Class 11 Political Science Chapter 4 সংবিধান: কার্যপালিকা

Class 11 Political Science Chapter 4 সংবিধান: কার্যপালিকা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 4 সংবিধান: কার্যপালিকা and select needs one.

Class 11 Political Science Chapter 4 সংবিধান: কার্যপালিকা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 4 সংবিধান: কার্যপালিকা Solutions for All Subject, You can practice these here.

সংবিধান: কার্যপালিকা

পাঠ: ৪

প্ৰথম খণ্ড

অতি চমু প্রশ্নৰ উত্তৰ দিয়া

১। কার্যপালিকা কাক বােলে ? 

উত্তৰঃ কাৰ্যপালিকাৰ অৰ্থ হ’ল এজন ব্যক্তি বা এটি ব্যক্তিৰ সমষ্টি যিয়ে সংগঠনৰ দৈনন্দিন কাম – কাজ আৰু নীতি – নিয়মবােৰৰ বাস্তৱ ৰূপায়নক চোৱা – চিতা কৰে তাক কার্যপালিকা বােলে । 

২। নামমাত্র কাপালিকা মানে কি ? 

উত্তৰঃ যি কাৰ্যপালিকাক সংবিধানৰ দৃষ্টিত শাসন বিভাগৰ মুৰব্বী বুলি ধৰা হয় আৰু যাৰ নামত শাসনৰ সকলাে কাম পৰিচালনা কৰা হয় কিন্তু শাসনকার্য পৰিচালনাত অংশগ্রহণ নকৰে , তেনে কার্যপালিকাক নামমাত্র কার্যপালিকা বােলে । 

৩। প্রকৃত কার্যপালিকা কাক বােলে ? 

উত্তৰঃ যি কাৰ্যপালিকাই শাসনৰ গুৰিয়াল হিচাপে দেশৰ শাসনকার্য পৰিচালনা কৰে তাক প্রকৃত কাৰ্যপালিকা বােলে । 

৪। বহুব্যক্তি কাৰ্যপালিকা মানে কি ? 

উত্তৰঃ যেতিয়া ৰাষ্ট্রৰ শাসন বিভাগৰ দায়িত্ব সমক্ষমতাসম্পন্ন একাধিক লােকৰ হাতত অর্পণ কৰা হয় তেতিয়া তাক ব্যক্তি কার্যপালিকা বা সমষ্টিগত কাৰ্যপালিকা বােলে । 

৫। একক কার্যপালিকা মানে কি ? 

উত্তৰঃ যি কাৰ্যপালিকাত সকলাে কার্যবাহী ক্ষমতা একেজন ব্যক্তিৰ হাতত কেন্দ্রীভূত হয় তার্থাৎ এজন ব্যক্তিৰ দ্বাৰা সীমিত কাৰ্যপালিকাক একক কার্যপালিকা বােলে ।

তলত দিয়াবােৰৰ উত্তৰ লিখা :

১। কার্যপালিকাৰ গুৰুত্বপূর্ণ কার্যবােৰ আলােচনা কৰা । 

উত্তৰঃ ( ক ) প্রশাসনীয় কার্য :- কার্যপালিকাই বিধানমণ্ডলে প্রণয়ন কৰা আইনসমূহ কার্যকৰী কৰি ৰাষ্ট্রৰ আভ্যন্তৰীণ শান্তি – শৃংখলা ৰক্ষা কৰে । 

( খ ) ৰাজনৈতিক কার্য :- কার্যপালিকাই কূটনৈতিক বিষয়াসকলক নিয়োগ কৰে । আন্তর্জাতিক সন্মিলনত কাৰ্যপালিকাই নিজৰ ৰাষ্ট্ৰক প্রতিনিধিত্ব কৰে । 

( গ ) ন্যায়িক কার্য :- ন্যায়পালিকাই উচ্চ পর্যায়ৰ বিষয়াসকলক নিয়ােগ কৰে । কাৰ্যপালিকাই কোনাে অপৰাধত অভিযুক্ত দোয়ীৰ শাস্তিৰ পৰিমাণ হ্রাস বা ক্ষমা কৰিব পাৰে । 

