Class 10 History Elective Chapter 5 ৰাষ্ট্ৰসংঘ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 History Elective Chapter 5 ৰাষ্ট্ৰসংঘ and select need one.
Class 10 History Elective Chapter 5 ৰাষ্ট্ৰসংঘ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 History Elective Chapter 5 ৰাষ্ট্ৰসংঘ Solutions for All Subject, You can practice these here.
ৰাষ্ট্ৰসংঘ
অধ্যায় – ৫
ইতিহাস
পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ
প্রশ্ন ১। তলত দিয়া ঘটনাসমূহৰ চন-তাৰিখ উল্লেখ কৰা।
(ক) জাতিসংঘৰ গঠন
(খ) আটলান্টিক চনদ
(গ) ডাগ হামাৰচিল্ডৰ মৃত্যু
(ঘ) পেট্ৰিছ লুমুম্বাৰ হত্যা
(ঙ) নামিবিয়াৰ স্বাধীনতা প্রাপ্তি
(চ) ইজৰায়েল ‘ৰাষ্ট্ৰৰ সৃষ্টি।
উত্তৰ :- তলত ঘটনাসমূহৰ চন-তাৰিখ উল্লেখ কৰা হল—
| ঘটনা | চন-তাৰিখ |
| (ক) জাতিসংঘৰ গঠন | ১৯২০ চন |
| (খ) আটলান্টিক চনদ | ১৯৪১ চনৰ ১৪ আগষ্টত |
| (গ) ডাগ হামাৰচিল্ডৰ মৃত্যু | ১৯৬১ চনৰ ১৭ চেপ্টেম্বৰত |
| (ঘ) পেট্ৰিছ লুমুম্বাৰ হত্যা | ১৯৬১ চন |
| (ঙ) নামিবিয়াৰ স্বাধীনতা প্রাপ্তি | ১৯৯০ চন |
| (চ) ইজৰায়েল ৰাষ্ট্ৰৰ সৃষ্টি | ১৯৪৮ চনৰ ১৪ মে’ত |
চমু টোকা লিখা
(ক) ৰাষ্ট্ৰসংঘৰ লক্ষ্য আৰু উদ্দেশ্য :
উত্তৰ :- ৰাষ্ট্ৰসংঘৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে সংবিধানৰ প্ৰভাৱনা ১ নং আৰু ২ নং অনুচ্ছেদত বিতং আৰু স্পষ্টভাৱে উল্লেখ কৰা আছে। এই লক্ষ্য আৰু উদ্দেশ্যসমূহ হৈছে—
১। ভৱিষ্যত প্রজন্মক যুদ্ধৰ ধ্বংসলীলাৰপৰা ৰক্ষা কৰা৷
২। বিশ্বত সৰ-বৰ সকলো ৰাষ্ট্ৰৰে পুৰুষ মহিলা নির্বিশেষে সমান অধিকাৰৰ ভিত্তিত সকলো মানুহৰে মৌলিক মানৱীয় অধিকাৰৰ প্ৰতি পুনৰ আস্থা স্থাপন কৰা, কাৰণ ইতিমধ্যে যুদ্ধৰ বিভীষিকাই বাৰে বাৰে এই অধিকাৰ খৰ্ব কৰি আহিছে।
৩। আস্তঃৰাষ্ট্ৰীয় সন্ধি আৰু চুক্তি আদিৰ মাধ্যমত সৃষ্টি হোৱা আন্তঃৰাষ্ট্ৰীয় আইন কানুনে বিশ্ব সম্প্ৰদায়ৰ মাজত আনি দিয়া দায়িত্ববোধৰ প্রতি ন্যায় আৰু সন্মান প্ৰদৰ্শন কৰিবলৈ অনুকূল পৰিৱেশৰ সৃষ্টি কৰা আৰু
৪। বিশ্বত সকলো মানুহৰে মুকলিমুৰীয়া আৰু স্বাভাৱিক জীৱন যাত্ৰাৰ অনুকূলে সামাজিক উন্নয়ন আৰু জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি সাধন কৰা।
(খ) ডাম্বার্টন ওৱাৰ্কছ কনফাৰেঞ্চ :
উত্তৰ :- ১৩৪৩ চনৰ ১ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা তেহৰাণ ঘোষণা নামৰ শীৰ্ষ সন্মিলনখনত ঘোষণা কৰা লক্ষ্য আৰু উদ্দেশ্যসমূহক কার্যত ৰূপায়ণ কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, চীন আৰু ছোভিয়েট ৰাচিয়াৰ প্রতিনিধিসকলে ১৯৪৪ চনৰ আগষ্ট – অক্টোবৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওৱাছিংটন চহৰত এখন শীৰ্ষ সন্মিলনত মিলিত হৈছিল। এই সন্মিলনখন বহিছিল ডাম্বাৰ্টন ওৱাৰ্কছ নামৰ এটি বিশাল অট্টালিকাত। সেইবাবে অট্টালিকাটোৰ নাম অনুসৰি সন্মিলনখন ডাম্বাৰ্টন ওৱাৰ্কছ্ কনফাৰেঞ্চ বুলি কোৱা হয়। এই সন্মিলনতেই পোন প্রথমে প্রস্তাৱিত আন্তঃৰাষ্ট্ৰীয় সংগঠনটোৰ নাম ৰাষ্ট্ৰসংঘ বাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল আৰু ইয়াতেই ৰাষ্ট্ৰসংঘৰ সাংগঠনিক ৰূপৰেখা তৈয়াৰ কৰা হয় ।
এই সন্মিলনব সিদ্ধান্তমৰ্মে ৰাষ্ট্ৰসংঘৰ মূল চাবিকাঠি বিশ্বৰ পাঁচখন বৃহৎ ৰাষ্ট্ৰৰ প্ৰতিনিধিৰে গঠিত নিৰাপত্তা পৰিষদৰ হাতত ন্যস্ত কৰা হয়। এই পাঁচখন ৰাষ্ট্ৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্র, ব্রিটেইন, ফ্রান্স, ৰাচিয়া আৰু চীন। এই সন্মিলনতেই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু নিৰাপত্তা পৰিষদৰ মাজত ক্ষমতা আৰু অধিকাৰৰ পৃথকীকৰণ কৰা হয়। নিৰাপত্তা পৰিষদৰ মুঠ সদস্য পূর্বতে ১১ খন ৰাষ্ট্ৰ বুলি নিৰ্ধাৰণ কৰা হৈছিল যদিও পৰৱৰ্তী কালত ইয়াত ১৫ খনলৈ বৃদ্ধি কৰা হয়।
(গ) ছান ফ্রান্সিস্কো কনফাৰেঞ্চ :
উত্তৰ :- ৰাষ্ট্ৰসংঘৰ গঠনৰ অভিপ্রায়েৰে বিশ্বৰ জাতিসমূহৰ মাজত অনুষ্ঠিত হোৱা সৰ্ববৃহৎ আৰু সৰ্বশেষ সন্মিলনখন হৈছে ছানফ্রাঞ্চিছকো সন্মিলন। এই সন্মিলনত বিশ্বৰ ৫১ খন ৰাষ্ট্ৰৰ মুঠ ২৬০ জন প্রতিনিধিয়ে অংশগ্রহণ কৰিছিল৷ এই সন্মিলনৰ সভাপতি আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব এডৱার্ড ষ্টেটিনাছ। এই সন্মিলনখন ১৯৪৫ চনৰ ২৬ এপ্রিলত ছানফ্রানিচছকো থিয়েটাৰ হলত অনুষ্ঠিত হৈছিল।
