Class 11 Political Science Chapter 2 ভাৰতীয় সংবিধানত থকা অধিকাৰসমূহ

Class 11 Political Science Chapter 2 ভাৰতীয় সংবিধানত থকা অধিকাৰসমূহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 2 ভাৰতীয় সংবিধানত থকা অধিকাৰসমূহ and select needs one.

Class 11 Political Science Chapter 2 ভাৰতীয় সংবিধানত থকা অধিকাৰসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 2 ভাৰতীয় সংবিধানত থকা অধিকাৰসমূহ Solutions for All Subject, You can practice these here.

ভাৰতীয় সংবিধানত থকা অধিকাৰসমূহ

পাঠ: ২

প্ৰথম খণ্ড

অতি চমু প্রশ্নৰ উত্তৰ দিয়া

১। অধিকাৰ মানে কি ? 

উত্তৰঃ সাধাৰণতঃ অধিকাৰ মানে কিছুমান বৈধ দাবী । 

২। মৌলিক অধিকাৰৰ অর্থ লিখা । 

উত্তৰঃ গণতান্ত্রিক ৰাষ্ট্ৰ এখনত বসবাস কৰা নাগৰিকসকলৰ স্বতন্ত্রতা ৰক্ষা আৰু প্রতিভা বিকাশৰ বাবে কিছুমান অধিকাৰ ভােগ কৰিব দিয়া অতিশয় প্রয়ােজন । এনেবােৰ অধিকাৰক সাধাৰণতে মৌলিক অধিকাৰ বােলা হয় । 

৩। ভাৰতীয় সংবিধানত কিমান বিধ মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ কৰা হৈছে । 

উত্তৰঃ বর্তমান ৬ টা মৌলিক অধিকাৰ বিষয়ে উল্লেখ কৰা হৈছে । 

৪। কোনটো অধিকাৰ মৌলিক অধিকাৰ তালিকাৰ পৰা উঠাই দিয়া হৈছে ? 

উত্তৰঃ সম্পত্তিৰ অধিকাৰ । 

৫। সংবিধানৰ কোনটো সংশোধনীয়ে নাগৰিকৰ বাবে মৌলিক কর্তব্য সংযােগ কৰিছে ? 

উত্তৰঃ ৪২ তম সংশােধনী ( ১৯৭৬ চন ) । 

৬। মৌলিক অধিকাৰৰ যিকোনাে এটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ মৌলিক অধিকাৰ সংবিধানব এক অপৰিহার্য অংগ ।

৭। মৌলিক অধিকাৰসমূহৰ যিকোনাে এটা সীমাবদ্ধতা লিখা । 

উত্তৰঃ ভাৰতবৰ্ষৰ নাগৰিকক সংবিধানে প্রদান কৰা মৌলিক অধিকাৰসমূহক কেন্দ্রীয় সংসদ সংবিধান সংশােধনৰ জৰিয়তে সীমাবদ্ধ কৰিব পাৰে । 

৮। ৰাষ্ট্ৰ পৰিচালনাৰ নির্দেশক নীতি বুলিলে কি বুজি পােৱা ? 

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানৰ চতুর্থ অধ্যায়ত নির্দেশাত্মক নীতি সন্নিৱিষ্ট কৰা হৈছে । এই নীতিবােৰ চতুর্থ অধ্যায়ত সন্নিৱিষ্ট কৰি চৰকাৰক সেইবােৰ পালন কৰিবৰ বাবে নির্দেশ দিয়ে । সংবিধানত নির্দেশাত্মক নীতি আন্তর্ভুক্তিৰ জৰিয়তে ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰিব বিচৰা হৈছে । 

৯। ভাৰতৰ সংবিধানত উল্লেখ থকা বর্তমান মৌলিক কর্তব্যৰ সংখ্যা কিমান ? 

উত্তৰঃ ১১ টা । 

১০। মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নির্দেশাত্মক নীতিৰ মাজত থকা যিকোনাে দুটা পার্থক্য লিখা । 

উত্তৰঃ ১। মৌলিক অধিকাৰ আৰু নির্দেশাত্মক নীতিৰ মাজত আটাইতকৈ তাৎপর্যপূর্ণ প্রভেদ এই যে মৌলিক অধিকাৰসমূহ বাদযােগ্য কিন্তু নির্দেশাত্মক নীতিসমূহ বাদযােগ্য নহয় ।

২। মৌলিক অধিকাৰে চৰকাৰী কাৰ্যৰ ওপৰত কিছুমান সীমাবদ্ধতা আৰােপ কৰিছে । কিন্তু নির্দেশাত্মক নীতিসমূহে চৰকাৰী দায়িত্বৰ পৰিসৰ বর্ধিত কৰিছে । 

