Class 11 Political Science Chapter 8 স্থানীয় চৰকাৰ

Class 11 Political Science Chapter 8 স্থানীয় চৰকাৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 8 স্থানীয় চৰকাৰ and select needs one.

Class 11 Political Science Chapter 8 স্থানীয় চৰকাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 8 স্থানীয় চৰকাৰ Solutions for All Subject, You can practice these here.

স্থানীয় চৰকাৰ

পাঠ: ৮

প্ৰথম খণ্ড

অতি চমু প্রশ্নৰ উত্তৰ দিয়া

১। স্থানীয় স্বায়ত্ত শাসন কি ? 

উত্তৰঃ চৰকাৰে ক্ষমতা বিকেন্দ্রীকৰণ নীতি অৱলম্বন কৰি প্রত্যেক ৰাজ্যক কিছুমান সৰু সৰু প্রশাসনিক গােটক ভাগ কৰি সেইবােৰৰ ওপৰত কিছুমান দায়িত্ব আৰু ক্ষমতা ন্যস্ত কৰা হৈছে । এই প্রশাসনিক গােটবােৰত কার্যকলাপ আৰু ক্ষমতা পৰিচালনাৰ ভাৰ ন্যস্ত কৰা হৈছে । সংশ্লিষ্ট অঞ্চলৰ স্থানীয় বাসিন্দাসকলৰ দ্বাৰা নির্বাচিত প্রতিনিধিসকলৰ হাতত সংক্ষেপে স্থানীয় স্বায়ত্ত শাসন মানে স্থানীয় লােকৰ দ্বাৰাই ক্ষুদ্র ক্ষুদ্র অঞ্চল একোটাৰ প্ৰশাসন কার্য চলােৱাৰ অনুষ্ঠান । 

২। স্থানীয় স্বায়ত্ত চৰকাৰৰ সংজ্ঞা দিয়া । 

উত্তৰঃ ( ১ ) ড° ভি , ভেঙ্কাটা ৰাওৰ মতে , “চৰকাৰৰ যিটো অংশ স্থানীয় লােক সকলে কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ হাতত এৰি নিদি নিজৰ হাতত ৰাখে তাকেই স্থানীয় চৰকাৰ বােলা হয় । ” 

( ২ ) প্রফেচাৰ লীককৰ মতে , “ স্থানীয় শাসন প্রতিষ্ঠান স্বশাসিত সংস্থা আৰু ই স্থানীয় গুৰুত্বপূর্ণ কামবােৰ সম্পাদনা কৰে । ” 

৩। স্থানীয় স্বায়ত্ত্ব শাসনৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ ১। স্থানীয় স্বায়ত্ত শাসন হ’ল স্বতন্ত্র সংস্থা । তেওঁলােকে নিজৰ প্রয়ােজন অনুসৰি আইন প্রণয়ন কৰি আৱশ্যকীয় কার্য সম্পাদিত কৰে । 

২। স্থানীয় স্বায়ত্ত্ব শাসন সার্বভৌম সংস্থা নহয় । এই সংস্থাসমূহে সদায় চৰকাৰৰ তলত নিজস্ব কাম কৰিবলগীয়া হয় । 

৪। স্থানীয় স্বায়ত্ত্ব শাসনৰ যিকোনাে এটা গুৰুত্বৰ বিষয়ে লিখা । 

উত্তৰঃ স্থানীয় সমস্যা সমাধান কৰা । 

৫। স্থানীয় স্বায়ত্ত্ব শাসন ৰাজ্য চৰকাৰৰ অংশ নে ? 

উত্তৰঃ হয় । 

৬। স্থানীয় চৰকাৰৰ সার্বভৌমত্ব আছে । 

উত্তৰঃ নহয় । 

৭। ১৯৯৪ চনৰ পঞ্চায়ত আইন মতে পঞ্চায়তৰ কার্যকাল ৫ বছৰ নিৰ্দ্ধাৰণ কৰা হৈছে ?

উত্তৰঃ ১। স্থানীয় প্রতিষ্ঠানসমূহৰ আর্থিক অৱস্থা টনকিয়াল কৰা । আৰু

২। দৰিদ্ৰতা নির্মূল আঁচনি ৰূপায়ণ কৰা । 

৮। স্থানীয় চৰকাৰৰ যিকোনাে এটা কার্য উল্লেখ কৰা । 

উত্তৰঃ ১। কৃষিৰ উন্নতি আৰু সম্প্রসাৰণ কৰা ৷ 

১০। স্থানীয় স্বায়ত্ত শাসনত ৰাজনৈতিক দলৰ অংশগ্ৰহণৰ সপক্ষে যুক্তি দিয়া । 

উত্তৰঃ ১। প্রত্যেক স্থানীয় প্রশাসনে একে নীতি অৱলম্বন কৰা উচিত । স্থানীয় প্রশাসনত সমনীতিৰ ঐক্য একমাত্র ৰাজনৈতিক দলসমূহে দিব পাৰে । 

তলত দিয়াবােৰৰ উত্তৰ দিয়া :

১। গ্রাম্য স্বৰাজৰ অর্থ কি ? ইয়াক কোনে উদ্ভাৱন কৰিছিল ? 

