Class 11 Political Science Chapter 16 নাগৰিকত্ব answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 16 নাগৰিকত্ব and select needs one.
Class 11 Political Science Chapter 16 নাগৰিকত্ব
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 16 নাগৰিকত্ব Solutions for All Subject, You can practice these here.
নাগৰিকত্ব
পাঠ: ৬
দ্বিতীয় খণ্ড
অনুশীলনী |
১। নাগৰিকত্বত ৰাজনৈতিক সম্প্রদায় এটাৰ সম্পূর্ণ আৰু সমান সদস্যতা হিচাপে অধিকাৰ আৰু বাধ্যবাধকতা দুয়োটাই জড়িত হৈ আছে। আজিকালি প্ৰায়বোৰ গণতান্ত্রিক ৰাষ্ট্রতে কোনবোৰ অধিকাৰ ভোগ কৰাৰ বাবে নাগৰিকসকলে আশা কৰে? তেওঁলোকৰ ৰাষ্ট্ৰ আৰু অন্যান্য নাগৰিকৰ প্রতি কেনেকুৱা ধৰণৰ বাধ্যবাধকতা থাকিব?
উত্তৰঃ কেতিয়াবা যদি জনপূর্ণ ৰে’ল বা গাড়ীৰে ভ্রমণ কৰিছা তেতিয়া নিশ্চয় অনুমান কৰিব পাৰিছা। কিদৰে এজনে আনজনক আঁতৰাই নিজে ঠাইখিনি দখল কৰাৰ কাৰণে আৰু ভিতৰত সোমোৱাৰ বাবে যুদ্ধ কৰিবলগীয়া হৈছিল। লগে লগে ‘ভিতৰুৱাল’ (Insider) আৰু ‘বহিৰাগত’ (Outsider) সকলৰ মাজত এক বিভেদ গঢ়ি উঠিব, য’ত ‘বহিৰাগত সকলক ভাবুকি হিচাপে গণ্য কৰা হ’ব।
এনেধৰণৰ পৰিঘটনা প্রায়ে নগৰ, একোটা অঞ্চল আনকি কেতিয়াবা গোটেই ৰাষ্ট্ৰখনতে পৰিলক্ষিত হয়। কর্মসংস্থাপন, চিকিৎসা, শিক্ষা আদি আৰু মাটি বা পানী আদিৰ দৰে প্রাকৃতিক সম্পদবোৰ সীমিত হ’লে একেখন ৰাষ্ট্ৰৰে বাসিন্দা হোৱা সত্ত্বেও ‘বহিৰাগতৰ’ আগমনক বাধা দিয়াৰ বাবে দাবী উত্থাপিত হয়। তোমালোকে নিশ্চয় ‘মুম্বাই মুম্বাইবাসীৰ’ (Mumbai for Mumbaikars) দৰে শ্লোগানবোৰ শুনিছা, যিবোৰে অনুৰূপ আৱেগ-অনুভূতি প্রকাশ কৰে। এই ধৰণৰ বহু ঘটনা ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন ঠাইত সংঘটিত হৈছে।
এইবোৰ পৰিঘটনাই প্রকৃততে সম্পূর্ণ আৰু সমান সদস্যতাই কি অর্থ প্রকাশ কৰে সেই প্রশ্নটো উত্থাপিত কৰে? এইটোৱে ইয়াকে বুজায় নেকি যে ৰাষ্ট্রখনৰ যি ঠাইত তেওঁলোকে বসবাস কৰে, শিক্ষা গ্রহণ কৰে নাইবা কাম কৰাৰ বাবে মনস্থ কৰে, তাৰ কাৰণেই তেওঁলোকে সমান অধিকাৰ আৰু সা-সুবিধা পাওক? ই ধনী- দুখীয়া নির্বিশেষে সকলো নাগৰিকে সমানে কিছুমান অধিকাৰ আৰু সা-সুবিধা ভোগ কৰাটোকে বুজায় নেকি?
আমাৰ দেশৰ লগতে আন বহু ৰাষ্ট্ৰই নাগৰিকক প্ৰদান কৰা এটা অধিকাৰ হৈছে মুক্ত বিচৰণৰ অধিকাৰ। শ্রমিক শ্রেণীৰ বাবে এই অধিকাৰৰ বিশেষ গুৰুত্ব আছে। কামৰ নাটনি হ’লে বনুৱাসকলে কামৰ সন্ধানত আন ঠাইলৈ যাব লগা হয়। কিছুমানে কামৰ সন্ধানত বিদেশলৈও যায়। কৌশলগত আৰু অকৌশলগত বনুৱাৰ কাৰণে আমাৰ দেশৰ বিভিন্ন অংশত চাহিদা বৃদ্ধি পাইছে। উদাহৰণস্বৰূপে তথ্য-প্রযুক্তি ক্ষেত্ৰৰ লগত জড়িত লোকসকলে বাংগালুৰুৰ দৰে মহানগৰীৰ ফালে ঢাপলি মেলিছে। দেশৰ সকলো অংশতে কেৰালাৰ ধাত্ৰীসকল উপলব্ধ হৈছে।
নগৰৰ বৃহৎ গৃহ নিৰ্মাণ উদ্যোগবোৰে দেশৰ বিভিন্ন অংশৰ বনুৱাসকলক আকৰ্ষিত কৰিছে। ৰাস্তা-ঘাটৰ দৰে আন্তঃগাঁথনি নিৰ্মাণ কৰা উদ্যোগবোৰৰ ক্ষেত্ৰতো একেটাই পৰিলক্ষিত হৈছে। তোমালোকে নিশ্চয় তোমালোকৰ ঘৰ বা বিদ্যালয়বোৰতো বিভিন্ন অঞ্চলৰ পৰা অহা তেনে লোকসকলক প্রত্যক্ষ কৰিছা।
তথাপি, প্রায়ে স্থানীয় লোকসকলে বাহিৰৰ পৰা অহা লোকসকলে পাব পৰা কামৰ বিৰুদ্ধে কিছুমান বাধা আৰোপ কৰা দেখা যায়। আনকি কেতিয়াবা মজুৰিৰ পৰিমাণো হ্রাস পায়। স্থানীয় লোকসকলৰ বাবে স্থানীয় ভাষা জনাসকলৰ বাবে কিছু কাম সীমাবদ্ধ ৰখাৰো কেতিয়াবা দাবী উত্থাপিত হ’ব পাৰে।
ৰাজনৈতিক দলবোৰেও এই বিষয়টোত মাত মাতিব পাৰে। ‘বহিৰাগত’ সকলৰ বিৰুদ্ধে আৰোপিত বাধা-নিষেধে আনকি সংগঠিত হিংসাত্মক আন্দোলনৰ ৰূপ ল’ব পাৰে। ভাৰতবৰ্ষৰ প্ৰায়বোৰ অঞ্চলেই এই আন্দোলনৰ সাক্ষ্য বহন কৰিছে। এই আন্দোলনবোৰ ন্যায়সংগতনে?
