Class 11 Political Science Chapter 6 ন্যায়পালিকা

Class 11 Political Science Chapter 6 ন্যায়পালিকা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 6 ন্যায়পালিকা and select needs one.

Class 11 Political Science Chapter 6 ন্যায়পালিকা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 6 ন্যায়পালিকা Solutions for All Subject, You can practice these here.

ন্যায়পালিকা

পাঠ: ৬

প্ৰথম খণ্ড

অতি চমু প্রশ্নৰ উত্তৰ দিয়া

১। ন্যায়পালিকা মানেনো কি ? 

উত্তৰঃ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ এটা অন্যতম বৈশিষ্ট্য হল স্বাধীন বিচাৰ বিভাগ অর্থাৎ ন্যায় পালিকা । যুক্তৰাষ্ট্ৰীয় সংবিধানত ন্যায়পালিকাই এটি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । 

ন্যায়পালিকাই চৰকাৰৰ আন দুটা অংগ :-  বিধানমণ্ডল আৰু কার্যপালিকাক অসাংবিধানিক কার্য কৰাৰ পৰা বিৰত ৰাখে আৰু নাগৰিকৰ অধিকাৰবােৰ অক্ষুন্ন ৰখাত সহায় কৰে । 

২। আইনৰ শাসন মানে কি ? 

উত্তৰঃ আইনৰ চকুত সকলাে সমান । 

৩। ভাৰতৰ উচ্চম ন্যায়ালয় ক’ত অৱস্থিত ? 

উত্তৰঃ দিল্লীত । 

৪। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে ? 

উত্তৰঃ ৬৫ বছৰ ।

৫। উচ্চতম ন্যায়ালয়ৰ ভাৰতীয় সংবিধানৰ অভিভাৱক হয় নে নহয় লিখা ।

উত্তৰঃ হয় ।

৬। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে কিমান বছৰ বয়সত অৱসৰ গ্রহণ কৰে ? 

উত্তৰঃ ৬২ বছৰ বয়সত । 

৭। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশজনৰ যিকোনাে এটা যােগ্যতাৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ ১। ব্যক্তিজন ভাৰতীয় নাগৰিক হ’ব লাগিব । 

৮। উচ্চতম ন্যায়ালয়ৰ যিকোনাে এটা ক্ষমতাৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ মৌলিক ক্ষেত্ৰাধিকাৰ । 

৯। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুযায়ী ভাৰতীয় ৰাজ্যসমূহত উচ্চ ন্যায়ালয় গঠনৰ কথা উল্লেখ আছে ? 

উত্তৰঃ ২১৪ নং অনুচ্ছেদ । 

১০। ন্যায়িক সক্রিয়তা মানে কি ? 

উত্তৰঃ ভাৰতবৰ্ষত সাম্প্রতিক কালছােৱাত গণতান্ত্রিক অৱনতি আৰু দুর্নীতিৰ পয়ােভৰ ঘটাত জনস্বার্থ হানি হ’বলৈ ধৰিছে । ইয়াৰ ফলশ্রুতিত ভাৰতৰ ন্যায়পালিকা অধিক সক্রিয় হ’বলৈ বাধ্য হৈছে আৰু ন্যায়পালিকাৰ ন্যায়িক সক্রিয়তা নীতি আচম্বিতে বহিঃপ্রকাশ ঘটিছে আৰু বিতর্কৰ কেন্দ্রবিন্দু হৈ পৰিছে । 

১১। সংসদীয় পদ্ধতিৰ চৰকাৰত কেই ধৰণৰ মুৰব্বীৰ ব্যৱস্থা কৰা হৈছে আৰু কি কি ? 

উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰত দুই ধৰণৰ মুৰব্বীৰ ব্যৱস্থা কৰা হৈছে ৰাষ্ট্রৰ মুৰব্বী আৰু চৰকাৰৰ মুৰব্বী । 

১২। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ কার্যকাল কেই বছৰ । 

উত্তৰঃ পাচ বছৰ ।

১৩। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ দুটা যােগ্যতা লিখা । 

উত্তৰঃ ( ক ) তেওঁ ভাৰতীয় নাগৰিক হ’ব লাগিব । 

( খ ) তেওঁৰ বয়স ৩৫ বছৰৰ অধিক হ’ব লাগিব । 

১৪। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিক জনসাধাৰণে পােনপটীয়াকৈ নির্বাচন কৰে । ( শুদ্ধ / অশুদ্ধ ) 

উত্তৰঃ অশুদ্ধ । 

১৫। উপ – ৰাষ্ট্রপতি ৰাজ্যসভাৰ পদেন সভাপতি । ( শুদ্ধ / অশুদ্ধ ) 

উত্তৰঃ শুদ্ধ ।

১৬। ৰাষ্ট্ৰপতিৰ পূর্ব অনুমােদন সাপেক্ষেহে সংসদত বিত্তীয় বিল উত্থাপন কৰিব পাৰি । ( শুদ্ধ / অশুদ্ধ ) 

উত্তৰঃ শুদ্ধ । 

১৭। ৰাষ্ট্রপতি ভাৰত চৰকাৰৰ প্রকৃত মুৰব্বী । ( শুদ্ধ / অশুদ্ধ ) 

