Class 11 Political Science Chapter 11 ৰাজনৈতিক তত্বঃ

Class 11 Political Science Chapter 11 ৰাজনৈতিক তত্বঃ এক চমু পৰিচয় The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 11 ৰাজনৈতিক তত্বঃ এক চমু পৰিচয় and select needs one.

Class 11 Political Science Chapter 11 ৰাজনৈতিক তত্বঃ এক চমু পৰিচয়

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 11 ৰাজনৈতিক তত্বঃ এক চমু পৰিচয় Solutions for All Subject, You can practice these here.

ৰাজনৈতিক তত্বঃ এক চমু পৰিচয়

পাঠ: ১

দ্বিতীয় খণ্ড

অনুশীলনী

১। ৰাজনৈতিক তত্ত্ব সম্পর্কে তলৰ কোনবোৰ উক্তি শুদ্ধ বা অশুদ্ধ?

(ক) ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক অনুষ্ঠানৰ ভিত্তি গঢ় দিয়া আদর্শৰ বিষয়ে আলোচনা কৰে। 

উত্তৰঃ শুদ্ধ।

(খ) ৰাজনৈতিক তত্ত্বই বিভিন্ন ধৰ্মৰ মাজৰ সম্পর্ক ব্যাখ্যা কৰে। 

উত্তৰঃ অশুদ্ধ।

(গ) ৰাজনৈতিক তত্ত্বই সমতা আৰু স্বাধীনতাৰ নিচিনা অৱধাৰণাসমূহৰ অৰ্থ ব্যাখ্যা কৰে।

উত্তৰঃ শুদ্ধ।

(ঘ) ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক দলৰ সাফল্যৰ ভবিষ্যদ্বাণী কৰে। 

উত্তৰঃ অশুদ্ধ।

২। ৰাজনীতিৰ পৰিসৰ ৰাজনীতিবিদসকলৰ কাৰ্যতকৈ বহুত বেছি। – “এই উক্তিটো তুমি সমর্থন কৰানে?” উদাহৰণ দিয়া। 

উত্তৰঃ চৰকাৰী কাৰ্যালয়, দোকান অথবা হস্পিতালত মানুহে শাৰী পাতি থকা আমি প্রত্যক্ষ কৰোঁ। কিন্তু কিছুমান মানুহে প্রায়ে শাৰী ভংগ কৰি আগত থিয় দিয়ে। অৱশ্যে কেতিয়াবা তেওঁলোকক শাৰীৰ পিছত থিয় দিবলৈ কোৱা হয়। তেতিয়া আমি আনন্দিত হওঁ। আনহাতে যেতিয়া তেওঁলোকে শাৰী নাপাতি আগত থিয় দিয়ে তেতিয়া আমাক প্রৱঞ্চনা কৰা যেন ভাৱ হয়। 

এই কার্যক আমি গৰিহণা জনাওঁ কাৰ আমি সকলোৰে সমান সুযোগ- সুবিধা বিচাৰো। গতিকে অভিজ্ঞতা বিশ্লেষণ কৰি আমি সমতা মানে সকলোৰে সমান সুযোগ-সুবিধা আৰু সেৱা লাভ কৰা বুজো একে সময়তে, বৃদ্ধ অথবা শাৰীৰিকভাৱে অক্ষম ব্যক্তিৰ বাবে পৃথক কাউন্টাৰৰ ব্যৱস্থা কৰাটো আমি ন্যায়সংগত বুলি বিবেচনা কৰো। 

প্রতিদিনে আমি লক্ষ্য কৰিছো যে বহুতো দুখীয়া মানুহে দোকানলৈ অথবা চিকিৎসকৰ ওচৰলৈ যাব নোৱাৰে। এইবোৰৰ ভিতৰত শিল ভঙা অথবা ইটা কঢ়িওৱা শ্রমিকসকলো আছে। তেওঁলোকৰ হাতত বস্তু কিনিবলৈ অথবা সেৱা লাভ কৰিবলৈ টকা নাই। যদি আমি সংবেদনশীল হওঁ, এইটো আমি অন্যায় বুলি ভাবো। কাল সমাজত কিছুমান মানুহে জীৱন নিৰ্বাহৰ ন্যূনতম প্রয়োজনীয়তাখিনি লাভ কৰিব পৰা নাই। 

