Class 11 Political Science Chapter 5 বিধানমণ্ডল

Class 11 Political Science Chapter 5 বিধানমণ্ডল The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 5 বিধানমণ্ডল and select needs one.

Class 11 Political Science Chapter 5 বিধানমণ্ডল

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 5 বিধানমণ্ডল Solutions for All Subject, You can practice these here.

বিধানমণ্ডল

পাঠ: ৫

প্ৰথম খণ্ড

অতি চমু প্রশ্নৰ উত্তৰ দিয়া

১। ভাৰতবৰ্ষৰ কেন্দ্রীয় বিধামণ্ডলৰ নাম কি ? 

উত্তৰঃ সংসদ । 

২। ভাৰতবৰ্ষৰ সংসদ একসদনযুক্ত নে দ্বি-সদনযুক্ত ? 

উত্তৰঃ দ্বি – সদনযুক্ত । 

৩। ভাৰতবৰ্ষৰ সদন দুটাৰ নাম কি ? 

উত্তৰঃ উচ্চসদন ৰাজ্যসভা আৰু নিম্ন সদন লােকসভা । 

৪। ভাৰতৰ সংসদ ৰাষ্ট্রপতি , লােকসভা আৰু ৰাজ্যসভাক লৈ গঠিত হয়নে নহয় লিখা । 

 উত্তৰঃ হয় । 

৫। সংসদৰ কোনখন সদনত বিত্তীয় বিধেয়ক উত্থাপন কৰিব পাৰি ? 

উত্তৰঃ নিম্নসদন লােকসভাত । 

৬। সংসদৰ যুটীয়া অধিবেশনত কোনে সভাপতিত্ব কৰে ? 

উত্তৰঃ লােকসভাৰ অধ্যক্ষই । 

৭। বিত্তবিল কোনে উত্থাপন কৰিব পাৰে ? 

উত্তৰঃ বিত্তমন্ত্রীয়ে । 

৮৷ ভাৰতীয় সংসদৰ স্থায়ী সদনটো কি ? 

উত্তৰঃ ৰাজ্যসভা । 

৯। লােকসভাৰ কার্যকাল কিমান ? 

উত্তৰঃ পাঁচবছৰ । 

১০। লােকসভাৰ সদস্য হােৱাৰ নিম্নতম বয়স কিমান ?

উত্তৰঃ ২৫ বছৰ ।

 চমু প্রশ্নোত্তৰ

১। ৰাজ্যসভা আৰু লােকসভাৰ সম্পর্ক আলােচনা কৰা । 

উত্তৰঃ ( ক ) সংবিধান অনুযায়ী ভাৰতৰ কেন্দ্রীয় বিধানমণ্ডলক সংসদ বুলি জনা যায় । ইয়াৰ দুখন সদন আছে । ৰাজ্যসভা আৰু লােকসভা । উভয় সদনৰ মাজত সম্পর্ক নিবিড় । সেইবােৰ এইদৰে উল্লেখ কৰিব পাৰি । 

( i ) সাধাৰণ আইন প্রণয়নৰ ক্ষেত্ৰত দুয়ােখন সদন সমান ক্ষমতাৰ অধিকাৰী । উভয় সদনৰ সন্মতি সাপেক্ষেহে কোনাে বিধেয়ক আইনত পৰিণত হ’ব পাৰে । 

( ii ) লােকসভা আৰু ৰাজ্যসভা উভয়ে ৰাষ্ট্রপতি আৰু উপৰাষ্ট্রপতি নির্বাচনত অংশগ্রহণ কৰে । 

( iii ) ৰাষ্ট্রপতি , উপৰাষ্ট্রপতি আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক অপসাৰিত কৰাৰ কাৰণে লােকসভা আৰু ৰাজ্যসভাৰ অনুমােদন প্রয়ােজন । 

( iv ) সংবিধান সংশােধনৰ ক্ষেত্ৰত দুয়ােখন সদনৰ সন্মতি প্রয়ােজন । 

( v ) ৰাষ্ট্রপতিয়ে জৰুৰী অৱস্থা ঘােষণা কৰিলে উভয় সদনৰ দ্বাৰা অনুমােদন হ’ব লাগে । 

( vi ) কেন্দ্রীয় মন্ত্রীপৰিষদ গঠনৰ ক্ষেত্ৰত লােকসভাৰ লগতে ৰাজ্যসভাৰো অংশ থাকে । উভয় সদনৰ পৰাই মন্ত্রীসকলক বাছি লােৱা হয় । এইদৰে দেখা যায় যে ভাৰতীয় সংসদৰ উভয় সদনৰ মাজত ওচৰ সম্বন্ধ আছে । 