উত্তৰঃ অশুদ্ধ ।

১৮৷ ভাৰতৰ ৰাষ্ট্রপতিক কিমান বছৰৰ বাবে নির্বাচন কৰা হয় । 

( ক ) ৪ বছৰ , ( খ ) ৫ বছৰ , ( গ ) ৩ বছৰ ( ঘ ) ৬ বছৰ । 

উত্তৰঃ  ( খ ) ৫ বছৰ ।

১৯। ভাৰতৰ ৰাষ্ট্ৰপতিৰ দুটা গুৰুত্বপূর্ণ কার্য উল্লেখ কৰা । 

উত্তৰঃ কার্যকৰী আৰু বিধায়িনী ।

২০। প্রধানমন্ত্রী নিযুক্তি দিয়ে –

( ক ) কেন্দ্রীয় মন্ত্রীপৰিষদে ৰাষ্ট্ৰপতিয়ে ।

( গ ) লােকসভাৰ অধ্যক্ষই ।

( ঘ ) ৰাষ্ট্রপতিয়ে । 

উত্তৰঃ ৰাষ্ট্ৰপতিয়ে । 

২১। কেন্দ্রীয় কেবিনেটত সভাপতিত্ব কৰে । 

( ক ) ৰাষ্ট্ৰপতিয়ে ।

( খ ) লােকসভাৰ অধ্যক্ষই ।

( গ ) প্রধানমন্ত্রীয়ে । 

( ঘ ) গৃহমন্ত্ৰীয়ে ।

উত্তৰঃ ( ক ) ৰাষ্ট্ৰপতিয়ে ।

২২। ৰাষ্ট্রপতি হ’ল কেন্দ্রীয় কেবিনেটৰ নেতা ( শুদ্ধ / অশুদ্ধ ) 

উত্তৰঃ অশুদ্ধ । 

২৩। মন্ত্রীপৰিষদ গঠিত হৈছে – 

( ক ) কেবিনেট মন্ত্রীসকলক লৈ ।

( খ ) ৰাজ্যিক মন্ত্ৰীসকলক লৈ ।

( গ ) উপমন্ত্রীসকলক লৈ ।

( ঘ ) ওপৰত উল্লেখ কৰা সকলােকে লৈ । 

উত্তৰঃ ওপৰত উল্লেখ কৰা সকলােকে লৈ । 

২৪। ভাৰতবৰ্ষত চৰকাৰৰ প্রকৃত মুৰব্বী কোন ? 

উত্তৰঃ প্রধানমন্ত্রী আৰু মন্ত্রীপৰিষদ । 

২৫। ভাৰতীয় সংসদ সদন দুটাৰ নাম উল্লেখ কৰা । 

উত্তৰঃ ৰাজ্যসভা আৰু লােকসভা । 

২৬। ৰাজ্যসভাৰ সদস্যসকলক কোনে নির্বাচিত কৰে ? 

উত্তৰঃ বিধানসভাৰ সদস্যসকলে । 

২৭। লােকসভাৰ সদস্য সংখ্যা –

( ক ) ৫৪৫ জন ।

( খ ) ৫৪ জন ।

( গ ) ৪৫ জন ।

( ঘ ) ২৫০ জন । 

উত্তৰঃ ৫৪৫ জন । 

২৮। সংসদৰ দুটা গুৰুত্বপূর্ণ কার্য উল্লেখ কৰা । 

উত্তৰঃ ১। আইন প্রণয়ন কৰা । আৰু 

২। চৰকাৰক নিয়ন্ত্রণ কৰা । 

২৯। কেন্দ্রীয় কেবিনেটৰ সভাপতিত্ব কোনে কৰে ? 

উত্তৰঃ প্রধানমন্ত্রী । 

৩০। ৰাষ্ট্রপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্য মনােনীত কৰে ? 

উত্তৰঃ ১৩২ গৰাকী ।

৩১। ভাৰতৰ প্ৰথম ৰাষ্ট্রপতি কোন ? 

উত্তৰঃ ড৹ ৰাজেন্দ্র প্রসাদ । 

৩২। ভাৰতবৰ্ষৰ উপৰাষ্ট্রপতিক কেই বছৰৰ বাবে নির্বাচিত কৰা হয় ।

উত্তৰঃ ৫ বছৰ । 

৩৩। ভাৰতবৰ্ষৰ ৰাষ্ট্রপতি কি কাৰ্যপালিকা ? 

উত্তৰঃ নামমাত্র কার্যপালিকা । 

৩৪। সংসদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষমতা কি ? 

উত্তৰঃ চৰকাৰ নিয়ন্ত্রণ কৰা । 

৩৫। ভাৰতৰ সংসদ ক’ত অৱস্থিত ? 

উত্তৰঃ নতুন দিল্লীত । 

৩৬। মধ্যকালীন নির্বাচন কি ? 

উত্তৰঃ এখন চৰকাৰ কার্যকালৰ মাজত বা চৰকাৰখনে তাৰ কাৰ্যকাল শেষ কৰাৰ আগতে অনুষ্ঠিত হােৱা নির্বাচন । 

৩৭। বাজেটৰ অবিহনে প্রশাসন চলাব পাৰে নে ? 

