Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে and select needs one.
Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে Solutions for All Subject, You can practice these here…
মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
পাঠ: ১৪
তৃতীয় খণ্ড
অতি চমু প্রশ্নোত্তৰ
প্রশ্ন ১। ইটালীৰ নিৰ্মাতাজনৰ নাম লিখা ।
উত্তৰঃ গেৰিবল্ডি হ’ল ইটালীৰ নির্মাতা ।
প্রশ্ন ২। আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ প্রধান নেতাজন কোন আছিল ?
উত্তৰঃ জর্জ ৱাশ্বিংটন আছিল প্রধান নেতা ।
প্রশ্ন ৩। হাে – চি – মিন কোন আছিল ?
উত্তৰঃ ভিয়েটনামৰ মুক্তিদাতা আছিল হাে – চি – মিন ।
প্রশ্ন ৪। গান্ধীজী কেতিয়া আফ্রিকাৰ পৰা ভাৰতলৈ প্রত্যাৱর্তন কৰে ?
উত্তৰঃ ১৯১৫ চনত প্রত্যাৱৰ্তন কৰিছিল ।
প্রশ্ন ৫। বংগ বিভাজন আন্দোলন কোন চনত হৈছিল ?
উত্তৰঃ ১৯০৫ চনত বংগ বিভাজন হৈছিল ।
প্রশ্ন ৬। মহাত্মা গান্ধীৰ প্রকৃত নাম নাম কি ?
উত্তৰঃ মােহনদাস কমচাদ গান্ধী ।
প্রশ্ন ৭। কোনে কৰিম কিম্বা মৰিম বুলি ধ্বনি দিছিল ?
উত্তৰঃ লালা লাজপট ৰায়ে ।
প্রশ্ন ৮। কোন চনত বেনাশ হিন্দু বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰা হয় ?
উত্তৰঃ ১৯১৬ চনত প্রতিষ্ঠা হৈছিল ।
প্রশ্ন ৯। কোন চনত নীল খেতিয়ক সকলৰ বা চাম্পাৰতা আন্দোলন হৈছিল ?
উত্তৰঃ ১৯১৬ চনত এই আন্দোলন হৈছিল ।
প্রশ্ন ১০। কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল ?
উত্তৰঃ ১৯১৯ চনত এই হত্যাকাণ্ড সংঘটিত হৈছিল ।
প্রশ্ন ১১। জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্রধান নায়কজন কোন আছিল ?
উত্তৰঃ জেনেৰেল ডায়াৰ আছিল প্রধান নায়ক ।
প্রশ্ন ১২। ৰবীন্দ্রনাথ ঠাকুৰে ইংৰাজে প্ৰদান কৰা নাইট উপাধি কিয় ঘূৰাই দিছিল ?
উত্তৰঃ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত তেওঁ উক্ত উপাধি ত্যাগ কৰিছিল ।
প্রশ্ন ১৩। কোন চনত ভাৰত চৰকাৰ আইন প্ৰৱৰ্তন কৰা হৈছিল ?
উত্তৰঃ ১৯১৯ চনত ।
প্রশ্ন ১৪। গান্ধীজীয়ে কিয় খিলাফৎ আন্দোলন সমর্থন কৰিছিল ?
উত্তৰঃ হিন্দু – মুছলমানৰ মাজত একতা বজাই ৰখাৰ কাৰণে তেওঁ খিলাফত আন্দোলন সমর্থন কৰিছিল ।
প্রশ্ন ১৫। আনুষ্ঠানিকভাৱে কেতিয়া অসহযােগ আন্দোলন আৰম্ভ হয় ?
উত্তৰঃ ১৯২০ চনৰ ১ আগষ্ট তাৰিখে আৰম্ভ হৈছিল ।
প্রশ্ন ১৬। গান্ধীজীয়ে কিয় অসহযােগ আন্দোলন বন্ধ কৰিছিল ?
উত্তৰঃ চৌৰি চৌৰাৰ হিংসাত্মক কার্যৰ বাবে বন্ধ কৰিছিল ।
প্রশ্ন ১৭। কোন চনত আইন অমান্য আন্দোলন আৰম্ভ হৈছিল ?
উত্তৰঃ ১৯৩০ চনত এই আন্দোলন আৰম্ভ হৈছিল ।
প্রশ্ন ১৮। কোন চনত স্বাধীনতা দিৱস পালন কৰা হৈছিল ?
উত্তৰঃ ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে পালন কৰা হৈছিল ।
প্রশ্ন ১৯। কোন চনত গান্ধীজীয়ে দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল ?
উত্তৰঃ ১৯৩০ চনৰ ১২ মার্চ তাৰিখে যাত্রা কৰিছিল ।
প্রশ্ন ২০। কোন চনত প্রথম ঘূৰণীয়া মেজ মেল অনুষ্ঠিত হয় ?
উত্তৰঃ ১৯৩০ চনত বহিছিল ।
প্রশ্ন ২১। কোন চনত গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হয় ?
উত্তৰঃ ১৯৩১ চনৰ জানুৱাৰী মাহত এই চুক্তি স্বাক্ষৰিত হৈছিল ।
প্রশ্ন ২২। কোন চনত দ্বিতীয় ঘূৰণীয়া মেজ মেল অনুষ্ঠিত হৈছিল ?
উত্তৰঃ ১৯৩১ চনৰ নৱেম্বৰ মাহত এই মেজ মেল বহিছিল ।
প্রশ্ন ২৩। কোন চনত ভাৰত চৰকাৰ আইন গৃহীত হয় ?
উত্তৰঃ ১৯৩৫ চনত গৃহীত হয় ।
প্রশ্ন ২৪। কোন চনত মুছলীম লীগ গঠন হৈছিল ?
উত্তৰঃ ১৯০৬ চনত ।
প্রশ্ন ২৫। কোন চনত সীমিত ভােটাধিকাৰৰ ভিত্তিত সাধাৰণ নির্বাচন অনুষ্ঠিত হয় ?
উত্তৰঃ ১৯৩৭ চনত এই নির্বাচন অনুষ্ঠিত হয় ।
প্রশ্ন ২৬। কোন চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয় ?
উত্তৰঃ ১৯৩৯ চনত আৰম্ভ হৈছিল ।
প্রশ্ন ২৭। কোন চনত প্রথম একক সত্যাগ্রহ কৰা হয় ?
উত্তৰঃ ১৯৪০ চনত একক সত্যাগ্রহ কৰা হয় ।
প্রশ্ন ২৮। কোন চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হয় ?
উত্তৰঃ ১৯৪২ চনত আৰম্ভ হয় ।
প্রশ্ন ২৯। কোন চনত অখিল ভাৰত কিষাণ সভা গঠিত হয় ?
উত্তৰঃ ১৯৩৬ চনত এই সভা গঠিত হৈছিল ।
প্রশ্ন ৩০। কোন চনত কেবিনেট মিছনৰ দল ভাৰতলৈ আহে ?
উত্তৰঃ ১৯৪৬ চনত ভাৰতলৈ আহে ।
প্রশ্ন ৩১। কোন চনত ভাৰতে স্বাধীনতা লাভ কৰে ?
উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে লাভ কৰে ।
প্রশ্ন ৩২। কোন চনত গান্ধীজীক হত্যা কৰা হৈছিল ?
উত্তৰঃ ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে হত্যা কৰা হৈছিল ।
প্রশ্ন ৩৩। এটলী কোন দল নেতা আছিল ?
উত্তৰঃ বনুৱা দলৰ নেতা আছিল ।
প্রশ্ন ৩৪। কানিংহাম কোন আছিল ?
উত্তৰঃ সেই সময়ৰ অসমৰ শিক্ষাধিকাৰ আছিল ।
প্রশ্ন ৩৫। স্বাধীন ভাৰতৰ প্রথম গৃহমন্ত্রী কোন আছিল ?
উত্তৰঃ চৰ্দাৰ বল্লভ ভাই পেটেল আছিল গৃহমন্ত্রী ।
প্রশ্ন ৩৬। কোনে গান্ধীজীক লিংকনৰ লগত তুলনা কৰিছিল ?
উত্তৰঃ আমেৰিকাৰ টাইমছ নামে কাকতে এনেদৰে তুলনা কৰিছিল ।
প্রশ্ন ৩৭। মাউণ্টবেটন কোনজন ভাইচৰয়ৰ স্থলাভিষিক্ত হয় ?
