Class 11 Political Science Chapter 7 যুক্তৰাষ্ট্ৰীয়বাদ

Class 11 Political Science Chapter 7 যুক্তৰাষ্ট্ৰীয়বাদ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 7 যুক্তৰাষ্ট্ৰীয়বাদ and select needs one.

Class 11 Political Science Chapter 7 যুক্তৰাষ্ট্ৰীয়বাদ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 7 যুক্তৰাষ্ট্ৰীয়বাদ Solutions for All Subject, You can practice these here.

যুক্তৰাষ্ট্ৰীয়বাদ

পাঠ: ৭

প্ৰথম খণ্ড

অতি চমু প্রশ্নৰ উত্তৰ দিয়া

১। যুক্তৰাষ্ট্ৰবাদ মানে কি ? 

উত্তৰঃ যুক্তৰাষ্ট্ৰবাদ এনে এক শাসন পদ্ধতি , য’ত দুই ধৰণৰ চৰকাৰ থাকে । কেন্দ্রীয় স্তৰত এখন চৰকাৰ থাকে । আনহাতে , ৰাজ্যিক স্তৰত ৰাজ্য চৰকাৰবােৰ থাকে । কেন্দ্রীয় চৰকাৰৰ ওপৰত ৰাজ্য চৰকাৰবােৰে নিজৰ সাংবিধানিক পৰিসৰৰ ভিতৰত স্বাধীনভাৱে কার্য কৰে । 

২। যুক্তৰাষ্ট্ৰৰ দুটা গুণ লিখা । 

উত্তৰঃ ( ক ) বৈচিত্র্যৰ মাজত একতা স্থাপন কৰা হয় । 

( খ ) বৃহৎ ৰাষ্ট্ৰৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ উপযােগী । 

৩। যুক্তৰাষ্ট্রৰ দোষ লিখা । 

উত্তৰঃ ( ক ) জাতীয় সংহতি অটুট ৰাখিবলৈ অসুবিধা হয় । 

( খ ) কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আৰু ৰাজ্য চৰকাৰবােৰৰ মাজত সংঘাত আৰু বিৰােধৰ আশংকা থাকে । 

৪। যুক্তৰাষ্ট্ৰীয় চৰকাৰ গঠনৰ বাবে প্রয়ােজনীয় যিকোনাে দুটা চর্ত উল্লেখ কৰা । 

উত্তৰঃ ( ক ) ভৌগােলিক অবিচ্ছিন্নতা । আৰু 

( খ ) একজাতীয় অনুভূতি । 

৫। ভাৰতৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ ( i ) লিখিত সংবিধান আছে ।

( ii ) দুইধৰণৰ চৰকাৰ আছে – কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য সমূহৰ চৰকাৰ । 

৬। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতবৰ্ষক ৰাজ্যসমূহৰ সংঘ ’ বুলি গণ্য কৰা হৈছে ? 

উত্তৰঃ অনুচ্ছেদ ১ । 

৭। ভাৰতীয় সংবিধানৰ দুটা অযুক্ত ৰাষ্ট্ৰীয় বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ ( ক ) এক নাগৰিকত্ব । 

( খ ) কেন্দ্রীয় চৰকাৰৰ প্রাধান্য । 

৮। অৱশিষ্ট ক্ষমতা মানে কি ? 

উত্তৰঃ ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচীত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিতৰণৰ উল্লেখ আছে । ইয়াত তিনিখন সূচী বা তালিকা আছে । কেন্দ্রীয় সূচী , ৰাজ্যিক সূচী আৰু সমবর্তী সূচী । এই তিনিওখন সূচীৰ অন্তর্ভুক্ত নােহােৱা বিষয় সমূহক অৱশিষ্ট ক্ষমতা হিচাপে গণ্য কৰা হয় । অৱশিষ্ট ক্ষমতা সমূহ কেন্দ্রীয় চৰকাৰৰ হাতত ন্যস্ত কৰা হৈছে । 

৯। কেন্দ্রীয় সূচীত থকা যিকোনাে এটা বিষয়ৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰ প্ৰতিৰক্ষা । 

১০। ভাৰতৰ ক্ষমতা বিতৰণৰ কোনখন সূচীত শিক্ষা বিষয়টে অন্তর্ভুক্ত ? 