১১। ভাৰতীয় সংবিধানৰ ১৯ নং অনুচ্ছেদত সন্নিৱিষ্ট কৰা দুটা অধিকাৰ উল্লেখ কৰা ।

উত্তৰঃ ১। সংস্থা বা সংঘ গঠনৰ তাধিকাৰ । 

২। নিৰস্ত্ৰ আৰু শান্তিপূর্ণভাৱে সমবেত হােৱাৰ অধিকাৰ । 

১২। দক্ষিণ আফ্রিকাৰ সংবিধানত অন্তর্ভুক্ত পাঁচটা অধিকাৰ উল্লেখ কৰা ।

উত্তৰঃ ১। মর্যাদাৰ অধিকাৰ ।

২। বাসস্থানৰ অধিকাৰ ।

৩। শিক্ষাৰ অধিকাৰ ।

৪। সামাজিক সুৰক্ষাৰ অধিকাৰ । আৰু 

৫। তথ্য জনাৰ অধিকাৰ ।

১৩। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়ােগৰ গঠন সম্পর্কে এটি চমু টোকা লিখা । 

উত্তৰঃ ১৯৯৩ চনৰ মানৱ অধিকাৰ সংৰক্ষণ আইন অনুসৰি ভাৰতবৰ্ষত এখন ৰাষ্ট্ৰীয় মানব অধিকাৰ আয়ােগ গঠন কৰা হৈছে । এই আয়ােগ গঠন কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ এজন ইয়াৰ অধ্যক্ষ হয় । উচ্চতম ন্যায়ালয়ৰ এজন কৰ্মৰত ন্যায়াধীশ বা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইয়াৰ সদস্য হ’ব । মানৱ অধিকাৰৰ ওপৰত জ্ঞান আৰু বাস্তৱ অভিজ্ঞতা থকা দুজন লােক ইয়াৰ সদস্য হ’ব । ৰাষ্ট্ৰীয় সংখ্যালঘু আয়ােগ আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আৰু জনজাতি আয়ােগ আৰু ৰাষ্ট্ৰীয় মহিলা আয়ােগৰ অধ্যক্ষ সকলাে ইয়াৰ সদস্য হ’ব । 

১৪। নির্দেশাত্মক নীতিসমূহ বাদযােগ্য নে ? 

উত্তৰঃ নির্দেশাত্মক নীতিসমূহ বাদযােগ্য নহয় । এই নীতিসমূহ চৰকাৰে কাৰ্যকৰী কৰিবলৈ বাধ্য নহয় । এই নীতিসমূহ অৱজ্ঞা কৰিলেও চৰকাৰৰ বিৰুদ্ধে কোনাে আইনগত ব্যবস্থা ল’ব পৰা নাযায় ।

ৰচনাধর্মী প্ৰশ্নত্তৰ

১। সংবিধানত সন্নিৱিষ্ট মৌলিক কর্তব্যসমূহৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ ( ক ) সংবিধান মানি চলা আৰু জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতৰ প্রতি সম্মান প্রদর্শন কৰা । 

( খ ) স্বাধীনতা লাভৰ বাবে চলােৱা জাতীয় আন্দোলনক অনুপ্রাণিত কৰা মহান আদর্শসমূহ পােষণ আৰু অনুসৰণ কৰা । 

( গ ) ভাৰতবৰ্ষৰ সার্বভৌমত্ব , ঐক্য আৰু অখণ্ডতা অক্ষুন্ন ৰখা আৰু ৰক্ষা কৰা । 

( ঘ ) দেশখনক ৰক্ষা কৰা , দেশমাতৃৰ আহ্বান ক্রমে জাতীয় সেৱা আগবঢ়োৱা । 

( ঙ ) ধর্মীয় , ভাষিক , আঞ্চলিক নাইবা সাম্প্রদায়িক অনৈক্য অতিক্রম কৰি সকলােৰে মাজত সমন্বয় আৰু ভাতৃত্বভাৱৰ সৃষ্টি কৰা , নাৰীৰ মর্যাদা হানি কৰা আচৰণ ত্যাগ কৰা । 

( চ ) আমাৰ মিশ্রিত সংস্কৃতিৰ মূল্যবান ঐতিহ্যৰ ওপৰত মূল্য আৰােপ কৰা আৰু তাৰ সংৰক্ষণ কৰা । 

( ছ ) হাবিবননি , হ্রদ , নদ – নদী আৰু বনৰীয়া জীৱ – জন্তুকে আদি কৰি প্রাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু উন্নতি সাধন কৰা তথা জীৱিত প্ৰাণীৰ প্রতি দয়া প্রদর্শন কৰা । 