গতিকে মানুহক যাতে অর্থনৈতিক কাৰণত অন্যায়ভাৱে শোষণ আৰু বঞ্চিত কৰিব নোৱাৰে, তাৰ বাবে সমতাৰ সৈতে ন্যায্যতাক জড়িত কৰা প্ৰয়োজন। এনে বহুত শিশু আছে যিসকলে স্কুললৈ যাব নোৱাৰে। কাৰণ তেওঁলোকৰ নিজে কাম কৰি খাব লাগে। আনহাতে দুখীয়া ঘৰৰ ছোৱালীবোৰক আধাতে স্কুললৈ যোৱা বন্ধ কৰি দিয়া হয়। কাৰণ অভিভাৱকে কাম কৰিবলৈ গ’লৈ ছোৱালীবোৰে সৰু ভাই-ভনীৰ যতন ল’ব লাগে। 

ভাৰতীয় সংবিধানে যদিও প্রাথমিক শিক্ষাৰ অধিকাৰ সকলোকে প্রদান কৰিছে, তথাপি এই অধিকাৰ এক আনুষ্ঠানিকতাতহে পৰিণত হৈছে। এনেধৰণৰ শিশু আৰু অভিভাৱকসকলৰ বাবে চৰকাৰে উপযুক্ত ব্যৱস্থা গ্রহণ কৰা উচিত, যাতে সকলো শিশুৰে স্কুললৈ যাব পাৰে। এইদৰে দেখা যায় যে সমতাৰ ধাৰণাটো বৰ জটিল। 

আমি সকলোৱে সমান সুযোগ-সুবিধা বিচাৰো। যদি আমি কোনো ধৰণৰ অক্ষমতাত ভোগো, তেতিয়া আমি কিছুমান বিশেষ ব্যৱস্থা গ্রহণৰ প্রয়োজন অনুভৱ কৰো। সমতাৰ অধিকাৰেই যথেষ্ট নহয়, যদিহে আমি প্রাথমিক প্রয়োজনখিনি লাভ কৰিবলৈ সমর্থ নহওঁ। সম্পদৰ ন্যায়সংগত আৰু সমবিতৰণৰ দৰে কিছুমান শক্তিশালী ব্যৱস্থা গ্রহণ কৰি সকলোৰে যাতে শিক্ষা লাভ কৰিবলৈ সমর্থ হয়, সেইটো নিশ্চিত কৰিব লাগিব। যেনে- কর্মসংস্থান, উপযুক্ত মজুৰি, ৰেহাই-মূল্যত চিকিৎসা সেৱা ইত্যাদি। প্রয়োজন হ’লে কিছুমান দায়িত্বশীল সংস্থা গঠন কৰি সমাজত ন্যায় নিশ্চিত কৰিব লাগিব।

৩। “গণতন্ত্ৰৰ সাফল্যৰ বাবে জাগ্রত নাগৰিকৰ প্ৰয়োজন”- মন্তব্য দিয়া। 

উত্তৰঃ গণতন্ত্ৰৰ সাফল্যৰ বাবে জাগ্ৰত নাগৰিকৰ প্ৰয়োজন কথাষাৰ বৰ তাৎপৰ্যপূৰ্ণ। কাৰণ গণতন্ত্ৰ হৈছে এনে এক শাসন বয়ৱস্থা য’ত জনসাধাৰণেই হৈছে দেশ এখনৰ প্ৰশাসক। জনসাধাৰণে সিহঁতৰ মাজৰ পৰা গণতান্ত্ৰিক পদ্ধতিত প্ৰতিনিধি নিৰ্বাচন কৰি দিয়ে আৰু সেই নিৰ্বাচিত প্ৰতিনিধিয়ে ৰাইজৰ হৈ ৰাইজক শাসন কৰে। বহুসময়ত নিৰ্বাচিত প্ৰতিনিধিসকল ক্ষমতাৰ লোভতে স্বেচ্ছাচাৰী তাক বাধা দিবলৈ দেশৰ প্ৰতিজন নাগৰিক সচেতন হোৱা উচিত।  

৪। ৰাজনৈতিক তত্ত্বৰ অধ্যয়ন আমাৰ বাবে কি ধৰণে উপকাৰী? ৰাজনৈতিক তত্ত্বৰ চাৰিটা উপকাৰিতা চিনাক্ত কৰা।

