Class 11 Political Science Chapter 1 সংবিধান কিয় আৰু কেনেকৈ?

Class 11 Political Science Chapter 1 সংবিধান কিয় আৰু কেনেকৈ? The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 1 সংবিধান কিয় আৰু কেনেকৈ? and select needs one.

Class 11 Political Science Chapter 1 সংবিধান কিয় আৰু কেনেকৈ?

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 1 সংবিধান কিয় আৰু কেনেকৈ? Solutions for All Subject, You can practice these here.

সংবিধান কিয় আৰু কেনেকৈ ?

পাঠ: ১

প্ৰথম খণ্ড

অতি চমু প্রশ্নৰ উত্তৰ দিয়া

১। তলত উল্লেখ কৰা কোনবিধ কার্য সংবিধানৰ নহয় ? 

( ক ) সংবিধানে নাগৰিকৰ অধিকাৰক সুৰক্ষা প্রদান কৰে । 

( খ ) সংবিধানে ভাল মানুহক ক্ষমতালৈ অহাত নিশ্চিত কৰে । 

( গ ) সংবিধানে চৰকাৰৰ বিভিন্ন অংগবিলাকৰ ক্ষমতাবােৰ স্পষ্ট কৰি দিয়ে । 

( ঘ ) সংবিধানে কেতবােৰ মূল্যবােধৰ প্ৰকাশ কৰে ৷ 

উত্তৰঃ ( খ ) সংবিধানে ভাল মানুহক ক্ষমতালৈ অহাত নিশ্চিত কৰে । 

২। সংবিধান কাক বােলে ? 

উত্তৰঃ সংবিধান হ’ল সেইবিলাক বিধি – নিয়মৰ সমষ্টি যাৰ দ্বাৰা চৰকাৰৰ ক্ষমতা , শাসিতৰ অধিকাৰ আৰু শাসক – শাসিতৰ মাজত সম্পর্ক স্থিৰ কৰা হয় । 

৩। সংবিধানৰ যিকোনাে এটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ সংবিধানৰ ধাৰণা মূলতঃ এটি আইনগত ধাৰণা । 

৪। সংসদীয় চৰকাৰত কাৰ্যপালিকা বিধিগতভাৱে_____ ৰ ওচৰত দায়বদ্ধ থাকে । 

উত্তৰঃ বিধানমণ্ডলৰ ওচৰত । 

৫। ভাৰতীয় সংবিধানৰ যিকোনাে এটা মূল লক্ষ্য লিখ । 

উত্তৰঃ সকলােৰে বাবে সমান মর্যাদা আৰু সুযােগ প্রদান কৰা ।

৬। সংবিধান শব্দটো লেটিন ভাষাৰ কি শব্দৰ পৰা আহিছে ? 

উত্তৰঃ ‘কনষ্টিটুৱেৰ ( Constituere ) শব্দৰ পৰা আহিছে ।

৭। সংবিধান হৈছে ৰাষ্ট্রৰ মৌলিক আইন । শুদ্ধ নে অশুদ্ধ ? 

উত্তৰঃ শুদ্ধ । 

৮। লিখিত সংবিধানৰ এটা গুণ লিখা । 

উত্তৰঃ  লিখিত সংবিধানৰ প্রতি জনসাধাৰণৰ সমর্থন থাকে । 

৯। অলিখিত সংবিধানৰ এটা দোষ লিখা । 

উত্তৰঃ অলিখিত সংবিধানসমূহ অধিক গতিশীল হয় । 

১০। গ্রেট বৃটেইনৰ সংবিধান নমনীয় হয় নে নহয় ? 

উত্তৰঃ হয় । 

১১। সংবিধান কি ? 

উত্তৰঃ সংবিধান এখন দেশৰ মৌলিক আইন । ইয়াত দেশৰ শাসন ব্যৱস্থাৰ মৌলিক নীতিসমূহ লিপিবদ্ধ কৰা থাকে । 

১২। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ খচৰা কোনে প্রস্তুত কৰিছিল ? 

