Class 11 Political Science Chapter 15 অধিকাৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 15 অধিকাৰ and select needs one.
Class 11 Political Science Chapter 15 অধিকাৰ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 15 অধিকাৰ Solutions for All Subject, You can practice these here…
অধিকাৰ
পাঠ: ৫
দ্বিতীয় খণ্ড
অতি চমু প্রশ্নৰ উত্তৰ দিয়া
১। অধিকাৰ কি ?
উত্তৰঃ অধিকাৰ হ’ল ৰাষ্ট্রৰ দ্বাৰা স্বীকৃত নাগৰিকৰ কিছুমান দাবী ।
২। অধিকাৰৰ বৈশিষ্ট্যবােৰৰ বিষয়ে লিখা ।
উত্তৰঃ অধিকাৰ ব্যক্তি সর্বাঙ্গীন বিকাশৰ উপযােগী হ’ব লাগিব ।
৩। অধিকাৰৰ উৎস কি ?
উত্তৰঃ প্রকৃতি ।
৪। মানৱ অধিকাৰ কি ?
উত্তৰঃ প্রতিজন মানুহে সমাজত মর্যাদা আৰু সন্মান সহকাৰে ন্যায়সঙ্গত দাবী পূৰণ কৰিব পৰা অধিকাৰক মানৱ অধিকাৰ বােলে ।
৫। ইমানুৱেল কান্টৰ অধিকাৰৰ মতবাদটোৱে কোনবিধ ধাৰণাক প্রতিনিধিত্ব কৰিছে ?
উত্তৰঃ নৈতিক অধিকাৰ ।
৬। বৈধ অধিকাৰ কি ?
উত্তৰঃ দেশৰ সংবিধান নাইবা আইনৰ দ্বাৰা স্বীকৃত অধিকাৰকে বৈধ অধিকাৰ বুলি কোৱা হয় ।
৭। অধিকাৰৰ যিকোনাে এটা উপাদান লিখা ।
উত্তৰঃ ৰাষ্ট্ৰৰ স্বীকৃতি ।
৮। পৌৰ অধিকাৰ মানে কি ?
উত্তৰঃ ৰাজনৈতিক অধিকাৰৰ পৰিপূৰক হিচাপে কিছুমান পৌৰ অধিকাৰৰ ব্যৱস্থা কৰা হৈছে । এইবােৰ হ’ল –
১। জীৱন ৰক্ষাৰ অধিকাৰ ।
২। চিন্তা আৰু মতামতৰ অধিকাৰ ।
৩। ব্যক্তিৰ স্বাধীনতাৰ অধিকাৰ ।
৪। সামাজিক অধিকাৰ ।
৫। শিক্ষাৰ অধিকাৰ ।
৬। ধৰ্মৰ অধিকাৰ ।
৭। আইনৰ দৃষ্টিত সমান অধিকাৰ ।
৮। সংগঠনৰ অধিকাৰ ।
৯। মুক্ত আৰু ন্যায় লাভ কৰাৰ অধিকাৰ । আৰু
১০। ভাষা – সাহিত্য – সংস্কৃতিৰ অধিকাৰ ।
৯। অর্থনৈতিক অধিকাৰ মানে কি ?
উত্তৰঃ অর্থনৈতিক অধিকাৰ অবিহনে বাকী অধিকাৰ অর্থহীন । অর্থনৈতিক অধিকাৰ বুলিলে দৰিদ্ৰতা , কর্মহীনতা , অর্থনৈতিক নিৰাপত্তাহীনতাৰ পৰা মুক্ত হােৱা , কামৰ অধিকাৰ , কামৰ নিৰাপত্তা , উপযুক্ত পাৰিশ্ৰমিক , অৱকাশ যাপনৰ অধিকাৰ আৰু বৃদ্ধ বয়সত অর্থনৈতিক নিৰাপত্তাৰ সুযােগ সুবিধাক বুজায় ।
১০। সামাজিক অধিকাৰ বুলিলে কি বুজা ?