( জ ) বৈজ্ঞানিক দৃষ্টিভঙ্গী , মতবাদ আৰু অনুসন্ধিৎসা তথা সংস্কাৰৰ মনােভাৱৰ বিকাশ সাধন কৰা । 

( ঝ ) ব্যক্তিগত আৰু সামূহিক সকলাে দিশৰ উৎকর্ষ সাধনৰ বাবে যত্নবান হােৱা ; যাতে ৰাষ্ট্ৰই ক্রমবর্ধমানভাৱে প্রগতি আৰু সফলতাৰ উচ্চতৰ পৰ্যায়ত আগুৱাই যায় । 

( ঞ ) অভিভাৱকসকলে তেওঁলােক ৬ বছৰৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলক শিক্ষা গ্ৰহণৰ সুযােগৰ ব্যৱস্থা কৰা ।

২। মৌলিক অধিকাৰৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ মৌলিক অধিকাৰক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰিব পাৰি । 

( ক ) সমতাৰ অধিকাৰ :- ( অনুচ্ছেদ ১৪-১৮ ) সমতাৰ অধিকাৰ ভাৰতবৰ্ষৰ ভৌগােলিক পৰিসীমাৰ ভিতৰত আইনৰ চকুত সমতা আৰু সমসুৰক্ষিত হােৱাকে বুজায় । 

( খ ) স্বাধীনতাৰ অধিকাৰ :- ( অনুচ্ছেদ ১৯-২২ ) স্বাধীনতাৰ অধিকাৰেই হ’ল নাগৰিকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অধিকাৰ । ব্যক্তি স্বাধীনতাৰ বাহক হিচাপে ১৯ নং অনুচ্ছেদত ভাৰতীয় নাগৰিকসকলৰ বাবে দুইপ্রকাৰৰ স্বাধীনতা অন্তর্ভুক্ত কৰা হৈছে । 

( গ ) শোষণৰ বিৰুদ্ধে অধিকাৰ :- ( অনুচ্ছেদ ২৩-২৪ ) প্রচলিত সমাজ ব্যৱস্থাৰ পৰা আর্থ সামাজিক বৈষম্য আৰু শােষণ দূৰ কৰাৰ উদ্দেশ্যেৰে ভাৰতীয় সংবিধানৰ ২৩ আৰু ২৪ নং অনুচ্ছেদত শােষণৰ বিৰুদ্ধে অধিকাৰ সংযােজন কৰা হৈছে । 

( ঘ ) ধর্মীয় স্বাধীনতাৰ অধিকাৰ :- ( অনুচ্ছেদ ২৫-২৮ ) ভাৰতীয় সংবিধানে সকলাে শ্ৰেণীৰ মানুহৰ বাবে শিক্ষা আৰু সংস্কৃতি যাতে ৰক্ষা কৰিব পাৰে সেই উদ্দেশ্যে সংবিধানৰ ২৯ আৰু ৩০ নং অনুচ্ছেদত শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ সংযােজিত কৰিছে । 

( ঙ ) সাংবিধানিক নিৰাময়ৰ অধিকাৰ :- ( অনুচ্ছেদ ৩২ ) ভাৰতীয় সংবিধানত অন্তর্ভুক্ত হােৱা অধিকাৰ সমূহক অধিক কার্যক্ষম কৰি তুলিবলৈ ভাৰতীয় নাগৰিকৰ বাবে সংবিধানৰ ৩২ নং অনুচ্ছেদত কিছুমান প্রতিকাৰমূলক ব্যৱস্থা সংযােজিত কৰা হৈছে । ইয়াকে সাংবিধানিক নিৰাময়ৰ অধিকাৰ বােলা হয় । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1সংবিধান: কিয় আৰু কেনেকৈ ?
Chapter 2ভাৰতীয় সংবিধানত থকা অধিকাৰ সমূহ
Chapter 3নির্বাচন আৰু প্রতিনিধিত্ব
Chapter 4সংবিধান: কার্যপালিকা
Chapter 5বিধানমণ্ডল
Chapter 6ন্যায়পালিকা
Chapter 7যুক্তৰাষ্ট্রবাদ
Chapter 8স্থানীয় চৰকাৰ
Chapter 9জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান
Chapter 10সংবিধানৰ দর্শন ।
Unit 2দ্বিতীয় খণ্ড
Chapter 1ৰাজনৈতিক তত্ব: এক চমু পৰিচয়
Chapter 2স্বাধীনতা
Chapter 3সমতা
Chapter 4সামাজিক ন্যায়
Chapter 5অধিকাৰ
Chapter 6নাগৰিকতা
Chapter 7জাতীয়তাবাদ
Chapter 8ধর্মনিৰপেক্ষতাবাদ
Chapter 9শান্তি
Chapter 10 উন্নয়ন

