Class 11 Political Science Chapter 12 স্বাধীনতা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 12 স্বাধীনতা and select needs one.
Class 11 Political Science Chapter 12 স্বাধীনতা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 12 স্বাধীনতা Solutions for All Subject, You can practice these here.
স্বাধীনতা
পাঠ: ২
দ্বিতীয় খণ্ড
অতি চমু প্রশ্নৰ উত্তৰ দিয়া
১। স্বাধীনতাৰ অৰ্থ লিখা ।
উত্তৰঃ স্বাধীনতা শব্দটো ইংৰাজী লির্বাটি শব্দটোৰ অসমীয়া ৰূপ । লির্বাটি শব্দটো লেটিন শব্দ লিবাৰৰ পৰা আহিছে । লিবাৰ শব্দটিৰ অৰ্থ হ’ল মুক্ত বা স্বাধীন অৱস্থা । গতিকে ইংৰাজী লিবাটি শব্দই স্বাধীনতাক বুজায় । অর্থাৎ কোনাে নিয়ন্ত্ৰণৰ অধীনত নাথাকি নাগৰিকে নিজ ইচ্ছা অনুযায়ী যিকোনাে কাম কৰিব পৰা ক্ষমতাকে স্বাধীনতা বােলে ।
২। স্বাধীনতাৰ এটি সংজ্ঞা দিয়া ।
উত্তৰঃ অধ্যাপক গ্ৰীণৰ মতে , “ মানুহে নিজক মনুষ্যত্বৰ পূৰ্ণ বিকাশৰ কাৰণে নিয়ন্ত্ৰণৰ ভিতৰত থাকি লাভ কৰা ক্ষমতাকে স্বাধীনতা বােলে । ”
৩। ‘Longwalk to Freedom ‘ নামৰ গ্ৰন্থখন কোনে লিখিছিল ?
উত্তৰঃ নেলচন মেণ্ডেলা ।
৪। ‘Freedom of Fear ‘ নামৰ গ্ৰন্থখন কোনে লিখিছিল ?
উত্তৰঃ আঙ ছান চূয়ো কী ।
৫। ‘Hind Swaraj’ নামৰ গ্ৰন্থখন কোনে লিখিছিল ?
উত্তৰঃ মহাত্মা গান্ধী ।
৬৷ উদাৰতাবাদ মানেনাে কি ?
উত্তৰঃ সাধাৰণতে যি আদর্শই ব্যক্তিক বিভিন্ন দিশত অধিক স্বাধীনতা দিয়াৰ লগতে প্রচলিত সমাজব্যৱস্থাৰ সংস্কাৰৰ ওপৰত প্রাধান্য দিয়ে , তাক উদাৰতাবাদ বােলা হয় ।
৭। উদাৰতাবাদৰ প্রধান দিশ দুটা কি কি ?
উত্তৰঃ ( ১ ) সনাতন বা ধ্রুপদী উদাৰবাদ । আৰু
( ২ ) আধুনিক উদাৰতাবাদ ।
৮। আধুনিক উদাৰতাবাদৰ যিকোনাে এটা মূলনীতিৰ বিষয়ে উল্লেখ কৰা ।
উত্তৰঃ আধুনিক উদাৰতাবাদে ব্যক্তিৰ প্রাকৃতিক অধিকাৰৰ ওপৰত গুৰুত্ব আৰােপ কৰে ।
৯। উদাৰতাবাদৰ যিকোনাে এটা গুৰুত্বৰ বিষয়ে উল্লেখ কৰা ।
উত্তৰঃ ৰাষ্ট্রচিন্তাৰ ক্ষেত্ৰত ই এটা নতুন ভাৱধাৰা আৰু বিচাৰ বােধৰ সূচনা কৰিছে বুলি ক’ব পাৰি ।
১০। উদাৰতাবাদৰ যিকোনাে এটা দোষ লিখা ।
উত্তৰঃ উদাৰতাবাদক প্রতিক্রিয়াশীল ধাৰণা বুলি অভিহিত কৰা হৈছে ।
১১। “ চিৰন্তন সর্তকতাই স্বাধীনতাৰ মূল ” – এই কথাষাৰ কোনে কৈছিল ?
উত্তৰঃ জেফাৰচন ।
১২। “ স্বাধীনতা আমাৰ জন্মগত অধিকাৰ । আমি ইয়াক পাবই লাগিব । ” – এই উক্তিটো কাৰ ?
