Class 10 History Elective Chapter 4 দ্বিতীয় বিশ্বযুদ্ধ

Class 10 History Elective Chapter 4 দ্বিতীয় বিশ্বযুদ্ধ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 History Elective Chapter 4 দ্বিতীয় বিশ্বযুদ্ধ and select need one.

Class 10 History Elective Chapter 4 দ্বিতীয় বিশ্বযুদ্ধ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 History Elective Chapter 4 দ্বিতীয় বিশ্বযুদ্ধ Solutions for All Subject, You can practice these here…

দ্বিতীয় বিশ্বযুদ্ধ

অধ্যায় – ৪

ইতিহাস

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ

প্রশ্ন ১। তলত দিয়া ঘটনাবোৰৰ চন-তাৰিখ উল্লেখ কৰা : 

১। জার্মানীৰ ছোভিয়েট ৰাচিয়া আক্রমণ।

২। অপাৰেচন টর্চ।

৩। প্রিন্স অব ওৱেলছৰ পতন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। ছিংগাপুৰৰ আত্মসমর্পণ

৫। হিৰ’ছিমা আৰু নাগাচাকিত এটম বোমা নিক্ষেপ। 

৬। দোগলাছ মেক আৰ্থাৰৰ ওচৰত জাপানৰ আত্মসমর্পণ।

৭। ফিলিপাইনছৰ স্বাধীনতা।

উত্তৰ:- তলত ঘটনাবোৰৰ চন-তাৰিখ উল্লেখ কৰা হ’ল-

সংঘটিত ঘটনাচন তাৰিখ
১। জার্মানীৰ ছোভিয়েট বাচিয়া আক্রমণ১৯৪১ চনৰ ২২ জুন
২। অপাবেচন টর্চ১৯৪২ জনৰ অক্টোৱৰত
৩। প্রিন্স অৱ ওৱেলছৰ পতন১৯৪১ চনৰ ১০ ডিচেম্বৰ
৪। ছিংগাপুৰৰ আত্মসমর্পণ১৯৪২ চনৰ ১৫ ফেব্ৰুৱাৰীত
৫। হিৰ’ছিমা আৰু নাগাচাকিত এটম বোমা নিক্ষেপহিৰ’ছিমাত ১৯৪৫ৰ ৬ আগষ্ট নাগাচাকিত ১৯৪৫ চনৰ ৯ আগষ্ট
৬।দোগলাছ মেক আৰ্থাবৰ ওচৰত জাপানৰ আত্মসমর্পণ১৯৪৫ চনৰ ২ চেপ্তেম্বৰ
৭। ফিলিপাইনছৰ স্বাধীনতা১৯৪৫ চনত।

তলত উল্লেখ কৰা প্ৰশ্নবোৰৰ উত্তৰ দিয়া

প্রশ্ন ১। নৰওৱে আক্ৰমণত হিটলাৰে কিমানখন যুদ্ধ জাহাজ ব্যৱহাৰ কৰিছিল ?

উত্তৰ :- নৰওৱে আক্ৰমণত হিটলাৰে ৮০০ খন যুদ্ধ জাহাজ ব্যৱহাৰ কৰিছিল। 

প্রশ্ন ২। ভাইডকুন কুইজলিং কোন আছিল ?

উত্তৰ :- ভাইডকুন কুইজলিং নৰওৱেৰ লোক আছিল। তেওঁ ফেচীবাদৰ

সমর্থক আছিল। ভাইডকুন কুইজলিঙৰ নেতৃত্বত নৰওৱেত এটা ফেচিষ্ট দল সংগঠন কৰি হিটলাৰৰ সৈতে যোগাযোগ আৰম্ভ কৰা হৈছিল। 

প্রশ্ন ৩। ফ্রি ফ্রান্স আন্দোলন কোনে সংগঠিত কৰিছিল ?

উত্তৰ :- ফ্রি ফ্রান্স আন্দোলনৰ সংগঠক হ’ল কৰ্ণেল (পিছত জেনেৰেল) ছাৰ্লচ ডি গলো সহ কেইগৰাকীমান সামৰিক বিষয়া।এওঁলোকে হিটলাৰৰ হাতত ফ্ৰান্সৰ পতন হোৱাত ইংলেণ্ডলৈ পলায়ন কৰিছিল আৰু তাত ফ্রি ফ্রান্স আন্দোলন গঢ়ি তুলিছিল।

প্রশ্ন ৪। অপাৰেচন ছি লায়ন নাম ভূমিকাত হিটলাৰে কোন দেশ আক্ৰমণ কৰিছিল ?

উত্তৰ :- অপাবেচন ছি লায়ন নাম ভূমিকাত হিটলাবে ইংলেণ্ড আক্রমণ কৰিছিল।

প্রশ্ন ৫। ছিংগাপুৰৰ সমীপত কোন দেশে ব্ৰিটিছ যুদ্ধ জাহাজ প্রিন্স অৱ ওৱেলছ আৰু ৰিপালছক বিধ্বস্ত কৰিছিল ?

উত্তৰ :- ছিংগাপুৰৰ সমীপত জাপানে ব্ৰিটিছ যুদ্ধ জাহাজ প্রিন্স অব ওৱেলছ আৰু ৰিপাল্‌ছক বিধ্বস্ত কৰিছিল।

প্রশ্ন ৬। ডিজার্ট ফক্‌ছ ৰূপে পৰিচিত লোকজন কোন আছিল ?

উত্তৰ :- ডিজার্ট ফক্‌ছ ৰূপে পৰিচিত লোকজন হিটলাৰৰ একৰাকী সুদক্ষ সেনাধ্যক্ষ আছিল। তেওঁৰ নাম আছিল আবউইন ৰোমেল।

প্রশ্ন ৭। ফৰমোছাৰ নতুন নামটো কি ?

উত্তৰ :- ফৰমোছাৰ নতুন নামটো হৈছে টাৱাইন।

প্রশ্ন ৮। হিৰ’ছিমা আৰু নাগাচাকিত এটম বোমা পেলোৱাৰ সময়ত মার্কিন যুক্তৰাষ্ট্ৰৰ প্ৰেছিডেণ্ট কোন আছিল ?

উত্তৰ :- হিৰ’ছিমা আৰু নাগাচাকিত এটম বোমা পেলোৱাৰ সময়ত মার্কিন যুক্তৰাষ্ট্ৰৰ প্ৰেছিডেণ্ট আছিল হেৰি এছ. ট্রুমেন। 

প্রশ্ন ৯। হিৰ’ছিমাত কোনে এটম বোমা পেলাইছিল ? 

উত্তৰ :- হিৰ’ছিমাত এটম বোমা পেলাইছিল মার্কিন বৈমানিক এনোলা গে নামৰ লোকজনে।

প্রশ্ন ১০। নাগাচাকিত এটম বোমা পেলোৱা বৈমানিকজনৰ নাম কি ? 

উত্তৰ :- নাগাচাকিত এটম বোমা পেলোৱা বৈমানিকজনৰ নাম আছিল মার্কিন, বৈমানিক চার্লছ ডব্লিউ ছোইনী। 

প্রশ্ন ১১। মুছোলিনিৰ ঘৈনীয়েকৰ নাম কি ?

উত্তৰ :- মুছোলিনিৰ ঘৈনীয়েকৰ নাম হৈছে ক্লাট্টো পেটাচ্চী।

প্রশ্ন ১২। ১৯৪৩ চনৰ আগষ্টৰ পিছত মিত্র শক্তিৰ সামৰিক প্ৰধান কোন আছিল ? 

উত্তৰ :- ১৯৪৩ চনৰ আগষ্টৰ পিছত মিত্রশক্তিৰ সামৰিক প্ৰধান আছিল লর্ড লুই মাউণ্টবেটেন।

প্রশ্ন ১৩। মার্কিন যুক্তৰাষ্ট্ৰৰ সেনাধ্যক্ষ দোগলাছ মেক আৰ্থাৰৰ ওচৰত জাপানে ক’ত আত্মসমৰ্পণ কৰিছিল ?

উত্তৰ :- মার্কিন যুক্তৰাষ্ট্ৰৰ সেনাধ্যক্ষ দোগলাছ মেক আৰ্থাৰৰ ওচৰত জাপানৈ টকিঅ’ উপসাগৰত মিছৌবী নামে যুদ্ধ জাহাজত আত্মসমর্পণ কৰিছিল।

প্রশ্ন ১৪। জার্মানীয়ে ৰাচিয়া আক্রমণ কৰোঁতে কি গুপ্ত নাম লৈছিল ?

উত্তৰ :- জার্মানীয়ে ৰাচিয়া আক্রমণ কৰোতে লোৱা গুপ্ত নামটো হৈছে অপাৰেচন বাৰবাৰোছা।

প্রশ্ন ১৫। কোন কোন দেশে অপাৰেচন ওভাৰলৰ্ড গুপ্ত নামেৰে নাজী জার্মানী আক্রমণ কৰিছিল ?

উত্তৰ :- ইংগ-মার্কিন বাহিনীয়ে অপাবেচন-ভাৰলৰ্ড গুপ্ত নামেৰে-নাজী ও জার্মানী আক্রমণ কৰিছিল।

চমু উত্তৰ দিয়া

প্রশ্ন ১। দ্বিতীয় বিশ্বযুদ্ধৰ স্তৰকেইটা কি কি আছিল ?

উত্তৰ :- দ্বিতীয় বিশ্বযুদ্ধৰ ঘটনা প্রবাহৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক ৫ টা ভৰত ভাগ কৰিব পাৰি। সেই স্তৰসমূহ হ’ল—

(ক) প্রথম স্তৰ ১৯৩৯ চনৰপৰা ৪০ চনলৈ। 

(খ) দ্বিতীয় স্তৰ ১৯৪০ চনৰপৰা ৪১ চনলৈ।

(গ) তৃতীয় স্তৰ ১৯৪১ চনৰপৰা ৪২ চনলৈ।

(ঘ) চতুর্থ স্তৰ ১৯৪২ চনৰপৰা ৪৪ চনলৈ।

(ঙ) পঞ্চম স্তৰ–১৯৪৪ চনৰপৰা ৪৫ চনলৈ।

প্রশ্ন ২। কি পৰিস্থিতিত মার্কিন যুক্তৰাষ্ট্ৰই দ্বিতীয় বিশ্বযুদ্ধত অংশ গ্রহণ কৰিছিল ?

