Class 10 History Elective Chapter 7 গোষ্ঠী নিৰপেক্ষ আন্দোলন

Class 10 History Elective Chapter 7 গোষ্ঠী নিৰপেক্ষ আন্দোলন, SEBA class 10 Elective History Notes, গোষ্ঠী নিৰপেক্ষ আন্দোলন Class 10 The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 History Elective Chapter 7 গোষ্ঠী নিৰপেক্ষ আন্দোলন and select need one.

Class 10 History Elective Chapter 7 গোষ্ঠী নিৰপেক্ষ আন্দোলন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 History Elective Chapter 7 গোষ্ঠী নিৰপেক্ষ আন্দোলন Solutions for All Subject, You can practice these here…

গোষ্ঠী নিৰপেক্ষ আন্দোলন

অধ্যায় – ৭

ইতিহাস

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া :

(ক) বলছেভিক বিপ্লব কোন চনত সংঘটিত হৈছিল ? 

উত্তৰ :- বলছেভিক বিপ্লৱ ১৯১৭ চনত সংঘটিত হৈছিল। 

(খ) বান্দুং সম্মিল কোন চনত অনুষ্ঠিত হৈছিল ? 

উত্তৰ:- বান্দুং সন্মিলন ১৯৫৫ চনৰ এপ্ৰিল মাহৰ ১৭-ৰপৰা ২৪ তাৰিখলৈ অনুষ্ঠিত হৈছিল। 

(গ) উত্তৰ আটলান্টিক সন্ধি সংগঠন কোন চনত গঢ়ি উঠিছিল ? 

উত্তৰ :- ১৯৪৯ চনৰ ৪ এপ্রিল তাৰিখে উত্তৰ আটলান্টিক সন্ধি সংগঠন গঢ়ি উঠিছিল।

(ঘ) ওৱাৰশ্ব’ সন্ধি সংগঠন কোন চনত গঢ়ি উঠিছিল ? 

উত্তৰ :- ১৯৫৫ চনৰ মেৰ ১৪ তাৰিখে ওৱাৰ্শ্ব নদি সংগঠন গঢ়ি উঠিছিল।

(ঙ) কোন চনত ছোভিয়েট ৰাচিয়াই আণবিক বোমা তৈয়াৰ কৰি পৰীক্ষা চলাইছিল ? 

উত্তৰ :- ১৯৪৯ চনৰ ১ অক্টোৱৰত ছোভিয়েট ৰাচিয়াই তাণবিক বোমা তৈয়াৰ কৰি পৰীক্ষা চলাইছিল।

(চ) কোন চনত চীনত কমিউনিষ্ট শাসন প্রবর্তিত হৈছিল ? 

উত্তৰ :- ১৯৪৯ চনৰ ১ অক্টোৱৰত চীনত কমিউনিষ্ট শাসন ব্যৱস্থা প্ৰৱৰ্তিত হৈছিল।

(ছ) কোন চনত কিউবাত কমিউনিষ্ট শাসন প্রবর্তিত হৈছিল ?

উত্তৰ :- ১৯৫৯ চনত কিউবাত কমিউনিষ্ট শাসন প্ৰৱৰ্তিত হৈছিল। 

(জ) কোন চনত আমেৰিকাই হাইড্ৰ’জেন বোমা তৈয়াৰ কৰিছিল ? 

উত্তৰ :- ১৯৫২ চনত আমেৰিকাই হাইড্ৰ’জেন বোমা তৈয়াৰ কৰিছিল। 

(ঝ) বান্দুং সন্মিলনত এছিয়া আৰু আফ্ৰিকাৰ মুঠতে কিমানখন ৰাষ্ট্ৰ অংশগ্ৰহণ কৰিছিল ?

উত্তৰ :- বান্দুং সম্মিলনত এছিয়া আৰু আফ্ৰিকাৰ মুঠতে ২৯ খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছিল। ইয়াৰে ২৩ খন আছিল এছিয়া আৰু ৬ খন আফ্রিকা মহাদেশৰ অন্তৰ্গত ৰাষ্ট্ৰ।

(ঞ) বান্দুং সন্মিলনত অংশগ্ৰহণ কৰা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি ?

উত্তৰ :- বান্দুং সন্মিলনত অংশগ্ৰহণ কৰা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীজনৰ নাম আছিল জৱাহৰলাল নেহৰু। 

(ট) কোন চনত ভাৰতবৰ্ষত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ শীৰ্ষ সন্মিলন এখন অনুষ্ঠিত হৈছিল ? 