অন্য ৰাষ্ট্রৰ স্থানীয় বাসিন্দাসকলে ভাৰতবৰ্ষৰ শ্রমিকসকলক বেয়া ব্যৱহাৰ কৰিলে আমি সকলোৰে ক্রোধিত হওঁ। কিছুমানে ভাবিব পাৰে যে দক্ষ আৰু শিক্ষিত শ্রমিকসকলে কামৰ সন্ধানত ঘূৰি ফুৰাৰ অধিকাৰ আছে। তেনেধৰণৰ শ্রমিকসকলক আকর্ষিত কৰিব পৰাৰ সামৰ্থ্য থকাৰ বাবেও ৰাষ্ট্ৰবোৰে গৌৰৱবোধ কৰিব পাৰে।
কিন্তু যদিহে সেই অঞ্চলত কর্মসংস্থাপনৰ নাটনি অনুভূত হয়। তেতিয়া স্থানীয় বাসিন্দাসকলে ‘বহিৰাগত’ৰ পৰা অহা প্রতিযোগিতাৰ পৰিপ্ৰেক্ষিতত ক্রোধান্বিত হ’ব পাৰে। মুক্ত বিচৰণৰ অধিকাৰে দেশৰ যিকোনো ঠাইত বাস কৰা বা কাম কৰাৰ অধিকাৰ প্ৰদান কৰেনে? অন্য এটা লক্ষণীয় দিশ হ’ল যে দুখীয়া প্ৰব্ৰজনকাৰী শ্রমিক আৰু দক্ষ প্ৰব্ৰজনকাৰী শ্রমিকৰ প্রতি আমি কেতিয়াবা সুকীয়া সুকীয়া মনোভাৱ গ্রহণ কৰাটো। কর্ম-সংস্থাপনৰ সন্ধানত আমাৰ অঞ্চললৈ অহা দক্ষ আৰু পটু শ্রমিকক আমি যিদৰে সম্ভাষণ জনাওঁ সেইটো এজন দুখীয়া শ্রমিকৰ ক্ষেত্ৰত পৰিলক্ষিত নহয়।
সেয়েহে প্রশ্ন হয়- এজন দক্ষ শ্রমিকৰ দৰে দুখীয়া আৰু অদক্ষ শ্রমিকজনেও দেশৰ যিকোনো অংশতে বাস কৰা বা কাম কৰাৰ অধিকাৰ পোৱাটো উচিতনে? এইবোৰেই আজিকালি ‘সম্পূর্ণ আৰু সমান সদস্যতা’ৰ ক্ষেত্ৰত দেশৰ সকলো নাগৰিকৰে মাজত আলোচিত বিতর্কিত বিষয়বোৰৰ কিয়দাংশ।
গণতান্ত্রিক সমাজ এখনতো আনকি মাজে-সময়ে এনে বিবাদ উৎপত্তি হ’ব পাৰে। এই বিবাদবোৰ কি ধৰণে মীমাংসা কৰিব পৰা যাব? আমাৰ দেশৰ নাগৰিকৰ বাবে সংবিধান প্রদত্ত বাক্ স্বাধীনতাৰ এটা দিশ হৈছে প্রতিবাদ কৰাৰ অধিকাৰ। কিন্তু ইয়াৰ দ্বাৰা কাৰো জীৱন বা সম্পত্তি বা অন্য ৰাষ্ট্রৰ কোনো অন্যায় সাধিব নোৱাৰিব। নাগৰিকসকলে বিভিন্ন দল, গঠন কৰি প্রতিবাদ কৰি, সংবাদ মাধ্যম ব্যৱহাৰ কৰি, ৰাজনৈতিক দলবোৰক আহ্বান কৰি বা আদালতৰ ওচৰ চাপিও বিভিন্ন ৰাজহুৱা মতামত গ্রহণ আৰু চৰকাৰী নীতি নির্ধাৰণত প্রভাৱান্বিত কৰিব পাৰে।
আদালতেও বিষয়টোত মতামত ব্যক্ত কৰিব পাৰে বা চৰকাৰক বিষয়টো নিষ্পত্তিৰ বাবে আদেশ দিব পাবে, যদিও এই প্রক্রিয়াটো লেহেমীয়া। ইয়ে কেতিয়াবা এক অভূতপূর্ব সাফল্যও আনিব পাৰে। যদি প্রত্যেকজন নাগৰিককে সম্পূর্ণ আৰু সমান সদস্যতা দিয়াটো মনস্থ কৰি কিছুমান নির্দিষ্ট নীতি-নির্দেশনাৰে আগবঢ়া যায়, তেতিয়া সমাজত মাজে-সময়ে উদ্ভৱ হোৱা বিভিন্ন সমস্যাবোৰৰ এক গ্রহণযোগ্য সিদ্ধান্তত উপনীত হোৱাটো সহজসাধ্য হ’ব। গণতন্ত্ৰৰ এটা মূল নীতি হৈছে যে শক্তি প্রয়োগৰ বিপৰীতে এনেধৰণৰ বিবাদবোৰ বুজা-পৰা আৰু আলোচনাৰ মাজেৰে মীমাংসা কৰিব লাগিব। এইটো নাগৰিকত্বৰ বাধ্যবাধকতাৰ এটা অন্যতম।