উত্তৰ :- ১৯৪১ চনৰ ৭ ডিচেম্বৰ তাৰিখে জাপানে অতর্কিতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত নিজ আধিপত্য বিস্তাৰৰ বাবে আক্রমণ চলায়। সেই সময়তে জাপানৰ প্ৰতিনিধি দল এটাই লোকক দেখুওৱাৰ উদ্দেশ্যে আমেরিকা যুক্তৰাষ্ট্ৰৰ সৈতে ৱাশ্বিংটনত শান্তি চুক্তি এটা স্বাক্ষৰ কৰাৰ বাবে আলোচনা কৰি আছিল। আমেৰিকাত হোৱা অতর্কিত আক্ৰমণৰ পিছ দিনাখনেই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ডে জাপানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এইদবে যুদ্ধ আৰম্ভ হোৱাৰ প্ৰায় দুবছৰৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই দ্বিতীয় বিশ্বযুদ্ধত লিপ্ত হৈ পৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই যুদ্ধত অংশ গ্রহণ কৰি যিকোনো প্রকাৰে জাপানক পৰাস্ত কৰিবলৈ প্রাণেপনে চেষ্টা চলায়। আমেরিকা যুক্তরাষ্ট্রই ইউৰোপৰ ৰণাংগণত ফেচিষ্ট জোঁটৰ পৰাজয়ৰ বাবে যুদ্ধৰ আৰম্ভণিৰ পৰাই ব্ৰিটেইন আৰু ফ্রান্সক অস্ত্র-শস্ত্ৰেৰে সহায় কৰি আহিছিল। পৰৱৰ্তী কালত মার্কিন যুক্তৰাষ্ট্ৰই নিজেই যুদ্ধৰ অংশীদাৰ হৈ পৰে।

প্রশ্ন ৩। হিৰ’ছিমা আৰু নাগাচাকিত এটম বোমা নিক্ষেপ কার্য।

উত্তৰ :- দ্বিতীয় বিশ্বযুদ্ধৰ কালছোৱাত ছোভিয়েট ৰাচিয়াই গ্ৰহণ কৰা ভূমিকাৰ প্রতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু ব্রিটেইনৰ প্রধানমন্ত্রী চিন্তিত আৰু শংকিত হৈ পৰিছিল। সেয়ে ছোভিয়েট ৰাচিয়াক পৰাভূত কৰি যুদ্ধৰ গতিধাৰা নিজৰ নিয়ন্ত্ৰণত ৰাখিবৰ বাবে মার্কিন প্রেচিডেণ্ট হেবি. এছ. ট্রুমেনে জাপানৰ ওপৰত আণৱিক বোমা নিক্ষেপ কৰিবলৈ সিদ্ধান্ত লৈছিল। সেই সিদ্ধান্ত কার্যত পৰিণত কৰিবলৈ ১৯৪৫ চনৰ ৬ আগষ্টত হিৰ’ছিমাত প্ৰথমটো আণৱিক বোমা নিক্ষেপ কৰা হয়। এই বোমা বৰ্ষণৰ ফলত নগৰখনৰ অৰ্ধসংখ্যক অঞ্চল ধ্বংস হোৱাৰ লগতে ৮০,০০০ সাধাৰণ লোকৰ মৃত্যু হয়। মার্কিন বৈমানিক এনোলো গে নামে লোকজনৰদ্বাৰা এই কাৰ্য সংঘটিত হয়। ১৯৪৫ চনৰ ৯ আগষ্টৰ দিনা জাপাৰৰ নাগাচাকি অঞ্চলত দ্বিতীয়টো বোমা নিক্ষেপ কৰা হয়। এই বোমাটো নিক্ষপ কৰিছিল মার্কিন বৈমানিক চাৰ্লছ ডব্লিউ ছুইনীয়ে৷ ইয়াৰদ্বাৰা উক্ত চহৰখন ধ্বংস হোৱাৰ লগতে প্রায় ২,৪০,০০০ জন লোকে মৃত্যুবৰণ কৰে।

প্রশ্ন ৪। পোলেণ্ডত সংগঠিত প্ৰতিৰোধ সংগ্রাম।

উত্তৰ :- পোলেণ্ডত হিটলাৰে কৰা আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ প্ৰতিৰোধ সংগ্ৰাম সংগঠিত কৰা হৈছিল। দেশপ্রেমিকলোক জেনেৰেল ছিকোবস্কীৰ ‘ নেতৃত্বত প্রথমে ফ্রান্স আৰু পিছত লণ্ডনত এখন পলৰীয়া চৰকাৰ গঠন কৰি পোলেণ্ডৰ প্ৰতিৰোধ সংগ্ৰাম পৰিচালনা কৰা হৈছিল। ১৯৪২ চনত পোলেণ্ডৰ কমিউনিষ্ট দলে সুকীয়াকৈ জাৰ্মানীৰ আক্ৰমণৰ বিৰুদ্ধে প্রতিবোধ সংগ্রাম গঢ়ি তুলিছিল। পৃথক পৃথক ভাৱে সংগঠিত আৰু পৰিচালিত হোৱা এই প্ৰতিৰোধ সংগ্রামে জনসাধাৰণৰ মাজত বিশেষ প্রভাৱ বিস্তাৰ কৰিব পৰা নাছিল।

প্রশ্ন ৫। ফ্রান্সত সংগঠিত প্ৰতিৰোধ সংগ্রাম। 

উত্তৰ :- হিটলাৰে ফ্রান্স অধিকাৰ কৰাৰ লগে লগে ফ্ৰান্সৰ জাতীয়তাবাদী সামৰিক বিষয়া ঢাৰ্লছ-ডি গলে ইংলেণ্ডলৈ পলাই গৈ তাত দেশৰ মুক্তিৰ বাবে “ফ্রি ফ্রেন্স মোভমেণ্ট” গঢ়ি তুলিছিল। লণ্ডনক কেন্দ্ৰ কৰি ডি গলৰ নেতৃত্বত ফেছীবাদ বিৰোধী প্রতিৰোধ আন্দোলন চলি থকা অৱস্থাতেই ফ্রান্সত – কমিউনিষ্টসকলৰ নেতৃত্বত ১৯৪২ চনত “নেচনেল ফ্ৰণ্ট” গঠন কৰি সকলো শ্ৰেণীৰ ফেচিষ্ট বিৰোধী লোকক একত্রিত কৰা হৈছিল। 

এইদৰে দেশৰ ভিতৰতে গঢ়ি উঠা প্ৰতিৰোধ সংগ্ৰামৰ ফলত আভ্যস্তৰীণভাৱে প্রায় ৫,০০,০০০ লোকৰ এক শক্তিশালী সামৰিক গোট গঢ়ি উঠিছিল। এই গোটটোৰ সদস্যসকলে ফ্রান্সত বিভিন্ন ধৰণৰ কূটাঘাতমূলক কার্য সংঘটিত কৰি দখলদাৰী জার্মান সৈনিকসকলক ব্যতিব্যস্ত কৰি ৰখাৰ লগতে তেওঁলোকৰ আগ্রাসনত বাধা প্রদান কৰিছিল। এওঁলোকে ফ্ৰালত থকা জার্মানীৰ সমর্থকসকলোকো ৰেহাই দিয়া নাছিল। ডি গলে কমিউনিষ্টৰে ধৰি সকলো ফৰাচী প্ৰতিৰোধ সংগ্ৰামীক লৈ এখন অস্থায়ী চৰকাৰ গঠন কৰি প্ৰতিৰোধ সংগ্রাম অধিক শক্তিশালী কৰি তুলিছিল। ফ্ৰান্সৰ এই ফেচিষ্ট বিৰোধী প্ৰতিৰোধ সংগ্ৰামৰ নেতা-কর্মীসকলে ফ্রান্সত মিত্র পক্ষৰ সৈনিক অৱতৰণ কৰা আৰু নাজিসকলক ফ্ৰান্সৰ পৰা খেদি পঠিওৱাত প্রভূত বৰঙণি যোগাইছিল। 

প্রশ্ন ৬। যুগোশ্লাভিয়াত সংগঠিত প্ৰতিৰোধ সংগ্রাম।

উত্তৰ :- যুগোশ্লাভিয়াত কমিউনিষ্টসকলৰ নেতৃত্বত ফেচীবাদ বিৰোধী প্ৰতিৰোধ সংগ্রামে গা কৰি উঠিছিল। তেওঁলোকৰ নেতা আছিল সামৰিক বিষয়া মাৰ্ছাল যোছেফ ব্রজ টিটো। এওঁলোকৰ প্ৰতিৰোধ সংগ্রাম অতি তীব্রভাৱে সংঘটিত হৈছিল।এই সংগ্ৰাম পৰিচালিত হৈছিল এফালে জার্মানসকলৰ বিৰুদ্ধে আৰু আনফালে যুগোশ্লাভিয়াৰ ভিতৰত থকা দেশীয় নাজি সমৰ্থকসকলৰ বিৰুদ্ধে।টিটোৰ নেতৃত্বত কমিউনিষ্টসকলে নাজিসকলৰ বিৰুদ্ধে গণমুক্তি বাহিনী গঠন কৰি যুগোশ্লাভিয়াক নাজিসকলৰ কৱলৰপৰা মুক্ত কৰাৰ আঁচনি লৈ তাক কৃতকার্যতাৰে ৰূপায়ণ কৰিছিল।

এই খিনিতে উল্লেখযোগ্য যে বিদেশত গঠন কৰা যুগোশ্লাভিয়াৰ পলৰীয়া চৰকাৰে আভ্যন্তৰীণভাৱে বিশেষ জনসমর্থন লাভ কৰা নাছিল। কিন্তু টিটোরে গঢ়ি তোলা প্ৰতিৰোধ সংগ্ৰামৰ প্ৰতি জনসাধাৰণ বিপুল সমৰ্থন আছিল। ইয়াৰ ফলস্বৰূপে ১৯৪৪ চনৰ ভিতৰত যুগোশ্লাভিয়া নাজিসকলৰ কৱলৰপৰা সম্পূৰ্ণৰূপে মুক্ত হৈ পৰিছিল।

প্রশ্ন ৭। গ্ৰীচত সংগঠিত প্ৰতিৰোধ সংগ্রাম। 

উত্তৰ :- উত্তৰ। ১৯৪০ চনৰ অক্টোৱৰ মাহত মুছোলিনিয়ে গ্ৰীচৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ গ্ৰীচ আক্ৰমণ কৰে।গ্রীকসকলে এই আক্রমণ প্ৰতিৰোধ কৰিবলৈ প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিল আৰু তাত সফলতা লাভ কৰিছিল।মুছোলিনীয়ে গ্ৰীচ দখল কৰিবলৈ আহি ব্যৰ্থ হৈ উভতি যোৱাৰ পিছত হিটলাৰে এই দেশ আক্ৰমণ কৰি দখল কৰাত গ্ৰীচ চৰকাৰৰ পতন ঘটে আৰু ৰজাই কাইৰোলৈ পলায়ন কৰি তাত এখন পলৰীয়া চৰকাৰ গঠন কৰে।এনে অৱস্থাত গ্রীক কমিউনিষ্টসকলে জাতীয় মুক্তি বাহিনী আৰু জাতীয় জনপ্রিয় মুক্তি বাহিনী গঠন কৰি জার্মান নাজি বাহিনীৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্রাম গঢ়ি তোলে। 