উত্তৰঃ সামাজিক অধিকাৰ বুলিলে সামাজিক আৰু মানৱিক পৰিৱেশৰ মাজত জীৱন – যাপন , শিক্ষা , বাসস্থান , স্বাস্থ্য সংৰক্ষণ আৰু আৱসাণৰ অধিকাৰ , সামাজিক বৈষম্যহীন জীৱন , নিজৰ , সংস্কৃতি ইত্যাদিক বুজায় ।
১১। শিক্ষাক এটা সার্বজনীন অধিকাৰ বুলি ক’ব পৰা হয় নে নহয় লিখা ।
উত্তৰঃ হয় ।
১২। এটা সার্বজনীন প্রকৃতিৰ অধিকাৰ উল্লেখ কৰা ।
উত্তৰঃ জীৱিকাৰ অধিকাৰ ।
১৩। এটা গণতান্ত্রিক অধিকাৰৰ নাম উল্লেখ কৰা ।
উত্তৰঃ মত প্ৰকাশৰ অধিকাৰ ।
১৪। এটা নতুন অধিকাৰৰ নাম উল্লেখ কৰা ।
উত্তৰঃ তথ্য জনাৰ অধিকাৰ ।
১৫। ভাৰত চৰকাৰে দৰিদ্র সীমাৰেখাৰ তলত বাস কৰা নিবনুৱা সকলৰ বাবে এখন নিয়োগ আঁচনি আৰম্ভ কৰিছে । আঁচনিখনৰ নাম কি ?
উত্তৰঃ ৰাষ্ট্ৰীয় গ্রামীণ নিয়ােগ নিশ্চিত আঁচনি ।
তলত দিয়া প্রশ্নবােৰৰ উত্তৰ দিয়া:
১। অধিকাৰৰ প্রয়ােজনীয়তা ব্যাখ্যা কৰা ।
উত্তৰঃ গণতান্ত্রিক শাসন ব্যৱস্থাত অধিকাৰ এক অপৰিহার্য উপাদান । অধিকাৰ অবিহনে নাগৰিকে নিজৰ ব্যক্তিত্বৰ বিকাশ কৰিব নােৱাৰে । অধিকাৰ হ’ল নাগৰিকৰ প্রাপ্য আৰু ন্যায়সঙ্গত দাবী । নাগৰিকে অধিকাৰৰ জৰিয়তে সমাজত কিছুমান সুবিধা লাভ কৰে । সমাজত প্ৰতিজন ব্যক্তিয়ে আত্মসম্মান আৰু মর্যাদাৰে জীয়াই থাকিবলৈ অধিকাৰৰ প্রয়ােজন আছে । উদাহৰণস্বৰূপে শিক্ষাৰ অধিকাৰ , মত – প্ৰকাশৰ অধিকাৰ , সম্পত্তিৰ অধিকাৰ , জীৱিকা অর্জনৰ অধিকাৰ ইত্যাদি ।
২। অধিকাৰৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
উত্তৰঃ ( ক ) অধিকাৰবােৰ সুস্পষ্ট আৰু ৰাষ্ট্রৰ দ্বাৰা স্বীকৃত ।
( খ ) অধিকাৰবােৰ জনকল্যাণমূলক ।
( গ ) অধিকাৰে নাগৰিকক সর্বাঙ্গীণ বিকাশৰ সুযােগ প্রদান কৰে ।
( ঘ ) অধিকাৰ সার্বজনীন আৰু প্রাকৃতিক ।
( ঙ ) অধিকাৰ নাগৰিকৰ ন্যায়সঙ্গত আৰু প্রাপ্য দাবী ।
৩। প্রাকৃতিক অধিকাৰৰ বিষয়ে লিখা ।
উত্তৰঃ মানুহে অধিকাৰসমূহ প্রাকৃতিকভাৱে লাভ কৰে । সামাজিক প্রাণী হিচাপে মানুহে জন্মৰ লগে লগে যিবােৰ অধিকাৰ লাভ কৰে সেইবােৰকে প্রাকৃতিক অধিকাৰ বােলে । অর্থাৎ প্রাকৃতিক নিয়মৰ পৰাই মানুহৰ অধিকাৰসমূহ উৎপত্তি হয় । এই অধিকাৰসমূহৰ পৰা মানুহক কোনেও বঞ্চিত কৰিব নোৱাৰে । ৰাষ্ট্র বা কোনাে কর্তৃপক্ষই মানুহৰ প্রাকৃতিক অধিকাৰ কাঢ়ি নিব নােৱাৰে । মানুহৰ তিনিবিধ প্রাকৃতিক অধিকাৰ আছে । যেনে:-
