Class 11 Political Science Chapter 3 নির্বাচন আৰু প্রতিনিধিত্ব

Class 11 Political Science Chapter 3 নির্বাচন আৰু প্রতিনিধিত্ব The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 3 নির্বাচন আৰু প্রতিনিধিত্ব and select needs one.

Class 11 Political Science Chapter 3 নির্বাচন আৰু প্রতিনিধিত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 3 নির্বাচন আৰু প্রতিনিধিত্ব Solutions for All Subject, You can practice these here.

নির্বাচন আৰু প্রতিনিধিত্ব

পাঠ: ৩

প্ৰথম খণ্ড

অতি চমু প্রশ্নৰ উত্তৰ দিয়া

১। নির্বাচন মানে কি ? 

উত্তৰঃ ৰাষ্ট্ৰ এখনত যি প্রক্রিয়াৰে নির্বাচকবৰ্গৰ দ্বাৰা তেওঁলােকৰ মাজৰ নাইবা বাহিৰৰ পৰা কোনাে ব্যক্তি বা ব্যক্তিৰ সমষ্টিক গৰিষ্ঠ সমর্থকৰ ভিত্তিত বাছি উলিওৱা হয় , সেই প্রক্রিয়াটোকে নির্বাচন বােলা হয় । 

২। গণিতন্ত্র মানে কি ? 

উত্তৰঃ গণতন্ত্র জনসাধাৰণৰ হাতত চৰকাৰৰ সমস্ত ক্ষমতা প্রযােজক কর্তৃত্ব আৰােপ কৰা হয় । 

৩। গণতন্ত্রৰ প্ৰকাৰ কেইটা আৰু কি কি ? 

উত্তৰঃ গণতন্ত্র দুই প্রকাৰৰ । যেনে –

(i) প্রত্যক্ষ গণতন্ত্র ।আৰু 

(ii) পৰােক্ষ গণতন্ত্র । 

৪। সমানুপাতিক প্রতিনিধিত্ব পদ্ধতি বুলিলে কি বুজি পােৱা ? 

উত্তৰঃ ৰাজনৈতিক দলসমূহে নির্বাচনৰ পূৰ্বতে অগ্রাধিকাৰ ভিত্তিত প্রস্তুত কৰা তালিকাৰ পৰা আসনসমূহ পূৰণ কৰে । এনেদৰে অনুষ্ঠিত কৰা নির্বাচনক সমানুপাতিক প্রতিনিধিত্ব পদ্ধতি বােলা হয় ।

৫। ভাৰতবৰ্ষত কি ধৰণৰ নির্বাচন পদ্ধতি অনুসৰণ কৰা দেখা যায় ? 

উত্তৰঃ ভাৰতবৰ্ষত সাধাৰণতে দুটা নির্বাচন পদ্ধতি অনুসৰণ কৰা হয় । এই পদ্ধতি দুটা হ’ল – 

( ক ) প্রথম চেৰাই যােৱা পদ প্রথা । আৰু 

( খ ) সমানুপাতিক প্রতিনিধিত্ব পদ্ধতি । 

৬। সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ মানে কি বুজা ? ভাৰতৰ ভােটাৰ এজনৰ নিম্নতম বয়স কিমান ? 

উত্তৰঃ যি পদ্ধতিত জাতি , ধর্ম , বর্ণ , ভাষা নির্বিশেষে প্রাপ্তবয়স্ক সকলাে পুৰুষ – মহিলাই ভােটাধিকাৰ সাব্যস্ত কৰিবলৈ অধিকাৰ পায় , সেই পদ্ধতিকে সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ বোলে । ভাৰতৰ ভােটাৰ এজনৰ নিম্নতম বয়স ১৮ বছৰ । 

৭। প্রতিনিধিত্বৰ চাৰিটা প্ৰকাৰৰ বর্ণনা দিয়া । 

উত্তৰঃ প্রতিনিধিত্বৰ চাৰিটা প্ৰকাৰ হ’ল – 

( i ) সমষ্টিগত প্রতিনিধিত্ব :- সমষ্টিগত প্রতিনিধিত্ব অনুসৰি প্ৰতিজন প্রতিনিধিয়ে একোটা সমষ্টি বা ভৌগোলিক এলেকাক প্রতিনিধিত্ব করে । 