উত্তৰঃ খচৰা সমিতিয়ে । 

১৩। ভাৰতীয় সংবিধান ১৯৪৯ চনৰ ___তাৰিখে গ্রহণ কাৰ হৈছে । 

উত্তৰঃ ২৬ নৱেম্বৰত । 

১৪। ভাৰতীয় সংবিধান ১৯৫০ চনৰ __তাৰিখৰ পৰা কার্যকৰী হৈছে ।

উত্তৰঃ ২৬ জানুৱাৰী । 

১৫। সংবিধান সভাৰ সভাপতি কোন আছিল ? 

উত্তৰঃ ড° ৰাজেন্দ্র প্রসাদ । 

১৬। সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল ? 

উত্তৰঃ ড° বি.আৰ. আম্বেদকাৰ ।

১৭। প্রস্তাৱনাৰ যিকোনাে এটা নীতিৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ সার্বভৌমত্ব । 

১৮। ভাৰতীয় সংবিধানৰ এটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা । 

উত্তৰঃ লিখিত সংবিধান । 

১৯। ভাৰতীয় সংবিধানৰ এটা একাত্মক বা অ – যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা । 

উত্তৰঃ একক নাগৰিকত্ব । 

২০। সংবিধান সভাৰ খচৰা সমিতিৰ সদস্য সংখ্যা কিমান আছিল ? 

উত্তৰঃ ৭ জন । 

    চমু প্রশ্নৰ উত্তৰ দিয়া :

১। সংবিধানে কি কার্য কৰে ? 

উত্তৰঃ ( ক ) সংবিধানে সমন্বয় আৰু প্রতিশ্রুতিক অনুমােদন দিয়ে । 

( খ ) সিদ্ধান্ত গ্রহণৰ ক্ষমতাৰ বিস্তৃত নির্দেশনা । 

২। আমাক সংবিধানৰ কিয় প্রয়ােজন হয় ? 

উত্তৰঃ ৰাষ্ট্র এখন সুচাৰুৰূপে পৰিচালিত কৰিবলৈ হলে প্রত্যেক ৰাষ্ট্ৰৰ একোখন সংবিধান থকাটো অতিশয় প্রয়ােজন । সংবিধান গণতন্ত্রৰ মূল আধাৰ বুলি গণ্য কৰা হয় । ৰাষ্ট্ৰ এখনত গণতন্ত্রক জীয়াই ৰাখিবলৈ হ’লে ৰাষ্ট্ৰখনৰ বাবে সংবিধান এখনৰ অতিশয় প্রয়ােজন । 

৩। আমাৰ সংবিধানখন কোনে প্রণয়ন কৰিছিল ? 

উত্তৰঃ ভাৰতবৰ্ষৰ বাবে সংবিধান এখন ৰচনা কৰাৰ দায়িত্ব সংবিধান সভাৰ ওপৰত ন্যস্ত কৰা হৈছিল । সংবিধান সভাৰ গঠন আৰু কার্যাৱলীৰ বিষয়ে এই সভাই প্রস্তুতি চলাইছিল । ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধানখন চূড়ান্তভাৱে গ্ৰহণ কৰাৰ সময়ত সংবিধান সভাৰ ২৮৪ জন সদস্য উপস্থিত থাকি তেওঁলােকে স্বাক্ষৰ দান কৰিছিল । সংবিধান সভাৰ সভাপতি আছিল ড০ ৰাজেন্দ্র প্রসাদ । আনহাতে সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি আছিল ড০ বি.আৰ. আম্বেদকাৰ । 

৪। ভাৰতীয় সংবিধানৰ যিকোনাে দুটা উৎসৰ বিষয়ে উল্লেখ কৰা ৷ 

উত্তৰঃ ( ক ) বৃটিছ সংবিধান । 

( খ ) ভাৰত চৰকাৰ আইন ১৯০৯ , ১৯১৯ , ১৯৩৫ আৰু ভাৰত স্বাধীনতা আইন ১৯৪৭ । 

৫। তলত উল্লেখ কৰা কোনবােৰ যুক্তি সংসদতকৈ সংবিধানৰ কর্তৃত্ব বেছি নিৰ্দ্ধাৰণ কৰা । 

( ক ) সংসদ গঠনৰ আগতে সংবিধান ৰচনা কৰা হৈছিল ? 