গ্রীক কমিউনিষ্টসকলে আন আন দেশপ্রেমিক দল আৰু ব্যক্তিৰ সহায়ত এই প্ৰতিৰোধ সংগ্ৰামৰ যোগেদি ১৯৪৪ চনৰ শেষলৈ নাজি দখলৰ পৰা দেশখন মুক্ত কৰি ৰাখে।আনহাতে গ্ৰীচৰ অভ্যন্তৰত থাকি প্ৰতিৰোধ সংগ্ৰামৰ নেতৃত্ব দিয়া কমিউনিষ্ট দল আৰু অন্যান্য দল আৰু ব্যক্তিৰ বিৰুদ্ধে কাইৰোত থকা পলৰীয়া চৰকাৰে অতি সোনকালে সংঘৰ্ষত লিপ্ত হৈ পৰে। তেওঁলোকে ব্ৰিটিছৰ সহায়ত গ্ৰীচত চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰাত দুয়োপক্ষৰ মাজত সংঘাতে দেখা দিয়ে আৰু ইয়ে শেষত গৃহ যুদ্ধলৈ পৰিৱৰ্তিত হয়। ১৯৪৬ চনৰ মে’ মাহৰ পৰা ১৯৪৯ চনৰ অক্টোৱৰ মাহলৈ চলা এই যুদ্ধই গ্ৰীচক অতি দুর্বল কৰি পেলাইছিল।

প্রশ্ন ৮। ভিয়েটনামত সংগঠিত প্ৰতিৰোধ সংগ্রাম।

উত্তৰ :- ভিয়েটনামৰ প্ৰতিবোধ সংগ্রাম ভিয়েটনাম লীগ নামৰ কমিউনিষ্ট দলটোৰ নেতৃত্বত সংঘটিত হৈছিল। ইয়াৰ নেতৃত্ব দিছিল হো-চি-মিন নামৰ ব্যক্তি গৰাকীয়ে।১৯৪১ চনত সংগঠিত এই সংগঠনটোৱে এফালে ভীকি ফ্ৰান্সৰ আৰু আনফালে সামৰিষ্ক। সাম্রাজ্যবাদী শক্তি জাপানৰ বিৰুদ্ধে প্রতিৰোধ সংগ্রাম গঢ়ি তুলিছিল। ১৯৪১ চনৰ চেপ্তেম্বৰ মাহত ভিয়েটনাম লীগে ভিয়েটন।মক প্রজাতান্ত্রিক চৰকাৰৰূপে ঘোষণা কৰি তাত এখন নতুন চৰকাৰ গঠন কৰিছিল। 

কিন্তু বিশ্বযুদ্ধৰ পৰবৰ্তীকালতো ভিয়েটনামৰ ৰাজনৈতিক ক্ষেত্ৰত কোনো সুমীমাংসা হোৱা নাছিল। কাৰণ জাপানৰ পৰাজয়ৰ পিছত ভিয়েটমিনসকলে ভিয়েটনামক ফ্ৰান্সৰ কালৰপৰা মুক্ত কৰিলেও কমিউনিষ্টসকলক বিতাড়ন কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰই ভিয়েটনামৰ ওপৰত সামৰিক অভিযান চলাইছিল।এই অভিযান ১৯৭৩ চনলৈ অব্যাহত আছিল। অৱশেষত ১৯৭৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই প্রায় ত্ৰিশ বছৰ কাল ধৰি চলা এই ভিয়েটনাম যুদ্ধত পবাতি হৈ ভিয়েটনামৰ পৰা আঁতৰি যাবলৈ বাধ্য হয়।

প্রশ্ন ৯। দ্বিতীয় বিশ্বযুদ্ধত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ।

উত্তৰ :- দ্বিতীয় বিশ্বযুদ্ধত দেশসমূহ অর্থনৈতিকভাৱে অত্যন্ত ক্ষতিগ্রস্থ হৈছিল।

ঐতিহাসিক কার্লটন হেইজে দেখুৱাইছে যে অকল আমেৰিকা যুক্তৰাষ্ট্ৰৰে এই যুদ্ধত খৰচ হৈছিল ৩৫০ বিলিয়ন ডলাৰ। অন্যান্য দেশসমূহৰ এচ হৈছিল মঠতে ১০০০ বিলিয়ন ডলাৰ আৰু সা-সম্পত্তিৰ ধ্বংসৰ মাধ্যমত হোৱা ক্ষতির পৰিমাণ আছিল ১০০০ বিলিয়ন ডলাৰ।

এই যুদ্ধত প্রায় ২২ মিলিয়ন লোক নিহত আৰু প্ৰায় ৩৪ মিলিয়ন লোক আহত হৈছিল।তদুপৰি যুদ্ধৰ বাবে সমগ্র বিশ্বতে প্রায় ২০ মিলিয়ন সাধাৰ লোক নিহত হৈছিল।আমেৰিকা যুক্তৰাষ্ট্ৰই হিৰচিমা আৰু নাগাছাকিত আণবিক বোমা নিক্ষেপ কৰাৰ ফলত প্রায় ৩,২০,০০০ লোক নিহত হৈছিল।

যুদ্ধৰ সময়ত আকাশমাৰ্গেৰে বোমা নিক্ষেপ কৰাৰ ফলত গোটেই বিশ্বতে নিহত হোৱা সাধাৰণ নাগৰিকৰ পৰিমাণ আছিল ১৫,০০,০০০ জন। এই যুদ্ধত ব্যাপক হাৰত সাধাৰণ নাগৰিকৰ মৃত্যুৰ ঘটনাৰপৰা যুদ্ধৰত দেশবিলাকৰ লোকসকল কিমান বৰ্বৰ্তালৈ নামি গৈছিল আৰু মানুহে মানুহৰ ওপৰত কিমান নির্মম অত্যাচাৰ চলাইছিল তাক অনুমান কৰিব পাৰি।

ৰচনাধৰ্মী প্রশ্ন

প্রশ্ন ১। পোলেওঁ আৰু বাল্টিক সাগৰীয় দেশসমূহৰ ওপৰত জাৰ্মানীৰ আক্ৰমণ সম্পর্কে চমুকৈ বিবৃত কৰা।

উত্তৰ :- ১৯৩৯ চনৰ ১ চেপ্তেম্বৰ তাৰিখে জাৰ্মানীয়ে পোলেণ্ড আক্ৰমণ কৰে। ২৭ চেপ্তেম্বৰৰ দিনা পোলেণ্ডৰ ৰাজধানী জার্মানসকলে হস্তগত কৰে। জার্মানীয়ে পোলেণ্ড আক্ৰমণ কৰাৰ কেইদিনমান পিছতে ৰাচিয়ায়ো নিজ নিৰাপত্তা ৰক্ষাৰ বাবে পূৱ দিশৰ পৰা পোলেণ্ড আক্ৰমণ কৰে আৰু পূৱ অংশটো দখল কৰে।ইয়াৰ পশ্চিম অংশটো জাৰ্মানীয়ে হস্তগত কৰিছিল।পোলেণ্ডৰ বিৰুদ্ধে জয় লাভ কৰাৰ পিছত হিটলাৰে বিজয় উল্লাসত মতলীয়া হৈ ১৯৭০ চনৰ এপ্রিল মাহত ডেনমার্ক আৰু নৰৱে আৰু মে’ মাহত বেলজিয়াম, লুকছেম্বাৰ্গ আৰু হলেণ্ডৰ ওপৰত আক্ৰমণ চলাইছিল।নৰৱে আক্ৰমণ কৰোঁতে হিটলাৰে মুঠতে ৮০০ খন যুদ্ধ জাহাজ আৰু ২৫০ খন পৰিবহণ জাহাজ ব্যৱহাৰ কৰিছিল। এই আক্রমণ স্থল আৰু জল দুয়োফালৰ পৰাই সংঘটিত হৈছিল। সেই সময়ত নৰৱেত ভাইডকুন কুইজলিং বোলা লোক এজনৰ নেতৃত্বত এটা ফেচিষ্ট দল গঠন কৰা হৈছিল আৰু কুইজলিঙে হিটলাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰিছিল। এওঁৰ সহায়ত হিটলাৰে সহজতে নওৱে দখল কৰি সুইজলিঙৰ নেতৃত্বত এখন পুতলা চৰকাৰ পাতি তাত জার্মান আধিপত্য স্থাপন কৰিছিল।

ইয়াৰ পিছত মে’ মাহৰ ২৮ তাৰিখে বেলজিয়ামৰ ৰজাই হিটলাৰৰ ওচৰত আত্মসমর্পণ কৰে। এই ঘটনাই মিত্রপক্ষৰ বাবে ভীষণ বিপদৰ সৃষ্টি কৰিছিল। মিত্রপক্ষই ২৮ মে’ৰ পৰা ৪ জুনৰ ভিতৰত যুদ্ধক্ষেত্ৰৰপৰা মুঠতে ৩,৩৮,০০০ – সৈনিক আঁতৰাই নিছিল।

হিটলাৰৰ হাতত পৰাস্ত হোৱাৰ পিছত নৰৱে বেলজিয়াম আৰু হলেণ্ডৰ পূৰ্বৰ প্রতিষ্ঠিত চৰকাৰৰ মুৰব্বীসকলে ইংলেণ্ডলৈ পলায়ণ কৰে আৰু লণ্ডনলৈ গৈ নিজ নিজ দেশৰ বাবে একোখন নির্বাসিত চৰকাৰ গঠন কৰে।

জার্মানীৰ বিৰুদ্ধে পোলেণ্ড, নৰৱে, বেলজিয়াম আৰু হলেণ্ডত মিত্র শক্তি জোঁট তথা ইংলেণ্ড আৰু ফালৰ পৰাজয়ে ইংলেণ্ডত এক ৰাজনৈতিক পৰিৱৰ্তন সংঘটিত কৰায়। সেই সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী নিউৱিল ছেম্বাৰলেইন ক্ষমতাৰ পৰা অপসাৰিত হয় আৰু তেওঁৰ ঠাইত ১৯৪০ চনৰ ১০ মে’ত ৰক্ষণশীল দলৰ নেতা উইনষ্টন ছাৰ্চিলক সংযুক্ত মন্ত্রীসভাৰ প্ৰধানমন্ত্ৰী আৰু শ্রমিক দলৰ নেতা ক্লিমেণ্ট এট্‌ীক উপ-প্রধানমন্ত্ৰী ৰূপে নিযুক্তি দিয়া হয়। উইনস্টন ছাৰ্চিলে দ্বিতীয় বিশ্বযুদ্ধত কঠোৰ পৰিশ্ৰম কৰি মিত্ৰপক্ষৰ বিজয় সুনিশ্চিত কৰিছিল।

যুদ্ধৰ প্ৰথম অৱস্থাত উপর্যুপৰি লাভ কৰা বিজয়ে হিটলাৰক অনতিপলমে ফ্রান্স আক্ৰমণ কৰিবলৈ প্ৰৰোচিত কৰিছিল। তেওঁ নিজেও হয়তো ইমান সোনকালে বিজয় লাভ কৰিব বুলি আশা কৰা নাছিল। সেয়ে তেওঁ জুন মাহৰ প্রথম সপ্তাহতেই ফ্রান্স আক্ৰমণ কৰে। এই আক্রমণ অতি ভয়াবহ আছিল।ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীৰ আসনত থকা প’ল বেইনাই ৫ জুন তাৰিখে আক্ৰমণ সংঘটিত হোৱাৰ পিছতে ভীতিবিহ্বল হৈ ৯ তাৰিখে ৰাজধানী পেৰী চহৰ পৰিত্যাগ কৰি পলায়ন কৰে আৰু ১৬ জুন তাৰিখে পদত্যাগ কৰে। ইতিপূর্বে ইটালীয়েও জাৰ্মানীৰ সমৰ্থনত ১০ জুন তাৰিখে ফ্ৰান্সৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ৰেইনাৰ পদত্যাগৰ পিছত প্রথম বিশ্বযুদ্ধ খ্যাত মাৰ্ছাল হেনৰী ফিলিপে পেঁটা ফ্ৰান্সৰ প্রধানমন্ত্রী হয়।

