Class 11 Political Science Chapter 20 উন্নয়ন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 20 উন্নয়ন and select needs one.
Class 11 Political Science Chapter 20 উন্নয়ন
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 20 উন্নয়ন Solutions for All Subject, You can practice these here…
উন্নয়ন
পাঠ: ১০
দ্বিতীয় খণ্ড
অতি চমু প্রশ্নৰ উত্তৰ দিয়া
১। উন্নয়ন কাক বােলে ?
উত্তৰঃ বহল অর্থত উন্নয়ন মানে বৃদ্ধি , প্রগতি , সর্বদিশত কল্যাণ আৰু উন্নত জীৱনৰ কামনাৰ কথা বুজায় ।
২। উন্নয়নৰ যিকোনাে এটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ উন্নয়ন একদিশীয় নহয় , ই বহুদিশীয় প্রক্রিয়া ।
৩। উন্নয়নৰ যিকোনাে এটা আদৰ্শৰ বিষয়ে লিখা ।
উত্তৰঃ বজাৰৰ মাধ্যমেৰে উন্নয়নৰ পােষকতা কৰিব পাৰি ।
৪। মানৱ উন্নয়নৰ সূচাংক কি ?
উত্তৰঃ বিভিন্ন সামাজিক নির্ণায়কৰ প্ৰদৰ্শনৰ ভিত্তিত দেশসমূহক ভাগ কৰা প্ৰক্ৰিয়াটোক মানৱ উন্নয়ন সূচাংক বুলি কোৱা হয় ।
৫। অর্থনৈতিক উন্নয়ন কি ?
উত্তৰঃ দেশৰ প্রাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ মাধ্যমেৰে উৎপাদন ব্যৱস্থাৰ আমূল পৰিৱর্তন সাধন কৰি জীৱন ধাৰণৰ সাধাৰণ মানদণ্ড উন্নত কৰাকে অর্থনৈতিক উন্নয়ন বােলে ।
৬। অর্থনৈতিক পৰিকল্পনা কি ?
উত্তৰঃ ৰাষ্ট্ৰৰ দ্বাৰা নিৰ্ধাৰিত নীতি অনুযায়ী অর্থনৈতিক কার্যকলাপ নিয়ন্ত্রণ কৰি জীৱন নির্বাহৰ মান উন্নয়নৰ কাৰণে যি সুনির্দিষ্ট পৰিকল্পনা হাতত লােৱা হয় তাকেই অর্থনৈতিক পৰিকল্পনা বােলে ।
৭৷ ভাৰতৰ পৰিকল্পনা আয়ােগ কোন চনত গঠন কৰা হৈছিল ?
উত্তৰঃ ১৯৫১ চনত ।
৮। বিকাশৰ এটা প্রত্যাহ্বান উল্লেখ কৰা ।
উত্তৰঃ নিৰক্ষতা ।
৯। উন্নয়নৰ এটা কু প্রভাৱ উল্লেখ কৰা ।
উত্তৰঃ গ্রীণ হাউচ গেছ নির্মাণ ।
১০। সম্পদৰ সংৰক্ষণ বুলিলে কি বুজা ?
উত্তৰঃ প্রকৃতিৰ সম্পদৰাজি সুপৰিকল্পিত ব্যৱহাৰ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থাকে মানৱ সম্পদ সংৰক্ষণ বুলি কোৱা হয় ।
তলত দিয়াবােৰৰ উত্তৰ দিয়া:
১। উন্নয়নৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ ১। উন্নয়নে বিকাশ বুজায় :- উন্নয়নৰ অৰ্থবিকাশ অর্থাৎ অগ্রগতি বা প্রগতি স্থবিৰতা বা পশ্চাৎগমন বিকাশৰ পৰিপন্থী বা বিপৰীত কথা অগ্রগতিয়ে পৰিৱৰ্তন বুজায় ।
২। উন্নয়ন এটা গতিশীল ধাৰণা :- উর্ধ্বমুখী গতিশীলতা মানে বিকাশ বা উন্নয়ন গতিহীনতা স্থবিৰতাৰ কাৰণ ।
৩। প্রযুক্তিবিদ্যাৰ সৈতে ওতঃপ্রােত সম্পর্ক :- আধুনিক যুগত জনবহুলতাই সকলাে দেশতে সকলাে প্ৰকাৰৰ পণ্যৰ তাৎপর্যপূর্ণ পৰিমাণ বৃদ্ধি । অতিদ্রুত যােগাযােগ আৰু যাতায়ত ব্যৱস্থা , ৰপ্তানিৰ পৰিমাণ বৃদ্ধি আদিৰ প্ৰয়ােজনীয়তা সৃষ্টি কৰিছে ।