উত্তৰঃ বাজেটৰ অবিহনে প্রশাসন চলাব নােৱাৰে । 

৩৮। সন্মিলিত চৰকাৰ কি ? 

উত্তৰঃ এনে এখন চৰকাৰ যি চৰকাৰ দুই বা ততােধিক ৰাজনৈতিক দলেৰে গঠিত হয় । 

৩৯। ভাৰতৰ প্রথম প্রধানমন্ত্রী কোন ? 

উত্তৰঃ পণ্ডিত জৱাহৰলাল নেহৰু ।

৪০। ৰাষ্ট্ৰপতিৰ মৃত্যু পদত্যাগ অথবা অপসাৰিত হ’লে কোনে দায়িত্ব পালন কৰে ? 

উত্তৰঃ উপ-ৰাষ্ট্রপতিয়ে ।

৪১। ভাৰতবৰ্ষৰ উপ-ৰাষ্ট্ৰপতিৰ আটাইতকৈ গুৰুত্বপূর্ণ দায়িত্ব কি ? 

উত্তৰঃ ভাৰতীয় সংসদৰ উচ্চ সদন অর্থাৎ ৰাজ্যসভাৰ পদেন সভাপতি হিচাপে দায়িত্ব পালন কৰা । 

৪২। কিমান চনৰ পৰা কোনাে এটা ৰাজনৈতিক দলে সংসদত সংখ্যা গৰিষ্ঠতা লাভ কৰা নাই ? 

উত্তৰঃ ১৯৮৯ চনৰ পৰা । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1সংবিধান: কিয় আৰু কেনেকৈ ?
Chapter 2ভাৰতীয় সংবিধানত থকা অধিকাৰ সমূহ
Chapter 3নির্বাচন আৰু প্রতিনিধিত্ব
Chapter 4সংবিধান: কার্যপালিকা
Chapter 5বিধানমণ্ডল
Chapter 6ন্যায়পালিকা
Chapter 7যুক্তৰাষ্ট্রবাদ
Chapter 8স্থানীয় চৰকাৰ
Chapter 9জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান
Chapter 10সংবিধানৰ দর্শন ।
Unit 2দ্বিতীয় খণ্ড
Chapter 1ৰাজনৈতিক তত্ব: এক চমু পৰিচয়
Chapter 2স্বাধীনতা
Chapter 3সমতা
Chapter 4সামাজিক ন্যায়
Chapter 5অধিকাৰ
Chapter 6নাগৰিকতা
Chapter 7জাতীয়তাবাদ
Chapter 8ধর্মনিৰপেক্ষতাবাদ
Chapter 9শান্তি
Chapter 10 উন্নয়ন

৪৩। ভাৰতবৰ্ষৰ ৰাষ্ট্রপতি নির্বাচনী পদ্ধতি সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ ভাৰতবৰ্ষৰ ৰাষ্ট্রপতি চৰকাৰৰ সাংবিধানিক ব্যৱস্থাৰ মুৰব্বী অথবা নামমাত্র কার্যপালিকা । চৰকাৰৰ প্রকৃত মুৰব্বী হ’ল প্রধানমন্ত্রী । দেশৰ চৰকাৰ ৰাষ্ট্ৰপতিৰ নামত পৰিচালিত হয় । কিন্তু তেওঁ প্রধানমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্রী পৰিষদৰ পৰামর্শ অনুসাৰেহে শাসন কার্য পৰিচালনা কৰে । ভাৰতবৰ্ষৰ ৰাষ্ট্রপতিক পাঁচ বছৰীয়া এটি কার্যকালৰ বাবে পৰােক্ষভাৱে নির্বাচন কৰা হয় । সাধাৰণ নাগৰিকে ৰাষ্ট্রপতি নির্বাচনত অংশগ্রহণ নকৰে । তেওঁ আচলতে নির্বাচিত বিধায়ক আৰু সংসদৰ দ্বাৰা নির্বাচিত হয় । সংসদৰ মনােনীত সদস্যসকলে ৰাষ্ট্রপতি নির্বাচনত অংশগ্রহণ নকৰে । ৰাষ্ট্রপতি নির্বাচনৰ এক বিশেষ পদ্ধতি আছে । ইয়াক সমানুপাতিক প্রতিনিধিত্বমূলক আৰু একক হস্তান্তযােগ্য ভােটৰ পদ্ধতি বুলি জনা যায় । 

৪৪। ভাৰতবৰ্ষৰ উপ-ৰাষ্ট্রপতি নির্বাচনী পদ্ধতি সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ ভাৰতবৰ্ষক উপ-ৰাষ্ট্রপতি পদৱীটো অতি গুৰুত্বপূর্ণ ব্যক্তিয়ে অধিকাৰ কৰি আহিছে আৰু উপ-ৰাষ্ট্রপতি পদত অধিষ্ঠিত হােৱা বহু কেইগৰাকী ব্যক্তিয়ে ৰাষ্ট্রপতি পদো দখল কৰিছে । ভাৰতবৰ্ষৰ উপ – ৰাষ্ট্রপতিক সংসদৰ দুয়াে সদনৰ সদস্য । সদস্যাসকলে পাঁচ বছৰীয়া এটা কার্যকালৰ বাবে নির্বাচন কৰে । উপ-ৰাষ্ট্ৰপতিৰ আটাইতকৈ গুৰুত্বপূর্ণ দায়িত্ব হ’ল ভাৰতীয় সংসদৰ উচ্চ সদন অর্থাৎ ৰাজ্যসভাৰ পদেন সভাপতি হিচাপে দায়িত্ব পালন কৰে । 

