Class 11 Political Science Chapter 17 জাতীয়তাবাদ

Class 11 Political Science Chapter 17 জাতীয়তাবাদ answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 17 জাতীয়তাবাদ and select needs one.

Class 11 Political Science Chapter 17 জাতীয়তাবাদ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 17 জাতীয়তাবাদ Solutions for All Subject, You can practice these here.

জাতীয়তাবাদ

পাঠ: ৭

দ্বিতীয় খণ্ড

অনুশীলনী

১। ৰাষ্ট্ৰ আৰু অন্যান্য সামুহিক গোটৰ পাৰ্থক্য কি?

উত্তৰঃ ৰাষ্ট্ৰ আৰু অন্যান্য সামুহিক গোটৰ পাৰ্থক্য হ’ল- ৰাষ্ট্ৰঃ এচিয়া আৰু আফ্রিকা মহাদেশত ঔপনিবেশিক শোষণৰ পৰা মুক্তি বিচাৰি কৰা আন্দোলনেও জাতীয় আয় নিয়ন্ত্রণৰ অধিকাৰ সাব্যক্ত কৰিছিল। জাতীয়তাবাদী আন্দোলনকাৰীসকলে বিশ্বাস কৰিছিল যে ৰাজনৈতিক স্বাধীনতাই তেওঁলোকক স্বীকৃতি আৰু মৰ্যদা প্ৰদান কৰাৰ উপৰিও তেওঁলোকৰ জনসাধাৰণৰ সামূহিক স্বার্থক সুৰক্ষা দিব। বেছিভাগ জাতীয় মুক্তি আন্দোলন জাতিক ন্যায়, অধিকাৰ আৰু সমৃদ্ধি দিয়াৰ লক্ষ্যৰে অনুপ্রাণিত হৈছিল। অৱশ্যে এই ক্ষেত্রতো প্রতিটো সাংস্কৃতিক গোটে, যাৰ কিছুমানে সুকীয়া জাতি বুলি দাবী কৰিছিল, ৰাজনৈতিক স্বতন্ত্রতা আৰু ৰাষ্ট্রত্ব লাভ কৰাটো অসম্ভৱ আছিল। ফলস্বৰূপে জন প্রব্রজন, সীমা যুদ্ধ (forder wars) আৰু হিংসাই অঞ্চলটোৰ বহু দেশক ভাৰাক্রান্ত কৰি ৰাখিছে। গতিকে জাতীয় ৰাষ্ট্রসমূহৰ বিৰুদ্ধ স্থিতি (paradoxical situation) এটাত আমি উপনীত হওঁ, সংগ্রাম কৰি স্বাধীনতা লাভ কৰা এই জাতীয় ৰাষ্ট্ৰবোৰে নিজৰে ভূখণ্ডত থকা স্বায়ত্ব শাসন বিচৰা সংখ্যালঘুসকলৰ বিৰুদ্ধে থিয় দিয়া দেখা যায়।

অন্যান্য সামূহিকঃ আমি যেতিয়া এটা দলৰ (Team) কথা কওঁ আমি এনে কিছুমান মানুহৰ কথা কওঁ যি একেলগে কাম কৰে বা খেলে আৰু তাতোকৈ ডাঙৰ কথা, তেওঁলোকে নিজকে এটা সমূহীয়া গোট বুলি ভাবে। অন্যথাই তেওঁলোক দল হ’ব নোৱাৰে আৰু এটা সমূহীয়া খেল খেলা বা এটা কাম কৰা বেলেগ বেলেগ মানুহ হে হ’ব। এটা জাতি তেতিয়াহে গঠন হয় যেতিয়া ইয়াৰ সদস্য সকলে নিজকে একগোট বুলি ভাবে।

২। জাতীয় আত্ম নির্ণয় বুলিলে তুমি কি বুজা? ৰাষ্ট্র-ৰাজ্য কেনেদৰে নির্মান কৰে আৰু সেইবোৰৰ বাবে কেনেদৰে প্রত্যহবান হয়?