উত্তৰঃ ৱাভেলৰ ঠাইত স্থলাভিষিক্ত হৈছিল ।
প্রশ্ন ৩৮। গান্ধীজী কেই বছৰৰ মূৰত ভাৰতলৈ ঘূৰি আহিছিল ?
উত্তৰঃ প্রায় বিছ বছৰৰ মূৰত ভাৰতলৈ ঘূৰি আহিছিল ।
প্রশ্ন ৩৯। দ্বিতীয় মহাসমৰ কোন চনত আৰম্ভ হৈছিল ?
উত্তৰঃ ১৯৩৯ চনত আৰম্ভ হৈছিল ।
প্রশ্ন ৪০। ১৯১৯ চনৰ ৰাওলাট আইনৰ ক্ষেত্ৰত আন কি শব্দ ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ ভাৰত চৰকাৰ আইন ১৯১৯ বুলি জনা যায় ।
প্রশ্ন ৪১। গান্ধীজীৰ ৰাজনৈতিক গুৰু কোন আছিল ?
উত্তৰঃ গােপাল কৃষ্ণ গােখলে আছিল ৰাজনৈতিক গুৰু ।
প্রশ্ন ৪২। সামাজিকভাৱে গান্ধীজীক ক’ত আৰু কেতিয়া দেখা গৈছিল ?
উত্তৰঃ ১৯১৬ চনৰ বাৰাণসী হিন্দু বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ দিনা দেখা গৈছিল ।
প্রশ্ন ৪৩। ব্যক্তিগত সত্যাগ্রহৰ কোনে নেতৃত্ব দিছিল ?
উত্তৰঃ মহাত্মা গান্ধীয়ে ।
প্রশ্ন ৪৪। শেষ জনা ভাইছয় কোন আছল ?
উত্তৰঃ লর্ড মাউন্টবেটেন ।
প্রশ্ন ৪৫। দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছক কোনে প্রতিনিধিত্ব কৰিছিল ?
উত্তৰঃ গান্ধীয়ে প্রতিনিধিত্ব কৰিছিল ।
প্রশ্ন ৪৬। মহাত্মা গান্ধীক কোনে হত্যা কৰিছিল ?
উত্তৰঃ নাথুৰাম গদছে হত্যা কৰিছিল ।
প্রশ্ন ৪৭। মহাত্মা গান্ধীয়ে বৃটিছ শাসনৰ বিৰুদ্ধে চলােৱা তৃতীয়টো বৃহৎ আন্দোলন কি আছিল ?
উত্তৰঃ ভাৰত ত্যাগ আন্দোলন ।
প্রশ্ন ৪৮। মহাত্মা গান্ধীৰ ৰাজনৈতিক উপদেষ্টাজন কোন আছিল ?
উত্তৰঃ গােপালকৃষ্ণ গােখলে ।
প্রশ্ন ৪৯। কোন চনত মুছলিম লীগ স্থাপিত হৈছিল ?
উত্তৰঃ ১৯০৬ চনত স্থাপিত হৈছিল ।
চমু প্রশ্নোত্তৰ
প্রশ্ন ১। অসহযােগ মানে কি বুজা ?
উত্তৰঃ ইংৰাজৰ লগত সকলাে ধৰণৰ কাম – কাজত অসহযােগ কৰাই আছিল অসহযােগ নীতি বা অসহযােগ আন্দোলনৰ প্রধান বৈশিষ্ট্য ।
প্রশ্ন ২। খিলাফৎ আন্দোলনৰ প্রধান নেতা দুজনৰ নাম লিখা ।
উত্তৰঃ এই দুজন নেতা হ’ল মহম্মদ আলী আৰু চৌকৎ আলী ।
প্রশ্ন ৩। গান্ধীজীৰ নেতৃত্বত কেতিয়া’দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল ?
উত্তৰঃ গান্ধীজীয়ে প্রতিষ্ঠা কৰা সবমতি আশ্ৰমৰ পৰা ৭৮ জন সহযােগীৰ সৈতে ১৯৩০ চনৰ ১২ মার্চ তাৰিখে চৰকাৰৰ লােণ আইন ভংগ কৰাৰ কাৰণে আৰব সাগৰৰ পাৰত থকা দাণ্ডিলৈ যাত্ৰা কৰিছিল আৰু তাতে চৰকাৰৰ লােণ আইন ভংগ কৰিছিল ।
প্রশ্ন ৪। প্রত্যক্ষ দিৱস কি ?
উত্তৰঃ আলি জিন্নাই ১৯৪৬ চনৰ ১৬ আগষ্টৰ দিনটো প্রত্যক্ষ দিৱস হিচাপে পালন কৰাৰ কথা ঘােষণা কৰিছিল । ইয়াৰ জৰিয়তে তেওঁ সুকীয়া পাকিস্তানৰ দাবী উত্থাপন কৰিছিল ।
প্রশ্ন ৫। কংগ্ৰেছৰ নেতা সকলে ক্রীপছৰ প্ৰস্তাৱ কিয় প্রত্যাখ্যান কৰিছিল ?
উত্তৰঃ কংগ্ৰেছে ক্রীপছৰ প্ৰস্তাৱ প্রত্যাখ্যান কৰাৰ কাৰণ হ’ল এয়ে যে এই প্রস্তাৱত ভাৰতৰ স্বাধীনতা প্রদান কৰা কোনাে লিখিত প্রস্তাৱ নাছিল ।
প্রশ্ন ৬। ইংলেণ্ডৰ মন্ত্রীসভাৰ পৰিৱর্তনৰ দুটা ফালফল উল্লেখ কৰা ।
উত্তৰঃ এই দুটা ফলাফল হল—
( ক ) বনুৱা দলৰ নেতা চি . আৰ . এটলি ভাৰতৰ স্বাধীনতাৰ প্রতি সহানুভূতিশীল আছিল ।
( খ ) সেয়ে তেওঁ ক্ষমতালৈ আহিয়েই ভাৰতবৰ্ষৰ স্বাধীনতা প্রদানৰ কথা ঘােষণা কৰিছিল ।
প্রশ্ন ৭। বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ প্রতিষ্ঠা দিৱসত গান্ধীজীয়ে প্ৰদান কৰা ভাষণটো কিয় গুৰুত্বপূৰ্ণ বুলি কোৱা হয় ?
উত্তৰঃ সেই সময়ত গান্ধীজীয়ে প্ৰদান কৰা ভাষণটো অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হয় । কাৰণ সেই সময়লৈ ভাৰতৰ জাতীয়তাবাদী ভাবধাৰা আছিল অতি সীমিত । কাৰণ এই ধাৰণাটো মাত্র সমাজৰ উচ্চ পর্যায়ৰ ব্যক্তি যেনে উকিল , ডাক্তৰ আৰু জমিদাৰ সকলৰ দ্বাৰা সমাজ নিয়ন্ত্রিত হৈ আছিল । ফলত জাতীয়তাবাদী ধাৰাটোৱে সাধাৰণ মানুহক আকর্ষণ কৰিব পৰা নাছিল । কিন্তু গান্ধীজীয়ে ভাষণ প্রসংগত জাতীয়তাবাদৰ ধ্বজা সকলাে ভাৰতীয় লােকে কঢ়িয়াই নিব লাগিব বুলি ঘােষণা কৰিছিল । এনে ভাষণৰ ফলত গান্ধীজীৰ প্রতি সাধাৰণ জনতাৰ লগতে কৃষক সকলাে আকর্ষিত হৈছিল । ফলস্বৰূপে চম্পাৰণ জিলাৰ নীল খেতিয়কক লৈ হােৱা আন্দোলনত গান্ধীজীয়ে নিজে অংশগ্রহণ কৰি জাতীয়তাবাদী চেতনা সাধাৰণ মানুহৰ হৃদয়ত বােৱাবলৈ সক্ষম হৈছিল ।
প্রশ্ন ৮। বাৰাণসী হিন্দু বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ এই দুটা কাৰণ আছিল—
( ক ) বাৰাণসী বিশ্ববিদ্যালয়খন ভাৰতৰ প্রথম জাতীয় বিশ্ববিদ্যালয় আছিল ।
( খ ) এই বিশ্ববিদ্যালয়খন ভাৰতীয় মানুহৰ আর্থিক সাহায্যত প্রতিষ্ঠা কৰিব বিচৰা হৈছিল ।
( গ ) প্রতিষ্ঠা দিৱসৰ দিনা গান্ধীজীৰ ভাষণৰ দ্বাৰা ভাৰতীয় জনসাধাৰণৰ মনত জাতীয়তাবাদী ভাবধাৰা জগাই তুলিছিল ।
প্রশ্ন ৯। “ দক্ষিণ আফ্রিকাই গান্ধীজীক মহাত্মা ৰূপে গঢ়ি তুলিলে ” -ইয়াৰ সপক্ষে দুটি যুক্তি আগবঢ়োৱা ।
উত্তৰঃ উক্ত কথাশাৰীৰ যুক্তিৰ সপক্ষে ক’ব পাৰি যে—
( ক ) সত্যাগ্রহৰ মূলমন্ত্র আৰু অহিংসাৰ নীতি নির্দেশণাসমূহ গান্ধীজীয়ে প্রথমে দক্ষিণ আফ্রিকাতে আয়ত্ত কৰিছিল ।
( খ ) দক্ষিণ আফ্রিকাত চলা বর্ণ বৈষম্য নীতিয়ে তেওঁক ভাৰতত প্রচলিত উচ্চ – নীচ মনােভাব দূৰ কৰাৰ কাৰণে অনুপ্ৰেৰণা যােগাইছিল ।
প্রশ্ন ১০। “ লাল-বাল – পাল ” কোন আছিল ?
