Class 11 Political Science Chapter 18 ধর্ম নিৰপেক্ষতা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 18 ধর্ম নিৰপেক্ষতা and select needs one.
Class 11 Political Science Chapter 18 ধর্ম নিৰপেক্ষতা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 18 ধর্ম নিৰপেক্ষতা Solutions for All Subject, You can practice these here…
ধর্ম নিৰপেক্ষতা
পাঠ: ৮
দ্বিতীয় খণ্ড
অতি চমু প্রশ্নৰ উত্তৰ দিয়া
১। ধর্মনিৰপেক্ষতা মানে কি ?
উত্তৰঃ ব্যক্তি , সমাজ , ৰাষ্ট্র , আইন , শিক্ষা ব্যৱস্থা , কলা – কৃষ্টি – সংস্কৃতি আদি ধৰ্মৰ সৈতে মুঠেই সম্পর্ক নথকা বা বিশেষ সম্পর্ক নথকা বিশ্বাস বা আদর্শর্ক ধর্মনিৰপেক্ষতা বােলা হয় ।
২। ধর্মনিৰপেক্ষতাৰ যিকোনো এটা সংজ্ঞা দিয়া ।
উত্তৰঃ ‘Oxford Advanced Learner’s Dictionary ’ ত দিয়া অনুসৰি “ ধর্মনিৰপেক্ষতা হৈছে এটা বিশ্বাস যে শিক্ষা , আইন আদি ধৰ্মৰ ভিত্তিত প্রতিষ্ঠিত হােৱাতকৈ তথ্য , বিজ্ঞান আদিৰ ভিত্তিত প্রতিষ্ঠিত হােৱা উচিত ।
৩। ধর্মনিৰপেক্ষতাৰ এটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ সকলাে ধৰ্মৰ প্রতি সমান সম্মান প্রদর্শন কৰা ।
৪। ভাৰতবর্য এখন ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ হয়নে ?
উত্তৰঃ হয় ।
৫। ধর্মনিৰপেক্ষতা অটুট ৰখাৰ যিকোনাে এটা উপায় লিখা ।
উত্তৰঃ ব্যক্তিগত সু – সম্পর্ক স্থাপন কৰি ধৰ্মনিৰপেক্ষতা মজবুত কৰিব পাৰি ।
৬। ভাৰতবৰ্ষত ধর্মনিৰপেক্ষতাৰ ধাৰণাৰ স্থপতি তথা মুখ্য প্ৰৱক্তাজন কোন আছিল ?
উত্তৰঃ পণ্ডিত জৱাহৰলাল নেহৰু ।
৭। ভাৰতীয় সংবিধানত ‘ ধর্মনিৰপেক্ষতা ’ শব্দটো কিমান চনত সংযােজন কৰা হৈছিল ।
উত্তৰঃ১৯৭৬ চনত ।
৮। ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ পথত থকা যিকোনাে এটা বাধা লিখা ।
উত্তৰঃ সাম্প্রদায়িকতা ।
৯। ভাৰতত ধৰ্মনিৰপেক্ষতা শক্তিশালী কৰণৰ এটা উপায় লিখা ।
উত্তৰঃ শিক্ষা ব্যৱস্থাৰ প্ৰয়ােজনীয় সংস্কাৰ সাধন কৰা ।
১০। ভাৰতীয় ধর্মনিৰপেক্ষতাৰ ক্ষেত্ৰত থকা এটা সমালােচনা বা ত্রুটি উল্লেখ কৰা ।
উত্তৰঃ ভাৰতীয় ধর্মনিৰপেক্ষতাৰ অৰ্থৰ অস্পষ্টতা থকাটো ইয়াৰ , এটা ত্রুটি ।
তলত দিয়াবােৰৰ উত্তৰ দিয়া :
১। ভাৰতীয় ধর্মনিৰপেক্ষতাৰ চাৰিত্রিক বৈশিষ্ট্য সমূহৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ ১। সকলাে ধৰ্মৰ প্রতি সমান সম্মান :- ভাৰতীয় জাতিৰ জনক মহাত্মা গান্ধীৰ মতে , বিশ্বৰ সকলােবােৰ ধর্মমত সমানে শ্ৰদ্ধাৰ যােগ্য ।