( ii ) ব্যক্তিগত প্রতিনিধি :- ব্যক্তিগত প্রতিনিধিত্ব অনুসৰি প্রত্যেকটো বৃত্তিৰ লােকে নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে তেওঁলােকৰ মাজৰ পৰা প্রতিনিধি পঠাব পাৰে । 

( iii ) সংখ্যালঘু প্রতিনিধি :- এইবিধ প্রতিনিধিত্ব অনুসৰি সংখ্যালঘু সম্প্রদায়ৰ লােকে তেওঁলােক প্রতিনিধি বিধানমণ্ডলে নির্বাচিত কৰিব পাৰে । 

( iv ) আনুপাতিক প্রতিনিধিত্ব :- এইবিধ প্রতিনিধিত্ব অনুসৰি সকলাে শ্ৰেণীৰ লােকে নিজৰ নিজৰ জনসংখ্যা অনুপাতে প্রতিনিধি পঠাব পাৰে । 

৮। প্রত্যক্ষ আৰু পৰােক্ষ নির্বাচন পদ্ধতি কি ? ব্যাখ্যা কৰা । 

উত্তৰঃ যি নির্বাচন ব্যৱস্থাত ভােটাধিকাৰসকলে  পােনপটীয়াভাৱে তেওঁলােকৰ প্রতিনিধি ভােট দি নির্বাচন কৰিব পাৰে সেই পদ্ধতিক প্রত্যক্ষ নির্বাচন বােলা হয় । আৰু যি নির্বাচন পদ্ধতিত ভােটাৰ সকলে তেওঁলােকৰ প্রতিনিধি পৰােক্ষভাৱে নির্বাচন কৰে সেই পদ্ধতিক পৰোক্ষ নির্বাচন বােলে । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1সংবিধান: কিয় আৰু কেনেকৈ ?
Chapter 2ভাৰতীয় সংবিধানত থকা অধিকাৰ সমূহ
Chapter 3নির্বাচন আৰু প্রতিনিধিত্ব
Chapter 4সংবিধান: কার্যপালিকা
Chapter 5বিধানমণ্ডল
Chapter 6ন্যায়পালিকা
Chapter 7যুক্তৰাষ্ট্রবাদ
Chapter 8স্থানীয় চৰকাৰ
Chapter 9জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান
Chapter 10সংবিধানৰ দর্শন ।
Unit 2দ্বিতীয় খণ্ড
Chapter 1ৰাজনৈতিক তত্ব: এক চমু পৰিচয়
Chapter 2স্বাধীনতা
Chapter 3সমতা
Chapter 4সামাজিক ন্যায়
Chapter 5অধিকাৰ
Chapter 6নাগৰিকতা
Chapter 7জাতীয়তাবাদ
Chapter 8ধর্মনিৰপেক্ষতাবাদ
Chapter 9শান্তি
Chapter 10 উন্নয়ন

৯। ভাৰতৰ নির্বাচন আয়ােগৰ কার্যাৱলীৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ভাৰতীয় নির্বাচন আয়ােগক যথেষ্ট ক্ষমতা অর্পণ কৰা হৈছে । 

১। ভােটাৰ তালিকা প্রস্তুতকৰণ :- ১৮ বছৰ বয়সত ভৰি দিয়া সকলাে ভাৰতীয়কে ভােটাধিকাৰ প্রদান কৰা হয় । এনে – পৰিস্থিতিত নির্বাচনী আয়ােগে অধিক সতর্কভাৱে ভােটাৰ তালিকা প্রস্তুত কৰিবলগীয়া হয় । 

২। সময় নির্ধাৰণ আৰু নির্বাচনসূচী প্রস্তুতকৰণ :-  নির্বাচনৰ সময় নির্ধাৰণ আৰু নির্বাচন সূচী প্রস্তুতকৰণ আদি সকলােবােৰ দিশ বিবেচনা কৰিয়েই নির্বাচন আয়ােগে বিভিন্ন নির্বাচনৰ দিন । নির্ধাৰণ কৰে । 