উত্তৰঃ একো একোটা জাতিয়ে যেতিয়া নিজস্ব স্বকীয় বৈশিষ্ট্য বজাই ৰাখি নিজৰ ৰাজনৈতিক ভৱিষ্যত নিজে নিয়ন্ত্রণ কৰাৰ অধিকাৰ বিচাৰে, তাকেই ‘জাতীয় নিয়ন্ত্রণ’বুলি ক’ব পাৰি। প্রথম বিশ্ব যুদ্ধৰ পিছৰ পৰা বিশ্বত জাতীয় আত্ম নিয়ন্ত্ৰণৰ দাবী শক্তিশালী হৈ উঠে।

সামাজিক গোটৰ বিপৰীতে, জাতিয়ে আত্ম নিয়ন্ত্ৰণৰ অধিকাৰ আৰু তেওঁলোকৰ ভবিষৎ প্রগতি নিজে নির্ধাৰণ কৰিব বিচাৰে। আন কথাত, তেওঁলোকে স্ব-নিয়ন্ত্ৰণৰ অধিকাৰ বিচাৰে। ইয়াকে কৰোঁতে জাতিয়ে সুকীয়া ৰাজনৈতিক অস্তিত্ব (entity) বা ৰাষ্ট্ৰ হিচাবে আন্তর্জাতিক সমাজৰ পৰা স্বীকৃতি বিচাৰে। প্ৰায়ে বহুদিন ধৰি একে ঠাইতে থকা আৰু উমৈহতীয়া পৰিচয় থকা কিছুমান মানুহৰ পৰা এনে দাবী আহে। কিছুমান ক্ষেত্ৰত আত্ম নিয়ন্ত্ৰণৰ এনে দাবীৰ লগত ৰাষ্ট্র প্রতিষ্ঠা কৰাৰ ইচ্ছাও থাকে। ই ৰাষ্ট্র স্থাপন কৰিব খোজা গোটটোৰ সংস্কৃতিক বিশেষ মর্যাদা নিদিলেও সুৰক্ষা দিয়ে।

ৰাষ্ট্র-ৰাজ্য নিৰ্মাণঃ ১৯ শতিকাৰ ইউৰোপ মহাদেশত এই পিছৰটো দাবী সঘনে কৰা হৈছিল। সেই সময়ত এক সংস্কৃতি এক ৰাষ্ট্ৰৰ ধাৰণাই প্রসাৰ লাভ কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ পিছত ৰাষ্ট্ৰ পুনৰ গঠন কৰোঁতে এক সংস্কৃতি এক ৰাষ্ট্ৰৰ ধাৰণাটো প্রয়োগ কৰা হৈছিল। ভার্চাই সন্ধিৰ (Treaty of versailles) ফলত কেবাখনো ক্ষুদ্র স্বাধীন ৰাষ্ট্ৰৰ জন্ম হৈছিল। কিন্তু সেই সময়ত আত্ম নিয়ন্ত্ৰণৰ বাবে কৰা সকলোবোৰ দাবী পূৰণ কৰা অসম্ভৱ হৈ পৰিছিল। তাৰোপৰি এক সংস্কৃতি এক ৰাষ্ট্র নীতিক ভিত্তি কৰি ৰাষ্ট্ৰৰ সীমা নির্ধাৰণ কৰিবলৈ যাওঁতে বিভিন্ন ৰাষ্ট্ৰৰ মাজত ব্যাপক জন প্ৰব্ৰজন হৈছিল যাৰ ফলত লাখ লাখ মানুহে নিজৰ গৃহভূমি হেৰুৱাই পুৰুষানুক্রমে ভোগ কৰি থকা মাটি সম্পত্তিৰ পৰা বহিষ্কৃত হৈছিল। আন বহুতো লোকে সাম্প্রদায়িক হিংসাৰ বলি হৈছিল।