১। জীৱনৰ অধিকাৰ ।
২। স্বাধীনতাৰ অধিকাৰ । আৰু
৩। সম্পত্তিৰ অধিকাৰ ।
৪। অধিকাৰৰ প্ৰকাৰসমূহৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ অধিকাৰসমূহক বহল ভিত্তিত তিনি শ্ৰেণীত বিভক্ত কৰা হৈছে সেইবোৰ হ’ল–
১। ৰাজনৈতিক অধিকাৰ ।
২। নাগৰিকৰ অধিকাৰ । আৰু
৩। সামাজিক আৰু অর্থনৈতিক অধিকাৰ ।
১। ৰাজনৈতিক অধিকাৰ :- প্রত্যেক গণতান্ত্রিক ৰাষ্ট্রই বর্তমান নাগৰিকসকলক কিছুমান ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা দেখা যায় । এইবােৰৰ ভিতৰত আছে –
(i) ভােট দিয়াৰ অধিকাৰ ।
(ii) প্রতিনিধি নির্বাচন কৰা , নির্বাচিত হােৱাৰ অধিকাৰ ।
(iii) ৰাজনৈতিক দল গঠন কৰাৰ অধিকাৰ ।
(iv) যােগ্যতা অনুসৰি চৰকাৰী বিষয়বাব পােৱাৰ অধিকাৰ ।
(v) চৰকাৰৰ ওচৰত নিজৰ দাবীৰ বাবে আবেদন কৰাৰ অধিকাৰ । আৰু
( v )চৰকাৰক সমালােচনা আৰু বিৰুদ্ধাচৰণ কৰাৰ অধিকাৰ ইত্যাদি ।
২। পৌৰঅধিকাৰ :- ৰাজনৈতিক অধিকাৰৰ পৰিপূৰক হিচাপে কিছুমান পৌৰ অধিকাৰৰ ব্যৱস্থা কৰা হৈছে । এইবােৰ হ’ল –
১। জীৱন ৰক্ষাৰ অধিকাৰ ।
২। চিন্তা আৰু মতামতৰ অধিকাৰ ।
৩। ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ ।
৪। সম্পত্তিৰ অধিকাৰ ।
৫। শিক্ষাৰ অধিকাৰ ।
৬। ধৰ্মৰ অধিকাৰ ।
৭। আইনৰ দৃষ্টিত সমানাধিকাৰ ।
৮। সংগঠনৰ অধিকাৰ ।
৯। মুক্ত আৰু ন্যায্য লাভ কৰাৰ অধিকাৰ । আৰু
১০। ভাষা – সাহিত্য – সংস্কৃতিৰ অধিকাৰ ইত্যাদি ।
৩। সামাজিক আৰু অর্থনৈতিক অধিকাৰ :- অর্থনৈতিক অধিকাৰ অবিহনে বাকী অধিকাৰ অর্থহীন । অর্থনৈতিক অধিকাৰ বুলিলে দৰিদ্রতা , কর্মহীনতা , অর্থনৈতিক নিৰাপত্তাহীনতাৰ পৰা মুক্ত হােৱা , কামৰ অধিকাৰ , কামৰ নিৰাপত্তা , উপযুক্ত পাৰিশ্ৰমিক , অৱকাশ । যাপনৰ অধিকাৰ আৰু বৃদ্ধ বয়সত অর্থনৈতিক নিৰাপত্তাৰ সুযােগ সুবিধাক বুজায় ।
৪। সামাজিক অধিকাৰ :- সামাজিক অধিকাৰ বুলিলে সামাজিক আৰু মানৱীয় পৰিবেশৰ মাজত জীৱন – যাপন , শিক্ষা , বাসস্থান , স্বাস্থ্য , সংৰক্ষণ আৰু আৱাসৰ অধিকাৰ , সামাজিক বৈষম্যহীন জীৱন , নিজৰ সংস্কৃতি ইত্যাদি বুজায় । সামাজিক সমতাৰ দাবী এটা গুৰুত্বপূর্ণ অধিকাৰ ।
Sl. No. | সূচী-পত্ৰ |
Unit 1 | প্ৰথম খণ্ড |
Chapter 1 | সংবিধান: কিয় আৰু কেনেকৈ ? |
Chapter 2 | ভাৰতীয় সংবিধানত থকা অধিকাৰ সমূহ |
Chapter 3 | নির্বাচন আৰু প্রতিনিধিত্ব |