এই সন্মিলনত ৰাষ্ট্ৰসংঘৰ বিস্তৃত আৰু খাটাং সাংগঠনিক ৰূপ দিয়াৰ লগতে সংবিধানো প্রস্তুত কৰা হৈছিল। এই সংবিধানত ১৯৪৫ চনৰ ২৬ জুন তাৰিখে সন্মিলন প্রতিনিধিত্ব কৰা ৫১ খন ৰাষ্ট্ৰৰ প্রতিনিধিয়ে স্বাক্ষৰ দান কৰিছিল। পিছত ইয়াৰ স্থায়ী সদস্য ৰাষ্ট্ৰ আৰু স্বাক্ষৰ দানকাৰী অন্যান্য ৰাষ্ট্ৰসমূহৰ গৰিষ্ঠ সংখ্যক চৰকাৰে এই সংবিধানৰ প্রতি আনুষ্ঠানিকভাৱে অনুমোদন জনোৱাত এই সংবিধানখন সেই বছৰৰে ২৪ অক্টোৱৰ তাৰিখৰপৰা কাৰ্যকৰী কৰা হয়। ৰাষ্ট্ৰসংঘৰ সংবিধানখন মূলতঃ এটি বহুজাতীয় চুক্তি। ই ৰাষ্ট্ৰসংঘৰ মৌলিক আইন হোৱাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় আইনৰো ভিত্তিমূল। ইয়াত সদস্য ৰাষ্ট্ৰসমূহৰ কৰ্তব্য আৰু দায়িত্বৰ কথা বিস্তৃতভাৱে উল্লেখ কৰা হৈছে।
(ঘ) ৰাষ্ট্ৰসংঘৰ সচিব প্রধান :
উত্তৰ :- ৰাষ্ট্ৰসংঘৰ সংবিধানৰ ৯৭ নং অনুচ্ছেদত উল্লেখ কৰা মতে নিৰাপত্তা পৰিষদৰ পৰামৰ্শমতে সাধাৰণ পৰিষদে ৰাষ্ট্ৰসংঘৰ সচিব প্রধানক নিযুক্তি দিয়ে। ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ সমুদায় দায়িত্ব সচিব প্রধান গ্ৰহণ কৰে। তেওঁ ৰাষ্ট্ৰসংঘৰ প্রধান প্রশাসনিক বিষয়া।সচিব প্রধানৰ নিয়ন্ত্রণত থকা এক কর্মী বাহিনীয়ে ৰাষ্ট্ৰসংঘৰ সমূহ কাম-কাজ নিয়ন্ত্রণ কৰে।
সচিব প্রধানক তেওঁৰ দৈনন্দিন কাম-কাজত সহায় কৰিবৰ বাবে সচিবালয়ক কেইবাটাও প্রধান শাখাত ভাগ কৰা হৈছে আৰু প্ৰতিটো শাখাতে শাখা মুৰব্বীৰূপে একোজনকৈ আৱৰ-সচিব প্রধান, তলত এজনকৈ সহায়ক সচিব প্রধান নিযুক্তি দিয়া হয়। ইয়াৰ উপৰি বিভিন্ন আয়োগৰ মুৰব্বী হিচাপে একোজনকৈ সঞ্চালন প্রধানে কার্যভাব পৰিচালনা কৰে।
সচিব প্রধানজন ৰাষ্ট্ৰসংঘৰ বাৰ্ষিক বাজেট প্রস্তুত কৰাৰ বাবে দায়বদ্ধ। তেওঁ ৰাষ্ট্ৰসংঘৰ সকলো কামৰে অধিকাৰী। বর্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্রধান গৰাকীৰ নাম হৈছে বান কি-মুন।
(ঙ) ৰাষ্ট্ৰসংঘৰ পুঁজি :
উত্তৰ :- ৰাষ্ট্ৰসংঘৰ আৰু ইয়াৰ বিভিন্ন সংগঠনৰ কাম-কাজ পৰিচালনা কৰাৰ বাবে এক বৃহৎ পৰিমাণৰ পুঁজিৰ প্ৰয়োজন হয়।এই পুঁজি ডলাৰৰ হিচাপত বছৰি প্ৰায় ৬ বিলিয়ন মার্কিন ডলাৰ, ৰাষ্ট্ৰসংঘৰ পুঁজিৰ এক-তৃতীয়াংশ সদস্য ৰাষ্ট্ৰসমূহৰপৰা বাধ্যতামূলক বৰঙণি হিচাপে সংগ্ৰহ কৰা হয়। বাকী দুই-তৃতীয়াংশ স্বেচ্ছামূলক অনুদানৰপৰা গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰসংঘৰ মুঠ বাজেটৰ চাৰি-পঞ্চমাংশ ২০ খন ৰাষ্ট্ৰ যোগান ধৰে। সেই ৰাষ্ট্ৰকেইখন হ’ল–আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্রিটেইন, ফ্রান্স, কানাডা, বাচিয়া, ইটালী, জার্মানী, জাপান, ছুইডেন, বেলজিয়াম, নেডাৰলেণ্ড, ফিন্লেণ্ড, লিবিয়া, স্পেইন, অস্ট্রিয়া আৰু অন্যান্য। আমেৰিকা যুক্তৰাষ্ট্ৰই আটাইতকৈ বেছি অৰ্থৰ যোগান ধৰে। এই পৰিমাণ মুঠ বাজেটৰ প্রায় ২৫ শতাংশ। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু জার্মানীয়ে একত্রে যোগান ধৰা পুঁজিৰ পৰিমাণ হ’ল মুঠ বাজেটৰ ৩০ শতাংশ। ইফালে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ৮০ খনতকৈ অধিক ৰাষ্ট্ৰই যোগান ধৰে মাত্র ০.০১ শতাংশ। এইদৰে বিভিন্ন ৰাষ্ট্ৰৰ সহযোগত ৰাষ্ট্ৰসংঘৰ পুঁজি সংগ্ৰহ কৰা হয়।
(চ) কংগোৰ সমস্যা :
উত্তৰ :- কংগো বেলজিয়ামৰ উপনিৱেশ আছিল।১৯৬০ চনৰ ৩০ জুন তাৰিখে ই বেলজিয়ামৰপৰা স্বাধীনতা লাভ কৰে।কিন্তু স্বাধীনতা লাভ কৰাৰ লগে লগে ইয়াত প্রায় গৃহযুদ্ধ সদৃশ পৰিস্থিতিয়ে দেখা দিয়ে। স্বাধীনতাৰ আঁচনি মতে কাছাভাবুৱে কংগোৰ প্ৰেচিডেণ্ট আৰু পেট্ৰিছ লুমুম্বাই প্রধানমন্ত্রী হিচাপে লিওপল্ডভিলাক ৰাজধানী ৰূপে লৈ ইয়াৰ শাসনভাৰ চলোৱাৰ কথা আছিল; এনেতে জুলাই মাহৰ আৰম্ভণিৰেপৰা দেশীয় সেনাবাহিনীয়ে বেলজিয়াম সামৰিক বিষয়াসকলৰ বিৰুদ্ধে এক সামৰিক বিদ্রোহ সংঘটিত কৰে।আনহাতে বেলজিয়ামৰ সামৰিক সাহায্য লাভ কৰি টচ্ছুম্বে নামে আন এক বেলজিয়াম ৰাজনৈতিক নেতাই খনিজ সম্পদেৰে পৰিপূৰ্ণ কংগোৰপৰা উটাংগা নামে প্ৰদেশখন পৃথকীকৰণৰ বাবে এক আন্দোলনৰ সূচনা কৰি কংগোৰ ৰাজনৈতিক অচলাৱস্থাৰ সৃষ্টি কৰা।
১২ জুলাইত কংগোৰ নতুন চৰকাৰে ৰাষ্ট্ৰসংঘৰ ওচৰত কংগোত বৈদেশিক সামৰিক হস্তক্ষেপৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।নিৰাপত্তা পৰিষদে অতি সোনকালে তাত সামৰিক হস্তক্ষেপ কৰে আৰু বৈদেশিক সামৰিক বাহিনীক তাৰপৰা আঁতৰি যাবলৈ নির্দেশ দিয়ে। এনে অৱস্থাতে কংগোৰ প্রধানমন্ত্রী পেট্ৰিছ লুমুম্বাক আততায়ীয়ে হত্যা কৰে।এই ঘটনাৰ ফলত কংগোত ৰাষ্ট্ৰসংঘৰ সৈন্যবল আৰু বৃদ্ধি পায়।কংগোৰ সমস্যাৰ সমাধান সূত্ৰ উলিয়াবলৈ গৈ ৰাষ্ট্ৰসংঘৰ সেই সময়ৰ সচিব প্রধান ডাগ হামাৰশ্বিল্ড নাডালাত বিমান দুর্ঘটনাত পতিত হৈ ১৯৬১ চনৰ ১৭ চেপ্টেম্বৰ তাৰিখে মৃত্যুমুখত পৰে৷
