Class 11 Political Science Chapter 14 সামাজিক ন্যায়

Class 11 Political Science Chapter 14 সামাজিক ন্যায় The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 14 সামাজিক ন্যায় and select needs one.

Class 11 Political Science Chapter 14 সামাজিক ন্যায়

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 14 সামাজিক ন্যায় Solutions for All Subject, You can practice these here.

সামাজিক ন্যায়

পাঠ: ৪

দ্বিতীয় খণ্ড

অনুশীলনী

১। প্রত্যেককে নিজৰ প্ৰাপ্য আদায় দিয়াৰ অৰ্থ কি? সময়ৰ লগে লগে প্রত্যেকৰে নিজ প্রাপ্য আদায় দিয়াৰ অৰ্থ কেনেদৰে সলনি হৈছে। 

উত্তৰঃ প্রত্যেককে নিজৰ প্ৰাপ্য আদায় দিয়াৰ অৰ্থ হ’ল-জার্মান দার্শনিক ইমানুৱেল কাণ্টৰ মতে-সকলো মানুহেই মর্যাদাপ্রাপ্ত। যদি সকলো লোকৰ ব্যক্তিত্ব স্বীকৃত হয়, তেতিয়া তেওঁলোকৰ সর্বাংগীণ উন্নতি সাধন আৰু নিজ লক্ষ্যত উপনীত হোৱাৰ বাবে সুবিধা প্রদান কৰিব লাগে। ন্যায়ে সকলো লোককে নিজ প্রাপ্য আৰু সমান গুৰুত্ব প্রদান কৰাটোকে বুজায়।

সময়ৰ লগে লগে প্রত্যেকৰে নিজ প্রাপ্য আদায় দিয়াৰ অৰ্থ হ’ল-যিসকল লোকে নিজ স্বার্থ সিদ্ধিৰ বাবে অন্যায়ৰ আশ্রয় লয়, আইন ভংগ কৰে তেওঁলোকৰ কোনেও অন্যায়ৰ পৰা হিতসাধন হ’ব বুলি ক’ব নোৱাৰে। 

ইয়াৰ পৰা কোনোৱেই নিৰাপদ নহয়। বৰঞ্চ ই সকলোৰে অন্যায়হে কৰিব। সেই কাৰণে এইটো আমাৰ এটা দীর্ঘকালীন নীতি যে আইন মানি চলা আৰু ন্যায় পৰায়ণ হোৱা উচিত। তেওঁ ন্যায়ৰ অৰ্থ বুজি পোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল; যাতে ন্যায়ৰ প্ৰকৃত অর্থ বুজি ভাবি চাব পাৰো যে ন্যায়গত হ’লে আমাৰ লাভ কি হ’ব। তেওঁ ব্যাখ্যা কৰিছিল যে ন্যায়ৰ অৰ্থ কেৱল এইটো নহয় যে আমি আমাৰ মিত্ৰসকলৰ লাভ আৰু শত্ৰুসকলৰ লোকচান কৰা বুজায় নাইবা ই কেৱল আমাৰ নিজৰ স্বাৰ্থৰ বাবে চিন্তা কৰাকে নুবুজায়। 

ন্যায়ত সমাজৰ সকলো লোকৰ হিত নিহিত হৈ থাকে। যেনেকৈ এজন চিকিৎসকে তেওঁৰ সকলো বেমাৰীৰ প্রতি যত্ন লয়, ঠিক তেনেদৰে এজন ন্যায়সংগত শাসক বা চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ স্বাৰ্থৰ বাবে বা তেওঁলোকৰ হিতৰ বাবে চিন্তা কৰিব লাগে। সকলো লোকৰ হিত সাধনতেই ব্যক্তিবিশেষৰ স্বার্থ নিহিত হৈ থাকে। 

এইটো ধাৰণা যে ন্যায়তেই সকলো ব্যক্তিৰ নিজা অংশ নিহিত হৈ থাকে আৰু আজিও ন্যায় আমাৰ সমাজৰ বাবে এক মহত্বপূর্ণ অংগ হিচাপে পৰিগণিত হৈছে। যি কি নহওক, ব্যক্তিৰ প্ৰয়োজনবোধ প্লেটোৰ সময়ৰ প্রয়োজনতকৈ বর্তমান পৃথক। বর্তমান আমি ন্যায় বুলিলে এজন লোকে নিজৰ প্ৰাপ্য এজন মানুহ হিচাপে পোৱাটোকে বুজো।

২। এই অধ্যায়ত উল্লেখ কৰা ন্যায়ৰ তিনিটা নীতি চমুকৈ আলোচনা কৰা। প্রত্যেকটো উদাহৰণৰ সৈতে ব্যাখ্যা কৰা। 