উত্তৰঃ বাল গংগাধৰ তিলক ।
১৩। “ জন ষ্টুৱার্ট মিল উদাৰতাবাদৰ এজন সমর্থক আছিল । ” হয়নে নহয় লিখা ।
উত্তৰঃ হয় ।
১৪। দীপা মেহতাই নির্মাণ কৰিব বিচৰা কথাছবিখনৰ নাম কি আছিল ?
উত্তৰঃ ৱাটাৰ ।
১৫। স্বৰাজ’ৰ বিষয়ে গান্ধীজীয়ে “ হিন্দু স্বৰাজ ” কেতিয়া লিখিছিল ?
উত্তৰঃ ১৯০৯ চনত ।
১৬। যিকোনাে দুবিধ স্বাধীনতাৰ নাম লিখা ।
উত্তৰঃ ( ক ) ৰাজনৈতিক স্বাধীনতা । আৰু
( খ ) অর্থনৈতিক স্বাধীনতা ।
১৭। স্বাধীনতা ৰক্ষাৰ যিকোনাে দুটা উপায় লিখা ।
উত্তৰঃ ( ক ) আইনৰ অনুশাসন । আৰু
( খ ) ন্যায়পালিকাৰ স্বাধীনতা ।
১৮। যিকোনাে দুবিধ নাগৰিক স্বাধীনতাৰ নাম উল্লেখ কৰা ।
উত্তৰঃ ( ক ) জীৱনৰ স্বাধীনতা । আৰু
( খ ) ধৰ্মৰ স্বাধীনতা ।
১৯। যিকোনাে দুবিধ অর্থনৈতিক স্বাধীনতা উল্লেখ কৰা ।
উত্তৰঃ ( ক ) জীৱিকা অর্জনৰ স্বাধীনতা । আৰু
( খ ) সমান কামৰ বাবে সমান মজুৰি লাভৰ স্বাধীনতা ।
২০। উদাৰতাবাদৰ এটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ উদাৰতাবাদৰ এক প্রধান বৈশিষ্ট্য হ’ল যে ইয়ে ব্যক্তি স্বাধীনতাৰ ওপৰত সর্বাধিক গুৰুত্ব প্রদান কৰে ।
তলত দিয়াবােৰৰ প্ৰশ্নৰ উত্তৰ দিয়া:
১। আইন আৰু স্বাধীনতাৰ মাজৰ সম্পর্ক আলােচনা কৰা ।
উত্তৰঃ কিছুমান ৰাজনৈতিক চিন্তাবিদৰ মতে আইন আৰু স্বাধীনতা দুটা বিপৰীতধর্মী ধাৰণা । তেওঁলােকৰ মতে আইনে স্বাধীনতা সংকুচিত কৰে । অর্থাৎ আইনে ব্যক্তিৰ স্বাধীনতাত হস্তক্ষেপ কৰে । আনহাতে আন কিছুমানৰ মতে আইন আৰু স্বাধীনতাৰ মাজত নিবিড় সম্পর্ক আছে । সুসংগঠিত সভ্য গণতান্ত্রিক ৰাষ্ট্ৰ নাগৰিক স্বাধীনতা ৰক্ষা কৰাৰ একমাত্র উপায় হ’ল আইন । আইনে স্বাধীনতাৰ ওপৰত ন্যায় সংগত নিয়ন্ত্রণ আৰােপ কৰি সকলাে ব্যক্তিয়ে সমভাৱে স্বাধীনতা উপভােগৰ সুবিধা কৰি দিয়ে । গতিকে দেখা যায় যে আইন অবিহনে জনগণে স্বাধীনতা ভােগ কৰিব নােৱাৰে । আইনে সমাজত শান্তি – শৃংখলা অটুত ৰাখে ফলত জনগণে সুস্থতাৰে স্বাধীনতা ভােগ কৰিবলৈ সক্ষম হয় ।
আইন আৰু স্বাধীনতাৰ সম্পর্ক এইদৰে উল্লেখ কৰিব পাৰি –
( ক ) আইনে প্রতিজন ব্যক্তিৰ স্বাধীনতাক আনৰ অন্যায় হস্তক্ষেপৰ পৰা ৰক্ষা কৰে ।