( খ ) সাধাৰণতে , সংসদৰ দুয়ােখন সদন সমান মর্যাদা আৰু সমান ক্ষমতাৰ অধিকাৰী যদিও তুলনামূলকভাৱে লােকসভা অধিক ক্ষমতাশালী । ভাৰতৰ ৰাষ্ট্র শাসন কার্যত লােকসভাৰ গুৰুত্ব ৰাজ্যসভাতকৈ অধিক । ৰাষ্ট্রৰ বিত্তীয় ব্যৱস্থা লােকসভাই নিয়ন্ত্রণ কৰে । অর্থ সংক্রান্ত বিষয়ত ৰাজ্যসভাৰ কোনাে সক্রিয় ভূমিকা নাই । কেন্দ্রীয় মন্ত্রীপৰিষদ লােকসভাৰ ওচৰত দায়বদ্ধ থাকে । লােকসভাই মন্ত্রীসভা ভঙা – পতা কৰিব পাৰে ।ৰাজ্যসভাৰ এই ক্ষমতা নাই । লােকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ পৰাই মন্ত্রীপৰিষদ গঠন হয় । তদুপৰি লােকসভা গণতান্ত্রিক আৰু জনপ্রিয় সদন লােকসভাৰ জৰিয়তে জনমত প্রতিফলিত হয় । গতিকে দেখা যায় যে , লােকসভা ৰাজ্যসভাৰ তুলনাত অধিক শক্তিশালী । 

২। ৰাজ্যসভা এখন স্থায়ী সদন’— তােমাৰ মন্তব্য আগবঢ়োৱা । 

উত্তৰঃ ভাৰতীয় সংসদৰ উচ্চসদন ৰাজ্যসভা এখন স্থায়ী সদন । ৰাজ্যসভাৰ সদস্যসকলৰ কার্যকাল ছয় বছৰ । সকলাে সদস্যৰ কার্যকাল একে সময়তে সম্পূর্ণ নহয় । প্রত্যেক দুবছৰৰ অন্তত এক তৃতীয়াংশ সদস্যই অৱসৰ লয় আৰু এক তৃতীয়াংশ সদস্যৰ বাবে নির্বাচন আৰু এক তৃতীয়াংশ সদস্যৰ বাবে নির্বাচন অনুষ্ঠিত হয় । গতিকে ৰাজ্যসভা কেতিয়াও ভঙ্গ নহয় । ৰাজ্যসভাই ধাৰাবাহিকভাৱে কার্যনির্বাহ কৰি থাকে । 

৩। লােকসভাৰ গঠন ক্ষমতা আৰু কার্যাৱলী আলােচনা কৰা । 

উত্তৰঃ ভাৰতীয় নিম্ন সদনক লােকসভা বুলি কোৱা হয় । বর্তমান লােকসভৰ সদস্য – সদস্যা ৫৪৫ জন । লােকসভাই জনসাধাৰণক প্রতিনিধিত্ব কৰে । লােকসভাৰ কার্যপৰিচালনাৰ বাবে এজন অধ্যক্ষ আৰু এজন উপাধ্যক্ষ থাকে । 

লােকসভাৰ ক্ষমতা আৰু কার্য :- ১। আইন প্রণয়ন ক্ষমতা :- লােকসভাই কেন্দ্রীয় সূচীভুক্ত সমবর্তীসূচীভুক্ত বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিব ।

২। প্রশাসনীয় ক্ষমতা :- সংসদীয় শাসন ব্যৱস্থাত নিম্ন সদনৰ প্ৰধান কর্তব্য হৈছে শাসন বিভাগত নিয়ন্ত্রণ কৰা । ভাৰতৰ নিম্নসদন লােকসভা এই ক্ষমতাৰ অধিকাৰী । 

৩ ) বিত্তীয় ক্ষমতা :- লােকসভাই ভাৰতৰ ৰাজকোষ নিয়ন্ত্রণ কৰে । লােকসভাৰ সন্মতি অবিহনে চৰকাৰে অর্থসংগ্রহ আৰু ব্যয় কৰিব নােৱাৰে । 

৪। সংবিধান সংশােধন ক্ষমতা :- লােকসভা আৰু ৰাজ্যসভা উভয়ে । লগ লাগি সংবিধান সংশােধন কৰিব পাৰে । 