২। সকলো নাগৰিককে সমান অধিকাৰ প্রদান কৰা হ’লেও সকলোৱে তাক সমানে প্রয়োগ কৰিব নোৱাৰিব পাৰে। ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ প্রত্যেকখন মহানগৰীৰে বস্তি আৰু ন-ভগনীয়া অঞ্চলত যথেষ্টসংখ্যক লোকে বাস কৰে। যদিও তেওঁলোকে প্রয়োজনীয় আৰু উপযোগী কামবোৰ প্ৰায়ে কম মজুৰিতে সম্পাদন কৰিব পাৰে; কিন্তু তথাপি তেওঁলোকক চহৰৰ অন্য লোকসকলে অনাকাংক্ষিত ব্যক্তি হিচাপেহে গণ্য কৰে। নগৰৰ সম্পদবোৰৰ অতিমাত্রা ব্যবহাৰ নাইবা নগৰত অপৰাধ আৰু বিভিন্ন বেমাৰ-আজাৰ বিয়পোৱাৰ বাবে তেওঁলোকক দোষী সাব্যস্ত কৰা হয়।
বস্তি অঞ্চলবোৰৰ অৱস্থা প্রায়ে শিহৰণকাৰী। এটা সৰু জুপুৰিতে কোনো ব্যক্তিগত শৌচালয়, প্রস্ৰাৱাগাৰ, খোৱাপানী আদিৰ ব্যৱস্থা নোহোৱাকৈ বহু লোকে একেলগে বাস কৰে। বস্তি অঞ্চলত জীৱন আৰু সম্পত্তি কোনোটোৱেই নিৰাপদ নহয়। যি হওক বস্তি অঞ্চলৰ শ্রমিকসকলে তেওঁলোকৰ শ্ৰমৰ জৰিয়তে দেশৰ অর্থনীতিলৈ প্রভূত অৰিহণা আগবঢ়ায়। তেওঁলোেক ফেৰীৱালা, ক্ষুদ্র ব্যৱসায়ী, মেতৰ বা ঘৰুৱা লগুৱা, কাৰিকৰ আদি বিভিন্ন বৃত্তিৰ লগত জড়িত। বেত শিল্প, দর্জী আদি ব্যৱসায়ৰ লগত জড়িত লোকসকল বস্তি অঞ্চলৰ পৰাই আহে।
আমাৰ সমাজৰ অৱহেলিত আন সম্প্রদায়বোৰৰ মাজত জনজাতীয় লোকসকল আৰু অৰণ্যাঞ্চলত বাস কৰা লোকসকলো অন্যতম। এই লোকসকলর জীৱন নিৰ্বাহ অৰণ্য আৰু অন্যান্য প্রাকৃতিক সম্পদবোৰৰ উপলব্ধতাৰ ওপৰত নির্ভৰশীল। ক্রমবর্ধিত জনসংখ্যাৰ হেঁচাত বাসভূমি আৰু সম্পদৰ অন্বেষণৰ বাবে এই লোকসকলৰ বহুতৰে জীৱন আৰু জীবিকালৈ সংশয় নামি আহিছে।
ব্যৱসায়িক উদ্দেশ্যে অৰণ্য নতুবা উপকূল অঞ্চলত সঞ্চিত হৈ থকা প্রাকৃতিক সম্পদবোৰ আহৰণৰ যি প্ৰৱণতা, তাৰ বাবেও বনাঞ্চল বাসী বা জনজাতীয় লোকসকলৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি পৰিলক্ষিত হৈছে, যিটো পর্যটন উদ্যোগৰ ক্ষেত্ৰতো হ’ব পাৰে। দেশখনৰ প্ৰগতি ব্যাহত নোহোৱাকৈ কেনেকৈ একে সময়তে এই লোকসকলক লগতে তেওঁলোকৰ বাসভূমিক সুৰক্ষা দিব পাৰি, তাৰ উপায় উদ্ভাৱনত চৰকাৰ ব্যস্ত। এইটো এনে এটা বিষয়, যিটোৱে অকল জনজাতি লোকসকলকে নহয় সমগ্র জনগণকে ক্ষতি কৰিব।
কোনো এখন চৰকাৰৰ বাবেই প্রত্যেক ব্যক্তিৰ বাবে সমান অধিকাৰ আৰু সা- সুবিধা নিশ্চিত কৰাটো সহজসাধ্য নহ’ব। ভিন্ন সম্প্রদায়ৰ মানুহৰ প্ৰয়োজন আৰু সমস্যাও ভিন্ন হ’ব আৰু এটা সম্প্রদায়ৰ অধিকাৰ লগত আন এটা সম্প্রদায়ৰ অধিকাৰ ক্ষেত্রত সংঘাতো আহিব পাৰে।
নাগৰিকৰ সমান অধিকাৰে এইটো নুসূচায় যে সকলোৰে বাবে একে ধৰণৰ নীতিকে গ্রহণ কৰিব লাগিব। কাৰণ মানুহ ভেদে প্রয়োজনৰ ভিন্নতাও আহি পৰিব।
৩। শেহতীয়াভাৱে ভাৰতবৰ্ষত নাগৰিকৰ অধিকাৰৰ পূৰ্ণ উপভোগৰ বাবে হোৱা যিকোনো দুটা বিপ্লৱৰ বিষয়ে চমু টোকা লিখা। ইয়াত কোনবোৰ অধিকাৰ দাবী কৰা হৈছিল?