( খ ) আইনে সমাজত শান্তি – শৃংখলা আৰু সুস্থ পৰিৱেশ সৃষ্টি কৰি জনসাধাৰণক প্রকৃত স্বাধীনতা উপভােগ কৰাত সহায় কৰে ।
( গ ) ৰাষ্ট্ৰৰ সাংবিধানিক আইনে নাগৰিকৰ মৌলিক অধিকাৰসমূহৰ সুৰক্ষা দি চৰকাৰী হস্তক্ষেপৰ পৰা তেওঁলােকৰ স্বাধীনতা ৰক্ষা কৰে ।
গতিকে দেখা যায় যে আইন আৰু স্বাধীনতা পৰস্পৰ সম্পর্কযুক্ত । এটা আনটোৰ পৰিপূৰক । আইনে ব্যক্তি স্বাধীনতাক সুৰক্ষা দিয়ে । আইন আৰু স্বাধীনতা এটা মুদ্ৰাৰ দুটা পিঠি বুলি উল্লেখ কৰিব পাৰি ।
২। স্বাধীনতাৰ বিভিন্ন প্রকাৰসমূহ আলােচনা কৰা ।
উত্তৰঃ ( i ) নাগৰিক স্বতন্ত্রতা :- যিবােৰ সুযােগ – সুবিধাৰ দ্বাৰা নাগৰিকে সমাজত নিজৰ ব্যক্তিত্ব বিকাশ আৰু প্ৰতিভাৰ প্রকাশ কৰিব পাৰে সেইবােৰক নাগৰিক স্বতন্ত্রতা বােলে ।
( ii ) ৰাজনৈতিক স্বতন্ত্রতা :- নাগৰিকৰ ৰাষ্ট্র শাসন পৰিচালনাত সক্রিয় অংশগ্রহণ কৰিব পৰা ক্ষমতাকে ৰাজনৈতিক স্বতন্ত্রতা বােলে । ৰাজনৈতিক স্বতন্ত্রতাৰ জৰিয়তে নাগৰিকৰ ভােটাধিকাৰৰ দ্বাৰা চৰকাৰ গঠন কৰিব পাৰে , নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব পাৰে , চৰকাৰী চাকৰি বা পদৰ বাবে আবেদন কৰিব পাৰে ।
( iii ) প্রাকৃতিক স্বতন্ত্রতা :- ৰাষ্ট্ৰৰ উৎপত্তিৰ আগতে প্রাকৃতিক অৱস্থাত মানুহে যি স্বাধীনতা উপভােগ কৰিছিল তাকেই প্রাকৃতিক স্বতন্ত্রতা বােলে । এই স্বতন্ত্রতা অনুসৰি মানুহে বাধাহীনভাৱে জীৱন – যাপন কৰিব পাৰিছিল ।
( iv ) অর্থনৈতিক স্বতন্ত্রতা :- অর্থনৈতিক স্বতন্ত্র মানে জনসাধাৰণ আর্থিকভাৱে স্বাৱলম্বী হােৱা অৱস্থাক বুজায় । জীৱন নির্বাহৰ বাবে উপযুক্ত জীৱিকা অর্জনৰ স্বাধীনতা , কৰ্মৰ স্বাধীনতা , উপযুক্ত মজুৰি পােৱাৰ স্বাধীনতা ইত্যাদি অর্থনৈতিক স্বতন্ত্রতাৰ উদাহৰণ । অর্থনৈতিক স্বাধীনতা অবিহনে আন সকলাে স্বাধীনতা মূল্যহীন ।
( v ) ৰাষ্ট্ৰীয় স্বতন্ত্রতা :- ৰাষ্ট্ৰীয় স্বতন্ত্রতা মানে হ’ল ৰাষ্ট্র বিদেশী শাসন বা নিয়ন্ত্ৰণৰ পৰা মুক্ত । ৰাষ্ট্রীয় স্বাধীনতাই ৰাষ্ট্ৰৰ স্বাধীনতাক বুজায় । ৰাষ্ট্রীয় স্বতন্ত্রতাই এখন ৰাষ্ট্রক সার্বভৌম ক্ষমতাৰ অধিকাৰী হােৱা বুজায় ।
৩। নেলচন মেণ্ডেলা কোন আছিল ? তেওঁ কাৰ বিৰুদ্ধে সংগ্রাম কৰিছিল ? তেওঁৰ সংগ্ৰামৰ উদ্দেশ্য কি আছিল ?