সাংস্কৃতিক ভিত্তিত জাতীয় ৰাষ্ট্র গঠন কৰিবলৈ যাওঁতে মানৱতাই বহুতো মূল্য ভৰিব লগা হৈছিল। তাৰোপৰি, এই ক্ষেত্ৰতো নতুনকৈ গঠন কৰা ৰাষ্ট্ৰসমূহত কেৱল এটাই জনগোষ্ঠী (Ethnic Community) থকাটো সুনিশ্চিত কৰা সম্ভৱ নাছিল। এইটো সচা যে বেছিভাগ ৰাষ্ট্রতে একাধিক নৃ-গোষ্টীয় ethnic আৰু সাংস্কৃতিক সম্প্রদায় Community থাকে। সংখ্যাত কম এই সম্প্রদায় Community বোৰ সংখ্যালঘু আৰু প্ৰায়ে পিছপৰা আছিল। সেয়ে সংখ্যালঘুসকলক সমান নাগৰিকৰ মর্যদা দিয়াৰ সমস্যাটো থাকি গৈছিল। এই ঘটনাবিলাকৰ পৰা এটাই লাভ হৈছিল যে নিজকে সুকীয়া জাতি বুলি ভবা আৰু স্বায়ত্ব শাসনৰ দ্বাৰা নিজৰ ভবিষৎ গঢ়িব বিচৰা গোটসমূহে ৰাজনৈতিক স্বীকৃতি লাভ কৰিছিল।

ৰাষ্ট্র-ৰাজ্যৰ প্রত্যহবানঃ এচিয়া আৰু আফ্রিকা মহাদেশত ঔপনিৱেশিক শোষণৰ পৰা মুক্তি বিচাৰি কৰা আন্দোলনেও জাতীয় আত্ম নিয়ন্ত্রণৰ অধিকাৰ সাব্যভ কৰিছিল। জাতীয়তাবাদী আন্দোলনকাৰীসকলে বিশ্বাস কৰিছিল যে ৰাজনৈতিক স্বাধীনতাই তেওঁলোকক স্বীকৃতি আৰু মর্যদা প্রদান কৰাৰ উপৰিও তেওঁলোকৰ জনসাধাৰণৰ সামূহিক স্বার্থক সুৰক্ষা দিব। বেছিভাগ জাতীয় মুক্তি আন্দোলন জাতিক ন্যায়, অধিকাৰ আৰু সমৃদ্ধি দিয়াৰ লক্ষ্যৰে অনুপ্রাণিত হৈছিল। 

অৱশ্যে এই ক্ষেত্রতো প্রতিটো সাংস্কৃতিক গোটে, যাৰ কিছুমানে সুকীয়া জাতি বুলি দাবী কৰিছিল, ৰাজনৈতিক স্বতন্ত্রতা আৰু ৰাষ্ট্রত্ব লাভ কৰাটো অসম্ভৱ আছিল। ফলস্বৰূপে জনপ্রব্রজন, সীমা যুদ্ধ (forder wars) আৰু হিংসাই অঞ্চলটোৰ বহু দেশক ভাৰাক্রান্ত কৰি ৰাখিছে। গতিকে জাতীয় ৰাষ্ট্রসমূহৰ বিৰুদ্ধ স্থিতি (paradoxical situation) এটাত আমি উপনীত হওঁ, সংগ্রাম কৰি স্বাধীনতা লাভ কৰা এই জাতীয় ৰাষ্ট্ৰবোৰে নিজৰে ভূখণ্ডত থকা স্বায়ত্ব শাসন বিচৰা সংখ্যালঘুসকলৰ বিৰুদ্ধে থিয় দিয়া দেখা যায়।

