Class 11 Political Science Chapter 13 সমতা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 13 সমতা and select needs one.
Class 11 Political Science Chapter 13 সমতা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 13 সমতা Solutions for All Subject, You can practice these here.
সমতা
পাঠ: ৩
দ্বিতীয় খণ্ড
অতি চমু প্রশ্নৰ উত্তৰ দিয়া
১। সমতাৰ সংজ্ঞা দিয়া ।
উত্তৰঃ ৰাজনৈতিক চিন্তাবিদ লাস্কিৰ মতে , “ বিশেষ সুযােগ – সুবিধাৰ অনুপস্থিতিয়েই হৈছে সমতা । ”
২। যিকোনাে এক প্রকাৰৰ সমতাৰ বিষয়ে উল্লেখ কৰা ।
উত্তৰঃ নাগৰিক সমতা ।
৩। নাৰীবাদৰ সংজ্ঞা দিয়া ।
উত্তৰঃ মহিলাৰ মূল্য আৰু ব্যক্তিগত মর্যাদা , ধর্মীয় আৰু নৈতিক আদৰ্শৰ উদ্ভাৱন , ৰাষ্ট্রৰ আইনগত , শিক্ষাগত , ভােট বা নির্বাচন ব্যৱস্থাৰ বিশেষ সংস্কাৰৰ বাবে কৰা আন্দোলনকে নাৰীবাদ আখ্যা দিয়া হয় ।
৪। ৰাজনৈতিক সমতা বুলিলে কি বুজি পােৱা ?
উত্তৰঃ ৰাজনৈতিক ক্ষেত্ৰত সকলাে নাগৰিকৰ মাজত সমান সুযােগ সুবিধাৰ ব্যৱস্থা থাকিলে ৰাজনৈতিক ক্ষমতা থকা বুজায় ।
৪। ৰাম মনােহৰ লােহিয়া কোন আছিল ?
উত্তৰঃ ৰাম মনােহৰ লােহিয়া ভাৰতৰ এজন বিশিষ্ট সমাজবাদী চিন্তাবিদ আছিল ।
৫। সমতা কি ?
উত্তৰঃ পৃথিৱীৰ কোনাে দেশতে কোনাে সময়তে সমতা বুলিলে সকলাে সমান নুবুজাইছিল আৰু বুজাব নােৱাৰে । ব্যক্তি নিজস্ব গুণৰ বাবে ব্যক্তিৰ মাজত তাৰতম্য থাকিবই । কিন্তু ব্যক্তিক সমান সুযােগ সুবিধা দিব লাগিব । গতিকে সমতা বুলিলে ব্যক্তিৰ সমান সুযােগ সুবিধাকে বুজায় ।
৬। মার্ক্সবাদ মানেনো কি ?
উত্তৰঃ কার্ল মার্ক্স উনবিংশ শতিকাৰ এজন বিখ্যাত চিন্তাবিদ আছিল । তেওঁৰ মতে , সমাজত অন্তনিহিত বৈষম্যৰ মূল কাৰণ হ’ল । অর্থনৈতিক সম্পদৰ ওপৰত থকা ব্যক্তিগত মালিকানা । ব্যক্তিগত মালিকানাই সমাজত ধনী শ্রেণীক অধিক ধনী কৰি তােলে আৰু গৰীব শ্রেণীক অধিক গৰীব কৰি তােলে ।
৭। সমতাৰ প্ৰকাৰ কেইবিধ ?
উত্তৰঃ সমতা সাধাৰণতে তিনিবিধ ।
১। ৰাজনৈতিক সমতা ।
২। সামাজিক সমতা । আৰু
৩। অর্থনৈতিক সমতা ।
৮। সামাজিক সমতা বুলিলে কি বুজা ?
উত্তৰঃ সামাজিক সমতা বুলিলে সমাজৰ দৃষ্টিত মানুহৰ লগত মানুহৰ সমতাক বুজায় । যেতিয়া জাতি , ধর্ম , বর্ণ , বংশ মর্যাদা , ভাষা , অর্থ আৰু প্ৰতিপত্তিৰ ভিত্তিত কোনাে মানুহৰ লগত আন মানুহৰ পার্থক্য নিৰূপণ কৰা নহয় তেতিয়াই তাক সামাজিক সমতা বুলি কোৱা হয় ।
৯। স্বাভাৱিক অসমতা মানে কি ?