উত্তৰঃ ১। সমানুপাতিক ন্যায়ঃ সম-ব্যৱহাৰেই কেৱল ন্যায়ৰ একমাত্ৰ নীতি নহয়। কেতিয়াবা এনেকুৱা ঘটনা ঘটে, য’ত আমি অনুভৱ কৰো যে সকলোৰে প্ৰতি সম-ব্যৱহাৰ কৰাটো অন্যায়হে। উদাহৰণ- বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীকে, একেখন বিদ্যালয়ৰ হোৱাৰ বাবে পৰীক্ষাত সমান নম্বৰ দিয়াৰ বাবে সিদ্ধান্ত লোৱা হয়, তেন্তে তোমাক আঘাত দিবনে।

২। ন্যায় বিতৰণঃ এখন সমাজত সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিবৰ বাবে চৰকাৰে চাব লাগে যাতে আইন আৰু চৰকাৰী নীতি নিৰপেক্ষভাৱে উপলদ্ধ হয়। 

৩। ৰাউলছৰ ন্যায় তত্ত্বঃ যদি মানুহক সোধা যায় তোমালোকে কেনেকুৱা সমাজত বাস কৰিব বিচাৰে, তেতিয়া তেওঁলোকে নিশ্চয়কৈ এনে এখন সমাজত থকাৰ ইচ্ছা প্ৰকাশ কৰিব যিখন সমাজৰ পৰা সামাজিক নীতি আৰু সংগঠন সমূহৰ পৰা তেওঁলোক লাভান্বিত হ’ব। 

মানুহৰ বিশেষ প্রয়োজন নীতিৰ সৈতে সকলোকে সম-ব্যৱহাৰ কৰা নীতিৰ বিবাদ থকা বুলি ভাবানে?

উত্তৰঃ বর্তমান সমাজত প্রচলিত এটা বহল ধাৰণা হ’ল সকলো লোকৰ প্রতি সমান ব্যৱহাৰ বা সমতা। সকলো লোককে নিজ প্রাপ্য সমাভাৱে আদায় দিয়াটো ইমান সহজ নহয়।

সম-ব্যৱহাৰেই কেৱল ন্যায়ৰ একমাত্র নীতি নহয়। কেতিয়াবা এনেকুৱা ঘটনা ঘটে, য’ত আমি অনুভৱ কৰো যে সকলোৰে প্ৰতি সম-ব্যৱহাৰ কৰাটো অন্যায়হে। উদাহৰণস্বৰূপে যদি তোমালোকৰ বিদ্যালয়ৰ সকলো ছাত্র-ছাত্রীকে, একেখন বিদ্যালয়ৰ হোৱাৰ বাবে পৰীক্ষাত সমান নম্বৰ দিয়াৰ বাবে সিদ্ধান্ত লোৱা হয়, তেন্তে তোমাক আঘাত দিবনে? এতিয়া তোমালোকে চিন্তা কৰিবা যে এজন ছাত্রক তেওঁৰ লিখাৰ মান আৰু তেওঁৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি নম্বৰ দিয়া উচিত আছিল।

অন্য কথাত ক’ব পাৰি এনে ক্ষেত্ৰত সকলো লোককে তেওঁলোকৰ যোগ্যতা আৰু মানদণ্ডৰ ওপৰত ভিত্তি কৰি ন্যায় বিতৰণ কৰিব লাগে বা ন্যায় কৰিব লাগে। তোমালোক এইক্ষেত্ৰত এক মত যে মানুহৰ কামৰ দক্ষতাৰ সমানুপাতিকভাৱে ন্যায় পাব লাগে। সকলো লোকে সমান কামৰ বাবে সমান মজুৰি পোৱা ধাৰণাটোৰ লগত সকলো লোক সন্মত হ’লেও কামটোৰ বাবে লগা দক্ষতা, কামটোৰ প্রয়োজনীয়তা আৰু কামটো কৰোঁতে নিহিত থকা বিপদৰ কথা চিন্তা কৰি মজুৰি দিয়াটো অধিক আইনসম্মত আৰু ন্যায়সম্মত।

এই নীতিৰ ফালৰ পৰা চালে আমি দেখিম যে আমাৰ সমাজত বহুতো লোকে নিজৰ কাম অনুসৰি প্ৰাপ্য পোৱাৰ পৰা বঞ্চিত হোৱা দেখা যায়। উদাহৰণস্বৰূপে, খনিত কাম কৰাটো নিপুণ কাৰিকৰ এজনৰ কামটো অধিক বিপদজ্জনক যদিও, সমাজৰ বাবে উপকাৰত অহা এজন আৰক্ষী লোকৰ যাৰ কাম কেৱল আইন ৰক্ষা কৰা, তেওঁ খনিত কাম কৰাজনতকৈ অধিক মজুৰি পায়। সেয়ে ন্যায়ৰ কাৰণে এখন সমাজত সম-ব্যৱহাৰ নীতি কাৰ্যকৰী কৰিবৰ বাবে সমানুপাতিক নীতিৰ সৈতে ভাৰসাম্য ৰক্ষা কৰি চলিব লাগিব।

8 ন্যায্য আৰু ন্যায়সংগত বিতৰণ প্রক্রিয়াটো যুক্তিসংগত কৰিবৰ বাবে ৰাউলছে কেনেকৈ ‘অজ্ঞানতাৰ আৱৰণ’ নীতি ব্যৱহাৰ কৰিছে?