( ঘ ) বিত্তীয় ক্ষমতা :- কার্যপালিকাই ৰাষ্ট্ৰৰ আয় – ব্যয়ৰ হিচাপ ৰখাৰ উপৰিও কৰ – কাটল আৰোপ আৰু সংগ্রহ কৰাৰ দায়িত্ব পালন কৰে । 

( ঙ ) প্রতিৰক্ষা :- বহিঃআক্ৰমণৰ পৰা নিজ ৰাষ্ট্ৰক ৰক্ষণাবেক্ষণ দিয়া ৰাষ্ট্ৰৰ সার্বভৌমত্ব আৰু অখণ্ডতা অটুট ৰখা ইত্যাদি কাম কার্যপালিকাই সম্পাদন কৰে । 

( চ ) আইন প্রণয়ন :- আধুনিক ৰাষ্ট্ৰত কাৰ্যপালিকাই আইন সংগত কার্য পৰিচালনা কৰে । 

২। ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কার্যাৱলীৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ভাৰতৰ ৰাষ্ট্রপতি হ’ল ৰাষ্ট্ৰৰ প্রধান । 

অৰ্হতা :- ভাৰতৰ ৰাষ্ট্রপতি হ’বলৈ হ’লে , এজন ব্যক্তি ভাৰতীয় নাগৰিক হ’ব লাগিব । তেওঁ ৩৫ বছৰ বয়স পূর্ণ কৰিব লাগিব ।  লোকসভাৰ সদস্য

হিচাপে নির্বাচিত হােৱাৰ অৰ্হতা থাকিব লাগিব । ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ অধীনত কোনাে পদবীত থাকিব নােৱাৰিব । 

কার্যকাল :- ৰাষ্ট্রপতিজন পাঁচ বছৰৰ কাৰ্যকালৰ বাবে পৰােক্ষভাৱে নির্বাচিত হয় । 

ক্ষমতা আৰু কার্যাৱলী :

১। কার্যকৰী ক্ষমতা :- ভাৰতৰ ৰাষ্ট্রপতিয়ে প্রধানমন্ত্রী আৰু কেন্দ্রীয় মন্ত্রীসভাৰ অন্যান্য মন্ত্রী আৰু লগতে কেন্দ্রীয় চৰকাৰৰ আন কিছুমান গুৰুত্বপূর্ণ বিষয়া যেনেঃ মহান্যায়বাদী , নিয়ন্ত্রক আৰু . মহালেখা পৰীক্ষক আৰু উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু আন ন্যায়াধীশসকলক নিযুক্তি দিয়ে । 

২। সামৰিক আৰু বৈদেশিক পৰিক্ৰমা :- ৰাষ্ট্ৰপতিজন ভাৰতৰ সামৰিক দলৰ মুখ্য সেনাধ্যক্ষ । যুদ্ধ আৰু শান্তি ঘােষণা ৰাষ্ট্ৰপতিৰ নামত কৰা হয় । সকলাে সন্ধি আৰু আন্তঃৰাষ্ট্ৰীয় চুক্তি ৰাষ্ট্ৰপতিৰ লগত আলােচনা কৰা হয় । 

৩। ন্যায়িক ক্ষমতা :- ৰাষ্ট্রপতিয়ে ‘ক্ষমা প্রদানৰ বিশেষাধিকাৰ’ উপভােগ কৰে । তেওঁ অপৰাধীক ক্ষমা প্রদান কৰা বা শাস্তি স্থগিত ৰখা বা শান্তি লাঘৱ কৰাৰ ক্ষমতা আছে । 

৪। জৰুৰী অৱস্থা ঘােষণাৰ ক্ষমতা সংবিধানে ৰাষ্ট্রপতিক জৰুৰী অৱস্থাৰ লগত মােকাবিলা কৰাৰ উদ্দেশ্যে কিছুমান বিশেষ ক্ষমতা প্রদান কৰিছে । এই ক্ষমতাসমূহ তেওঁ তিনিটা পৰিস্থিতিত প্রয়ােগ কৰিব পাৰে । 