উত্তৰঃ নেলচন মেণ্ডেলা দক্ষিণ আফ্রিকাৰ এজন স্বাধীনতা সংগ্রামী আছিল । তেওঁ কৃষ্ণাঙ্গসকলৰ মুক্তিৰ বাবে প্রতিবাদ কৰি আন্দোলন কৰিছিল । নেলচন মেণ্ডেলাই দক্ষিণ আফ্রিকা বর্ণবাদী আমােলৰ শাসনৰ বিৰুদ্ধে সংগ্রাম কৰিছিল বর্ণবাদী আমােলৰ শাসকসকলে বৰ্ণৰ ভিত্তিত শ্বেতাংগ আৰু কৃষ্ণাঙ্গসকলক বিভাজিত কৰি বৈষম্যমূলক ব্যৱহাৰ কৰিছিল ।
তেওঁৰ সংগ্ৰামৰ উদ্দেশ্য আছিল স্বাধীনতাৰ ক্ষেত্ৰত অযুক্তিকৰ বাধা – নিষেধৰ অৱসান ঘটোৱা আৰু কৃষ্ণাঙ্গসকলক মুক্ত আৰু স্বাধীন জীৱনৰ অধিকাৰ প্ৰদান কৰা ।
৪। নেতিবাচক আৰু ইতিবাচক স্বাধীনতাৰ মাজত থকা পার্থক্যসমূহৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ স্বাধীনতাৰ ধাৰণাক নেতিবাচক আৰু ইতিবাচক এই দুটা ভাগত ভাগ কৰা হৈছে । এই দুয়ােটা ধাৰণাৰ মাজত কিছুমান পার্থক্য থকা দেখা যায় ।
১। নেতিবাচক স্বাধীনতা চূড়ান্ত আৰু অনিয়ন্ত্রিত । আনহাতে ইতিবাচক স্বাধীনতাক সার্বজনীন আৰু প্রকৃত স্বাধীনতা বুলি কোৱা হয় ।
২। নেতিবাচক স্বাধীনতাই কোনাে বাধা আৰােপৰ কথা প্রকাশ নকৰে । সমাজত বসবাস কৰা প্রতিজন ব্যক্তিয়েই নিজৰ ইচ্ছামতে ব্যক্তিগত স্বাধীনতা ভােগ কৰাৰ অধিকাৰীহ’ব লাগে । ইতিবাচক স্বতন্ত্রতাৰ প্রধান বৈশিষ্ট্য হ’ল নিয়ন্ত্রণ । ইতিবাচক স্বাধীনতাই নিয়ন্ত্রণবিহীনতাক বুজায় ।
৩। স্বাধীনতাৰ নেতিবাচক ধাৰণাই ব্যক্তিৰ কাৰ্যৰ ওপৰত ৰাষ্ট্ৰৰ সীমিত হস্তক্ষেপ বিচাৰে । ইতিবাচক ধাৰণাই ব্যক্তিৰ স্বতন্ত্রতাৰ ক্ষেত্ৰত ৰাষ্ট্রৰ যুক্তিযুক্ত হস্তক্ষেপক সমর্থন কৰে আৰু ব্যক্তি স্বাধীনতা ভােগৰ ক্ষেত্ৰত প্রয়ােজনীয় পৰিৱেশ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব দিয়ে ।
৪। নেতিবাচক স্বাধীনতাৰ ধাৰণাই ৰাষ্ট্ৰক ব্যক্তি স্বাধীনতাৰ পৰিপন্থী হিচাপে বিবেচনা কৰে । ই ব্যক্তিৰ আত্মকেন্দ্রিক কামৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ হস্তক্ষেপ বাঞ্ছা নকৰে । আনহাতে , ইতিবাচক স্বাধীনতাৰ ধাৰণা মতে , স্বাধীনতা ভােগৰ কাৰণে ৰাষ্ট্রই প্রয়ােজনীয় পৰিৱেশ সৃষ্টি কৰা উচিত । ৰাষ্ট্ৰৰ অনুপস্থিতিত ব্যক্তিগত স্বাধীনতা উপভােগ কৰিব নােৱাৰিব বুলি ইতিবাচক স্বতন্ত্রতাই বিশ্বাস কৰে ।
৫। নেতিবাচক স্বাধীনতাৰ ধাৰণাই ব্যক্তিগত কার্যৰ ওপৰত অধিক গুৰুত্ব দিয়ে । কিন্তু স্বাধীনতাৰ ইতিবাচক ধাৰণাই ব্যক্তিৰ সামাজিক দিশৰ ওপৰতহে অধিক গুৰুত্ব আৰােপ কৰে ।