উত্তৰঃ ৰাউলছে ইয়াক ‘অজ্ঞানতাৰ আৱৰণ’ত কৰা চিন্তা বুলি কৈছে। তেওঁ আশা কৰিছে যে অজ্ঞানতাৰ আৱৰণত থকা অৱস্থাত মানুহে নিজৰ সামাজিক মর্য্যাদা আৰু পদবীৰ কথা চিন্তা নকৰি নিজৰ হিতৰ বাবে সিদ্ধান্ত গ্রহণ কৰিব। কিয়নো কোনেও নাভাবে তেওঁৰ স্থিতি কি হ’ব আৰু তেওঁৰ বাবে কি লাভপ্রদ হ’ব, সেয়ে সকলোৱে ভৱিষ্যতৰ সমাজখন একেবাৰে বেয়া দিশটোৰ কথা চিন্তা কৰি কল্পনা কৰিব। নিজৰ বাবে চিন্তা কৰিব পৰা লোকসকলে জানিব যে যিসকলে জন্মগতভাৱে কিছুমান বিশেষ সুবিধা উপভোগ কৰি আহিছে।

তেওঁলোকে কিছুমান অতিৰিক্ত বিশেষ সুবিধা লাভ কৰিব। কিন্তু যদি দুর্ভাগ্যজনকভাৱে তেওঁলোকে কম সুবিধা থকা এখন সমাজত জন্মগ্রহণ কৰে যিখন সমাজত তেওঁলোকে কম সুবিধাহে ভোগ কৰিব পাৰে- তেতিয়া কি হ’ব? সেয়ে নিজ স্বাৰ্থৰ বাবে চিন্তা কৰা লোকসকলে সংগঠনৰ এনে কিছুমান নিয়মৰ বিষয়ে চিন্তা কৰিব লাগে যি সমাজৰ সকলো শ্রেণীৰ লোকৰ বাবে লাভজনক হ’ব। এই প্রয়াসত চাব লাগে যাতে উচ্চ আৰু নিম্ন শ্রেণীৰ সকলো লোকে শিক্ষা-স্বাস্থ্য আশ্রয় আদি প্রয়োজনীয় সুবিধাসমূহ লাভ কৰিব পাৰে। অৱশ্যে ব্যক্তি স্বার্থ পৰিহাৰ কৰি অজ্ঞানতাৰ আৱৰণত থকা ধাৰণাটো কল্পনা কৰা ইমান সহজ নহয়। 

কিন্তু তেতিয়া বহু লোকৰ বাবে আত্মত্যাগী হোৱা আৰু এজন অচিনাকি মানুহৰ দুখৰ সমভাগী হোৱাটোও সমানেই কঠিন। সেই কাৰণে আমি আত্ম-ত্যাগক সদায় সাহসী কাম হিচাপে গণ্য কৰি আহিছো আৰু এই কাৰণে আমি মানসিক দুর্বলতা আৰু সীমাবদ্ধতাসমূহৰ কথা চিন্তা কৰি আমি এনে কিছুমান নীতিৰ বিষয়ে চিন্তা কৰিব লাগে, য’ত কোনো আসাধাৰণ কাৰ্যৰ প্রয়োজনীয়তা আহি নপৰে আৰু অজ্ঞানতা আবৰণৰ মহত্ব হ’ল ইয়াত মানুহক সামান্য ৰূপে বিবেকশীল মানুহে হিচাপে থকাটো আশা কৰিব পাৰি। তেওঁৰ পৰা নিজৰ হিত আৰু নিজৰ কামৰ বাবে চিন্তা কৰিব পৰাটো আশা কৰিব পাৰি। কিন্তু প্রাসংগিকভাৱে যেতিয়া তেওঁ অজ্ঞানতাৰ আৱৰণত থাকে তেতিয়া তেওঁ আটাইতকৈ বেয়া দিশটোৰ কথা চিন্তা কৰি সিদ্ধান্ত নল’লে সি তেওঁৰ বাবে হিতকাৰী হ’ব। 