উত্তৰঃ গ্রাম্য স্বৰাজৰ অৰ্থ হ’ল গাঁও অঞ্চলত স্বশাসন প্রতিষ্ঠা কৰা ৷ স্বাধীনতাৰ পূর্বে ভাৰতবৰ্ষৰ সংখ্যাগৰিষ্ঠ জনসাধাৰণ গাঁৱত বসবাস কৰিছিল । বৃটিছে ভাৰতত উপনিবেশ শাসন প্রতিষ্ঠা কৰাৰ আগতে গাঁও অঞ্চলসমূহ আত্মনিৰ্ভৰশীল আৰু স্বয়ং সম্পূর্ণ আছিল । বৃটিছৰ শাসন কালত ভাৰতৰ অর্থনীতি দুর্বল হৈ পৰিছিল । গাঁও সমূহৰ অর্থনৈতিক অৱস্থাৰ অৱনতি ঘটিছিল । সেইবাবেই গান্ধীয়ে গ্রাম্য স্বৰাজৰ ধাৰণা প্রচাৰ কৰি গাঁওসমূহত কুটীৰ তথা হস্তশিল্পৰ পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব দিছিল । গান্ধীয়ে গাঁওসমূহত পঞ্চায়ত গঠন কৰি গ্রাম স্বৰাজ প্রতিষ্ঠান কল্পনা কৰিছিল । 

২। স্থানীয় স্বায়ত্তশাসনৰ কৃতকার্যতাৰ চৰ্তসমূহৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ( ১ ) জনসাধাৰণৰ আগ্রহ :- স্থানীয় প্রশাসনত অংশগ্রহণৰ বাবে জনসাধাৰণ আগ্রহী আৰু সচেতন হ’ব লাগিব । 

( ২ ) স্বতন্ত্রতা :- স্থানীয় শাসনৰ কৃতকার্যতাৰ বাবে চৰকাৰে স্থানীয় কর্তৃপক্ষ কার্যত কেতিয়াও হস্তক্ষেপ কৰিব নালাগে । 

( ৩ ) বিত্তীয় অৱস্থা :- স্থানীয় কর্তৃপক্ষৰ উন্নয়নৰ বাবে পুঁজিৰ আৱশ্যক হয় ।

( ৪ ) শিক্ষা :- স্বায়ত্ত শাসনৰ সফলতাৰ বাবে জনসাধাৰণ শিক্ষিত হােৱা উচিত । 

( ৫ ) সৰহ সহজ নীতি – নিয়ম :- স্বায়ত্ব শাসনৰ উন্নতিৰ বাবে পৰিচালনাৰ নীতি নিয়ম সহজ হ’ব লাগে । 

( ৬ ) উন্নত পৌৰ বােধ :- জনসাধাৰণৰ উন্নত পৌৰ বােধ স্থানীয় কর্তৃপক্ষৰ সফলতাৰ অন্যতম চাবিকাঠি ।

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1সংবিধান: কিয় আৰু কেনেকৈ ?
Chapter 2ভাৰতীয় সংবিধানত থকা অধিকাৰ সমূহ
Chapter 3নির্বাচন আৰু প্রতিনিধিত্ব
Chapter 4সংবিধান: কার্যপালিকা
Chapter 5বিধানমণ্ডল
Chapter 6ন্যায়পালিকা
Chapter 7যুক্তৰাষ্ট্রবাদ
Chapter 8স্থানীয় চৰকাৰ
Chapter 9জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান
Chapter 10সংবিধানৰ দর্শন ।
Unit 2দ্বিতীয় খণ্ড
Chapter 1ৰাজনৈতিক তত্ব: এক চমু পৰিচয়
Chapter 2স্বাধীনতা
Chapter 3সমতা
Chapter 4সামাজিক ন্যায়
Chapter 5অধিকাৰ
Chapter 6নাগৰিকতা
Chapter 7জাতীয়তাবাদ
Chapter 8ধর্মনিৰপেক্ষতাবাদ
Chapter 9শান্তি
Chapter 10 উন্নয়ন

৩। স্থানীয় স্বায়ত্ত্ব শাসনৰ কার্যাৱলীৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ( ১ ) সামূহিক কার্যাৱলী :- স্থানীয় শাসনে বহুতাে সামূহিক কার্য সম্পাদন কৰিবলগীয়া হয় । এই সামূহিক কাম সমূহ হ’ল –ৰাস্তা – মাটি মেৰামতি কৰি জনসাধাৰণৰ বাবে যাতায়ত সুচল কৰা , নলা – নর্দমা পৰিস্কাৰ – পৰিচ্ছন্নকৈ ৰখা ইত্যাদি । 

( ২ ) সমাজ সেৱা :- স্থানীয় শাসন ব্যৱস্থাই সম্পাদন কৰিবলগীয়া সামাজিক কার্যাৱলী হ’ল – শিশু কল্যাণ , মাতৃ মংগল , জনশিক্ষা , ৰাজহুৱা সম্পত্তিৰ ৰক্ষণাবেক্ষণ কৰা ইত্যাদি । 

