Class 11 Political Science Chapter 12 স্বাধীনতা

Class 11 Political Science Chapter 12 স্বাধীনতা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 12 স্বাধীনতা and select needs one.

Class 11 Political Science Chapter 12 স্বাধীনতা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 12 স্বাধীনতা Solutions for All Subject, You can practice these here.

স্বাধীনতা

পাঠ: ২

দ্বিতীয় খণ্ড

অনুশীলনী

১। স্বাধীনতা মানে কি বুজা? ব্যক্তি স্বাধীনতা আৰু ৰাষ্ট্ৰৰ স্বাধীনতাৰ মাজত সম্পর্ক আছেনে? 

উত্তৰঃ স্বাধীনতা মানে হ’ল আনৰ স্বাধীনতা ওপৰত হস্তক্ষেপ নকৰাকৈ নিজৰ ইচ্ছা মতে কাম কৰিব পৰা অৱস্থাকে স্বাধীনতা বোলে। 

ব্যক্তি স্বাধীনতা আৰু ৰাষ্ট্ৰৰ স্বাধীনতাৰ মাজত সম্পৰ্কঃ ৰাষ্ট্ৰৰ স্বাধীনতাক জাতীয় স্বাধীনতা বুলিও কোৱা হয়। ৰাষ্ট্ৰ এখন যেতিয়া কোনো বিদেশী শক্তি বা ৰাষ্ট্ৰৰ অধীনত নহয়, তেতিয়াই সেই ৰাষ্ট্ৰই স্বাধীন ৰাষ্ট্ৰ স্বীকৃতি পায়। ৰাষ্ট্ৰই লাভ কৰা এনে স্বাধীনতাকে জাতীয় স্বাধীনতা বুলি কোৱা হয়। আনহাতে ব্যক্তিগত স্বাধীনতা হৈছে ৰাষ্ট্ৰত বসবাস কৰা নাগৰিকসকলে ব্যক্তিগতভাৱে উপভোগ কৰিব পৰা আছুতীয়া স্বাধীনতা।

২। স্বাধীনতাৰ সকাৰাত্মক আৰু নকাৰাত্মক ধাৰণাৰ মাজত পার্থক্য কি কি?

উত্তৰঃ স্বাধীনতাৰ সকৰাত্মক আৰু নকৰাত্মক ধাৰণাৰ মাজৰ পাৰ্থক্য হৈছে- 

১। নকৰাত্মক বা নেতিবাচক স্বাধীনতা চূড়ান্ত আৰু অ-নিয়ন্ত্ৰিত। আনহাতে, সকৰাত্মক বা ইতিবাচক স্বাধীনতাক সাৰ্বজনীন আৰু প্ৰকৃত স্বাধীনতা বুলি কোৱা হয়। এই ধৰণৰ স্বাধীনতা বৰ্তমান সভ্য জগতৰ মানুহৰ সুখ-স্বাচ্ছনন্দ্য বাবে অপৰিহাৰ্য। 

২। নেতিবাচক স্বাধীনতাই কোনো বাধা আৰোপ কৰা প্ৰকাশ নকৰে। আনহাতে, ইতিবাচক স্বাধীনতাই নিয়ন্ত্ৰবিহীনতাক বুজায়। 

৩। নেতিবাচক বা নকৰাত্মক ধাৰণাই ব্যক্তিৰ কাৰ্যৰ ওপৰত ৰাষ্ট্ৰৰ সীমিত হস্তক্ষেপ বিচাৰে। আনহাতে, ইতিবাচক বা সকৰাত্মক ধাৰণাই ব্যক্তিৰ স্বতন্ত্ৰতাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ যুক্তি-যুক্ত হস্তক্ষেপক সমৰ্থন কৰে। 

৪। নকৰাত্মক স্বাধীনতাৰ ধাৰণাই ব্যক্তিগত কাৰ্যৰ ওপৰত অধিক গুৰুত্ব দিয়ে। কিন্তু স্বাধীনতাৰ সকাৰাত্মক ধাৰণাই ব্যক্তিৰ সামাজিক দিশৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰে। 