উত্তৰঃ পৰিৱৰ্তন আৰু আন্দোলন ইত্যাদি ঘটনাবোৰ দেখা পাওঁ। কিন্তু আমি গভীৰভাৱে পৰ্যৱেক্ষণ কৰিলে জানিব পাৰো যে কিছুমান নিৰ্দিষ্ট নীতি আৰু মূল্যবোধে জনসাধাৰণক অনুপ্ৰাণিত কৰে আৰু আঁচনি প্ৰভাৱিত কৰে। 

১। ৰাজনৈতিক তত্ত্বই সংবিধান, চৰকাৰ আৰু সামাজিক ৰাজনৈতিক জীৱন নিৰ্ধাৰিত কৰা আদৰ্শ আৰু নীতি প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰে।

২। আইনৰ শাসন, ক্ষমতাৰ পৃথকীকৰণ, ন্যায়িক সমীক্ষা ইত্যাদি নীতিসমূহৰ তাৎপৰ্য ৰাজনৈতিক তত্ত্বই বিচাৰ কৰে। 

৩। ৰাজনৈতিক সমস্যা সমাধানৰ বাবে ৰাজনৈতিক তত্ত্বৰ জ্ঞান অপৰিহাৰ্য।

৪। বৰ্তমান যুগত মানৱ অধিকাৰৰ অনস্বীকাৰ্য। মানৱ অধিকাৰৰ সম্যক জ্ঞান অৰ্জনৰ বাবে ৰাজনৈতিক তত্ত্বৰ অতীৱ প্ৰয়োজন।

৫। এটা ভাল / পতিয়নযোগ্য যুক্তিয়ে আনক তোমাৰ কথা শুনিবলৈ বাধ্য কৰিব পাৰে বুলি ভাবানে?

উত্তৰঃ সমাজকর্মী আৰু সাংবাদিকসকলে যিয়ে শোষণৰ ঘটনা পোহৰলৈ আনে আৰু নতুন নতুন অধিকাৰ দাবী কৰে? স্বাধীনতা আৰু সমতাৰ অৰ্থ জানি আমাৰ কি উপকাৰ হ’ব।

প্রথমতে, ওপৰত উল্লেখিত বৃত্তি গ্রহণ কৰা সকলোৰে বাবে ৰাজনৈতিক তত্ত্বৰ প্ৰাসংগিকতা আছে। আমি ভবিষ্যতে এনে বৃত্তিসমূহৰ এটা নিৰ্বাচন কৰিব পাৰো। সেইবাবে পৰোক্ষভাৱে আমাৰ বাবে ৰাজনৈতিক তত্ত্বৰ প্ৰাসংগিতকা আছে। যদিও আমি সকলোৰে গণিতজ্ঞ বা অভিযন্তা নহওঁ তথাপি গণিত নিশিকোনে? পাটিগণিতৰ প্রাথমিক জ্ঞান সকলোৰে জীৱনত দৰকাৰী, এই কাৰণে নহয়নে? 

দ্বিতীয়তে, আমি সকলোৱে ভোটাধিকাৰপ্ৰাপ্ত নাগৰিক হ’ম আৰু সমাজৰ বিভিন্ন বিষয়ত সিদ্ধান্ত গ্রহণ কৰিম। দায়িত্বশীল নাগৰিক হিচাপে কার্যপালন কৰিবলৈ হ’লে যিবোৰ ৰাজনৈতিক আদর্শ আৰু অনুষ্ঠানব দ্বাৰা সমাজখন গঢ়ি উঠিছে, সেইবোৰৰ প্ৰাথমিক জ্ঞান অর্জন কৰাটো দৰকাৰ। বৰ্তমানৰ তথ্যসমৃদ্ধ পৃথিৱীত আমি যুক্তিশীল আৰু তথ্য জনাটো অতি গুৰুত্বপূর্ণ। 

তেতিয়াহে আমি সফলভাৱে পঞ্চায়তত অংশ গ্রহণ কৰিব পাৰিম আৰু নিৰ্বাচনত আমাৰ মতামত দাঙি ধৰিব পাৰিম। জধে- মধে কিছুমান যুক্তিহীন মতামত দাঙি ধৰিলে সেইবোৰ ফলপ্রসূ নহ’ব। কিন্তু আমি যদি চিন্তাশীল আৰু পৰিপক হও, তেতিয়া গণসংযোগৰ নতুন মাধ্যমবোৰৰ উপযুক্ত ব্যৱহাৰ কৰি আমাৰ উমেহতীয়া স্বার্থযুক্ত বিষয় আৰু সমস্যাৰ প্ৰকাশ আৰু আলোচনা কৰিব পাৰিম। নাগৰিক হিচাপে কিছুপৰিমাণে আমি এটা সংগীত অনুষ্ঠানৰ দৰ্শকৰ নিচিনা। 