২।ৰাষ্ট্ৰ ধৰ্মৰ অনুপস্থিতি :- পৃথিৱীৰ বহু ৰাষ্ট্ৰত থকাৰ নিচিনাকৈ ভাৰতত কোনাে ৰাষ্ট্র ধর্ম নাই ।
৩। স্বতন্ত্রতা :- সকলাে নাগৰিক আনকি ভাৰতলৈ অহা বিদেশীসকলেও ভাৰতত থকাৰ সময়ত নিজৰ ধৰ্ম অনুসৰি প্রার্থনা কৰাৰ স্বতন্ত্রতা লাভ কৰে ।
৪। ধর্মীয় সংখ্যালঘুসকলৰ প্ৰতি সম ব্যৱহাৰ :- ভাৰতীয় ধর্ম নিৰপেক্ষতাৰ ধাৰণা অনুসৰি ধর্মীয় সংখ্যা গৰিষ্ঠতা বা লঘিষ্ঠতাৰ ভিত্তিত পক্ষপাতিত্বমূলক আচৰণৰ কোনাে স্থান নাই ।
Sl. No. | সূচী-পত্ৰ |
Unit 1 | প্ৰথম খণ্ড |
Chapter 1 | সংবিধান: কিয় আৰু কেনেকৈ ? |
Chapter 2 | ভাৰতীয় সংবিধানত থকা অধিকাৰ সমূহ |
Chapter 3 | নির্বাচন আৰু প্রতিনিধিত্ব |
Chapter 4 | সংবিধান: কার্যপালিকা |
Chapter 5 | বিধানমণ্ডল |
Chapter 6 | ন্যায়পালিকা |
Chapter 7 | যুক্তৰাষ্ট্রবাদ |
Chapter 8 | স্থানীয় চৰকাৰ |
Chapter 9 | জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান |
Chapter 10 | সংবিধানৰ দর্শন । |
Unit 2 | দ্বিতীয় খণ্ড |
Chapter 1 | ৰাজনৈতিক তত্ব: এক চমু পৰিচয় |
Chapter 2 | স্বাধীনতা |
Chapter 3 | সমতা |
Chapter 4 | সামাজিক ন্যায় |
Chapter 5 | অধিকাৰ |
Chapter 6 | নাগৰিকতা |
Chapter 7 | জাতীয়তাবাদ |
Chapter 8 | ধর্মনিৰপেক্ষতাবাদ |
Chapter 9 | শান্তি |
Chapter 10 | উন্নয়ন |
২। ভাৰতত ধৰ্মনিৰপেক্ষতাৰ বাধাসমূহৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ ১। শিক্ষাৰ অভাৱ :- বিশাল জনসংখ্যাৰ দেশ ভাৰতত এতিয়াও শিক্ষাৰ অভাৱত বহুসংখ্যক লােক অন্ধকাৰত ডুবি আছে ।
২। সহিষ্ণুতাৰ অভাৱ :- বহুধর্মীয় ভাৰতত বিভিন্ন ধর্মবােৰৰ মাজত আৰু একেটা ধৰ্মৰে বিভিন্ন পন্থাবােৰৰ মাজত থকা অসহিষ্ণুতাৰ ভাবে কেতিয়াবা কেতিয়াবা উগ্ৰৰূপ ধাৰণ কৰা দেখা যায় ।
৩। সাম্প্রদায়িকতাবাদ :- সমগ্র জাতি বা ৰাষ্ট্ৰতকৈও নিজৰ ধৰ্ম বা ধর্মীয় গােটৰ স্বার্থক অধিক গুৰুত্বপূৰ্ণ বুলি চিন্তা কৰা মনােবৃত্তিক সাম্প্রদায়িকতাবাদ বােলা হয় ।
৪। জাতিভেদ প্রথা :- হিন্দু ধৰ্মৰ শৰীৰত জাতিভেদ প্রথা এবিধ দুৰাৰােগ্য ঘাৰ নিচিনা । ইয়াক সাম্প্রদায়িকতাৰে নামান্তৰ বুলি ক’ব পাৰি ।
৫। সামাজিক বৈষম্য :- কোনাে সমাজতে আর্থিক , বিদ্যায়তনিক , বৌদ্ধিক আদি দিশত সম্পূর্ণ সমতা দেখা নাযায় ।
৩। ভাৰতবর্ষ এখন ধর্ম নিৰপেক্ষ ৰাষ্ট্র হয়নে ?