( খ ) সংসদ সকলােতকৈ সংবিধান প্রণেতাসকল বিশিষ্ট নেতা । 

( গ ) সংবিধানে সংসদৰ গঠন আৰু ক্ষমতা নির্ধাৰিত কৰে । 

( ঘ ) সংসদৰ দ্বাৰা সংবিধান সংশােধন কৰিব নােৱাৰে । 

উত্তৰঃ ( খ ) সংসদ সকলােতকৈ সংবিধান প্রণেতাসকল বিশিষ্ট নেতা । 

( গ ) সংবিধানে সংসদৰ গঠন আৰু ক্ষমতা নির্ধাৰিত কৰে । 

৬। সংবিধান দেশৰ জনসাধাৰণৰ আশা আৰু আকাংক্ষাৰ কেন্দ্রবিন্দু । ব্যাখ্যা কৰা ৷ 

উত্তৰঃ এখন দেশৰ সংবিধানে জনসাধাৰণৰ আশা আকাংক্ষা প্রতিফলিত কৰে । গণতান্ত্রিক দেশ এখনৰ সংবিধানে জনসাধাৰণৰ কল্যাণৰ দিশটোক মুখ্যস্থান দিয়ে । সমাজৰ সকলাে শ্ৰেণীৰ জনসাধাৰণে যাতে স্বাধীনতা , সমতা আৰু ন্যায় পাব পাৰে তাৰ বাবে সংবিধানত বিভিন্ন ব্যৱস্থা অন্তর্ভুক্ত কৰা হয় ।

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1সংবিধান: কিয় আৰু কেনেকৈ ?
Chapter 2ভাৰতীয় সংবিধানত থকা অধিকাৰ সমূহ
Chapter 3নির্বাচন আৰু প্রতিনিধিত্ব
Chapter 4সংবিধান: কার্যপালিকা
Chapter 5বিধানমণ্ডল
Chapter 6ন্যায়পালিকা
Chapter 7যুক্তৰাষ্ট্রবাদ
Chapter 8স্থানীয় চৰকাৰ
Chapter 9জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান
Chapter 10সংবিধানৰ দর্শন ।
Unit 2দ্বিতীয় খণ্ড
Chapter 1ৰাজনৈতিক তত্ব: এক চমু পৰিচয়
Chapter 2স্বাধীনতা
Chapter 3সমতা
Chapter 4সামাজিক ন্যায়
Chapter 5অধিকাৰ
Chapter 6নাগৰিকতা
Chapter 7জাতীয়তাবাদ
Chapter 8ধর্মনিৰপেক্ষতাবাদ
Chapter 9শান্তি
Chapter 10 উন্নয়ন

ৰচনাধর্মী প্রশ্ন : 

১। সংবিধান সভাৰ গঠন আৰু কার্যাৱলীৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ভাৰতীয় সংবিধান সভা গঠনৰ পৰামর্শ প্রথমে ভাৰতৰ এজন মহান নেতা মানবেন্দ্রনাথ ৰায়ে আগবঢ়াইছিল । ১৯৩৪ চনৰ জাতীয় কংগ্ৰেছৰ অধিবেশনত সংবিধান সভা গঠনৰ প্ৰস্তাৱ গৃহীত হয় যদিও বহুতাে কংগ্ৰেছী লােকে সন্মিলনৰ জৰিয়তেহে সংবিধানৰ ৰচনাৰ পােষকতা কৰিছিল । অৱশ্যে তেওঁলােকে ভবা নাছিল যে সংবিধান সভা গঠন হ’ব জনসাধাৰণৰ দ্বাৰা নির্বাচিত প্রতিনিধি আৰু সেই সংবিধান সভাই জনসাধাৰণৰ যথেষ্ট উৎসাহ আৰু বল আহৰণ কৰিব । শেষত জৱাহৰলাল নেহৰুৱেহে সংবিধান সভাৰ প্রকৃত ধাৰণাটো ভাৰতীয় জনসাধাৰণ মাজত অধিক জনপ্রিয় কৰি তােলে । শেষত , কেবিনেট মিছনৰ প্ৰস্তাৱ অনুসৰি ১৯৪৬ চনত যিখন সংবিধান সভাৰ আঁচনি প্রস্তুত কৰা হ’ল তালৈ প্ৰদেশবােৰৰ পৰা ২৯৬ জন আৰু দেশীয় ৰাজ্যবােৰৰ পৰা ৯৩ জন মুঠ ৩৮৯ জন সদস্যৰ ব্যৱস্থা কৰা হ’ল । 

