Class 11 Political Science Chapter 14 সামাজিক ন্যায়

Join Telegram channel

Class 11 Political Science Chapter 14 সামাজিক ন্যায় The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 14 সামাজিক ন্যায় and select needs one.

Class 11 Political Science Chapter 14 সামাজিক ন্যায়

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 14 সামাজিক ন্যায় Solutions for All Subject, You can practice these here.

সামাজিক ন্যায়

পাঠ: ৪

দ্বিতীয় খণ্ড

অতি চমু প্রশ্নৰ উত্তৰ দিয়া

১। ন্যায় কি ? 

উত্তৰঃ ন্যায় হ’ল সকলাে লােকক প্রাপ্য আৰু সমান গুৰুত্ব প্রদান কৰা এটা নীতি । 

২। বিতৰণমূলক ন্যায়ৰ ধাৰণাটো কোনে আগবঢ়াইছিল ? 

উত্তৰঃ এৰিষ্টটল । 

৩। “ অগুণতাৰ আৱৰণৰ ধাৰণাটো কোনে আগবঢ়াইছিল । 

উত্তৰঃ জন ৰাউলৰ ।

৪। প্লেটোৱে কোনখন গ্ৰন্থত ন্যায়ৰ ধাৰণাটো উল্লেখ কৰিছে ? 

উত্তৰঃ ৰিপাব্লিক নামৰ গ্ৰন্থখনত । 

৫। সামাজিক ন্যায় কি ? 

উত্তৰঃ সমাজত সকলাে লােকে মর্যাদা সহকাৰে জীয়াই থাকিবৰ বাবে নুন্যতম সুবিধাখিনি লাভ কৰিব পৰা অৱস্থাকে সামাজিক ন্যায় বুলি কোৱা হয় । 

৬। “ সকলাে মানুহেই মর্যাদাপ্রাপ্ত ” — এই মন্তব্য কোনে আগবঢ়াইছিল ? 

উত্তৰঃ ইমানুৱেল কান্ট । 

৭। ন্যায়ৰ এটা সংজ্ঞা দিয়া । 

উত্তৰঃ ডি.ডি. ৰাফেলৰ মতে , “ ন্যায়ে ব্যক্তিৰ অধিকাৰ ৰক্ষা কৰে । আৰু লগতে শৃঙ্খলাও ৰক্ষা কৰে । ”

৮। “ A Theory of Justice ” নামৰ গ্ৰন্থখন কোনে লিখিছিল ।

উত্তৰঃ জন ৰাবেলছে । 

৯। সমানুপাতিক ন্যায় মানে কি ? 

উত্তৰঃ সকলাে লােককে তেওঁলােকৰ যােগ্যতা আৰু মানদণ্ডৰ ওপৰত ভিত্তি কৰি ন্যায় বিতৰণ কৰাকে সমানুপাতিক ন্যায় বুলি ক’ব পাৰি । 

১০। “ এখন ন্যায়নিষ্ঠ সমাজ সেইখনেই ” য’ত ভক্তি বা সন্মানৰ উদ্ধগামী অনুভৱ বা চেতনা আৰু ঘৃণা বা অপমানৰ নিম্নগামী অনুভৱ বা চেতনা এখন সহানুভূতি সম্পন্ন সমাজ গঢ়াৰ দ্বাৰা নাইকিয়া হৈ যায় । ” – উক্তিটো কাৰ ? 

উত্তৰঃ ড০ বি . আৰ . আম্বেদকাৰ ।

১১। বেলছ ন্যায় ধাৰণাৰ যিকোনাে দুটা বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ ১। নিৰপেক্ষতা আৰু সুন্দৰতাই ন্যায় । 

২। ন্যায়ে ধৰি লয় যে এখন সমাজ মুক্ত আৰু সমান লােকৰ ওপৰত স্থাপিত । 

১২। মানৱ অধিকাৰৰ সার্বজনীন ঘােষণা পত্র কিমান চনত ৰাষ্ট্ৰসংঘই ঘােষণা কৰিছিল ? 