উত্তৰঃ সমৱৰ্তী সূচীত ।

তলৰ প্রশ্নবােৰৰ উত্তৰ দিয়াঃ 

১। ভাৰতীয় যুক্তৰাষ্ট্রৰ উমৈহতীয়া বৈশিষ্ট্যসমূহৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ১। দুখলপীয়া চৰকাৰঃ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দুই ধৰণৰ চৰকাৰ থাকে জাতীয় , সংসদীয় বা যুক্ত ৰাষ্ট্ৰীয় চৰকাৰ আৰু আঞ্চলিক , প্রাদেশিক বা ৰাজ্য চৰকাৰ । 

২। লিখিত সংবিধান আৰু সংবিধান প্রাধান্যঃ লিখিত সংবিধান যুক্তৰাষ্ট্ৰৰ অন্যতম বৈশিষ্ট্য । কাৰণ যুক্তৰাষ্ট্ৰত দুইখলপীয়া চৰকাৰৰ বিষয়ে সঠিক নীতি নির্দেশনা থকাটো জৰুৰী । 

৩। ক্ষমতাৰ বিতৰণ :- জাতীয় চৰকাৰ আৰু আঞ্চলিক চৰকাৰৰ মাজত ক্ষমতা বিতৰণ যুক্তৰাষ্ট্ৰীয় সংবিধানৰ অন্য এক গুৰুত্বপূর্ণ । বৈশিষ্ট্য । 

৪। স্বাধীন ন্যায়পালিকা :- স্বাধীন ন্যায়পালিকা যুক্তৰাষ্ট্ৰীয় সংবিধানৰ অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য । 

৫। নাগৰিকৰ দুই ধৰণৰ পৰিচয় :- যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত নাগৰিকসকলৰ দুই ধৰণৰ ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিচয় থাকে । 

২। ভাৰতীয় সংবিধানৰ অ – যুক্তৰাষ্ট্ৰীয় বা একত্মিক বৈশিষ্ট্যসমূহৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ১।সংবিধানৰ প্রাধান্য :- যুক্তৰাষ্ট্ৰত সংবিধানক দেশৰ আইন বুলি কোৱা হয় যদিও ভাৰতীয় সংসদে মূল গাঁথনিৰ বাহিৰে সকলাে অংশ সংশােধন কৰিব পাৰে । গতিকে ভাৰতত সংবিধানৰ পৰিৱৰ্তে সংসদৰ ওপৰত অধিক প্রাধান্য দিয়া হৈছে । ইয়াক ভাৰতীয় সংবিধানৰ এটা অ – যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য বুলি ক’ব পাৰি ।

২। একনাগৰিকত্ব :- যুক্তৰাষ্ট্ৰত দ্বি – নাগৰিকত্বৰ ব্যৱস্থা থাকে । ভাৰতৰ সংবিধানে দেশৰ নাগৰিকসকলক দ্বি – নাগৰিকত্ব প্রদান কৰা নাই । 

৩। অংগৰাজ্যৰ মর্যাদাৰ অসমতা :- এখন যুক্তৰাষ্ট্ৰৰ অংগ ৰাজ্যবােৰে যি মর্যাদা ভােগ কৰে ভাৰতৰ যুক্তৰাষ্ট্রীয় ব্যৱস্থাত অংগৰাজ্যসমূহে সেই মর্যাদা ভােগ কৰা নাই । 

৪। ৰাজ্যপালৰ নিযুক্তি যুক্তৰাষ্ট্ৰীয় বিধান মতে ৰাজ্যৰ মুৰব্বী ৰাজ্যপাল গৰাকীক সেই ৰাজ্যৰ জনসাধাৰণে নির্বাচিত কৰিব লাগে । কিন্তু ভাৰতত সেই নীতি প্রযােজ্য নহয় । 

