Class 11 Political Science Chapter 11 ৰাজনৈতিক তত্বঃ এক চমু পৰিচয় The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 11 ৰাজনৈতিক তত্বঃ এক চমু পৰিচয় and select needs one.
Class 11 Political Science Chapter 11 ৰাজনৈতিক তত্বঃ এক চমু পৰিচয়
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 11 ৰাজনৈতিক তত্বঃ এক চমু পৰিচয় Solutions for All Subject, You can practice these here.
ৰাজনৈতিক তত্বঃ এক চমু পৰিচয়
পাঠ: ১
দ্বিতীয় খণ্ড
অতি চমু প্রশ্নৰ উত্তৰ দিয়া
১। ৰাজনীতি বিজ্ঞানৰ অৰ্থ লিখা ।
উত্তৰঃ ৰাজনীতি বিজ্ঞান সমাজ বিজ্ঞানৰে এটা অংশ । ব্যক্তি আৰু সমাজ ব্যৱস্থাৰ বিষয়ে অধ্যয়ন আৰু বিশ্লেষণ কৰাই হল সমাজবিজ্ঞানৰ মূল লক্ষ্য । ৰাজনীতি বিজ্ঞানেও ৰাষ্ট্ৰ , চৰকাৰ ব্যৱস্থা , ৰাষ্ট্র তথা চৰকাৰৰ কার্যাৱলী , ৰাষ্ট্রৰ সমস্যা , ৰাষ্ট্ৰ আৰু ব্যক্তিৰ মাজৰ সম্পৰ্ক আদিৰ বিষয়ে বিশ্লেষণ দাঙি ধৰে ।
২। ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন ?
উত্তৰঃ এৰিষ্টটল ।
৩। ৰাজনীতি বিজ্ঞান শব্দটো আধুনিক অর্থত কালত কোনে প্রথমে প্রয়ােগ কৰিছিল ?
উত্তৰঃ জ্যা দাই ।
৪। ৰাজনীতি বিজ্ঞানৰ এটা সংজ্ঞা দিয়া ।
উত্তৰঃ অধ্যাপক বার্জেছৰ মতে , “ ৰাজনীতি বিজ্ঞান হ’ল স্বাধীনতা আৰু সার্বভৌমত্বৰ বিজ্ঞান । ”
৫। ৰাজনীতি বিজ্ঞানৰ যিকোনাে এটা পৰিসৰৰ বিষয়ে লিখা ।
উত্তৰঃ ৰাষ্ট্ৰ আৰু চৰকাৰৰ অধ্যয়ন ।
৬। ৰাজনৈতিক তত্ত্ব কি ?
উত্তৰঃ ৰাজনৈতিক তত্বই ৰাষ্ট্ৰ , চৰকাৰ , ৰাজনৈতিক নীতি আৰু আদর্শসমূহ প্রণালীবদ্ধভাৱে পর্যালােচনা কৰে । ৰাজনৈতিক তত্ব হ’ল ৰাজনৈতিক ধাৰণা আৰু আদর্শসমূহৰ প্রকৃতি প্রয়ােজনীয়তা আৰু তাৎপর্য ব্যাখ্যা কৰাৰ এক আহিলা ।
৭। “ এৰিষ্টটলে ৰাজনীতি মূল বিজ্ঞান বুলি কৈছে । শুদ্ধ নে অশুদ্ধ লিখা ।
উত্তৰঃ শুদ্ধ ।
৮। দুজন প্রাচীন গ্রীক দার্শনিকৰ নাম লিখা ।
উত্তৰঃ প্লেটো , এৰিষ্টটল ।
৯। আধুনিক চিন্তাবিদৰ নাম লিখা ।
উত্তৰঃ কালমার্ক্স , ৰুছাে ।
১০। “ দি ৰিপাব্লিক ’ নামৰ গ্ৰন্থখন কোনে লিখিছিল ?
