Class 11 Political Science Chapter 20 উন্নয়ন

Class 11 Political Science Chapter 20 উন্নয়ন answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 20 উন্নয়ন and select needs one.

Class 11 Political Science Chapter 20 উন্নয়ন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 20 উন্নয়ন Solutions for All Subject, You can practice these here.

উন্নয়ন

পাঠ: ১০

দ্বিতীয় খণ্ড

অনুশীলনী

১। বিকাশ বুলিলে তুমি কি বুজা? বিকাশৰ এনে এটা সংজ্ঞাৰ দ্বাৰা সমাজৰ সকলো শ্ৰেণীৰ লোকে উপকৃত হ’বনে? 

উত্তৰঃ ‘বিকাশ’ শব্দটোৱে উন্নতি, প্রগতি, সুস্থতা আৰু উন্নত জীৱনৰ হাবিয়াসক বুজায়। এখন সমাজে বিকাশ সম্পর্কীয় নিজৰ ধাৰণাৰ দ্বাৰা সমাজৰ বাবে ইয়াৰ সামগ্রিক দৃষ্টি স্পষ্ট কৰে আৰু তাক লাভ কৰাৰ শ্রেষ্ঠ উপায় নিশ্চিত কৰে। অৱশ্যে সংকীর্ণ অর্থত বিকাশ শব্দটো প্ৰায়ে আর্থিক উন্নয়নৰ হাৰ বৃদ্ধি আৰু সমাজৰ আধুনীকিকৰণৰ দৰে সংকীর্ণ অর্থত ব্যৱহাৰ কৰা হয়। দুর্ভাগ্যজনকভাৱে বিকাশ প্রায়ে পূর্বনির্ধাৰিত লক্ষ্য পূৰণ অথবা বান্ধ, উদ্যোগ, হস্পিতাল আদিৰ দৰে প্রকল্পবোৰ সম্পূর্ণ কৰা আদিৰ সমাৰ্থকভাৱে ব্যৱহাৰ হয়। সমস্যাৰ ব্যাপক সৃষ্টি অনুসৰি বিকাশ কার্য নহয়। এই প্রক্রিয়াত সমাজৰ একাংশ লোক লাভবান হয়। অথচ আনসকলে নিজৰ ঘৰ, মাটি, জীৱন-শৈলী আদি কোনো ক্ষতিপূৰণ নোপোৱাকৈ হেৰুৱাবলগীয়া হয়।

বিকাশৰ বিভিন্ন স্তৰত জনসাধাৰণৰ অধিকাৰক সন্মান জনোৱা হৈছেনে, বা বিকাশৰ লাভ-লোকচানৰ সমবিতৰণ হৈছেনে, বা বিকাশৰ প্রাথমিক সম্বন্ধত গণতান্ত্রিক সিদ্ধান্ত লোৱা হৈছেনে- এনে ধৰণৰ বহুতো প্রশ্ন বিভিন্ন দেশত উত্থাপিত হৈছে। সেইবাবে বিকাশ যথেষ্ট বিতর্কিত বিষয় হৈ পৰিছে। বিভিন্ন দেশত গৃহীত বিকাশৰ প্রকল্পসমূহ বিতর্ক আৰু সমালোচনাৰ সন্মুখীন হৈছে আৰু বিকল্প আৰ্হি প্রস্তুত কৰা হৈছে। এনে পৰিস্থিতি বিকাশৰ ব্যাপক বুজাবুজিয়ে (understanding) এনে এক মানবিশিষ্ট ভূমিকা পালন কৰিব পাৰে। যাৰ দ্বাৰা এখন দেশৰ বিকাশৰ অভিজ্ঞতাৰ মূল্যাঙ্কন হ’ব পাৰে।

ৱেৰ্ডনাৰৰ মতে, ‘বিকাশ হ’ল জাতি গঠন, আর্থ-সামাজিক প্রগতি আৰু আধুনিকীকৰণৰ দিশত পৰিচালিত এক প্রক্রিয়া। বিকাশৰ এটা সংজ্ঞাৰ দ্বাৰা সমাজৰ সকলো শ্ৰেণীৰ লোকে উপকৃত হ’ব।

২। বেছিভাগ দেশতে বিকাশ যি ধৰণে কাৰ্যকৰী কৰা হয়, তাৰ কিছুমান সমাজিক আৰু পৰিপার্শ্বিক প্রতিক্রিয়া আলোচনা কৰা।