উত্তৰঃ জাতি ৰাষ্ট্ৰৰ ধাৰণাটো আধুনিক সৃষ্টি। জাতি ৰাষ্ট্ৰৰ সার্বভৌমত্ব আৰু নাগৰিকৰ গণতান্ত্রিক অধিকাৰৰ সৰ্বপ্ৰথম ধাৰণা ১৭৮৯ চনত ফৰাচী বিপ্লৱী সকলৰ দ্বাৰা উত্থাপিত হৈছিল।
১। আধুনিক ৰাষ্ট্ৰই বিভিন্ন ধর্ম, ভাষা আৰু সাংস্কৃতিক পৰম্পৰাৰ লোককো সামৰি লয়। কিন্তু এখন গণতান্ত্রিক ৰাষ্ট্ৰৰ জাতীয় পৰিচয় ৰাষ্ট্ৰখনৰ সকলো জনগণে উপভোগ কৰিব পৰা এক ৰাজনৈতিক পৰিচয়ৰ মাজেদিহে প্রকাশিত হোৱা বুলি ধৰি লোৱা হয়।
গণতান্ত্রিক বাষ্ট্র এখনত সাধাৰণতে জনসাধাৰণক যিমান সম্ভৱ গোট হিচাপে চিনাকি দিব বিচৰা হয়; যাৰ জৰিয়তে জনসাধাৰণে নিজকে ৰাষ্ট্ৰখনৰ এক অংশীদাৰ বুলি অনুভৱ কৰিব পাৰে।
উদাহৰণস্বৰূপে, ফ্রান্সে নিজকে এখন ধর্মনিৰপেক্ষ আৰু সমভাবাপন্ন দেশ হিচাপে দাবী কৰে। ইয়াত অকল ইউৰোপীয় মূলৰ লোকসকলেই নহয় উত্তৰ আফ্রিকাৰ দৰে আন বহু ঠাইৰ পৰা অহা লোকসকলকো অন্তর্ভুক্ত কৰে। সংস্কৃতি আৰু ভাষা হৈছে জাতীয় পৰিচয়ৰ বৈশিষ্ট্য আৰু ৰাজহুৱা জীবনত সকলো নাগৰিককেই এইক্ষেত্ৰত এক হিচাপে গণ্য কৰা হয়।
২। ভাৰতবৰ্ষই নিজকে ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক জাতি হিচাপে চিনাকি দিয়ে। স্বাধীনতাৰ বাবে চলা আন্দোলন ব্যাপক পৰিসৰৰ আছিল আৰু বিভিন্ন অঞ্চলৰ ধৰ্ম- সংস্কৃতিৰ লোকক ঐক্যবদ্ধ কৰাৰ বাবে বহু ভবা-চিন্তা কৰিবলগীয়া হৈছিল। ১৯৪৭ চনত মুছলীম লীগৰ লগত থকা বিভেদ সমাধান কৰিব নোৱৰা বাবে দেশ দ্বিখণ্ডিত হৈছিল। যদিও এইটোৱেই ভাৰতীয় জাতীয় নেতাসকলক তেওঁলোকে প্রতিষ্ঠা কৰিব বিচৰা ধৰ্মনিৰপেক্ষ আৰু সমভাবাপন্ন গুণসম্পন্ন ৰাষ্ট্র গঠনৰ যি লক্ষ্য তাক বেছি সুদৃঢ় কৰি তুলিছিল। এই দৃঢ়তা ভাৰতীয় সংবিধানতো লিপিবদ্ধ কৰা হৈছে।
ভাৰতীয় সংবিধানে এখন বহুধা বিভক্ত সমাজত শৃংখলা আনিবলৈ চেষ্টা কৰিছিল। এইবোৰৰ কিছুমান হৈছে- অনুসূচিত জাতি আৰু জনজাতি, পূর্বতে সমান। অধিকাৰ ভোগ নকৰা বহু মহিলা, আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ বহু সম্প্রদায়ক যিবোৰৰ আধুনিক সভ্যতাৰ লগত কোনো সম্পর্ক নাছিল, এনে বহুতো লোকক সম্ভৱপৰ সম্পূৰ্ণ আৰু সমান নাগৰিকত্ব প্রদানৰ লক্ষ্য স্থিৰ কৰিছিল।
দেশৰ বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন ভাষা ভাষী, ধৰ্ম আৰু আচাৰ- ব্যৱহাৰৰ লোকসকলৰ বাবেও এখন সমন্বয়ৰ ক্ষেত্ৰ গঢ়ি তুলিব বিচাৰিছিল। জনসাধাৰণৰ ব্যক্তিগত বিশ্বাস, ভাষা আৰু সংস্কৃতিবোৰ বৰ্তাই ৰাখি সকলোৰে বাবে সমান অধিকাৰ প্ৰদানৰ চেষ্টা কৰিছিল। সেয়েহে এইটো সংবিধানৰ মাধ্যমেৰে প্ৰয়াস কৰা এক অদ্বিতীয় প্রচেষ্টা। দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত বিভিন্ন সংস্কৃতি, ধৰ্ম আৰু অঞ্চলৰ লোকৰ অন্তর্ভুক্তিয়ে দেশখনৰ এই প্রচেষ্টাকেই নিদর্শন কৰে।
ইয়াত জাতি ৰাষ্ট্রই দাবী কৰিছিল যে তেওঁলোকৰ চাৰিসীমা অকল কোনো ভৌগোলিক সীমাৰ দ্বাৰা নিৰ্ধাৰিত নহয়; এক সুনির্দিষ্ট সংস্কৃতি আৰু সমিলমিলৰ ইতিহাসৰ দ্বাৰাহে নিৰ্ধাৰিত হয়। জাতীয় পৰিচয় আন বহুতৰ লগতে কিছুমান সুনির্দিষ্ট প্রতীক যেনে- জাতীয় পতাকা, জাতীয় সংগীত, জাতীয় ভাষা নতুবা কিছুমান নির্দিষ্ট উৎসৱ আদিৰ জৰিয়তেহে প্রকাশিত হয়।
৪। শৰণাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাবোৰ কি কি? গোলকীয় নাগৰিকত্বৰ ধাৰণাই তেওঁলোকক কিদৰে সহায় কৰিব?