অৱশেষত ৰাষ্ট্ৰসংঘৰ মধ্যস্থতা আৰু চেষ্টাত ১৯৬৩ চনৰ ফেব্ৰুৱাৰী মাহত কাটাংগাক পুনৰ কংগোৰ অৱশিষ্ট অংশৰ সৈতে সংলগ্ন কৰি কংগোৰ সমস্যা সমাধান কৰা হয়।
(ছ) নামিবিয়াৰ সমস্যা :
উত্তৰ :- নামিবিয়া দক্ষিণ আফ্ৰিকাৰ পদানত হৈ থকা এখন দেশ আছিল।ই প্রায় ৭০ বছৰ কাল দক্ষিণ আফ্ৰিকাৰ পদানত আছিল আৰু ইয়াৰ জনসাধাৰণে অতি দুখ-কষ্টৰ মাজেৰে শাস্তি, স্বাধীনতা, নিৰাপত্তা আৰু গণতন্ত্ৰৰ বাবে সংগ্রাম কৰি আহিছিল।প্রথমে জাতিসংঘ আৰু পিছত ৰাষ্ট্ৰসংঘৰ উদ্যোগত আৰু মধ্যস্থতাত ১৯৯০ চনৰ ২১ মাৰ্চত নামিবিয়াত দক্ষিণ আফ্ৰিকাৰ ৰাজনৈতিক আধিপত্যৰ অন্ত পৰে। ইয়াৰ লগে লগে নামিবিয়া আফ্রিকা তথা বিশ্বৰ অন্যতম স্বাধীন ৰাষ্ট্ৰৰূপে পৰিগণিত হয়। সেইদিনাখনেই ৰাষ্ট্ৰসংঘৰ সচিব প্রধান জেভিয়াৰ পেৰেজ ডা-কুৱেলাৰে চাম নাজুমাক নামিবিয়াৰ প্ৰেছিডেণ্টৰূপে শপত গ্ৰহণ কৰায়।
ৰচনাধর্মী প্রশ্ন
প্রশ্ন ১। ৰাষ্ট্ৰসংঘৰ সাংগঠনিক ৰূপৰেখাৰ ওপৰত এটি চমু টোকা লিখা।
উত্তৰ :- দ্বিতীয় বিশ্বযুদ্ধ চলি থকা সময়ত ১৯৪১ চনৰপৰা বিশ্বত যুদ্ধ পৰিৱৰ্তে শান্তি প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰাৰ ফলশ্রুতিতে ৰাষ্ট্ৰসংঘৰ জন্ম হয় ৰাষ্ট্ৰসংঘই সাংগঠনিক ৰূপ পোৱাৰ আগতে এনে ধৰণৰ এটি সংগঠন গঢ়ি তোলাৰ বাবে বিশ্বৰ প্ৰধান দেশসমূহৰ কেবালানিত আলোচনা কেবাখনে.. আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হৈছিল।এইবোৰৰ বিষয়ে তলত আলোচনা কৰ হ’ল।
লণ্ডন ঘোষণা পত্র :- জুন, ১৯৪১ চন : বিশ্বযুদ্ধৰ ধ্বংসাত্মক প্ৰৱণত আৰু সেই প্ৰৱণতাই সৃষ্টি কৰা ভয়াবহ পৰিস্থিতিৰপৰা পৰিত্ৰাণ পাবলৈ এব নতুন আস্তঃৰাষ্ট্ৰীয় সংগঠন গঢ়ি তুলিবলৈ পোনতে লণ্ডনত অনুষ্ঠিত এক বহুদেশীয় সন্মিলনত প্রচেষ্টা চলোৱা হয়।বিভিন্ন দেশৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই সম্মিলনত এখন ঘোষণা পত্ৰ গ্ৰহণ কৰা হৈছিল। এই ঘোষণা পত্ৰৰ দ্বাৰ: যুদ্ধৰত দেশসমূহৰ মাজত পৃথক পৃথক সন্ধি চুক্তি স্বাক্ষৰ কৰাতকৈ যুদ্ধৰ সামৰণি পেলাৱলৈ সকলো ৰাষ্ট্ৰৰে গ্রহণযোগ্য সামূহিক সন্ধি চুক্তি স্বাক্ষৰ কৰাৰ পোষকত৷কৰা হৈছিল। ইয়াৰ লগতে বিশ্বৰ দেশসমূহৰ পাৰস্পৰিক সহযোগিতাৰে স্থায়ী শান্তি প্রতিষ্ঠা কৰিবলৈ পোষকতা কৰা হৈছিল।১৯৪১ চনত গ্ৰহণ কৰা এই ঘোষণা পত্রক লণ্ডন ঘোষণা পত্র বুলি কোৱা হয়।
আটলান্টিক চনদ :- আগষ্ট, ১৯৪১ চন : ১৯৪১ চনৰ আগষ্ট মাহৰ ১৪ তাৰিখে আটলান্টিক মহাসাগৰৰ বুকুত “প্রিন্স অৱ ওৱেলছ” নামে জাহাজত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেছিডেণ্ট ফ্ৰেংকলিন ডি বচভেণ্ট আৰু ব্ৰিটিছ প্রধানমন্ত্রী উইলছন ছাৰ্চিলৰ মাজত এক ঘোষণা পত্র স্বাক্ষৰিত হৈছিল। তাকেই আটলাণ্টিক চনদ বুলি কোৱা হয়।এই ঘোষণা পত্ৰৰদ্বাৰা যিকোনো দেশৰ দ্বাৰাই ৰাজ্য বিস্তাৰ কৰাৰ বিৰোধিতা কৰা, আক্ৰমণৰ বিপৰীতে নিৰাপত্তাৰ ব্যৱস্থা কৰা, নিজ নিজ দেশৰ মানুহক তেওঁলোকৰ পছন্দৰ চৰকাৰ গঠন কৰিবলৈ সুবিধা দিয়া আৰু বিশ্বৰপৰা যুদ্ধৰ বিভীষিকা আঁতৰ কৰা আদি নীতিৰ কথা উল্লেখ কৰা হৈছিল।
ৰাষ্ট্ৰসংঘৰ ঘোষণা পত্ৰ :- ১ জানুৱাৰী, ১৯৪২ চন : ১৯৪২ চনৰ জানুৱাৰী মাহৰ ১ তাৰিখে বিশ্বৰ ২৬ খন দেশৰ এখন প্রতিনিধিত্বমূলক আন্তঃৰাষ্ট্ৰীয় সন্মিলন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওৱাছিংটনত অনুষ্ঠিত হয়। ইয়াতেই বাষ্ট্ৰসংঘৰ ঘোষণাপত্র নামে এখন ঘোষণা পত্ৰত স্বাক্ষৰ কৰি ৰাষ্ট্ৰসংঘ নামৰ সংগঠনটো গঢ়ি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰা হয়। এই সন্মিলনতেই •আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেচিডেণ্ট বচভেন্টে প্রস্তাৱিত সংগঠনটোৰ নাম হিচাপে উল্লেখ কৰা ৰাষ্ট্ৰসংঘ শব্দটো সাধাৰণভাৱে গ্ৰহণ কৰা হয়।
কাছাব্রাংকা সম্মিলন :- ১৪২৪ জানুৱাৰী, ১৯৪৩ চন : ১৯৪৩ চনৰ ১৪–২৪ জানুৱাৰী তাৰিখে ফৰাচী অধিকৃত মৰক্কোৰ কাছাব্লাংকা চহৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেচিডেণ্ট ৰুচভেন্টে আৰু ব্ৰিটিছ প্রধানমন্ত্রী ছাৰ্চিলৰ মাজত অনুষ্ঠিত হোৱা এক সন্মিলনত ৰাষ্ট্ৰসংঘৰ গঠন ক্ষেত্ৰত অন্য এক পদক্ষেপ গ্ৰহণ কৰা হয়। ইয়াত প্রস্তাৱিত নতুন সংগঠনটিত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বৃটেইনে কি ভূমিকা ল’ব সেই বিষয়ে আলোচনা কৰা হয়।