Chapter 4 | সংবিধান: কার্যপালিকা |
Chapter 5 | বিধানমণ্ডল |
Chapter 6 | ন্যায়পালিকা |
Chapter 7 | যুক্তৰাষ্ট্রবাদ |
Chapter 8 | স্থানীয় চৰকাৰ |
Chapter 9 | জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান |
Chapter 10 | সংবিধানৰ দর্শন । |
Unit 2 | দ্বিতীয় খণ্ড |
Chapter 1 | ৰাজনৈতিক তত্ব: এক চমু পৰিচয় |
Chapter 2 | স্বাধীনতা |
Chapter 3 | সমতা |
Chapter 4 | সামাজিক ন্যায় |
Chapter 5 | অধিকাৰ |
Chapter 6 | নাগৰিকতা |
Chapter 7 | জাতীয়তাবাদ |
Chapter 8 | ধর্মনিৰপেক্ষতাবাদ |
Chapter 9 | শান্তি |
Chapter 10 | উন্নয়ন |
৫। অধিকাৰ আৰু দায়বদ্ধতাৰ মাজত থকা সম্পর্ক বিষয়ে আলােচনা কৰা ।
উত্তৰঃ অধিকাৰ কেতিয়াও অবাধ হ’ব নােৱাৰে । দেশত অনুমােদনযােগ্য বিকাশৰ বাবে ৰাষ্ট্ৰই কিছুমান কর্তব্য পালন কৰিবলগীয়া হয় । নাগৰিকৰ অধিকাৰে ৰাষ্ট্রৰ ওপৰত এনে কর্তব্য জাপি দিয়ে । গতিকে অধিকাৰ আৰু কর্তব্য বা দায়বদ্ধতা পৰস্পৰ সম্পর্কিত । দায়বদ্ধহীন অধিকাৰ কল্পনাই কৰিব নােৱাৰি । কর্তব্য বা দায়বদ্ধতাসমূহক চাৰি ভাগতভাগ কৰিব পাৰি –
১। আমি কেৱল আমাৰ কল্যাণ আৰু স্বার্থৰ কথা চিন্তা কৰিলেই নহ’ব , আনৰ কল্যাণ আৰু স্বার্থৰ কথাও চিন্তা কৰিব লাগিব ।
২৷ আমাৰ নিজৰ দৰে আনৰাে একেবােৰ অধিকাৰ উপভােগ কৰাৰ অধিকাৰ আছে । আমি নিজে অধিকাৰ উপভােগ কৰোঁতে চাব লাগিব যাতে আইন ব্যক্তি তেনে অধিকাৰ উপভােগৰ পৰা বঞ্চিত নহয় ।
৩। আমি পৰস্পৰে অধিকাৰ উপভােগৰ ক্ষেত্ৰত এটা সন্তোলন ৰক্ষা কৰিব লাগিব । মােৰ মতামত প্রকাশ কৰাৰ অধিকাৰ থাকিব । বুলি মই আনৰ বিষয়ে অশ্লীল কথা প্রকাশ কৰা উচিত নহয় ।
৪। নাগৰিকে তেওঁৰ ওপৰত আৰােপ কৰা সীমাবদ্ধতা সম্পর্কে সদায় সতর্ক থাকিব লাগিব নাগৰিক সতর্ক থাকিব লাগিব যাতে ৰাষ্ট্ৰই জাপি দিয়া সীমাবদ্ধতাৰ মাত্রা চেৰাই গৈ তেওঁৰ অধিকাৰ খর্ব নকৰে । নাগৰিক আৰু ৰাষ্ট্র উভয়েই কর্তব্য আৰু অধিকাৰৰ বন্ধনত আৱদ্ধ ।
৬। সার্বজনীন প্রাকৃতিক অধিকাৰ মানে কি বুজা ? উদাহৰণ দি লিখা ।