৪৫। উপ-ৰাষ্ট্ৰপতিৰ দুটা কার্য লিখা । 

উত্তৰঃ উপ-ৰাষ্ট্ৰপতিৰ দুটা কার্য হ’ল — 

১। ৰাষ্ট্রপতিৰ পদত্যাগ বা অপসাৰণৰ হেতু ৰাষ্ট্রপতি পদ খালী হলে উপ – ৰাষ্ট্রপতিয়ে ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰে । 

২। ৰাষ্ট্রপতি অসুস্থ হৈ পৰিলে বা কিবা কাৰণত অনুপস্থিত থাকিলেও উপৰাষ্ট্রপতিয়ে ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰিব পাৰে । 

৪৬। সংসদৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ নির্বাচনৰ সময়ত সাংসদ বা বিধায়ক সকলক নির্বাচিত কৰে । ভােটাৰসকলে পঞ্চায়তৰ সদস্যও নির্বাচিত কৰে । ভাৰতৰ সংসদ দুটা লােকসভা আৰু ৰাজ্যসভা । লােকসভাৰ সাংসদক ভােটাৰ সকলে পােনপটীয়াভাৱে নির্বাচিত কৰে । ৰাজ্যসভাৰ সদস্যসকলক বিধানসভাৰ সদস্যসকলে নির্বাচিত কৰে । বর্তমান লােকসভাৰ সদস্য সংখ্যা ৫৪৫ জন আৰু ৰাজ্যসভাৰ সদস্য সংখ্যা ২৫০ জন । 

৪৭। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ স্বেচ্ছামূলক ক্ষমতাসমূহ উল্লেখ কৰা । 

উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰত ৰাষ্ট্রপতি চৰকাৰৰ নামমাত্র মুৰব্বীহে । সংসদীয় পদ্ধতিৰ শাসনত ব্যৱস্থা কৰা ভাৰতীয় সংবিধান অনুসাৰে ৰাষ্ট্ৰপতিৰ ক্ষমতাও সীমিত । ৰাষ্ট্ৰপতিৰ 

স্বেচ্ছামূলক ক্ষমতা :- ৰাষ্ট্রপতিয়ে কোনাে প্রকৃত ক্ষমতা প্রয়ােগ কৰিব নােৱাৰে । কিন্তু কিছুমান এনে ক্ষেত্ৰত আৰু মুহূর্ত আছে । য’ত ৰাষ্ট্রপতিয়ে প্রকৃত ক্ষমতা প্রয়ােগ কৰিব পাৰে । 

১। মন্ত্রীপৰিষদে আলােচনা কৰা বিবেচনা কৰা সকলোবােৰ বিষয় ৰাষ্ট্রপতিয়ে জনাৰ অধিকাৰ আছে । ৰাষ্ট্রপতিয়ে বিচাৰিলে এই বিষয়সমূহ অৰগত কৰিবলৈ সাংবিধানিকভাৱে প্রধানমন্ত্রী বাধ্য । 

২। ৰাষ্ট্ৰপতিৰ সীমিত ভেটো ক্ষমতা আছে । এই ক্ষমতা প্রদান কৰি ৰাষ্ট্রপতিয়ে সংসদে গৃহীত কৰা কোনাে বিলত কৰিবলগীয়া স্বাক্ষৰ কিছুদিনলৈ পিছুৱাই ৰাখিব পাৰে । বিলখন পুনৰ বিবেচনাৰ বাবে সংসদলৈ ঘূৰাই পঠাব পাৰে । অৱশ্যে সংসদে যদি বিলখন পুনৰ গৃহীত কৰি ৰাষ্ট্ৰপতিৰ অনুমােদন বা স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰে ৰাষ্ট্রপতিয়ে এনে বিলত স্বাক্ষৰ কৰিবলৈ বাধ্য । 

৩। এক অস্বাভাৱিক পৰিস্থিতি ৰাষ্ট্রপতিয়ে নিজৰ স্বেচ্ছামূলক ক্ষমতা প্রয়ােগ কৰিব পাৰে ৷ যেতিয়া কোনাে এটা ৰাজনৈতিক দল বা মিত্রগােষ্ঠীয়ে এনে সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যর্থ হয় তেতিয়া প্রধানমন্ত্রী তথা মন্ত্রী পৰিষদত নিযুক্তি দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্রপতিয়ে নিজৰ স্বেচ্ছামূলক ক্ষমতা প্রয়ােগ কৰিব পাৰে । 

৪৮। লােকসভাৰ প্রতি মন্ত্রীপৰিষদৰ দায়বদ্ধতা কেনে ধৰণে প্রকাশিত হয় ? 