তেওঁ প্ৰধানমন্ত্ৰী হৈয়ে হিটলাৰৰ সৈতে যুদ্ধ বিৰতিৰ প্ৰস্তাৱ দাঙি ধৰে। অৱশেষত ২২ জুন তাৰিখে দুয়োখন দেশৰ মাজত এখন যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি মতে ফ্ৰান্সৰ অর্ধেক হিটলাৰে দখল কৰি নিজ ৰাজ্যভূক্ত কৰে আৰু বাকীখিনি পেঁটাৰ অধীনত থাকে। সেই অৱশিষ্ট অংশটোক ফ্ৰান্সৰ ইতিহাসত ভীকি ফ্রান্স বোলা হৈছিল।

হিটলাৰৰ হাতত ফ্ৰান্সৰ পৰাজয়ৰ পৰিপ্ৰেক্ষিতত ভালেমান ফৰাচী সামৰিক বলয়াই ইংলেণ্ডলৈ পলায়ন কৰিছিল। এই সামৰিক বিষয়াসকলে তাত “মুক্ত ফ্ৰান্সৰ আন্দোলন” নামে এটা সংগঠন গঠন কৰিছিল আৰু মিত্ৰ শক্তি জোঁটৰ সৈতে লগ লাগি নাজি জার্মানীৰ বিৰুদ্ধে যুদ্ধৰ আয়োজন কৰি প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিল।

প্রশ্ন ২। ইংলেণ্ডৰ ওপৰত জাৰ্মান আক্ৰমণ সম্পর্কে আলোচনা কৰা। 

উত্তৰ :- ফ্ৰান্সৰ ওপৰত নিজয় সাব্যস্ত কৰাৰ অস্তত হিটলাৰে ইংলেণ্ড অধিকাৰ কৰিবলৈ মন মেলে। জার্মানীদ্বাৰা ইংলেণ্ড আক্রান্ত হোৱা ঘটনাই দ্বিতীয় বশ্বযুদ্ধত চাঞ্চল্যৰ সৃষ্টি কৰিছিল।কাৰণ ফ্ৰান্সৰ পতনৰ পিছত হিটলাৰ আৰু মুছোলিনিৰ বিপক্ষে ইংলেণ্ডে ৰণক্ষেত্ৰত অকলশৰীয়া হৈ পৰিছিল।কিন্তু চীষণভাৱে আক্রমণ কৰাৰ পিছতো ইংলেণ্ডৰ বিপক্ষে জার্মানীয়ে জয়লাভ কৰিব নাৱাৰি “অপাৰেচন ছি লায়ন” সাংকেতিক নামেৰে আৰম্ভ কৰা যুদ্ধখন নাময়িকভাৱে স্থগিত ৰাখিবলগীয়া হয়। ১৯৪০ চনৰ আগষ্ট মাহৰ ৮ তাৰিখে নশাৰ ভাগত আতর্কিতে ধাৰাষাৰ বোমা বর্ষণেৰে আৰম্ভ হোৱা এই যুদ্ধখন সেই বছৰৰে ১৭ চেপ্তেম্বৰ শেষ হৈছিল।

এই যুদ্ধত হিটলাৰে ইংলেণ্ডৰ সামুদ্রিক বন্দৰসমূহৰ উপৰিও বিমান ঘাটি, বিমান তৈয়াৰ কৰা কাৰখানা আৰু সাধাৰণ নাগৰিকৰ বসতি অঞ্চলসমূহো আক্ৰমণ কৰিছিল। প্ৰতিৰোধ সংগ্ৰামৰূপে ইংলেণ্ডেও জার্মানীৰ বাৰ্লিন চহৰৰ ওপৰত অহৰহ প্ৰতি আক্ৰমণ চলাইছিল। হিটলাৰৰ ধাৰাধাৰ বোমা বৰ্গৰ ফলত ব্ৰিটেইনৰ ভালেমান চহৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ উপৰিও অকল লণ্ডন চহৰতে ২০,০০০ তকৈ অধিক সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল।১৯৪১ চন আৰম্ভ হোৱা ইংলেণ্ডৰ প্ৰতিৰোধ আক্ৰমণত ব্ৰিটিছ ৰাজকীয় বিমানবাহিনীে প্রায় ২,৪০০ যখন জার্মান যুদ্ধ জাহাজ গুলীয়াই ভূপতিত কৰি ধ্বংস কৰিছিল এই যুদ্ধক বেটল অৱ ব্রিটেইন বোলা হয়।এই যুদ্ধত ইংলেণ্ড বাহিনীয়ে জয়লাভ কৰিছিল।

হিটলাৰৰ বিৰুদ্ধে ইংলেণ্ডৰ এই বিজয়ৰ মূলতে আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক সাহাৰ্য প্ৰদান।আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেছিডেণ্ট ফেংকলিন ডেলানো ৰুছভেণ্ট হিটলাৰৰ সামৰিক অভিযানৰ আৰম্ভণিৰেপৰাই ফেছিষ্ট জোঁটক পৰাভূত কৰিবলৈ মনস্থ কৰিছিল। সেইবাবে তেওঁ হিটলাবে ইংলেণ্ড আক্ৰমণ কৰাৰ পিছত ইংলেণ্ডক অস্ত্র-শস্ত্ৰৰে সকলো ধৰণৰ সহায় আগবঢ়াইছিল। 

ব্ৰিটিছ অধিকৃত নিউ ফাউণ্ডলেণ্ড আৰু পশ্চিম ভাৰতীয় দ্বীপপুঞ্জত মার্কিন নৌ ঘাটি স্থাপন কৰিবলৈ দিয়াৰ বিনিময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই ইংলেণ্ডক ৫০ খন ডেষ্ট্ৰয়াৰৰ যোগান ধৰিছিল।ইয়াৰ উপৰি আমেৰিকা যুক্তৰাষ্ট্ৰই মিত্ৰ পক্ষক সহায় কৰাৰ বাবে ১৯৪১ চনৰ মাৰ্চ মাহত “লেণ্ড লিজ এক্ট” নামে এখন আইন প্রণয়ন কৰি একছ্ছি শক্তি জোঁটৰ বিৰুদ্ধে থকা দেশসমূহক বাকীকৈ অস্ত্ৰ শস্ত্ৰ যোগান ধৰাৰ নীতি গ্ৰহণ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই নীতিয়ে ফেছিষ্ট বিৰোধী শক্তিসমূহক যুদ্ধত জয়ী হোৱাৰ বাবে যথেষ্ট পৰিমাণে সহায়ৰ হাত আগবঢ়াইছিল।

প্রশ্ন ৩। জার্মানীৰ দ্বাৰা ছোভিয়েট ৰাচিয়া আক্ৰমণ সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰ :- হিটলাৰে যুদ্ধৰ খৰা যোগাৰ কৰিবলৈ প্ৰাচুৰ্যৰে ভৰপূৰ ছোভিয়েট ৰাচিয়া আক্ৰমণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। অপাৰেচন বাৰবাৰোছা সাংকেতিক নামেৰে এই আক্ৰমণ আৰম্ভ কৰা হয় ১৯৪৪ চনৰ ২২ জুন তাৰিখে। হিটলাৰে কেইবাটাও লক্ষ্য আৰু উদ্দেশ্য আগত লৈ ছোভিয়েট ৰাচিয়া আক্ৰমণ কৰিছিল। তাৰ ভিতৰত প্ৰধান আছিল কমিউনিষ্ট শাসন ধ্বংস কৰা, ইহুদী আৰু ৰাচিয়াৰ শ্লাভ জাতিৰ লোকক নিঃশেষ কৰা।জার্মানীৰ উদ্বৃত্ত লোকসংখ্যাৰ বাবে বিশেষকৈ ৰাচিয়াৰ ইউৰাইল অঞ্চলত বসতি স্থাপনৰ ব্যৱস্থা কৰা।ডলেজ উপত্যকাত অৱস্থিত শিল্প-উদ্যোগৰ উপযোগী কেঁচামালেৰে ভৰপূৰ অঞ্চলটো দখল কৰা, ইউক্রেইনৰ দৰে অতি সাৰুৱা আৰু ৰাচিয়াৰ শস্যৰ ভৰালৰূপে পৰিগণিত অঞ্চলটো আৰু লগতে ককছাছ অঞ্চলৰ খনিজ তেলেৰে পৰিপূৰ্ণ অঞ্চলসমূহ দখল কৰি জাৰ্মানীৰ প্ৰতিপত্তি আৰু শ্ৰীবৃদ্ধি সাধন কৰা ইত্যাদি।

ছোভিয়েট বাচিয়া আক্ৰমণ কৰাৰ অভিপ্রায়েৰে হিটলাৰে তেওঁৰ চাৰিজন বিচক্ষণ সেনাধ্যক্ষৰ নেতৃত্বত প্ৰচুৰ পৰিমাণৰ অস্ত্র-শস্ত্ৰৰে এক বিশাল সামৰিক বাহিনী মোতায়েন কৰিছিল।

ছোভিয়েট ৰাচিয়াৰ প্ৰতি হিটলাৰৰ এক লঘু ধাৰণা আছিল কিন্তু ৰাচিয়াই তেওঁৰ সেই ধাৰণা খৰ্ব কাৰ তেওঁৰ লগতে জাৰ্মানীত প্রতিষ্ঠিত নাজি চৰকাৰৰো পতন অনিবার্য কৰি তুলিছিল।

হিটলাৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ছোভিয়েট ৰাচিয়াই ভীষণ প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিল।ফিনলেণ্ড, ৰোমানিয়া, হাংগেৰী আৰু শ্লোভাকিয়া আদি চাখিন দেশেও জার্মানীৰ সমৰ্থনত যুদ্ধ ক্ষেত্ৰত অৱতীৰ্ণ হৈছিল। আনকি ব্রিটেইনৰ প্ৰধানমন্ত্রী উইনষ্টন ছাৰ্চিলেও ৰাচিয়াক সমৰ্থন কৰি এক সামৰিক চুক্তিৰ প্রস্তাৱ দিছিল।