উত্তৰঃ শৰণাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাবোৰ হ’ল- যেতিয়া আমি শৰণাৰ্থী বা অবৈধ অনুপ্রৱেশকাৰীৰ কথা ভাবো, তেতিয়া আমাৰ মনত বহুতো প্রতিচ্ছবি ভাহি উঠে। এছিয়া বা আফ্রিকাৰ মানুহবোৰে ইউৰোপ বা আমেৰিকাত প্রৱেশ কৰাত সহায়ক হোৱাকৈ দালালক টকা দিয়াটো এই প্রতিচ্ছবিবোৰৰ এখন হ’ব পাৰে। বিপদৰ আশংকা বেছি হ’লেও তেওঁলোকে সেইটো কৰাৰ চেষ্টা কৰে। যুদ্ধ নাইবা দুর্ভিক্ষৰ বাবে স্থানান্তৰিত হোৱা মানুহবোৰো আন এক প্রতিচ্ছবি হ’ব পাৰে। এইধৰণৰ দৃশ্যবোৰ দূৰদৰ্শনত প্ৰায়েই পৰিলক্ষিত হয়।
ছুদানৰ দাৰফুৰ অঞ্চলৰ শৰণাৰ্থী, পেলেষ্টাইনী, বার্মীজ, বাংলাদেশী শৰণার্থী ইত্যাদি বহুতো উদাহৰণ আছে। নিজ দেশখনে বা ওচৰ-চুবুৰীয়া দেশবোৰে এই লোকসকলক শৰণাৰ্থী হ’বলৈ বাধ্য কৰাইছে। আমি প্রায়ে ভাবি লওঁ যে এখন ৰাষ্ট্রৰ সম্পূর্ণ সদস্যতা সেই দেশখনত সাধাৰণতে বাস কৰা আৰু কাম কৰা সকলো লোকৰেই প্রাপ্ত। যিদৰে নাগৰিকত্বৰ বাবে কিছুমানে আৱেদন কৰে।
কিন্তু যদিও বহু ৰাষ্ট্রই সার্বজনীন আৰু বহুমুখী নাগৰিকত্বৰ ধাৰণাক সমর্থন কৰে, তথাপি নাগৰিকত্ব প্রদানৰ ক্ষেত্ৰত প্ৰতিখন ৰাষ্ট্রই কিছুমান সুনির্দিষ্ট নিয়ম নির্ধাৰণ কৰি দিয়ে। এইবোৰ সাধাৰণতে দেশখনৰ সংবিধান আৰু আইনবোৰত লিখা থাকিব। অবাঞ্ছিত লোকসকলক আঁতৰাই ৰখাৰ বাবে ৰাষ্ট্ৰবোৰে ইয়াৰ ক্ষমতা প্রয়োগ কৰে। যি হওক, বিভিন্ন প্রতিবন্ধকতা, আনকি কাঁইটীয়া তাঁৰ অথবা পকা বেৰা নির্মাণ সত্ত্বেও পৃথিবীত এক বুজনসংখ্যক লোকৰ অনুপ্ৰৱেশ চলি আছে। যুদ্ধ, উৎপীড়ন, দুর্ভিক্ষ ইত্যাদি বহুতো কাৰণত মানুহ স্থানান্তৰিত হ’ব পাৰে। যদি কোনো ৰাষ্ট্ৰই তেওঁলোকক আশ্রয় দিব নিবিচাৰে আৰু যদি তেওঁলোক নিজৰ ঘৰলৈ উভতি যাব নোৱাৰে, তেতিয়া তেওঁলোক ৰাষ্ট্রবিহীন বা শৰণার্থী হৈ পৰে।
তেওঁলোকক শৰণার্থী শিবিৰত বা অবৈধ অনুপ্রৱেশকাৰী হিচাপে বাস কৰিবলৈ বাধ্য কৰোৱা হয়। তেওঁলোকে প্রায়ে বৈধভাৱে কাম কৰিব নোৱাৰে, অথবা ল’ৰা-ছোৱালীক পঢ়া-শুনাও কৰাব নোৱাৰে বা সম্পত্তিও আহৰণ কৰিব নোৱাৰে। সমস্যাটো ইমান ভয়াবহ যে ৰাষ্ট্ৰসংঘই তেওঁলোকক সহায়-সহযোগ কৰাৰ বাবে উচ্ছাযুক্ত (High Commission for Refugees) নিযুক্তি দিছিল।
এখন দেশত নাগৰিক হিচাপে কিমানসংখ্যক মানুহক অন্তর্ভুক্ত কৰিব পৰা যায়, সেইটো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছুমান দেশৰ কাৰণে মানৱীয়তাৰ লগতে ৰাজনৈতিক সমস্যাত পৰিণত হৈছে। যুদ্ধ নাইবা উৎপীড়নৰ বাবে পলাই অহা লোকক গ্রহণ কৰাৰ এটা নীতি বহুতো দেশতে আছে।
কিন্তু তেনেবোৰ দেশেও এক বৃহৎসংখ্যক মানুহক গ্রহণ কৰি ৰাষ্ট্ৰৰ নিৰাপত্তা অনিশ্চিত কৰিব নিবিচাৰিব। উৎপীড়নত স্থানান্তৰিত লোকক আশ্রয় প্রদান কৰি ভাৰতবৰ্ষই নিজকে গর্ব অনুভৱ কৰি আহিছে, যিদৰে ১৯৫৮ চনত দালাই লামা আৰু তেওঁৰ অনুসৰণকাৰীসকলৰ ক্ষেত্ৰত কৰিছিল। ভাৰতৰ ৰাজ্যবোৰত চাৰিসীমাৰ কাষে কাষে থকা প্রায়বোৰ দেশৰ পৰা অনুপ্ৰৱেশ ঘটিছে, যিটো বর্তমানেও চলি আছে। এইদৰে প্রৱেশ কৰা বহু লোক বহু বছৰ বা বহু যুগ ধৰি ৰাষ্ট্ৰবিহীন হৈ আছে।
যিসকলে শৰণার্থী শিবিৰত নাইবা অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে বাস কৰি আছে। তেওঁলোকৰ মাত্র কিছু সংখ্যকহে নাগৰিকত্ব প্রদান কৰা হৈছে। এনে ধৰণৰ সমস্যাবোৰে গণতান্ত্রিক নাগৰিকত্বৰ প্রতিশ্রুতিৰ প্রতি প্রত্যাহ্বান জনায়, যিটোৱে সমসাময়িক বিশ্বৰ সকলোৰে বাবে অধিকাৰ আৰু পৰিচয় প্রাপ্তিৰ কথা দোহাৰে। যদিও বহুতো মানুহে তেওঁলোকৰ মনে বিচৰা ৰাষ্ট্ৰখনৰ নাগৰিকত্ব লাভ কৰিব নোৱাৰে, আনহাতে, তেওঁলোকৰ বাবে কোনো বিকল্প পৰিচয়ো নাথাকে।
ৰাষ্ট্রবিহীন লোকৰ সমস্যাটো আজিৰ বিশ্বই সন্মুখীন হোৱা এক উল্লেখযোগ্য সমস্যা। যুদ্ধ নাইবা ৰাজনৈতিক বিবাদৰ দ্বাৰা ৰাষ্ট্ৰৰ চাৰিসীমাবোৰ বৰ্তমানেও পুনৰ নিৰ্ধাৰণ কৰি থকা হৈছে আৰু সেই বিবাদবিলাকত আটক হোৱা লোকসকলৰ সমস্যা বহুত জটিল হৈ পৰিছে। তেওঁলোকে বাসস্থানৰ নিৰাপত্তা আৰু ৰাজনৈতিক চিনাকি হেৰুৱাব লগা হয় আৰু দেশ এৰিবলৈ হেঁচা প্রয়োগ কৰা হয়।
৫। দেশৰ ভিতৰতে বিভিন্ন অংশৰ পৰা হোৱা প্ৰব্ৰজনক স্থানীয় লোকসকলে প্রায়ে বাধা প্রদান কৰে। স্থানীয় অর্থনীতিলৈ প্ৰব্ৰজনকাৰীসকলে কি কি অৱদান আগবঢ়াব পাৰে?