৬। নেতিবাচক স্বাধীনতাৰ ধাৰণাই ব্যক্তিগত আৰু ৰাজনৈতিক উভয় দিশৰ ওপৰত প্রাধান্য দিয়ে । কিন্তু স্বতন্ত্রতাৰ ইতিবাচক ধাৰণাই ব্যক্তিগত স্বাধীনতাৰ সামাজিক আৰু অর্থনৈতিক দিশৰ ওপৰতহে অধিক গুৰুত্ব দিয়ে ।
৭। উদাৰনৈতিক চিন্তাবিদসকল ব্যক্তিগত স্বাধীনতাৰ নেতিবাচক ধাৰণাৰ সমর্থক । তেওঁলােকৰ মতে , ৰাষ্ট্রৰ জনসাধাৰণৰ অর্থনৈতিক কার্যকলাপৰ ওপৰত হস্তক্ষেপ কৰা অনুচিত । আনহাতে , সমাজবাদৰ সমর্থকসকলে ইতিবাচক স্বাধীনতাৰ ধাৰণাক সমর্থন কৰে ।
৮। নেতিবাচক স্বাধীনতাৰ ধাৰণা অধিকাৰ , সমতা , ন্যায় আদি ধাৰণাৰ লগত জড়িত নহয় । কিন্তু ব্যক্তিগত স্বাধীনতাৰ ইতিবাচক ধাৰণা নাগৰিকৰ অধিকাৰ , সমতা , ন্যায় আদি ধাৰণাৰ লগত ওতঃপ্রােতভাৱে জড়িত ।
৯। স্বাধীনতাৰ নেতিবাচক ধাৰণা একপক্ষীয় আৰু সেয়ে এই ধাৰণা সমর্থনযােগ্য নহয় । আনহাতে , স্বতন্ত্রতাৰ ইতিবাচক ধাৰণাৰ এটা সার্বজনীন দিশ আছে ।
Sl. No. | সূচী-পত্ৰ |
Unit 1 | প্ৰথম খণ্ড |
Chapter 1 | সংবিধান: কিয় আৰু কেনেকৈ ? |
Chapter 2 | ভাৰতীয় সংবিধানত থকা অধিকাৰ সমূহ |
Chapter 3 | নির্বাচন আৰু প্রতিনিধিত্ব |
Chapter 4 | সংবিধান: কার্যপালিকা |
Chapter 5 | বিধানমণ্ডল |
Chapter 6 | ন্যায়পালিকা |
Chapter 7 | যুক্তৰাষ্ট্রবাদ |
Chapter 8 | স্থানীয় চৰকাৰ |
Chapter 9 | জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান |
Chapter 10 | সংবিধানৰ দর্শন । |
Unit 2 | দ্বিতীয় খণ্ড |
Chapter 1 | ৰাজনৈতিক তত্ব: এক চমু পৰিচয় |
Chapter 2 | স্বাধীনতা |
Chapter 3 | সমতা |
Chapter 4 | সামাজিক ন্যায় |
Chapter 5 | অধিকাৰ |
Chapter 6 | নাগৰিকতা |
Chapter 7 | জাতীয়তাবাদ |
Chapter 8 | ধর্মনিৰপেক্ষতাবাদ |
Chapter 9 | শান্তি |
Chapter 10 | উন্নয়ন |
৫। মত প্রকাশৰ স্বাধীনতাৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ মত প্রকাশ অর্থাৎ বা স্বাধীনতা হৈছে স্বকীয় মত প্রকাশ স্বাধীনতা । বাক স্বাধীনতা বর্তমান নাগৰিকসকলৰ অন্যতম । শ্রেষ্ঠ অধিকাৰ এজন মানুহে সকলাে বিষয়তে নিজৰ মতামত স্বাধীনভাৱে প্ৰকাশ কৰিব পৰাই হৈছে বাবা মতামত প্রকাশ স্বাধীনতা । মত প্ৰকাশৰ স্বাধীনতা বুলিলে কেৱল বাক স্বাধীনতাকে নুবুজায় । বাক স্বাধীনতাৰ লগত সংবাদপত্র , ৰেডিঅ ’ , টেলিভিছন , চিনেমা আৰু সভা – সমিতি আহ্বান কৰাৰ স্বাধীনতা ওতঃপ্রোতভাবে জড়িত । এইবােৰৰ সহায়ত নাগৰিকে নিজৰ মতামত স্বাধীনভাৱে আৰু অকুণ্ঠচিত্তে প্ৰকাশ কৰিব পাৰে । জন ষ্টুৱার্ট মিলে তেওঁৰ “ On Liberty ” নামৰ গ্ৰন্থত ব্যক্তিৰ মতামত প্রকাশৰ স্বাধীনতাৰ সমর্থনত কৈছিল যে –“ যিসকলৰ ব্যক্তিয়ে অসত্য বা ভ্রান্ত ধাৰণাক সমর্থন কৰে সেই সকল ব্যক্তিৰাে মত প্রকাশৰ স্বাধীনতা আছে । ” মত প্রকাশ সমর্থনত মিলে চাৰিটা যুক্তি দাঙি ধৰিছে ।