( ৩ ) ৰক্ষণাবেক্ষণমূলক কার্যাৱলী :- স্থানীয় শাসন ব্যৱস্থাৰ সংৰক্ষণমূলক বা ৰক্ষণাবেক্ষণমূলক কার্যাৱলী হ’ল – স্বাস্থ্য ৰক্ষা , প্রতিষেধকমূলক টীকা প্রদান ইত্যাদি । 

( ৪ ) ৰাজহুৱা কার্যাৱলী :- স্থানীয় শাসন ব্যৱস্থাই পালন কৰা জনহিতকৰ কার্যাৱলী হ’ল – বিশুদ্ধ খােৱা পানীৰ যােগান , বিদ্যুতৰ যােগান , আবর্জনা পেলােৱাৰ ব্যৱস্থা , পৰিবহন ব্যৱস্থাৰ উন্নতি সাধন ইত্যাদি । 

৪। গণতন্ত্রত স্থানীয় স্বায়ত্ত্ব শাসনৰ গুৰুত্বৰ বিষয়ে আলােচনা কৰা ।

উত্তৰঃ স্থানীয় প্রশাসন হ’ল গণতন্ত্রৰ আটাইতকৈ উৎকৃষ্ট প্রশিক্ষণ কেন্দ্র । স্বায়ত্ত শাসন গণতন্ত্রৰ এক অবিচ্ছেদ্য অংগ । স্থানীয় স্বায়ত্ত শাসনক গণতান্ত্রিক প্রশিক্ষণৰ পাঠশালা হিচাপে গণ্য কৰা হয় । স্বাৱলম্বিতা , সহযােগিতা , একতা , কর্মদক্ষতা ইত্যাদি হ’ল এনে গুণ যি গণতান্ত্রিক ৰাষ্ট্রৰ নাগৰিকৰ বাবে অত্যাৱশ্যকীয় । স্থানীয় প্রশাসনত অংশগ্রহণে নাগৰিকৰ ৰাজনৈতিক চেতনা বৃদ্ধি কৰে আৰু তেওঁলােকক সেই ৰাজনৈতিক শিক্ষাই সফল গণতান্ত্রিক ৰাষ্ট্র প্রতিষ্ঠা কৰে । 

৫। স্থানীয় স্বায়ত্ত্ব শাসনৰ সমস্যাৱলীৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ( ১ ) পুঁজিৰ অভাৱ :- পুঁজিৰ অভাৱ স্থানীয় স্বায়ত্ব শাসনৰ প্রধান সমস্যা । 

( ২ ) ৰাজনৈতিক দলৰ প্ৰভাৱ :- ৰাজনৈতিক দলৰ প্ৰভাৱৰ ফলতাে স্থানীয় স্বায়ত্ত শাসনৰ কাম ব্যাহত হয় । সাধাৰণতে স্থানীয় শাসন ৰাজনৈতিক দলসমূহৰ প্রতিযােগিতাৰ ফলত যথেষ্ট বাধাৰ সন্মুখীন হয় ।

( ৩ ) শিক্ষাৰ অভাৱ :- উপযুক্ত শিক্ষাৰ অভাৱাে হ’ল স্থানীয় স্বায়ত্ত্ব শাসন প্রধান সমস্যা । 

( ৪ ) দুর্নীতি :- দুর্নীতি হ’ল স্থানীয় স্বায়ত্ব শাসনৰ এটা প্রধান সমস্যা । এই শাসনৰ নির্বাচিত সদস্য সকলে সামাজিক স্বার্থতকৈ ব্যক্তিগত স্বার্থৰ ওপৰত অধিক মনােনিবেশ কৰা দেখা যায় । 

( ৫ ) অনিয়মীয়া নির্বাচন :- স্থানীয় স্বায়ত্ত্বশাসনৰ অনিয়মীয়া নির্বাচন ইয়াৰ উন্নতিৰ অন্যতম বাধা । 

৬। স্থানীয় স্বায়ত্ত্ব শাসনৰ বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা । 

উত্তৰঃ ১। স্থানীয় স্বায়ত্ত শাসন সার্বভৌম সংস্থা নহয় । 

২। স্থানীয় স্বায়ত্ত্ব শাসন হ’ল স্বতন্ত্র সংস্থা । 

৩। স্থানীয় শাসন সদায় স্থানীয় সমস্যাৰ লগত জড়িত । 

৪। স্থানীয় শাসন ব্যৱস্থাৰ আয়ৰ প্রধান উৎস হল স্থানীয় কৰ । 

৫। স্থানীয় শাসন ব্যৱস্থা মৌলিক ক্ষমতাৰ অধিকাৰী নহয় । 

৬। স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থাক ক্ষুদ্ৰ চৰকাৰ বুলি অভিহিত কৰিব পাৰি ।

3 thoughts on “Class 11 Political Science Chapter 8 স্থানীয় চৰকাৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top