৫। স্বাধীনতাৰ নেতিবাচক বা নকৰাত্মক ধাৰণা একপক্ষীয় আৰু সেই বাবে এই ধাৰণা সমৰ্থনযোগ্য নহয়। আনহাতে, স্বতন্ত্ৰতাৰ ইতিবাচক বা সকাৰাত্মক ধাৰণাই এটা সাৰ্বজনীন দিশ আছে। 

৩। সামাজিক বাধা-নিষেধ মানে কি? স্বাধীনতা উপভোগৰ বাবে বাধা-নিষেধৰ প্রয়োজনীয়তা আছেনে? 

উত্তৰঃ সম্পদৰ বিতৰণ, জাতি ব্যৱস্থাৰ বাধা-নিষেধ আৰু সামাজিক অসমতা বিলোপ সাধন কৰা, লগতে সাম্প্রদায়িকতাবাদ আৰু ধর্মীয় অসহিষ্ণুতা ধ্বংস কৰাটোকো বুজায়।

মানৱ সমাজৰ ইতিহাসত ক্ষমতাশালী শ্রেণীটোৱে মানুহক দমন, শোষণ আৰু দাসত্বৰ শিকলিৰে বন্ধাৰ বহুতো উদাহৰণ পোৱা যায়। কিন্তু, এনেধৰণৰ দমন আৰু শোষণৰ বিৰুদ্ধে বীৰত্বপূর্ণ সংগ্রামৰ প্ৰেৰণাদায়ক উদাহৰণো মানব ইতিহাসত আছে। এই স্বাধীনতাৰ বাবে মানুহে নিজৰ জীৱনকো ত্যাগ কৰি মৃত্যুবৰণ কৰিবলৈও কুণ্ঠাবোধ নকৰে। প্রকৃত অর্থত মানুহৰ নিজৰ জীৱন আৰু ভাগ্যক নিয়ন্ত্রণ কৰাৰ আকাংক্ষাক স্বাধীনতাৰ সংগ্রামে প্রতিফলিত কৰে। নিজৰ পছন্দ অনুসৰি গ্রহণ কৰা সিদ্ধান্ত আৰু কার্যৰ জৰিয়তে এজন মানুহে মুক্তভাৱে নিজৰ ব্যক্তিত্ব প্রকাশ কৰিব পৰা সুযোগ-সুবিধাকে স্বাধীনতা বুলি ক’ব পাৰি। কেৱল ব্যক্তিয়েই নহয়, সমাজেও স্বাধীনতাক গুৰুত্ব দি তেওঁলোকৰ সংস্কৃতি আৰু ভবিষ্যৎ সুৰক্ষিত কৰাটো আশা কৰে। মানুহৰ ভিন্ন ভিন্‌ স্বার্থ আৰু আশা-আকাংক্ষা পূৰণ কৰিবলৈ সামাজিক জীৱনত কিছুমান। নীতি-নিয়ম আৰু আইনৰ প্রয়োজন হয়। অৱশ্যে এই নীতি-নিয়মবোৰে ব্যক্তিৰ স্বাধীনতা উপভোগ কার্যত কিছু পৰিমাণে বাধা-নিষেধ আৰোপ কৰে। কিন্তু, এই কথা সর্বজন স্বীকৃত যে এনেধৰণৰ বাধা-নিষেধে মানুহক নিৰাপত্তাহীনতাৰ পৰা মুক্ত কৰি সমাজত এক অনুকূল পৰিৱেশ সৃষ্টি কৰে। ফলত মানুহে নিজৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰিবলৈ সক্ষম হয় তাকে সামাজিক বাধা নিষেধ বুলি কোৱা হয়।