৪। আধুনিকীকৰণ বা পাশ্চাত্যকৰণ :- প্রযুক্তিবিদ্যা বৈজ্ঞানিক চিন্তাৰ ফচল । ৰেলগাড়ী , উৰাজাহাজ , দূৰদৰ্শন আদি প্রযুক্তিবিদ্যাৰ উন্নতি তথা বৈজ্ঞানিক গৱেষণা আৰু পৰীক্ষা – নিৰীক্ষাৰ বাবেহে সম্ভৱপৰ হৈছে । এনেবােৰ বস্তুৰ ব্যৱহাৰ অবিহনে কোনােৱে আধুনিক জীৱন – যাপন কৰা বুলি দাবী কৰিব নােৱাৰে ।
উন্নয়ন এবিধ বহুমাত্রিক প্রক্রিয়াঃ কেৱল অর্থনৈতিক উন্নয়ন বুলি ভুল কৰি বহুতে উন্নয়নক এবিধ একমাত্রিক প্রক্রিয়া বুলি ধাৰণা কৰা হয় ।
Sl. No. | সূচী-পত্ৰ |
Unit 1 | প্ৰথম খণ্ড |
Chapter 1 | সংবিধান: কিয় আৰু কেনেকৈ ? |
Chapter 2 | ভাৰতীয় সংবিধানত থকা অধিকাৰ সমূহ |
Chapter 3 | নির্বাচন আৰু প্রতিনিধিত্ব |
Chapter 4 | সংবিধান: কার্যপালিকা |
Chapter 5 | বিধানমণ্ডল |
Chapter 6 | ন্যায়পালিকা |
Chapter 7 | যুক্তৰাষ্ট্রবাদ |
Chapter 8 | স্থানীয় চৰকাৰ |
Chapter 9 | জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান |
Chapter 10 | সংবিধানৰ দর্শন । |
Unit 2 | দ্বিতীয় খণ্ড |
Chapter 1 | ৰাজনৈতিক তত্ব: এক চমু পৰিচয় |
Chapter 2 | স্বাধীনতা |
Chapter 3 | সমতা |
Chapter 4 | সামাজিক ন্যায় |
Chapter 5 | অধিকাৰ |
Chapter 6 | নাগৰিকতা |
Chapter 7 | জাতীয়তাবাদ |
Chapter 8 | ধর্মনিৰপেক্ষতাবাদ |
Chapter 9 | শান্তি |
Chapter 10 | উন্নয়ন |
২। পৰিবেশবাদৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ পৰিবেশবাদ এটা ৰাজনৈতিক মতবাদ নহয় । এইটো হৈছে পৃথিৱীখন বাসােপযােগী কৰি ৰখাৰ বাবে এটা চিন্তাধাৰা । ব্যৱহাৰিক ক্ষেত্ৰত সেই দিশত চলােৱা প্ৰচেষ্টাক আন্দোলন বুলিব পাৰি । মাটি , পানী , বায়ুৰ প্ৰদূষণৰ ফলত হ’ব পৰা ধ্বংসৰ গৰাহৰ পৰা বিশ্ববাসীক ৰক্ষা কৰাটো পৰিৱেশবাদৰ মূল কৰণীয় ত প্ৰদূষণৰ কাৰক হিচাপে জধে – মধে কল – কাৰখানা স্থাপন , সঘন আণৱিক পৰীক্ষা অনুমােদনৰ অযােগ্য উন্নয়নমূলক প্রকল্প ৰূপায়ণ আদিৰ বিপক্ষে সমাজত বহুচর্চিত ব্যঞ্জনাবােৰৰ বিষয়ে আলােচনা কৰা শুনা যায় । প্রাকৃতিক সম্পদবােৰৰ অপৰিকল্পিত ব্যৱহাৰৰ ফলত যাতে ভৱিষ্যত প্রজন্মই এখন অনুর্বৰ সম্পদবিহীন পৃথিৱী উত্তৰাধিকাৰসূত্রে লাভ কৰিবলগীয়া নহয় , সেইটো নিশ্চিত কৰাটো ইয়াৰ আন এটা লক্ষ্য ।
উনবিংশ শতিকাত উদ্যোগীকৰণৰ বিৰােধিতাকাৰী বিপ্লৱৰ দ্বাৰা পৰিৱেশবাদৰ আৰম্ভণি হৈছিল । বর্তমান ই এটা বিশ্বজনীন আন্দোলনলৈ ৰূপান্তৰিত হৈছে । সেই কামত সহায়ৰ হাত আগবঢ়াবলৈ ভালেমান অনাচৰকাৰী সংস্থাও আগবাঢ়ি অহা দেখা গৈছে । ভাৰতৰ চিপকো আন্দোলন পৰিৱেশবাদৰ সমর্থনকাৰী পদক্ষেপৰ উদাহৰণ ।