উত্তৰঃ ১৯৪৮ চনত । 

১৩। আইন আৰু ন্যায়ৰ সম্পৰ্কৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ আইন আৰু ন্যায় পৰস্পৰ সম্পর্কযুক্ত দুটা পদ । ৰাজনীতি বিজ্ঞান দুয়ােটাই গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰি আছে । আইন ৰচনাৰ প্ৰাথমিক উদ্দেশ্য হ’ল সমাজত ন্যায় প্রতিষ্ঠা । আইন হ’ল ৰাষ্ট্র সর্বোচ্চ কর্তৃপক্ষই প্রণয়ন কৰা কিছুমান সুশৃংখল নীতি – নিয়ম , যাৰ সহায়ত মানুহে সুসভ্য জীৱন – ধাৰণ কৰা সম্ভৱ হয় আৰু সমাজত শান্তি – সম্প্রীতি স্থাপন কৰা সহজ হয় । গতিকে আইনৰ তৎকালীন উদ্দেশ্য হৈছে ন্যায় লাভ কৰা । ” 

১৪। এৰিষ্টটলৰ মতে ন্যায় মানে কি ? 

উত্তৰঃ “ সমাজৰ প্রতি অৰিহণৰ ভিত্তিত মানুহৰ স্থান নির্ণয় কৰাই হৈছে ন্যায় । ” 

১৫। এৰিষ্টটলে ন্যায়ক কেইটা ভাগত ভাগ কৰিছে ? 

উত্তৰঃ দুটা ভাগত ভাগ কৰিছে । যেনে :– 

১। সংকল্পনাক বিতৰণমূলক ন্যায় । আৰু 

২। সংশােধনমূলক ন্যায় । 

১৬। ন্যায় শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছে ? 

উত্তৰঃ গ্রীক শব্দ “ ডিকাইছোম । ” 

১৭। যি কোনাে দুবিধ ন্যায় উল্লেখ কৰা । 

উত্তৰঃ সামাজিক ন্যায় আৰু অর্থনৈতিক ন্যায় । 

১৮। সামাজিক ন্যায়ৰ যিকোনাে এটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ সমাজৰ সকলাে মানুহে জাতিবর্ণ – ধর্ম নির্বিশেষে সম অধিকাৰ লাভ কৰে । 

১৯। “ ভাৰতীয় সংবিধানে সামাজিক ন্যায়ৰ নীতি গ্রহণ কৰিছে । – হয় নে নহয় লিখা । 

উত্তৰঃ হয় । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1সংবিধান: কিয় আৰু কেনেকৈ ?
Chapter 2ভাৰতীয় সংবিধানত থকা অধিকাৰ সমূহ
Chapter 3নির্বাচন আৰু প্রতিনিধিত্ব
Chapter 4সংবিধান: কার্যপালিকা
Chapter 5বিধানমণ্ডল
Chapter 6ন্যায়পালিকা
Chapter 7যুক্তৰাষ্ট্রবাদ
Chapter 8স্থানীয় চৰকাৰ
Chapter 9জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান
Chapter 10সংবিধানৰ দর্শন ।
Unit 2দ্বিতীয় খণ্ড
Chapter 1ৰাজনৈতিক তত্ব: এক চমু পৰিচয়
Chapter 2স্বাধীনতা
Chapter 3সমতা
Chapter 4সামাজিক ন্যায়
Chapter 5অধিকাৰ
Chapter 6নাগৰিকতা
Chapter 7জাতীয়তাবাদ
Chapter 8ধর্মনিৰপেক্ষতাবাদ
Chapter 9শান্তি
Chapter 10 উন্নয়ন

তলত দিয়া প্রশ্নবােৰৰ উত্তৰ দিয়া :