৫। মিশ্র সংবিধান :- সাধাৰণতে যুক্তৰাষ্ট্ৰৰ সংবিধান দৃঢ় বা অ-নমনীয় । ইয়াক সংশােধনৰ বাবে জটিল পদ্ধতি অনুসৰণ কৰিব লাগে । কিন্তু ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সংবিধান সংশােধন পদ্ধতি দৃঢ় নহয় । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1সংবিধান: কিয় আৰু কেনেকৈ ?
Chapter 2ভাৰতীয় সংবিধানত থকা অধিকাৰ সমূহ
Chapter 3নির্বাচন আৰু প্রতিনিধিত্ব
Chapter 4সংবিধান: কার্যপালিকা
Chapter 5বিধানমণ্ডল
Chapter 6ন্যায়পালিকা
Chapter 7যুক্তৰাষ্ট্রবাদ
Chapter 8স্থানীয় চৰকাৰ
Chapter 9জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান
Chapter 10সংবিধানৰ দর্শন ।
Unit 2দ্বিতীয় খণ্ড
Chapter 1ৰাজনৈতিক তত্ব: এক চমু পৰিচয়
Chapter 2স্বাধীনতা
Chapter 3সমতা
Chapter 4সামাজিক ন্যায়
Chapter 5অধিকাৰ
Chapter 6নাগৰিকতা
Chapter 7জাতীয়তাবাদ
Chapter 8ধর্মনিৰপেক্ষতাবাদ
Chapter 9শান্তি
Chapter 10 উন্নয়ন

৩। “ ভাৰতবর্ষ এখন অর্ধযুক্তৰাষ্ট্ৰ ” । – মন্তব্য দিয়া । 

উত্তৰঃ ভাৰতবৰ্ষক প্রকৃত যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰিব নােৱাৰি । দৰাচলতে ভাৰতবৰ্ষক এখন অর্ধযুক্তৰাষ্ট্ৰ বুলি কোৱাটোহে সমীচিন । ভাৰতীয় সংবিধানত কিছুমান যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে । যেনে — দুই প্রকাৰৰ চৰকাৰ , কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন , উচ্চতম ন্যায়ালয় ইত্যাদি । কিন্তু এইবােৰ বৈশিষ্ট্য থাকা সত্বেও ভাৰতবৰ্ষত একাত্মক বৈশিষ্ট্য বা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যৰ প্রাধান্য বেছি । উদাহৰণস্বৰূপে অৱশিষ্ট ক্ষমতা কেন্দ্রীয় চৰকাৰৰ হাতত আছে । ৰাজ্যসমূহত ৰাজ্যপালক ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্তি , এক নাগৰিকত্ব , শক্তিশালী কেন্দ্রীয় চৰকাৰ ইত্যাদি বৈশিষ্ট্যই ভাৰতবৰ্ষক অধিক একাত্মক ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰিছে । সেইবাবে ভাৰতবৰ্ষক এখন অর্ধযুক্তৰাষ্ট্ৰ বুলি কোৱা হয় । 

৪। একাত্মক আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ মাজত পাঁচটা পার্থক্য লিখা । 

উত্তৰঃ ( ক ) একাত্মক আৰু যুক্তৰাষ্ট্ৰৰ মাজত মৌলিক পার্থক্য হ’ল –ক্ষমতা বিভাজন নীতি । একাত্মক চৰকাৰৰ সকলাে যুক্তৰাষ্ট্ৰত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ সাংবিধানিক বিভাজন থাকে । 

( খ ) একাত্মক চৰকাৰত সংবিধান লিখিত বা অলিখিত হ’ব পাৰে । যুক্তৰাষ্ট্ৰীয় চৰকাৰত সংবিধান লিখিত হ’বই লাগিব । 

( গ ) একাত্মক চৰকাৰত সংবিধান নমনীয় হয় । কিন্তু যুক্তৰাষ্ট্ৰীয় চৰকাৰত সংবিধান অনমনীয় হয় । 

৫। ৰাষ্ট্রৰ অৰ্থ আৰু সংজ্ঞা লিখা । 

উত্তৰঃ ৰাষ্ট্ৰ শব্দটো লেটিন শব্দ Status ৰ পৰা ওলােৱা । Status শব্দৰ অৰ্থ হ’ল পৰিস্থিতি অথবা দশা । পুৰণি গ্রীক দার্শনিক সকলে ৰাষ্ট্র’ বুজাবলৈ ‘Polis’ শব্দটো ব্যৱহাৰ কৰিছিল । মেকিয়াভেলিয়ে তেওঁৰ গ্ৰন্থ দ্য প্রিন্সত পােন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰ বুজাবলৈ State শব্দ ব্যৱহাৰ কৰিছিল । 