যুদ্ধৰ আৰম্ভণিতে জার্মানসকলে অগ্রগতি লাভ কৰিছিল। ৰাচিয়াৰ এখন পিছত এখনকৈ ভালেমান চহৰ দখল কৰাৰ পিছত ক্ষীপ্র গতিৰে মস্কোৰ পিনে গতি কৰিছিল। এই যাত্ৰাতো আৰম্ভণিতে তেওঁলোক কৃতকার্য হৈছিল যদিও অৱশেষত ৰচসকলক সেই অঞ্চলৰ জলবায়ুৱে সহায় কৰে। ইয়াত অক্টোৱৰৰ পৰা আৰম্ভ হোৱা শীত প্ৰবাহৰ প্রাবল্য নৱেম্বৰ মাহৰ শেষৰ পিনে অতি তীব্র হৈ পৰে আৰু বতৰৰ তাপমান –৪০° ডিগ্ৰী ছেণ্টিগ্রেডলৈ নামি যায়। এই অৱস্থাত জার্মান ‘শিৱিৰত হাহাকাৰ লাগি পৰে আৰু কচ সৈনিকে এওঁলোকৰ ওপৰত তীব্র প্রতিৰোধ সংগ্ৰাম আৰম্ভ কৰে। জার্মান সৈনিকে অৱশেষত সেই ঠাইৰ পৰা আঁতৰি আহিবলৈ বাধ্য হয়। প্রাথমিকভাৱে ‘অপাৰেচন বাৰবাৰোছা’ ব্যৰ্থ হয় যদিও হিটলাৰে ৰাচিয়া বিজয়ৰ সোপোন সম্পূর্ণরূপে ত্যাগ নকৰিলে৷

১৯৪২ চনৰ এপ্ৰিল মে’ মাহত হিটলাৰে পুনৰ ৰাচিয়া আক্ৰমণ কৰে। প্ৰথম অৱস্থাত সফলতা লাভ কৰিলেও পিছত ব্যৰ্থ হ’বলগীয়া হয়। জাৰ্মানসকলে ডন নদীৰ উপত্যকা দখল কৰিলেও তেওঁলোকে ষ্টেলিনগ্রাড দখল কৰিবলৈ গৈ পৰাজয়ৰ সম্মুখীন হয়। ষ্টেলিনগ্ৰাডত দুয়োপক্ষৰ মাজত তীব্ৰ সংগ্ৰাম সংঘটিত হয়।প্রায় পাঁচ মাহ জুৰি চলা এই সংগ্ৰাম ইমান ভয়ানক আছিল যে ইয়াৰ প্ৰতিটো ৰাষ্টাতে আৰু প্ৰতি ইঞ্চি ভূমিৰ বাবে দুয়ো পক্ষই প্রায় সমানে যুঁজিছিল।যুদ্ধখনত জাৰ্মানীৰ লগতে আৰু সহযোগী দেশসমূহত বহুতো লোক হতাহত হৈছিল। অৱশেষত জাৰ্মানৰ সেনাধ্যক্ষ পাউলাছে ২ ফেব্ৰুৱাৰীৰ দিনা আন সহযোগী দেশৰ সৈনিকসহ ৰাচিয়াৰ ওচৰত আত্মসমর্পণ কৰে।

কিন্তু ইয়াৰ পিছত পুনত ১৯৪৩ চনৰ মাজ ভাগত হিটলাৰে তৃতীয় বাৰৰ বাবে ছোভিয়েট বাচিয়া আক্ৰমণ কৰে কিন্তু পুনৰ ব্যৰ্থ হয়। বাচিয়াই লাহে লাহে ইউক্রেইন আৰু ক্ৰিমিয়া হুস্তগত কৰিবলৈ সক্ষম হয়।উপায়বিহীন হৈ পিছৰ বছৰৰ জানুৱাৰী মাহত অৱশিষ্ট জার্মান সৈন্যই ৰণক্ষেত্ৰৰ পৰা আঁতৰি আহে।

Sl. No.Contents
Chapter 1ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ
Chapter 2প্রথম বিশ্বযুদ্ধ
Chapter 3প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান
Chapter 4দ্বিতীয় বিশ্বযুদ্ধ
Chapter 5ৰাষ্ট্ৰসংঘ
Chapter 6দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয়
Chapter 7গোষ্ঠী নিৰপেক্ষ আন্দোলন
Chapter 8ভাৰতবৰ্ষৰ বৈদেশিক নীতি

প্রশ্ন ৪। মিত্র শক্তি আৰু কেন্দ্রীয় শক্তি জোঁটৰ মাজত আফ্ৰিকা আৰু ভূমধ্যসাগৰীয় অঞ্চলত চলা দ্বিতীয় বিশ্বযুদ্ধৰ অগ্ৰগতি সম্পর্কে আলোচনা কৰা।

উত্তৰ :- মিত্র শক্তি আৰু কেন্দ্রীয় শক্তি জোঁটৰ মাজত আফ্রিকা আৰু ভূমধ্যসাগৰীয় অঞ্চলত ব্যাপক সংঘৰ্ষৰ সূত্ৰপাত হোৱা দেখা গৈছিল। হিটলাৰে ইংলেণ্ড অধিকাৰ কৰিবলৈ যুদ্ধ কৰি থাকোতে ইটালীয়ে ১৯৪০ চনৰ- আগষ্ট মাহত আফ্ৰিকাৰ ছোমালিলেগু অধিকাৰ কৰি ইজিপ্ত অৰু ছুয়েজ খাল অভিমুখে অগ্ৰসৰ হয়। চেপ্তেম্বৰ মাহত ইটালীয়ান সেনাধ্যক্ষ মাৰ্ছাল গ্লেজিয়ানিৰ নেতৃত্বত এটি বিশাল সেনাবাহিনী লিবিয়াৰ পৰা ইজিপ্ত অভিমুখে ৰাওনা হয়।

ইফালে ইউৰোপত ইটালীয়ে জার্মানী আৰু জাপানৰ সৈতে এটি ত্রিপাক্ষিক চুক্তি স্বাক্ষৰ কৰি নিজৰ সাম্ৰাজ্যিক স্বাৰ্থ পূৰণৰ পথ মুকলি কৰি লৈছিল। এই চুক্তিৰ মৰ্ম আছিল পাৰস্পৰিক সামৰিক সহযোগিতা। ইয়াৰদ্বাৰা ইটালী আৰু জার্মানীয়ে দক্ষিণ-পূৱ এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত জাপানৰ আগ্রাসন নীতিক সম্পূর্ণভাৱে মানি লৈছিল। গতিকে এনে এটা পৰিস্থিতিত ইটালীয়ে আফ্ৰিকাৰ ব্ৰিটিছ অধিকৃত দেশসমূহ আক্ৰমণ কৰাটো স্বাভাৱিক কথা আছিল।

গ্রেজিয়ানিয়ে প্রথম অৱস্থাত ব্ৰিটিছৰ বিৰুদ্ধে আফ্ৰিকাৰ বৰ্ণাংগণত অগ্রগতি লাভ কৰিছিল যদিও ব্ৰিটিছৰ প্ৰতি আক্ৰমণত পৰাজয় বৰণ কৰে।বহুতো ইটালীয়ান সৈন্যই ব্ৰিটিছৰ ওচৰত আত্মসমর্পণ কৰাৰ লগতে বহুতো সৈন্য যুদ্ধবন্দী হয় আৰু অপর্যাপ্ত পৰিমাণৰ অস্ত্র-শস্ত্র হস্তগত কৰা হয়।এইদৰে ব্ৰিটিছসকলে ইজিপ্ত আৰু ছুয়েজ খাল অঞ্চলত নিজৰ স্থিতি মঞ্জুত কৰি লয়। 

১৯৪১ চনৰ জানুৱাৰী মাহত ব্ৰিটিছ সেনাবাহিনীয়ে চুদান আৰু কেনিয়াৰপৰা ছোমালিলেখ অভিমুখে ৰাওনা হয়। ছোমালিলেণ্ড অধিকাৰ কৰি তেওঁলোকে ইটালীৰ হাতৰ পৰা ইথিওপিয়া মুক্ত কৰে। আফ্ৰিকাৰ মিত্র দেশ ইটালীৰ এই বিপৰ্যয়ৰ সংবাদ পাই হিটলাৰে তেওঁৰ এজন সুদক্ষ সেনাধ্যক্ষ আৰউইন ৰোমেলৰ নেতৃত্বত এক সেনাবাহিনী প্ৰেৰণ কৰে। এই সেনাবাহিনীয়ে উত্তৰ আফ্রিকাত উপনীত হৈ ত্রিপলী আৰু লিবিয়াত ব্ৰিটিছ সেনাবাহিনীক পৰাজিত কৰি ইজিপ্তলৈ আঁতৰাই পঠিয়ায়।

আফ্ৰিকাত ইটালী আৰু জাৰ্মানীৰ বিৰুদ্ধে ব্ৰিটিছে “অপাৰেচন বেটল এক্‌ছ” সাংকেতিক নামেখে যুদ্ধ’ অৱতীৰ্ণ হৈছিল। এই যুদ্ধ নিষ্ফল হোৱাত “অপাৰেচন ‘ক্রুছেদা” সাংকেতিক নামেৰে পুনৰ যুদ্ধত অৱতীর্ণ হয়।কিন্তু এই যুদ্ধও বিফল হয়।

ইয়াৰ পিছত ৰোমেলে ইজিপ্তৰ পিনে আগুৱাই যায়। এই যাত্ৰাত তেওঁ এল আলামেইন নামে ঠাইত পুনৰ ব্ৰিটিছ বাহিনীৰ দ্বাৰা প্ৰতিৰোধৰ সন্মুখীন হয়। এইবাৰ ইটালী আৰু জাৰ্মানীৰ বিৰুদ্ধে মিত্ৰ পক্ষৰ যুদ্ধ প্ৰক্ৰিয়াৰ কিছু সাল সল ঘটোৱা হয়।

এইখিনিতে উল্লেখ কৰিব পাৰি যে হিটলাৰে ছোভিয়েট ৰাচিয়া আক্রমণ কৰাৰ লগে লগে ব্রিটেইন প্রধানমন্ত্রী ছাৰ্চিল আৰু আমেৰিকাৰ প্রেচিডেণ্ট ৰুচভেণ্টে ছোভিয়েট ৰাচিয়াৰ সৈতে লগলাগি ফেচিষ্ট জোঁটক পৰাভূত কৰিবলৈ কাৰ্যসূচী তৈয়াৰ কৰি কামত অগ্ৰসৰ হয়। তেতিয়ালৈকে মার্কিন যুক্তৰাষ্ট্ৰই এই যুদ্ধত প্রত্যক্ষভাৱে জড়িত হোৱা নাছিল নাইবা প্রতিপক্ষৰ কোনো এখন দেশৰদ্বাৰা আক্ৰাস্তও হোৱা নাছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বিটেইনে ৰাচিয়াক প্ৰচুৰ পৰিমাণৰ অস্ত্র-শস্ত্ৰ আৰু সামৰিক সাহাৰ্য প্ৰদান কৰি যুদ্ধত জয়ী হোৱাত সহায় কৰিছিল।