উত্তৰঃ মানৱ সমাজত ব্যক্তিৰ কিছুমান সার্বজনীন অধিকাৰ থাকে । সকলাে সমাজত এই অধিকাৰবােৰ ব্যক্তিয়ে ভােগ কৰিবলৈ পায় । সকলাে মানুহৰ বাবে এই অধিকাৰবােৰৰ প্রয়ােজনীয়তা আছে । এই অধিকাৰবােৰৰ অবিহনে ব্যক্তিয়ে সমাজত মর্যাদা আৰু আত্ম সন্মান অটুত ৰাখিব নােৱাৰে । যেনে জীৱিকাৰ অধিকাৰ , মত প্রকাশৰ অধিকাৰ , শিক্ষাৰ অধিকাৰ এই অধিকাৰবােৰ লাভ কৰি ব্যক্তিয়ে নিজৰ লগতে সামাজিক কল্যাণ সাধন কৰিবলৈ সক্ষম হয় ।
৭। কেতিয়া ৰাষ্ট্ৰসংঘই সার্বজনীন মানৱ অধিকাৰ ঘােষণা পত্র গ্রহণ কৰিছিল । ইয়াত উল্লেখ থকা কেইটামান অধিকাৰৰ নাম লিখা ।
উত্তৰঃ ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘই সার্বজনীন মানৱ অধিকাৰ ঘােষণা পত্র গ্রহণ কৰিছিল । এই ঘােষণা পত্ৰৰ জৰিয়তে ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰবােৰক মানৱ অধিকাৰ সুৰক্ষাৰ বাবে আহ্বান জনায় । মানব অধিকাৰ ব্যক্তিৰ সার্বজনীন । অধিকাৰ উদাহৰণস্বৰূপে জীৱনৰ অধিকাৰ , মত প্রকাশ অধিকাৰ , ভয় আৰু অভাৱৰ পৰা স্বাধীনতা লাভৰ অধিকাৰ , বিশ্বাস আৰু উপাসনাৰ অধিকাৰ , শিক্ষাৰ অধিকাৰ ইত্যাদি ।
৮৷ অধিকাৰৰ প্রয়ােজনীয়তা ব্যাখ্যা কৰা ।
উত্তৰঃ গণতান্ত্রিক শাসন ব্যৱস্থাত অধিকাৰ এক অপৰিহার্য উপাদান । অধিকাৰ অবিহনে নাগৰিকে নিজৰ ব্যক্তিত্বৰ বিকাশ কৰিব নােৱাৰে । অধিকাৰ হ’ল নাগৰিক প্রাপ্য আৰু ন্যায়সংগত দাবী । নাগৰিকে অধিকাৰৰ জৰিয়তে সমাজত কিছুমান সুবিধা লাভ কৰে । সমাজত প্রতিজন ব্যক্তিয়ে আত্মসম্মান আৰু মর্যাদাৰে জীয়াই থাকিবলৈ অধিকাৰৰ প্রয়ােজন আছে । উদাহৰণস্বৰূপে শিক্ষাৰ অধিকাৰ , মত প্রকাশৰ অধিকাৰ , সম্পত্তিৰ অধিকাৰ , জীৱিকা অর্জনৰ অধিকাৰ ইত্যাদি ।
৯। অধিকাৰ কি ?
উত্তৰঃ অধিকাৰ হৈছে এনে এক পৰিস্থিতি যাৰ অবিহনে কোনো ব্যক্তিয়ে নিজৰ ব্যক্তিত্ব বিকাশ কৰিব নােৱাৰে ।
১০। অধিকাৰসমূহ প্ৰকৃততে সামাজিক জীৱনৰ এনেবােৰ চৰ্ত যাৰ অবিহনে কোনাে ব্যক্তিয়ে সাধাৰণভাৱে নিজৰ সর্বোচ্চতার্ত উপনীত হ’ব নােৱাৰে ” – কথাষাৰ কোনে কৈছিল ?
উত্তৰঃ হার্ড লাস্কি ।
১১। যিকোনাে দুটা ৰাজনৈতিক অধিকাৰ উল্লেখ কৰা ।
উত্তৰঃ ভােটদানৰ অধিকাৰ , জনমত গঠনৰ অধিকাৰ ।
১২। কিমান চনত মানৱ অধিকাৰৰ সার্বজনীন ঘােষণাৰ ৰূপ পায় ?
উত্তৰঃ ১৯৪৮ চনৰ ১০ ডিচেম্বৰ ।
১৩। কর্ম কৰাৰ অধিকাৰ , সমমজুৰী পােৱাৰ অধিকাৰ স্বাস্থ্যকৰ পৰিৱেশত কাম কৰাৰ অধিকাৰ আদি অর্থনৈতিক অধিকাৰ । ( শুদ্ধ / অশুদ্ধ )
উত্তৰঃ শুদ্ধ ।
১৪। কোন চনত মানৱ অধিকাৰৰ সার্বজনীন ঘােষণা কৰা হৈছিল ?