১৯৪৬ চনত অন্তৱর্তীকালীন চৰকাৰ গঠন হােৱাৰ পাছত সেই চনৰে ৯ ডিচেম্বৰ তাৰিখে সংবিধান সভাৰ প্রথম অধিৱেশন দিল্লীত অনুষ্ঠিত হয়।এইদৰে বহু ঘাত প্রতিঘাতৰ মাজেৰে ভাৰতবাসীৰ বহু আকাংক্ষিত সংবিধান সভা গঠন হয় । এই সংবিধান সভাই স্বাধীনভাৱে ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰাৰ অধিকাৰ লাভ কৰে । ১৯৪৬ চনত সংবিধান সভা গঠিত হয় আৰু এই সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰে । সংবিধান সভাৰ প্রথম অধিবেশন ১৯৪৬ চনৰ ৯ ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰ তাৰিখলৈ চলিছিল । এই প্রথম অধিবেশনতে পণ্ডিতজৱাহৰলাল নেহৰুৱে সভাৰ মূল লক্ষ্যসমূহ এটা প্রস্তাৱ আকাৰে দাঙি ধৰে । 

এই প্রস্তাৱকে সংবিধান সভাৰ “ লক্ষ্য নির্ধাৰণমূলক প্রস্তাৱ ” বােলা হয় । প্রস্তাৱ দাঙি ধৰি তেওঁ কয় যে ভাৰতক এখন স্বাধীন , সার্বভৌম ৰাষ্ট্ৰ হিচাপে গঢ়ি তােলাই সংবিধান সভাৰ মূল লক্ষ্য । সংবিধান সভাৰ দ্বিতীয় অধিবেশন ১৯৪৭ চনৰ ২০ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ চলিছিল । এই অধিবেশনত “ লক্ষ্য নির্ধাৰণমূলক প্রস্তাৱটোৰ ওপৰত বিশদ আলােচনা কৰা হয় আৰু পিছত এই প্রস্তাৱৰ ভিত্তিত ভাৰতৰ স্বাধীনতাৰ চনদ সর্বসম্মতিক্রমে গৃহীত হয় । ভাৰতৰ স্বাধীনতাৰ চনদত সংবিধান সভাৰ মূল্য লক্ষ্যসমূহ ব্যক্ত কৰা হয় । যেনে :–

প্রথমতে , সংবিধান সভাই ভাৰতক এখন স্বাধীন সার্বভৌম গণৰাজ্যত পৰিণত কৰাৰ কাৰণে বদ্ধ পৰিকৰ আৰু এই স্বাধীন , সার্বভৌম ভাৰতৰ শাসন পৰিচালনা আৰু নিয়ন্ত্ৰণৰ বাবে সংবিধান ৰচনা কৰিবলৈ দৃঢ়প্রতিজ্ঞ । 

দ্বিতীয়তে , ভাৰতৰ লগত যােগদান কৰিবলৈ ইচ্ছুক দেশীয় ৰাজ্য আৰু বৃটিছ অধিকৃত অঞ্চলসমূহক লৈ গঠিত স্বাধীন সার্বভৌম ভাৰতক “ ৰাজ্যসমূহৰ সংঘ ” বা “ ইউনিয়ন ” বুলি কোৱা হয় । 

তৃতীয়তে , স্বাধীন ভাৰতত যােগদানকাৰী বিভিন্ন প্রদেশ আৰু দেশীয় ৰাজ্যই অসন নিয়ন্ত্রণ লাভ কৰি আৰু অৱশিষ্ট ক্ষমতাসমূহ কেন্দ্রীয় চৰকাৰৰ হাতত ন্যস্ত থাকিব । 

চতুর্থতে , চনদত এই কথাও ঘােষণা কৰা হয় যে স্বাধীন সার্বভৌম ভাৰতৰ সর্বোচ্চ ক্ষমতাৰ উৎস হ’ব জনসাধাৰণ । 