মস্কো ঘোষণা পত্র :- ৩০ অক্টোবৰ, ১৯৪৩ চন : ১৯৪৩ চনৰ ৩০ অক্টোবৰ তাৰিখে মস্কোেত ছোভিয়েট বাচিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু থ্রি ইনৰ বৈদেশিক মন্ত্রীসকলৰ মাজত এখন সন্মিলন অনুষ্ঠিত হয়। এই সম্মিলনত তেওঁলোকে বিশ্বৰ সকলো শান্তিপ্রিয় আৰু সার্বভৌম ৰাষ্ট্রৰ সমানাধিকাৰৰ ভিত্তিত অনতিপলমে এটি আন্তঃৰাষ্ট্ৰীয় সংগঠন গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। এই ঘোষণা পত্রক মস্কো ঘোষণা পত্র বুলি কোৱা হয়।
তেহৰাণ ঘোষণাপত্র :- ১ ডিচেম্বৰ, ১৯৪৩ চন : ১৯৪৩ চনৰ ১ ডিচেম্বৰ তাৰিখে ইৰাণৰ ৰাজধানী তেহৰাণত কজভেণ্ট, উইনষ্টন ছাৰ্চিল আৰু ষ্টেলিনৰ মাজত এখন শীর্ষ সম্মিলন অনুষ্ঠিত হয়। ইয়াত স্বাক্ষবিত ঘোষণা পত্ৰক তেহৰাণ ঘোষণা পত্ৰ বুলি কোৱা হয়। এই সন্মিলনত বিশ্বত স্থায়ী শাস্তি আৰু নিৰাপত্তা স্থাপনৰ বাবে ৰাষ্ট্ৰসংঘ গঠনৰ কথা পুনৰ দোহাৰা হয় আৰু যুদ্ধৰ বিভীষিকা আৰু ত্ৰাসৰপৰা বিশ্বজনতাক মুক্ত কৰাৰ সংকল্পৰ প্রতি দৃঢ় মত পোষণ কৰা হয়।
ডাম্বাৰ্টন ওৱাৰ্কছ সন্মিলন :- আগষ্ট-অক্টোবৰ, ১৯৪৪ চন : বিভিন্ন সন্মিলনত ঘোষণা কৰা লক্ষ্য আৰু উদ্দেশ্যসমূহক কাৰ্যত ৰূপায়ণ কৰিবলৈ উক্ত বাষ্ট্ৰৰ প্রতিনিধিসকলে ১৯৪৪ চনৰ আগষ্ট-অক্টোবৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওৱাছিংটনত এখন শীর্ষ সন্মিলনত মিলিত হয়। এই সন্মিলনখন অনুষ্ঠিত হোৱা ডাম্বাৰ্টন ওৱাৰ্কছ নামৰ বিশাল অট্টালিকাটোৰ নাম অনুসৰি সন্মিলনখন ডাম্বার্টন ওৱাৰ্কছ সন্মিলন বুলি কোৱা হয়। এই সন্মিলনতেই পোন প্ৰথমবাৰৰ বাবে প্রস্তাৱিত আস্তঃৰাষ্ট্ৰীয় সংগঠনটোৰ নাম ৰাষ্ট্ৰসংঘ ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু তাতেই ইয়াৰ সাংগঠনিক ৰূপৰেখা তৈয়াৰ কৰা হয়।
মাল্টা সম্মিলন :- ফেব্ৰুৱাৰী, ১৯৪৫ চন : ১৯৪৫ চনৰ ফেব্ৰুৱাৰী মাহত ছোভিয়েট ৰাচিয়াৰ য়াণ্টাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেছিডেন্ট বচভেণ্ট, ব্ৰিটেইনৰ প্রধানমন্ত্রী ছাৰ্চিল আৰু ৰাচিয়াৰ ৰাষ্ট্রপ্রধান ষ্টেলিনৰ মাজত এক শীর্ষ সন্মিলন অনুষ্ঠিত হয়।এই সন্মিলনক য়াণ্টা সম্মিলন বুলি কোৱা হয়।এই সন্মিলনত ডাম্বাৰ্টন ওৱাৰ্কছ সন্মিলনত সমাধা কৰিব নোৱাৰা কিছুমান জটিল সমস্যাৰ বিষয়ে আলোচনা কৰা হয়।
ছানফ্রাঞ্চিছকো সম্মিলন :- এপ্রিল-জুন, ১৯৪৫ চন: ৰাষ্ট্ৰসংঘ গঠনৰ অভিপ্রায়েৰে অনুষ্ঠিত হোৱা সর্ববৃহৎ আৰু বিশেষ সম্মিলনখন হৈছে ছানফ্রাঞ্চিছকো সন্মিলন।এই সন্মিলনত বিশ্বৰ ৫১ খন ৰাষ্ট্ৰৰ মুঠ ২৬০ জন প্রতিনিধিয়ে অংশগ্রহণ কৰিছিল।১৯৪৫ টনৰ ২৬ এপ্রিল তাৰিখে ছানফ্রাঞ্ছিকো থিয়েটাৰ হলত অনুষ্ঠিত হোৱা বাবে এই সন্মিলনক ছানফ্রাঞ্চিছ্কো সন্মিলন বুলি কোৱা হয়।
এই সন্মিলনত ইতিপূর্বে অনুষ্ঠিত হোৱা শীর্ষ সন্মিলনবিলাকত গৃহীত প্ৰস্তাৱ ঘোষণাপত্র আৰু সিদ্ধান্তসমূহৰ ওপৰত বিতংভাৱে আলোচনা কবি প্রস্তাৱিত ৰাষ্ট্ৰসংঘৰ বিস্তৃত আৰু খাটাং সাংগঠনিক ৰূপ দিয়াৰ লগতে সংবিধানো প্রস্তুত কৰা হৈছিল। এই সংবিধানত ৫১ জন ৰাষ্ট্ৰৰ প্রতিনিধিয়ে স্বাক্ষৰ দান কৰাৰ লগতে এই সংবিধানৰ প্রতি আনুষ্ঠানিকভাৱে অনুমোদন জনোৱা হয় আৰু সেই বছবৰ ২৪ অক্টোবৰৰ পৰা ইয়াক কাৰ্যকৰী কৰা হয়।এইদৰে দীৰ্ঘদিনৰ প্ৰচেষ্টাৰ অন্তত ৰাষ্ট্ৰসংঘ নামৰ অনুষ্ঠানটিয়ে জন্ম লাভ কৰে।
প্রশ্ন ২। নিৰাপত্তা পৰিষদৰ গঠন প্রণালী সম্পর্কে আলোচনা কৰা।
উত্তৰ :- নিৰাপত্তা পৰিষদৰ গঠন প্রণালী সম্পর্কে ৰাষ্ট্ৰসংঘৰ পঞ্চম অধ্যায়ব অনুচ্ছেদ নং ২৩ ৰ পৰা ৩২ৰ ভিতৰত উল্লেখ আছে। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য বাষ্ট্ৰৰ সংখ্যা ৫ খন। সেই কেইখন হ’ল চীন, ৰাচিয়া, ফ্রান্স, ব্রিটেইন, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। স্থায়ী সদস্য ৰাষ্ট্রৰ উপৰিও আন সদস্য ৰাষ্ট্ৰ হৈছে ৬ খন। এই কেইখন সদস্য ৰাষ্ট্ৰক সাধাৰণ পৰিষদে দুবছৰীয়া কাৰ্যকালৰ বাবে মনোনীত কৰে। বর্তমান স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা একে থাকিলেও ১৯৭১ চনৰ ২৩ নৱেম্বৰত অন্যান্য ৰাষ্ট্ৰৰ সংখ্যা ১১ খনৰপৰা ১৫ খনলৈ বৃদ্ধি কৰা হৈছে। নৰাপত্তা পৰিষদৰ সভা সঘনে অনুষ্ঠিত হয়।
ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাম-কাজ নিয়াৰিকৈ সম্পন্ন কৰিবৰ বাবে ছয়টা প্রধান অংগ আছে। সেই অংগকেইটা হৈছে—
(ক) নিৰাপত্তা পৰিষদ (Security Council)
(খ) সাধাৰণ সভা (General Assembly)
(গ) অর্থনৈতিক আৰু সামাজিক পৰিষদ (Economic and Social Council)
(ঘ) আন্তর্জাতিক ন্যায়ালয় (International Court of Justice ) (ঙ) ন্যাসৰক্ষী পৰিষদ (Trusteeship Council) আৰু
(ঢ) সচিবালয় (Secretariat) |
তলত দিয়া ‘নিৰাপা পৰিষদ’ আৰু ‘সাধাৰণ সভা’ৰ গঠন প্ৰণালী আৰু ক্ষমতাৰ বিষয়ে ব্যাখ্যা কৰা হ’ল।