উত্তৰঃ ( ক ) লালা লাজপট বায় , গুজৰাটৰ পৰা ।
( খ ) বাল গংগাধৰ তিলক , মহাৰাষ্ট্রৰ পৰা । আৰু
( গ ) বিপিন চন্দ্র পাল বংগদেশৰ পৰা —এই ত্রিমূর্তিকে লাল বাল – পাল বুলি জনা যায় ।
প্রশ্ন ১১। ৰাওলাট আইনৰ বিৰুদ্ধে পঞ্জাৱত কিয় প্রতিবাদ হৈছিল ?
উত্তৰঃ ৰাওলাট আইনৰ বিৰুদ্ধে পঞ্জাৱৰ জনসাধাৰণ তীব্র প্রতিবাদ জনাইছিল । কাৰণ প্রথম বিশ্বযুদ্ধৰ সময়ত পঞ্জাৱৰ বহুতাে সৈন্যই ইংৰাজৰ পক্ষ গ্ৰহণ কৰি যুদ্ধত বহুতাে ত্যাগস্বীকাৰ কৰিছিল । এনে কাৰ্যৰ ফলত পঞ্জাৱৰ জনসাধাৰণ বঁটাবাহন পােৱাৰ বিপৰীতে ইংৰাজে কুখ্যাত বাওলাট আইন পঞ্জাৱৰ জনসাধাৰণৰ ওপৰত জাপি দিছিল । এনে কার্যত পঞ্জাৱৰ জনসাধাৰণক ইংৰাজৰ বিৰুদ্ধে ক্ষুব্ধ কৰি তুলিছিল ।
প্রশ্ন ১২। ৰাওলাট আইন কি আছিল ? ভাৰতীয় জনসাধাৰণে এই আইনৰ কিয় বিৰােধিতা কৰিছিল ?
উত্তৰঃ ছাৰ ছিডলি ৰাওলাটৰ নেতৃত্বত অনুমােদন হােৱা এখন কুখ্যাত আইন ১৯১৯ চনৰ মাৰ্চ মাহত ভাৰতত প্রয়ােগ কুৰে । এয়ে আছিল কুখ্যাত ৰাওলাট আইন । এই আইন প্রয়ােগ কৰাৰ ফলত , ভাৰতীয় মানুহৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল আৰু ইয়াৰ বিৰােধিতা কৰিছিল । কাৰণ–
( ক ) এই আইনৰ দ্বাৰা ভাৰতীয় সংবাদ পত্ৰৰ স্বাধীনতা হৰণ কৰা হৈছিল ।
( খ ) বিনা বিচাৰে মানুহক আটক , জুৰিৰ সহায় নােলােৱাকৈ ৰাজনৈতিক অপৰাধীৰ বিচাৰব । ধাৰা ৰখা হৈছিল ।
প্রশ্ন ১৩। খিলাফৎ আন্দোলনৰ দুটা লক্ষ্যৰ কথা উল্লেখ কৰা ।
উত্তৰঃ খিলাফৎ আন্দোলনৰ দুটা লক্ষ্য হল—
( ক ) প্রথম বিশ্বযুদ্ধৰ পিছত ইংৰাজসকলে তুৰস্ক সাম্রাজ্য প্রতি কৰা অপমানৰ প্রতিবাদ কৰা ।
( খ ) তুৰস্ক সাম্রাজ্যৰ অখণ্ডতা আৰু খলিফা সকলৰ সন্মান সুৰক্ষিত কৰি ৰখাৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনােৱা ।
প্রশ্ন ১৪। অসহযােগ আন্দোলন সংঘটিত হােৱাৰ দুটা কাৰণ লিখা ।
উত্তৰঃ গান্ধীজীৰ নেতৃত্বত হােৱা অসহযােগ আন্দোলনৰ দুটা কাৰণ হ’ল—
( ক ) ১৯১৯ চনৰ অমানুষিক জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্রতিবাদ জনােৱা ।
( খ ) এই আন্দোলনৰ যােগেদি স্বৰাজীৰ দাবী উত্থাপন কৰা ।
প্রশ্ন ১৫। গান্ধীজীয়ে খিলাফৎ আন্দোলন সমর্থন কৰাৰ দুটা কাৰণ উল্লেখ কৰা ।
উত্তৰঃ ( ক ) খিলাফৎ আন্দোলনৰ যােগেদি গান্ধীজীয়ে হিন্দু – মুছলমানৰ মাজত একতা স্থাপন কৰা ।
( খ ) হিন্দু – মুছলমানৰ মাজৰ একতা অবিহনে শক্তিশালী ইংৰাজ বিৰােধী আন্দোলন গঢ়ি তােলাটো কঠিন হ’ব বুলি গান্ধীজীয়ে অনুভৱ কৰিছিল ।
প্রশ্ন ১৬। মহাত্মা গান্ধীয়ে হিন্দুস্তানী ভাষাটো কিয় জাতীয় ভাষা হিচাপে গণ্য কৰিছিল ?
উত্তৰঃ ১৯৩০ চনতে কংগ্ৰেছে হিন্দী ভাষাটোক ৰাষ্ট্ৰীয় ভাষা হিচাপে গ্ৰহণ কৰিছিল । ইয়াৰ কাৰণ হ’ল–
( ক ) হিন্দীভাষাটো হিন্দী আৰু উর্দু দুটা ভাষাৰ সংমিশ্রণ হােৱা ভাষা , হিন্দু – মুছলমান দুয়ােটা জাতিৰে গ্রহণযােগ্য ভাষা ।
( খ ) হিন্দী ভাষাটো চহকী ভাষাই নহয় ই ভাৰতৰ জনপ্রিয় আৰু দুয়ােটা জাতিৰে মিলনৰ এনাজৰী স্বৰূপ ।
( গ ) হিন্দী ভাষা ভাৰতৰ সংখ্যাগৰিষ্ঠৰ ভাৰতবাসীৰ ভাষা ।
( ঘ ) এই ভাষাটো সকলাে ঠাইতে বুজি পােৱা ভাষা , ইংৰাজীৰ পাছতে ইয়াক সকলােৱে গ্ৰহণ কৰে ।
প্রশ্ন ১৭। গান্ধীজীয়ে অসহযােগ আন্দোলন প্রত্যাহাৰ কৰাৰ কাৰণ কি আছিল ?