১। ন্যায়ৰ প্ৰকাৰ সমূহৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ বর্তমান যুগত ন্যায়ৰ সংকল্পনাক প্রাকৃতিক , বৈধিক , সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক এইকেইটা ভাগত আলােচনা কৰিব পাৰি ৷

প্রাকৃতিক ন্যায় :- সাধাৰণতে প্রাকৃতিক আইনৰ ধাৰণাৰ পৰা প্রাকৃতিক ন্যায়ৰ ধাৰণাৰ উৎপত্তি বুলি কোৱা হয় । এজন ব্যক্তিয়ে আনা এজন ব্যক্তিৰ পৰা যেনে ব্যৱহাৰ পাব বিচাৰে , আনৰ প্ৰতিও তেনে ব্যৱহাৰ কৰাই হ’ল প্রাকৃতিক ন্যায় । 

বৈধিক ন্যায় :- প্রচলিত বিধি – বিধানৰ জৰিয়তে জনসাধাৰণৰ মাজত সৃষ্টি হােৱা বাদ – বিবাদক মীমাংসা কৰি দোষীক উপযুক্ত শাস্তি বিধান কৰা ব্যৱস্থাকে বৈধিক ন্যায় আখ্যা দিব পাৰি । 

সামাজিক ন্যায় :- যি সমাজত জাতি , ধর্ম , ভাষা জন্ম আদিৰ ভিত্তিত মানুহৰ মাজত উচ্চ – নীচ , ডাঙৰ – সৰু আদিৰ ব্যৱস্থা নাই , সমাজ সামাজিক ন্যায়ৰ ভিত্তিত প্রতিষ্ঠিত বুলি ক’ব পাৰি । 

ৰাজনৈতিক ন্যায় :- ন্যায়ৰ সংকল্পনাক ৰাজনৈতিক দৃষ্টিভঙ্গীৰেও বিচাৰ কৰা হয় । যি সমাজত সকলাে শ্ৰেণীৰ লােকে ৰাজনীতিৰ অংশগ্রহণৰ সুবিধা পায় , সেই সমাজ ৰাজনৈতিক ন্যায়ৰ ভিত্তিত প্রতিষ্ঠিত বুলি ক’ব পাৰি । 

অর্থনৈতিক ন্যায় :- অর্থনৈতিক ন্যায়ে দুটা কথাক বুজায় –

১। কোনাে বিশেষ শ্রেণীৰ লােকৰ কাৰণে বিশেষ সুবিধা থাকিব নালাগে ।

২। জীৱন – ধাৰণৰ কাৰণে নিম্নতম সুবিধা সকলাে লােকে পাব লাগে । 

২। জন ৰাৱেলছৰ ন্যায়ৰ তত্বটোৰ বিষয়ে আলােচনা কৰা ৷ 

উত্তৰঃ জন ৰাৱেলছে তেওঁৰ “ A Theory of Justice ” নামৰ গ্ৰন্থখনত ন্যায়ৰ ওপৰত আলােচনা কৰিছে । যদি মানুহক কেনে ধৰণৰ সমাজত বাস কৰিব বিচাৰে বুলি সুধি পছন্দ কৰিবলৈ কোৱা হয় , তেনেহ’লে তেওঁলােকে এনে এখন সমাজেই পছন্দ কৰিব যত সমাজৰ আইন আৰু সংগঠনে তেওঁলােকক এটা সুবিধাজনক পদমর্যাদা দিব পাৰে । মানুহে কেতিয়াও নিজৰ স্বার্থ বিসর্জন দি সমাজৰ মঙ্গলৰ কাৰণে চিন্তা কৰিব বুলি আশা কৰিব নােৱাৰি । জন ৰাৱেলছে কৈছে যে এটা নিৰপেক্ষ আৰু ন্যায়নিষ্ঠ নীতিত উপনীত হােৱাৰ একমাত্র উপায় হ’ল আমি যদি নিজকে এনে এটা পৰিস্থিতিত পৰা বুলি কল্পনা কৰিব পাৰোঁ , যত আমি সিদ্ধান্ত গ্রহণ কৰিব লাগিব যে সমাজ কেনেকৈ গঠন কৰিব পাৰি , যদিও নাজানাে সেইখন সমাজত আমি কেনেৰূপত অৱস্থান কৰিম । 