আমি গান আৰু সুৰৰ ব্যাখ্যা কৰাত মুখ্য ভূমিকা নলওঁ। কিন্তু আমি কার্যসূচী প্রস্তুত কৰো আৰু ফলাফল প্রশংসা কৰি নতুন নতুন অনুৰোধ কৰো। যেতিয়া দর্শক জ্ঞানী আৰু প্রশংসাপূর্ণ হয়, তেতিয়া সংগীতজ্ঞসকলে অধিক ভাল প্রদর্শন কৰিব পাৰে। তোমালোকে বাৰু কথাটো লক্ষ্য কৰিছানে? সেইদৰে এজন শিক্ষিত আৰু জাগ্রত নাগৰিকে ৰাজনীতি কৰাসকলক অধিক জনমুখী কৰি তুলিব পাৰে। 

তৃতীয়তে, আমাৰ জীৱনত স্বাধীনতা, সমতা আৰু ধর্মনিৰপেক্ষতা অবাস্তব ধাৰণা নহয়। পৰিয়াল, স্কুল-কলেজ, দোকান, বজাৰ, হাট ইত্যাদিৰ আমি প্রতিদিনে বৈষম্যমূলক আচৰণৰ সন্মুখীন হওঁ। যিসকল মানুহ আমাৰ পৰা বেলেগ বা পৃথক তেওঁলোকৰ প্রতি আমিও পক্ষপাতমূলক আচৰণ বা মনোভাব দেখুৱাওঁ। অর্থাৎ অন্যান্য জাতি, ধর্ম, লিংগ বা অন্যান্য শ্রেণীৰ মানুহৰ প্রতি বৈষম্যমূলক আচৰণ কৰোঁ। যদি আমি নির্যাতিত হোৱা বুলি ভাবো, আমি তাৰ প্ৰতিকাৰ কৰাটো বিচাৰো, আৰু যদি নির্যাতন বন্ধ নহয় অথবা বন্ধ হোৱাত পলম হয়, তেতিয়া আমি তীব্র বিপ্লবৰ ন্যায্যতা থকা বুলি ভাবো।

যদি, আমি কিছুমান বিশেষ সুবিধা উপভোগ কৰোঁ, তেতিয়া আমি নির্যাতনৰ কথা অস্বীকাৰ কৰো। অথচ, আমাৰ বন কৰা ছোৱালী আৰু চাকৰবোৰ ছি মানৱীয় মর্যাদা পাবলৈ সংগ্রাম কৰিব লগা হৈছে। কেতিয়াবা আনকি তেওঁলোকক যি ধৰণে ব্যৱহাৰ কৰা হয়, সেয়া তেওঁলোকৰ বাবে প্রাপ্য বুলি ভাবো।

ৰাজনৈতিক বিষয়বোৰৰ প্রতি আমাৰ ধাৰণা আৰু মনোভাৱ পৰীক্ষা কৰি চাবলৈ ৰাজনৈতিক তত্ত্বই আমাক অনুপ্ৰেৰণা দিয়ে। ৰাজনৈতিক বিষয়বোৰ মনোযোগেৰে পৰ্যালোচনা কৰি চোৱাৰ পিছত আমাৰ ধাৰণা আৰু মনোভাৱ উদাৰ হৈ পৰে।

৬। ৰাজনৈতিক তত্ত্বৰ অধ্যয়ন গণিত অধ্যয়নৰ নিচিনা বুলি তুমি ভাবানে? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দিয়া।

