Class 11 Political Science Chapter 17 জাতীয়তাবাদ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 17 জাতীয়তাবাদ and select needs one.
Class 11 Political Science Chapter 17 জাতীয়তাবাদ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 17 জাতীয়তাবাদ Solutions for All Subject, You can practice these here…
জাতীয়তাবাদ
পাঠ: ৭
দ্বিতীয় খণ্ড
অতি চমু প্রশ্নৰ উত্তৰ দিয়া
১। জাতীয়তাবাদৰ এটা সংজ্ঞা দিয়া ।
উত্তৰঃ ফিল্ডৰ মতে , “ বাস্তৱতে জাতীয়তাবাদ হ’ল এটা জনসমষ্টি , যিয়ে নিজৰ এখন স্বতন্ত্র ৰাষ্ট্র গঠন কৰাৰ আকাংক্ষা কৰে ।
২। জাতীয়তাবাদৰ এটা উপাদানৰ বিষয়ে উল্লেখ কৰা ।
উত্তৰঃ একে ভাষা ।
৩। জাতীয়তাবাদৰ এটা সীমাবদ্ধতাৰ বিষয়ে উল্লেখ কৰা ।
উত্তৰঃ সংকীর্ণ আত্মকেন্দ্রিক , আগ্রাসী , জাতীয়তাবাদী চিন্তাই মানৱ সভ্যতাৰ বিকাশ আৰু অগ্ৰগতিৰ পৰিৱর্তে তাক ধ্বংস অনিবার্য পৰিণতিৰ ফালে ঠেলি পঠিয়ায় ।
৪। জাতি শব্দটো কোন লেটিন শব্দৰ পৰা উৎপত্তি হৈছে ?
উত্তৰঃ ‘নেচো’ ।
৫। জাতীয়তাৰ অধিকাৰ মানে কি বুজা ?
উত্তৰঃ আত্ম নিয়ন্ত্ৰণৰ অধিকাৰক জাতীয়তাৰ অধিকাৰ বুলিব পাৰি ।
৬। নেচো শব্দৰ অর্থ কি ?
উত্তৰঃ জন্ম ।
৭। জাতীয়তা মানে কি ?
উত্তৰঃ একে বংশ , ভাষা , ধর্ম , কলা – সংস্কৃতিৰ মানুহে এটা জাতি গঢ়াৰ পথত অগ্ৰসৰ হােৱাৰ পদক্ষেপটোকেই জাতীয়তা বােলে ।
৮। জাতি আৰু জাতীয়তাৰ মাজত থকা এটা পার্থক্য উল্লেখ কৰা ।
উত্তৰঃ জাতি ৰাজনৈতিক সংগঠনৰ লগত জড়িত । আনহাতে , জাতীয়তা ৰাজনৈতিক সংগঠনৰ লগত জড়িত নহয় ।
৯। জাতি আৰু জাতীয়তা একে নেকি ?
উত্তৰঃ নহয় ।
১০। ৰাজনৈতিক আকাংক্ষা বা অভিলাষ জাতীয়তাৰ উপাদান হয়নে ?