উত্তৰঃ মন্ত্রীপৰিষদ সংসদ নিম্ন সদন অর্থাৎ লােকসভাৰ ওচৰত প্রত্যক্ষভাৱে জবাবদিহি । এই উত্তৰ দায়িত্ব তলত উল্লেখ কৰা ধৰণে প্রকাশিত হয় ।

( ক ) লােকসভাত সংখ্যা গৰিষ্ঠতা লাভ কৰা দল’ অথবা মিত্র জোটটোৱে চৰকাৰ গঠন কৰে । 

( খ ) চৰকাৰে সংসদত সকলাে বিধেয়ক উত্থাপন কৰে । সংসদৰ অনুমােদন অবিহনে কোনাে বিধেয়ক অধিনিয়মলৈ ৰূপান্তৰিত হ’ব নােৱাৰে । 

( গ ) লােকসভাৰ সমর্থন লাভ কৰি থকালৈকে চৰকাৰখন বর্তি থাকে । 

( ঘ ) চৰকাৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ লগত জড়িত সকলােবােৰ গুৰুত্বপূর্ণ সিদ্ধান্ত আৰু অগ্রগতিৰ খতিয়ান সাংসদত দাখিল কৰিবলৈ বাধ্য । 

( ঙ ) সংসদীয় সমিতিয়ে বিভিন্ন মন্ত্রণালয়ৰ কাম – কাজসমূহ নিয়ন্ত্রণ কৰে । সংসদে ৰাষ্ট্রপতি আৰু উপ – ৰাষ্ট্রপতি নির্বাচন আৰু বৰ্খাস্তকৰণতে ভাগ লয় । 

৪৯। ভাৰতীয় সংসদৰ ক্ষমতা আৰু কার্যাৱলী আলােচনা কৰা । 

উত্তৰঃ নিৰ্বাচনৰ সময়ত সাংসদ বা বিধায়কসকলৰ নির্বাচিত কৰে । ভােটাৰসকলে পঞ্চায়তৰ সদস্যও নির্বাচিত কৰে । ভাৰতীয় সংসদ সদন দুটা – 

১। লােকসভা । আৰু 

২। ৰাজ্যসভা । 

লােকসভাৰ সাংসদ ভােটাৰ সকলে পােনপটীয়াভাৱে নির্বাচিত কৰে । ৰাজ্যসভাৰ সদস্যসকলক বিধানসভাৰ সদস্যসকলে নির্বাচিত কৰে । 

সাংসদৰ ক্ষমতা আৰু কার্যাৱলী :- ভাৰতৰ আইনসমূহ সংসদে প্রণয়ন কৰে আৰু এই আইন দেশৰ সকলােতে প্রযােজ্য । কেন্দ্রীয় আৰু ৰাজ্যৰ বাবে বাজেট হ’ল বার্ষিক বিত্তীয় বিৱৰণ । বাজেট সংসদত দাখিল কৰা হয় । ইয়াক সংসদেও আলােচনা কৰি গৃহীত কৰা হয় । বাজেটৰ অবিহনে প্রশাসন চলাব নােৱাৰে । সংসদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষমতা হ’ল চৰকাৰক নিয়ন্ত্রণ কৰা । এইটো লােকসভাৰহে অধিকাৰ আছে । 

সংসদীয় সমিতিসমূহে বিভিন্ন মন্ত্রণালয়ৰ কাম – কাজসমূহ নিয়ন্ত্রণ কৰে । সংসদে ৰাষ্ট্রপতি আৰু উপ – ৰাষ্ট্রপতি নির্বাচন আৰু বৰ্খাস্তকৰণতে ভাগ লয় । 

চৰকাৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ লগত জড়িত সকলােবােৰ গুৰুত্বপূর্ণ সিদ্ধান্ত আৰু অগ্ৰগতিৰ খতিয়ান সংসদত দাখিল কৰিবলৈ বাধ্য । 

৫০। ভাৰতবৰ্ষৰ ৰাষ্ট্রপতিক কেনেদৰে নির্বাচন কৰা হয় ? ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কার্যাৱলী আলােচনা কৰা । 

উত্তৰঃ ভাৰতবৰ্ষৰ ৰাষ্ট্রপতি চৰকাৰৰ সাংবিধানিক ব্যৱস্থাৰ মুৰব্বী অথবা নামমাত্র কার্যপালিকা । চৰকাৰৰ প্রকৃত মুৰব্বী হ’ল প্রধানমন্ত্রী । দেশৰ চৰকাৰ ৰাষ্ট্ৰপতিৰ নামত পৰিচালিত হয় । তেওঁ প্রধানমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্রী পৰিষদৰ পৰামর্শ অনুসাৰেহে শাসন কার্যপৰিচালনা কৰে । 