৩। মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰা :- নির্বাচন অনুষ্ঠিত হােৱাৰ সময়ত নির্বাচনী আয়ােগে কিছুমান আচৰণ বিধি প্রস্তুত কৰে যাতে মুক্ত আৰু নিকাকৈ নির্বাচন তানুষ্ঠিত কৰিব পাৰে । 

৪। ৰাজনৈতিক দলৰ স্বীকৃতি আৰু দলীয় চিহ্ন প্রদান :- কোনাে এটা ৰাজনৈতিক দল গঠিত হলে সেই দলে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ যোগ্যতা আহৰণ কৰিবলৈ নির্বাচনী আয়ােগৰ অনুমতি লাভ কৰিব লাগে । 

১০। প্রত্যক্ষ আৰু পৰােক্ষ নির্বাচনৰ পার্থক্য উল্লেখ কৰা । 

উত্তৰঃ ( i ) প্রত্যক্ষ নির্বাচন এক তৰপীয় আনহাতে পৰােক্ষ নির্বাচন দুতৰপীয়া । 

( ii ) প্রত্যক্ষ নির্বাচনত জনসাধাৰণে পোনপটীয়াভাৱে প্রতিনিধি নির্বাচনত অংশ ল’ব পাৰে । পৰোক্ষ নির্বাচনত এইটো সম্ভৱ নহয় ।

( iii ) প্রত্যক্ষ নির্বাচনে জনসাধাৰণক ৰাজনৈতিক শিক্ষা দিয়ে । পৰােক্ষ নির্বাচনে জনসাধাৰণক ৰাজনৈতিক শিক্ষা লােৱাৰ পৰা বঞ্চিত কৰে । 

( iv ) প্রত্যক্ষ নির্বাচন পদ্ধতি সহজ আৰু সৰল । ই সকলাে জনসাধাৰণৰ বাবে বােধগম্য । পৰােক্ষ নির্বাচন পদ্ধতি জটিল আৰু জনসাধাৰণৰ বােধগম্য নহয় । 

১১। সীমা নির্ধাৰণ আয়ােগৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ভাৰতবৰ্ষত লােকসভা আৰু ৰাজ্যিক বিধানসভাৰ সমষ্টি নির্ধাৰণ কৰা বাবে সংবিধানত এটা স্বাধীন সংস্থা গঠনৰ বিষয়ে লিপিবদ্ধ কৰা আছে । এই সংস্থাটোক ‘ সীমা নির্ধাৰণ আয়ােগ ’ বোলা হয় । এই আয়ােগখন ৰাষ্ট্ৰজাতিয়ে গঠন কৰি দিয়ে । সীমা নির্ধাৰণ অয়ােগে ভাৰতৰ নির্বাচন প্রয়ােগৰ লগত সহযােগ কৰি কাম সম্পাদন কৰে । 

সীমা নির্ধাৰণ আয়ােগৰ কার্যৱলী :- ( ক ) সমগ্ৰ ভাৰতবৰ্ষৰ লােকসভা আৰু ৰাজ্যিক বিধানসভাৰ সমষ্টিবােৰৰ পৰিসীমা নির্ধাৰণ কৰে । 

( খ ) নির্বাচনৰ সমষ্টিবােৰৰ পৰিসীমা নির্ধাৰণ কৰাৰ পিছত সীমা নির্ধাৰণ আয়ােগে সমষ্টিবােৰৰ জনসংখ্যাৰ গাঁথনি কেনে ধৰণৰ তাক নিৰূপন কৰে । 

( গ ) প্রত্যেক ৰাজ্যত অনুস্বচিত জাতি আৰু জনজাতিৰ জনসংখ্যা অনুপাতে সেই ৰাজ্যত তেওঁলােকৰ আসন সংৰক্ষণৰ কোটা নির্ধাৰণ কৰে । 

( ঘ ) অনুসূচিত জনজাতিৰ জনসংখ্যা যিটো সংষ্টিত অধিক , সেই সমষ্টিটো অনুসুচিত জনজাতিৰ বাবে সংৰক্ষিত কৰাৰ ব্যবস্থা গ্রহন কৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top