উত্তৰঃ সংবিধান নিশাটোৰ ভিতৰতে গঢ়ি নুঠে। প্রাচীন কালৰ কৌটিল্য, এৰিষ্টটলৰ পৰা আধুনিক কালৰ জ্যাঁ জ্যাক ৰুছো, কার্ল মার্ক্স, মহাত্মা গান্ধী আৰু ড° বি আৰ আম্বেদকাৰ ইত্যাদি মহান চিন্তাবিদসকলে সমর্থন কৰা আদর্শ আৰু নীতিৰ ভিত্তিত সংবিধান গঢ়ি উঠে। খ্রীষ্টপূর্ব পঞ্চম শতিকাতে প্লেটো আৰু এৰিষ্টটলে তেওঁলোকৰ ছাত্ৰৰ সৈতে ৰাজতন্ত্ৰ আৰু গণতন্ত্রৰ ভাল আৰু বেয়া দিশবোৰ আলোচনা কৰিছিল। আধুনিক সময়ত, ৰুছোৱে পোনপ্রথমে স্বাধীনতা মানৱ জাতিৰ এক মৌলিক অধিকাৰ বুলি যুক্তি দর্শাইছিল। স্বাধীনতাৰ দৰে সমতাৰ অধিকাৰো গুৰুত্বপূৰ্ণ বুলি কার্ল মার্ক্সে যুক্তি দিছিল। আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে ‘হিন্দ স্বৰাজ’ত প্রকৃত স্বাধীনতা বা স্বৰাজৰ বিষয়ে আলোচনা কৰিছিল।

ড° বি আৰ আম্বেদকাৰে অনুসূচিত জাতিৰ লোকসকলৰ বাবে বিশেষ সাংবিধানিক সুৰক্ষা ব্যৱস্থাৰ সমৰ্থন কৰিছিল। এই আদর্শসমূহে ভাৰতীয় সংবিধানত গুৰুত্বপূর্ণ স্থান পাইছে। আমাৰ সংবিধানৰ প্রস্তাৱনাত স্বাধীনতা আৰু সমতাৰ আদৰ্শ সন্নিৱিষ্ট কৰা আছে। সংবিধানৰ তৃতীয় অধ্যায়ত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে। ইয়াৰ জৰিয়তে যিকোনো ধৰণৰ অস্পৃশ্যতা নিষেধ কৰা হৈছে। নির্দেশাত্মক নীতিত গান্ধীবাদী আদর্শই স্থান পাইছে। 

ৰাজনৈতিক তত্ত্বই সংবিধান, চৰকাৰ আৰু সামাজিক ৰাজনৈতিক জীৱন নির্ধাৰিত কৰা আদর্শ আৰু নীতি প্রণালীবদ্ধভাৱে অধ্যয়ন কৰে। ইয়ে সমতা, ন্যায়, স্বাধীনতা, গণতন্ত্র, ধৰ্মনিৰপেক্ষতা ইত্যাদি অৱধাৰণাসমূহৰ অৰ্থ ব্যাখ্যা কৰে। 

আইনৰ শাসন, ক্ষমতাৰ পৃথকীকৰণ, ন্যায়িক সমীক্ষা ইত্যাদি নীতিসমূহৰ তাৎপর্য ৰাজনৈতিক তত্ত্বই বিচাৰ কৰে। বিভিন্ন ৰাজনৈতিক চিন্তাবিদে এই ধৰণৰ আদৰ্শৰ আগবঢ়োৱা যুক্তিবোৰ ৰাজনৈতিক তত্ত্বই পৰীক্ষা কৰে। যদি কছো, মার্ক্স আৰু গান্ধী ৰাজনীতিবিদ হোৱা নাছিল, তেওঁলোকৰ আদর্শই সমগ্র বিশ্বতে যুগ যুগ ধৰি ৰাজনীতিবিদসকলক অনুপ্ৰেৰণা দি আহিছে। 

আমাৰ সমসাময়িক চিন্তাবিদসকলেও স্বাধীনতা অথবা গণতন্ত্র সমর্থন কৰিবলৈ এই চিন্তাবিদসকলৰ আদৰ্শৰ পৰাই প্ৰেৰণা পাইছে। ইয়াৰ উপৰি, ৰাজনৈতিক তত্ত্ববিদসকলে আমাৰ সাম্প্রতিক ৰাজনৈতিক অভিজ্ঞতা পর্যবেক্ষণ কৰি ভৱিষ্যতৰ ৰাজনৈতিক প্রবণতা আৰু সম্ভাৱনা প্রতিফলন কৰে।