‘নিৰাপা পৰিষদ’ হৈছে ৰাষ্ট্ৰসংঘৰ এটা প্রধান অংগ। নিৰাপত্তা পৰিষদে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাত মূল দায়ৱদ্ধতা বহন কৰে। আৰম্ভণিতে নিৰাপত্তা পৰিষদৰ সদস্য সংখ্যা আছিল এঘাৰ জন, পিছলৈ ১৯৬৫ চনৰপৰা সদস্য সংখ্যা ১৫ জনলৈ বৃদ্ধি কৰা হয়। নিৰাপত্তা পৰিষদত দুই ধৰণৰ সদস্য পাকে–স্থায়ী সদস্য ৰাষ্ট্ৰ আৰু অস্থায়ী সদস্য ৰাষ্ট্ৰ। স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখন হৈছে—আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাচিয়া, ফ্রান্স, ইংলেণ্ড আৰু চীনদেশ। নিৰাপত্তা পৰিষদৰ আন ১০ গৰাকী সদস্যক সাধাৰণ সভাই দুই বছৰৰ কাৰণে নিৰ্বাচিত কৰে। প্রত্যেক সদস্য ৰাষ্ট্ৰৰ এটাকৈ ভোট থাকে কিন্তু স্থায়ী সদস্য ৰাষ্ট্ৰৰ এক বিশেষাধিকাৰ থাকে যাক ‘ভেটো’ (veto) বুলি কোৱা হয়। ভেটো প্ৰয়োগ কৰি কোনো স্থায়ী সদস্যই নিৰাপত্তা পৰিষদৰ যিকোনো সিদ্ধান্ত সলনি বা নাকচ কৰিব ৰে। সঘনে ভেটোৰ প্ৰয়োগৰ ফলত জৰুৰীকালীন ব্যৱস্থা লোৱা বিষয়ত অসুবিধাৰ সৃষ্টি হোৱাত তাৰ উপায় হিচাপে সাধাৰণ সভাই ১৯৫০ চনত এক প্ৰস্তাৱ গ্ৰহণ কৰে আৰু সেই প্রস্তাৱ মতে যদি সাধাৰণ সভাই দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে কোনো কাৰ্যপন্থা হাতত লয়, সেই কাৰ্যব্যৱস্থা নিৰাপত্তা পৰিষদৰ কোনো সদস্যই ভেটো প্ৰয়োগ কৰিলেও নাকচ নহয়। নিৰাপত্তা পৰিষদৰ প্ৰধান দায়িত্ব হৈছে আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা। বিশ্বশান্তি ভংগ হোৱাৰ উপক্ৰম হ’লে নিৰাপত্তা পৰিষদে বিবদিমান ৰাষ্ট্ৰবোৰক আলাপ আলোচনাৰ মাজেদি বা মধ্যস্থতাকাৰীৰ জৰিয়তে, দেশবোৰক, নিজ নিজ সমস্যাবোৰ সমাধান কৰিবলৈ পৰামৰ্শ দিয়ে। সেই পৰামৰ্শ বাস্তব ক্ষেত্ৰত কাৰ্যকৰী নহ’লে নিৰাপত্তা পৰিষদে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
‘‘সাধাৰণ সভা’ ৰাষ্ট্ৰসংঘৰ এক গুৰুত্বপূৰ্ণ ত মুখ্য অংগ। এই সভাখন ৰাষ্ট্ৰসংঘৰ সকলো সদস্যৰাষ্ট্ৰৰ প্রতিনিধিবর্গক লৈ গঠিত সাধাৰণ সভাৰ বাবে প্রত্যেক সদস্য ৰাষ্ট্ৰই পাচজন প্রতিনিধি, পাঁচজন বিকল্প প্রতিনিধি আৰু আন আন বিশেষজ্ঞ পঠাব পাৰে। প্রত্যেক সদস্য ৰাষ্ট্রৰ মাত্ৰ এটাকৈ ভোট থাকে। ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ থকা সকলো বিষয়ৰ ওপৰত সাধাৰণ সভাই আলোচনা বিলোচনা কৰিব পাৰে আৰু সাধাৰণ বিষয়বোৰ সংখ্যাগৰিষ্ঠ ভোটৰ দ্বাৰা মীমাংসা কৰা হয়।
কিছুমান গুৰুত্বপূর্ণ বিষয়, যেনে ৰাষ্ট্ৰসংঘৰ বাজেট, নিৰাপত্তা সম্পৰ্কীয় প্রশ্ন, সদস্য ভর্তিকৰণ আৰু বহিষ্কৰণ, ৰাষ্ট্ৰসংঘৰ নতুন সদস্য বাছনি আদিৰ বাবে সাধাৰণ সভাত দুই-তৃতীয়াংশ ভোটৰ প্ৰয়োজন হয়। প্রত্যেক বছৰৰ চেপ্টেম্বৰ মাহত সাধাৰণ সভাৰ বছৰেকীয়া অধিৱেশনখন অনুষ্ঠিত হয়। ইয়াৰোপৰি প্ৰয়োজন অনুসৰি সাধাৰণ সভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰো ব্যৱস্থা আছে। সাধাৰণ সভাৰ কাম-কাজ চলাবৰ বাবে অধিৱেশন আৰম্ভ হোৱাৰ আগতে এজন সভাপতি আৰু সাতজন উপসভাপতি নির্বাচন কৰা হয় আৰু অধিৱেশনৰ সামৰণিত সভাপতিৰ কাৰ্যকালো শেষ হয়।
ৰাষ্ট্ৰসংঘৰ এক প্রধান অংগ হিচাপে সাধাৰণ সভাই বিভিন্ন দায়িত্ব পালন কৰে। সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ আন আন অংগবিলাকৰ কামবোৰ পর্যালোচনা কৰে আৰু প্ৰয়োজনানুসাৰে নতুন সংঘ গঠন কৰিব পাৰে। বিশ্বশান্তি ভংগ হোৱাৰ সম্ভাৱনাই দেখা দিলে সাধাৰণ সভাই নিৰাপত্তা পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। সাধাৰণ সভাই নিৰাপত্তা পৰিষদৰ অনুমোদনক্ৰমে ৰাষ্ট্ৰসংঘৰ সচিব প্রধানক (Secretary General) নিযুক্তি দিয়ে। তাৰোপৰি সধাৰণসভাই নিৰাপত্তা পৰিষদৰ সদস্য, অর্থনৈতিক পৰিষদৰ ,সদস্য সামাজিক পৰিষদৰ সদস্য আৰু ন্যাসৰক্ষী পৰিষদৰ সদস্যসকলক নির্বাচিত কৰে। সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদে বেলেগে বেলেগে ভোট দি আন্তর্জাতিক ন্যায়ালয়ৰ সদস্যসকলক নির্বাচিত কৰে।
| Sl. No. | Contents |
| Chapter 1 | ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ |
| Chapter 2 | প্রথম বিশ্বযুদ্ধ |
| Chapter 3 | প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান |
| Chapter 4 | দ্বিতীয় বিশ্বযুদ্ধ |
| Chapter 5 | ৰাষ্ট্ৰসংঘ |
| Chapter 6 | দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয় |
| Chapter 7 | গোষ্ঠী নিৰপেক্ষ আন্দোলন |
| Chapter 8 | ভাৰতবৰ্ষৰ বৈদেশিক নীতি |
প্রশ্ন ৩। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগসমূহ কি কি ?