৩। ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ কেইটামান বৈশিষ্ট্য লিখা । 

উত্তৰঃ ১। নির্দেশাত্মক নীতিসমূহ হ’ল ৰাষ্ট্রৰ পক্ষে কিছুমান নির্দেশাৱলী । এই নীতিবােৰ সংবিধানত স্বীকৃত যদিও ৰাষ্ট্রক এই নীতিবােৰ মানি চলিবলৈ বাধ্য কৰিব নােৱাৰি । 

২। নির্দেশাত্মক নীতিসমূহ ন্যায়িক বিচাৰযােগ্য নহয় আৰু এনে নীতিসমূহ বলবৎ কৰাৰ কাৰণে আদালতৰ কাষ চাপিব নােৱাৰি । 

৩। নির্দেশাত্মক নীতিসমূহ ইতিবাচক হােৱা হেতুকে এবােৰে ৰাষ্ট্ৰৰ কর্ম পৰিধি আৰু ক্ষমতা বৃদ্ধি কৰিছে । 

৪। নির্দেশাত্মক নীতিৰ প্রধান লক্ষ্য হ’ল কল্যাণকামী ৰাষ্ট্র প্রতিষ্ঠা কৰা । 

৫। ৰাষ্ট্রৰ আর্থ – সামাজিক উন্নয়নৰ কাৰণে নির্দেশাত্মক নীতিসমূহ অপৰিহার্য । 

৪। ৰাষ্ট্র পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহৰ শ্রেণীবিভাগ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ( ক ) সমাজবাদী আৰু অর্থনৈতিক নীতি :- সংবিধান সমাজবাদী আৰু অর্থনৈতিক নীতিসমূহৰ প্রধান উদ্দেশ্য হ’ল ভাৰতবৰ্ষক কল্যাণকামী ৰাষ্ট্র হিচাপে প্রতিষ্ঠা কৰা । সংবিধান ৩৮ ( ১ ) নং অনুচ্ছেদত উল্লেখ আছে যে ৰাষ্ট্ৰই সামাজিক , আর্থিক আৰু ৰাজনৈতিক ন্যায় প্রতিষ্ঠাৰ জৰিয়তে সামাজিক কল্যাণ সাধন , মর্যাদা আৰু সম – সুযােগ সুবিধাৰ সৃষ্টি কৰিবলৈ চেষ্টা চলাব । গতিকে ৰাষ্ট্রৰ প্রধান লক্ষ্য হল ন্যায়ৰ ওপৰত প্রতিষ্ঠিত এক সামাজিক ব্যৱস্থাৰ প্রতিষ্ঠা কৰি জনকল্যাণ সাধন কৰা । 

( খ ) গান্ধীবাদী নীতি :- সংবিধানৰ ৪০ , ৪৩ , ৪৭ আৰু ৪৮ অনুচ্ছেদত সন্নিৱিষ্ট নীতিসমূহ মহাত্মা গান্ধীয়ে তেওঁৰ জীৱন কালত আদর্শ হিচাপে গ্ৰহণ কৰিছিল । ভাৰতীয় সংবিধান প্রণেতাসকলে মহাত্মা গান্ধীৰ সপােন বাস্তৱায়িত কৰাৰ উদ্দেশ্যে তেওঁৰ আদর্শ সমূহ ৰূপায়ণৰ ওপৰত গুৰুত্ব দিছিল ।

( গ ) আন্তঃৰাষ্ট্রীয় নীতি :- সংবিধানৰ ৫১ নং অনুচ্ছেদত অন্তর্ভুক্ত নীতিসমূহেই মূলতঃ অন্তঃৰাষ্ট্ৰীয় নীতি যিবােৰ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা আদিৰ লগত জড়িত । প্রধান আন্তঃৰাষ্ট্ৰীয় নীতিসমূহ হল –

( i ) আন্তৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰা 

( ii ) ৰাষ্ট্ৰসমূহৰ মাজত সৌহার্দপূর্ণ সম্পর্ক বজাই ৰখা 

( iii ) মধ্যস্থতাৰে আন্তর্জাতিক বিবাদসমূহ মীমাংসা কৰা ইত্যাদি । 

৫। নির্দেশাত্মক নীতি আৰু মৌলিক অধিকাৰৰ বিষয়ে থকা পার্থক্যসমূহৰ বিষয়ে আলােচনা কৰা ? 