উত্তৰঃ ৰুছােৱে ১৭৫৫ চনতে মানুহৰ স্বাভাৱিক বৈষম্যৰ কথা কৈছে । মানুহৰ দক্ষতা আৰু মেধাৰ পাৰ্থক্যৰ বাবে সৃষ্টি হােৱা বৈষম্য বা অসমতাক স্বাভাৱিক অসমতা বুলি কোৱা হয় ।
১০। সমতাৰ যিকোনাে এটা গুৰুত্বৰ বিষয়ে লিখা ।
উত্তৰঃ সমতা এটা অতি বলিষ্ঠ নৈতিক , আর্থ – সামাজিক আৰু ৰাজনৈতিক আদর্শ । ৰাজনৈতিক আদর্শ হিচাপে সমতাৰ ধাৰণাটোৱে কয় যে বর্ণ , লিংগ , জাতি , ধর্ম , ভাষা নির্বিশেষে সকলাে মানুহ সমান । এনে ধাৰণাৰ বাবেই সার্বজনীন মানৱ অধিকাৰ নাইবা মানৱ জাতিৰ বিৰুদ্ধে অপৰাধ’ আদিৰ ধাৰণাৰ সৃষ্টি হৈছে ।
১৷ সমতাৰ প্ৰকাৰসমূহৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ ৰাজনীতি বিজ্ঞানীসকলে সমতাক প্রধানতঃ তিনিটা ভাগত ভাগ কৰিছে । যেনে–
১। নাগৰিক সমতা :- নাগৰিক সমতাই ৰাষ্ট্ৰৰ সকলাে মানুহৰ সমান অধিকাৰক বুজায় ।
২। সামাজিক সমতা :- সমাজত থকা বিভিন্ন জাতি – উপজাতিৰ মাজত বৈষম্য নাথাকিলে সামাজিক সমতা থকা বুলি ক’ব পাৰি ।
৩। প্রাকৃতিক সমতা :- মানুহে সৃষ্টি কৰা বৈষম্য নথকাটোকে প্রাকৃতিক সমতা বুলি কোৱা হয় ।
Sl. No. | সূচী-পত্ৰ |
Unit 1 | প্ৰথম খণ্ড |
Chapter 1 | সংবিধান: কিয় আৰু কেনেকৈ ? |
Chapter 2 | ভাৰতীয় সংবিধানত থকা অধিকাৰ সমূহ |
Chapter 3 | নির্বাচন আৰু প্রতিনিধিত্ব |
Chapter 4 | সংবিধান: কার্যপালিকা |
Chapter 5 | বিধানমণ্ডল |
Chapter 6 | ন্যায়পালিকা |
Chapter 7 | যুক্তৰাষ্ট্রবাদ |
Chapter 8 | স্থানীয় চৰকাৰ |
Chapter 9 | জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান |
Chapter 10 | সংবিধানৰ দর্শন । |
Unit 2 | দ্বিতীয় খণ্ড |
Chapter 1 | ৰাজনৈতিক তত্ব: এক চমু পৰিচয় |
Chapter 2 | স্বাধীনতা |
Chapter 3 | সমতা |
Chapter 4 | সামাজিক ন্যায় |
Chapter 5 | অধিকাৰ |
Chapter 6 | নাগৰিকতা |
Chapter 7 | জাতীয়তাবাদ |
Chapter 8 | ধর্মনিৰপেক্ষতাবাদ |
Chapter 9 | শান্তি |
Chapter 10 | উন্নয়ন |
২। ৰাজনৈতিক সমতাৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ গণতান্ত্রিক ৰাজনৈতিক সমাজত ৰাষ্ট্ৰৰ সকলাে নাগৰিকক কিছুমান অধিকাৰ দিয়াটো সূচায় । আন কথাত , ৰাজনৈতিক ক্ষেত্ৰত সকলাে নাগৰিকৰ মাজত সমান সুযােগ – সুবিধাৰ ব্যৱস্থা থাকিলে ৰাজনৈতিক সমতা থকা বুজায় । ৰাজনৈতিক সমতাই সাধাৰণতে তলত উল্লেখ কৰা তিনিটা অধিকাৰক বুজায় । এই অধিকাৰ তিনিটা থাকিলে ৰাজনৈতিক সমতা থকা বুলি কোৱা হয় ।