অজ্ঞানতাৰ কল্পিত আৱৰণত আবদ্ধ হোৱাটো আইন আৰু চৰকাৰী নীতি প্রণালীত উপস্থিত হোৱা প্রথম খোজ। ইয়াৰ পৰা এইটো ওলায় য়ে বিবেকশীল এজন মানুহে সমাজৰ যে কোনো এটা বিষয় কেৱল বেয়া দৃষ্টিকোণৰ পৰাই নাচায়, বৰঞ্চ তেওঁলোকে ৰচনা কৰা নীতিবোৰৰ পৰা সমাজৰ সকলো লোকৰ যাতে হিতসাধন হয় তাৰ চেষ্টা কৰিব আৰু দুয়োটা একেলগে থাকিব লাগে। 

কাৰণ ভৱিষ্যতৰ সমাজত তেওঁলোকৰ স্থিতি কি হ’ব কোনেও নাজানে। গতিকে তেওঁলোকে এনে কিছুমান নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব, যাৰ দ্বাৰা সমাজৰ অতি বেয়া অৱস্থাত তেওঁলোকৰ জন্ম হ’লেও যাতে তেওঁলোকৰ কোনো অহিত নহয়। এইখিনিতে এইটো কথা মনত ৰাখিব লাগে যাতে তেওঁলোকৰ নীতিয়ে সুবিধাসম্পন্ন লোকসকলক দুর্বল নকৰে। কাৰণ তেওঁলোকে তেনে সমাজতো থকাৰ সম্ভাৱনা থাকি যায়।

সেয়ে সকলোৰে ভাল হ’ব যেতিয়া কোনো নীতিৰ দ্বাৰা সমাজৰ সকলো শ্ৰেণীৰ লোকৰ হিত হ’ব, কোনো এক নির্দিষ্ট শ্ৰেণীৰ নহয়। এনে কিছুমান নিৰপেক্ষতা বিবেকসম্পন্ন চিন্তাৰ ফল পৰোপকাৰ বা উদাৰতা নহয়। সেই কাৰণে ৰাউলছে যুক্তি দাঙি ধৰিছে যে বিবেকশীল চিন্তাইহে সমাজৰ লাভ আৰু প্ৰাপ্য বিতৰণৰ ক্ষেত্ৰত নিৰপেক্ষ বিচাৰকৰ ভূমিকা পালন কৰিব, নৈতিকতাই নহয়। ইহঁতৰ এই উদাহৰণত এটা কথা স্পষ্ট হৈ পৰিছে যে নৈতিকতাৰ কোনো লক্ষ্য বা চর্ত নাই, যি আমাক আগতীয়াকৈ দিব পাৰে আৰু সেয়েহে কোনটো আমাৰ বাবে ভাল, সেইটো কৰিবৰ বাবে আমি স্বতন্ত্র। এইটো বিশ্বাসেই ৰাউলছৰ ন্যায় সূত্রক নিৰপেক্ষ আৰু ন্যায়ৰ প্রশ্ন সমাধান কৰাত ইয়াক এক গুৰুত্বপূৰ্ণ আৰু সবল ৰাস্তা হিচাপে গণ্য কৰা হয়।

এজন সুস্থ আৰু উৎপাদনশীল মানুহ হিচাপে জীয়াই থাকিবৰ বাবে প্রাথমিক ন্যূনতম প্রয়োজনসমূহ কি কি? এই ন্যূনতম সুবিধাসমূহ সকলোৰে বাবে নিশ্চিতকৰণৰ ক্ষেত্ৰত চৰকাৰৰ কি দায়বদ্ধতা আছে? 

উত্তৰঃ এজন সুস্থ আৰু উৎপাদনশীল মানুহ হিচাপে জীয়াই থাকিবৰ বাবে প্রাথমিক ন্যূনতম প্রয়োজনসমূহ হ’ল-কোনো এখন সমাজত কিছুমান লোকে ধন সম্পত্তি লাভ কৰে আৰু ক্ষমতা প্রয়োগৰ সুবিধা ভোগ কৰে আৰু আন কিছুমান লোক সেই সুবিধাৰ পৰা বঞ্চিত হয়, তেতিয়া তেনে এখন সমাজক আমি ন্যায়ৰহিত সমাজৰ আখ্যা দিওঁ। 