উত্তৰঃ ১৯৪৮ চনৰ ১০ ডিচেম্বৰ ।
১৫। অধিকাৰৰ সংজ্ঞা দিয়া ।
উত্তৰঃ অধিকাৰৰ সংজ্ঞা তলত উল্লেখ কৰা হল –
১। ব্রিটিছ ৰাজনৈতিক চিন্তাবিদ হার্লড জে লাস্কিৰ মতে , “ অধিকাৰ সমূহ প্ৰকৃততে সামাজিক জীৱনৰ এনেবােৰ চৰ্ত যাৰ অবিহনে কোনাে ব্যক্তিয়ে সাধাৰণভাৱে নিজৰ সর্বোচ্চ তাত উপনীত হ’ব নােৱাৰে । ”
২। ব্রিটিছ ৰাজনৈতিক চিন্তাবিদ বার্ণাড ব’চান কুৱেটৰ মতে , “ অধিকাৰ হৈছে এক দাবী যাক সমাজে স্বীকৃতি দিয়ে আৰু ৰাষ্ট্ৰই গৃহীত কৰে । ”
১৬। মানৱ অধিকাৰ বুলিলে কি বুজা ?
উত্তৰঃ মানৱ অধিকাৰসমূহ প্রাকৃতিক অধিকাৰৰ আধুনিক ৰূপ ৷ এই অধিকাৰসমূহ ৰজ্বাচ্ছুজ্জ্ব চনৰ ডিচেম্বৰত ঘােষিত হােৱা মানৱ অধিকাৰৰ সার্বজনীন ঘােষণাৰ পাছতহে বৰ্তমানৰ ৰূপ পাইছে । এই অধিকাৰসমূহৰ মাজেদি মানৱ সমাজক এক উন্নতশীল আৰু মর্যাদাপূর্ণ জীৱন দিব খােজা হৈছে ।
১৬। অধিকাৰৰ প্ৰকাৰ সমূহ আলােচনা কৰা ।
উত্তৰঃ অধিকাৰৰ প্ৰকাৰসমূহ তলত আলােচনা কৰা হ’ল –
১। নৈতিক অধিকাৰ :- সমাজৰ বিবেকবােধৰ ওপৰত ভিত্তি কৰি নৈতিক অধিকাৰসমূহ গঢ় লৈ উঠে । নিশ্চিতভাৱে নৈতিক অধিকাৰবােৰ মানুহৰ নৈতিক সাধুতাৰ ওপৰত ভিত্তি কৰে । ই বুজায় যে নৈতিক অধিকাৰবােৰ ব্যক্তিৰ প্রকৃত ইচ্ছাৰ দ্বাৰা পৰিৱেষ্টিত হৈ থাকে ।
২। পৌৰ অধিকাৰ :- এই অধিকাৰসমূহ ব্যক্তি আৰু ব্যক্তি সম্পত্তিৰ সৈতে জড়িত হৈ থাকে । এই অধিকাৰক পৌৰ বা নাগৰিক অধিকাৰ বােলা হয় কাৰণ এইবােৰ সভ্য জীৱনৰ কিছুমান জৰুৰী চর্ত ।
৩। অর্থনৈতিক অধিকাৰ :- অর্থনৈতিক অধিকাৰসমূহ ব্যক্তিৰ কৰ্মৰ সৈতে জড়িত । এই অধিকাৰে ব্যক্তিৰ খাদ্য , বস্ত্ৰ আৰু বাসস্থানৰ প্রয়ােজনীয়তা সম্পূর্ণ কৰাৰ সুবিধা প্রদান কৰে । এই অধিকাৰ সমূহৰ যােগেদি ব্যক্তিয়ে এক যথাযােগ্য জীৱন অর্জন কৰিব পাৰে ।
৪। মানৱ অধিকাৰ :- মানৱ অধিকাৰসমূহ প্রাকৃতিক অধিকাৰৰ আধুনিক ৰূপ । এই অধিকাৰসমূহ ১৯৪৮ চনৰ ১০ ডিচেম্বৰত ঘােষিত হােৱা মানৱ অধিকাৰৰ সার্বজনীন ঘােষণাৰ পাছতহে বৰ্তমানৰ ৰূপ পাইছে । এই অধিকাৰসমূহৰ মাজেদি মানৱ সমাজক এক উন্নতশীল আৰু মর্যাদাপূর্ণ জীৱন দিব খােজা হৈছে ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.