ইফালে আফ্রিকাতো হিটলাৰ আৰু মুছোলিনিৰ বিৰুদ্ধে মিত্র বাহিনীয়ে বুটীয়াভাৱে সমৰ ক্ষেত্ৰত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি চলাইছিল।ফলত ১৯৪২ চনৰ অক্টোবৰ মাহত এফালে মন্টোগোমাৰিয়ে টিউনিছিয়া, ত্রিপলী আৰু লিবিয়াত ব্ৰটিছ সেনাধ্যক্ষ ৰোমেলৰ ওপৰত প্ৰচণ্ড আক্রমণ চলায়। আনফালে ইংগ মার্কিন সেনাবাহিনীৰ নেতৃত্বত মার্কিন সেনাধ্যক্ষ আইছেনহাৱাৰে মৰক্কো আৰু মালজেৰিয়াত ফেচিষ্ট বাহিনীৰ ওপৰত তীব্র আক্রমণ চলায়। এই আক্রমণক “অপাৰেচন টৰ্চ” বুলি কোৱা হয়।এই আক্রমণত বোমেল পিছ হুহুকি যাবলৈ বাধ্য হয়। এনেতে ফেছিষ্ট জোঁটৰ বাবে যুদ্ধ পৰিস্থিতিৰ যথেষ্ট অৱনতি ঘটে। মিত্র শক্তিয়ে কাছাব্লাংকা, ওবাণ আৰু আলাজেৰিয়াৰ ৰাজধানী আলজিৰাচত নিজ সৈনিক অৱতৰণ কৰায়। মিত্র পক্ষৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি ফেচিষ্ট বাহিনী এই যুদ্ধত পৰাভূত হয়। এই যুদ্ধত জার্মানসকলে মুঠ ৫০ খন টেংক হেৰুৱায়। মে মাহত মিত্র পক্ষই ইটালীৰ বিৰুদ্ধে চূড়ান্ত বিজয় লাভ কৰে। আফ্রিকাব ৰণাংগণত মিত্রপক্ষৰ বিজয়ে ফেচিষ্ট বাহিনীৰ পতনৰ কাল চমু চপাইছিল।

ইতিপূর্বে দক্ষিণ-পূর্ব ইউৰোপত ৰাজ্য বিস্তাৰ কৰাৰ অভিপ্রায়েৰে ১৯৪০ চনৰ অক্টোৱৰ মাহত ইটালীয়ে গ্ৰীচ দেশ আক্ৰমণ কৰায়। কিন্তু গ্রীকসকলে তীব্র প্রতিৰোধ সংগ্ৰামৰ জৰিয়তে ইটালীয়ানসকলৰ এই আক্রমণ ব্যর্থ কৰি তেওঁলোকক পিছ হুহকায় পঠিযায়।

গ্ৰীচৰ ওপৰত ইটালীৰ আক্রমণে ফেছিষ্ট জোঁটৰ বিৰুদ্ধে অন্য এটি ৰাংগণ মুকলি কৰি সিহঁতক বিভ্রান্ত কৰিবলৈ ছাৰ্চিলৰ বাবে এটি নতুন সুযোগ আনি দিয়ে। ছাৰ্চিলে ১৯৪১ চনত গ্ৰীছ দেশ আক্ৰমণ কৰায়। কিন্তু হিটলাৰে হোভিয়েট ৰাচিয়া আক্ৰমণ নকৰালৈ ছাৰ্চিলৰ এই উদ্দেশ্য ব্যর্থ হয়। হিটলাৰে ৰাচিয় আক্ৰমণ কৰাতহে ছাৰ্চিলে ভবাৰ দৰে মিত্রশক্তিয়ে ভূমধ্যসাগৰীয় অঞ্চল আৰু মধ্য প্রাচ্যত নিজৰ অৱস্থান মজবুত কৰি তুলিছিল। মিত্রশক্তিৰ এই অৱস্থানে প্ৰধানকৈ আফ্ৰিকাত ফেছিষ্ট জোঁটৰ বিৰুদ্ধে মিত্রশক্তি জোটক প্ৰভূত পৰিমাণে সহায় কৰিছিল।

প্রশ্ন ৫। জাপানৰদ্বাৰা পাৰ্ল হাৰ্বাৰ আক্ৰান্ত হোৱাৰ পিছত সূদুৰ প্ৰাচ্যত দ্বিতীয় বিশ্বযুদ্ধৰ অগ্ৰগতি সম্পর্কে লিখা।

উত্তৰ :- ১৯৪১ চনৰ ৭ ডিচেম্বৰ তাৰিখে জাপানে অতর্কিতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৱাই দ্বীপপুঞ্জৰ পাৰ্ল হাৰ্বাৰৰ ওপৰত আক্রমণ চলায়। ১৯৪০ চনত জাপানে বিশ্বযুদ্ধত কৃতকার্যতা লাভ কৰিবলৈ উৎসাহিত হৈ পৰিছিল। তেওঁলোকে চীন, প্রশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ আৰু দক্ষিণ-পূর্ব এচিয়াৰ ফৰাচী অধিকৃত ইন্দোচীন আৰু থাইলেণ্ড, ব্ৰিটিছৰ অধীনত থকা ব্রহ্মদেশ, মালয় আদি দেশ দখল কৰিবলৈ এক বৃহৎ আঁচনি প্রস্তুত কৰি তাক বাস্তৱায়িত কৰাৰ দিশত অগ্ৰসৰ হৈছিল।

জাপানৰ এই আঁচনিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰক সচকিত কৰি তুলিছিল। ১৯৪০ চনৰ ছেপ্তেম্বৰ মাহত জাপানে ইন্দোচীন দখল কৰে। ১৯৪১ চনৰ এপ্রিল মাহত জাপানে ছোভিয়েট ৰাচিয়াৰ সৈতে এক অনাক্রমণাত্মক চুক্তি স্বাক্ষৰ কৰে৷ সেই বছৰৰ জুলাই মাহত জাপানে ভিয়েটনাম দখল কৰে। দক্ষিণ-পূৱ এছিয়াত জাপানৰ এই আগ্রাসন কার্য চলি থাকোতেই জাপানত এক সামৰিক অভ্যুত্থানৰ জৰিয়তে সামৰিক গোটে ক্ষমতা অধিকাৰ কৰে আৰু জেনেবেল হাইডেকী ট জো প্রধানমন্ত্রী হয়। ইফালে জাপানে ইন্দোচীন আক্ৰমণ কৰাত আমেৰিকা যুক্তৰাষ্ট্ৰই জেনেৰেল মেক আৰ্থাৰক সুদূৰ প্ৰাচ্যৰ সেনাধ্যক্ষ নিযুক্ত কৰে।

পার্ল হাৰ্বাৰত মার্কিন নৌ-বাহিনীৰ ওপৰত জাপানে কৰা আক্ৰমণৰ সময়তে জাপানৰ প্রতিনিধি দল এটাই লোকদর্শিতভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ওৱাছিংটনত শাস্তি চুক্তি এটা স্বাক্ষৰ কৰা সম্পর্কে আলোচনা কৰি আছিল।

পার্ল হার্বাত সংঘটিত হোৱা এই আক্ৰমণৰ পিছদিশখন আমেৰিকা যুক্তৰাষ্ট্ৰই ইংলেণ্ড আৰু জাপানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এই যুদ্ধ হোৱাৰ প্ৰায় দুবছৰৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ দ্বিতীয় বিশ্বযুদ্ধত লিপ্ত হৈ পৰে।

পার্ল হাৰ্বাৰত কৃতকার্যতা লাভ কৰাৰ পিছত জাপানে এফালৰ পৰা প্ৰশাস্ত মহাসাগৰীয় অঞ্চল আৰু দক্ষিণ-পূর্ব এচিয়াত নিজৰ সাম্রাজ্য বিস্তাৰ কৰিবলৈ অগ্ৰসৰ হয়। জাপানে ১৯৪১ চনৰ ২৫ ডিচেম্বৰত হংকং দখল কৰে। তাৰ আগতে জাপানে ১৯৪১ চনৰ ডিচেম্বৰ মাহৰ ১০ তাৰিখে ছিংগাপুৰৰ ওচৰত দুখন ব্ৰিটিছ যুদ্ধ জাহাজ ধ্বংস কৰে। পিছৰ বছৰৰ জানুৱাৰী মাহত জাপানে ফিলিপাইনছ, ফেব্ৰুৱাৰীত ছিংগাপুৰ আৰু মালায়েছিয়া, মাৰ্চ মাহত ইন্দোনেচিয়া আৰু মে’ মাহত ব্ৰহ্মদেশ দখল কৰে। তাৰ পাছত জাপানে ক্ৰমে জাভা, বর্ণিও, সুমাত্রা, বালি আদি আক্ৰমণ কৰি অধিকাৰ কৰে।

জাপানে প্রশান্ত মহাসাগৰীয় অঞ্চলত গোৱাম আৰু ওৱেক দ্বীপ কেইটা আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আৰু গিলবার্ট দ্বীপপুঞ্জ ব্ৰিটেইনৰপৰা দখল কৰে। ১৯৪২ চনৰ ১৫ ফেব্ৰুৱাৰীত ছিংগাপুৰত জাপানৰ ওচৰ আত্মসমর্পণ কৰে। ৮ মাৰ্চত জাপানৰ হাতত ব্ৰহ্মদেশৰ ৰাজধানী ৰেংগুনৰ পতন ঘটে আৰু মে’ মাহৰ ভিতৰত ব্ৰিটিছক তেওঁলোকে ব্রহ্মদেশৰপৰা ভাৰতবৰ্ষলৈ খেদি পঠিয়ায়। ইয়াৰ লগে লগে গোটেই বিশ্বতে ব্ৰিটিছৰ সামৰিক শক্তিৰ ক্ষেত্ৰত থকা যশস্য ম্লান হৈ পৰে।

পূৰ্বৰেপৰা জাপানে প্রশান্ত মহাসাগৰীয় অঞ্চলত উপনিৱেশ স্থাপন কৰি এফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত প্রতিদ্বন্দ্বিতাত নামিছিল আৰু আনফালে চীনৰ স্বাধীনতা আৰু ৰাষ্ট্ৰীয় অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছিল। এই অঞ্চলত জাপানে ক্রমে ১৮৯৫ চনত ফৰমোছা, ১৯০৬ চনত কোৰিয়া, ১৯৩১ ৩৩ চনত মাঞ্চুবিয়া আৰু ১৯৩৮ চনত নানকিং দখল কৰি সেই দেশবিলাকত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল।

প্রশ্ন ৬। ফেচিষ্টসকলৰ পতনৰ সৈতে জড়িত থকা প্রধান ঘটনাসমূহ বিবৃত কৰা৷

উত্তৰ :- ফেচিষ্টসকলৰ পতনৰ সৈতে জড়িত থকা প্রধান ঘটনাসমূহ তলত আলোচনা কৰা হ’ল। ১৯৪২ চনৰ জানুয়াৰী মাহত আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন আৰু ছোভিয়েট ৰাচিয়াই ফেচিষ্ট বিৰোধী অন্যান্য ২৩ খন ৰাষ্ট্ৰৰ সহযোগত সংযুক্ত ৰাষ্ট্ৰসংঘৰ এক ঘোষণাপত্র তৈয়াৰ কৰে। ১৯৪১ চনৰ আগষ্ট মাহত ৰুজভেণ্ট আৰু ছাৰ্চিলে তৈয়াৰ পৰা আটলান্টিক চন্দৰ প্ৰতি অনুগত্য প্রকাশ কৰাৰ লগতে তেওঁলোকে বিশ্বক ফেচিষ্টসকলৰ কৱলৰ পৰা মুক্ত কৰিবলৈ সংকল্পবদ্ধ হয়।