ইয়াত আমি সমাজৰ ভিন্ন শ্রেণীৰ লোকে উপভোগ কৰা জীৱন প্রণালীৰ কথা কোৱা নাই। ন্যায়ে সর্বাত্মকভাৱে সকলো লোকে সমান অধিকাৰ ভোগ কৰাব লগতেই জড়িত নহয়। কিন্তু এখন সমাজত ন্যায় নাই বুলি তেতিয়া ক’ব পাৰি, য’ত ধনী আৰু দুখীয়া লোকসকলৰ মাজত এক আকাশ পাতাল পার্থক্য থাকে আৰু তেওঁলোকে একেলগে ভিন্ন পৃথিৱীত জীৱন নিৰ্বাহ কৰা দেখা যায় আৰু যেতিয়া দুখীয়া লোকসকলে বহু কষ্ট কৰিলেও নিজৰ উন্নতিৰ বাবে কোনো সুবিধা নাপায়। এখন সমাজত যেতিয়া সকলো লোকে জীৱন ধাৰণ কৰিবৰ বাবে নূন্যতম সুবিধাখিনি পায় আৰু নিজৰ লক্ষ্য সাধন আৰু বক্তিত্ব বিকাশৰ বাবে প্রয়োজনীয় সকলো সুবিধা পোৱাৰ পৰা বঞ্চিত নহয়।

ন্যূনতম সুবিধাসমূহ সকলোৰে বাবে নিশ্চিতকৰণৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাঃ

আমি কেনেদৰে সিদ্ধান্ত ল’ম যে মানুহক জীয়াই থাকিবৰ বাবে কি প্রাথমিক ন্যূনতম সুবিধাসমূহৰ প্ৰয়োজন? বিভিন্ন চৰকাৰী সংগঠন, আন্তঃৰাষ্ট্ৰীয় সংগঠন, বিশ্ব স্বাস্থ্য সংস্থা আদিয়ে মানুহৰ আৱশ্যকীয় ন্যূনতম প্রয়োজনীয়তাসমূহ গণনা কৰিবৰ বাবে বিভিন্ন উপায় উদ্ভাৱন কৰিছে। সাধাৰণতে এইক্ষেত্রত সকলোৱে সহমত পোষণ কৰে যে স্বাস্থ্য ৰক্ষাৰ বাবে প্রয়োজনীয় পুষ্টিকৰক আহাৰ, থকা ঘৰ, খোৱাপানীৰ যোগান, শিক্ষা আৰু সামান্য বেতনেই এই প্রাথমিক অৱস্থাবোৰৰ গুৰুত্বপূর্ণ অংশ। সকলো লোকে যাতে প্রাথমিক প্রয়োজনখিনি পূৰণ কৰিব পাৰে, এইক্ষেত্ৰত গণতান্ত্রিক দেশ এখন দায়বদ্ধ। ইয়াত সকলো নাগৰিক এনেবোৰ প্রয়োজন পূৰণ কৰাটো চৰকাৰৰ বাবে এক বোজা স্বৰূপ হ’ব, বিশেষকৈ অধিকসংখ্যক দুখীয়া লোক থকা দেশৰ বাবে, যেনে ভাৰতবৰ্ষ।

যদিও আমি সকলোৱে বঞ্চিত লোকসকলৰ উন্নতিৰ বাবে কিছুমান লক্ষ্য নির্ধাবণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰো, তথাপি এনে লক্ষ্যত উপনীত হোবাদ বাবে প্রয়োজনীয় ভাল পদ্ধতি কি হ’ব, তাক লৈ মত বিৰোধ থকা দেখা যায়। বর্তমান আমাৰ সমাজত আৰু বিশ্বৰ অন্য অংশ কিছুমানত বর্তমানে এক বিতর্ক চলি আছে যে মুক্ত প্রতিযোগিতামূলক বজাৰ ব্যৱস্থাৰ দ্বাৰা, ধনী শ্রেণী লোকৰ ওপৰত কোনে আঘাত ননাকৈ পিছপৰা শ্ৰেণীৰ উন্নতি সাধন কৰাটো সম্ভৱ হ’বনে? অথবা চৰকায়ে সম্পদৰ পুনৰ বিতৰণ কৰি হ’লেও পিছপৰা শ্ৰেণীৰ উন্নতিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ দায়িত্ব ল’ব লাগে।

সকলো নাগৰিকক জীৱন ধাৰণৰ ন্যূনতম সুবিধা সমূহ প্রদান কৰিবৰ বাবে তলৰ কোনবোৰ যুক্তি চৰকাৰে ব্যৱহাৰ কৰাৰ ক্ষেত্রত নির্দেশ দিয়া উচিত? 