প্রকৃততে বর্তমান বিশ্বৰ প্রতিখন ৰাষ্ট্রতে আত্মনিয়ন্ত্রণ আন্দোলনৰ সম্মুখীন কেনেকৈ হ’ব পৰা যায় তাৰ বাবে দোধোৰ মোধোৰ অৱস্থাৰ (dilemma) সৃষ্টি হৈছে আৰু ই জাতীয় স্বনিয়ন্ত্রন অধিকাৰৰ সম্পর্কতে প্রশ্ন তুলিছে। বেছিভাগ মানুহে নতুন ৰাষ্ট্ৰৰ সমস্যা সমাধান কৰাতকৈ প্ৰচলিত ৰাষ্ট্রসমূহ বেছি গনতান্ত্রিক আৰু সমভাবাপন্ন (equal) কৰি তুলিলেহে সমস্যাৰ সমাধান হব বুলি বিশ্বাস কৰিবলৈ লৈছে। অর্থাৎ বিভিন্ন সাংস্কৃতিক আৰু গোষ্ঠীগত পৰিচয় (ethnic identities) থকা মানুহে অংশীদাৰ (partner) হিচাপে আৰু সমান নাগৰিক হিচাবে সহাৱস্থান কৰিব লাগিব। ই যে কেৱল আত্ম নিয়ন্ত্ৰণৰ দাবী উত্থাপনৰ পৰা উদ্ভৱ হোৱা সমস্যাকে সমাধান কৰিব এনে নহয়, এখন শক্তিশালী আৰু ঐক্যবদ্ধ ৰাষ্ট্রও গঠন কৰিব। সর্বোপৰি (after all) ৰাষ্ট্ৰত থকা সংখ্যালঘুসকলৰ সাংস্কৃতিক অস্তিত্বক সন্মান নকৰিলে জাতীয় ৰাষ্ট্রত সদস্যসকলৰ আনুগত্য লাভ কৰা কঠিন হব।

৩। আমি দেখিছোঁ যে ৰাষ্ট্রবাদে মানুহক একগোট কৰিব যিদৰে পাৰে। বিভাজিত কৰিবও পাৰে। তেওঁলোকক মুক্ত কৰিবও পাৰে আৰু তেওঁলোকৰ মাজত সংঘর্ষৰো সৃষ্টি কৰিব পাৰে। উদাহৰণৰ সহায়ত বুজাই লিখা।

উত্তৰঃ আমি যেতিয়া এটা দলৰ (Team) কথা কওঁ আমি এনে কিছুমান মানুহৰ কথা কওঁ যি একেলগে কাম কৰে বা খেলে আৰু তাতোকৈ ডাঙৰ কথা, তেওঁলোকে নিজকে এটা সমূহীয়া গোট বুলি ভাবে। অন্যথাই তেওঁলোক দল হ’ব নোৱাৰে আৰু এটা সমূহীয়া খেল খেলা বা এটা কাম কৰা বেলেগ বেলেগ মানুহ হে হ’ব। এটা জাতি তেতিয়াহে গঠন হয় যেতিয়া ইয়াৰ সদস্য সকলে নিজকে একগোট বুলি ভাবে।

কোনো এক নির্দিষ্ট পৰিসীমা বা ভূখণ্ডক বুজায়। বহুদিন ধৰি একে ঠাইতে থকা, একেই ইতিহাস থকা মানুহৰ মাজত সমূহীয়া পৰিচয়ৰ মনোভাৱ গা কৰি উঠে। তেওঁলোকে নিজকে এক বুলি ভাবিবলৈ শিকে। সেয়েহে, জাতি হিচাবে থকা মানুহেগৃহভূমি বিচৰাত আচৰিত হবলগীয়া একো নাই। তেওঁলোকৰ বাবে নিজে থকা ঠাইখনৰ বিশেষ তাৎপর্য থকা বাবে তেওঁলোকে ইয়াক নিজৰ বুলি দাবী কৰে। অৱশ্যে জাতিয়ে নিজৰ গৃহভূমিক বিভিন্ন ধৰণে নামাকৰণ কৰে। যেনে- মাতৃভূমি, পিতৃভূমি অথবা পবিত্র ভূমি। পৃথিৱীৰ বিভিন্ন অংশত সিঁচৰিত হৈ থকা সত্বেও ইহুদীসকলে পেলেষ্টাইনক তেওঁলোকৰ স্বর্গ, তশ্রুত, প্রকৃত গৃহভূমি বুলি দাবী কৰিছিল। ভাৰতীয় জাতিয়ে ভাৰত উপমহাদেশখনত থকা নদী, পর্বত আৰু আন অঞ্চলসমূহৰ লগত আত্মীয়তা অনুভৱ কৰে। অৱশ্যে যিহেতু একেখিনি ভূমিকে এটাতকৈ বেছি দলীয় গোটে দাবী কৰিব পাৰে, গৃহভূমিৰ দাবী পৃথিৱীত হৈ থকা সংঘৰ্ষৰ এক মুখ্য কাৰণ হৈ পৰিছে।