উত্তৰঃ বেছিভাগ দেশতে বিকাশ যি ধৰণে কাৰ্যকৰী কৰা হয়, তাৰ কিছুমান সমাজিক আৰু পৰিপার্শ্বিক প্রতিক্রিয়া আলোচনা কৰা হ’ল- বিকাশৰ ফলত বহুতো দেশত পৰিৱেশ ভয়ানকভাৱে বিঘ্নিত হৈছে আৰু কেৱল স্থানচ্যুত মানুহেই নহয় সমগ্র জনসাধাৰণে তাৰ কুফল ভোগ কৰিবলৈ আৰম্ভ কৰিছে। দক্ষিণ আৰু দক্ষিণ-পূর্ব এছিয়াৰ উপকূল-ভাগত অহা ‘ছুনামি’ৰ কাৰণ ‘মেনগ্র’ভছ’ (Mangroves- বিষুৱীয় অঞ্চলৰ জলাহ ঠাইত গজা এবিধ গছ) ধ্বংস আৰু সমুদ্রতীৰত বাণিজ্যিক কেন্দ্র গঢ়ি তোলাৰ ফলতে ক্ষতিৰ পৰিমাণ বেছি হৈছিল। 

তোমালোকে নিশ্চয় গোলকীয় উত্তাপ বৃদ্ধিৰ কথা পঢ়িতা। বায়ুমণ্ডলত ‘গ্রীনহাউছ গেছ’ৰ নিস্কাশনৰ কাৰণে আর্কটিক (Arctic) আৰু এন্টার্কটিকৰ (Antarctic) বৰফ গলিব ধৰিছে। ই বানপানী সৃষ্টি কৰিব পাৰে আৰু বাংলাদেশ আৰু মালদ্বীপপূঞ্জৰ (Maldives) দ এলেকাসমূহ সঁচাকৈয়ে জলমগ্ন কৰি তোলে। ভৱিষ্যতে পৰিপাৰ্শ্বিক সঙ্কটে আমাৰ সকলোৰে ওপৰত কু-প্ৰভাৱ পেলাব। বায়ু প্রদূষণ এনে এক সমস্যা, যি ধনী আৰু দুখীয়াৰ মাজত পাৰ্থক্য নাৰাখে। কিন্তু নিকট সময়ত বাছ-বিচাৰ নোহোৱাকৈ কৰা সম্পদৰ ব্যৱহাৰে অৱহেলিত লোকসকলক বেয়াকৈ ক্ষতিগ্রস্ত কৰিব। 

বনাঞ্চল ধ্বংসৰ ফলত খৰি, ঔষধীয় দ্রব্য বা খাদ্য হিচাপে বনজসম্পদ ব্যৱহাৰ কৰা দুখীয়া লোকসকলক বেছি প্ৰভাৱিত কৰে। নদী, পুখুৰী আদি শুকাই যোৱা আৰু ভূমিগত জলস্তৰ নিম্নগামী হোৱাৰ অর্থ হ’ল যে তিৰোতাসকল পানী আনিবলৈ আৰু দূৰলৈ খোজকাঢ়ি যাব লাগিব! আমি যি বিকাশৰ আৰ্হি অনুসৰণ কৰিছোঁ আমি যি বিকাশৰ আৰ্হি অনুসৰণ কৰিছোঁ সেই শক্তিৰ বৰ্ধিত ব্যৱহাৰৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। বিশ্বত উপলব্ধ শক্তিৰ অধিকাংশই কয়লা বা পেট্ৰ’লিয়ামৰ নিচিনা পুনৰ ব্যৱহাৰৰ অযোগ্য উৎসৰ পৰা আহে। উপভোক্তাসকলৰ ক্ৰমৱৰ্ধিত চাহিদা পূৰণ কৰিবৰ বাবে আমাজান বৰ্ষাৰণ্যৰ বিশাল ভূখণ্ড আজি নিৰ্বনানীকৰণ কৰা হৈছে। কেৱল উন্নত দেশসমূহেই নহয় পৃথিৱীৰ সকলোলোকক এটা উন্নত জীৱন শৈলী দিব পৰাকৈ পুনৰ ব্যৱহাৰ যোগ্য এনে সম্পদ আছে নে? এই সম্পকদসমূহৰ পৰিমিত প্রকৃতিলৈ চাই উত্তৰটো ‘নাই’ হ’ব। তেনেহ’লে নতুন পুৰুষসকলৰ ভৱিষ্যৎ কি হ’ব। তেনেহ’লে নতুন পুৰুষসকলৰ ভবিষ্যৎ কি হ’ব?