উত্তৰঃ প্লেটো ।
১। ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ প্ৰয়ােজনীয়তাৰ বিষয়ে আলােচনা ।
উত্তৰঃ ১। ৰাজনৈতিক তত্ত্ব অধ্যয় কৰি দায়িত্বশীল নাগৰিক নির্মাণ কৰিব পাৰি ।
২। সমসাময়িক ৰাজনৈতিক আলােচনাৰ সঠিক গতিপথ নির্ণয় কৰিব পাৰি ।
৩। বিকাশৰ চৰিত্ৰৰ উন্মােচন কৰিব পাৰি ।
৪। গণমাধ্যম সমূহক সঠিক গতিপথ প্রদান কৰা ইত্যাদিত সহায় কৰিব পাৰে ।
২৷ আমি ৰাজনৈতিক তত্ত্ব কিয় অধ্যয়ন কৰিব লাগে ?
উত্তৰঃ ১। ৰাজনৈতিক তত্ত্বই সামাজিক জীৱনৰ সকলাে দিশ সামৰি লয় ।
২। এখন গণতান্ত্রিক ৰাষ্ট্ৰত নাগৰিক হিচাপে ৰাষ্ট্ৰৰ , ৰাষ্ট্রপতি , বৈদেশিক নীতি , ৰাষ্ট্ৰ পৰিচালনাৰ বিষয়ে , ৰাজনৈতিক দল সম্পর্কে জ্ঞান আহৰণ কৰিবই লাগিব ।
৩। ৰাজনৈতিক তত্বই আমাক প্রয়ােজনীয় জ্ঞানখিনিৰ যােগান ধৰিব ।
৪। ৰাজনৈতিক তত্বই নতুন নতুন ধ্যান – ধাৰণা সৃষ্টিত সহায় কৰে ।
৫। ৰাজনৈতিক তত্বই আমাক ন্যায় বা সমতা সম্পর্কে প্রণালীবদ্ধ জ্ঞান লাভ কৰাত সহায় কৰে ।
৩। ৰাজনীতিৰ কিছুমান বৈশিষ্ট্যৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ ১। ৰাজনীতি কার্যপালকৰ সৈতে জড়িত থাকে । এই কার্যকলাপ ৰাজহুৱা জীৱনত ব্যক্তিৰ কার্যকলাপক বুজায় ।
২। ৰাজনীতি ৰাজনৈতিক অথবা ইয়াক প্ৰভাৱিত কৰা বিভিন্ন বিষয় আৰু কাৰকৰ সৈতে জড়িত ।
৩। ৰাজনীতি ৰাজনৈতিক প্ৰকৃতিৰ ব্যৱস্থা এটাত থাকে ।
৪। ৰাজনীতি যিসকলে নির্দেশ প্রদান কৰে আৰু যিসকলে নির্দেশ গ্ৰহণ কৰে এই ৰাজনৈতিক সম্পর্কৰ আৰ্হিৰ সৈতে জড়িত ।
৫। চৰকাৰ ইয়াৰ অনুষ্ঠানসমূহ , নীতি – নিয়ম পদ্ধতি আদি ৰাজনীতিৰ অন্তর্ভুক্ত ।
৪। ৰাজনীতি বিজ্ঞানৰ পৰিসৰৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ ১। ৰাষ্ট্ৰ , চৰকাৰ আৰু জনসাধাৰণ ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰ , চৰকাৰৰ লগতে জনসাধাৰণকো সাঙুৰি লয় । জনসমষ্টি ব্যতিৰেকে কোনাে ৰাষ্ট্ৰ বৰ্তিব নােৱাৰে । ৰাষ্ট্রৰ উৎপত্তিও জনকল্যাণৰ বাবেই । আকৌ , জনসাধাৰণৰ ভাৱ চিন্তাৰ দ্বাৰা ৰাষ্ট্ৰৰ চৰকাৰ প্ৰভাৱান্বিত হয় । গতিকে ৰাষ্ট্ৰ আৰু চৰকাৰৰ অধ্যয়ন স্বাভাৱিকতে জনসাধাৰণৰ বিষয়ে অধ্যয়নত পৰিণত । হয় । ৰাষ্ট্রৰ কর্তৃত্ব আৰু নাগৰিকসকলৰ স্বতন্ত্রতাৰ ভাৰসাম্য স্থাপনৰ উপায় উদ্ভাৱন কৰি কাৰ্যত পৰিণত কৰাটো ৰাজনীতি বিজ্ঞান অধ্যয়নৰ মূল লক্ষ্যসমূহৰ অন্যতম ।