৪। জাতীয়তাবাদ গঠনৰ আহিলাবিলাক উদাহৰণসহ ব্যাখ্যা কৰা। 

উত্তৰঃ জাতীয়তাবাদ বুলিলে সাধাৰণতে কি বুজায় তাৰ এটা সমীক্ষা চলালে সম্ভাব্য উত্তৰসমূহ হ’ব দেশপ্রেম, জাতীয় পতাকা, দেশৰ বাবে কৰা ত্যাগ ইত্যাদি। দিল্লীত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসৰ পেৰেড ভাৰতীয় জাতীয়তাবাদৰ এটা উৎকৃষ্ট উদাহৰণ। ই ক্ষমতাৰ তথা ভাৰতীয় জাতিৰ লগত বৈচিত্ৰাসমূহ প্রতিফলিত কৰে।

যোৱা দুটা শতিকাত ইতিহাসৰ গতি নিৰ্ণয় কৰা উপাদান সমূহৰ ভিতৰত জাতীয়তাবাদ হৈছে সবাতোকৈ শক্তিশালী ৰাজনৈতিক সিদ্ধান্ত (Political Creeds)। ই গভীৰ আনুগত্য আৰু প্রচণ্ড ঘৃণা দুয়োটাৰে জন্ম দিয়ে। ই মানুহক যেনেদৰে একত্রিত কৰে তেনেদৰে তেওঁলোকৰ মাজত বিভাজনৰো সৃষ্টি কৰে। ই মানুহক অত্যাচাৰী শাসনৰ পৰা যিদৰে মুক্ত কৰিছিল। তেনেদৰে ই সংঘর্ষ, তিক্ততা। আৰু যুদ্ধৰো কাৰণ হিচাপে চিহ্নিত হৈছিল। 

ৰাজ্য আৰু সাম্রাজ্য বিলাকৰ ভাঙোনৰ ইও এক উপাদান। জাতীয়তাবাদী সংগ্রামে ৰাজ্য আৰু সাম্ৰাজ্যৰ নতুন সীমা নির্ধাৰণ কৰাত অৰিহণা যোগাই আহিছে। বর্তমান পৃথিৱীখন বিভিন্ন জাতি ৰাষ্ট্র (Nation State) ত বিভক্ত। অৱশ্যে ৰাষ্ট্ৰৰ পুনৰ গঠন প্রক্রিয়া চলিয়েই আছে আৰু ৰাষ্ট্রৰ ভিতৰত বিচ্ছিন্নতাবাদী সংগ্রাম গতানুগতিক হৈ পৰিছে। জাতীয়তাবাদে বিভিন্ন পৰ্য্যায় অতিক্রম কৰি আহিছে। উদাহৰণ স্বৰূপে, উনৈশ শতিকাৰ ইউৰোপ মহাদেশত ই সৰু সৰু ৰাজ্য একত্রীকৰণ কৰি বৃহলে ৰাজ্য গঠনত সহায় কৰিছিল। বর্তমান সময়ৰ জার্মানী আৰু ইটালীৰ ৰাজ্যসমূহ এইদৰে সৃষ্টি হৈছিল। লেটিন আমেৰিকাতো এইদৰে এক বৃহৎ সংখ্যক নতুন ৰাষ্ট্রৰ সৃষ্টি হৈছিল। সীমা দৃঢ়কৰণ (Consolidation) ৰ লগে লগে স্থানীয় উপভাষ (dialects) আৰু স্থানীয় নিষ্ঠা লাহে লাহে ৰাজ্যিক আনুগত্য (State loyalties) আৰু উমৈহতীয়া ভাষালৈ বিকশিত কৰা হৈছিল। জাতীয় ৰাষ্ট্ৰৰ সদস্য হিচাপে নতুন ৰাষ্ট্ৰসমূহৰ জনসাধাৰণে এটা নতুন ৰাজনৈতিক পৰিচয় লাভ কৰিছিল। যোৱা শতিকাৰ আগৰে পৰা আমাৰ ভাৰততো আমি এনে ধৰণৰ একত্রীকৰণ বা সুচীকৰণ প্রক্রিয়া দেখিবলৈ পাইছোঁ। কুৰি শতিকাৰ আগভাগত জাতীয়তাবাদে ইউৰোপত অস্ট্রিয়া হাঙ্গেৰি আৰু ৰুহ সাম্ৰাজ্যৰ দৰে বৃহৎ সাম্ৰাজ্যৰ ভাঙোনত অৰিহণা যোগাইছিল। এচিয়া আৰু আফ্রিকা মহাদেশতো বৃটিছ, ফৰাছী, ডাচ্ছ আৰু পর্তুগীজ সাম্রাজ্যৰ ভাঙোনৰ কাৰণ এই জাতীয়তাবাদেই।