(ক) দুখীয়া আৰু প্রয়োজনীয় লোকসকলক বিনামূলীয়া সেৱা প্ৰদান কৰাটো ধর্মীয় কাম হিচাপে ন্যায়সংগত বুলি গণ্য কৰা। 

উত্তৰঃ এখন সমাজত সামাজিক ন্যায় প্রতিষ্ঠা কৰিবৰ বাবে চৰকাৰে চাব লাগে যাতে আইন আৰু চৰকাৰী নীতি নিৰপেক্ষভাৱে উপলব্ধ হয়। কিন্তু ইমানেই যথেষ্ট নহয়, চৰকাৰৰ আৰু বহু কৰণীয় এইক্ষেত্ৰত আহি পৰে। সামাজিক ন্যায় বস্তু আৰু সেৱাসমূহ ন্যায়সংগতভাৱে সমাজত থকা বিভিন্ন জাতিৰ মাজত বা বিভিন্ন গোটতি থাকে যদি মাজতো নহওক কিয়। যদি এখন সমাজৰ লোকসকলৰ মাজত আর্থিক বা সামাজিক অসমতা থাকে, তেতিয়া চৰকাৰে এই অসমতা আঁতৰ কৰিবৰ বাবে চৰকাৰী সামাজিক অজ্ঞানতাৰ উন্নতিৰ বাবে উচিত বিতৰণ কৰিব লাগে। 

সেয়ে এখন সমাজৰ ন্যায় বুলিলে কেৱল আইন আৰু চৰকাৰী নীতিৰ ফালৰ পৰা সকলো লোকক সমান ব্যৱহাৰ কৰাটোকে নুবুজায়, ইয়াৰ বাবে প্রয়োজন হয় সমাজৰ সকলো লোকে যাতে জীয়াই থাকিবৰ বাবে ন্যূনতম সুবিধা লাভ কৰে। এইটো সকলো ব্যক্তিৰ বাবে প্রয়োজন যাতে তেওঁ নিজকে বিকশিত কৰি নিজ উদ্দেশ্য পূর্তিত সফল হয়। সেই কাৰণে আমাৰ সংবিধানে অস্পৃশ্যমূলক নীতি বর্জন কৰিছে আৰু নীচ জাতি বুলি কোৱা লোকসকলক চাকৰি, মন্দিৰ আদিত প্ৰৱেশ কৰাৰ সুবিধা প্রদান কৰাৰ লগতে প্রাথমিক প্রয়োজন যেনে- খোৱা পানী আদিত সম-অধিকাৰ প্ৰদান কৰিছে। ভূমি সংস্কাৰমূলক আইনৰ দ্বাৰা বিভিন্ন বাজ্য চৰকাৰে কিছুমান প্রয়োজনীয় সম্পদ, যেনে- খেতিৰ মাটি আদি সম-বিতৰণ কৰাত কিছুমান ব্যৱস্থা গ্রহণ কৰিছে।

(খ) সকলো নাগৰিকক জীৱন ধাৰণৰ ন্যূনতম সুবিধা প্রদান কৰাটো সকলো লোককে সমান সুবিধা প্রদান কৰাৰ এক উপায়?

উত্তৰঃ সামাজিক ন্যায় স্থাপনৰ লগত জড়িত কিছুমান বিষয়ত থকা বিভিন্ন মতামতৰ কোনটো আৰু কেনেকৈ সম্পদ বিতৰণ, চাকৰি আৰু শিক্ষানুষ্ঠানত সমান আৰক্ষণৰ ব্যৱস্থা কৰা হ’ব, এনে ব্যৱস্থাই সমাজত কেতিয়াবা ভিন্নতাৰ জন্ম দিয়াৰ লগতে হিংসাত্মক ঘটনাৰো জন্ম দিয়া দেখা যায়। মানুহে বিশ্বাস কৰে যে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ ভবিষ্যৎ সুনিশ্চিত নহয়। আমাৰ দেশত চৰকাৰী চাকৰি আৰু শিক্ষানুষ্ঠানসমূহত আসন সংৰক্ষণৰ বাবে লোৱা সিদ্ধান্তৰ বাবে হোৱা বহু হিংসাত্মক ঘটনাৰ কথা মনত আছে। ৰাজনীতি বিজ্ঞানৰ শিক্ষার্থী হিচাপে আমি ন্যায়ৰ এনে সিদ্ধান্ত বা নীতিসমূহৰ ওপৰত আমাৰ বুজি পোৱা ক্ষমতাৰ দ্বাৰা সুস্থভাবে চিন্তা কৰাৰ সামর্থ্য আনিব লাগে। ন্যায়ৰ সূত্ৰৰ ফালৰ পৰা বঞ্চিতসকলৰ সহায়ৰ বাবে থকা যোজনাসমূহক ন্যায়সংগত বুলি কোৱা উচিত নে? ৰাউলছে যুক্তি আগবঢ়াইছিল যে সমাজৰ ন্যূনতম সুবিধাপ্রাপ্ত লোকসকলৰ উন্নতিৰ বাবে সুবিধা প্রদান কৰাটো ন্যায়সংগত।