উত্তৰঃ ভাৰতবর্য এখন ধর্মনিৰপেক্ষ ৰাষ্ট্র হয় । ভাৰতৰ সংবিধানত ধর্মনিৰপেক্ষ শব্দটো অন্তর্ভুক্ত হৈ আছে । সংবিধানে ভাৰতবৰ্ষক এখন ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি ঘােষণা কৰিছে । ভাৰতবৰ্ষত কোনো চৰকাৰী বা ৰাষ্ট্র ধর্ম নাই । ভাৰতৰ প্ৰতিজন নাগৰিকে নিজৰ বিবেক আৰু বিশ্বাস অনুযায়ী মুক্তভাৱে ধর্ম গ্রহণ , নিজ ধর্ম প্ৰচাৰ আৰু চর্চা কৰা , ধর্মীয় সংস্থা স্থাপন কৰাৰ অধিকাৰ আছে । চৰকাৰৰ দ্বাৰা পৰিচালিত কোনাে শিক্ষানুষ্ঠানত ধর্মীয় শিক্ষা প্রদানত বাধা আৰােপ কৰা হৈছে । চৰকাৰে ধৰ্মৰ ভিত্তিত নাগৰিকক বৈষম্য ব্যৱহাৰ কৰিব নােৱাৰে ।
৪। জৱাহৰলাল নেহৰুৰ ধৰ্মনিৰপেক্ষতাবাদৰ দৃষ্টিভঙ্গী আলােচনা কৰা ।
উত্তৰঃ ধর্মনিৰপেক্ষতা মানে ৰাষ্ট্ৰই কোনাে ধৰ্মৰ পৃষ্ঠপােষকতা নকৰাকে বুজায় । জৱাহৰলাল নেহৰু ধর্ম নিৰপেক্ষতাবাদৰ সমর্থক আছিল । তেওঁৰ মতে ধর্মনিৰপেক্ষতাই চাৰিটা দিশক বুজায় ।
প্রথমতে , ভাৰতবৰ্ষত প্রচলিত সকলাে ধর্মকে সমান মর্যাদা দিয়া । ধৰ্মৰ ভিত্তিত কোনাে বিভাজন আৰু বৈষম্য থাকিব নালাগে ।
দ্বিতীয়তে , ৰাষ্ট্রই কোনাে ধৰ্মৰ পৃষ্ঠপােষকতা কৰিব নালাগে । ৰাষ্ট্ৰই সকলাে ধৰ্মৰ মানুহকে সমান অধিকাৰ প্রদান কৰিব লাগে ।
তৃতীয়তে , ধর্মনিৰপেক্ষতা এক মানসিক ধাষণা । ই এটা ধর্মই আন এটা ধৰ্মক শ্রদ্ধা কৰা মনোভাৱক বুজায় ।
চতুর্থতে একেধৰণৰ আইন প্রণয়ন কৰি সকলাে ধৰ্মৰ মানুহৰ মাজত একতা স্থাপনত গুৰুত্ব প্রদান কৰিব লাগে ।
৫। আধুনিক যুগত ধর্মনিৰপেক্ষতাৰ প্রয়ােজনৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ ধর্মনিৰপেক্ষতা বর্তমান যুগত বিভিন্ন কাৰণবিলাকৰ বাবে অতি প্রয়ােজনীয় ।
যেনেঃ–১। নৈতিকতাক সমর্থন কৰে ।
২। ধর্মীয় স্বাধীনতাৰ বাবে উপযােগী ।
৩। স্বেচ্ছাচাৰ বিৰােধী ধাৰণাক বাধা দিছে ।
৪। গণতন্ত্রক সমর্থন কৰে ।
৫। ৰাষ্ট্ৰক ধৰ্মৰ পৰা পৃথক কৰে ।
৬। বিশ্ব ভাতৃত্ব ৰক্ষা কৰাত সহায় কৰে ।
৬৷ ভাৰতীয় ধর্মনিৰপেক্ষতাৰ উন্নতিৰ ক্ষেত্ৰত থকা কিছুমান ব্যৱস্থাৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ ১। বেচৰকাৰী সংগঠন , স্বেচ্ছাসেৱী অনুষ্ঠান আৰু প্ৰচাৰ মাধ্যমসমূহে ধর্মনিৰপেক্ষতা ভাৱধাৰাৰ উন্নতিৰ বাবে বিশেষ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব লাগিব ।
২। যুৱ সম্প্রদায়ৰ মনত যাতে বেয়া প্ৰভাৱ নেপেলায় তাৰ বাবে পাঠ্যপুথিসমূহত থকা ধর্মীয় বিদ্বেষমূলক কথা বাদ দি সেইবােৰ নতুনকৈ লিখি উলিয়াব লাগিব ।
৩। ৰাজনৈতিক দলসমূহে দায়িত্বপূর্ণ ভূমিকা পালন কৰিব লাগিব আৰু ধর্মীয় বিদ্বেষ আৰু ঘৃণাৰ ভাৱৰ উদ্রেক কৰিব নালাগিব । ৰাজনীতিত ধৰ্মক সাঙুৰি লােৱা ৰাজনৈতিক দলবােৰক অযােগ্য ঘােষণা কৰি বাতিল কৰি দিব লাগিব ।
৪। ধর্মীয় মৌলবাদী সংগঠনসমূহক বন্ধ কৰি দিব লাগিব আৰু চৰম আৱেগপূর্ণ আৰু সংঘর্ষ সৃষ্টিকাৰীসকলক কঠিন শাস্তি বিহিব লাগিব ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Thank you
Thanks a lot ???