বিদেশী শাসনৰ পৰা মুক্ত হৈ জাতীয় ৰাষ্ট্র হিচাবে প্রতিষ্ঠা হ’বলৈ ভাৰত আৰু পূৰ্বৰ অন্যান্য উপনিবেশসমূহত যি জাতীয়তাবাদী সংগ্রান হৈছিল, তাৰ মূলতো আছিল জতীয়তাবাদৰ ধাৰণা। ৰাষ্ট্ৰসমূহৰ সীমা পুনৰ নির্ধাৰণ এতিয়াও চলিয়েই আছে। ১৯৬০ চনৰে পৰা আপাততঃ সুস্থিৰ জাতীয় ৰাষ্ট্রও সুকীয়া ৰাষ্ট্রৰ দাবী সম্বলিত হব পৰা দলীয় বা আঞ্চলিক জাতীয়তাবাদী দাবীৰ সন্মুখীন হৈছে। প্রচলিত ৰাষ্ট্রসমূহৰ বিভাজনৰ ভাবুকিৰে বিশ্বৰ বিভিন্ন প্রান্তত আজি আমি এনে ধৰণৰ জাতীয়তাবাদী আন্দোলন দেখা পাইছোঁ। কানাডাৰ কিউবেক, উত্তৰ স্পেইনৰ Basques বান্ধস, তুর্কী আৰু ইৰাকৰ কুৰ্ডসকল আৰু শ্রীলঙ্কাৰ তামিলসকলৰ মাজত এনে বিচ্ছিন্নতাবাদী আন্দোলন গঢ়ি উঠিছিল। 

ভাৰতৰো কিছুমান গোটে (group) জাতীয়তাবাদৰ কথা কয়। আৰব জাতীয়তাবাদে আৰব দেশসমূহক নিখিল আৰব সংঘ Pan Arab Nation পৈ ঐক্যবদ্ধ কৰাৰ আশা থাকিলেও বাস্কস বা কুর্ডসকলে কৰা বিচ্ছিন্নতাবাদী আন্দোলনে প্রচলিত ৰাষ্ট্রসমূহক বিভাজন হে কৰিব। বর্তমানো বিশ্বত জাতীয়তাবাদ এটা বলিষ্ঠ শক্তি বুলি আমি মানি ল’ব পাৰো। কিন্তু জাতি বা জাতীয়তাবাদৰ উপযুক্ত সংজ্ঞা দিয়াটোহে বৰ কঠিন কাম। জাতি মানেনো কি? মানুহে কিয় জাতি গঠন কৰে? জাতিৰ কাৰণে সকলো ত্যাগ কৰিবলৈ আনকি মৰিবলৈকো মানুহ কিয় প্রস্তুত? ৰাষ্ট্রত্বৰ (Statehood) দাবীৰ লগত জাতি সত্বা (nationhood) ৰ দাবী কেনেকৈ সাঙোৰ খাই আছে? জাতিসমূহৰ ৰাষ্ট্র বা জাতীয় স্ব নিয়ন্ত্ৰণৰ অধিকাৰ থকা উচিতনে? নে সুকীয়া ৰাষ্ট্রৰ দাবী মানি নলৈও জাতীয়তাবাদৰ দাবী মানি ল’ব পাৰি? এই অধ্যায়ত আমি এনে কিছুমান বিষয় সামৰি ল’ম।