২। ৰাজনৈতিক তত্ব :- ৰাজনৈতিক তত্ব ৰাজনীতি বিজ্ঞানৰ সাৰ বস্তু । ৰাজনীতি বিজ্ঞানবিদ , দার্শনিকসকলে কৰা চিন্তা আৰু গৱেষণা আৰু ৰাজনৈতিক আদৰ্শৰ প্ৰৱক্তাসকলৰ মতবােৰ সামৰি ৰাজনৈতিক তত্ব অংশটো গঠিত হৈছে । ৰাজনীতি বিজ্ঞানৰ ছাত্ৰসকলে তেওঁলােকৰ অধ্যয়ন ৰাজনৈতিক তত্বৰে আৰম্ভ কৰিব লাগে ।
৩। ৰাজনৈতিক অনুষ্ঠান :- ৰাজনৈতিক অনুষ্ঠান বুলিলে সংবিধান , তুলনামূলক চৰকাৰ , জন প্রশাসন , স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা আৰু চৰকাৰৰ বিভিন্ন অংগ আদি বুজায় ।
৪। ৰাজনৈতিক গতিবিজ্ঞান :- মানৱ চৰিত্ৰ আৰু সমাজ ব্যৱস্থা দুয়ােটাই গতিশীল । ফলস্বৰূপে চৰকাৰৰ ব্যৱস্থাআৰু ৰাষ্ট্রও গতিশীল হয় ।
৫। আন্তর্জাতিক সম্পর্ক আৰু আন্তর্জাতিক আইন :- আধুনিক কালত পৃথিৱীৰ ৰাষ্ট্ৰসমূহৰ মাজত ঘনিষ্ঠ সম্পর্ক স্থাপিত হৈছে ৷ সেয়ে কোনাে ৰাষ্ট্ৰই আন ৰাষ্ট্ৰসমূহৰ পৰা সম্পূর্ণ পৃথকভাৱে থাকিব নােৱাৰে ।
Sl. No. | সূচী-পত্ৰ |
Unit 1 | প্ৰথম খণ্ড |
Chapter 1 | সংবিধান: কিয় আৰু কেনেকৈ ? |
Chapter 2 | ভাৰতীয় সংবিধানত থকা অধিকাৰ সমূহ |
Chapter 3 | নির্বাচন আৰু প্রতিনিধিত্ব |
Chapter 4 | সংবিধান: কার্যপালিকা |
Chapter 5 | বিধানমণ্ডল |
Chapter 6 | ন্যায়পালিকা |
Chapter 7 | যুক্তৰাষ্ট্রবাদ |
Chapter 8 | স্থানীয় চৰকাৰ |
Chapter 9 | জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান |
Chapter 10 | সংবিধানৰ দর্শন । |
Unit 2 | দ্বিতীয় খণ্ড |
Chapter 1 | ৰাজনৈতিক তত্ব: এক চমু পৰিচয় |
Chapter 2 | স্বাধীনতা |
Chapter 3 | সমতা |
Chapter 4 | সামাজিক ন্যায় |
Chapter 5 | অধিকাৰ |
Chapter 6 | নাগৰিকতা |
Chapter 7 | জাতীয়তাবাদ |
Chapter 8 | ধর্মনিৰপেক্ষতাবাদ |
Chapter 9 | শান্তি |
Chapter 10 | উন্নয়ন |
৫। ৰাজনীতি বিজ্ঞানৰ প্ৰকৃতিৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ ১। এবিধ সমাজ বিজ্ঞান :- সমাজবিজ্ঞান সমূহৰ অধ্যয়নৰ মূল বিষয়বস্তু ব্যক্তি আৰু সমাজ । ৰাজনীতি বিজ্ঞান ব্যক্তি আৰু সমাজৰ সৈতে ওতঃপ্রােতভাবে জড়িত হােৱা কাৰণে ইয়াৰ সমাজ বিজ্ঞানসমূহক অন্যতম বুলি জ্ঞান কৰা হয় ।
২৷ ৰাষ্ট্ৰৰ বিজ্ঞান :- ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তুলৈ মন কৰিলে দেখা যায় যে ই মূলতঃ ৰাষ্ট্রৰ বিষয়ে অধ্যয়নত দৃষ্টি নিবদ্ধ কৰি ৰাখে ।
৩৷ চৰকাৰৰ বিজ্ঞান :- ড° ষ্টিফেন লীকক প্ৰমুখ্যে ভালেমান লিখকৰ মতে ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু একমাত্র চৰকাৰ । তেওঁলােকে ৰাষ্ট্ৰৰ বিষয়ে কৰা যিকোনাে অধ্যয়ন প্রকৃততে চৰকাৰৰ অধ্যয়নত পৰিণত হয় বাবেই এনে মত পােষণ কৰে ।