ৰাষ্ট্ৰৰ সংজ্ঞা বিভিন্ন ৰাজনৈতিক দার্শনিক সকলে বিভিন্ন প্রকাৰে দিছে – 

অধ্যাপক গার্ণাৰৰ মতে , “ ৰাজনীতি বিজ্ঞান আৰু ৰাজহুৱা আইনৰ ধাৰণা হিচাপে ৰাষ্ট্ৰ হ’ল কম বেছি পৰিমাণৰ কিছুমান জন সমষ্টি যি চিৰস্থায়ী ভাৱে কোনাে নির্দিষ্ট ভূখণ্ড অধিকাৰ কৰি থাকে । আৰু যি বহিঃশক্তিৰ তলতীয়া নহয় আৰু যাৰ বেছিভাগ মানুহৰে আনুগত্য থকা এটা সুসংগঠিত চৰকাৰ আছে । 

অধ্যাপক লাস্কিৰ মতে , “ ৰাষ্ট্ৰ হ’ল নির্দিষ্ট ভূখণ্ডত বসবাস কৰা এনে এখন সমাজ যিখন চৰকাৰ আৰু নাগৰিক এই দুটা ভাগত বিভক্ত , যি ভূখণ্ডৰ চৰকাৰ নির্দিষ্ট চাৰিসীমাৰ ভিতৰত আন সকলোবােৰ অনুষ্ঠান – প্রতিষ্ঠানতকৈ শীর্ষত উপৱিষ্ট । 

৬। ৰাষ্ট্ৰৰ যিকোনাে দুটা উপাদান চমুকৈ লিখা । 

উত্তৰঃ জনসংখ্যা :- জনসংখ্যা হ’ল ৰাষ্ট্র গঠনৰ এক মৌলিক উপাদান । জনসংখ্যা অবিহনে ৰাষ্ট্রৰ অস্তিত্ব নাথাকে । প্লেটোৰ মতে এখন আদর্শ ৰাষ্ট্রৰ জনসংখ্যা ৫০৪০ হ’ব লাগে । ৰুছৰ মতে এখন ৰাষ্ট্রৰ জনসংখ্যা ১০,০০০ হ’ব লাগে । ভাৰতৰ দৰে দেশৰ জনসংখ্যা অধিক হােৱাৰ বিপৰীতে পানামাৰ দৰে বহুতাে দেশৰ জনসংখ্যা মাত্ৰ কেইলাখমানতে সীমাবদ্ধ । যদি দেখ এখনৰ অধিকাংশ নাগৰিক অশিক্ষিত , এলেহুৱা অথবা শাৰীৰিকভাৱে দুর্বল হয় তেন্তে সেই দেশখনে দ্রুতগতিত উন্নতি কৰিব নােৱাৰে । মানসিকভাৱে বুদ্ধিমান , উদ্যমী , শিক্ষিত হয় তেন্তে ৰাষ্ট্ৰখনৰ সকলাে দিশতে উন্নতি কৰিবলৈ সক্ষম হব । 

চৰকাৰ :- চৰকাৰ ৰাষ্ট্ৰৰ ঘাই উপাদান । চৰকাৰেই ৰাষ্ট্ৰৰ অখণ্ড আইন শৃংখল অটুট ৰাখি জনগণক ৰক্ষণাবেক্ষণ দিয়া আৰু জনগণৰ কল্যাণৰ বাবে সকলাে জনহিতকৰ কাম আৰু পৰিকল্পনা গ্রহণ কৰে । গতিকে চৰকাৰ হ’ল ব্যক্তি আৰু ৰাষ্ট্ৰৰ সমন্বয় ৰক্ষক । চৰকাৰী কার্য সম্পাদন পদ্ধতিবােৰৰ জৰিয়তে ৰাষ্ট্ৰৰ সকলােবােৰ অত্যাৱশ্যকীয় কাম কাজ পৰিচালিত হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top