৫ । বিধায়িনী ক্ষমতা :- ৰাষ্ট্ৰপতিৰ সংসদৰ দুয়াে সদনৰ অধিৱেশন আহ্বান কৰা আৰু স্থগিত কৰাৰ ক্ষমতা আছে । সংসদত গৃহীত হােৱা বিধেয়ক এখন ৰাষ্ট্ৰপতিৰ সন্মতি পােৱাৰ পাছতহে 

আইনত পৰিণত হয় । ৰাষ্ট্রপতিয়ে সংসদ অধিবেশন নবহা অৱস্থাত অধ্যাদেশ জাৰি কৰিব পাৰে । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1সংবিধান: কিয় আৰু কেনেকৈ ?
Chapter 2ভাৰতীয় সংবিধানত থকা অধিকাৰ সমূহ
Chapter 3নির্বাচন আৰু প্রতিনিধিত্ব
Chapter 4সংবিধান: কার্যপালিকা
Chapter 5বিধানমণ্ডল
Chapter 6ন্যায়পালিকা
Chapter 7যুক্তৰাষ্ট্রবাদ
Chapter 8স্থানীয় চৰকাৰ
Chapter 9জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান
Chapter 10সংবিধানৰ দর্শন ।
Unit 2দ্বিতীয় খণ্ড
Chapter 1ৰাজনৈতিক তত্ব: এক চমু পৰিচয়
Chapter 2স্বাধীনতা
Chapter 3সমতা
Chapter 4সামাজিক ন্যায়
Chapter 5অধিকাৰ
Chapter 6নাগৰিকতা
Chapter 7জাতীয়তাবাদ
Chapter 8ধর্মনিৰপেক্ষতাবাদ
Chapter 9শান্তি
Chapter 10 উন্নয়ন

৩। কেন্দ্রীয় মন্ত্রীসভা আৰু ভাৰতৰ প্ৰধানমন্ত্রীৰ বিষয়ে আলােচনা কৰা ।

উত্তৰঃ ৰাষ্ট্রপতিয়ে কেন্দ্রীয় মন্ত্রীসভা নিয়ােগ কৰে । তেওঁ লােকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজকন প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়ে । প্রধানমন্ত্রী হ’ল কেন্দ্রীয় মন্ত্রীসভাৰ প্রধান । ৰাষ্ট্রপতিয়ে প্রধানমন্ত্রীৰ পৰামর্শমতে অন্যান্য মন্ত্রীসকলক নিযুক্তি দিয়ে । আৰু তেওঁলােকৰ মাজত দপ্তৰ বিতৰণ কৰে । চৰকাৰৰ কাম কাজ সমূহ বিভিন্ন বিভাগত ভাগ কৰা হয় আৰু প্রত্যেকটো বিভাগ এজন নির্দিষ্ট মন্ত্ৰীৰ অধীনত ৰখা হয় । কেন্দ্রীয় মন্ত্রীসভাই যেতিয়ালৈকে লােকসভাৰ সংখ্যাগৰিষ্ঠ সমর্থন লাভ কৰি থাকে তেতিয়ালৈকে ক্ষমতাত থাকে । কেন্দ্রীয় মন্ত্রীসভাত তিনি ধৰণৰ কেবিনেট মন্ত্রী , ৰাজ্যিক মন্ত্ৰী আৰু উপমন্ত্রী । কেবিনেট মন্ত্রী আৰু প্রধানমন্ত্ৰীক লৈ কেবিনেট ’ বােলা এক সৰু গােট গঠন হয় । প্রধানমন্ত্রীৰ নেতৃত্বাধীন কেবিনেট মন্ত্রীসভাৰ সকলােতকৈ শক্তিশালী গােট আৰু চৰকাৰৰ সকলাে গুৰুত্বপূর্ণ সিদ্ধান্ত কেবিনেটে গ্রহণ কৰে । প্রধানমন্ত্রীয়ে মন্ত্রীসভাৰ প্রধান হিচাপে দেশৰ প্রকৃত প্রশাসনৰ বাবে দায়িত্বশীল । তেওঁক ভাৰতৰ মুখ্য প্রশাসক হিচাপে গণ্য কৰা হয় ।

