন ঠাইত বিদ্ৰোহৰ সূত্ৰপাত কৰিছিল। নৈকসকলে বেলজিয়ামৰ সামৰিক বিষয়াসকলৰ নির্দেশ অমান্য কৰিবলৈ আৰম্ভ কৰিছিল। তেনে এক পৰিস্থিতিত বেলজিয়াম চৰকাৰে ১৯৬০ চনৰ ৩০ জুনত কংগোক স্বাধীনতা প্রদান কৰি মুক্তি আন্দোলনৰ অস্থ পেলাইছিল। স্বাধীনতা প্রাপ্তিৰ পাছত মুক্তি আন্দোলনৰ নেতা পেট্ৰিছ লুমুম্বাই প্রধানমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু কাছাভাবু নামৰ লোক এজনে স্বাধীন কংগো ৰাষ্ট্ৰৰ প্ৰেছিডেণ্ট হৈছিল। ১৯৭১ চনৰ ২৭ অক্টোবৰৰপৰা কংগোক নতুনকৈ জাইয়েৰীৰূপে নামাকৰণ কৰা হৈছে।

(ঙ) আলজেৰিয়াৰ মুক্তি আন্দোলন :- আলজেৰিয়া মুক্তি আন্দোলনৰ প্রধান নেতা আছিল ফৰাছী সেনাবাহিনীত সৈনিকৰূপে কাম কৰা বেন বেলা মৰ এগৰাকী প্রাক্তন সৈনিক। দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত আলজেৰিয়াক স্বাধীনতা প্ৰদান কৰা হ’ব বুলি দিয়া প্রতিশ্ৰুতি ফৰাছী সামৰিক শাসনে পালন কৰা নাছিল আৰু সেয়ে বেন বেলাৰ নেতৃত্বত মুক্তি আন্দোলনৰ সূত্ৰপাত হৈছিল। ১৯৫০ চনত ফৰাছী চৰকাৰে বেন বেলাক বন্দী কৰি জেলত ৰাখিছিল। ১৯৫২ চনত তেওঁ ফাইবোলৈ পলায়ন কৰি তাতেই ১৯৫৪ চনত আলজেৰিয়াৰ জাতীয় মুক্তি বাহিনী (National Liberation Front) গঠন কৰি ফ্ৰান্সৰ বিৰুদ্ধে সশস্ত্র সংগ্রাম আৰম্ভ কৰিছিল। ১৯৫৮ চনত আলজেৰিয়াৰ মুক্তিবাহিনীয়ে দেশৰ স্বাধীনতা ঘোষণা কৰি অস্থায়ী চৰকাৰ গঠন কৰাত ফ্রান্সে তাত নির্মম অত্যাচাৰ আৰম্ভ কৰিছিল। কিন্তু বিশ্বৰ বহু দেশেই আলজেৰিয়াৰ অস্থায়ী চৰকাৰক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্রদান কৰাত উপায়বিহীন হৈ শেষত জেনেবেল ডি গলে আলজেৰিয়|” স্বাধীনতাৰ প্ৰশ্নটোৰ সমাধানৰ উদ্দেশ্যে ১৯৬০ চনত ফ্রান্সত ৰেফাৰেণ্ডাম পাতিছিল। ফৰাছী জনসাধাৰণে আলজেৰিয়াৰ স্বাধীনতাৰ দাবীটো বিপুল ভোটত মানি লোৱাত ১৯৬২ চনৰ ৩ জুলাই তাৰিখে আলজেৰিয়া ফ্ৰান্সৰ কৱলৰ পৰা মুক্ত হৈ স্বাধীন দেশ হিচাপে স্বীকৃতি লাভ কৰিলে। দেশে স্বাধীনতা লাভ কৰাৰ পাছত মুক্তি আন্দোলনৰ নেতা বেন বেলা প্রধানমন্ত্রী হয় আৰু তাৰ লগে লগে আলজেৰিয়াৰ মুক্তি আন্দোলনৰ সমাপ্ত হয়। 

(চ) ইজৰায়েল ৰাষ্ট্ৰৰ সৃষ্টি :- ১৯৪৮ চনৰ মে’ মাহৰ ১৪ তাৰিখে ভূমধ্য সাগবৰ পূর্ব উপকূলত পেলেষ্টাইনৰ একাংশক লৈ ইহুদীসকলৰ বাবে এখন সুকীয়া ৰাষ্ট্ৰব সৃষ্টি কৰা হৈছিল। এই সুকীয়া ৰাষ্ট্ৰখনক ইজৰায়েল নামে নামাকৰণ কৰা হয়। এই বাষ্ট্র সৃষ্টিৰ আগলৈকে বিশ্বত ইহুদীসকলৰ কোনো নিজস্ব গৃহভূমি নাছিল অর্থাৎ ইহুদীসকল এটা বাষ্ট্রবিহীন জাতি আছিল। 

দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত ইহুদীসকলৰ ভূমিকাৰ প্রতি লক্ষ্য ৰাখি সেই দেশব ডেমক্রেটিক চৰকাৰে পেলেষ্টাইনক দুখন পৃথক ৰাষ্ট্ৰত বিভাজিত কৰি একাংশত ইহুদীসকলৰ বাবে এখন গৃহভূমি তৈয়াৰ কৰাৰ প্ৰতি আগ্ৰহী হৈছিল। ১৯৪৭ চনত ৰাষ্ট্ৰসংঘই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনৰ হেঁচাত পেলেষ্টাইনক- দ্বিখণ্ডিত কৰাৰ দাবী মানি লৈছিল। ইয়াৰ ফলশ্রুতিতেই ১৯৪৮ চনৰ ১৪ মে তাৰিখে ইজৰায়েল নামে নতুন ৰাষ্ট্ৰখনৰ সৃষ্টি হয় আৰু আমেবিকা যুক্তৰাষ্ট্ৰই এই ৰাষ্ট্ৰখনক স্বীকৃতি প্রদান কৰে।