৫। নির্বাচনী ক্ষমতা :- লােকসভাৰ সদস্যসকলে ৰাষ্ট্রপতি আৰু উপৰাষ্ট্রপতি নির্বাচনত সক্রিয় অংশগ্রহণ কৰিব পাৰে । 

৬। ন্যায়িক ক্ষমতা :- লােকসভাই ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে সংবিধান অৱমাননা কৰাৰ অভিযােগত মহাভিযােগ প্রস্তাৱ আনিব পাৰে । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1সংবিধান: কিয় আৰু কেনেকৈ ?
Chapter 2ভাৰতীয় সংবিধানত থকা অধিকাৰ সমূহ
Chapter 3নির্বাচন আৰু প্রতিনিধিত্ব
Chapter 4সংবিধান: কার্যপালিকা
Chapter 5বিধানমণ্ডল
Chapter 6ন্যায়পালিকা
Chapter 7যুক্তৰাষ্ট্রবাদ
Chapter 8স্থানীয় চৰকাৰ
Chapter 9জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান
Chapter 10সংবিধানৰ দর্শন ।
Unit 2দ্বিতীয় খণ্ড
Chapter 1ৰাজনৈতিক তত্ব: এক চমু পৰিচয়
Chapter 2স্বাধীনতা
Chapter 3সমতা
Chapter 4সামাজিক ন্যায়
Chapter 5অধিকাৰ
Chapter 6নাগৰিকতা
Chapter 7জাতীয়তাবাদ
Chapter 8ধর্মনিৰপেক্ষতাবাদ
Chapter 9শান্তি
Chapter 10 উন্নয়ন

৪। লােকসভাৰ অধ্যক্ষৰ ক্ষমতা আৰু কার্যাৱলী উল্লেখ কৰা । 

উত্তৰঃ ( ১ ) লােকসভাৰ বৈঠকত অধ্যক্ষই সভাপতিত্ব কৰে । সদনৰ – নিয়ম – নীতি ব্যাখ্যা , নির্ধাৰণ আৰু প্ৰয়ােগ কৰা তেওঁৰ কর্তব্য । 

( ২ ) অধ্যক্ষই প্রশ্নোত্তৰ সময় নির্ধাৰণ কৰে । কোনাে সদস্যই কিমান সময় বক্তৃতা দিব তাৰ সময় তেওঁ ঠিক কৰি দিয়ে । 

( ৩ ) অধ্যক্ষই সদনৰ শৃংখলা নিয়মানুবর্তিতা আৰু সদস্যসকলৰ সংসদীয় ব্যৱহাৰ নিয়ন্ত্রণ কৰে । 

( ৪ ) সংবিধানৰ ১১০ নং অনুচ্ছেদ অনুসৰি কোনাে বিধেয়ক বা বিল অর্থবিল হয় নে নহয় অধ্যক্ষই নির্ণয় কৰে । 

( ৫ ) অধ্যক্ষই লােকসভাৰ সদস্যসকলক বিশেষাধিকাৰ সমূহ ৰক্ষণাবেক্ষণ দিয়ে । 

( ৬ ) লােকসভাত যদি কোনাে এটা বিষয়ৰ ওপৰত সপক্ষে আৰু বিপক্ষে সমসংখ্যক ভােট হয় , তেতিয়া অধ্যক্ষই নির্ণায়ক ভােট দিব পাৰে । 

৫। সংসদ আইন প্রণয়ন পদ্ধতি বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ সাধাৰণ বিধেয়ক সংসদৰ যিকোনাে সদনত উত্থাপন কৰিব পাৰি । সাধাৰণ বিধেয়ক মন্ত্রী নাইবা সংসদৰ আন সদস্যসকলে উত্থাপন কৰিব পাৰে । মন্ত্রীসকলে উত্থাপন কৰা বিধেয়কক চৰকাৰী বিধেয়ক আৰু মন্ত্ৰীৰ বাহিৰে আন সদস্যসকলে উত্থাপন কৰা বিধেয়কক বে – চৰকাৰী বিধেয়ক বােলা হয় । সংসদত সাধাৰণ বিধেয়ক উত্থাপন কৰিবলৈ ইচ্ছা কৰা সদস্যসকলে নিজৰ উদ্দেশ্য ব্যক্ত কৰি বিধেয়কখন উত্থাপন কৰিব বিচৰা সদনৰ পৰা অনুমতি ল’ব লাগে । সদনখনৰ পৰা অনুমতি লাভ কৰাৰ পিছত সদস্য গৰাকীয়ে সেই সদনখনত বিধেয়কখন উত্থাপন কৰিব পাৰে । সাধাৰণ বিধেয়ক এখন আইনত পৰিণত হ’বৰ বাবে তিনিটা স্তৰ অতিক্ৰম কৰিব লাগে । এই স্তৰ তিনিটা হ’ল – 