১। কোনাে ধাৰণা বা মতামত অসভ্য হ’ব নােৱাৰে । বহু সময়ত অসত্য বুলি বিবেচিত ধাৰণাৰ মাজতো সত্য লুকাই থাকে ।
২। সত্য নিজে নিজে প্রকাশ নহয় । বিৰােধ আৰু বিতৰ্কৰ মাজেৰেহে প্রকৃত সত্য উদঘাটন হয় ।
৩। বিৰােধ আৰু বিতর্কৰ মাধ্যমত উপনীত হােৱা মতামত বিশ্বাসযােগ্য বুলি নিশ্চিত কৰিব পাৰে ।
৪। কোনাে এটা সময়ত কোনাে এখন সমাজে মিছা বুলি বিবেচনা কৰা কোনাে মতামত পৰৱৰ্তী সময়ত সঁচা বুলি পৰিগণিত হব পাৰে ।
৬৷ উদাৰতাবাদৰ গুৰুত্বৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ ১। ৰাষ্ট্রচিন্তাৰ ক্ষেত্ৰত ই এটা নতুন বিচাৰবােধ আৰু চিন্তাধাৰাৰ সূচনা কৰিছে বুলি ক’ব পাৰি ।
২। প্রচলিত বিশ্বাস আৰু কর্তৃত্বৰ বিৰুদ্ধে উদাৰতাবাদেই হ’ল প্রথম প্রতিক্রিয়া ।
৩৷ ৰক্ষণশীল আৰু ঐতিহ্যতাত ধাৰণাৰ পৰিৱর্তে ইয়েই প্রথম প্রতিক্রিয়া ।
৪। এই মতবাদে গণতান্ত্রিক ধ্যান – ধাৰণা আৰু আদৰ্শৰ প্রতি অবিচল আস্থা পােষণ কৰিছে ।
৫। সাম্য , স্বাধীনতা আৰু মৈত্রীৰ বাণী এইদৰ্শনত প্রথম উচ্চাৰিত হয় ।
৬। মানুহৰ স্বাধীন আৰু শাশ্বত ইচ্ছাৰ ধাৰণাক ই সমর্থন কৰে ।
৭। মানবতাবােধৰ দৰ্শনৰ প্রতি ইয়াৰ আবেদন তাৎপর্যপূর্ণ ।
৮। উদাৰতাবাদ গণতান্ত্রিক সংগঠন আৰু চিন্তাধাৰাৰ সমর্থক ।
৭। ক্ষতিকাৰক নীতি বুলিলে কি বুজি পােৱা ?
উত্তৰঃ জন স্কুৱার্ট মিলে তেওঁৰ ‘অন লিবার্টি’ নামৰ গ্ৰন্থখনত ক্ষতিকাৰক নীতি নামৰ এটা নীতি উল্লেখ কৰিছে । মিলৰ উক্তিটো আমি উদ্ধৃত কৰি পিছত ইয়াৰ ওপৰত আলােচনা কৰিলে বিষয়টো পৰিস্কাৰ হৈ পৰিব । মিলে কৈছে যে কোনো ব্যক্তিক কর্মৰ বাধাহীন স্বাধীনতা , ব্যক্তিগতভাৱে বা সামূহিকভাৱে সমর্থনযােগ্য বা নিশ্চিত নহয় আৰু আত্মৰক্ষাৰ নামান্তৰ মাথোন । আৰু এটা সভ্য সম্প্রদায়ৰ কোনাে সদস্য বিৰুদ্ধে ন্যায়সঙ্গতভাৱে , তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে , ক্ষমতা প্রয়ােগ কৰাৰ উদ্দেশ্য হ’ল আনৰ ক্ষতি নকৰা । মিলে ইয়াত আপােন কেন্দ্রিক আৰু পৰ কেন্দ্রিক কামৰ মাজত থকা পার্থক্যৰ উল্লেখ কৰিছে ।