উত্তৰঃ হয় ।
১। জাতীয় আত্মনিয়ন্ত্ৰণৰ তাধিকাৰৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ আক্ষৰিক অর্থত আত্মনিয়ন্ত্রণৰ অধিকাৰ মানে নিজে নিজৰ পথ নির্ণয় কৰা অধিকাৰক বুজায় । হায়েছৰ মতে , এটা জাতিৰ লােকসকলে কোনখন সার্বভৌম ৰাষ্ট্রত বাস কৰিব আৰু কেনে ধৰণৰ চৰকাৰ গঠন কৰি ল’ব , সেই কথাটোৰ সিদ্ধান্ত গ্রহণৰ ক্ষমতাকে আত্ম নিয়ন্ত্ৰণৰ ক্ষমতা বােলে ।
১৯ শ শতিকাত ইউৰােপ মহাদেশৰ ভালেমান দেশত একে সংস্কৃতি , এক ৰাষ্ট্ৰৰ দাবী উত্থাপিত হৈছিল । প্রথম মহাসমৰৰ পিছত স্বাক্ষৰিত সন্ধিৰ সময়ত এনে দাবীৰ প্রতি সঁহাৰি জনাই বহুতাে নতুন ৰাষ্ট্ৰৰাে সৃষ্টি হৈছিল ।
Sl. No. | সূচী-পত্ৰ |
Unit 1 | প্ৰথম খণ্ড |
Chapter 1 | সংবিধান: কিয় আৰু কেনেকৈ ? |
Chapter 2 | ভাৰতীয় সংবিধানত থকা অধিকাৰ সমূহ |
Chapter 3 | নির্বাচন আৰু প্রতিনিধিত্ব |
Chapter 4 | সংবিধান: কার্যপালিকা |
Chapter 5 | বিধানমণ্ডল |
Chapter 6 | ন্যায়পালিকা |
Chapter 7 | যুক্তৰাষ্ট্রবাদ |
Chapter 8 | স্থানীয় চৰকাৰ |
Chapter 9 | জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান |
Chapter 10 | সংবিধানৰ দর্শন । |
Unit 2 | দ্বিতীয় খণ্ড |
Chapter 1 | ৰাজনৈতিক তত্ব: এক চমু পৰিচয় |
Chapter 2 | স্বাধীনতা |
Chapter 3 | সমতা |
Chapter 4 | সামাজিক ন্যায় |
Chapter 5 | অধিকাৰ |
Chapter 6 | নাগৰিকতা |
Chapter 7 | জাতীয়তাবাদ |
Chapter 8 | ধর্মনিৰপেক্ষতাবাদ |
Chapter 9 | শান্তি |
Chapter 10 | উন্নয়ন |
২। জাতীয়তাবাদৰ উপাদানসমূহৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ ১। উমৈহতীয়া বিষয় :- জাতীয়তাবাদ এটা বিমূর্ত বস্তু । এটা বিশ্বাস বা কল্পনাসদৃশ । সেয়েহে নিজৰ কর্তৃত্বাধীন এটা ৰাজনৈতিক সংগঠনৰ অধীনত বাস কৰা আৰু ভৱিষ্যত উৎকর্ষ সাধনৰ স্বপ্ন বাস্তৱত পৰিণত কৰাৰ আকাংক্ষা আৰু বিশ্বাস । এক সেই সকলৰ মহাগুণ ।
২। ইতিহাস :- ঐতিহাসিক ঘটনা বা কার্যাৱলীৰ স্মৃতি , ঐতিহাসিক আখ্যান , টোকা আদি বুৰঞ্জীপ্ৰসিদ্ধ যুদ্ধ বিগ্রহ , জয় – পৰাজয় , কৃষ্টি – সংস্কৃতি , সভ্যতা আদি বিষয়ৰ অতীত ৰােমন্থন আৰু সেইবােৰৰ ভিত্তিত গঢ়ি উঠা প্রেম জাতীয়তাবাদৰ আন এটা উপাদান ।
৩৷ উমৈহতীয়া ভাষা – ধর্ম – সংস্কৃতি আদিৰ জৰিয়তে গঢ় লােৱা একাত্মবােধ :- জাতীয়তাবাদৰ উৎপত্তি আৰু বাঢ়নত সাৰ পানী যােগান ধৰা উপাদান হ’ল – উমৈহতীয়া ভাষা – ধর্ম সংস্কৃতি আদিৰ বৰঙণি ।