(গ) কিছুমান মানুহ জন্মগতভাৱে এলেহুৱা আৰু আমি তেওঁলোকৰ প্রতি দয়ালু হ’ব লাগে।

উত্তৰঃ নিজৰ বাবে চিন্তা কৰিব পৰা লোকসকলে জানিব যে যিসকলে জন্মগতভাৱে কিছুমান বিশেষ সুবিধা উপভোগ কৰি আহিছে, তেওঁলোকে কিছুমান অতিৰিক্ত বিশেষ সুবিধা লাভ যদি কৰিব। কিন্তু দুর্ভাগ্যজনকভাৱে তেওঁলোকে কম সুবিধা থকা এখন সমাজত জন্ম গ্রহণ কৰে যিখন সমাজত তেওঁলোকে কম সুবিধাহে ভোগ কৰিব পাৰে- তেতিয়া কি হ’ব? সেয়ে নিজ স্বার্থৰ বাবে চিন্তা কৰা লোকসকলে সংগঠনৰ এনে কিছুমান নিয়মৰ বিষয়ে চিন্তা কৰিব লাগে যি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে লাভজনক হ’ব। 

এই প্রয়াসত চাব লাগে যাতে উচ্চ আৰু নিম্ন শ্রেণীৰ সকলো লোকে প্রয়োজনীয় সুবিধাসমূহ লাভ কৰিব পাৰে। শিক্ষা-স্বাস্থ্য আশ্রয় আদি অৱশ্যে ব্যক্তি স্বাৰ্থ পৰিহাৰ কৰি অজ্ঞানতাৰ আৱৰণত থকা ধাৰণাটো কল্পনা কৰা ইমান সহজ নহয়। কিন্তু তেতিয়া বহু লোকৰ বাবে আত্মত্যাগী হোৱা আৰু এজন অচিনাকি মানুহৰ দুখৰ সমভাগী হোৱাটোও সমানেই কঠিন। সেই কাৰণে আমি আত্ম-ত্যাগক সদায় সাহসী কাম হিচাপে গণ্য কৰি আহিছো আৰু এই কাৰণে আমি মানসিক দুর্বলতা আৰু সীমাবদ্ধতাসমূহৰ কথা চিন্তা কৰি আমি এনে কিছুমান নীতিৰ বিষয়ে চিন্তা কৰিব লাগে, য’ত কোনো আসাধাৰণ কাৰ্যৰ প্রয়োজনীয়তা আহি নপৰে আৰু অজ্ঞানতা আৱৰণৰ মহত্ব হ’ল ইয়াত মানুহক সামান্য ৰূপে বিবেকশীল মানুহে হিচাপে থকাটো আশা কৰিব পাৰি। তেওঁৰ পৰা নিজৰ হিত আৰু নিজৰ কামৰ বাবে চিন্তা কৰিব পৰাটো আশা কৰিব পাৰি। কিন্তু প্ৰাসংগিকভাৱে যেতিয়া তেওঁ অজ্ঞানতাৰ আৱবণত থাকে তেতিয়া তেওঁ আটাইতকৈ বেয়া দিশটোৰ কথা চিন্তা কৰি সিদ্ধান্ত নল’লে সি তেওঁৰ বাবে হিতকাৰী হ’ব।

(ঘ) সকলো লোকৰ বাবে প্রাথমিক সুবিধাসমূহ আৰু ন্যূনতম জীৱন ধাৰণৰ ন্যূনমান নিশ্চিত কৰাটোৱে মানৱতাবোধ আৰু মানৱ অধিকাৰক স্বীকৃতি প্ৰদান কৰা বুজায়।

উত্তৰঃ যিটোক আমি সমাজৰ বাবে গ্রাহ্য কৰোঁ, যেতিয়া ব্যক্তিৰ মাজত কর্তব্য আৰু পুৰষ্কাৰ ভাগ-বিতৰণ হয়, তেতিয়া ব্যক্তিৰ কিছুমান বিশেষ প্রয়োজনীতাক স্বীকৃতি প্রদান কৰা হয়। ইয়াক সামাজিক ন্যায় আগবঢ়াই নিয়াৰ এক আহিলা হিচাপে ধৰা হয়। ব্যক্তিসকলৰ সামাজিক মর্যদা আৰু অধিকাৰৰ ওপৰত ভিত্তি কৰি, সকলো লোককে সম মর্যদা দিয়াটো ন্যায়ে বিচাৰে। কিন্তু মানুহৰ মাজত ভেদাভেদ নৰখা আৰু তেওঁলোকৰ কাম অনুযায়ী পাৰিশ্রামিক আদায় দিয়াও ন্যায় সুনিশ্চিত কৰাৰ বাবে পর্যাপ্ত নহ’ব পাৰে ইয়াক জানিবৰ বাবে যে সমাজৰ আন একে শ্রেণীৰ লোকেও সমানে ন্যায় উপভোগ কৰিছেনে নাই নে সমগ্র সমাজখনেই ন্যায় উপভোগ কৰি আছে। এই নীতিয়ে মানুহৰ বিশেষ কিছুমান প্রয়োজনীয়তাক মানি লয়। সেয়ে অদৰকাৰীভাবে সম-ব্যৱহাৰ নীতিৰ ওপৰত বিতর্ক কৰাৰ কোনো প্রয়োজন নাই, কিয়নো সকলোকে সমান ব্যৱহাৰ কৰাটোৱে কিছুমান বিশিষ্ট গুণ নথকা লোককো সমানে ব্যৱহাৰ কৰাটো নুবুজায়।