( ১ ) প্রথম পাঠ ।

( ২ ) দ্বিতীয় পাঠ । আৰু 

( ৩ ) তৃতীয় পাঠ ইত্যাদি । 

৬। বিধান পৰিষদৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানত প্রত্যেক ৰাজ্যৰ বাবে একোখন বিধানমণ্ডল গঠন কৰাৰ বিষয়ে লিপিবদ্ধ কৰা আছে । ৰাজ্যিক বিধানমণ্ডল এক সদনীয় নাইবা দ্বি – সদনীয় হ’ব পাৰে । দ্বি সদনযুক্ত বিধানমণ্ডলৰ উচ্চ সদনক বিধান পৰিষদ আৰু নিম্ন সদনক বিধানসভা বােলা হয় । 

বর্তমান ভাৰতবৰ্ষত পাঁচখন ৰাজ্যত দ্বি – সদনযুক্ত বিধানমণ্ডল আছে । এই ৰাজ্যকেইখন হ’ল –বিহাৰ , কর্ণাটক , মহাৰাষ্ট্ৰ , উত্তৰ প্ৰদেশ তথা জন্মু আৰু কাশ্মীৰ । সংবিধানৰ ১৭১ নং অনুচ্ছেদত বিধান পৰিষদৰ গঠন প্রক্রিয়াৰ বিষয়ে বর্ণিত আছে । বিধান পৰিষদৰ সদস্যপদৰ প্রার্থী হ’বৰ বাবে–

( ১ ) ভাৰতীয় নাগৰিক হ’ব লাগিব ।

( ২ ) তেওঁৰ বয়স কমেও ৩০ বছৰ পূৰ্ণ হ’ব লাগিব ।

( ৩ ) সংসদে আইনৰ দ্বাৰা নিৰ্ধাৰণ কৰি দিয়া অহর্তাসমূহ থাকিব লাগিব ।

( ৪ ) তেওঁ মানসিক বিকাৰগ্রস্ত নাইবা দেউলীয়া হ’ব নালাগিব ।

( ৫ ) তেওঁ কেন্দ্রীয় নাইবা ৰাজ্যিক চৰকাৰৰ অধীনত লাভজনক চাকৰিত নিয়ােজিত ব্যক্তি হ’ব নালাগিব ।

( ৬ ) তেওঁ কেন্দ্রীয় সংসদ নাইবা বিধান পৰিষদৰ সদস্য হ’ব নালাগিব । 

কার্যকাল :- ৰাজ্যৰ বিধান পৰিষদ স্থায়ী সদন । ইয়াৰ কার্যকাল ৬ বছৰ । 

ক্ষমতা আৰু কার্যাৱলী :- বিধান পৰিষদে বিভিন্ন কার্য সমাধান কৰে । 

১। আইন প্রণয়ন ক্ষমতা আৰু কার্য :- সাধাৰণ বিধেয়ক বিধান পৰিষদত উত্থাপন কৰিব পৰা যায় । 

২। দ্বিতীয় ক্ষমতা আৰু কার্য :- বিধান পৰিষদৰ বিত্তীয় ক্ষেত্ৰত ক্ষমতা অতিশয় সীমিত । অর্থ বিধেয়ক বিধান পৰিষদত উত্থাপন কৰিব পৰা নাযায় । বিধানসভাত গৃহীত অর্থ বিধেয়ক বিধানপৰিষদলৈ অনুমােদনৰ বাবে পঠিওৱা হয় । 

৩। কার্যপালিকাৰ ওপৰত নিয়ন্ত্রণ :- চৰকাৰ তথা কার্যপালিকাৰ ওপৰত বিধান পৰিষদৰ নিয়ন্ত্রণ অতিশয় নগণ্য । ৰাজ্যিক মন্ত্রী পৰিষদখন বিধান পৰিষদৰ ওচৰত দায়বদ্ধ নহয় । গতিকে বিধান  পৰিষদে মন্ত্রীসকলৰ বিৰুদ্ধে অনাস্থা প্রস্তাব উত্থাপন কৰি ইয়াৰ পতন ঘটাব নােৱাৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top