উত্তৰঃ অসহযােগ আন্দোলন চলি থকা সময়তে উত্তৰ প্ৰদেশৰ গােৰখপুৰ জিলাৰ অন্তৰ্গত চৌৰীচৌৰা নামে ঠাইত এক হিংসাত্মক ঘটনা সংঘটিত হয় । উত্তেজিত কৃষক জনতাই এটা আৰক্ষী চকীৰ এজন পুলিচ বিষয়া আৰু একৈছজন পুলিচক জীয়াই জীয়াই অগ্নিদগ্ধ কৰে । এনে কার্যত গান্ধীজী অসন্তুষ্ট হৈ পৰিছিল কাৰণ গান্ধীজীয়ে কোনাে ধৰণৰ হিংসাত্মক কার্যক সমর্থন কৰা নাছিল । সেয়েহে তেওঁ অসহযােগ আন্দোলন বন্ধ কৰি দিয়ে ।
প্রশ্ন ১৮। “ গান্ধীজীৰ অসহযােগ আন্দোলনৰ ফলত ভাৰতবাসীৰ মাজত জাতীয়তাবাদৰ উত্থান ঘটিছিল ” — আলােচনা কৰা ।
উত্তৰঃ গান্ধীজীৰ দ্বাৰা আৰম্ভ হােৱা অসহযােগ আন্দোলন আছিল ভাৰতত জাতীয়তাবাদী ভাৱধাৰাৰ উত্থান । কাৰণ এই আন্দোলন অকল ভাৰতীয় শিক্ষিত আৰু ধনী শ্ৰেণীৰ মাজতে আবদ্ধ হৈ থকা নাছিল । এনে আন্দোলনে সমাজৰ সকলাে শ্ৰেণীৰ জনসাধাৰণৰ হৃদয় স্পর্শ কৰিছিল । ফলস্বৰূপে এই আন্দোলনত ভাৰতৰ কৃষক , বনুৱা , শিল্পী , মহিলা আৰু সমাজৰ উচ্চ শ্ৰেণীৰ জনসাধাৰণে মুক্ত অন্তৰেৰে অংশগ্ৰহণ কৰিছিল ।
প্রশ্ন ১৯। গান্ধীজীয়ে কিয় যতৰৰ ওপৰত গুৰুত্ব আৰােপ কৰিছিল ?
উত্তৰঃ ( ক ) গান্ধীজীয়ে যতৰ বা চক্ৰটো মানৱ সমাজৰ প্রতীক হিচাপে গ্ৰহণ কৰিছিল ।
( খ ) যতৰৰ ব্যৱহাৰৰ দ্বাৰা সাধাৰণ মানুহে অতিৰিক্ত আয়ৰ থল থকা বুলি গান্ধীজীয়ে হাতে – কামে দেখুৱাইছিল ।
প্রশ্ন ২০। ১৯২৯ চনৰ লাহােৰ কংগ্ৰেছৰ অধিৱেশনৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ ১৯২৯ চনৰ লাহােৰ কংগ্ৰেছৰ গুৰুত্ব সমূহ হ’ল–
( ক ) এই অধিৱেশনত জৱহাৰলাল নেহৰু কংগ্ৰেছৰ সভাপতি পদত নির্বাচিত হৈছিল ।
( খ ) তৰুণ শক্তিৰ হাতত নেতৃত্ব প্রদানৰ কাৰণে এই অধিৱেশনত সিদ্ধান্ত লােৱা হৈছিল ।
( গ ) অতি শক্তিশালী ৰূপত আন্দোলন গঢ়ি তুলি ভাৰতৰ স্বাধীনতাৰ পথ প্রশস্ত কৰাৰ কাৰণে এই অধিৱেশনত সিদ্ধান্ত লােৱা হৈছিল ।
প্রশ্ন ২১। ভাৰতীয় জাতীয় কংগ্ৰেছে ছাইমন কমিছন কিয় বর্জন কৰিছিল ?
উত্তৰঃ লর্ড আৰউইনৰ দিনত ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি ক্রমান্বয়ে বেয়াৰ ফালে ঢাল খােৱাত এক সুস্থ পৰিবেশ ঘূৰাই অনাৰ উদ্দেশ্যে ব্রিটিছ চৰকাৰে ১৯২৭ খ্রীঃত চাইমন কমিছন নামে এক আয়োগ গঠন কৰি ভাৰতলৈ প্ৰেৰণ কৰে । উল্লেখযােগ্য যে এই কমিছনত সাতগৰাকী সদস্য আছিল আৰু আটাইকেইগৰাকীয়ে ইংৰাজ লােক আছিল । এজনাে ভাৰতীয় লােকক এই কমিছনৰ সদস্যভুক্ত নকৰাৰ কাৰণে ইয়াৰ প্ৰতিবাদ কৰা হয় । কিন্তু ইংৰাজ চৰকাৰে এই প্রতিবাদৰ কুৰিছিল । কিন্তু এই মেলত অংশগ্ৰহণ কৰি গান্ধীজীয়ে নিবাশ মন লৈ ঘূৰি আহিব লগা হয় । কাৰণ ৰক্ষণশীল চৰকাৰে আগৰ বনুৱা চৰকাৰে ভাৰবাসীৰ কাৰণে যিবােৰ আশ্বাস দিছিল সেইবােৰ পালন কৰিবলৈ মাস্তি হােৱা নাছিল । গান্ধীজীয়ে এই মেজ মেলত কেন্দ্ৰ আৰু প্ৰদেশবােৰত পূর্ণ দায়িত্বশীল চৰকাৰ দাবী কৰে । কিন্তু ৰক্ষণশীল চৰকাৰে এইদাবীৰ প্ৰতি সঁহাৰি নজনালে । সাম্প্রদায়িক ভিত্তিত প্রতিনিধি নির্বাচন কৰাৰ ব্যৱস্থাৰ বিৰুদ্ধে গান্ধীজীয়ে প্রতিবাদ কৰে । এনে পৰিস্থিতিত গান্ধীয়ে পুনৰ আইন অমান্য আন্দোলন আৰম্ভ কৰে । কিন্তু চৰকাৰে কংগ্ৰেছক বে – আইনী বুলি ঘােষণা কৰে । চৰকাৰে গান্ধীজী আৰু কংগ্ৰেছৰ নেতাসকলক পুনৰ আটক কৰে । পুনৰ গান্ধীজীক পুণা জেলত ৰখা হয় । ফলত দেশত পুনৰ অশান্তিৰ সূত্রপাত ঘটে ।
প্রশ্ন ৩২। সবমতি আশ্ৰমৰ গুৰুত্বৰ বিষয়ে লিখা ।
উত্তৰঃ ( ক ) দক্ষিণ আফ্রিকাৰ পৰা প্রত্যাৱৰ্তন কৰাৰ এবছৰ পিছত ১৯১৬ চনত গান্ধীজীয়ে আহমেদাবাদৰ সৰস্বতী নদীৰ পাৰত ঐতিহাসিক সবমতি আশ্ৰমখন প্রতিষ্ঠা কৰে ।
( খ ) এই আশ্ৰমখন আছিল গান্ধীজীৰ নিজৰ আদৰ্শসমূহ প্ৰচাৰ কৰাৰ প্রধান কেন্দ্রস্থল । এইখিনিতে উল্লেখ কৰিব পাৰি যে গান্ধীজীয়ে পৰীক্ষামূলকভাৱে এই আশ্রমতে সত্যাগ্রহ পালন কৰিছিল ।
প্রশ্ন ৩৩। গান্ধীজীৰ মৃত্যু সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে দৈনন্দিন প্রার্থনা সভাত উপস্থিত থকাৰ সময়তে গধূলি পুনেৰ এজন ব্রাহ্মণ ডেকা লােকে গান্ধীজীক ওচৰৰ পৰা গুলীয়াই হত্যা কৰে । পিছত আত্মসমর্পণ কৰা ব্যক্তিজন এখন হিন্দু উগ্রবাদী কাকতৰ সম্পাদক নাথুৰাম গডছে আছিল । গডছেৰ মতে গান্ধীজী মুছলমানসকলৰ প্রতি অতি দৰদী দয়ালু আছিল ।
| Sl. No. | সূচী-পত্ৰ |
| Chapter 1 | ইটা মণি আৰু হাড়বােৰ |
| Chapter 2 | ৰজা কৃষক আৰু নগৰসমূহ |
| Chapter 3 | স্বজন বৰ্ণ আৰু শ্রেণী |
| Chapter 4 | দার্শনিক প্রত্যয় আৰু স্থাপত্য |
| Chapter 5 | যুগে যুগে অসম |
| Chapter 6 | পর্যটকৰ দৃষ্টিভংগীৰে |
| Chapter 7 | ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ |
| Chapter 8 | এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ |
| Chapter 9 | কৃষক, জমিদাৰ আৰু ৰাজ্য |
| Chapter 10 | সম্রাট আৰু ইতিহাস |
| Chapter 11 | উপনিবেশবাদ আৰু গ্রাম্য সমাজ |
| Chapter 12 | বিদ্রোহীসকল আৰু ৰাজ |
| Chapter 13 | ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ |
| Chapter 14 | মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে |
| Chapter 15 | ভাৰত বিভাজন আৰু ৰাজনীতি |
| Chapter 16 | ভাৰতীয় সংবিধান সংকলন |
প্রশ্ন ৩৪। গান্ধীজীয়ে লর্ড আৰউইনলৈ কি দাবী পত্ৰ প্ৰেৰণ কৰিছিল ?