ভাৰতবৰ্ষৰ ৰাষ্ট্রপতিক পাঁচ বছৰীয়া এটি কার্যকালৰ বাবে পৰােক্ষভাৱে নির্বাচন কৰা হয় । সাধাৰণ নাগৰিকে ৰাষ্ট্রপতি নির্বাচনত অংশগ্রহণ নকৰে । তেওঁ আচলতে নির্বাচিত বিধায়ক আৰু সংসদৰ দ্বাৰা নির্বাচিত হয় । ৰাষ্ট্রপতি নির্বাচনৰ এক বিশেষ পদ্ধতি আছে । ইয়াক সমানুপাতিক প্রতিনিধিত্বমূলক আৰু একক হস্তান্তৰযােগ্য ভােটৰ পদ্ধতি বুলি জনা যায় । 

ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কার্যাৱলী :- সংসদীয় পদ্ধতিৰ চৰকাৰত ৰাষ্ট্রপতি চৰকাৰৰ নামমাত্র মুৰব্বীহে । সংসদীয় পদ্ধতিৰ শাসন ব্যৱস্থা কৰা ভাৰতীয় সংবিধান অনুসাৰে ৰাষ্ট্রপতিৰ ক্ষমতাও সীমিত । ৰাষ্ট্ৰপতিয়ে প্রধানমন্ত্রী নেতৃত্বাধীন মন্ত্রী পৰিষদৰ পৰামর্শ অনুসাৰে কার্য সম্পাদন কৰে । সংবিধানে ৰাষ্ট্ৰপতিৰ হাতত বিধায়িনী কার্যকৰী ন্যায়িক তথা জৰুৰীকালীন ক্ষমতা অর্পণ কৰিছে । ৰাষ্ট্রপতিয়ে অৱশ্যে এই সকলােবােৰ ক্ষমতা প্রধানমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্রী পৰিষদৰ পৰামর্শ অনুসাৰেহে সম্পাদন কৰা হয় । ৰাষ্ট্ৰপতিয়ে ভাৰতবৰ্ষৰ আটাইবােৰ গুৰুত্বপূর্ণ পদৱীধাৰীত নিযুক্তি দিয়ে । এইবােৰৰ ভিতৰত অন্যতম হ’ল ভাৰতবৰ্ষৰ প্রধানমন্ত্রী আৰু মন্ত্রী পৰিষদৰ সদস্যসকল , ৰাজ্যপাল , সৈন্যবাহিনীৰ মুৰব্বীসকল , ন্যায়াধীশ ইত্যাদি । সংসদত উত্থাপন কৰা বিত্তীয় বিলসমূহৰ বাবে ৰাষ্ট্ৰপতিৰ আগতীয়া অনুমতি পাব লাগে । 

ৰাষ্ট্ৰপতিৰ স্বেচ্ছামূলক ক্ষমতা :- সাধাৰণভাৱে চালে দেখা যায় যে ৰাষ্ট্রপতিয়ে কোনাে প্রকৃত ক্ষমতা প্রয়ােগ কৰিব নােৱাৰে । কিন্তু কিছুমান এনে ক্ষেত্ৰ আৰু মুহূর্ত আছে যত ৰাষ্ট্রপতিয়ে প্রকৃত ক্ষমতা প্রয়ােগ কৰিব পাৰে । 

১। মন্ত্রীপৰিষদে আলােচনা কৰা বিবেচনা কৰা সকলােবােৰ বিষয় ৰাষ্ট্রপতিয়ে জনাৰ অধিকাৰ আছে । ৰাষ্ট্রপতিয়ে বিচাৰিলে এই বিষয়সমূহ অৱগত কৰিবলৈ সাংবিধানিকভাৱে প্রধানমন্ত্রী বাধ্য । 

২। ৰাষ্ট্ৰপতিৰ সীমিত ভেটো ক্ষমতা আছে । এই ক্ষমতা প্রদান কৰি ৰাষ্ট্রপতিয়ে সংসদে গৃহীত কৰা কোনাে বিলত কৰিবলগীয়া স্বাক্ষৰ কিছুদিনলৈ পিছুৱাই ৰাখিব পাৰে । বিলখন পুনৰ বিবেচনাৰ বাবে সংসদলৈ ঘূৰাই পঠাব পাৰে । অৱশ্যে 

সংসদে যদি বিলখন পুনৰ গৃহীত কৰি ৰাষ্ট্ৰপতিৰ অনুমােদন বা স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰে ৰাষ্ট্ৰপতিয়ে এনে বিলত স্বাক্ষৰ কৰিবলৈ বাধ্য । 

৩। এক স্বাভাৱিক পৰিস্থিতিত ৰাষ্ট্রপতিয়ে নিজৰ স্বেচ্ছামূলক ক্ষমতা প্রয়ােগ কৰিব পাৰে । যেতিয়া কোনাে এটা ৰাজনৈতিক দল বা মিত্র গােষ্ঠীয়ে এনে সংখ্যা গৰিষ্ঠতা লাভ কৰাত ব্যর্থ হয় তেতিয়া প্রধানমন্ত্রী তথা মন্ত্রীপৰিষদত নিযুক্তি দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্রপতিয়ে নিজৰ স্বেচ্ছামূলক ক্ষমতা প্রয়ােগ কৰিব পাৰে । 

 তলত দিয়াবােৰৰ উত্তৰ লিখা :