বিশেষ প্রয়োজনীয়তা অথবা অসমতাৰ ওপৰত ভিত্তি কৰি মানুহে কিছুক্ষেত্ৰত অসমতা আৰু কিছু ক্ষেত্রত বিশেষ সহায় কামনা কৰে। কিন্তু কি অসমতাৰ ওপৰত ভিত্তি কৰি বিশেষ সহায় আগবঢ়াব তাক নির্ধাৰণ কৰা ইমান সহজ নহয়। কিছুমান দেশত শাৰীৰিক অক্ষমতা, বয়স বা ভাল শিক্ষা পোৱাত প্রভাৱ বা দুর্বল স্বাস্থ্য আদিক বিশেষ সহায় পোৱাৰ ক্ষেত্ৰ হিচাপে ধৰা হয়। এইটো মানি লোৱা হয় যে যদি সকলো দিশতে উচ্চ আৰু ভিন্ন মৰ্য্যাদাপ্রাপ্ত জীৱন যাপন কৰা লোকৰ সমানেই যদি সামাজিকভাৱে পিছপৰা আৰু প্রয়োজনীয় সুবিধাসমূহৰ পৰা বঞ্চিত লোকসকলক সমানেই মর্য্যাদা দিয়া হয়, তেতিয়া সেই সমাজখন সমতাপূর্ণ আৰু ন্যায়সংগত নহয়।

আমাৰ দেশত দেখা যায় যে শিক্ষা, স্বাস্থ্য আৰু এনে অন্য সুবিধা পোৱা আৰু নোপোৱাটো বহু পৰিমাণে জাতিগত ভেদভাবৰ ওপৰত নিৰ্ভৰ কৰে। সেই কাৰণে আমাৰ সংবিধানে অনুসূচিত জাতি আৰু জনজাতি লোকৰ বাবে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণ আৰু শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ ক্ষেত্ৰত আৰক্ষণৰ ব্যৱস্থা কৰিছে। 

আমাৰ ন্যায় সম্পর্কে থকা নীতিবোৰৰ আলোচনাই দেখুৱায় যে বহুক্ষেত্রত চৰকাৰে ন্যায়ৰ সম্পৰ্কত থকা তিনি ধৰণৰ নীতিক একত্ৰিত কৰাত অসুবিধাৰ সন্মুখীন হয়। যিবোৰক সমান লোকৰ বাবে সমান ব্যৱহাৰ, ভিন্ন প্রতিভা আৰু দক্ষতাক স্বীকৃতি আৰু প্ৰয়োজনীয়সকলৰ বাবে ন্যূনতম জীয়াই থকাৰ সুবিধা প্রদান কৰা ইত্যাদি হিচাপে আলোচনা কৰা হৈছে। 

সকলোকে সমান মর্য্যাদা দিয়াটোৱে কেতিয়াবা যোগ্যতাক অগ্রাধিকাৰ দিয়াৰ নীতিৰ বিপৰীতে কাম কৰে। দক্ষতাক আগস্থান দিয়াটোৱে এইটো বুজাব পাৰে যে সমাজৰ একে শ্ৰেণীৰ লোকে বিভিন্ন ক্ষেত্ৰত পিছপৰা আৰু তেওঁলোকে ন্যূনতম শিক্ষা আৰু আন সুবিধা পোৱাৰ পৰা বঞ্চিত। এখন দেশৰ বিভিন্ন গোটে ন্যায়ৰ ভিন্ন নীতিক সমর্থন কৰিব পাৰে, এইটো নিৰ্ভৰ কৰে, তেওঁলোকে কোনটো নীতিৰ পৰা লাভান্বিত হ’ব। তেতিয়া চৰকাৰৰ প্রধান কর্তব্য হ’ব এখন ন্যায়পূর্ণ সমাজ প্রতিষ্ঠা কৰিবৰ বাবে ন্যায়ৰ বিভিন্ন নীতিসমূহৰ মাজত সামঞ্জস্য প্রতিষ্ঠা কৰা।

1 thought on “Class 11 Political Science Chapter 14 সামাজিক ন্যায়”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top