উত্তৰঃ গান্ধীজীয়ে আৰউইনলৈ প্ৰেৰণ কৰা দাবী সমূহ হ’ল–
( ক ) লােণৰ ওপৰত থকা কৰ আৰু আইন প্রত্যাহাৰ কৰা ।
( খ ) মাদক দ্রব্য নিবাৰণ কৰা ।
( গ ) সামৰিক বাহিনীৰ খৰচ কমােৱা ।
( ঘ ) বিদেশী সামগ্ৰীৰ ওপৰত ব্যৱসায়িক কৰ আৰােপ কৰা ।
( ঙ ) মাটিৰ ওপৰত থকা ৰাজহৰ পৰিমাণ হ্রাস কৰা ।
( চ ) প্রশাসনীয় খৰচ কমােৱা আদি দাবীবােৰ ৷
প্রশ্ন ৩৫। ক্রীপছ মিছনৰ দল ভাৰতলৈ কিয় আহিছিল ? এই মিছন কিয় ব্যর্থ হৈছিল ? অথবা , ক্রিপছ মিছন কিয় সফল নহ’ল ? দুটা কাৰণ লিখা ।
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানে জার্মানী আৰু ইটালীৰ পক্ষ লােৱাত ব্রিটিছ চৰকাৰ বৰ শংকিত হৈ পৰিছিল । ইফালে আজাদ হিন্দ ফৌজৰ নেতা সুভাষচন্দ্র বসুৱেও জাপানৰ লগত মিত্রতা স্থাপন কৰি ভাৰতৰ ইংৰাজ চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰিছিল । ফলত ভাৰতৰ নিৰাপত্তাৰ প্ৰশ্নটো অধিক জটিল হৈ পৰিছিল । এনে পৰিস্থিতিত ভাৰতীয় জনসাধাৰণক সন্তুষ্ট কৰাৰ কাৰণে প্রধানমন্ত্রী উইনস্টন চার্চিলে ব্রিটিছ সংসদৰ সমৰ পৰিষদৰ সদস্য ছাৰ ষ্টাৰফোর্ড ক্রীপছক ১৯৪২ খ্রীঃত ভাৰতলৈ প্ৰেৰণ কৰে । ক্রীপছে ভাৰতীয় নেতৃবর্গ । লগত আলােচনাত মিলিত হ’ল আৰু কেইটামান প্রস্তাৱ গ্ৰহণ কৰে ।
এই প্রস্তাৱ অনুসৰি –
(ক ) আত্ম নিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে ভাৰতীয় ইউনিয়ন গঠন কৰা ।
( খ ) ভাৰতৰ প্ৰতিৰক্ষাৰ দায়িত্ব ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত থকা ।
( গ ) যুদ্ধৰ শেষত ভাৰতীয় প্রতিনিধিবর্গক লৈ গঠিত সংবিধান সভাই নতুন শাসনতন্ত্র ৰচনাৰ দায়িত্ব দিয়া ।
কিন্তু ক্রীপছ মিছা ব্যর্থ হৈছিল । কাৰণ ক্রীপছৰ প্ৰস্তাৱত কোনো নতুনত্ব নাছিল । গান্ধীজীৰ মতে ই হ’ল দেৱলীয়া বেংকে পিছত দিবলগীয়া ধনৰ এটা প্রতিশ্রুতি । সেয়ে কংগ্ৰেছে ইয়াক অগ্রাহ্য কৰে ।
ঠিক তেনেদৰে পাকিস্তানৰ দাবী স্বীকৃত নােহােৱাৰ বাবে মুছলিম লীগেও ক্রীপছ প্রস্তাৱৰ বিৰােধিতা কৰে । ফলত বিফল মনােৰথ হৈ ক্রীপছ স্বদেশলৈ প্রত্যাবর্তন কৰিবলৈ বাধ্য হয় ।
প্রশ্ন ৩৬। গান্ধী আৰউইন চুক্তিৰ বিষয়ে চমুকৈ লিখা । অথবা , লর্ড আৰউইন কোন আছিল ? গান্ধী আৰউইন চুক্তিৰ চৰ্তবােৰ কি কি আছিল ?
উত্তৰঃ ভাৰতৰ আইন অমান্য আন্দোলন চলি থকা সময়ত কংগ্ৰেছ আৰু ইংৰাজ চৰকাৰৰ মাজত বুজাপৰা হােৱাৰ কাৰণে এক আলােচনা অনুষ্ঠিত হয় । শেষত ১৯৩৫ খ্রীঃ ৫ মার্চ তাৰিখে সেই সময়ৰ গৱৰ্ণৰ জেনেৰেল আৰউইন আৰু গান্ধীজীৰ মাজত এখন চুক্তি হয় । ইয়াকে গান্ধী – আৰউইন চুক্তি বুলি জনা যায় । এই চুক্তি অনুসৰি গান্ধীজীয়ে আইন অমান্য আন্দোলন বন্ধ কৰিবলৈ আৰু আন্দোলন চলি থকা সময়ত ইয়াক দমন কৰাৰ কাৰণে পুলিচে লােৱা ব্যৱস্থাৰ অনুসন্ধান নকৰিবলৈ দুয়ােপক্ষ সম্মত হয় । আইন অমান্য আন্দোলনত বন্দী হােৱা লােকসকলৰ হিংসাত্মক কার্যত লিপ্ত থকা লােকৰ বাহিৰে বাকী সকলাে লােককে মুক্তি দিবলৈ আৰু বাজায়াপ্ত সম্পত্তিবােৰ পুনৰ ঘূৰাই দিবলৈ চৰকাৰ সম্মত হয় । গান্ধী আৰউইন চুক্তিয়ে ভাৰতবাসীৰ মনত মিশ্রিত প্রতিক্রিয়া সৃষ্টি কৰে । কংগ্ৰেছৰ নৰমপন্থীসকলে ইয়াৰ প্রতি আদৰণি জনায় । আনহাতে , সুভাষচন্দ্র বসু , জৱাহৰলাল নেহৰু আদিয়ে এই চুক্তি সন্তোষজনক নহয় বুলি মত প্রকাশ কৰে ।
প্রশ্ন ৩৭। ১৯৩০ চনৰ ২৬ জানুৱাৰী দিনটো স্বাধীনতা দিবস হিচাপে পালন কৰাৰ কাৰণে গান্ধীজীয়ে দিয়া চাৰিটা পৰামৰ্শৰ কথা উল্লেখ কৰা ।
উত্তৰঃ ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰাৰ কাৰণে গান্ধীজীয়ে দিয়া পৰামর্শ কেইটা হ’ল—
( ক ) এই দিৱস গাঁও আৰু চহৰৰ সকলাে অঞ্চলতে পালন কৰা হ’ব । লগতে সভা – সমিতি অনুষ্ঠিত কৰা হ’ব ।
( খ ) প্রাচীন পৰম্পৰা অনুসৰি ঢােল বজাই ৰাইজে এই দিৱস পালন কৰিব ।
( গ ) উৎযাপনৰ লগে লগে ত্ৰিৰংগা পতাকা উত্তলন কৰিব ।
( ঘ ) দিৱস উৎযাপনৰ পিছৰ সময়ছােৱাত জনসাধাৰণে যতৰত সূতা কটাৰ কাৰণে গান্ধীজীয়ে জনসাধাৰণক পৰামর্শ দিছিল ।
প্রশ্ন ৩৮। নৰমপন্থী আৰু চৰমপন্থী সকলৰ মাজত থকা পার্থক্যবােৰ আলােচনা কৰা ।
উত্তৰঃ ( ক ) নৰমপন্থী নেতা সকলে সাংবিধানিক কাঠামােৰ মাজেৰে সমস্যা সমাধান কৰিব বিচাৰিছিল । ইয়াৰ বিপৰীতে চৰমপন্থী সকলে উগ্রবাদ নীতিৰ জৰিয়তে সমস্যা সমাধানৰ পােষকতা কৰিছিল ।
( খ ) নৰমপন্থী সকলে আবেদন – নিবেদনৰ জৰিয়তে ভাৰতৰ সংস্কাৰৰ কথা চিন্তা কৰিছিল । ইয়াৰ বিপৰীতে চৰমপন্থী নেতা সকলে যিকোনাে কঠোৰ ব্যৱস্থাৰ জৰিয়তেহে সংস্কাৰৰ পােষকতা কৰিছিল ।
প্রশ্ন ৩৯। খিলাফৎ আন্দোলন কি ? ভাৰতত এই আন্দোলনৰ নেতৃত্ব কোনে দিছিল ? গান্ধীজীয়ে এই আন্দোলনলৈ কিয় সমর্থন আগবঢ়াইছিল ?