উদাহৰণস্বৰূপে, যদিও ৰাজনৈতিক ক্ষেত্ৰত সমঅধিকাৰ প্রতিষ্ঠা হৈছে তথাপি অর্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত এতিয়াও সম-অধিকাৰ প্ৰতিষ্ঠা হোৱা নাই। জনসাধাৰণে ৰাজনৈতিক অধিকাৰ উপভোগ কৰিবলৈ সক্ষম হৈছে। কিন্তু জাতি প্রথা আৰু দৰিদ্ৰতাৰ বাবে এতিয়াও সামাজিক বৈষম্য অব্যাহত আছে। সমাজত কিছুমান মানুহে উচ্চস্থান দখল কৰি বিশেষ সুবিধা ভোগ কৰিব পাৰিছে। আনহাতে আন কিছুমান মানুহে জীৱনৰ ন্যূনতম প্রাথমিক প্রয়োজনীয়তা খিনিৰ পৰাও বঞ্চিত হৈ আছে। কিছুমান মানুহে সকলোধৰণৰ লক্ষ্য আহৰণ কৰিবলৈ সক্ষম হৈছে। কিন্তু বহুত এনেকুৱা ল’ৰা-ছোৱালী আছে। যিসকলে বিদ্যালয়লৈ যাব পৰা নাই। তেওঁলোক অশিক্ষিত হৈয়ে আছে আৰু ভাল কর্মসংস্থানৰ পৰা বঞ্চিত হৈছে। সেয়েহে, তেওঁলোকৰ বাবে স্বাধীনতা এক অলীক কল্পনা। 

যদিও, ভাৰতীয় সংবিধানে স্বাধীনতাৰ সুৰক্ষা প্রদান কৰিছে, আমি সকলো সময়তে স্বাধীনতাৰ নতুন ব্যাখ্যাৰ মুখামুখি হওঁ। এইটো এখন খেল খেলাৰ নিচিনা কথা। আমি যেতিয়া দবা অথবা ক্রিকেট খেলো, তেতিয়া আমি খেলৰ নিয়মবোৰ ব্যাখ্যা কৰিবলৈ শিকো। সেইদৰে পৰিৱৰ্তিত অথবা নতুন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমাৰ সংবিধানপ্রদত্ত অধিকাৰসমূহ নতুনকৈ ব্যাখ্যা কৰা হৈছে। উদাহৰণস্বৰূপে, ন্যায়ালয়ে জীৱনৰ অধিকাৰ ব্যাখ্যা কৰি ইয়াৰ লগত জীবিকা অর্জনৰ অধিকাৰ অন্তর্ভুক্ত কৰিছে। নতুন আইন প্রণয়নৰ জৰিয়তে তথ্য জনাৰ অধিকাৰ প্ৰদান কৰা হৈছে। সমাজত প্রায়েই নতুন নতুন প্রত্যাহ্বান আহিছে। ফলত নতুন ধৰণৰ ব্যাখ্যাৰ উদ্ভৱ হৈছে। এই প্রত্যাহ্বানৰ মুখামুখি হ’বলৈ মৌলিক অধিকাৰৰ সংশোধন কৰা হৈছে। ন্যায়িক ব্যাখ্যা আৰু চৰকাৰী আঁচনিৰ জৰিয়তে অধিকাৰবোৰৰ পৰিধি প্ৰসাৰিত হৈছে।

17 thoughts on “Class 11 Political Science Chapter 11 ৰাজনৈতিক তত্বঃ”

  1. সকলোবোৰ lesson ৰ পঃউঃ দিবা বুলি আশাবাদী । বহুত বহুত ধন্যবাদ।

    1. সকলোবোৰ Lesson ৰ উত্তৰ দিয়া আছে। যদি কিবা ভুল-ভ্ৰান্তি থাকে তেন্তে অনুগ্ৰহ কৰি জনাব। আমাৰ team এ ইয়াৰ ওপৰতে কাম কৰি আছে।

  2. Questionor Answer bilak imman sort ke diya asse je olp long hobo lagisile tetiya he Val marks puwar akhaa thakibo

  3. I have a quesion / (1) rajniti Vigyan or ata xongya deya ? Rajniti tatoor bexoi bostur ba porixor xomporka somukoi alusona Koran?

  4. Sir moi aitu questions or answers pua nai……

    Rajniti aru arthaniti bigyanor major xomporko ki likha?

    Jia paisa mur WhatsApp t send kora aitu number t 8453644923???

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top