স্বাধীনতা উপভোগৰ বাবে বাধা-নিষেধৰ প্রয়োজনীয়তা আছে। কিতাপ, নাটক, চিনেমা আৰু বিদ্যায়তনিক প্রবন্ধ আদিৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ দাবী বিভিন্ন সময়ত উত্থাপন হৈ আহিছে। এইধৰণৰ দাবী কিমান গ্রহণযোগ্য বা ন্যায়সংগত? কি নৈতিক যুক্তিৰ আধাৰত নিষেধাজ্ঞাৰ দাবী উত্থাপন কৰা হয়। এইবোৰ দাবী উত্থাপন কৰোঁতে উপযুক্ত বিধি বা নিয়ম মানি চলা হয়নে? এই প্রশ্নসমূহ আমি চিন্তা কৰি চোৱাৰ প্রয়োজন আছে। ব্যক্তিৰ মত প্রকাশৰ স্বাধীনতাক এক মৌলিক প্ৰমূল্য হিচাপে গণ্য কৰা হয়। সেইবাবে সমাজে জনসাধাৰণৰ মত প্রকাশৰ স্বাধীনতাক ৰক্ষণাবেক্ষণৰ স্বাৰ্থত কষ্ট স্বীকাৰ কৰিবলৈ আগ্রহী হ’ব লাগিব।

ইংলেণ্ডত ৰজাৰ ঘৰত কাম কৰা কৰ্মচাৰীসকলৰ লগত একধৰণৰ চুক্তি কৰা হয়। এই চুক্তিৰ দ্বাৰা কৰ্মচাৰীসকলক ৰজা ঘৰৰ ভিতৰুৱা কথা প্রকাশত বাধা দিয়া হয়। গতিকে কৰ্মচাৰীসকলে ৰজাঘৰৰ ভিতৰুৱা কথা লিখি কোনো প্রবন্ধ অথবা কিতাপ প্রকাশ কৰিব নোৱাৰে। মত প্রকাশৰ স্বাধীনতাত ই এক অনুচিত বাধা-নিষেধ নহয়নে? 

এইদৰে দেখা যায় যে সমাজত বিভিন্ন ধৰণৰ বাধা-নিষেধৰ প্ৰচলন আছে। ভিন্‌ ভিন্‌ পৰিস্থিতিত আমি ভিন্ ভিন্ বাধা-নিষেধৰ মুখামুখি হওঁ। সংগঠিতভাৱে সামাজিক, ধর্মীয়,সাংস্কৃতিক কর্তৃত্ব আৰু ৰাষ্ট্ৰৰ দ্বাৰা সমৰ্থিত বাধা-নিষেধবোৰে আমাৰ স্বাধীনতা সীমিত কৰে। এই বাধা-নিষেধবোৰ আমি বিৰোধিতা কৰিব নোৱাৰো। যদি ইচ্ছাকৃতভাৱে অথবা আমাৰ লক্ষ্য আৰু আকাংক্ষা পূৰণৰ স্বাৰ্থত আমি কিছুমান বাধা-নিষেধ মানি চলো, তেতিয়া আমাৰ স্বাধীনতা সীমিত নহয়। বাধা-নিষেধ চলিবলৈ আমাৰ ওপৰত যদি বল প্রয়োগ কৰা নহয়, তেতিয়া আমাৰ স্বাধীনতা কৰ্তন কৰা হৈছে বুলি দাবী কৰিব নোৱাৰো।

8। নাগৰিকৰ স্বাধীনতা ৰক্ষণাবেক্ষণত ৰাষ্ট্রৰ ভূমিকা কি? 