উত্তৰঃ প্রথম বিশ্বযুদ্ধৰ সময়ত ভাৰতীয় মুছলমান সকলৰ সমর্থন আদায় কৰাৰ কাৰণে ইংৰাজসকলে ঠুৰস্কৰ প্রতি কোমল মনােভাব পােষণ কৰিছিল । কিন্তু যুদ্ধৰ অন্তত ইংৰাজে নিজৰ চৰ্ত ভংগ কৰিছিল । এনে কার্যত তুৰস্কৰ লগতে ভাৰতৰ মুছলমান সকলাে অসন্তুষ্ট হয় । ফলত ইংৰাজ চৰকাৰৰ এনে নীতিৰ বিৰুদ্ধে খলিফাসকলৰ নেতৃত্বত এটি আন্দোলন আৰম্ভ হয় । এই আন্দোলনকে খিলাফৎ আন্দোলন বুলি কোৱা হয় ।
ভাৰতত এই আন্দোলনৰ নেতা আছিল মহম্মদ আলি আৰু চৌকত আলি নামে দুজন ককাই ভাই ।
গান্ধীজীয়ে ভাৰতৰ হিন্দু আৰু মুছলমানৰ মাজত এক অবিহনে ইংৰাজসকলক ভাৰতৰ পৰা খেদি পঠিওৱাতাে অতি কঠিন হ’ব বুলি অনুভৱ কৰিছিল । সেয়ে হিন্দু – মুছলমানৰ মাজত একতা স্থাপনৰ এইটোৱে উত্তম সুযােগ বুলি ভাবি গান্ধীজীয়ে খিলাফৎ আন্দোলনলৈ সমর্থন জনাইছিল ।
প্রশ্ন ৪০। সাম্প্রদায়িকতাবাদ কি ? সাম্প্রদায়িকতাবাদ গা কৰি উঠাৰ কাৰণবােৰ উল্লেখ কৰা ।
উত্তৰঃ ভাৰতত সাম্প্রদায়িকতাবাদ গঢ়ি উঠাৰ কাৰণবােৰ হ’ল –
( ক ) ইংৰাজসকলে নিজৰ স্বার্থ সুৰক্ষিত কৰি ৰখাৰ কাৰণে ভাৰতীয় সমাজত বিভেদ সৃষ্টি কৰিছিল ।
( খ ) হিন্দু আৰু মুছলমানৰ মাজত বিভাজন ঘটাই ইংৰাজে ভাৰতত সাম্প্রদায়িকতাৰ বীজ ৰােপণ কৰিছিল ।
( গ ) ১৯০৬ চনত মুছলীম লীগৰ জন্মও ভাৰতত সাম্প্রদায়িক বিভাজনৰ আন এটা কাৰণ বুলি ক’ব পাৰি ।
( ঘ ) আলি জিন্নাৰ দ্বি – জাতীয় সূত্রও আছিল সাম্প্রদায়িকতাবাদৰ আন এক উল্লেখযােগ্য কাৰণ ।
প্রশ্ন ৪১। ১৯২৯ চনৰ লাহােৰ কংগ্ৰেছ অধিৱেশন ভাৰত বুৰঞ্জীত কিয় গুৰুত্বপূর্ণ ?
উত্তৰঃ ১৯২৯ চনত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত হােৱা ঐতিহাসিক লাহােৰৰ কংগ্ৰেছ অধিৱেশনত ইংৰাজৰ বিৰুদ্ধে পূর্ণ স্বাধীনতাৰ দাবী তােলা হৈছিল । সেই ফালৰ পৰা এই অধিৱেশন ভাৰতীয় ইতিহাসত গুৰুত্বপূৰ্ণ বুলি কোৱা হয় ।
প্রশ্ন ৪২। অসহযােগ আন্দোলনৰ যিকোনাে দুটা কাৰ্যসূচী লিখা ।
উত্তৰঃ অসহযােগ আন্দোলনৰ দুটা কাৰ্যসূচী হ’ল—
( ক ) সকলাে চৰকাৰী পদ ত্যাগ কৰা ।
( খ ) স্বদেশী সামগ্ৰীৰ ব্যৱহাৰ কৰা ।
প্রশ্ন ৪৩। লােণ যাত্রা কিয় উল্লেখযােগ্য বুলি বিবেচিত হৈছিল তাৰ দুটা কাৰণ দশোৱা ।
উত্তৰঃ গান্ধীজীয়ে প্রতিষ্ঠা কৰা সবৰমতি আশ্ৰমৰ পৰা ৭৮ জন সহযােগীৰ সহায়ত গান্ধীজীয়ে ১৯৩০ চনৰ ১২ মার্চ তাৰিখে চৰকাৰৰ লােণ আইন ভংগ কৰাৰ কাৰণে আৰৱ সাগৰ পাৰত অৱস্থিত দাণ্ডিলৈ যাত্ৰা কৰিছিল ।
দাণ্ডি যাত্রাৰ বিশেষ তাৎপর্য আছিল । কাৰণ এই যাত্রাৰ জৰিয়তে গান্ধীজীয়ে চৰকাৰৰ লােণ আইন ভংগ কৰিছিল ।
ৰচনাধর্মী প্রশ্নোত্তৰ
প্রশ্ন ১। জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ চমু ইতিহাস ব্যাখ্যা কৰা ।
উত্তৰঃ লর্ড কার্জনৰ বংগ বিভাজনে ভাৰতীয় জনগণৰ মনত যি অসন্তুষ্টিৰ বীজ ৰােপণ কৰিছিল তাৰ ফলতে ভাৰতবৰ্ষত সাম্রাজ্যবাদী আন্দোলন গঢ় লৈ উঠে । সেয়েহে ইংৰাজ চৰকাৰেও এই সন্ত্রাসবাদ প্রতিৰােধ কৰাৰ কিছুমান ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে ৰাওলাট চাহাবৰ নেতৃত্বত এটা আয়ােগ গঠন কৰে । ৰাওলাট বিল সংসদত উত্থাপন কৰাৰ লগে লগে গােটেই ভাৰত ব্যাপী ইয়াৰ প্রতিবাদ আৰম্ভ হয় ।
দিল্লী , আহমেদাবাদৰ লগতে ৰাওলাট আইনৰ ফলত পঞ্জাৱতাে কিছুমান বিক্ষিপ্ত ঘটনা ঘটিবলৈ লয় । চৰকাৰে আফগানিস্তানৰ প্রতি লক্ষ্য ৰাখি পঞ্জাৱৰ প্রতি বিশেষ মনােযােগ দিছিল আৰু প্রতিবাদৰ আশংকা কৰি তাৰ নেতৃস্থানীয় লােক ডা° সত্যপাল আৰু ডা° কিছলুক পঞ্জাৱৰ গৱৰ্ণৰে আটক কৰি গােপন কোনাে এক অজ্ঞাত ঠাইলৈ প্ৰেৰণ কৰে । চৰকাৰৰ এনে কার্যত পঞ্জাৱৰ জনগণ ক্ষুব্ধ হয় আৰু ইয়াৰ প্রতিবাদ জনাবলৈ অমৃত সৰত এক শান্তি সমদল উলিয়ায় । কিন্তু শান্তিপূর্ণভাৱে সমদলত যােগদান কৰা লােকৰ ওপৰত চৰকাৰী সেনাই গুলীচালনা কৰাৰ ফলত কেইবাজনাে লােক নিহত হয় । পৰৱৰ্তী কালৰ যিকোনাে বিক্ষোভৰ পৰা হাত সৰাৰ কাৰণে ১৯১৯ খ্রীৰ মার্চ মাহৰ ১২ তাৰিখে জেনেৰেল ডায়াৰৰ নেতৃত্বত পঞ্জাৱক মিলিটাৰী শাসনৰ অধীনস্থ কৰা হয় । আৰু সেইদিনাই ডায়াৰে সকলাে সভা – সমিতি পতাৰ নিষেধাজ্ঞা বলবৎ কৰে ।