উত্তৰ :- ১৯৮৩ চনত ভাৰতবৰ্ষত গোষ্ঠী নিৰপেক্ষ আন্দোলনর শীর্ষ সম্মিলন এখন অনুষ্ঠিত হৈছিল।

(ঠ) ভাৰতবৰ্ষৰ কোন ঠাইত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ শীৰ্ষ সম্মিলন এখন অনুষ্ঠিত হৈছিল ? 

উত্তৰ :- ভাৰতবৰ্ষৰ নতুন দিল্লীত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ শীৰ্ষ সন্মিলন এখন অনুষ্ঠিত হৈছিল।

(ঙ) কোন চনত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথমখন সম্মিলন অনুষ্ঠিত হৈছিল ?

উত্তৰ :- ১৯৬১ চনত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম সম্মিলনখন অনুষ্ঠিত হৈছিল।

(ঢ) কোন দেশত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথমখন সম্মিলন অনুষ্ঠিত হৈছিল ?

উত্তৰ :- যুগোশ্লাভিয়াৰ ৰাজধানী বেলগ্রেড চহৰত গোষ্ঠী নিৰগেক্ষ আন্দোলনৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল।

প্রশ্ন ২। চমু টোকা লিখা :

১। শীতল যুদ্ধৰ সূচনা।

২। শীৰ্ষ ক্ষমতাৰ অধিকাৰী দেশ।

৩। হেৰী এছ. ট্রুমেন। 

। উত্তৰ আটলান্টিক সন্ধি

৫। ওৱাৰশ্ব সন্ধি সংগঠন।

উত্তৰ :- ১।শীতল যুদ্ধৰ সূচনা :- শীতল যুদ্ধ বোলা এই ব্যাক্যাংশটোৰ স্রষ্টা হ’ল ওৱাণ্টাৰ লিপমেন। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাষ্ট্ৰৰ মাজৰ দ্বিপাক্ষিক সম্পর্কৰ প্রতি লক্ষ্য ৰাখি আস্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক ইতিহাসত এই শীতল যুদ্ধ বোলা বাক্যাংশৰ সৃষ্টি কৰিছে৷ সাধাৰণতে বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক ঘটনাৱলী আৰু সেইবোৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা কূটনৈতিক সম্পৰ্কৰ বিচাৰ-বিশ্লেষণ কৰা বুজাবৰ বাবে এই শীতল যুদ্ধ শব্দটোৰ প্রয়োগ কৰা হয়। কোনো কোনো সমালোচকে উক্ত বাক্যাংশটোৰ স্ৰষ্টা হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাৰ্ণাড মানেছ বাৰুখ বোলা ব্যক্তিজনৰ নামো ল’ব খোজে।

আস্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক সম্পৰ্কত শীতল যুদ্ধৰ ধাৰণাটো হ’ল প্রত্যক্ষভাৱে সামৰিক সংঘৰ্ষত চামিল নোহোৱাকৈ প্রতিনিয়ত ৰাজনৈতিক মতাদর্শগত সংগ্ৰামত আৰু প্ৰতিৰক্ষামূলক আৰু আক্রমণাত্মক দিশত খৰতকীয়াকৈ ব্যৱহাৰ কৰিব পৰাকৈ নিত্য নতুন সামৰিক উত্তেজনা আৰু প্ৰতিযোগিতাত লিপ্ত থকাটো। আস্তঃৰাষ্ট্ৰীয় কূটনৈতিক সম্পৰ্কৰ বিশেষজ্ঞ এজনে শীতল যুদ্ধৰ এইদৰে দাঙি ধৰিছে–“a state of intensive compitition, political, economic and ideological, which yet falls become the threshold of armed conflict between states.” প্ৰকৃততে ক’বলৈ গলে শীতল যুদ্ধ হ’ল এফালে বিশ্বৰ পুঁজিবাদী ৰাষ্ট্ৰসমূহৰ হৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আনফালে ছোভিয়েট ৰাচিয়াৰ নেতৃত্বত পূর্ব ইউৰোপৰ কমিউনিষ্ট দেশসমূহৰ মাজত গঢ়ি উঠা ৰাজনৈতিক মতাদর্শগত সংগ্ৰাম আৰু সামৰিক উত্তেজনা আৰু সংঘর্ষ।

বিভিন্ন ঐতিহাসিক আৰু বিশ্ব ৰাজনীতিৰ বিশেষজ্ঞৰ মতে ১৯১৭ চনৰ বলছেভিক বিপ্লৱৰ পিছৰপৰাই বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ সূচনা হয়। 