১। উচ্চ ন্যায়ালয়ৰ ক্ষমতাসমূহৰ বিষয়ে চমুকৈ আলােচনা কৰা ।

উত্তৰঃ ১। মৌলিক ক্ষেত্ৰাধিকাৰ :- মুম্বাই , কলকতা আৰু চেন্নাই এই তিনিখন ‘ প্রেসিডেন্সি টাউন’ৰ উচ্চ ন্যায়ালয় সমূহে দেৱানী আৰু ফৌজদাৰী উভয় মােকর্দমাৰ ক্ষেত্ৰত মৌলিক অধিকাৰ ক্ষেত্র ভােগ কৰে । 

২। মৌলিক অধিকাৰ সন্দৰ্ভত ক্ষেত্ৰাধিকাৰ :- সংবিধানৰ ২২৬ নং অনুচ্ছেদ অনুসৰি উচ্চন্যায়ালয়ে নাগৰিক সকলৰ মৌলিক অধিকাৰ বলবৎ কৰাৰ বাবে লেম জাৰি কৰিব পাৰে । 

৩। আপীল বিচাৰ ক্ষেত্ৰাধিকাৰ :- উচ্চ ন্যায়ালয় হ’ল ৰাজ্যিক ন্যায়পালিকাৰ সর্বোচ্চ আপীল ন্যায়ালয় । ইয়াৰ দেৱানী আৰু ফৌজদাৰী উভয় মােকর্দমাৰ আপীল বিচাৰ কৰাৰ ক্ষমতা আছে । 

৪। অভিলেম আদালত :- উচ্চতম ন্যায়ালয়ৰ দৰে উচ্চ ন্যায়ালয়কো অভিলেম আদালত বুলি গণ্য কৰা হয় । কোনাে ব্যক্তি বা অনুষ্ঠানে উচ্চ ন্যায়ালয়ক অৱমাননা কৰিলে শাস্তি বিধান কৰিব পাৰে । 

২। ন্যায়িক সমীক্ষাৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়িক সমীক্ষাৰ ক্ষমতা আছে । সংসদে প্রণয়ন কৰা আইনৰ বৈধতা উচ্চতম ন্যায়ালয়ে পৰীক্ষা কৰি চাব পাৰে । কেন্দ্রীয় সংসদ বা ৰাজ্যিক বিধানমণ্ডলে প্রণয়ন কৰা আইন যদি অসাংবিধানিক হয় , তেনে আইনক অবৈধ বুলি ঘােষণা কৰি নাকচ কৰিব পাৰে । 

৩। লেখ বুলিলে কি বুজা ? সেইবােৰ কি কি ? 

উত্তৰঃ ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহ হ’ল । সংবিধানৰ ব্যাখ্যা কাৰক আৰু নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষক । নাগৰিকৰ মৌলিক অধিকাৰ উলংঘা হলে উচ্চতম ন্যায়ালয়ে নাগৰিকৰ এই অধিকাৰ ৰক্ষণাবেক্ষণ বা সাব্যস্ত কৰাৰ কাৰণে কোনাে আদেশ বা নির্দেশ জাৰি কৰিব পাৰে । এই আদেশ বা নির্দেশকে লেখ’বুলি কোৱা হয় । উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় সমূহে জাৰি কৰিব পৰা লেখ সমূহ হ’ল– 

( ক ) বন্দী প্রত্যক্ষীকৰণ ।

( খ ) পৰমাধিদেশ ।

( গ ) নিষেধাজ্ঞা ।

( ঘ ) কৈফিয়ৎ তলবী । আৰু 

( ৫ ) উৎপ্রেক্ষণ । 

৪। ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ গঠন , ক্ষমতা আৰু কার্যাৱলীৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ভাৰতবৰ্ষৰ ন্যায়িক ব্যৱস্থাৰ শিখৰত উচ্চতম ন্যায়ালয় অৱস্থিত । সংবিধানৰ পঞ্চম অংশৰ চতুর্থ অধ্যায় ১২৪ নং অনুচ্ছেদত উচ্চতম ন্যায়ালয় সম্পর্কে লিপিবদ্ধ কৰা আছে । উচ্চতম ন্যায়ালয় হ’ল ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ সর্বোচ্চ ক্ষমতাৰ গৰাকী । 

গঠন :- সংবিধানৰ ১২৪ ( ১ ) নং অনুচ্ছেদ অনুসৰি এজন মুখ্য ন্যায়াধীশ আৰু সংসদে আইনৰ জৰিয়তে বৃদ্ধি নকৰালৈকে অন্যান্য ৭ জন ন্যায়াধীশক লৈ উচ্চতম ন্যায়ালয় গঠিত হব । সেই অনুসৰি ১৯৫০ চনত মুখ্য ন্যায়াধীশৰ সৈতে মুঠ ন্যায়াধীশৰ সংখ্যা আছিল ৮ জন । বর্তমান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সৈতে মুঠন্যায়াধীশৰ সদস্য সংখ্যা ৩১ জন । 

অৰ্হতা :- সংবিধানৰ ১২৪ ( ২ ) নং অনুচ্ছেদত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ অৰ্হতাৰ বিষয়ে বর্ণিত আছে । উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হ’বলৈ এজন ব্যক্তিৰ তলত উল্লেখ কৰা অৰ্হতাসমূহ থাকিব লাগিব । 