৩। বিকাশৰ প্রক্রিয়াই কি কি নতুন অধিকাৰৰ দাবী উত্থাপন কৰিছে?

উত্তৰঃ বিকাশৰ প্রক্রিয়া এই অধ্যায়ৰ প্ৰথম ভাগত এতিয়ালৈকে অনুসৰণ কৰা বিকাশৰ আৰ্হিৰ কিছুমান সীমাবদ্ধতা আলোচনা কৰা হৈছে। উন্নয়নমূলক নীতিৰ প্ৰভৃত পৰিমাণৰ মানৱীয় আৰু পাৰিপার্শ্বিক মূল্য আছে আৰু বিকাশৰ ব্যয় আৰু লাভ মানুহৰ মাজত অসমানভাৱে বিতৰণ কৰা হয়। তদুপৰি বেছিভাগ দেশতে বিকাশৰ কৌশলবোৰ ওপৰৰ পৰা তললৈ অর্থাৎ বিকাশৰ প্রাথমিকতা আৰু কৌশল নির্বাচন আৰু প্রকল্পৰ প্রকৃত প্রয়োগ সাধাৰণতে উচ্চ পর্যায়ৰ ৰাজনৈতিক নেতৃত্ব আৰু আমোলাতন্ত্রৰ দ্বাৰা নির্ধাৰণ কৰা হয়। যিবিলাক মানুহৰ জীৱন তাৎক্ষণিকভাৱে বিকাশ শীল যোজনাৰ দ্বাৰা প্রভাৱিত হয়।

তেওঁলোকৰ লগত কাচিৎহে আলোচনা কৰা হয়। তেওঁলোকৰ অভিজ্ঞতা আৰু শতিকাজোৰা জ্ঞানৰ সদ্ব্যৱহাৰ কৰা নহয়, বা তেওঁলোকৰ স্বাৰ্থৰ কথাও ভবা নহয়, এই কথা গণতান্ত্রিক বা একনায়কত্ববাদী সকলো চৰকাৰৰ ক্ষেত্ৰতে প্রয়োজ্য। এইদৰে বিকাশ পৰিয়োজনসমূহৰ পৰা উপকৃত হোৱা শাসকবর্গৰ দ্বাৰা প্রস্তুত আৰু প্ৰয়োগ কৰা হয়। ই যুক্তিসঙ্গত আৰু স্থায়ী বিকাশ সম্পর্কে বিকল্প ধৰণে ভাবিবলৈ আৰু আগবঢ়াৰ আৱশ্যকতাক কৰিছে। এই প্রক্রিয়াত অধিকাৰ, সমতা, স্বাখীনতা, ন্যায়, গণতন্ত্র আদি সকলোবোৰ বিষয় উত্থাপন কৰা হৈছে। এই শাখাত আমি এই ধাৰণাবোৰৰ বিকাশ সম্পর্কীয় বিতর্কত কেনেকৈ নতুন অর্থ চামিল হৈছে।

৪। সাধাৰণ হিতৰ উন্নতিৰ বাবে বিকাশ সম্বন্ধীয় সিদ্ধান্ত গ্রহণ কৰাটো সুনিশ্চিত কৰিবলৈ অন্য প্রকাৰ চৰকাৰতকৈ গণতান্ত্রিক চৰকাৰৰ কি কি সুবিধা আছে? 

উত্তৰঃ গণতান্ত্রিক চৰকাৰৰ সুবিধাসমূহ হ’ল-

১। গণতন্ত্র যুক্তিৰে পৰিচালিত চৰকাৰ হােৱাৰ বাবে ইয়াৰ ত্রুটি কম। 

২। গণতান্ত্রিক চৰকাৰ জনমতৰ দ্বাৰা পৰিচালিত চৰকাৰ, ই সকলােৰে কল্যাণ সাধন কৰে।

৩। গণতন্ত্রত স্বেচ্ছাচাৰী শাসন স্থায়ীভাৱে চলিব নােৱাৰে। 

৪। গণতান্ত্রিক চৰকাৰত বিপ্লৱৰ সম্ভাৱনা কম। 

৫। বিকাশৰ দ্বাৰা হ’ব পৰা সামাজিক আৰু পাৰিপার্শ্বিক ক্ষতিৰ প্রতি চৰকাৰৰ দৃষ্টি আকর্ষণ কৰিবলৈ জনপ্রিয় সংঘর্ষ কিমান সফল হৈছে বুলি তুমি ভাবা? উদাহৰণৰ সৈতে আলোচনা কৰা।