ইতিমধ্যে শান্তিপ্রিয় লােকক গুলীয়াই হত্যা কৰাৰ প্রতিবাদ কৰা উদ্দেশ্যে ১৩ মার্চৰ দিনা এখন প্রতিবাদ সভা আহ্বান কৰে । কিন্তু ১২ তাৰিখৰ নিষেধাজ্ঞা ঘােষণা ভালদৰে প্ৰচাৰ নােহােৱাত ১২ তাৰিখে হ’ব লগা জালিয়ানৱালাবাগৰ সভাত যােগ দিয়াৰ কাৰণে বহু হেজাৰ লােক সমাগম হয় । এনেদৰে বিশাল গণসমাবেশৰ উমান পােৱাৰ লগে লগে জেনেৰেল ডায়াৰে সশস্ত্ৰ কিছুমান সৈন্যৰ সৈতে আহি তাত উপস্থিত হয় । উল্লেখযােগ্য যে এই ঠাইখিনিৰ চাৰিওফালে পকা দেৱালেৰে ঘেৰ আছিল আৰু অহা – যােৱাৰ বাবে মাত্র এটা পথ আছিল । ডায়াৰে সসৈন্যে এই পথটোত অৱস্থান কৰি এবাৰাে সাৱধানবাণী নুশুনােৱাকৈ শান্তিপূর্ণ জনগণৰ ওপৰত অবাধ গুলীবর্ষণ কৰিছিল । এই গুলী চালনাৰ ফলত অসংখ্য মানুহ আহত আৰু নিহত হৈছিল ।
প্রশ্ন ২। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ বৈশিষ্ট্যবোৰ আলােচনা কৰা ।
উত্তৰঃ ১৯৩৫ চনত সন্নিৱিষ্ট ভাৰত চৰকাৰ আইনখন ভাৰতৰ সাংবিধানিক ইতিহাসৰ এক উল্লেখযােগ্য পদক্ষেপ বুলি ক’ব পাৰি । স্বাধীন ভাৰতৰ নতুন সংবিধান বলবৎ নােহােৱা পর্যন্ত এই আইনৰ যােগেদি ভাৰতৰ শাসনভাৰ নিয়ন্ত্রিত হৈছিল । এই আইনখনৰ মুখ্য বৈশিষ্ট্যসমূহ তলত আলােচনা কৰা হল ।
( ক ) এই আইনখনৰ যােগেদি প্রদেশবােৰত দ্বৈত শাসন ব্যৱস্থা তুলি দি তাৰ ঠাইত স্বায়ত্ত শাসন ব্যৱস্থা প্রতিষ্ঠা কৰিছিল । ১৯৩৯ খ্রীঃৰ আইনত প্রদেশবােৰত দ্বৈত সংৰক্ষিত আৰু হস্তান্তৰিত এই দুই ভাগত ভাগ কৰি প্রথম বিষয়ৰ দায়িত্ব জনসাধাৰণে নির্বাচন কৰি দিয়া মন্ত্রীসকলৰ ওপৰত ন্যস্ত কৰা হৈছিল । কিন্তু প্রদেশবােৰত ভাৰত চৰকাৰ আইনে দ্বৈত শাসন ব্যৱস্থা তুলি দি প্রদেশবােৰত স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰে ।
( খ ) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে ভাৰতৰ সকলােবােৰ দিশতে ব্রিটিছ চৰকাৰৰ প্রাধান্য স্বীকাৰ কৰিছিল । ভাৰতৰ সংবিধান সংশােধন , পৰিৱৰ্তন কৰা দায়িত্বসমূহ ব্রিটিছ পার্সিয়ামেণ্টক ওপৰত ন্যস্ত আছিল । অর্থাৎ এই আইনে বৃটিছ পার্সিয়ামেণ্টৰ সার্বভৌম কর্তৃপক্ষ বুলি স্বীকাৰ কৰি লৈছিল ।
( গ ) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে প্রদেশসমূহত দ্বৈত শাসন ব্যৱস্থা তুলি দিছিল যদিও কেন্দ্ৰত দ্বৈত শাসন ব্যৱস্থা কৰিছিল । প্রতিক্ষা , বৈদেশিক পৰিক্ৰমা , ধর্মীয় বিষয়সমূহ আৰু জনজাতীয় বিষয় — এই চাৰিটা বিষয় গৱৰ্ণৰ জেনেৰেলে তেওঁৰ পৰিষদৰ সদস্যসকলৰ সহায়ত তেওঁৰ নিজা বিচাৰ বুদ্ধিৰে শাসন চলাব পাৰিছিল । বাকীবােৰ কেন্দ্রীয় বিষয় গৱৰ্ণৰ জেনেৰেলে মন্ত্ৰীৰ পৰামর্শতে চলাব লাগিছিল । দেশীয় ৰাজ্য আৰু প্ৰদেশবােৰৰ মাজত সংঘটিত বিবাদ মীমাংসাৰ কাৰণে যুক্তৰাষ্ট্ৰীয় ন্যায়ালয় ব্যৱস্থা কৰা হয় ।
( ঘ ) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে গৱৰ্ণৰ জেনেৰেল আৰু প্রাদেশিক গৱৰ্ণৰসকলক বিশেষ দায়িত্ব দিছিল । ইয়াৰ ফলত ভাৰতত গণতান্ত্রিক আৰু দায়িত্বশীল শাসনৰ প্রৱর্তন হােৱাত বাধাৰ সৃষ্টি হয় ।
( ঙ ) প্রশাসনীয় বিষয়সমূহ তিনিটা ভাগত ভাগ কৰা হয় । যিবােৰ বিষয় জাতীয় স্বার্থ নিহিত সিবােৰ কেন্দ্রীয় সূচীত আৰু যিবােৰ স্থানীয় স্বার্থ নিহিত সিবােৰ ৰাজ্যিক সূচীত অন্তর্ভুক্ত কৰা হয় ।
( চ ) এই আইনৰ ফলত ব্রিটিছ সাম্রাজ্যভুক্ত ভাৰতীয় প্রদেশ আৰু দেশীয় ৰাজ্যসমূহক লৈ এখন যুক্তৰাষ্ট্ৰীয় গঠন কৰা হয় । যুক্তৰাষ্ট্ৰত যােগ দিবলৈ বাধ্য আছিল যদিও দেশীয় ৰাজ্যবােৰ যোগ দিবলৈ বাধ্য নাছিল । এই যুক্তৰাষ্ট্ৰত দ্বিসদনীয় বিধানমণ্ডল আছিল । সেয়া হ’ল উচ্চ সদন আৰু নিম্ন সদন । উচ্চ সদনত অসমৰ সংখ্যা হল ২৬০ খন আৰু নিম্ন সদনত ৩৭৫ খুনৰ ব্যৱস্থা কৰা হয় ।
প্রশ্ন ৩। আইন অমান্য আন্দোলনৰ বিষয়ে চমুকৈ উল্লেখ কৰা ।
উত্তৰঃ ভাৰতীয় ৰাজ্যিক সচিবে ছাইমন কমিছন গঠন কৰা সময়ত ভাৰতবাসীক সর্বসন্মত সংবিধানখন ৰচনা কৰাৰ যি প্রত্যাহ্বান জনাইছিল তাৰ ফলত নেহৰু কমিটিয়ে তেনেকুৱা সংবিধান এখন ৰচনা কৰে । ইতিমধ্যে ইংলণ্ডত বনুৱা দলে শাসনভাৰ গ্ৰহণ কৰাত লর্ড আৰউইনে ভাৰতবৰ্ষক অধিক মর্যাদা দিব বুলি ঘােষণা কৰে আৰু আন কিছুমান সুবিধা প্রদানৰ আশ্বাস দিয়ে । কিন্তু কংগ্ৰেছৰ কিছুমান নেতাই গৱৰ্ণৰ জেনেৰেলক প্রত্যক্ষ সাক্ষাৎ কৰি তেওঁৰ পৰা তেনে কোনাে নিশ্চিত আশ্বাস লাভ কৰিব নােৱাৰিলে । তেতিয়া কংগ্ৰেছৰ নেতৃবর্গই অসন্তুষ্ট হৈ ১৯৩০ খ্রীঃৰ ৩১ ডিচেম্বৰৰ মাজনিশা লাহােৰ অধিবেশনত কংগ্ৰেছে পূর্ণ স্বাধীনতা আৰু আইন অমান্য আন্দোলনৰ সিদ্ধান্ত গ্রহণ কৰে । লগতে ২৬ জানুৱাৰী দিনটো স্বাধীনতা দিবস হিচাপে পালন কৰাৰাে সিদ্ধান্ত ঘােষণা কৰে । ইতিহাস প্রসিদ্ধ দাণ্ডি যাত্ৰাৰে গান্ধীজীয়ে এই আন্দোলন আৰম্ভ কৰে ।