যিবিলাক কামৰ বাবে কেৱল নিজে বা নিজৰ স্বার্থ জড়িত হয় তাক পৰকেন্দ্রিক কাম বুলি গণ্য কৰা হয় । যিবিলাক কামৰ ফলাফলৰ ক্ষেত্ৰত কেৱল নিজে জড়িত সেইবােৰক আপােন কেন্দ্রিক কাম বুলি গণ্য কৰা হয় আৰু যিবিলাক কামৰ ফলাফলৰ ক্ষেত্ৰত কেৱল নিজে জড়িত হয় সেইবিলাক কামৰ ক্ষেত্ৰত ৰাষ্ট্র বা আন কোনাে শক্তিয়ে হস্তক্ষেপ কৰিব নালাগে । কামটোৱে যদি আনৰ ক্ষতি নকৰে তেনেহ’লে আনে তাত হস্তক্ষেপাে কৰিব নালাগে ।
আনহাতে যিবিলাক কামৰ ফলাফলে আনক আঘাত কৰে তেনে কামৰ ক্ষেত্ৰত বাহিৰা শক্তিৰ হস্তক্ষেপৰ প্রয়ােজন আছে আৰু তেনে ক্ষেত্ৰত ৰাষ্ট্রৰ শক্তিয়ে বাধাৰ সৃষ্টি কৰিব পাৰে । মানৱ সমাজৰ বাবে স্বাধীনতা যিহেতু মূল প্রয়ােজনীয় উপাদান , মর্যাদা জীৱন যাপনৰ খাতিৰত কেৱল বিশেষ ক্ষেত্ৰতহে স্বাধীনতাৰ ওপৰত প্রতিবন্ধকতা আৰােপ কৰা উচিত । যিয়ে আইনগত বাধা আৰােপ নকৰি কেৱল সামাজিক নিন্দাৰ কথা কৈছে । মিলৰ এই তত্বটো গ্রহণযােগ্য নহয় , আপােন কেন্দ্রিক কাৰ্য আৰু পৰকেন্দ্রিক কার্যৰ মাজত প্রভেদ উলিওৱাটো বৰ সহজ নহয় ।
প্রত্যেকটো আপােন কেন্দ্রিক কার্যই অৱশেষত আনকো ক্ষতি কৰে । বার্কাৰে কৈছে , ‘ মিলে আছিল শূন্যগর্ভ স্বাধীনতাৰ প্ৰচাৰক । ”
৮। আইনৰ শাসনৰ জৰিয়তে কেনেদৰে নাগৰিকৰ স্বাধীনতা ৰক্ষা কৰিব পাৰি ?
উত্তৰঃ আইন শাসনৰ জৰিয়তে নাগৰিক স্বাধীনতা ৰক্ষা কৰিব পাৰি । লিখিত সংবিধান থকা দেশতহে মৌলিক অধিকাৰৰ ব্যৱস্থা কৰিব পাৰি । লিখিত সংবিধান নাথাকিলে মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰিব পৰা নাযায় । উদাহৰণস্বৰূপে , ইংলেণ্ডত লিখিত সংবিধান নাই , গতিকে তাত মৌলিক অধিকাৰৰ ব্যৱস্থাও নাই । মৌলিক অধিকাৰৰ পৰিৱর্তে ইংলেণ্ডত আইনৰ শাসনৰ প্রচলন আছে । আইনৰ শাসনৰ প্ৰচলন থকাৰ কাৰণে তাত নাগৰিক স্বাধীনতা ক্ষুন্ন নহয় । আইনৰ শাসনে সাধাৰণতে তলত উল্লেখ কৰা অৱস্থাক বুজায় –
১। আইন উলংঘা কৰা অপৰাধৰ বাহিৰে আন কোনাে কাৰণত কোনাে ব্যক্তিক আটক কৰিব পৰা নাযায় ।
২। প্রধানমন্ত্রীৰ পৰা সাধাৰণ লােকলৈকে সকলাে লােককে একে আইনৰ মাধ্যমেৰে বিচাৰ কৰা হ’ল আৰু সমান দোষৰ কাৰণে সমান শাস্তিৰ ব্যৱস্থা কৰা হয় । এনেবােৰ ব্যৱস্থা থকাৰ কাৰণে কাৰ্যপালিকাই ইচ্ছামতে যিকোনাে লােকক আটক কৰি শাস্তি বিধান কৰিব নােৱাৰে । তাৰ উপৰি এই ব্যৱস্থাত কোনাে বিশে , লােকৰ কাৰণে কোনাে বিশেষ ব্যৱস্থা নাথাকে । সেয়েহে , আইনৰ শাসনৰ জৰিয়তে নাগৰিক স্বাধীনতাক অক্ষুন্ন ৰাখিব পাৰি ।
৯। চিৰ সজাগতাক কিয় স্বাধীনতাৰ চাবিকাঠি আখ্যা দিয়া হয় ?