উত্তৰ :- ৰাষ্ট্ৰসংঘৰ সংবিধানৰ ১ম অনুচ্ছেদত ইয়াৰ ৬টা প্রধান অংগৰ বিষয়ে উল্লেখ আছে। সেই অংগসমূহ হ’ল—
(ক) সাধাৰণ পৰিষদ।
(খ) নিৰাপত্তা পৰিষদ
(গ) অর্থনৈতিক আৰু সামাজিক পৰিষদ
(ঘ) ন্যাস পৰিষদ
(ঙ) আন্তঃৰাষ্ট্ৰীয় আদালত
(চ) সচিবালয়।
এই অংগসমূহৰ বিষয়ে বহলাই আলোচনা কৰা হ’ল—
(ক) সাধাৰণ পৰিষদ :- ৰাষ্ট্ৰসংঘৰ সংবিধানৰ চতুর্থ অধ্যায়ত অনুচ্ছেদ নং ৯ৰপৰা ২২ লৈ সাধাৰণ পৰিষদৰ গঠন, কার্য পদ্ধতি আৰু ক্ষমতা সম্পর্কে উল্লেখ আছে।ৰাষ্ট্ৰসংঘ গঠিত হোৱা বছৰটোত ইয়াৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা আছিল ৫১ খন। বৰ্তমান ইয়াৰ সংখ্যা হ’ল ১৮৫ খন।
প্রতিবছৰৰ চেপ্তেম্বৰ মাহৰ তৃতীয় মংগলবাৰৰপৰা এবাৰকৈ সাধাৰণ পৰিষদৰ বার্ষিক অধিবেশন বহিব লাগে। সাধাৰণ পৰিষদে ৰাষ্ট্ৰসংঘৰ অন্যান্য সংস্থা বা অংগই দাখিল কৰা প্ৰতিবেদনৰ ওপৰত আলোচনা আৰু সিদ্ধান্ত ল’ব পাৰে, নতুন সদস্য অন্তর্ভূক্ত কৰিব পাৰে, বাজেটৰ প্রতি অনুমোদন জনাব পাৰে আৰু নিৰাপত্তা পৰিষদৰ পৰামৰ্শ মৰ্মে সচিব প্রধানজনক নিযুক্তি দিব পাৰে৷
(খ) নিৰাপত্তা পৰিষদ :- সংবিধানৰ পঞ্চম অধ্যায়ৰ অনুচ্ছেদ নং ২৩ৰপৰা ৩২ৰ ভিতৰত নিৰাপত্তা পৰিষদৰ গঠনৰ বিষয়ে উল্লেখ আছে। নিৰাপত্তা পৰিষদৰ মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা আদিতে ১১ খন আছিল। তাৰ ভিতৰত ৫ খন স্থায়ী সদস্য ৰাষ্ট্ৰ আৰু ৬ খন অন্যান্য সদস্য ৰাষ্ট্র। এই ৬ খন সদস্য ৰাষ্ট্ৰৰ সাধাৰণ পৰিষদে দুবছৰীয়া কাৰ্যকালৰ বাবে মনোনীত কৰে। ১৯৭১ চনৰ ২৩ নৱেম্ববত অন্যান্য সদস্য ৰাষ্ট্ৰৰ সংখ্যা ১১ খনৰপৰা ১৫ খনলৈ বৃদ্ধি কৰা হয়।
(গ) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ :- সংবিধানৰ দশম অধ্যায়ত অনুচ্ছেদ নং ৬১ৰপৰা ৭২বলৈ অৰ্থনৈতিক পৰিষদৰ গঠন প্রণালী, কাৰ্যসূচী আৰু ক্ষমতা সম্পর্কে উল্লেখ আছে। অর্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা ৫৪ খন। সদস্যসকলৰ কাৰ্যকাল তিনি বছৰীয়া। প্ৰতিখন সদস্য ৰাষ্ট্ৰৰে একোটাকৈ ভোট আছে। প্রতিবছৰে এই পৰিষদৰ একোখনকৈ দুমহীয়া সভা অনুষ্ঠিত হয়। এখন অনুষ্ঠিত হয় নিউইয়র্কত আৰু আনখন চুইজাৰলেণ্ডৰ জেনেভাত।
(ঘ) ন্যাস পৰিষদ :- সংবিধানৰ ত্রয়োদশ অধ্যায়ত (অনুচ্ছেদ নং ৮৬ৰপৰা ৯১ লৈকে) ন্যাস পৰিষদৰ গঠন, কাৰ্যসূচী আৰু ক্ষমতা সম্পর্কে উল্লেখ কৰা আছে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ভালেমান অনুন্নত উপনিৱেশ বৃহৎ শক্তিসমূহৰ তত্বাৱধানত ৰখাৰ ব্যৱস্থা কৰা হৈছিল যাতে সেই বিলাক উপনিৱেশে প্ৰগতিৰ পথত দ্ৰুতভাৱে অগ্ৰসৰ হৈ স্বাধীনতাৰ বাবে প্রস্তুত হ’ব পাৰে। ন্যাস পৰিষদৰ প্রধান কাম হৈছে এনেধৰণৰ উন্নয়নৰ দিশটোৰ প্ৰতি লক্ষ্য ৰখা।
(ঙ) আন্তঃৰাষ্ট্ৰীয় আদালত :- ৰাষ্ট্ৰসংঘৰ সংবিধানৰ অনুচ্ছেদ নং ১২, ৯৩, ১৪, ৯৫ আৰু ৯৬ত আন্তঃৰাষ্ট্ৰীয় আদালতৰ গঠন, কার্যপদ্ধতি আৰু ক্ষমতাৰ পৰিমণ্ডল তথা এক্তিয়াৰ সম্পর্কে বিস্তৃতভাৱে উল্লেখ কৰা আছে। সাধাৰণ পৰিষদ আৰু নিৰাপত্তা পৰিষদে নিযুক্তি দিয়া ১৫ জন বিচাৰকৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় আদালত গঠিত হয়। বিচাৰকসকলৰ কাৰ্যকাল ৯ বছৰীয়া। এওঁলোক পুনৰ নির্বাচিত হোৱাত সাংবিধানিক কোনো বাধা নিষেধ নাই।
(চ) সচিবালয় :- ১৯৪৬ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ কাম-কাজ আৰম্ভ হয় আৰু সেইদিনাই আনুষ্ঠানিকভারে সচিবালয় স্থাপন কৰা হয়। সচিবালয় গঠন কাৰ্যসূচী আৰু ক্ষমতা সম্পৰ্কে সংবিধানৰ পঞ্চদশ অধ্যায়ৰ অনুচ্ছেদ নং ৯৭ৰপৰা ১০১লৈ বিতংভাৱে উল্লেখ কৰা আছে। ৯৭ নং অনুচ্ছেদত উল্লেখ আছে যে নিৰাপত্তা পৰিষদৰ পৰামৰ্শ মর্মে সাধাৰণ পৰিষদে ৰাষ্ট্ৰসংঘৰ সচিব প্রধানক নিযুক্তি দিয়ে। সচিব প্রধানে ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ সমৃদায় দায়িত্ব পৰিচালনা কৰে। এওঁ ৰাষ্ট্ৰসংঘৰ প্ৰধান প্রশাসনিক বিষয়া। সচিবালয়ে ৰাষ্ট্ৰসংঘৰ বিধান পৰিষদ তথা সাধাৰণ পৰিষদ, নিৰাপত্তা পৰিষদ, অর্থনৈতিক আৰু সামাজিক পৰিসদ, ন্যাস পৰিসদ আৰু ৰাষ্ট্ৰসংঘৰ সংবিধান নিসৃত আনুষংগিকসমূহ সংগঠন আৰু প্ৰতিষ্ঠানৰ প্রতি সততে সেৱা” আগবঢ়াব লাগে।
প্রশ্ন ৪। ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগৰ কাম কি আলোচনা কৰা।
উত্তৰ :- ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগসমূহৰ কাম-কাজসমূহ আলোচনা কৰা সাধাৰণ পৰিষদ ৰাষ্ট্ৰসংঘৰ এটা প্রধান অংগ। ই বাষ্ট্রসংঘব অন্যান্য সংস্থা বা অংগই দাখিল কৰা প্ৰতিবেদনৰ ওপৰত আলোচনা আৰু সিদ্ধান্ত কৰিব পাৰে, নতুন সদস্য অন্তর্ভূক্ত কৰিব পাবে, বাজেটৰ প্রতি অনুমোদন জনাব পাৰে আৰু নিৰাপত্তা পৰিষদৰ পৰামর্শ মৰ্মে ৰাষ্ট্ৰসংঘৰ সচিব প্রধানজনক নিযুক্তি দিব পাবে।
নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ আন এক উল্লেখযোগ্য অংগ। ইয়াৰ কামসমূহ হৈছে—
১। আন্তঃৰাষ্ট্ৰীয় শক্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।
২। শাস্তি ভংগ কৰিবপৰা বিবাদ বা উৎসসমূহৰ অনুসন্ধান কৰা।