২। শীৰ্ষ ক্ষমতাৰ অধিকাৰী দেশ :- দ্বিতীয় বিশ্বযুদ্ধত লিপ্ত থকা দেশসমূহৰ ভিতৰত যুদ্ধ সামৰণি পৰাৰ পিছত কেৱল দুখন দেশহে শীৰ্ষ ক্ষমতাৰ অধিকাৰী দেশ হিচাপে পৰিগণিত হয়। সেই দেশদুখন হৈছে ছোভিয়েট ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। প্রথম বিশ্বযুদ্ধৰ শেষৰ পিনে অর্থাৎ ১৯১৭ চনত ৰুছ দেশত সংঘটিত হোৱা বলছেভিক বিপ্লৱে পৰৱর্তীকালত ছোভিয়েট ৰাচিয়াক বিশ্বৰ শীৰ্ষ ক্ষমতাৰ অধিকাৰী দেশ হিচাপে পৰিগণিত হোৱাত সহায় কৰে। এই বিপ্লৱৰ সময়ত বিশ্বত এক নতুন ৰাজনৈতিক সমীকৰণৰ সূচনা হয়।

প্রথম বিশ্বযুদ্ধৰ পিছত বিশ্বৰ শীৰ্ষ ক্ষমতা দখল কৰা আন এখন ৰাষ্ট্ৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। এই দেশখন প্রথম বিশ্বযুদ্ধত আটাইতকৈ বেছি লাভৱান হৈছিল। যুদ্ধৰ পৰৱৰ্তীকালত বিশ্ব ৰাজনীতিত আমেৰিকাই অতি সক্রিয় ভূমিকা গ্ৰহণ কৰে। পূৰ্বৰ ইংলেণ্ডৰ স্থান অধিকাৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই লাহে লাহে বিশ্ব ৰাজনীতিত পুঁজিবাদী শিবিৰৰ নেতৃত্ব ল’বলৈ ধৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমকক্ষৰূপে আৰু সমান্তৰালভাৱে ছোভিয়েট ৰাচিয়াই সমাজবাদী শিৱিৰৰ তথা সাম্রাজ্যবাদৰ দ্বাৰা পদানত দেশসমূহৰ নেতৃত্ব ল’বলৈ ওলাই গাহে। দ্বিতী। বিশ্বযুদ্ধত ছোভিয়েট ৰাচিয়াই লোৱা ভূমিকাই এফালে মিত্র শক্তিক জয়লাভ কৰাত সহায় কৰিলেও আনফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত থকা আন আন শিৱিৰৰ মাজত আতংক আৰু ভয়ৰ সঞ্চাৰ হৈছিল।

দ্বিতীয় বিশ্বযুদ্ধত লিপ্ত থকা বৃহৎ দেশসমূহৰ ভিতৰত যুদ্ধৰ সামৰণি পৰাৰ পিছত কেৱল দুখন ৰাষ্ট্ৰইহে বৃহৎ ৰাষ্ট্ৰৰ মৰ্যদাৰ গণ্ডী চেৰাই শীৰ্ষ ক্ষমতাৰ অধিকাৰী হৈছিল। সেই দুখন ৰাষ্ট্ৰ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাচিয়া। দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰ আণৱিক শক্তিৰ অধিকাৰী হয়, হিৰ’চিমা আৰু নাগাছাকিত আণৱিক অস্ত্ৰ ব্যৱহাৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ সামৰিক ক্ষমতাৰ পৰিচয় দিয়াৰ লগতে আনকো ভীতি সন্ত্রস্ত কৰি বিশ্ব বাজনীতিত নিজৰ আধিপত্য স্থাপন কৰিবলৈ সক্ষম হৈছিল।

৩। হেৰী এছ. ট্রুমেন :- হেৰী এছ. ট্রুমেন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰপৰা ফেচিষ্ট আব নাজীসকলক পৰাভূত কৰিবলৈ যদিও আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনে ছোভিয়েট ৰাচিয়াৰ সৈতে সন্মিলিতভাৱে যুদ্ধ কৰিবলৈ বাধ্য হৈছিল তথাপিও দুয়োটা শিৱিবৰ মাজত সন্দেহ আশংকা আৰু ভয় আঁতৰ হোৱা নাছিল। সেয়েহে সুদূৰ প্রাচ্য আৰু প্ৰশাস্ত মহাসাগৰীয় অঞ্চলত ছোভিয়েটৰ অনুপ্ৰৱেশ প্ৰতিহত কৰিবলৈ এই গৰাকী প্রেচিডেণ্টৰ নিৰ্দেশত জাপানৰ হিৰ’চিমা আৰু নাগাচাকি নামে চহৰ দুখনত আণৱিক বোমা নিক্ষেপ কৰা হৈছিল।