৪। ভাৰতৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতা সমূহৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ সংবিধানৰ অষ্টাদশ অংশৰ ৩৫২ নং ৰ পৰা ৩৬০ নং আনুচ্ছেদত ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাকে লিপিবদ্ধ কৰা হৈছে । ৰাষ্ট্রপতিয়ে তিনি প্রকাৰৰ জৰুৰী ক্ষমতা প্রয়ােগ কৰিব পাৰে । 

( ক ) জাতীয় জৰুৰী অৱস্থা :- ভাৰতৰ সংবিধানৰ ৩৫২ নং অনুচ্ছেদ অনুযায়ী ৰাষ্ট্রপতিয়ে জাতীয় জৰুৰীকালীন অৱস্থা ঘােষণা কৰিব পাৰে । 

( খ ) ৰাজ্যত সাংবিধানিক অচলাৱস্থাৰ বাবে জৰুৰী অৱস্থা :- সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্রপতিয়ে ৰাজ্যত জৰুৰী অৱস্থা ঘােষণা কৰিব পাৰে । 

( গ ) আর্থিক জৰুৰী অৱস্থা :- সংবিদানৰ ৩৬০ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্রপতিয়ে আর্থিক জৰুৰী অৱস্থা ঘােষণা কৰিব পাৰে । 

৫। ভাৰতৰ প্ৰধানমন্ত্রী ক্ষমতা আৰু কার্যাৱলী আলােচনা কৰা । 

উত্তৰঃ ভাৰতবৰ্ষৰ ৰাজনৈতিক ব্যৱস্থাত প্রধানমন্ত্রীয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । 

১। মন্ত্রী পৰিষদ গঠন :- ভাৰতৰ ৰাষ্ট্রপতিয়ে প্রধানমন্ত্রী নিয়ােগ কৰাৰ পিছৰে পৰা মন্ত্রী পৰিষদ গঠনৰ কাম আৰম্ভ কৰে । প্রধানমন্ত্রীৰ সর্বপ্রথম কাম হ’ল মন্ত্রীপৰিষদ গঠন কৰা । 

২৷ দপ্তৰ বিতৰণ :- প্রধানমন্ত্রীয়ে মন্ত্রীসকলৰ মাজত দপ্তৰ বিতৰণ কৰে ।

৩। মন্ত্রীসকলৰ দপ্তৰ পুনৰ নিৰ্ধাৰণ আৰু পদচ্যুত :- প্রধানমন্ত্রীক ৰাষ্ট্ৰপতিৰ জৰিয়তে মন্ত্রীসকলক নিয়ােগ কৰে আৰু তেওঁলােকক পদচ্যুত কৰিব পাৰে । 

৪। মন্ত্রীসভাৰ সভাপতি :- প্রধানমন্ত্রী হ’ল মন্ত্রীপৰিষদ আৰু মন্ত্রীসভাৰ সভাপতি । তেওঁ উভয় সভাৰ বৈঠকত সভাপতিত্ব কৰে ।

৫। ৰাষ্ট্ৰপতিৰ সৈতে সম্পর্ক ৰক্ষা :- প্রধানমন্ত্রী হ’ল ৰাষ্ট্রপতিৰ প্রধান উপদেষ্টা । তেওঁ সময়ে সময়ে বিভিন্ন বিষয়ত ৰাষ্ট্রপতিক উপদেশ বা পৰামর্শ দিয়ে । 

৬। মুখ্য সমন্বয়ক :- প্রধানমন্ত্রী হ’ল চৰকাৰৰ মুখ্য সমন্বয়ক । তেওঁ চৰকাৰৰ বিভিন্ন মন্ত্রণালয়ৰ মাজত সমন্বয় সাধন কৰিব লাগে ।

1 thought on “Class 11 Political Science Chapter 4 সংবিধান: কার্যপালিকা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top