৩। চিপকো আন্দোলনৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ হিমালয়ৰ বনাঞ্চল সংৰক্ষণৰ বাবে চলােৱা চিন্তা – চৰ্চা প্রচেষ্টা , চৰকাৰৰ ওচৰত দাবী উত্থাপন আৰু চৰকাৰৰ ওপৰত হেঁচা প্রয়ােগ চিপকো আন্দোলনৰ মূল উদ্দেশ্য । এই আন্দোলনৰ জৰিয়তে প্রাকৃতিক সম্পদৰ ব্যৱহাৰত সংযমী হােৱাৰ বাবে আহ্বান জনােৱা হৈছে । চৰকাৰে আইন প্রণয়নৰ জৰিয়তে সেই দিশত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিলে সেই দিশত বহু অগ্রগতি লাভ কৰিব পৰা যাব বুলি আশা কৰিব পাৰি ।
৪। উন্নয়নৰ দুটা প্রতিবন্ধকতা ব্যাখ্যা কৰা ।
উত্তৰঃ ( ক ) যদি এখন দেশৰ উন্নয়নৰ অর্থে ব্যৱহাৰ কৰিব পৰা সম্পদৰ অভাৱ হয় , তেতিয়া স্বাভাৱিকতেই অগ্ৰসৰ হৈ থাকে । বহু ক্ষেত্ৰত সমাজৰ প্ৰাচুৰ্য্য স্বত্ব , প্রাকৃতিক সম্পদৰ উদ্ঘাটন আৰু ব্যৱহাৰৰ হাৰ বৃদ্ধিৰ ক্ষেত্ৰত ব্যর্থতাৰ ফলস্বৰূপে অনুন্নত দেশবােৰৰ অৱস্থা অনুন্নত হৈ থাকে ।
( খ ) দেশৰ সীমিত সম্পদৰ ওপৰত বর্ধিত জনসংখ্যাৰ হেঁচাৰ কাৰণে অনুন্নত দেশৰ অর্থনৈতিক উন্নয়ন প্রক্রিয়া বাধাগ্রস্ত হৈ পৰিছে ।
৫। মানৱ সম্পদ বুলিলে কি বুজা ? দেশৰ অর্থনৈতিক উন্নয়ন মানৱ সম্পদৰ ভূমিকা কি ? মানৱ সম্পদ বিকাশৰ উপায়সমূহ উল্লেখ কৰা ।
উত্তৰঃ মানৱ সম্পদ বুলিলে দেশৰ উৎপাদন ক্ষমতাত বৰঙণি যােগােৱাৰ সামর্থ্য থকা আৰু সম্ভাৱনা থকা সমূহ জনশক্তিক বুজোৱা হয় ।
মানৱ সমাজে দেশৰ বিকাশত দুই ধৰণে অৰিহণা যােগায় । এবাৰ গ্রাহক বা ভােক্তাৰ ৰূপত , আনবাৰ উৎপাদনৰ উপাদান বা শ্ৰমিকৰ ৰূপত।বর্ধিত জনসংখ্যাই দেশৰ উৎপাদিত দ্রব্য আৰু সেৱা কাৰ্যক ভােক্তাৰ ৰূপত সেইবােৰৰ চাহিদাৰ সৃষ্টি কৰে । বর্ধিত চাহিদাৰ বাবে অধিক উৎপাদনৰ প্রয়ােজন হয় । উৎপাদন প্রক্রিয়াত জনসংখ্যাই শ্ৰমিকৰ ৰূপত উৎপাদনৰ উপাদানৰ ভূমিকা পালন কৰে ।
দেশৰ জনসংখ্যাক মানৱ সম্পদৰ ৰূপত আর্থ – সামাজিক ক্ষেত্রত অৰিহণা যােগাব পৰাকৈ উপযুক্ত শিক্ষা আৰু প্রশিক্ষণ দিয়াৰ ব্যৱস্থা জনসংখ্যা শিক্ষা আঁচনিত অন্তর্ভুক্ত কৰিব লাগে । উন্নত কাৰিকৰী কৌশল আৰু প্ৰযুক্তিবিদ্যাৰ ভয়ান প্রদান জৰিয়তে জনসংখ্যাৰ গুণগত মান আৰু উৎপাদন ক্ষমতা বৃদ্ধিৰ ব্যৱস্থা কৰিব লাগে ।
৬। গ্রীণ পিচ ইন্টাৰনেচনেলৰ মূল লক্ষ্যবােৰ কি কি ?
উত্তৰঃ ( ক ) পৃথিৱীৰ জীৱমণ্ডল সংৰক্ষণ কৰা আৰু সম্ভৱ হ’লে আগৰ অৱস্থালৈ ঘূৰাই অনা ।
( খ ) যি স্থানত পৰিৱেশ ক্ষতিকাৰক কাম চলে তাত সেই কামৰ বিৰােধিতা কৰা আৰু শান্তিপূর্ণ আন্দোলন গঢ়ি তােলা ।
( গ ) পৰিৱেশ ধ্বংসকাৰী পাৰমাণৱিক পৰীক্ষাবােৰ বন্ধ কৰা ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.