মার্কিন প্রেচিডেণ্ট ট্রুমেন ছোভিয়েট বাচিয়া আৰু কমিউনিষ্ট প্রভাৱ প্ৰতিৰোধ কৰিবলৈ গ্ৰীচ আৰু তুৰ্দ্ধৰ বাবে ৪০০ মিলিয়ন ডলাৰৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে। এই আর্থিক সাহায্য দিবলৈ মার্কিন কংগ্ৰেছৰ অনুমোদ বিচাৰি দিয়া ভাষণত ট্রুমেন কৈছিল; “যিবিলাক মুক্ত আৰু স্বাধীন দেশৰ মানুে অল্পসংখ্যক অস্ত্রধাৰী লোকৰ নাইবা বহির্দেশৰ বিপৰীতে প্রতিবোধ কার্যত ব্যস্ত, তেনে দেশৰ লোকক সমর্থন দিয়াটো মার্কিন যুক্তৰাষ্ট্ৰৰ স্পষ্ট নীতি।” “এই নীতিবোৰক তেওঁৰ নাম অনুযায়ী টু’মেন নীতি বুলি কোৱা হয়।

৪। উত্তৰ আটলান্টিক সন্ধি আৰু সংগঠন :- ১৯৪৯ চনৰ এপ্রিল ৪ তাৰিখে ওৱাছিংটনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত এক সামৰিক শক্তি  জোঁট সংগঠন কৰা হৈছিল। ইয়, ক উত্তৰ আটলান্টিক সন্ধি সংগঠন (North Atlantic Treaty Organisation, NATO) বুলি কোৱা হয়। বিশ্বৰ পুঁজিবাদী শিৱিবক নেতৃত্ব দিয়া এই সামৰিক শক্তি জোঁটৰ সদস্য ৰাষ্ট্ৰসমুহ হ’ল–ব্ৰিটেইন, ফ্রান্স, বেলজিয়াম, ডেনমার্ক, আইছলেণ্ড, ইটালী, হলেণ্ড, নওৱে পৰ্টুগাল, আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰীচ আৰু তুৰস্ক আদি। এই চুক্তিৰ মূল মৰ্ম আছিল সাম্রাজ্যবাদী পুঁজিবাদী দেশসমূহৰ মাজত পাৰস্পৰিক সামৰিক সাহায্য আৰু সহযোগিতা বৃদ্ধি কৰাটো।

৫। ওৱাৰশ্ব’ সন্ধি সংগঠন :- ১৯৪৯ চনৰ এপ্রিল মাহৰ ৪ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত উত্তৰ আটলান্টিক সন্ধি সংগঠন নামে এটি সামৰিক শক্তি জোঁট সংগঠন ‘কৰা হৈছিল। বিশ্বৰ পুঁজিবাদী শিৱিৰক নেতৃত্ব দিয়া এই সামৰিক শক্তি জেঁ’টত পূৰ্বতে জার্মানি সদস্যভূক্ত হোৱা নাছিল। ১৯৫৫ চনৰ মে’ মাহত পশ্চিম জার্মানীক উত্তৰ আটলান্টিক সন্ধি সংগঠনৰ সদস্যৰূপে স্বীকৃতি দিয়াত ছোভিয়েট বাচিয়াৰ নেতৃত্বত সেই মাহৰ ১৪ তাৰিখে পূর্ব ইউৰোপৰ কমিউনিষ্ট ৰাষ্ট্ৰসমূহক লৈ ওৱাৰ্শ্ব’ সন্ধি সংগঠন গঠন কৰা হয়। ইয়াৰ কেইবছৰমান আগতে ছোভিয়েট বাচিয়াৰ উদ্যোগত আৰু নেতৃত্বত ওৱাৰ্শ্ব’ত কমিনফৰ্ম অর্থাৎ কমিউনিষ্ট তথ্য সৰবৰাহ কেন্দ্ৰ এটি খোলা হৈছিল।ফ্রান্স, ছোভিয়েট বাচিয়া, ইটালী, বুলগেবিয়া, ছেক শ্লোভাকিয়া, হাংগেৰী, পোলেণ্ড, বোমানিয়া, যুগোশ্লাভিয়া আদি দেশব কমিউনিষ্ট দলৰ নেতা সদস্য এই সংগঠনৰ সদস্যভূক্ত হৈছিল।

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top