উত্তৰঃ ৰাষ্ট্রৰ স্থানীয় বাসিন্দাসকলে ভাৰতবৰ্ষৰ শ্ৰমিকসকলক বেয়া ব্যৱহাৰ কৰিলে – আমি সকলোৰে ক্রোধিত হওঁ। কিছুমানে ভাবিব পাৰে যে দক্ষ আৰু শিক্ষিত শ্রমিকসকলে কামৰ সন্ধানত ঘূৰি ফুৰাৰ অধিকাৰ আছে। তেনেধৰণৰ শ্ৰমিকসকলক আকর্ষিত কৰিব পৰাৰ সামর্থ্য থকাৰ বাবেও ৰাষ্ট্ৰবোৰে গৌৰৱবোধ কৰিব পাৰে।
কিন্তু যদিহে সেই অঞ্চলত কর্মসংস্থাপনৰ নাটনি অনুভূত হয়। তেতিয়া স্থানীয় বাসিন্দাসকলে ‘বহিৰাগত’ৰ পৰা অহা প্রতিযোগিতাৰ পৰিপ্ৰেক্ষিতত ক্রোধান্বিত হ’ব পাৰে। মুক্ত বিচৰণৰ অধিকাৰে দেশৰ যিকোনো ঠাইত বাস কৰা বা কাম কৰাৰ অধিকাৰ প্ৰদান কৰেনে?
দুখীয়া প্ৰব্ৰজনকাৰী শ্রমিক আৰু দক্ষ প্ৰব্ৰজনকাৰী শ্রমিকৰ প্রতি আমি কেতিয়াবা সুকীয়া সুকীয়া মনোভাৱ গ্রহণ কৰাটো। কর্ম-সংস্থাপনৰ সন্ধানত আমাৰ অঞ্চললৈ অহা দক্ষ আৰু পটু শ্রমিকক আমি যিদৰে সম্ভাষণ জনাওঁ সেইটো এজন দুখীয়া শ্রমিকৰ ক্ষেত্ৰত পৰিলক্ষিত নহয়। সেয়েহে প্রশ্ন হয়- এজন দক্ষ শ্রমিকৰ দৰে দুখীয়া আৰু অদক্ষ শ্রমিকজনেও দেশৰ যিকোনো অংশতে বাস কৰা বা কাম কৰাৰ অধিকাৰ পোৱাটো উচিতনে?
এইবোৰেই আজিকালি ‘সম্পূর্ণ আৰু সমান সদস্যতা’ৰ ক্ষেত্ৰত দেশৰ সকলো নাগৰিকৰে মাজত আলোচিত বিতর্কিত বিষয়বোৰৰ কিয়দাংশ। গণতান্ত্রিক সমাজ এখনতো আনকি মাজে-সময়ে এনে বিবাদ উৎপত্তি হ’ব পাৰে। এই বিবাদবোৰ কি ধৰণে মীমাংসা কৰিব পৰা যাব? আমাৰ দেশৰ নাগৰিকৰ বাবে সংবিধান প্রদত্ত বাক্ স্বাধীনতাৰ এটা দিশ হৈছে প্রতিবাদ কৰাৰ অধিকাৰ। কিন্তু ইয়াৰ দ্বাৰা কাৰো জীৱন বা সম্পত্তি বা অন্য ৰাষ্ট্রৰ কোনো অন্যায় কৰিব নোৱাৰিব। নাগৰিকসকলে বিভিন্ন দল, গঠন কৰি প্ৰতিবাদ কৰি, সংবাদ মাধ্যম ব্যৱহাৰ কৰি, ৰাজনৈতিক দলবোৰক আহ্বান কৰি বা আদালতৰ ওচৰ চাপিও বিভিন্ন ৰাজহ্বা মতামত গ্রহণ আৰু চৰকাৰী নীতি নির্ধাৰণত প্রভাৱান্বিত কৰিব পাৰে। আদালতেও বিষয়টোত মতামত ব্যক্ত কৰিব পাৰে বা চৰকাৰক বিষয়টো নিষ্পত্তিৰ বাবে আদেশ দিব পাৰে, যদিও এই প্রক্রিয়াটো লেহেমীয়া। ইয়ে কেতিয়াবা এক অভূতপূর্ব সাফল্যও আনিব পাৰে। যদি প্রত্যেকজন নাগৰিককে সম্পূর্ণ আৰু সমান সদস্যতা দিয়াটো মনস্থ কৰি কিছুমান নির্দিষ্ট নীতি-নির্দেশনাৰে আগবঢ়া যায়, তেতিয়া সমাজত মাজে-সময়ে উদ্ভৱ হোৱা বিভিন্ন সমস্যাবোৰৰ এক গ্রহণযোগ্য সিদ্ধান্তত উপনীত হোৱাটো সহজসাধ্য হ’ব। গণতন্ত্ৰৰ এটা মূল নীতি হৈছে যে শক্তি প্রয়োগৰ বিপৰীতে এনেধৰণৰ বিবাদবোৰ বুজা-পৰা আৰু আলোচনাৰ মাজেৰে মীমাংসা কৰিব লাগিব। এইটো নাগৰিকত্বৰ বাধ্যবাধকতাৰ এটা অন্যতম।
৬। ‘ভাৰতৰ দৰে সমান নাগৰিকত্ব প্রদান কৰা গণতান্ত্রিক নাগৰিকত্ব পৈনতাৰ বিপৰীতে এক কল্পনাহে।’ বর্তমান ভাৰতবৰ্ষত নাগৰিকত্বক লৈ উত্থাপিত হোৱা বিষয়বোৰৰ কিছুমান আলোচনা কৰা।
উত্তৰঃ জাতি ৰাষ্ট্ৰৰ ধাৰণাটো আধুনিক সৃষ্টি। জাতি ৰাষ্ট্ৰৰ সার্বভৌমত্ব আৰু নাগৰিকৰ গণতান্ত্রিক অধিকাৰৰ সর্বপ্রথম ধাৰণা ১৭৮৯ চনত ফৰাচী বিপ্লবীসকলৰ দ্বাৰা উত্থাপিত হৈছিল। জাতি ৰাষ্ট্ৰই দাবী কৰিছিল যে তেওঁলোকৰ চাৰিসীমা অকল কোনো ভৌগোলিক সীমাৰ দ্বাৰা নির্ধাবিত নহয়, এক সুনির্দিষ্ট সংস্কৃতি আৰু সমিলমিলৰ ইতিহাসৰ দ্বাৰাহে নির্ধাৰিত হয়। জাতীয় পৰিচয় আন বহুতৰ লগতে কিছুমান সুনির্দিষ্ট প্রতীক যেনে- জাতীয় পতাকা, জাতীয় সংগীত, জাতীয় ভাষা নতুবা কিছুমান নির্দিষ্ট উৎসৱ আদিৰ জৰিয়তেহে প্রকাশিত হয়।