পঞ্চমতে , ভাৰতীয় গণতন্ত্রত জাতি – ধর্ম নির্বিশেষে সকলােৱে সামাজিক আৰু অর্থনৈতিক দিশত নায্য অধিকাৰ লাভ কৰিব । 

যষ্ঠতে , স্বাধীন সার্বভৌম গণতান্ত্রিক গণৰাজ্য ভাৰতৰ সংখ্যালঘু আৰু অনুন্নত সম্প্রদায়ৰ স্বাৰ্থ ৰক্ষাৰ বাবে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰা হ’ব । 

সপ্তমতে , স্বাধীন ভাৰতে বিশ্ব শান্তি ৰক্ষা আৰু বিশ্ব মানৱ জাতিৰ কল্যাণৰ হকে সর্বতােপ্ৰকাৰে চেষ্টা কৰিব । 

ইয়াৰ দ্বিতীয় অধিৱেশনৰ কালছােৱাত সংবিধান সভাই চাৰিখন কমিটি গঠন কৰে । সংবিধান সভাৰ তৃতীয় অধিবেশন ১৯৪৭ চনৰ ২২ এপ্রিলৰ পৰা ২ মেলৈকে চলিছিল । সভাৰ চতুর্থ অধিবেশন ১৯৪৭ চনৰ ১৪ জুলাই তাৰিখৰ পৰা আৰম্ভ হয় । পঞ্চম অধিবেশন ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে আৰম্ভ হয় । ১৯৪৭ চনৰ স্বাধীনতা আইনে দুখন দেশৰ বাবে দুখন সংবিধান সভাৰ প্ৰস্তাৱ কৰিলে । স্বাধীনতা লাভৰ পাছত এই সংবিধান সভাকেই ভাৰতৰ বাবে স্বীকৃতি দিয়া হ’ল আৰু ভাৰতৰ এই সংবিধান সভা সার্বভৌম অনুষ্ঠান বুলি পৰিগণিত হল । 

২। ভাৰতীয় সংবিধানৰ মূল উৎসসমূহ চমুকৈ লিখা । 

উত্তৰঃ ১। ভাৰত শাসন আইন :- পৰাধীন ভাৰতৰ শাসনকার্য পৰিচালনাৰ বাবে বৃটিছ সংসদে কেইবাখনাে আইন গৃহীত কৰিছিল । এই বিষয়ত ১৯০৯ , ১৯১৯ আৰু ১৯৩৫ চনৰ আইন বিশেষভাৱে উল্লেখযােগ্য । এই আইনবােৰৰ ভিতৰত ১৯৩৫ চনৰ আইনক ভাৰতৰ সংবিধানক ভেঁটি বুলি ক’ব পাৰি ।

২। বৃটেইনৰ শাসনব্যবস্থা :- আমাৰ দেশৰ সংবিধানে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ বাবে সংসদীয় পদ্ধতিৰ শাসন ব্যৱস্থ কৰিছে । ভাৰতীয় সংসদীয় শাসনব্যৱস্থা বৃটিছ সংবিধানৰ প্রত্যক্ষ অৱদান বুলি ক’ব পাৰি । 

৩। ন্যায়িক সমীক্ষা :- ভাৰতৰ সংবিধানে ন্যায়পালিকাক স্বতন্ত্রতা প্ৰদান কৰিছে । গতিকে ন্যায়িক সমীক্ষক আমাৰ সংবিধান অন্যতম উৎস বুলি ক’ব পাৰি ।

৪। আইন আৰু অধ্যাদেশ :- ভাৰতৰ সংসদে সময়ে সময়ে গ্রহণ কৰা কিছুমান আইনক সংবিধানৰ উৎস বুলি গণ্য কৰিব পাৰি । 

৫। সংবিধান সংশােধন :- ১৯৫০ চনৰ পৰা কাৰ্যকৰী হােৱা ভাৰতীয় সংবিধানখন এতিয়ালৈ বহুবাৰ সংশোধন কৰা হৈছে । এই বিষয়ত ৪২ তম আৰু ৪৩ তম সংশোধনীৰ কথা বিশেষভাৱে উল্লেখযােগ্য । সেয়ে এই সংশােধনীসমূহক ভাৰতীয় সংবিধানৰ উৎস বুলি কোৱা হয় । 