১। ব্যক্তিজন ভাৰতীয় নাগৰিক হ’ব লাগিব । 

২। তেওঁ এক বা একাধিক উচ্চ ন্যায়ালয়ত একেলেথাৰিয়ে পাঁচ বছৰকাল ন্যায়াধীশ হিচাপে কাম কৰিব লাগিব । 

ক্ষমতা আৰু কার্যাৱলী :- ১। মৌলিক ক্ষেত্ৰাধিকাৰ  :- উচ্চতম ন্যায়ালয়ে কিছুমান মােকর্দমাৰ শুনানি পােনপটীয়াকৈ গ্ৰহণ কৰিব পাৰে ৷ ইয়াক মৌলিক ক্ষেত্ৰাধিকাৰ বুলি কোৱা হয় । 

২। আপীল বিচাৰৰ ক্ষেত্ৰাধিকাৰ :- ভাৰতৰ উচ্চতম ন্যায়ালয় হ’ল সাংবিধানিক , দেৱানী আৰু ফৌজদাৰী গােচৰ আপীল বিচাৰ কৰা দেশৰ সর্বোচ্চ আপীল ন্যায়ালয় । 

৩। পৰামৰ্শ দানৰ ক্ষেত্ৰাধিকাৰ :- উচ্চতম ন্যায়ালয়ে পৰামর্শদানৰ ক্ষমতা ভােগ কৰে । সংবিধানৰ ১৪৩ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ ওচৰত আইন নাইবা তথ্য সংক্রান্ত বিষয় উদ্ভৱ হােৱাৰ সম্ভাৱনা থাকিলে তেওঁ তেনে বিষয়ত উচ্চতম ন্যায়ালয়ৰ মতামত বিচাৰিব পাবে । 

৪। বিবিধ ক্ষমতা :- ওপৰত আলােচনা কৰা তিনিবিধ অধিকাৰৰ ক্ষেত্ৰত ভােগ কৰা ক্ষমতাৰ উপৰি উচ্চতম ন্যায়ালয়ে অন্যান্য ভালেমান ক্ষমতা ভােগ কৰে । যেনে :– 

( ক ) সংবিধান ৰক্ষক হিচাপে কাম কৰে । 

( খ ) ন্যায়িক সমীৰণ । 

( গ ) মৌলিক অধিকাৰৰ অভিভাৱক । 

( ঘ ) অভিলেখ আদালত । 

( ঙ ) নিজৰ ৰায় পুনর্বিবেচনাৰ ক্ষমতা । 

( চ ) আদালত অৱমাননা কৰাৰ বাবে শাস্তি প্রদান ইত্যাদি । 

৫। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পৰামর্শদান ক্ষেত্ৰাধিকাৰৰ বিষয়ে ব্যাখ্যা কৰা । 

উত্তৰঃ সাংবাধিক ফালৰ পৰা উচ্চ ন্যায়ালয়ৰ পৰামর্শদাতা ক্ষমতা বৰ গুৰুত্বপূর্ণ । সংবিধানৰ ১৪৩ ( ১ ) – নং অনুচ্ছেদত কোৱা হৈছে যে ৰাষ্ট্রপতিয়ে যদি কেতিয়াবা বিবেচনা কৰে যে আইন বা তথ্য সংক্রান্তিয় কোনাে বিষয়ত গুৰুত্বপূর্ণ প্রশ্নৰ উদ্ভৱ হৈছে বা উদ্ভৱ হােৱা সম্ভাৱনা আছে আৰু এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ মতামত লােৱাৰ প্রয়ােজন , তেন্তে তেওঁ সেই বিষয়টো উচ্চতম ন্যায়ালয়ক বিবেচনাৰ বাবে পঠিয়াব পাৰে । উচ্চতম ন্যায়ালয়ৰ এই ধৰণৰ বিষয়ে বিবেচনা কৰাটো পৰামর্শদান ক্ষমতাৰ গ্ৰহণ কৰাটো বাধ্যতামূলক নহয় । উচ্চতম ন্যায়ালয়ে ৰাষ্ট্রপতির অনুবােধক্রমে পৰামর্শ দি আহিছে । এতিয়ালৈকে কেইবাবাৰাে ৰাষ্ট্রপতিয়ে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ বিচাৰিছে । ইয়াত পৰামর্শদান ক্ষমতা আন এটি ক্ষেত্ৰটো আছে । সংবিধান বলবৎ হােৱাৰ আগেয়ে সম্পাদিত যিবিলাক চুক্তি , সন্ধি , অংগীকাৰপত্ৰ আৰু চনদ সংবিধান বলবৎ হােৱাৰ পিছতাে কার্যকৰী হৈ আছে । যিবিলাক উচ্চত্ম ন্যায়ায়ক মূল অধিকাৰ ক্ষেত্ৰৰ ভিতৰত নাই , সেই সম্পর্কে কোনাে বিৰােধে দেখা দিলে ৰাষ্ট্রপতিয়ে সেইটো এই আদালতৰ পৰামৰ্শবােৰ পঠিয়াব পাৰে । এইবিলাক ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে পৰামর্শ দিবলৈ বাধ্য ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top