বহুতো আধুনিক ৰাষ্ট্ৰই বিভিন্ন ধর্ম, ভাষা আৰু সাংস্কৃতিক পৰম্পৰাৰ লোককো সামৰি লয়। কিন্তু এখন গণতান্ত্রিক ৰাষ্ট্রৰ জাতীয় পৰিচয় ৰাষ্ট্ৰখনৰ সকলো জনগণে উপভোগ কৰিব পৰা এক ৰাজনৈতিক পৰিচয়ৰ মাজেদিহে প্রকাশিত হোৱা বুলি ধৰি লোৱা হয়। গণতান্ত্রিক ৰাষ্ট্র এখনত সাধাৰণতে জনসাধাৰণক যিমান সম্ভৱ গোট হিচাপে চিনাকি দিব বিচৰা হয়; যাব জৰিয়তে জনসাধাৰণে নিজকে ৰাষ্ট্রখনৰ এক অংশীদাৰ বুলি অনুভৱ কৰিব পাৰে। কিন্তু বাস্তৱতে প্রায়বোৰ ৰাষ্ট্ৰই তেওঁলোকৰ চিনাকি এনেধৰণে দিব বিচাৰে যাৰ জৰিয়তে কিছু অংশই তেওঁলোকক ৰাষ্ট্রৰ আনসকলতকৈ পৃথক বুলি সহজে অনুভৱ কৰিব পাৰে। নাগৰিকত্ব যে কিছুমানৰ বাবেহে, সকলোৰে বাবে নহয় ইয়ে এইটো ৰাষ্ট্ৰখনৰ বাবে সহজবোধ্য কৰি তোলে।
আন ৰাষ্ট্ৰৰ দৰে আমেৰিকাৰ ক্ষেত্ৰটো এইটো সত্য বুলি বিবেচিত হৈছে, য’ত বহিৰাগত ভৰপূৰ হৈ আছে। উদাহৰণস্বৰূপে, ফ্রান্সে নিজকে এখন ধর্মনিৰপেক্ষ আৰু সমভাবাপন্ন দেশ হিচাপে দাবী কৰে। ইয়াত অকল ইউৰোপীয় মূলৰ লোকসকলেই নহয় উত্তৰ আফ্রিকাৰ দৰে আন বহু ঠাইৰ পৰা অহা লোকসকলকো অন্তর্ভুক্ত কৰে। সংস্কৃতি আৰু ভাষা হৈছে জাতীয় পৰিচয়ৰ বৈশিষ্ট্য আৰু ৰাজহুৱা জীবনত সকলো নাগৰিককেই এইক্ষেত্ৰত এক হিচাপে গণ্য কৰা হয়।
তথাপি তেওঁলোকে ব্যক্তিগত জীবনত তেওঁলোকৰ ব্যক্তিগত বিশ্বাস আৰু অভ্যাসবোৰ বৰ্তাই ৰাখিব পাৰে। কি সেইটো নির্ধাৰণ কৰাটো সহজসাধ্য নহ’ব, যাৰ ফলত কিছুমান বিবাদৰ সূত্রপাত হব। যদিও ধর্মীয় বিশ্বাসবোৰক ব্যক্তিগত বিষয় হিচাপে গণ্য কৰা হয়, কিন্তু কেতিয়াবা ধর্মীয় প্রতীক আৰু অভ্যাসবোৰ ৰাজহুৱা জীবনলৈ প্রৱেশ ঘটিব পাৰে। তোমালোকে নিশ্চয় শুনিছা যে ফ্রান্সৰ স্কুলৰ শিখ ধর্মীয় ল’ৰাবোৰৰ বাবে পাগুৰি আৰু মুচলমান ছোৱালীবোৰৰ বাবে বোর্খা বিদ্যালয়ৰ ইউনিফৰ্মৰ লগত তেওঁলোকে পিন্ধাৰ দাবী উঠিছিল। ৰাষ্ট্ৰৰ শিক্ষাৰ দৰে ৰাজহুৱা বিষয়ত ধর্মীয় ধ্যান-ধাৰণাই হস্তক্ষেপ কৰিব বুলি কিছুমান বিদ্যালয়ে ইয়াৰ অনুমতি দিয়া নাছিল।
যিবোৰ ধর্মত সেই নীতি-নিয়মবোৰ নাছিল, স্বাভাবিকতে তেওঁলোকে সেইবোৰ সমস্যাৰ সন্মুখীন হোৱা নাছিল। জাতীয় সংস্কৃতিৰ লগত এক হৈ যোৱাটোৱেই সকলোৰে বাবে মংগলজনক হ’ব। দেশ ভেদে নতুন আবেদনকাৰীক নাগৰিকত্ব প্রদানৰ মাপকাঠী বেলেগ বেলেগ হব। ইজৰাইল বা জার্মানীৰ দৰে ৰাষ্ট্ৰবোৰত নাগৰিকত্ব প্রদানৰ ক্ষেত্ৰত ধর্ম, নৃগোষ্ঠীয় চিনাকি আদি কাৰকবোৰে অগ্রাধিকাৰ পাব। তুর্কীৰ পৰা আহি এসময়ত জার্মানীত কাম কৰিবৰ বাবে উদগনি যোগোৱা শ্রমিকসকলৰ ল’ৰা-ছোৱালীবোৰক জাৰ্মানীৰ নাগৰিকত্ব প্ৰদানৰ বাবে নেৰা,-নেপেৰা দাবী তুলি আহিছে, যিবোৰ ল’ৰা-ছোৱালী জার্মানীতে জন্ম হৈ ডাঙৰ-দীঘল হৈছে। এই লৈ বর্তমানেও তর্ক-বিতর্ক চলি আছে। এইবোৰ নাগৰিকত্ব প্রদানৰ ক্ষেত্ৰত আৰোপ কৰা কিছুমান বাধা-নিষেধৰ কেইটামান মাত্র উদাহৰণহে।