১। জাতি , ধর্ম , বর্ণ , ভাষা নির্বিশেষে নির্দিষ্ট বয়সৰ সকলাে নাগৰিকৰে ভােটদানৰ অধিকাৰ থাকিব পাৰে ।
২। অৰ্হতাসম্পন্ন সকলাে নাগৰিকৰে ভােটদানৰ অধিকাৰ থাকিব লাগে ।
৩। অৰ্হতাসম্পন্ন সকলাে নাগৰিকে চৰকাৰী চাকৰিৰ কাৰণে আবেদন কৰাৰ অধিকাৰ পাব লাগে । এই অধিকাৰসমূহক নাগৰিকৰ বিকাশ সাধন আৰু ৰাষ্ট্রৰ বিভিন্ন কার্যকলাপৰ অংশগ্ৰহণৰ কাৰণে বিশেষ প্রয়ােজন বুলি বিবেচনা কৰা হয় ।
৩। অর্থনৈতিক সমতাই আন সকলাে সমতাৰ মূল ভেঁটি মন্তব্যটোৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ অর্থনৈতিক সমতাই আন সকলাে সমতাৰ মূল ভেঁটি কাৰণ নাগৰিক সকলৰ মাজত অর্থনৈতিক সমতা নাথাকিলে আন আন সমতাবিলাকৰ তাৎপর্য কমি যায় । অর্থনৈতিক সমতাই সকলাে নাগৰিকৰে সমান সম্পতি থকাক নুবুজায় । কর্মশক্তি , বিদ্যা বুদ্ধি আদিৰ ক্ষেত্ৰত যিহেতু মানুহৰ মাজত প্রভেদ আছে , আর্থিক ক্ষেত্ৰতাে মানুহৰ মাজত প্রভেদ থকাটো স্বাভাৱিক । অর্থাৎ যিজন ব্যক্তি অথবা শ্ৰেণীৰ মাজত সম্পদ , সম্পত্তি আৰু আয়ৰ ক্ষেত্ৰত প্ৰভেদ থাকে তেনে সমাজতে অসমতা বিৰাজ কৰে । সেয়ে অর্থনৈতিক সমতাই ঘাইকৈ দুটা কথাক বুজায়।নকাৰাত্মকভাৱে প্ৰকাশ কৰিবলৈ হ’লে বিশেষ লােকৰ কাৰণে বিশেষ সুযােগ – সুবিধাৰ ব্যৱস্থা থাকিব নালাগে । সকাৰাত্মকবাৱে প্ৰকাশ কৰিবলৈ হ’লে জীৱন – ধাৰণৰ বাবে নিম্নতম আর্থিক সুবিধা সকলােৱে পাব লাগে । এই দুটা ব্যৱস্থা থাকিলে অর্থনৈতিক সমতা থকা বুলি কব পাৰি ।
৪। স্বাধীনতা আৰু সমতাৰ মাজত সম্পর্ক লিখা ।
উত্তৰঃ স্বাধীনতা আৰু সমতাৰ মাজত যে সম্পর্ক আছে সেই কথা মিল , বার্কাৰ , হবহাউছ আদি চিন্তাবিদসকলে ব্যাখ্যা কৰিছে । তেওঁলােকৰ মতে স্বাধীনতা আৰু সমতাৰ সম্পর্ক তলত দিয়া ধৰণে ব্যাখ্যা কৰিব পাৰি —
( ক ) স্বাধীনতা হৈছে ব্যক্তিৰ নিজৰ প্রতিভা বিকাশ আৰু ব্যক্তিত্বৰ প্রকাশৰ বাবে এক দৰকাৰী অৱস্থা । সমতাই সকলাে লােকৰে ব্যক্তিত্ব আৰু প্রতিভা বিকাশৰ বাবে ৰাজনৈতিক , সামাজিক , অর্থনৈতিক স্বাধীনতাক উপভােগ কৰাকে বুজায় ।
( খ ) স্বাধীনতা সমতাৰ পূর্ব চর্তস্বৰূপ । স্বাধীনতা থাকিলেহে সমতা থাকিব আৰু তেতিয়াহে সম অধিকাৰৰ ভিত্তিত নাগৰিকে সমতা ভােগ কৰিবলৈ সক্ষম হয় ।