আনহাতে ছোভিয়েট ৰাচিয়া, আফ্রিকা, ভূমধ্যসাগৰীয় অঞ্চল, প্রশান্ত মহাসাগৰীয় অঞ্চল আদিত ফেচিষ্ট আৰু সামৰিক জোঁটৰ বিপর্যয়ে মিত্রশক্তি জোঁটৰ বিজয় সুনিশ্চিত কৰি তুলিছিল। আফ্ৰিকাত জাৰ্মানী আৰু ইটালীৰ পৰাজয়ৰ প্ৰায় লগে লগে মিত্র শক্তিয়ে জার্মানী আৰু ইটালীত তেওঁলোকৰ আক্ৰমণ কেন্দ্ৰীভূত কৰে। ১৯৪৩ চনৰ মে’ মাহত ব্ৰিটিছ ৰাজকীয় বিমান বাহিনী আৰু মিত্রশক্তিয়ে জাৰ্মানীৰ কলন, ইছেন, হামবার্গ, লৰিয়েট, জার্মান অধিকৃত ফ্রান্স আৰু বেলজিয়াম আৰু বার্লিন চহৰত ধাৰাষাৰ বোমা বৰ্ষণ কৰায়।

ইফালে ১৯৪৩ চনৰ জুলাই মাহত মিত্র শক্তিয়ে ৰোমত বোমা বৰ্ষণ কৰায়। সেইদিনা হিটলাৰ আৰু মুছোলিনীয়ে এক আলোচনাত মিলিত হয় যদিও তেওঁলোকে প্রতিপক্ষৰ বিৰুদ্ধে একো কৰিব নোৱাৰিলে। ২৪ জুলাইত ফেচিষ্ট সকলৰ সৰ্বোচ্চ সন্মিলনত মুছোলিনীয়ে আঁঠটা ভোটৰ বিপৰীতে ঊনৈশটা ভোটৰ ব্যৱধানত ক্ষমতাৰপৰা অপসাৰিত হয় আৰু তেওঁক প্রধানমন্ত্ৰীত্বৰ ক্ষমতাৰপৰা অপসাৰিত কৰি মাৰ্ছাল পিয়েট্রো বডোন্নিওক প্রধানমন্ত্রী পতা হয়। ক্ষমতাত অধিষ্ঠিত হৈ বডোন্নিওৱে গোপনে মিত্র বাহিনীৰ সৈতে যা বিৰতিব চুক্তিত স্বাক্ষৰ কৰি চৰ্তবিহীনভাৱে আত্মসমর্পণ কৰে। ১৩ অক্টোৱৰত তেওঁ মিত্র পক্ষৰ হৈ জাৰ্মানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। যুদ্ধৰ শেষত মিত্র শক্তিয়ে ৰোম অধিকাৰ কৰে। ইয়াৰ লগে লগে ইটালীত জার্মানীর পতন ঘটে।

ইতিমধ্যে জার্মান সৈনিকসকলে মুছোলিনীক বন্দীশালৰপৰা মুকলি হোৱাত সহায় কৰি দিছিল। মুক্ত হৈয়ে তেওঁ ঘৈনীয়েক ক্লাট্টো পেটাচ্চীৰ সৈতে ছুইজাৰলেণ্ডৰ পিনে পলাই যাবলৈ চেষ্টা কৰোঁতে ধৰা পৰে। শেষত দুয়োকে ধৰি আনি মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হয় আৰু ১৯৪৫ চনৰ ২৮ এপ্রিল তাৰিখে গুলীয়াই হত্যা কৰা হয়।এইদৰে ইটালীত ফেছিবাদৰ জন্মদাতা মুছোলিনিৰ সৈতে ফেচিবাদৰো অস্ত পৰা দেখা যায়।

ইটালীত মুছোলিনিৰ পতন আৰু ফেচিষ্ট বাহিনীৰ সামৰিক বিপৰ্যয়ৰ লগে লগে ছোভিয়েট লাল ফৌজেও পূর্ব ইউৰোপত জাৰ্মান ফেচিষ্ট বাহিনীৰ বিৰুদ্ধে ক্রমাগতভাৱে বিজয় সাব্যস্ত কৰিছিল।

ইউৰোপৰ পশ্চিম অঞ্চলৰ ৰণাংগণতো ইংগ-মার্কিন সেনাবাহিনীয়ে “অপাৰেচন ওভাৰলৰ্ড” সাংকেতিক নামেৰে নাজি সেনাবাহিনীৰ ওপৰত প্ৰচণ্ড আক্রমণ চলায় আৰু ১৯৪৪ চনৰ ২৫ আগষ্টৰ ভিতৰত নাজিসকলৰ পৰা পেৰী” চহৰ মুক্ত কৰে।৪ চেপ্তেম্বৰত ব্ৰুছেল্‌ছো মুক্ত হয়।১৫ আগষ্টত মিত্র শক্তিৰ এটি সেনাবাহিনীয়ে মধ্য আৰু দক্ষিণ ফ্ৰান্সৰ পৰা নাজিবাহিনীক আঁতৰাই পঠিয়ায়৷১৯৪৫ চনৰ মাৰ্চ মাহত মিত্র বাহিনীয়ে জার্মানীৰ ৰাইন উপত্যকালৈ এবিমান হয়।অৱশেষত ইংগ-মার্কিন আৰু ছোভিয়েট লাল ফৌজৰ আক্ৰমণত নাজি জার্মানীৰ পতন হয়।

৩০ এপ্রিল তাৰিখে নাজিদলৰ নেতা হিটলাৰে আত্মহত্যা কৰে। সেইদৰে গোৱেবলেছে, হিমলাৰ আদিয়েও আত্মহত্যাৰ পথ বাচি লয়। বিশ্বৰ কৌটি কৌটি মানুহৰ জীৱনলৈ দুর্দশা কঢ়িয়াই আনা ফেচিষ্টসকলৰ এইদৰে জীৱন অৱসান ঘটিছিল। জার্মান ফেচিষ্টসকলৰ এইদৰে জীৱন অৱসান হোৱাৰ সময়তে বার্লিন চহৰেও মিত্রপক্ষৰ ওচৰত আত্মসমর্পণ কৰে। অৱশেষত ৭ মে’ তাৰিখে এডমিৰেল কার্ল জেৱেনিজৰ নেতৃত্বত নাজি জার্মানীয়েও মিত্র বাহিনীৰ ওচৰত চর্তহীনভাবে আত্মসমর্পণ কৰে। ইয়াৰ লগে লগে বিশ্ব ইতিহাসৰ এক কলংকিত অধ্যায়ৰ অন্ত পৰে ।

প্রশ্ন ৭। মার্কিন যুক্তৰাষ্ট্ৰই কেনেকৈ জাপানক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাইছিল তাৰ পৰিণতিসহ বিবৃত কৰা।

উত্তৰ :- মার্কিন যুক্তৰাষ্ট্ৰই দ্বিতীয় বিশ্বযুদ্ধত অংশগ্ৰহণ কৰি যিকোনো প্রকাৰে জাপানক পৰাভূত কৰিবলৈ প্ৰচেষ্টা চলায়। ইউৰোপত ফেচিষ্ট বাহিনীক পৰাজয় কৰিবলৈ মার্কিন যুক্তৰাষ্ট্ৰই ব্ৰিটেইন আৰু ফ্ৰান্সক অস্ত্র-শস্ত্ৰৰে সহায় কৰি আহি ছিল। গতিকে যুদ্ধত আমেৰিকাৰ অন্তৰ্ভূক্তিয়ে মিত্রশক্তিৰ যুদ্ধ জয় কৰি তোলে।

জাপানৰ সামৰিক অগ্রগতি ৰোধ কৰিবলৈ মার্কিন যুক্তৰাষ্ট্ৰই প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দুখন ভয়ানক নৌ-যুদ্ধত অৱতীৰ্ণ হৈছিল। প্ৰথমখন হৈছিল ১৯৪২ চনৰ মে’ মাহত অষ্ট্রেলিয়া আৰু ছলোমান দ্বীপপুঞ্জৰ মাজৰ কোৰেল উপসাগৰত।এই যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতত জাপানৰ নৌ-বাহিনী ব্যাপক ৰূপত ক্ষতিগ্রস্ত হয়।দ্বিতীয় যুদ্ধখন সংঘটিত হৈছিল জুন মাহত মধ্য প্রশাস্ত মহাসাগৰৰ মিডওৱে দ্বীপৰ ওচৰত। মুঠতে চাৰি দিন ধৰি চলা এই তয়াময়া যুদ্ধত জাপান বিষমৰূপে পৰাভূত হয়। যুদ্ধত জাপানৰ ৫,০০০ সৈনিক মৃত্যুমুখত পৰাৰ লগতে ৩২২ খন যুঁজাৰু বিমান, চাৰিখন পৰিবহণ জাহাজ আৰু এখন ক্রুইজাৰ সম্পূৰ্ণৰূপে ধ্বংসপ্রাপ্ত হয়।

এই পৰাজয়ৰ পিছত জাপানৰ অগ্ৰগতি ৰুদ্ধ হৈ যায়। ১৯৪৪ জনৰ জুন জুলাই মাহত আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ ওপৰত আক্ৰমণ চলায়। জাপানৰ বিৰুদ্ধে মার্কিন সৈন্যই এইদৰে অগ্রগতি লাভ কৰা দেখি জাপানৰ সম্রাট হিব’হিটোৱে প্রধানমন্ত্রী ট’’জোৰ ওপৰত আস্থা হেৰুৱাই ৯ জুলাইত তেওঁক পদত্যাগ কৰিবলৈ বাধ্য কৰায় আৰু কাইজোক প্রধানমন্ত্রী পাতে। তাৰ পিছতো যুদ্ধত মার্কিন যুক্তৰাষ্ট্ৰৰ অগ্রগতি অব্যাহত থাকে আৰু অক্টোৱৰ মাহত মার্কিন যুক্তৰাষ্ট্ৰৰ জেনেৰেল মেক আৰ্থাৰে ফিলিপাইন দখল কৰে।তেওঁ নৱেম্বৰ মাহত জাপানৰ হনছিও দ্বীপটো দখল কৰি ১৯৪৫ চনৰ ফেব্ৰুৱাৰী মাহত মেনিলা অধিকাৰ কৰে।১৯৪৫ চনৰ ৯ মাৰ্চত বোমাৰু বিমানেৰে মার্কিন যুক্তৰাষ্ট্ৰই কৰা আক্ৰমণত টকিঅ’ চহৰৰ প্ৰায় ১৫ বর্গমাইলৰ এলেকা এটি সম্পূৰ্ণৰূপে ধ্বংসপ্রাপ্ত হয়। এই আক্রমণত বহুতো লোক হতাহত হোৱাৰ উপৰিও গৃহহীনো হয়।

এপ্রিল মাহৰ ১ তাৰিখে আমেৰিকাৰ দশম সেনাবাহিনীটোৱে আকিনাৱা দ্বীপত উপনীত হোৱাৰ লগে লগে জাপানত কিছু ৰাজনৈতিক পৰিৱৰ্তন হোৱা দেখা যায়। এই ঘটনাৰ ফলত প্রধানমন্ত্রী কাইজোৱে পদত্যাগ কৰে আৰু এডমিৰেল ছুজুকীক প্রধানমন্ত্রী পদত অধিষ্ঠিত কৰা হয়।