আনকি এনে নীতি নিজকে উদাৰ বুলি দাবী কৰা কিছুমান গণতান্ত্রিক দেশতো চলি আছে। ভাৰতবৰ্ষই নিজকে ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক জাতি হিচাপে চিনাকি দিয়ে। স্বাধীনতাৰ বাবে চলা আন্দোলন ব্যাপক পৰিসৰৰ আছিল আৰু বিভিন্ন অঞ্চলৰ ধৰ্ম- সংস্কৃতিৰ লোকক ঐক্যবদ্ধ কৰাৰ বাবে বহু ভবা-চিন্তা কৰিবলগীয়া হৈছিল। ১৯৪৭ চনত মুছলীম লীগৰ লগত থকা বিভেদ সমাধান কৰিব নোৱৰা বাবে দেশ দ্বিখণ্ডিত হৈছিল। যদিও এইটোৱেই ভাৰতীয় জাতীয় নেতাসকলক তেওঁলোকে প্রতিষ্ঠা কৰিব বিচৰা ধৰ্মনিৰপেক্ষ আৰু সমভাবাপন্ন গুণসম্পন্ন ৰাষ্ট্র গঠনৰ যি লক্ষ্য তাক বেছি সুদৃঢ় কৰি তুলিছিল। এই দৃঢ়তা ভাৰতীয় সংবিধানতো লিপিবদ্ধ কৰা হৈছে।
ভাৰতীয় সংবিধানে এখন বহুধাবিভক্ত সমাজত শৃংখলা আনিবলৈ চেষ্টা কৰিছিল। এইবোৰৰ কিছুমান হৈছে- অনুসূচিত জাতি আৰু জনজাতি, পূর্বতে সমান। অধিকাৰ ভোগ নকৰা বহু মহিলা, আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ বহু সম্প্রদায়ক যিবোৰৰ আধুনিক সভ্যতাৰ লগত কোনো সম্পর্ক নাছিল, এনে বহুতো লোকক সম্ভৱপৰ সম্পূৰ্ণ আৰু সমান নাগৰিকত্ব প্রদানৰ লক্ষ্য স্থিৰ কৰিছিল।
দেশৰ বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন ভাষা ভাষী, ধর্ম আৰু আচাৰ- ব্যৱহাৰৰ লোকসকলৰ বাবেও এখন সমন্বয়ৰ ক্ষেত্র গঢ়ি তুলিব বিচাৰিছিল। জনসাধাৰণৰ ব্যক্তিগত বিশ্বাস, ভাষা আৰু সংস্কৃতিবোৰ বৰ্তাই ৰাখি সকলোৰে বাবে সমান অধিকাৰ প্ৰদানৰ চেষ্টা কৰিছিল। সেয়েহে এইটো সংবিধানৰ মাধ্যমেৰে প্ৰয়াস কৰা এক অদ্বিতীয় প্রচেষ্টা।
দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত বিভিন্ন সংস্কৃতি, ধর্ম আৰু অঞ্চলৰ লোকৰ অন্তর্ভুক্তিয়ে দেশখনৰ এই প্রচেষ্টাকেই নিদর্শন কৰে।
নাগৰিকত্বৰ বিভিন্ন সুবিধাবোৰ সংবিধানত তৃতীয় অধ্যায় আৰু পৰৱৰ্তী সময়ত সংসদে গ্রহণ কৰা আইনবোৰত উপলব্ধ হ’ব। সংবিধানে প্রয়োজনীয়ভাবেই নাগৰিকত্বৰ ক্ষেত্ৰত এক গণতান্ত্রিক আৰু বহুমুখী ধাৰণা গ্রহণ কৰিছিল। ভাৰতবৰ্ষত জন্মসূত্রে, বংশানুক্রমে, পঞ্জীয়ন, দেশীয়কৰণ অথবা ৰাজ্যক্ষেত্র চামিলকৰণৰ দ্বাৰা নাগৰিকত্ব আহৰণ কৰিব পাৰি। নাগৰিকৰ অধিকাৰ আৰু বাধ্যবাধকতাসমূহ সংবিধানত লিপিবদ্ধ কৰা হৈছে।
ৰাষ্ট্ৰই যাতে কোনো নাগৰিককে জাতি, বর্ণ, লিংগ, জন্মস্থানৰ ভিত্তিত বৈষম্যমূলক আচৰণ কৰিব নোৱাৰে, তাৰ ব্যৱস্থা সংবিধানত ৰিখা হৈছে। ধর্মীয় আৰু ভাষিক অধিকাৰবিলাক সংৰক্ষিত কৰা হৈছে। সংখ্যালঘুসকলকে যি হওক, তেনেকুৱা বহুমুখী ব্যৱস্থাই কেতিয়াবা আনকি বিবাদ আৰু বিপ্লৱকে সূত্রপাত কৰিছে। নাগৰিকত্বৰ সম্পূৰ্ণ অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ বাবে সংঘটিত হোৱা আন্দোলনবোৰৰ কিছুমান হৈছে নাৰী আন্দোলন, দলিত শ্ৰেণীৰ আন্দোলন। নাইবা উন্নয়নৰ কাৰ্যৰ বাবে বিতাৰিত হোৱা মানুহৰ আন্দোলন। ভাৰতবর্ষৰ অভিজ্ঞতাৰ পৰা এইটো প্রতীয়মান হৈছে যে গণতান্ত্রিক নাগৰিকত্ব যিকোনো দেশৰ বাবে আলম আৰু আদর্শ, যাৰ জৰিয়তে দেশখন আগবাঢ়ি যাব পাৰে। সমাজৰ পৰিবর্তনৰ লগে লগে নতুন নতুন বিষয়বোৰে গুৰুত্ব পাইছে আৰু নিজকে অবহেলিত বুলি থকা। গোষ্ঠীবোৰে নতুন নতুন দাবী উত্থাপন কৰিছে। এখন গণতান্ত্রিক ৰাষ্ট্রই এই দাবীবোৰৰ সৈতে নিশ্চয় মোকাবিলা কৰিব লাগিব।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.