৬। সমালােচক মন্তব্য :- সাংবিধানিক বিশেষজ্ঞসকলে সংবিধান বিষয়ে আগবঢ়োৱা মতামত আমাৰ দেশৰ সংবিধান ৰচনা কৰোঁতে বহু পৰিমাণে বিবেচনা কৰা হৈছে । 

৩। ভাৰতীয় সংবিধান বৈশিষ্ট্যসমূহ আলােচনা কৰা । 

উত্তৰঃ ১। প্রস্তাৱনা :- প্রস্তাৱনা মূল সংবিধানৰ অংশ নহয় । এই প্রস্তাৱনাত সংবিধানৰ মূল উদ্দেশ্যসমূহ ব্যক্ত কৰা হৈছে । 

২। দীর্ঘতম সংবিধান :- ভাৰতবৰ্ষৰ সংবিধান বৰ দীঘল । ইয়াত ৪৪৩ টা অনুচ্ছেদ , ২০ টা অধ্যায় আৰু ১২ টা অনুসূচী আছে । 

৩। লিখিত সংবিধান :- ভাৰতবৰ্ষৰ সংবিধানখন এখন লিখিত সংবিধান । আমাৰ সংবিধান লিখিত সংবিধান হলেও ইংলেণ্ডত প্রচলন থকা কিছুমান প্রথাগত নীতি আমাৰ দেশতাে মানি চলা হয় । 

৪। সংবিধানৰ প্রাধান্য :- সংবিধানৰ প্রাধান্য ভাৰতীয় সংবিধানৰ অন্যতম বৈশিষ্ট্য । সংবিধানেই সমুদায় ৰাষ্ট্রীয় ক্ষমতা আৰু নাগবিক অধিকাৰৰ উৎস । 

৫। গণতান্ত্রিক সংবিধান :- আমাৰ সংবিধানৰ আন এটা উল্লেখযােগ্য বৈশিষ্ট্য এই যে এইখন এখন গণতান্ত্রিক সংবিধান । 

৬। একনাগৰিকত্বৰ ব্যৱস্থা :- ভাৰতবৰ্ষৰ সংবিধানে ভাৰতবৰ্ষত একক – নাগৰিকত্বৰ ব্যৱস্থা কৰিছে ।

৪। ভাৰতীয় সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখ । 

উত্তৰঃ ১। ক্ষমতা বিভাজন :- ফেডাৰেল চৰকাৰৰ এটা উল্লেখযােগ্য বৈশিষ্ট্য হৈছে ক্ষমতা বিভাজন । ভাৰতীয় সংবিধানত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিভাজন কৰিবৰ কাৰণে তিনিখন তালিকা সন্নিবিষ্ট কৰা হৈছে । কেন্দ্রীয় তালিকা , উমৈহতীয়া তালিকা আৰু ৰাজ্যিক তালিকা । 

২। দৃঢ় সংবিধান :- ভাৰতীয় সংবিধানৰ ফেডাৰেল বুলি কোৱাৰ আন এটা কাৰণ হ’ল যে এই সংবিধান লিখিত আৰু দৃঢ় । 

৩। দ্বৈত চৰকাৰ :- আন এটা উল্লেখযােগ্য বৈশিষ্ট্য হৈছে দ্বৈত চৰকাৰৰ ব্যৱস্থা । ভাৰতত সমগ্ৰ দেশখনৰ প্ৰশাসনৰ কার্য পৰিচালনা কৰিবৰ কাৰণে কেন্দ্ৰত কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যবিলাকৰ কাৰণে পৃথক ৰাজ্য চৰকাৰৰ ব্যৱস্থা কৰা আছে । 

৪। দ্বিসদনযুক্ত আইনসভা :- যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ আন এটা বৈশিষ্ট্য হৈছে দ্বি – সদনযুক্ত আইন সভাৰ ব্যৱস্থা । ভাৰতীয় সংবিধানে ভাৰতীয় সংসদ দ্বি – সদনযুক্ত কৰিছে । 