৩। অস্ত্র নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা আৰু উপায় উদ্ভাৱন কৰা।
৪। যুদ্ধ সন্নিকট হ’লে তাক প্ৰতিৰোধ কৰা।
৫। যুদ্ধৰত দেশৰ মাজত যুদ্ধ বিৰতি ঘোষণা কৰাৰ ব্যৱস্থা কৰা।
৬। যুদ্ধ পৰিস্থিতিৰ সৃষ্টি হলে আলোচনাৰ মাধ্যমত দ্বিপাক্ষিক বা বহুপাক্ষিক বিবাদ বা সমস্যা সমাধান কৰা।
৭। প্রয়োজন সাপেক্ষে নিজাববীয়াকৈ শান্তিৰক্ষা বাহিনী প্ৰেৰণ কৰা।
৮। ৰাষ্ট্ৰসংঘৰ সচিব প্রধান নিয়োগ কৰিবলৈ সাধাৰণ পৰিষদক পৰামর্শ দিয়া।
৯। নিৰাপত্তা পৰিষদৰ পাঁচখন স্থায়ী সদস্য ৰাষ্ট্ৰৰ প্রত্যেকেই সুকীয়া সুকীয়াকৈ ভেটো প্ৰদান কৰিব পাৰে।
১০। নিৰাপত্তা পৰিষদে নিজৰ সিদ্ধান্ত কার্যকৰী কৰাৰ ক্ষেত্ৰত সময় সাপেক্ষে কোনো দোষী বাষ্ট্ৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰূপে অর্থনৈতিক অবৰোধ অথবা সামূহিকভাৱে সামৰিক শক্তি প্রয়োগ কৰিব পাৰে।
ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ কামসমূহ হৈছে—
১। বিশ্বৰ মানৱ সমাজৰ অৰ্থনৈতিক, সামাজিক, শৈক্ষিক, সাংস্কৃতিক, স্বাস্থ্য আদি আনুষংগিক বিভিন্ন বিষয়ৰ ওপৰত অধ্যয়ন, অনুসন্ধান আৰু প্ৰতিবেদন প্রস্তুত কৰা।
২। মানৱ অধিকাৰৰ প্রতি সমাজত সমাদৰ বৃদ্ধি কৰা, তাক ৰক্ষা কৰাৰ ব্যৱস্থা কৰা আৰু সকলো মানুহৰ বাবে স্বাধীনতাৰ মৌলিক চৰ্তসমূহ পৰিপূৰ্ণৰ চেষ্টা কৰা।
৩। নির্দিষ্ট বিষয়ৰ ওপৰত আস্তঃৰাষ্ট্ৰীয় সম্মিলন অনুষ্ঠিত কৰি সেই সন্মিলনৰ আলোচনাৰ ভিত্তিত সাধাৰণ পৰিষদত দাখিল কৰিবলৈ প্রতিবেদন প্রস্তুত কৰা আৰু
৪। সাধাৰণ পৰিষদৰ অনুমোদন সাপেক্ষে সদস্য ৰাষ্ট্ৰৰ প্ৰতি সেৱা দান কৰা ইত্যাদি।ৰাষ্ট্ৰসংঘৰ আন এক অংগ আস্তঃৰাষ্ট্ৰীয় আদালতৰ কাৰ্য হৈছে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক বিবাদ। কোনো সদস্য ৰাষ্ট্ৰই উত্থাপন কৰা বিবাদ বা সমস্যা সম্পৰ্কে আৰু ৰাষ্ট্ৰসংঘৰ সংবিধানে সামৰি লোৱা বিষয়ৰ ওপৰত আস্তঃৰাষ্ট্ৰীয় আদালতে ৰায় বা সিদ্ধান্ত দিব পাৰে আৰু তেনে ৰায় বা সিদ্ধাস্ত বিবাদমান পক্ষৰ বাবে বাধ্যতামূলক তথা অৱশ্যে পালনীয় বুলি পৰিগণিত হয়। ৰাষ্ট্ৰসংঘৰ আন এক উল্লেখযোগ্য অংগ হৈছে সচিবালয়। এই সচিবালয়ৰ
কাম-কাজ সচিব প্রধানে পৰিচালনা কৰে। সচিবালয়ে ৰাষ্ট্ৰসংঘৰ বিধান পৰিষদ তথা সাধাৰণ পৰিষদ, নিৰাপত্তা পৰিষদ, অর্থনৈতিক আৰু সামাজিক পৰিষদ, ন্যাস পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ সংবিধান নিসৃত আনুষংগিকসমূহ সংগঠন আৰু প্ৰতিষ্ঠানৰ প্ৰতি সততে সেৱা দান কৰিব লাগে। সচিব প্রধানজন ৰাষ্ট্ৰসংঘৰ বার্ষিক বাজেট প্রস্তুত কৰাৰ বাবে দায়বদ্ধ । তেওঁ ৰাষ্ট্ৰসংঘৰ সকলো কাম-কাজৰ অধিকাৰী।
এইদৰে ৰাষ্ট্ৰসংঘেৰ বিভিন্ন অংগসমূহে নিজ নিজ কাম-কাজ সমূহ পৰিচালনা কৰিব লাগে।
প্রশ্ন ৬। কোৰিয়াৰ যুদ্ধৰ কাৰণ সম্পর্কে আলোচনা কৰা।
উত্তৰ :- কোৰিয়াৰ সমস্যাটো ৰাষ্ট্ৰসংঘৰ বাবে এক প্রধান বাজনৈতিক সমস্যা আছিল। আনহাতে ই ৰাষ্ট্ৰসংঘৰ বাবে এক সামৰিক প্ৰত্যাহ্বানো আছিল। কিয়নো সেই সময়ত পৰস্পৰ বিৰোধী ছোভিয়েট শিৱিৰ আৰু মার্কিন শিৱিবৰ মাজত প্রচলিত শীতল যুদ্ধই সেই সমস্যাক বিশেষভাবে জটিল কৰি তুলিছিল।
দ্বিতীয় বিশ্বযুদ্ধত পৰাজিত হৈ জাপানে কোৰিয়াৰপৰা আঁতৰি যোৱাত উত্তৰ কোৰিয়া ছোভিয়েট প্রভাৱাধীন আৰু দক্ষিণ কোৰিয়া আমেৰিকা যুক্তৰাষ্ট্রব প্রভাৱাধীন এলেকাত পৰিণত হয়। সেয়ে দক্ষিণ কোৰিয়াৰপৰা মার্কিন আধিপত্য আঁতৰ কৰিবলৈ ১৯৫০ চনৰ জুন মাহত উত্তৰ কোবিয়াই দক্ষিণ কোৰিয়াৰ ওপৰত সামৰিক হস্তক্ষেপ আৰম্ভ কৰে। উত্তৰ কোৰিয়াক সমৰ্থন কৰি চীনেও এই সামরিক অভিযানত জড়িত হৈ পৰে। মার্কিনপন্থী দক্ষিণ কোৰিয়াই উত্তৰ কোৰিয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘত অভিযোগ নামা দাখিল কৰে। এই অভিযোগৰ ভিত্তিত নিৰাপত্তা পৰিষদে উত্তৰ কোৰিয়াক দক্ষিণ কোৰিয়াৰপৰা আঁতৰি যাবলৈ নির্দেশ দিয়ে।
কিন্তু উত্তৰ কোৰিয়াই এই নির্দেশ অবমাননা কৰাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হেঁচাত নিৰাপত্তা পৰিষদে কোৰিয়াত সামৰিক হস্তক্ষেপ কৰাৰ সিদ্ধান্ত লৈ তাক কাৰ্যকৰী কৰে। এই সামৰিক অভিযানত আমেৰিকা যুক্তৰাষ্ট্ৰই ৫০ শতাংশৰ অধিক সৈনিক, ৮৫ শতাংশ নৌ বাহিনীৰ সৈনিক আৰু ৯৫ শতাংশ বিমান বাহিনীৰ যোগান ধৰিছিল। অর্থাৎ ৰাষ্ট্ৰসংঘই সামৰিক অভিযান চলোৱাৰ নাম লৈ প্ৰকৃততে আমেৰিকা যুক্তৰাষ্ট্ৰইহে উত্তৰ কোৰিয়াৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণা কৰিছিল। কিন্তু দিন অতিবাহিত হোৱাৰ লগে লগে কোৰিয়াৰ সমস্যা অধিক জটিল হৈহে পৰে, এটা সময়ত তাৰ সামৰিক সমাধান হোৱাৰ কোনো আশা নোহোৱা হৈ পৰে। আনহাতে এই সমস্যাক কেন্দ্ৰ কৰি আন এক তৃতীয় বিশ্বযুদ্ধ সৃষ্টি হোৱাৰ আশংকাই দেখা দিয়ে। অৱশেষত ৰাষ্ট্ৰসংঘৰ নেৰানেপেৰা চেষ্টাৰ ফলত দুয়োপক্ষৰ মাজত যুদ্ধ বিৰতি ঘোষণা কৰাৰ অন্তত সাময়িকভাৱে হ’লেও কোৰিয়াৰ সমস্যাৰ সমাধান কৰা হয়।
প্রশ্ন ৭। মধ্য প্ৰাচ্যৰ সমস্যা সমাধানত ৰাষ্ট্ৰসংঘই কিদৰে সফল হৈছিল ?