৪। ক্ষমতাৰ বিজ্ঞান :- ক্যাপলাপ , মিলাৰ , অষ্টিনবেৰী , আদি পণ্ডিতসকলে ৰাজনীতি বিজ্ঞানক মতবিৰােধ , অনৈক্য , সংঘাত , ক্ষমতা আদিক বিজ্ঞান বুলি অভিহিত কৰে ।
৫। গতিশীল বিজ্ঞান :- গতিশীলতা ৰাজনীতি বিজ্ঞানৰ আন এটা বৈশিষ্ট্য । মানৱ চৰিত্ৰ আৰু সমাজৰ গতিশীলতাৰ বাবে চৰকাৰ ব্যৱস্থা আৰু ৰাষ্ট্ৰত গতিশীল হয় ।
৬। বিজ্ঞান আৰু কলা দুয়ােবিধৰ উপাদানযুক্ত বিষয় :- ৰাজনীতি বিজ্ঞান বিজ্ঞান আৰু কলা দুয়ােবিধ উপাদানৰ উপস্থিৰি বাবে ইয়াক বৈজ্ঞানিক আৰু কলাসুলভ চৰিত্ৰৰ বিষয়ে বিভিন্ন মত পােৱা যায় ।
৬। বিজ্ঞান হিচাপে ৰাজনীতি বিজ্ঞানৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ বার্ক , মেটলেণ্ড আদি পণ্ডিতসকলৰ মতে , ৰাজনীতি বিজ্ঞান বিজ্ঞানৰ মর্যাদা লাভৰ উপযুক্ত নহয় । তেওঁলােকৰ মতে ,ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু , অধ্যয়ন প্রণালী , সিদ্ধান্ত আদি সৈতে জড়বিজ্ঞানৰ বিষয়বস্তু , সিদ্ধান্ত আদিৰ কোনাে মিল নাই । বঁড়া , হবছ , বাণ্টছলি আদি আন কেতবােৰ পণ্ডিতে ৰাজনীতি বিজ্ঞানক বিজ্ঞান বুলিয়েই গণ্য কৰে । তেওঁলােকৰ মতে , সুদক্ষ পর্যবেক্ষণৰ জৰিয়তে সমগ্ৰ জনসাধাৰণকে গৱেষণাগাৰ হিচাপে গ্রহণ কৰিলে ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰতাে সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা যায় ।
৭। কলা হিচাপে ৰাজনীতি বিজ্ঞানৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ বহুতে ৰাজনীতি বিজ্ঞানক কলাৰ অন্তৰ্গত বুলি ভাবে আৰু কোনাে কোনােৱে ইয়াৰ গাত বিজ্ঞান আৰু কলা দুয়ােবিধৰ উপাদান মিশ্রিত আছে বুলি মত প্রকাশ কৰে । অধ্যয়নলব্ধ অভিজ্ঞতা আৰু মানৱীয় কৌশলৰ সমন্বয়ত কলাৰ সৃষ্টি হয় । সংবিধান প্রস্তুতকৰণ , আইন প্রণয়ন , আইন শৃংখলা ৰক্ষা , অন্য ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক ৰক্ষা আদি কামত ৰাজনীতিক তাত্বিক দিশৰ লগত মানৱীয় কৌশলৰ সমন্বয় ঘটে । তদুপৰি , জন্মগত গুণ আৰু অনুশীলনৰ দ্বাৰাও ৰাজনীতিকাৰীসকলে কলাকাৰ সকলৰ নিচিনা উৎকর্ষ সাধিত কৰিব পাৰে । এনেবােৰ কাৰণত ৰাজনীতি বিজ্ঞানক কলাবিদ্যা বুলিব পাৰি । প্ৰকৃতাৰ্থত ৰাজনীতি বিজ্ঞানত বিজ্ঞান আৰু কলাৰ উপাদানৰ সুন্দৰ সংমিশ্রণ ঘটা বুলি ক’ব পৰা যায় ।
৮৷ ৰাজনৈতিক দর্শন মানেনো কি ?