ৰাৱেলছে কৈছে , আমি যদি নাজানাে আমি কোন আৰু ভৱিষ্যতে আমাৰ বাবে কেনে সুযােগ সুবিধা আদি খােলা থাকিব , তেনেহ’লে আমি এনে ভৱিষ্যত সমাজৰ আইন কানুন আৰু গঠনৰ ক্ষেত্ৰত তেনে সিদ্ধান্তকে কৰিম যাৰ দ্বাৰা আমি সকলাে সদস্য সমানে আৰু নিৰপেক্ষভাৱে উপকৃত হওঁ । ৰাৱেলছে ইয়াক অজ্ঞতাৰ পৰ্দাৰে  ঢাকি থােৱা চিন্তা বুলি কৈছে । তেওঁ আশা কৰে যে এন সমাজৰ আমাৰ সম্ভাব্য স্থান আৰু পদমর্যাদা সম্পর্কে সম্পূর্ণ অজ্ঞতাৰ অৱস্থাত প্রত্যেক ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰিয়েই সিদ্ধান্ত গ্রহণ কৰিব । সুবিধা হ’ল ইয়াত মানুহে কেৱল যুক্তিসঙ্গতভাৱে নিজৰ চিন্তা কৰিলেই হ’ল । তেওঁলােকে কেৱল নিজৰ চিন্তাই কৰিব আৰু অজ্ঞতাৰ পৰ্দাৰ আঁৰত থকাৰ প্রধান সুবিধাই বাছি ল’ব । 

অজ্ঞতাৰ পর্দাৰে ঢাকি লােৱাটো এটা নিয়মবদ্ধ ৰীতিৰ ভাল আইন আৰু নীতিত উপনীত হােৱাৰ প্রথম পদক্ষেপ । ৰাৱেলছে যুক্তিৰে কয় যে নৈতিক নহয় , যুক্তিপূর্ণ চিন্তাইহে আমাক সুন্দৰ আৰু নিৰপেক্ষ কৰিব আৰু নিৰপেক্ষভাৱে বিচাৰ কৰিব কেনেকৈ সমাজৰ সুখ – সুবিধাবােৰ বিতৰণ কৰিব পাৰি ।

৩। ন্যায়ৰ অর্থ ব্যাখ্যা কৰা । 

উত্তৰঃ ন্যায়ৰ ধাৰণাটোক বিভিন্ন অর্থৰে প্ৰকাশ কৰিব পাৰি । যেনেঃ 

১। প্রত্যেকক নিজৰ প্রাপ্যখিনি দিয়াটো ন্যায় । 

২। ব্যক্তিগত স্বতন্ত্র প্রদান কৰাটো ন্যায় । 

৩। প্রত্যাশী জাতিক স্বাধীনতা দিয়াটো ন্যায় । 

৪। নিৰপেক্ষভাৱে বিচাৰ কৰি দোষীক শাস্তি আৰু নির্দোষীক যুক্তি দিয়াটো ন্যায় । 

৫৷ ৰাষ্ট্ৰত বাস কৰা ব্যক্তিৰ সকলো ধৰণৰ অভাৱ – অভিযোগ দূৰ কৰাটো ন্যায় । 

৬। আইন মানি লােৱাটো ব্যক্তিৰ ন্যায় । 

৭। উপার্জনৰ বৈষম্য আঁতৰ কৰাটো ন্যায় । 

৮। সকলােৰে বাবে সমানে উন্নতিৰ সুবিধা কৰি দিয়াটো ন্যায় । 

৯। আনক প্ৰৱঞ্চনা নকৰাকৈ সজ আৰু সহজ জীৱন – যাপন কৰাটো ন্যায় ইত্যাদি । 

ন্যায়ৰ তিনিটা নীতি আছে । সেইকেইটা হ’ল– সমাজৰ বাবে সমান আচৰণ , সমানুপাতিক ন্যায় আৰু বিশেষ প্রয়ােজনৰ স্বীকৃতি । 