৪। ৰাজনৈতিক আদর্শ :- ৰাজনৈতিক আদৰ্শৰ প্রতি সমূহীয়া দৃষ্টিভঙ্গী জাতীয়তাবাদৰ এটা গুৰুত্বপূর্ণ উপাদান ।
৫। ৰাষ্ট্ৰসস্তৃত ঐক্য :- একে শাসনাধিষ্ঠ হৈ থকাৰ একান্ত ইচ্ছা বহনকাৰী এক বা একাধিক জাতীয়তাৰে গঠিত জনগােষ্ঠী এটা জাতিত পৰিণত হয় ।
৬৷ ৰাজ্যক্ষেত্র :- বাসস্থানভিত্তিক ঐক্য জাতীয়তাবাদৰ অন্যতম মুখ্য উপাদান ।
৩। জাতীয়তাবাদৰ উৎপত্তি তথা ক্রমবিকাশৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ জাতীয়তাবাদ গণতন্ত্রৰ অৱদান । অতীতৰ ৰাজনৈতিক আৰু পৰৱৰ্তী সামন্তবাদী শাসনৰ অধীনত জাতীয়তাবাদী ধাৰণাৰ উন্মেষ ঘটা নাছিল । ৰাজতান্ত্রিক ব্যৱস্থাত প্রজাসমূহে ৰজাক সর্বশক্তিমান অর্থাৎ সার্বভৌম শাসক বুলি পূজা কৰিছিল আৰু সামন্ত যুগতাে ভূ স্বামীসকলে প্রায় একে মর্যাদাকে ভােগ কৰিবলৈ পাইছিল । দুয়ােটা যুগতাে শাসক শ্রেণীয়ে ক্রমে প্রজা আৰু ৰায়তসকলৰ পৰা লাভ কৰা আনুগত্য নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে ব্যৱহাৰ কৰিছিল । জাতীয়তাবাদৰ আৰম্ভণি হৈছিল ইংলেণ্ডৰ টিউডক ৰজাসকলৰ শাসন কালত । তাৰ পিছত সেই মহাদেশৰ অন্যান্য দেশবােৰেও জাতীয়তাবাদৰ অনুপ্ৰেৰণা লাভ কৰিছিল । তাৰ পৰৱৰ্তী কালতহে আকৌ এছীয় আৰু আফ্রিকান দেশবােৰলৈ জাতীয়তাবাদ সম্প্রসাৰিত হৈছিল ।
৪। জাতি আৰু জাতীয়তাবাদৰ মাজত থকা যিকোনাে চাৰিটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ ১। জাতিয়ে এটা ৰাজনৈতিক সংগঠনৰ কথা সূচায় কিন্তু জাতীয়তাবাদৰ লগত ৰাজনৈতিক সংগঠন জড়িত নহয় ।
২। জাতি সংগঠনৰ বাবে সার্বভৌমত্বৰ প্রয়ােজন কিন্তু । জাতীয়তাবাদৰ বাবে সার্বভৌমত্বৰ প্ৰয়ােজন নহয় ।
৩। জাতি গঠনৰ বাবে ৰাজনৈতিক ঐক্য অপৰিহাৰ্য কিন্তু জাতীয়তাবাদৰ বাবে ৰাজনৈতিক ঐক্য অপৰিহাৰ্য নহয় ।
৪। জাতিৰ ভৌগােলিক পৰিসৰ সীমিত কিন্তু জাতীয়তাবাদৰ ভৌগােলিক পৰিসৰ বিস্তৃত ।
৫। বহুত্ববাদ কি ?
উত্তৰঃ আধুনিক বিশ্বত এক জাতি এক ৰাষ্ট্ৰৰ ধাৰণার্থে বহু পৰিমাণে দুর্বল হৈ পৰিছে । এখন ৰাষ্ট্রৰ ভিতৰত বহুতাে জাতি , ধর্ম , বর্ণ ভাষাৰ লােক একেলগে বাস কৰিবলৈ লৈছে । সংখ্যালঘু সম্প্রদায়ৰ স্বাৰ্থ – সুৰক্ষিত কৰিবলৈ ৰাষ্ট্ৰই বিভিন্ন ধৰণৰ সাংবিধানিক ব্যৱস্থা হাতত লৈছে । সংখ্যালঘু সকলৰ ভাষা , ধর্ম , সংস্কৃতি আৰু শিক্ষাৰ বিকাশৰ আৰু সুৰক্ষাৰ বাবে ৰাষ্ট্ৰই ব্যৱস্থা কৰিছে । ফলত আধুনিক ৰাষ্ট্ৰত সাংস্কৃতিক বৈচিত্রতা বিৰাজ কৰিছে ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.