( গ ) সাম্যবাদী চিন্তাবিদসকলৰ মতে সমতা অবিহনে স্বাধীনতা মূল্যহীন । আনহাতে উদাৰবাদী স্বাধীনতা অবিহনে সমতা মূল্যহীন । গতিকে সাম্যবাদী আৰু পুঁজিবাদী দুয়ােটা ব্যৱস্থাতে স্বাধীনতা আৰু সমতাক সমান গুৰুত্ব দিয়া হয় । এইদৰে দেখা যায় যে স্বাধীনতা অবিহনে এখন দেশৰ নাগৰিকসকলৰ সমতাৰ কোনাে মূল্য নাই । সেইদৰে সমতা অবিহনে স্বাধীনতাৰাে কোনাে মূল্য নাই । স্বাধীনতা উপভােগৰ বাবে সমতা লাগে আৰু সমতা থাকিলেহে জনসাধাৰণে স্বাধীন জীৱন যাপন কৰিব পাৰে ।
৫। “ ৰাজনৈতিক সমতা গণতন্ত্রৰ ভেঁটি ” —ব্যাখ্যা কৰা । অথবা গণতন্ত্রৰ ৰাজনৈতিক সমতা অপৰিহাৰ্য । ব্যাখ্যা কৰা ।
উত্তৰঃ সকলাে নাগৰিকে বা কার্যত সমান অংশগ্রহণৰ অধিকাৰ পােৱাকে ৰাজনৈতিক সমতা বােলে । ৰাজনৈতিক সমতাই তিনিটা দিশ বুজায় । যেনে –
১। সকলাে নাগৰিকে ভােট দিয়াৰ অধিকাৰ ।
২। নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ । আৰু
৩। চাকৰিৰ বাবে আবেদনৰ অধিকাৰ ।
ৰাজনৈতিক সমতা গণতন্ত্রৰ ভেঁটি ।
৬। সামাজিক সমতা ৰক্ষাৰ অন্তৰায়সমূহ উল্লেখ কৰা ।
উত্তৰঃ সামাজিক সমতা প্রতিষ্ঠা কৰাৰ কিছুমান অসুবিধা বা অন্তৰায় আছে । যেনে — সমাজত পৰম্পৰাগতভাৱে পুৰণিকালৰে পৰা চলি অহা জাতিগত বৈষম্য , ধর্মীয় বৈষম্য , লিংগ বৈষম্য , বর্ণ বৈষম্য ইত্যাদি । দৰিদ্ৰতা সামাজিক সমতা ৰক্ষাৰ এক প্রধান অন্তৰায় । সমাজত দৰিদ্ৰতা বিৰাজ কৰা বাবে ধনী – দুখীয়াৰ প্রভেদ স্পষ্ট আৰু তীব্রভাৱে বৃদ্ধি হৈছে । সমাজত জনসংখ্যা বৃদ্ধিৰ লগে লগে নিবনুৱা সমস্যা , গৃহহীনতাৰ সমস্যাৰ সৃষ্টি হৈছে । নিৰক্ষৰতা সামাজিক সমস্যাৰ আন এক অন্তৰায় । নিৰক্ষৰ লােৰে সমান সুযােগ সুবিধাৰ অধিকাৰ দাবী কৰিব নােৱাৰে । তদুপৰি ধৰ্মীয় বৈষম্যৰ ফলতাে সামাজিক সমতা বাধাগ্রস্ত হয় ।
৭। মহিলা ভােটাধিকাৰৰ সপক্ষে যুক্তি দিয়া ।
উত্তৰঃ ( ক ) চৰকাৰৰ সিদ্ধান্তই পুৰুষৰ লগতে মহিলাৰ ওপৰতাে প্রভাৱ পেলায় । গতিকে চৰকাৰৰ প্রতিনিধি সকলক নির্বাচন কৰোঁতে মহিলা সকলক অংশগ্রহণৰ অধিকাৰ দিয়া উচিত ।
( খ ) মানৱ সমাজৰ আধা সংখ্যক মহিলা । গতিকে মহিলাসকলক ভােটাধিকাৰ দিয়াটো দৰকাৰী ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.