৪। বিতৰণমূলক ন্যায়ৰ ধাৰণাটো ব্যাখ্যা কৰা । 

উত্তৰঃ এৰিষ্টটলে ধনী – দুখীয়া , স্ত্রী – পুৰুষ নির্বিশেষে সকলাে সুবিধা পাব লাগে বুলি কৈছে । তেওঁৰ মতে , যােগ্যতাৰ ভিত্তিত আৰু সমাজৰ প্রতি আগবঢ়োৱা অৰিহণাৰ ভিত্তিত ব্যক্তিৰ মাজত ৰাজনৈতিক স্থান , সামাজিক মর্যাদা আৰু অর্থনৈতিক সুবিধা বিৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলেহে ন্যায় প্রতিষ্ঠা হ’ব । বিতৰণমূলক ন্যায় ব্যৱস্থাৰ ফলত সমাজৰ বঞ্চনা আৰু বৈষম্য নাইকিয়া হ’ব । জনসাধাৰণ সুখী আৰু সুস্থ জীৱন – যাপন কৰিবলৈ সক্ষম হ’ব । এৰিষ্টটলৰ মতে ব্যক্তিয়ে যােগ্যতাৰ ভিত্তিত চৰকাৰী পদবী বিতৰণ , প্রাপ্য অধিকাৰ প্রদানেই হ’ল বিতৰণমূলক ন্যায় । 

৫। ন্যায়ৰ তিনিটা নীতি কি ? 

উত্তৰঃ ( ক ) সকলো লােকৰ প্রতি সমান ব্যৱহাৰ । 

( খ ) সমানুপাতিক ন্যায় । 

( গ ) বিশেষ প্রয়ােজনৰ স্বীকৃতি । 

৬। “ অজ্ঞানতাৰ আৱৰণ নীতি ” কোনে আগবঢ়াইছিল ? ইয়াৰ ব্যাখ্যা আগবঢ়োৱা । 

উত্তৰঃ জন ৰাউলচে “ অজ্ঞতাৰ আৱৰণ নীতিৰ ধাৰণাটো দাঙি ধৰিছিল । তেওঁৰ মতে মানুহে কেতিয়াও নিজৰ স্বাৰ্থ বিসর্জন দিব নিবিচাৰে । সকলােৱে নিজৰ সুখ – শান্তি আৰু মঙ্গলৰ কথা চিন্তা কৰে । ৰাউলচে ইয়াকে অজ্ঞানতাৰ আচৰণ বুলি কৈছে । অর্থাৎ প্রতিজন ব্যক্তিয়ে কেৱল নিজৰ বিষয়ে বা নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰিয়েই সিদ্ধান্ত গ্রহণ কৰিব খােজে । কিন্তু আমি এইটোও লক্ষ্য কৰিব লাগিব যাতে সমাজত বাস কৰা দুর্বল শ্ৰেণীৰ লােক সকলেও যুক্তি সংগত সুযােগ – সুবিধা পাবলৈ সহায় হয় । 

৭। প্লেটোৰ ন্যায় তত্বটোৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা । 

উত্তৰঃ ( ১ ) ব্যক্তিৰ কামৰ বিশেষীকৰণ নীতি গ্রহণ । 

( ২ ) জ্ঞানৰ শাসন নীতিক প্রাধান্য । 

( ৩ ) শ্রম বিভাজন আৰু অ – হস্তক্ষেপ নীতি । 

( ৪ ) যি জন ব্যক্তি যিটো কামৰ বাবে উপযুক্ত সেইটো কামহে কৰিব লাগে । 

( ৫ ) প্ৰতিটো শ্রেণীয়ে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব লাগে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top