উত্তৰঃ ৰাষ্ট্রৰ দার্শনিক তাৎপর্য বিশ্লেষণেই হ’ল ৰাজনৈতিক দর্শনৰ উদ্দেশ্য । ৰাজনৈতিক জীৱনৰ ব্যৱহাৰিক বিষয় সম্পর্কে কোনো আলােচনা এই শাস্ত্ৰত কৰা নহয় । মুঠতে ৰাজনৈতিক দর্শন আলােচনা ভাৱভিত্তিক । ৰাষ্ট্রৰ ব্যৱহাৰিক আলােচনা ৰাজনৈতিক দর্শনত কৰিব নােৱাৰি । ৰাজনৈতিক দর্শনে ৰাজনৈতিক চিন্তাধাৰাৰ বিষয়েহে অধ্যয় কৰে ; ইয়াত ৰাজনৈতিক অনুষ্ঠানবিলাকৰ বিষয়ে অধ্যয়ন কৰা নহয় । গতিকে যি বিষয়ত ৰাষ্ট্ৰৰ গঠন , সৃষ্টি , উদ্দেশ্য , ৰাজনৈতিক অনুষ্ঠান আদি বিভিন্ন বিষয়ে অধ্যয়ন কৰা হয় তাক ৰাজনৈতিক দর্শন আখ্যা দিয়া হয় ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
সকলোবোৰ lesson ৰ পঃউঃ দিবা বুলি আশাবাদী । বহুত বহুত ধন্যবাদ।
সকলোবোৰ Lesson ৰ উত্তৰ দিয়া আছে। যদি কিবা ভুল-ভ্ৰান্তি থাকে তেন্তে অনুগ্ৰহ কৰি জনাব। আমাৰ team এ ইয়াৰ ওপৰতে কাম কৰি আছে।
Dada kitap to jenekuwa questions ase heikeita to atau nai
Polítical science lesson 1
Sir lesson 1 polítical science r all quetion answer GIVE me SIR
Tq
Kitapor questions nai hei bilak dibo lage
NCERT/SCERT Book Check Kora sob Milibo…
Kitabor question dibo lage
Questionor Answer bilak imman sort ke diya asse je olp long hobo lagisile tetiya he Val marks puwar akhaa thakibo
What is politics ? Please ans
Sir please muk eta answer lage j _ politics is not what politician group? In Assamese sir
Muk raajniti bigyanor gurutto homuh lagisile
Sorry raajniti bigyan nhoi raajniti tottor gurutto homuh aalusona kori dise please abr sai diyok
Diya aase sua sun abar
I have a quesion / (1) rajniti Vigyan or ata xongya deya ? Rajniti tatoor bexoi bostur ba porixor xomporka somukoi alusona Koran?
Sir moi aitu questions or answers pua nai……
Rajniti aru arthaniti bigyanor major xomporko ki likha?
Jia paisa mur WhatsApp t send kora aitu number t 8453644923???