ইফালে ১৯৪৩ চনৰ আগষ্ট মাহত জাপানৰ বিৰুদ্ধে যুদ্ধ পৰিচালনা কৰাৰ বাবে ব্ৰিটিছ এডমিৰেল লর্ড লুই মাউণ্টবেটেনৰ নেতৃত্বত দক্ষিণ-পূর্ব এছিয়া কামাণ্ড গঠন কৰা হয়। এই কামাণ্ডৰ অধীনত মিত্র পক্ষই ১৯৪৩-৪৫ চনৰ ভিতৰত ব্ৰহ্মদেশ, মালয়, ছিংগাপুৰ আৰু চীনত জাপানী সৈন্যক বিপর্যস্ত কৰি -তোলে।

এই সময়তে জার্মানীত পট্‌ছডাম সম্মিলন অনুষ্ঠিত হয়।১৯৪৫ চনৰ ১৭ জুলাইত অনুষ্ঠিত এই শীৰ্ষ সম্মিলনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেছিডেণ্ট হেৰি. এছ. ট্রুমেন, ব্ৰিটিছ প্রধানমন্ত্ৰী এট্‌লি আৰু চীনৰ জাতীয়তাবাদী নেতা উপস্থিত আছিল। এই নেতাসকলে জাপানক হয়তো আত্মসমর্পণ কৰিব নাইবা নিশ্চিত ধ্বংসৰ বাবে সাজু হ’বলৈ সতৰ্ক কৰি দিছিল।

ইতিমধ্যে ইউৰোপৰ ৰণাংগণত ছোভিয়েট ৰাচিয়াৰ অগ্ৰগতিয়ে ব্ৰিটেইনৰ ভুর্তপূর্ব প্রধানমন্ত্রী উইন্‌ষ্টন ছাৰ্চিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেচিডেণ্ট হেৰী এছ. ট্রুমেনক চিন্তিত কৰি তুলিছিল।প্রশান্ত মহাসাগৰীয় অঞ্চলতো ছোভিয়েটৰ ভূমিকাই ট্রুমেনক যথেষ্ট শংকিত কৰি তুলিছিল। গতিকে সেই অঞ্চলত ছোভিয়েট ৰাচিয়াই বিশেষ একো কৰিবলৈ পাওতেই যুদ্ধৰ গতিধাৰা নিজৰ নিয়ন্ত্ৰণত ৰাখিবৰ বাবে মার্কিন প্রেছিডেণ্ট ট্রুমেনে জাপানৰ হিবোচিমা আৰু নাগাচাকি নামে দুখন চহৰত আণৱিক বোমা নিক্ষেপ কৰোৱাই হাজাৰ হাজাৰ লোকক নিহত কৰাৰ লগতে দুয়োখন চহৰ প্ৰায় ধ্বংসস্তূপত পৰিণত হয়।

এই পাশৱিক ঘটনাৰ পিছতে জাপানী সৈন্যই দক্ষিণ-পূর্ব এছিয়া, চীন আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলৰ বিভিন্ন ঠাইত মিত্ৰ পক্ষৰ ওচৰত আত্মসমর্পণ কৰে।১৯৪৫ চনৰ ১৫ আগষ্টৰ দিনা দক্ষিণ-পূৱ এছিয়াত জাপানী সৈন্যই এডমিবেল লর্ড মাউণ্টবেটেনৰ ওচৰত আত্মসমর্পণ কৰে। সেইদৰে জাপানী সৈন্যই মাঞ্চুৰিয়াত ছোভিয়েট লাল ফৌজৰ ওচৰত আৰু চীনত ছিয়াং কাই-ছেক আৰু চীনা কমিউনিষ্টসকলৰ ওচৰত আত্মসমর্পণ কৰে।সর্বশেষত জাপানী সৈন্যই ২ ছেপ্তেম্বৰ তাৰিখে চৰ্তবিহীনভাৱে ট’কিঅ উপসাগৰত মিছৌৰী নামে মার্কিন যুদ্ধ জাহাজত জেনেৰেল ডাগলাছ মেক আৰ্থাৰৰ ওচৰত আত্মসমর্পণ কৰে। ইয়াৰ লগে লগে দ্বিতীয় বিশ্বযুদ্ধ আনুষ্ঠানিকভাৱে সমাপ্তি ঘটা দেখা যায়। 

প্রশ্ন ৮। দ্বিতীয় বিশ্বযুদ্ধৰ তৎক্ষণিক পৰিণতি কি আছিল আলোচনা কৰা।

উত্তৰ :- দ্বিতীয় বিশ্বযুদ্ধৰ তৎক্ষণিক পৰিণতিৰ বিষয়ে আলোচনা কৰা হ’ল। এই যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্র প্রত্যক্ষভাৱে আক্ৰাস্ত হোৱা নাছিল। আনহাতে এই সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰ যুদ্ধৰ অস্ত্রশস্ত্ৰ নিৰ্মাণৰ এক বিশাল কাৰখানালৈ পৰিৱৰ্তিত হৈছিল। মিত্ৰ পক্ষই এই অস্ত্র-শস্ত্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ক্ৰয় কৰি নিছিল।গতিকে যুদ্ধৰ পৰৱৰ্তীকালছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অর্থনৈতিক অৱস্থা টনকিয়াল হৈ ৰৈছিল আৰু এই দেশ বিভিন্ন দেশক অর্থনৈতিক পুনৰ গঠনৰ বাবে বিপুল পৰিমাণৰ অৰ্থৰ যোগান ধৰিব পাৰিছিল। ফলত এই দেশ বিশ্বৰ অন্যতম বৃহৎ শক্তিত পৰিণত হ’ব পাৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপৰিও কানাডা আৰু দক্ষিণ আমেৰিকাৰ দেশসমূহো যুদ্ধৰদ্বাৰা অর্থনৈতিকভাৱে লাভাম্বিত হৈছিল। আনহাতে উপর্যুপৰি সংঘটিত হোৱা জার্মান আক্রমণে ব্রিটেইনৰ অৰ্থনীতি

সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিল। যুদ্ধৰ পূর্বে বিশ্বৰ অর্থনীতিত ইংলেণ্ডৰ যি অৱস্থান আৰু প্রতিপত্তি আছিল, যুদ্ধৰ শেষত তাৰ অৱসান ঘটিছিল। ব্ৰিটেইনৰ উপৰিও ইউৰোপৰ আন আন দেশবোৰৰো অৰ্থনৈতিক অধঃপতন ঘটিছিল। ঘৰ-দুৱাৰ, কল-কাৰখানা, খেতি-পথাৰ সকলো ধ্বংসপ্রাপ্ত হৈ হাজাৰ

হাজাৰ লোক কর্মহীন, গৃহহীন আৰু প্ৰতিপক্ষৰ হাতত যুদ্ধবন্দী হৈ পৰিছিল। ১৯৪৬ চনত ইটালী এখন প্রজাতন্ত্ৰত পৰিণত হৈছিল। যুদ্ধৰ ফলত ইটালীয়ে নিজৰ সকলো উপনিৱেশ হেৰুৱাৰ উপৰিও অর্থনৈতিকভাৱেও দুৰ্বল হৈ পৰিছিল।

এই যুদ্ধৰ দ্বাৰা জাৰ্মানীও অতি ভয়ানকভাৱে ক্ষতিগ্রস্ত হৈছিল। অর্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক সকলো দিশতে ক্ষতিগ্রস্ত এই দেশখন সম্পূর্ণ মুহ্যমান হৈ পৰিছিল। দেশখন দুটা ভাগত বিভক্ত কৰি পূৱফালে ছোভিয়েট ৰাচিয়া আৰু পশ্চিমফালে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড আৰু ফ্রান্সে আধিপত্য স্থাপন কৰিছিল। ছোভিয়েট ৰাচিয়াৰ অধিকৃত অঞ্চলৰ নাম হয় জার্মান গণতান্ত্রিক প্রজাতন্ত্র আৰু অন্য অঞ্চলৰ নাম হয় জার্মান ফেডাৰেল ৰিপাব্লিক।

দ্বিতীয় বিশ্বযুদ্ধৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট বাছিয়া বিশ্বত প্রধান ৰাজনৈতিক শক্তিৰূপে পৰিগণিত হয়। এই দুয়োখন ৰাষ্ট্ৰ দুটা পৃথক আৰু পৰস্পৰবিৰোধী ৰাজনৈতিক মতাদৰ্শত বিশ্বাসী আছিল। এটা পুঁজিবাদী আদর্শত বিশ্বাসী আৰু আনটো সমাজবাদী আদৰ্শত বিশ্বাসী। ইয়াক কেন্দ্ৰ কৰিয়েই বিশ্বৰ দেশসমূহৰ মাজত ৰাজনৈতিক মেৰকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু তাৰ লগে লগে শীতল যুদ্ধৰ আৰম্ভ হৈছিল।

দ্বিতীয় বিশ্বযুদ্ধত জাপানেও যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছিল। ৰাজনৈতিকভাৱে জাপানে তৎকালেই নিজৰ সাৰ্বভৌমত্ব আৰু স্বাধীনতা হেৰুৱাই পেলাইছিল। অৱশেষত জাপানৰ সমৰকৰ্তা তথা ভূতপূর্ব প্রধানমন্ত্রী ট জোসহ অন্যান্য কেইজনমানক যুদ্ধৰ অপৰাধী গণ্য কৰি ফঁচী দি হত্যা কৰা হৈছিল।

১৯৫১ চনত জাপানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছানফ্রাঞ্চিছকো চহৰত বিশ্বৰ ৪৯ খন ৰাষ্ট্ৰৰ সৈতে এটি চুক্তি সম্পাদন কৰি নিজৰ স্বাধীনতা আৰু সার্বভৌমত্ব ওভোটাই পাইছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ ফলত বিশ্বত ঔপনিবেশিকতাবাদ আৰু সাম্রাজ্যবাদৰ অস্ত পৰাৰ প্ৰক্ৰিয়াৰ সূচনা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ ফলত ইংলেণ্ডৰ ৰাজনৈতিক, সামৰিক আৰু অৰ্থনৈতিক শক্তি সামর্থ্য কমি অহাত সেই দেশৰদ্বাৰ৷ পদানত ভাৰতবৰ্ষকে ধৰি বিশ্বৰ বহু দেশক আৰু অধিক কালৰ বাবে নিয়ন্ত্রণ কৰি ৰখাটো অসম্ভৱ হৈ পৰিল। এছিয়া মহাদেশত প্রথমে ফিলিপাইনে ১৯৪৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আৰু ভাৰত আৰু পাকিস্তানে ১৯৪৭ চনত ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰাৰ লগে লগে বিশ্বত সাম্রাজ্যবাদ আৰু ঔপনিৱেশিকতাবাদৰ অস্ত পৰিবলৈ ধৰে। এয়াই হৈছে দ্বিতীয় মহাযুদ্ধৰ স্থায়ী আৰু গুৰুত্বপূৰ্ণ পৰিণতি।

1 thought on “Class 10 History Elective Chapter 4 দ্বিতীয় বিশ্বযুদ্ধ”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top