৫। প্ৰাধিকাৰাঞ্চাতকৈ গণতন্ত্রই বেছি ভালদৰে সংঘৰত ৰাষ্ট্রবাদী আকাঙ্খাৰ সম্মুখীন হব পাৰে। কেনেকৈ?

উত্তৰঃ আত্ম নিয়ন্ত্রণৰ অধিকাৰে প্ৰায়ে জাতীয়তা (Nationalities) বিলাকৰ স্বাধীন ৰাষ্ট্রৰ অধিকাৰ সামৰি লৈছিল। কিন্তু এনে প্রতিটো গোটকে স্বাধীন ৰাষ্ট্ৰ দিয়াটো অসম্ভবেই নহয় বোধকৰো সামৰি লৈছিল। কিন্তু এনে কিছুমান ক্ষুদ্র ৰাষ্ট্রৰ জন্ম দিব যিবোৰ আৰ্থিক আৰু ৰাজনৈতিকভাৱে স্বাৱলম্বী নহয় আৰু ই সংখ্যালঘুসকলৰ সমস্যা বহুগুণে বঢ়াই তুলিব। অধিকাৰক এতিয়া পুনৰ ব্যাখ্য কৰা হৈছে যাৰ দ্বাৰা জাতীয়তা (Nationalities) বিলাকক বাতিনা ভৰতে কিছুমান গণতান্ত্রিক অধিকাৰ দিয়া হৈছে। 

আমি বাস কৰা পৃথিবীখনৰ অস্তিত্বক দিয়া স্বীকৃতিৰ বিশেষ গুৰুত্ব আছে। দলীয় পৰিচয়ৰ (group identities) স্বীকৃতিৰ বাবে আমি বহুতো সংঘর্ষ দেখিবলৈ পাওঁ যাৰ বেচিভাগতে জাতীয়তাবাদৰ ভাষা সোমাই আছে। অস্তিত্বৰ দাবীক আমি স্বীকৃতি দিয়া উচিত যদিও ইয়াক আমি সমাজত বিভাজন আৰু হিংসা সৃষ্টি কৰিবলৈ দিব নালাগে। আমি মনত ৰাখিব লাগিব যে প্রতিজন ব্যক্তিৰে বহু পৰিচয় থাকে। যেনে- এজন মানুহৰ লিঙ্গ ভিত্তিক, জাতি ভিত্তিক, দল ভিত্তিক, ধর্ম, ভাষা বা আঞ্চলিক ভিত্তিক পৰিচয় থাকিব পাৰে আৰু তেওঁ এই সকলোৰে বাবে গৌৰৱ অনুভৱ কৰিব পাৰে। যেতিয়ালৈকে এজন ব্যক্তিৰ ব্যক্তিত্বৰ বিভিন্ন দিশ মুক্তভাৱে প্রকাশ কৰিব পাৰে, তেওঁলোকে ৰাষ্ট্রত ৰাজনৈতিক স্বীকৃতি আৰু যি কোনো এটা পৰিচয়ৰ বাবে ৰেহাইৰ দাবী কৰিব নিবিচাৰে। গণতন্ত্রত নাগৰিকৰ ৰাজনৈতিক পৰিচয়ে মানুহৰ বিভিন্ন পৰিচয় সামৰি লোৱা উচিত। অসহিষ্ণু আৰু একজাতীয় (homogenizing) ধৰণৰ পৰিচয় আৰু জাতীয়তাবাদক গঢ় লৈ উঠিবলৈ দিলে ই বিপদজনক হব।