উত্তৰঃ নাগৰিকসকলৰ ব্যক্তিত্বৰ প্ৰকাশ আৰু প্ৰতিভা বিকাশৰ কাৰণে কিছুমান সুযোগ-সুবিধাৰ দৰকাৰ। সেই সুযোগ-সুবিধাক নাগৰিক স্বাধীনতা বুলি কোৱা হয়। ৰাষ্ট্ৰৰ পৰা নাগৰিকে এই স্বাধীনতা পায়। এই স্বাধীনতা ভোগৰ কাৰণে ৰাষ্ট্ৰই নাগৰিকসকলক দৰকাৰী ৰক্ষণা-বেক্ষণ দিয়ে। ধৰ্মীয় অধিকাৰ, জীৱনৰ অধিকাৰ, মত প্ৰকাশৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ আদি। ভাৰতবৰ্ষৰ সংবিধানত এনে কিছুমান স্বাধীনতা সন্নিৱিষ্ট কৰা হয়। 

৫। মত প্ৰকাশৰ স্বাধীনতা কি? তোমাৰ মতে মত প্রকাশৰ স্বাধীনতাৰ যুক্তিসংগত বাধা কি কি? উদাহৰণ দিয়া।

উত্তৰঃ মত প্ৰকাশ অৰ্থাৎ বাক্-স্বাধীনতা হৈছে স্বকীয় মত প্ৰকাশ স্বাধীনতা। এজন মানুহে সকলো বিষয়তে নিজৰ মতামত স্বাধীনভাৱে প্ৰকাশ কৰিব পৰাকে বাক্ বা মত প্ৰকাশৰ স্বাধীনতা বুলি কোৱা হয়। 

বাক্-স্বাধীনতা পৌৰ অধিকাৰ আৰু আনফালে ৰাজনৈতিক অধিকাৰ হিচাপে বিবেচিত হ’ব পাৰে। মানুহৰ এই স্বাধীনতা নাথাকিলে কোনো ৰাষ্ট্ৰই সফল গণতন্ত্ৰ হ’ব নোৱাৰে। মানুহৰ স্বাধীনভাৱে কথা কোৱা অধিকাৰ যদি নাথাকে তেনেহ’লে তেওঁলোকৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ কেতিয়াও নহয়। সকলোৰ মানুহৰে নিজৰ ভাৱ সম্পূৰ্ণভাৱে প্ৰকাশ কৰাৰ অধিকাৰ থকা উচিত। কোনো গণতান্ত্ৰিক চৰকাৰৰ শক্তি আৰু স্থায়িত্ব ঘাইকৈ নিৰ্ভৰ কৰে জনমতৰ সমৰ্থনৰ ওপৰত। নাগৰিকৰ মত প্ৰকাশ বিশেষ দিশত জনমত গঠনৰ বাবে দায়ী। বক্তৃতাৰ সহায়ত জনমতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা হয়। যিসকল ব্যক্তিয়ে অসত্য বা ভ্ৰান্ত ধাৰণাক সমৰ্থন কৰে সেইসকল ব্যক্তিৰো মত প্ৰকাশ স্বাধীনতা আছে। 

মত প্ৰকাশৰ সমৰ্থনত মিলে চাৰিটা যুক্তি দাঙি ধৰিছিল আৰু সেই যুক্তি কেইটা হৈছে-

১। কোনো ধাৰণা বা মতামত অসত্য হ’ব নোৱাৰে। বহু সময়ত অসত্য বুলি বিবেচিত ধাৰণাৰ মাজতো সত্য লুকাই থাকে। 

২। সত্য নিজে নিজে প্ৰকাশ নহয়। বিৰোদ আৰু বিতৰ্কৰ মাজেৰে প্ৰকৃত সত্য উদঘাটন হয়।

৩। বিৰোধ আৰু বিতৰ্কৰ মাধ্যমত উপনীত হোৱা মতামত বিশ্বাসযোগ্য বুলি নিশ্চিত কৰিব পাৰি।  

৪। কোনো এটা সময়ত আন এখন সমাজে মিচা বুলি বিবেচনাৰ কৰা কোনো মতামত পৰৱৰ্তী সময়ত সঁচা বুলি পৰিগণিত হ’ব পাৰে।

6 thoughts on “Class 11 Political Science Chapter 12 স্বাধীনতা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top