উত্তৰঃ বিকাশৰ দ্বাৰা হ’ব পৰা সামাজিক আৰু পাৰিপার্শ্বিক ক্ষতিৰ প্রতি চৰকাৰৰ দৃষ্টি আকর্ষণ কৰিবলৈ জনপ্রিয় সংঘর্ষঃ বিকাশৰ ফলত বহুতো দেশত পৰিৱেশ ভয়ানকভাৱে বিঘ্নিত হৈছে আৰু কেৱল স্থানচ্যুত মানুহেই নহয় সমগ্র জনসাধাৰণে তাৰ কুফল ভোগ কৰিবলৈ আৰম্ভ কৰিছে। দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ উপকূল-ভাগত অহা ‘জুনামি’ৰ কাৰণ ‘মেনগ্র ‘ভছ’ (Mangroves- বিষুৱীয় অঞ্চলৰ জলাহ ঠাইত গজা এবিধ গছ) ধ্বংস আৰু সমুদ্রতীৰত বাণিজ্যিক কেন্দ্ৰ গঢ়ি তোলাৰ ফলতে ক্ষতিৰ পৰিমাণ বেছি হৈছিল। 

বায়ুমণ্ডলত ‘গ্রীনহাউছ গেছ’ৰ নিস্কাশনৰ কাৰণে আর্কটিক (Arctic) আৰু এন্টার্কটিকৰ (Antarctic) বৰফ গলিব ধৰিছে। ই বানপানী সৃষ্টি কৰিব পাৰে আৰু বাংলাদেশ আৰু মালদ্বীপপূঞ্জৰ (Maldives) দ এলেকাসমূহ সঁচাকৈয়ে জলমগ্ন কৰি তোলে।

ভৱিষ্যতে পৰিপাৰ্শ্বিক সঙ্কটে আমাৰ সকলোৰে ওপৰত কু-প্ৰভাৱ পেলাব। বায়ু প্রদূষণ এনে এক সমস্যা, যি ধনী আৰু দুখীয়াৰ মাজত পার্থক্য নাৰাখে। কিন্তু নিকট সময়ত বাছ-বিচাৰ নোহোৱাকৈ কৰা সম্পদৰ ব্যৱহাৰে অৱহেলিত লোকসকলক বেয়াকৈ ক্ষতিগ্রস্ত কৰিব। বনাঞ্চল ধ্বংসৰ ফলত খৰি, ঔষধীয় দ্রব্য বা খাদ্য হিচাপে বনজসম্পদ ব্যৱহাৰ কৰা দুখীয়া লোকসকলক বেছি প্ৰভাৱিত কৰে। নদী, পুখুৰী আদি শুকাই যোৱা আৰু ভূমিগত জলস্তৰ নিম্নগামী হোৱাৰ অৰ্থ হ’ল যে তিৰোতাসকল পানী আনিবলৈ আৰু দূৰলৈ খোজকাঢ়ি যাব লাগিব!

সামাজিক স্তৰতো এই ধৰণৰ বিকাশৰ বহু কু-প্ৰভাৱ পৰিছে। বৃহৎ বান্ধ নির্মাণ, ঔদ্যোগিক কাম-কাজ আৰু খনিবিষয়ক কাম-কাজ বা অন্যান্য প্ৰকল্পৰ দ্বাৰা বহুতো লোকে নিজৰ ঘৰ আৰু এলেকাৰ পৰা স্থানচ্যুত হৈছে। 

স্থানান্তৰকৰণে জীৱিকাৰ পৰা বঞ্চিত কৰে; দৰিদ্ৰতা বৃদ্ধি কৰে। গাঁৱলীয়া কৃষক সমাজক তেওঁলোকৰ পৰম্পৰাগত জীবিকা আৰু বাসস্থলীৰ পৰা স্থানান্তৰ কৰা হ’লে তেওঁলোক সমাজত গুৰুত্বহীন হৈ পৰে। ফলত নগৰ আৰু গাঁৱত দৰিদ্ৰ লোকৰ সংখ্যা বহুগুণ বৃদ্ধি পায়। তেওঁলোকে বহু বছৰ ধৰি অর্জন কৰা পৰম্পৰাগতভাবে কাৰিকৰী জ্ঞান হেৰুৱাব লগীয়া হ’ব পাৰে। 