‘দেশপ্রেম আমাৰ চুড়ান্ত আধ্যাত্মিক আশ্রয় হব নোৱাৰে, মই মানৱতাত বিশ্বাসী। মই হীৰাৰ দামত কাচ নিকিনো আৰু মই জীয়াই থকালৈকে দেশপ্রেমক মানৱতাৰ ওপৰত স্থান নিদিওঁ।’

৬। তোমাৰ মতে ৰাষ্ট্রবাদৰ সীমাবদ্ধতা কি?

উত্তৰঃ চৰকাৰ খনক যোৱা এবছৰ ধৰি পেপাৰে পত্ৰই খুব চোকা সমালোচনা কৰি আহিছো বিশেষকৈ হিন্দু শৰৰ্ণাথী আৰু ধৰ্মীয় কিছু বিষয়কলৈ কিন্তু এবছৰৰ অন্তত এই কথাৰ শলাগ ন’ললে ই পক্ষপাতদুষ্টৰ পৰিচায়ক হ’ব যে যোৱা এবছৰে দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে আমি আগেয়ে কেতিয়াও নেদেখা যি এক যুদ্ধ চলাই গৈছে ই সঁচাকৈয়ে প্ৰশংসাৰ পাত্ৰ অনাগত ৪ বছৰত এই যুদ্ধ আৰু তিব্ৰতৰ হওঁক আৰু তলৰ পৰা ওপৰলৈ সকলো স্তৰতে দুৰ্নীতি বিধ্স্ত হওঁক ৷ দুৰ্নীতিৰ অবিহনেহে উন্নয়ন সম্ভৱ ৷ আমি এই (দুৰ্নীতিৰ) ক্ষেত্ৰত আমাৰ ভালৰ বাবে চৰকাৰক হকে-বিহকে সমালোচনা কৰাৰ পৰা এই বাবেই বিৰত থকা উচিত কিয়নো যোৱা কেইবাদশকত হৈ যোৱা বিয়াগোম দুৰ্নীতিৰ আৰ্ৱজনা কেৱল কেইটামান দিনতে চাফা কৰাতো অসম্ভৱ বুলি বুজিব পৰা সাধাৰণ ক্ষমতাকণ আমাৰ থকা উচিত৷

বাংলাদেশী হিন্দু-থলুৱাৰ স্বাৰ্থ বিৰোধী কাৰ্য আৰু ধৰ্মীয় সংৰ্কীণতা বিষয়ক যিকোনো কথাত চৰকাৰৰ বিৰুদ্ধাচৰণ কৰো বা কৰি আহিছো কিন্তু দুৰ্নীতিৰ বিৰুদ্ধে চলাই যোৱা চৰকাৰী যুঁজখনত চৰকাৰৰ লগত আছো আৰু তেতিয়ালৈকে থাকিম যেতিয়ালৈকে চৰকাৰ এই যুঁজত নিজ আদৰ্শৰ পৰা বিচলিত হৈছে বুলি পতিয়ন নাযাওঁ ৷ এই যুঁজত মই চৰকাৰক ‘গ্ৰেচ মাৰ্ক’ এই কাৰণেই দিম কিয়নো দুৰ্নীতিৰ নিবাৰণৰ বীপৰিতে বিয়াগোম বিয়াগোম দুৰ্নীতিৰ কথাহে আমি শুনিবলৈ পাইছিলো বিগত চৰকাৰকেইখনৰ দিনত৷ অন্ধ আনুগত্য যিকোনো বিষয়তে বেয়া ৷ সচেতন সমালোচনা- সচেতন উদগনি যিকোনো ক্ষেত্ৰতে ফলপ্ৰসু ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top