(ছ) পেলেষ্টাইনৰ মুক্তি সংগঠন :- ইজৰায়েল ৰাষ্ট্ৰ তৈয়াৰ কৰাৰ প্ৰতিবাদত পেলেষ্টাইন ৰাষ্ট্ৰ পুনঃ প্ৰতিষ্ঠাৰ উদ্দেশ্যে পেলেষ্টাইন মুক্তি সংগ্রাম নামে এক ৰাজনৈতিক সংগঠন গঢ়ি উঠিছিল। ১৯৬৪ চনৰ মে’ মাহত জৰ্দানত পেলেষ্টাইন মুক্তি সংগঠনটোৰ জন্ম হয়। ইজৰায়েল ৰাষ্ট্র সৃষ্টি কৰাৰ পাছৰেপৰা পেলেষ্টাইন আৰু অন্যান্য চুবুৰীয়া দেশৰ লোকে পুনৰ এখন পেলেষ্টাইন ৰাষ্ট্ৰ তৈয়াৰ কৰাৰ উদ্দেশ্যে প্রায় চাৰি দশক জুৰি অহৰহ সংগ্ৰাম কৰিছিল। পেলেষ্টাইন মুক্তি সংগঠনৰ নেতৃত্ব দিছিল ইয়াছেৰ আৰাফাট নামৰ এগৰাকী নেতাই। পেলেষ্টাইন মুক্তি সংগঠনে উদ্দেশ্যত উপনীত হ’বলৈ কূটনৈতিকভাৱে বিশ্বৰ জনগতৰ সমৰ্থন পাবলৈ চেষ্টা কৰিছিল। আৰম্ভণিতে এই সংগঠনটোৰ ওপৰত ছিৰিয়াৰ আলফাটাহ গোটটোৰ আধিপত্য আছিল। ইয়াৰ উপৰিও এই সংগঠনৰ সৈতে জড়িত আন উগ্রপন্থী গোটসমূহ হৈছে পেলেষ্টাইনৰ মুক্তি ফ্রণ্ট, ব্লেক ছেপ্তেম্বৰ আদি। বিশ্বৰ বিভিন্ন ঠাইত সংঘটিত হোৱা কূটাঘাতমূলক কার্যত এই সংগঠন জড়িত থকা বুলি সন্দেহ কৰা হৈছিল। 

জর্দানত গৃহ যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাত পেলেষ্টাইন মুক্তি সংগঠনৰ গৰিলা যোদ্ধাসকল আঁতৰি চিৰিয়া আৰু লেবানন দেশত সোমাইছিল। পেলেষ্টাইন মুক্তি সংগঠনৰ উপস্থিতিৰ বাবে ছিৰিয়া, লেবানন আদি দেশৰ ওপৰত ইজবায়েলে প্রায় আক্রমণ চলাইছিল। ১৯৭৪ চনত পেলেষ্টাইন মুক্ত সংগঠনৰ প্রধান কার্যালয় আলজেৰিয়াৰ ৰাজধানী আলজিয়াছলৈ স্থানান্তবিত কৰিছিল। সেই সময়ৰেপৰা ৰাষ্ট্ৰসংঘই এই সংগঠনটোক ৰাষ্ট্ৰসংঘত স্থায়ী পর্যবেক্ষকৰূপে স্বীকৃতি দিছিল।

(জ) ইয়াছেৰ আৰাফট :- ইয়াছেৰ আবাফট্ আছিল পেলেষ্টাইন মুক্তি সংগঠনৰ এগৰাকী অন্যতম নেতা। তেওঁ মুক্তি সংগঠনৰ উদ্দেশ্যত উপনীত হ’বলৈকে কূটনৈতিকভাৱে বিশ্বৰ জনতাৰ সমর্থন পাবলৈকে এই সংগঠনটো গঢ়ি তোলাত নেতৃত্ব দিছিল। ইয়াছেৰ আৰাফটে নেতৃত্ব দিয়া পেলেষ্টাইন মুক্তি সংগঠনৰ সৈতে ছিৰিয়াৰ আল ফাটাহ, পেলেষ্টাইনৰ মুক্তি ফ্ৰণ্ট, ব্লোক ছেপ্তেম্বৰ আদি উগ্রপন্থী সংগঠন জড়িত আছিল। ১৯৮৮ চনৰ ১৫ নৱেম্বৰ তাৰিখে ইয়াছেৰ আবাফটে ৱেষ্ট বেংক আৰু গাজা দ্বীপক লৈ এখন স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ গঠন কৰা বুলি ঘোষণা কৰিছিল। তেওঁৰ এই ইয়াছেৰ আৰাফট ঘোষণাক ভাবতবর্ষকে ধৰি বিশ্বৰ ৮০ খন দেশে নতুন ৰাষ্ট্ৰখনৰ প্ৰতি স্বীকৃতি প্ৰদান কৰিছিল। পেলেষ্টাইন মুক্তি সংগঠন তথা পেলেষ্টাইন নতুন ৰাষ্ট্ৰখনক ইজৰাইল চৰকাৰে স্বীকৃতি প্রদান কৰা নাছিল। পাছত ইজৰায়েল পেলেষ্টাইন চুক্তিৰ মাধ্যমত ১৯৯৪ চনৰ ১৩ মে’ত ইয়াছেৰ আৰাফটৰ নেতৃত্বত পেলেষ্টাইনত সেই দেশৰ জনসাধাৰণৰ বাবে স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰা হৈছিল।

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top