উত্তৰ :- মধ্য প্রাচ্যৰ সমস্যাই দীর্ঘদিন ধৰি বিশ্ব ৰাজনীতিত বিপদ বিন্দুৰূপে চিহ্নিত হৈ আছে। এই সমস্যা দুটা হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী কালছোৱাত গঢ়ি উঠা আৰৱ জাতীয়তাবাদ আৰু মধ্য প্রাচ্যত ইহুদীসকলৰ বাবে ইজৰায়েল নামে এখন নতুন ৰাষ্ট্ৰ তৈয়াৰ কৰাটো।
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাৰ পেলেষ্টাইনলৈ প্রথমে ব্যাপক হাৰত ইহুদী লোকৰ প্ৰব্ৰজন ঘটোৱা হৈছিল। ১৯৪৭ চনৰ নৱেম্বৰ মাহত ৰাষ্ট্ৰসংঘই পেলেষ্টাইনক বিভাজিত কৰি দুখন দেশ আৰৱ আৰু ইজৰায়েল সৃষ্টি কৰাব পোষকতা কৰি সিদ্ধান্ত গ্রহণ কৰে আৰু ১৯৪৮ চনৰ ১৪ মে’ত পেলেষ্টাইনক বিভাজিত কৰি ইজৰায়েলৰ সৃষ্টি কবি আৰৱ জাতীয়তাবদক ক্ষুণ্ণ কৰা হয়। ইয়াৰ লগে লগে সংঘটিত হোৱা আৰৱ ইজৰায়েলৰ যুদ্ধত আৰৱ দেশসমূহ পৰাভূত হয়।
১৯৫০ আৰু ১৯৬০ দশকত ইজিপ্তৰ প্ৰেচিডেণ্ট গামাল আব্দেল নাছেৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থ সাহায্যত নীল নদীত আছোৱান বান্ধ তৈয়াৰ কৰাৰ কাম আৰম্ভ কৰিছিল। কিন্তু তাৰ কিছুদিন পিছত নাছেৰে ছোভিয়েট দেশৰপৰা অস্ত্র-শস্ত্ৰ ক্ৰয় কৰাত যুক্তৰাষ্ট্ৰই বান্ধ নিৰ্মাণ কৰিবলৈ অৰ্থ সাহায্য দিয়াটো বন্ধ কৰি দিয়ে৷ প্রেচিডেণ্ট নাচেৰেও পশ্চিমীয়া দেশ বিশেষকৈ ফ্রান্স আৰু ব্রিটেইনক এসেকা দিবলৈ মনস্থ কৰি ১৯৫৬ চনৰ ২৬ জুলাই তাৰিখে ছুয়েজ খালক জাতীয়কৰণ কৰে। লগে লগে ফ্রান্স, ব্ৰিটেইন আৰু ইজৰায়েলে ইজিপ্তৰ ওপৰত আক্রমণ আৰম্ভ কৰে।
এই ইংগ-ফৰাচী আক্ৰমণত ছোভিয়েট দেশে ৫ নৱেম্বৰ তাৰিখে ক্ষেপণাস্ত্র প্ৰয়োগ কৰি ইজিপ্তৰ পক্ষত যুদ্ধত অংশ গ্ৰহণ কৰিবলৈ ফ্রান্স আৰু ব্ৰিটেইনৰ প্রতি চৰম পত্র দিয়াত ৭ নৱেম্বৰত ফ্রান্স আৰু ব্ৰিটেইনে ইজিপ্তৰপৰা পশ্চাদাপসাৰণ কৰে। পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত ৰাষ্ট্ৰসংঘৰ জৰিয়তে শান্তিপূর্ণভাবে এই সমস্যাৰ সমাধান কৰা হয়।
আবৱ দেশসমূহে আকৱবা উপসাগৰটো ইজৰায়েলৰ জাহাজ চলাচলৰ বাবে বন্ধ কৰি দিয়াত ১৯৬৭ চনত পুনৰ এফালে ইজৰায়েল আৰু আনফালে ইজিপ্ত, জর্দান আৰু ছিৰিয়া আদি আৰৱ দেশসমূহৰ মাজত যুদ্ধ সংঘটিত হয়। যুদ্ধত আৰৱ দেশসমূহ পৰাভূত হয়। এই যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰই ইজৰায়েলক সামৰিক সাহায্য দি আৰৱ ৰাষ্ট্ৰসমূহৰ বিপক্ষে জয়লাভ কৰাত সহায় কৰিছিল।
১৯৭৩ চনত ইজিপ্তে অতর্কিতে ইজৰায়েল আক্রমণ কৰে। এই যুদ্ধৰ সময়তে খনিজ তেল উৎপাদন কৰা আবৱ দেশসমূহে ইজৰায়েলৰ প্রতি সমর্থন দিয়া দেশ বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰকে আদি কৰি নাটোৰ অন্তৰ্ভূক্ত পশ্চিমীয়া দেশবোৰক তেলব যোগান নধৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে।
আৰুৱ দেশসমূহৰ এই সিদ্ধান্তৰ ফলত নাটোৰ অন্তর্ভূক্ত ইউৰোপীয় ৰাষ্ট্রসমূহে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংগ ত্যাগ কৰিবলৈ সিদ্ধান্ত লয়। এনে অৱস্থাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ গোপন সমর্থন পাই ইজৰায়েলে আৰৱ দেশসমূহৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণা কৰে। উক্ত যুদ্ধ কেইখনৰ ফলস্বৰূপে ইজৰায়েলে আৰৱ দেশসমূহৰ পৰা কাঢ়ি লোৱা ৰাজ্য আৰু অঞ্চলসমূহ নিজৰ অধিকাৰত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে আৰু তাক কাৰ্যকৰী কৰে। মধ্য প্রাচ্যৰ এই সমস্যা বর্তমানো সমাধান হোৱা নাই।
মধ্য প্রাচ্যৰ আন এক সমস্যা হৈছে ১৯৯০-৯১ চনৰ উপসাগৰীয় যুদ্ধ। ইৰাক আৰু কুৱেটৰ মাজত দীর্ঘদিন ধৰি খনিজ তেল, সীমা বিবাদ আদিক লৈ মনোমালিন্য চলি আছিল। এই বিবাদৰ ফলত ইৰাকে ১৯৯০ চনৰ ২ আগষ্টৰ দিনা কুৱেইট আক্রমণ কৰে। কুঁৱেইটে লগে লগে ৰাষ্ট্ৰসংঘৰ ওচৰত ইৰাকৰ বিৰুদ্ধে অভিযোগ দাখিল কবে।
এই অভিযোগৰ ভিত্তিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ১৯৯০ চনৰ ২০ নৱেম্বৰৰ ভিতৰত ইৰাকৰ বিৰুদ্ধে ১২টা প্ৰস্তাৱ গ্ৰহণ কৰে। এই প্রস্তাৱৰ জৰিয়তে কুৱেইটৰ ওপৰত ইৰাকৰ আক্ৰমণ কাৰ্যক গৰিহণা দিয়ে আৰু ৬ আগষ্টত প্ৰস্তাৱৰ জৰিয়তে ইৰাকৰ বিৰুদ্ধে অর্থনৈতিক অৱৰোধ বলৱ কৰে। ইয়াৰ লগে লগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তেতিয়াৰ প্ৰেচিডেণ্ট জর্জ বুশ্বে উপসাগৰীয় অঞ্চলত মার্কিন সৈনিক মোতায়েন কৰাৰ আদেশ দিয়ে। ২৫ আগষ্টৰ দিনা নিৰাপত্তা পৰিষদে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্যান্য সহযোগী পশ্চিমীয়া ৰাষ্ট্ৰক ইৰাকৰ বিৰুদ্ধে প্রয়োজনীয় ব্যৱস্থা লবলৈ দায়িত্ব প্রদান কৰে।
এই খিনিতে উল্লেখযোগ্য পশ্চিমীয়া ৰাষ্ট্ৰসমূহে ইতিমধ্যে উপসাগৰীয় অঞ্চলত নিজ নিজ সামৰিক বাহিনীবেসৈতে অৱস্থান লৈছিলগৈ। এনেতে নিৰাপত্তা পৰিষদে নৱেম্বৰ মাহত গ্ৰহণ কৰা আন এক প্ৰস্তাৱ যোগে ১৯৯১ চনৰ ১৫ জানুৱাৰীৰ ভিতৰত ইৰাকে নিজ ইচ্ছাৰে কুৱেইটৰ পৰা আঁতৰি নগলে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আন সহযোগী ৰাষ্ট্ৰসমূহক “সকলোধৰণৰ পন্থা”ৰে ইৰাকক কুৱেইটৰ পৰা বিতাবিত কৰিবলৈ কৰ্তৃত্ব প্রদান কৰে। ইৰাকে ইয়াত কোনো ধৰণৰ সঁহাৰি নিদিয়াত উক্ত দেশসমূহে ইৰাকৰ ওপৰত ধাৰাষাৰ বোমা বর্ষণ কবে। অবশেষত ৪২ দিনৰ যুদ্ধৰ অন্তত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত
প্রায় ৩০ খন দেশৰ সৈনিকে কুৱেইটক ইৰাকৰ কৱলৰপৰা মুক্ত কৰে। এই যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘক’ নিষ্ক্রীয় নকৰিলেও নিজ দেশৰ প্রশাসনৰ এক সাধাৰণ দপ্তৰলৈ পৰিণত কৰে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.