পুনৰ সংস্থাপিত জনসাধাৰণ সমগ্র সামূহিক জীৱন হেৰুওৱাৰ ফলত সংস্কৃতিকভাবে ক্ষতিগ্রস্ত হয়। এনে ধৰণৰ স্থানান্তৰকৰণে বহু দেশত সংঘৰ্ষৰ জন্ম দিছে। স্থানচ্যুত লোকসকলে তেওঁলোকৰ দুর্ভাগ্যক সদায়েই সহ্য কৰা দেখা নাযায়। তোমালোকে বোধকৰো ‘নর্মদা বচাও আন্দোলন’ৰ কথা শুনিছা। ই হৈছে নর্মদা নদীৰ ওপৰত চৰ্দাৰ সৰোবৰ বান্ধ নিৰ্মাণৰ বিৰুদ্ধে বহু বছৰ ধৰি চলি থকা এক আন্দোলন। এই বৃহৎ বান্ধৰ সমৰ্থকসকলৰ মতে ই বিজুলী উৎপাদন কৰিব, বৃহৎ এলেকাত জলসিঞ্চনৰ সুবিধা কৰিব আৰু কচ্চ আৰু সৌৰাষ্ট্ৰৰ মৰুভূমি এলেকাত খোৱাপানীও যোগান ধৰিব। 

ইয়াৰ বিৰোধীসকলে এই দাবীবোৰ খণ্ডন কৰিছে। তেওঁলোকে দাবী কৰিছে যে ইয়াৰ দ্বাৰা প্রায় ১ নিযুত মানুহ স্থানচ্যুত হৈছে। তেওঁলোক বন্যা বা নিৰ্মাণ কাৰ্যৰ ফলত ভূমিহীন হৈছে আৰু ফলত জীবিকাও হেৰুৱাব হৈছে। ইয়াৰ বেছিভাগেই জনজাতি আৰু দলিত সম্প্রদায়ৰ লোক আৰু দেশৰ বঞ্চিত গোটৰ অন্তর্ভুক্ত। কিছুসংখ্যক লোকে আনকি যুক্তি দর্শায় যে এই বান্ধে বৃহৎ বনভূমি জলমগ্ন কৰি প্রাকৃতিক ভাৰসাম্যও বিনষ্ট কৰিব।

তোমালোকে প্রায়ে প্রদূষণ, Waste management sustainable development, দুষ্প্রাপ্য প্রাণী সংৰক্ষণ আৰু গোলকীয় উত্তাপ আদিৰ কথা শুনি আহিছা। এইবোৰ প্ৰকৃতিক সম্পদ আৰু eco-sys- tem সুৰক্ষা দিবলৈ কৰা পাৰিপার্শ্বিক আন্দোলনৰ buzz words পৰিৱেশ সংৰক্ষণকাৰীসকলে কয় যে নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণ কৰিবলৈ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট নকৰি মানুহে পৰিৱেশ ব্যৱস্থাৰ লগত তাল মিলাই চলিবলৈ শিকা উচিত। তেওঁলোকে বিশ্বাস কৰে যে মানৱ জাতিয়ে প্রাকৃতিক সম্পদসমূহ এনে ধৰণে ব্যৱহাৰ আৰু ধ্বংস কৰিছে যে আমি বিষাক্ত নদী আৰু দূষিত বায়ুয়ে বিক্ত কৰা এখন পৃথিৱীহে উত্তৰপুৰুষলৈ থৈ যাম। 

১৯ শতিকাত ঔদ্যোগীকৰণৰ বিৰুদ্ধে ঘোষণা কৰা বিদ্রোহকে পাৰিপার্শ্বিক আন্দোলনৰ আৰম্ভণি বুলি ক’ব পাৰি। বৰ্তমান পাৰিপার্শ্বিক আন্দোলন হাজাৰ হাজাৰ বেচৰকাৰী গোট আৰু আনকি কিছুমান ‘সেউজীয়া’ ৰাজনৈতিক দলকে ধৰি সকলোৰে এক বিশ্ব জোৰা ধাৰণা হৈ পৰিছে। কিছুমান বিখ্যাত পৰিৱেশবাদী গোট হ’ল Green peace আৰু the World Wildlife Fund হিমালয়ৰ অৰণ্য ৰক্ষাৰ বাবে গঢ়ি উঠা Chipko movement আমি দেখিবলৈ পাওঁ। এনেকুৱা দলবোৰে চৰকাৰক তেওঁলোকৰ ঔদ্যোগিক আৰু উন্নয়নমূলক নীতিসমূহ পৰিপাৰ্শ্বিক লক্ষ্য আগত ৰাখি শুধৰাই ল’বলৈ হেঁচা দিবলৈ চেষ্টা কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top