উত্তৰঃ নাগৰিকসকল ৰাজনৈতিকভাৱে সচেতন নহলে ওপৰত উল্লেখ কৰা ব্যৱস্থা সমূহ থাকিলেও নাগৰিকৰ স্বাধীনতা খর্ব হ’ব পাৰে । চৰকাৰৰ যদি বিশ্বাস হয় যে নাগৰিকসকল ৰাজনৈতিকভাৱে সচেতন নহয় আৰু তেওঁলােকৰ ব্যক্তি স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰিলেও তেওঁলােকে তাৰ প্রতিবাদ নকৰে , তেতিয়া চৰকাৰে দলীয় স্বার্থৰ খাতিৰত নাইবা আন কোনাে কাৰণত নাগৰিকৰ স্বাধীনতাৰ ওপৰত অযথা হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিব পাৰে । কিন্তু ৰাজনৈতিকভাৱে সচেতন নাগৰিকৰ ব্যক্তি স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰিলে , তেনে হস্তক্ষেপৰ প্রতিবাদ নােহােৱাকৈ নাথাকে । ৰাজনৈতিক দলসমূহে চৰকাৰৰ এনে কাৰ্যৰ সমালােচনা কৰি নাগৰিকসকলৰ ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰিব পাৰে । সেয়েহে চিৰ সজাগতাকেই স্বাধীনতাৰ চাবিকাঠি আখ্যা দিয়া হয় ।
১০। জন ষ্টুৱার্ট মিলৰ “ On Liberty ” নামৰ গ্ৰন্থত মতামত প্রকাশৰ স্বাধীনতাৰ সম্পৰ্কত কি কৈছিল ?
উত্তৰঃ জন ষ্টুৱার্ট মিলে তেওঁৰ “ On Liberty ” নামৰ গ্ৰন্থত ব্যক্তিৰ মতামত প্রকাশৰ স্বাধীনতা আছে বুলি কৈছে । মত প্রকাশৰ সমর্থনত মিলে চাৰিটা যুক্তি দাঙি ধৰিছে –
১। কোনাে ধাৰণা বা মতামত অসভ্য হ’ব নােৱাৰে । বহু সময়ত অসভ্য বুলি বিবেচিত ধাৰণাৰ মাজততা সত্য লুকাই থাকে ।
২। সত্য নিজে নিজে প্রকাশ নহয় । বিৰােধ আৰু বিতর্কৰ মাজেৰেহে প্রকৃত সত্য উদঘাটন হয় ।
৩। বিৰােধ আৰু বিতৰ্কৰ মাধ্যমত উপনীত হােৱা মতামত বিশ্বাসযােগ্য বুলি নিশ্চিত কৰিব পাৰে ।
৪। যিকোনাে এটা সময়ত কোনাে এখন সমাজে মিছা বুলি বিবেচনা কৰা কোনাে মতামত পৰৱৰ্তী সময়ত সঁচা বুলি পৰিগণিত হ’ব পাৰে ।
১১। নেতিবাচক স্বাধীনতা বুলিলে কি বুজা ?
উত্তৰঃ নেতিবাচক স্বতন্ত্রতাই জনসাধাৰণ আৰু তেওঁলােকৰ কাম কাজৰ কোনাে ধৰণৰ বাধা অথবা নিয়ন্ত্ৰণৰ উপস্থিতি কামনা নকৰে । স্বতন্ত্রতাৰ এই ধাৰণা অনুসৰি ব্যক্তিৰ জীৱনৰ কেতবােৰ কথা সম্পূৰ্ণৰূপে বাহ্যিক হস্তক্ষেপ অথবা নিয়ন্ত্রণমুক্ত হােৱা উচিত । নেতিবাচক স্বতস্ত্ৰতাৰ অৰ্থ হ’ল বাহ্যিক হস্তক্ষেপণ স্বতন্ত্রতা । জনলকে মত প্রকাশ কৰিছিল যে জীৱন , স্বতন্ত্রতা আৰু সম্পত্তি মানুহৰ প্রাকৃতিক অধিকাৰ । এইবােৰ অধিকাৰ ৰাষ্ট্ৰচ ধাচনাৰ উদ্ভৱৰ পূৰ্বৰে পৰা মানুহে উপভােগ কৰি আহিছে । এই প্রাকৃতিক অধিকাৰ ৰাষ্ট্ৰৰ ধাৰণাক উদ্ভৱৰ পূৰ্বৰে পৰা মানুহে উপভােগ কৰি আহিছে । এই প্রাকৃতিক অধিকাৰসমূহ বিপদাপন্ন হােৱাৰ বাবেই ৰাষ্ট্ৰৰ সৃষ্টি কৰা হৈছিল । সেয়ে ৰাষ্ট্র আৰু চৰকাৰ এই প্রাকৃতিক অধিকাৰৰ প্রতি অনুগতি হ’ব লাগে ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Tq for helping me
Welcome
Please sir স্বাধীনতাৰ আদৰ্শ সমূহ বাখ্যা কৰক ।
Please also try to upload exercise question answer
Thank you for your help ❤?
Thank you for your help