৫। সাংবিধানিক আইন :- ভাৰতৰ সংবিধান দেশৰ আইন হিচাপে স্বীকৃতি দিয়া হৈছে । কেন্দ্রীয় তথা ৰাজ্যিক চৰকাৰে কোনাে আইন প্রণয়ন কৰিলে ই সংবিধান সন্মত হ’ব লাগে । 

৬। উচ্চতম ন্যায়ালয় :- ভাৰতীয় সংবিধানখন ফেডাৰেচন বুলি কোৱাৰ আন এটা যুক্তি হ’ল যে উচ্চতম ন্যায়ালয়ৰ ব্যৱস্থা । ভাৰতৰ উচ্চতম ন্যায়ালয়ে সংবিধানৰ অভিভাৱক হিচাপে কাম কৰাৰ উপৰি কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত উত্থাপিত গােচৰ নিষ্পত্তি কৰে । 

৫। ভাৰতীয় সংবিধানৰ যিকোনাে দুটা অযুক্তৰাষ্ট্ৰীয় বা একাত্মক বৈশিষ্ট্য লিখা । 

উত্তৰঃ ১। এক নাগৰিকত্ব :- যুক্তৰাষ্ট্ৰত দ্বি – নাগৰিকত্বৰ ব্যৱস্থা থাকে । ভাৰতৰ সংবিধানে দেশৰ নাগৰিক সকলক দ্বি – নাগৰিকত্ব প্রদান কৰা নাই । 

২। অংগৰাজ্যৰ মর্যাদাৰ অসমতা :- এখন যুক্তৰাষ্ট্ৰ অংগৰাজ্যবােৰে যি মর্যাদা ভােগ কৰে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অংগৰাজ্যসমূহে সেই মর্যাদা ভােগ কৰা নাই । 

৩। ৰাজ্যপালক নিযুক্তি :- যুক্তৰাষ্ট্ৰীয় বিধানমতে ৰাজ্যৰ মূৰব্বী ৰাজ্যপালগৰাকীক সেই ৰাজ্যৰ জনসাধাৰণে নির্বাচিত কৰিব লাগে । কিন্তু ভাৰতত সেই নীতি প্রযােজ্য নহয় । 

৪। মিশ্র সংবিধান :- সাধাৰণতে যুক্তৰাষ্ট্ৰীয় সংবিধান দৃঢ় বা অ নমনীয় । কিন্তু ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সংবিধান সংশােধন পদ্ধতি দৃঢ় নহয় । 

৫। জৰুৰীকালীন ক্ষমতা :- ৰাষ্ট্ৰপতিৰ হাতত ন্যক্ত কৰা জৰুৰীকালীন ক্ষমতা প্রয়ােগে ভাৰত যুক্তৰাষ্ট্ৰক এখন একাত্ম ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰে । 

৬। কেন্দ্রীভূত ন্যায়িক ব্যৱস্থা :- ভাৰতৰ ন্যায়িক ব্যৱস্থাত কেন্দ্রীয়কৰণ নীতি গ্রহণ কৰা হৈছে । সেয়ে ভাৰতৰ ন্যায়িক ব্যৱস্থাত একাত্মক বৈশিষ্ট্য প্রতিফলিত হৈছে । 

৬। জৱাহৰলাল নেহৰুৰৰ উদ্দেশ্য সম্বলিত প্ৰস্তাৱৰ যিকোনাে দুটা মূল কথাৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ ১। ভাৰতবৰ্ষক এখন স্বাধীন সার্বভৌম গনৰাজ্য হিচাপে প্রতিষ্ঠা কৰা আৰু ইয়াৰ ভৱিষ্যতব শাসন – ব্যৱস্থাৰ কাৰণে এখন সংবিধান প্রণয়ন কৰা । 

২। সার্বভৌম স্বাধীন ভাৰতবৰ্য , ইয়াৰ অংগ ৰাজ্যসমূহ আৰু চৰকাৰৰ অংগ সমূহে ক্ষমতা আৰু কতৃত্ব জনসাধাৰণক পৰা লাভ কৰিব ।

7 thoughts on “Class 11 Political Science Chapter 1 সংবিধান কিয় আৰু কেনেকৈ?”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top