উত্তৰঃ ১। মৌলিক অধিকাৰসমূহ নাগৰিকৰ উদ্দেশ্যে প্রদান কৰা হৈছে । আনহাতে নির্দেশাত্মক নীতিসমূহ ৰাষ্ট্ৰৰ উদ্দেশ্যে প্রতিষ্ঠা কৰা হৈছে । 

২। মৌলিক অধিকাৰসমূহ ব্যক্তিবাদী যিয়ে ব্যক্তিৰ জীৱনত সুখ দিব বিচাৰে । আনহাতে , নির্দেশাত্মক নীতিসমূহ সমাজতান্ত্রিক আৰু এইবােৰে সমাজত সমতা আৰু ন্যায় প্রতিষ্ঠা কৰিব বিচাৰে । 

৩। মৌলিক অধিকাৰসমূহ বলবৎযােগ্য । আনহাতে , নির্দেশাত্মক নীতিসমূহ আদালতৰ দ্বাৰা বলবৎযোগ্য নহয় । 

৪। মৌলিক অধিকাৰে ৰাজনৈতিক গণতন্ত্র প্রতিষ্ঠা কৰিব বিচাৰে । ইয়াৰ বিপৰীতে নির্দেশাত্মক নীতিয়ে সামাজিক আৰু অর্থনৈতিক গণতন্ত্র প্রতিষ্ঠা কৰিব বিচাৰে । 

৫। কিছুমান মৌলিক অধিকাৰ ইতিবাচক আৰু আন কিছুমান নেতিবাচক । আনহাতে নির্দেশাত্মক নীতিসমূহ ইতিবাচক চৰিত্ৰৰ নহয় ।

৬। মৌলিক অধিকাৰসমূহ অধিক নির্দিষ্ট আৰু বাস্তৱ , আনহাতে নির্দেশাত্মক নীতিসমূহ বহল পৰিধিৰ । 

৬। নির্দেশাত্মক নীতি আৰু মৌলিক অধিকাৰৰ বিষয়ে থকা পার্থক্যসমূহৰ বিষয়ে আলােচনা কৰা ? 

উত্তৰঃ ভাৰতবৰ্ষ সংবিধানৰ তৃতীয় অধ্যায়ত সন্নিবিষ্ট কৰা মৌলিক অধিকাৰসমূহ অধ্যয়ন কৰিলে উল্লেখ কৰা বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয় ।

( ক ) সংবিধানৰ অপৰিহার্য অংগ :- মৌলিক অধিকাৰসমূহ সংবিধানৰ অপৰিহার্য অংগ । এই অধিকাৰসমূহৰ সাধাৰণ আইন প্রণয়ন প্রক্রিয়াৰ পৰিবর্তন নাইবা নােহােৱা কৰিব পৰা নাযায় । মৌলিক অধিকাৰ সংশােধন কৰিবৰ বাবে সংসদে বিশেষ পদ্ধতি অৱলম্বন কৰিব লাগে । এই অধিকাৰবােৰ সংসদে আইন প্রণয়ন কৰিলে ন্যায়ালয়ে তেনে আইনক অসাৱ বিধানিক বুলি ঘােষণা কৰি নাকচ কৰিব পাৰে । 

( খ ) বাদযােগ্য :- ভাৰতৰ সংবিধানত সন্নিবিষ্ট মৌলিক অধিকাৰসমূহ বাদযােগ্য । ব্যক্তি , অনুষ্ঠান নাইবা চৰকাৰৰ কোনাে অংগই মৌলিক অধিকাৰৰ ওচৰত হস্তক্ষেপ কৰিব নােৱাৰে । 

( গ ) চৰম নহয় :- মৌলিক অধিকাৰ সীমাহীন নহয় । ৰাষ্ট্ৰই মৌলিক অধিকাৰসমূহৰ উপভােগত যুক্তিসংগত বাধা নিষেধ ’ আৰােপ কৰিব পাৰে । 

( ঘ ) মৌলিক অধিকাৰসমূহ কেৱল নাগৰিকসকলে ভােগ কৰে :-  ভাৰতবৰ্ষ সংবিধানত সন্নিবিষ্ট কৰা সকলােবােৰ মৌলিক অধিকাৰ ভাৰতীয় নাগৰিকসকলে জাতি , ধর্ম , বর্ণ , ভাষা , নির্বিশেষে ভােগ কৰিব পাৰে ।

7 thoughts on “Class 11 Political Science Chapter 2 ভাৰতীয় সংবিধানত থকা অধিকাৰসমূহ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top