১৯৩০ খ্রীঃৰ ১২ মাৰ্চৰ দিনা মহাত্মা গান্ধীয়ে নিজে প্রতিষ্ঠা কৰা আহমেদাবাদৰ সৱৰমতি আশ্ৰমৰ পৰা ৭৮ জন সহকর্মীক লৈ আৰব সাগৰৰ পাৰত অৱস্থিত দাণ্ডি নামৰ চহৰলৈ খােজকাঢ়ি যাত্রা কৰে । প্রায় ২৪ দিনত ২৪১ মাইল পথ অতিক্রম কৰি গান্ধীজীয়ে ৬ এপ্রিলৰ দিনা দাণ্ডিত উপস্থিত হয় আৰু সাগৰৰ পানী উতলাই লােণ তৈয়াৰ কৰি এই ব্যৱসায়ত চৰকাৰৰ একচেটিয়া অধিকাৰ খর্ব কৰি লােণ আইন ভংগ কৰে । ইয়াৰ লগে লগে সমগ্র দেশতে আইন অমান্য আন্দোলন আৰম্ভ হয় ।
এই আইন অমান্য আন্দোলনত দেশৰ ল’ৰা বুঢ়া , পুৰুষ – মহিলা সকলােৱে যােগদান কৰিছিল । দেশৰ নেতাসকলে সমুদ্র তীৰৰ নানা ঠাইত লােণ তৈয়াৰ কৰি আইন ভংগ কৰে । লােণ তৈয়াৰ কৰাৰ সুবিধা নথকা ঠাইবােৰত নিষিদ্ধ ৰাজনৈতিক পুস্তিকা বিক্রী , ১৪৪ ধাৰা ভংগ কৰি সভা সমিতি পতাৰ চেষ্টা আৰু বিদেশী সামগ্রী অগ্নিদগ্ধ কৰা আদিবােৰ পালন কৰা হৈছিল ।
গান্ধী – আউইন চুক্তি আৰু আইন অমান্য আন্দোলন প্রত্যাহাৰঃ কংগ্ৰেছৰ অসহযােগৰ ফলত ঘূৰণীয়া মেজমেলৰ অসাৰতালৈ লক্ষ্য ৰাখি চৰকাৰে কংগ্ৰেছৰ লগত আপােচলৈ আহিবলৈ সিদ্ধান্ত লয় । ১৯৩১ খ্রীঃৰ জানুৱাৰী মাহত আটাইবােৰ নিষেধাজ্ঞা তুলি গান্ধীজী প্রমুখ কংগ্ৰেছ নেতৃবর্গক মুক্তি দিয়ে । ইয়াৰ পিছত এক সুদীর্ঘ আলােচনাত মিলিত হয় আৰু শেষত ১৯৩১ খ্রীঃৰ মাৰ্চ মাহত গান্ধী আৰু লৰ্ড আৰউইনে এক চুক্তি সম্পাদন কৰে । এই চুক্তি অনুসৰি আটাইবােৰ দমনমূলক আইন পৰিহাৰ কৰে আৰু হিংসাত্মক কার্যত লিপ্ত থকা বন্দীসকলৰ বাহিৰে বাকী ৰাজনৈতিক বন্দীক মুক্তি কৰি দিয়ে । ইয়াৰ লগে লগে কংগ্ৰেছে আইন অমান্য আন্দোলন বন্ধ কৰি দ্বিতীয় ঘূৰণীয় মেজমেলত অংশগ্রহণ কৰাৰ সিদ্ধান্ত ঘােষণা কৰে ।
প্রশ্ন ৪। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকাৰ বিষয়ে আলােচনা কৰা । অথবা , অসহযােগ আন্দোলনৰ ওপৰত এটি চমু টোকা লিখা ।
উত্তৰঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহামানৱ মহাত্মা গান্ধীৰ যি বহুমূলীয়া অৱদান সি ভাৰতীয় ইতিহাসৰ এক গৌৰবােজ্জ্বল অধ্যায় । মহাত্মা গান্ধী ১৯১৯ খ্রীঃৰ ভাৰত ৰাজনৈতিক মঞ্চত প্রৱেশ কৰে । ১৯২০ খ্রীঃত লােকমান্য তিলকৰ মৃত্যুৰ পিছত মহাত্মা গান্ধী কংগ্ৰেছৰ অ – প্রতিদ্বন্দী নেতা হিচাপে পৰিগণিত হয় ।
( ক ) মহাত্মা গান্ধী আৰু অসহযােগ আন্দোলন :- ১৯২০ খ্রীঃৰ নাগপুৰ আৰু কলিকতা অধিবেশনত অসহযােগ আন্দোলনৰ সিদ্ধান্ত গৃহীত হয় । হিন্দু – মুছলমানৰ মাজত ঐক্য স্থাপন কৰাৰ কাৰণে গান্ধীজীয়ে খিলাফৎ আন্দোলনৰ প্রতি সমর্থন জনায় । হিন্দু – মুছলমান সকলাে পক্ষৰ পৰা পূর্ণ সমর্থন লাভ কৰাৰ পিছত গান্ধীজীয়ে ইংৰাজ চৰকাৰৰ বিৰুদ্ধে অসহযােগ আন্দোলন আৰম্ভ কৰে । ভাৰতবৰ্ষৰ প্ৰায়বােৰ শ্ৰেণীৰ লােকে অসহযােগ আন্দোলন প্রতি সহাৰি জনায় আৰু গােটেই বছৰটো এই আন্দোলন চলি থাকে । চিত্তৰঞ্জন দাস , মতিলাল নেহৰু , জৱাহৰলাল নেহৰু , লালা লাজপট ৰায় , বল্লভভাই পেটেল , ৰাজেন্দ্র প্রসাদ আদিৰ নিচিনা গণ্যমান্য লােকসকলে ব্যৱসায় আদি ত্যাগ কৰি এই আন্দোলনত প্রত্যক্ষভাৱে অংশগ্রহণ কৰে । ছাত্র – ছাত্রীসকলে স্কুল – কলেজ পৰিহাৰ কৰি আন্দোলনত জঁপিয়াই পৰে । বিদেশী বস্তুৰ পৰিৱর্তে স্বদেশী বস্তুৰ ব্যৱহাৰৰ প্রচলন ঘটে ।
১৯২০ খ্রীঃত নৱেম্বৰ মাহত যি নির্বাচন সংঘটিত হৈছিল তাত প্রায় দুই তৃতীয়াংশ লােকেহে অংশগ্ৰহণৰ পৰা বিৰত থাকে । ইতিমধ্যে ইংৰাজ চৰকাৰে এই অসহযােগ আন্দোলন দমন কৰাৰ উদ্দেশ্যে জনসাধাৰণৰ ওপৰত কঠোৰ নির্যাতন আৰম্ভ কৰে । চৰকাৰৰ এনে নির্যাতন সহিব নােৱাৰি চৌৰাচৌৰি নামে ঠাইত উন্মত্ত জনতাই হিংসাৰ আশ্ৰয় লৈ প্রায় । তেইছজন ইংৰাজ পুলিচক নিধন কৰে । এনেদৰে পৰিস্থিতিৰ অধিক অৱনতি ঘটাত গান্ধীজীয়ে ১৯২২ খ্রীঃৰ ফেব্ৰুৱাৰী মাহত অসহযােগ আন্দোলনৰ কাৰ্যসূচী পৰিহাৰ কৰে । গান্ধীজীৰ এই কার্যত বহুতাে দেশপ্রেমিক ক্ষুন্ন হয় আৰু এই ছেগতে ইংৰাজে মহাত্মা গান্ধীক আটক কৰে ।
( খ ) ১৯৩০ খ্রীঃৰ আইন অমান্য আন্দোলন আৰু গান্ধীজী :- ১৯২৯ খ্রীঃত পূর্ব প্রতিশ্রুতি অনুসৰি ইংৰাজ চৰকাৰে ডমিনেন্ট ষ্টেটাছ’ৰ দাবী পূৰণ নকৰাত গান্ধীজীয়ে পুনৰ অসহযােগ আন্দোলন আৰম্ভ কৰে । ইয়াৰ পিছত তেওঁ লােণ আইন ভংগ কৰাৰ কাৰণে বহুতাে স্বেচ্ছাসেৱকৰ সৈতে গান্ধীজীয়ে দাণ্ডিলৈ যাত্রা কৰে । ইংৰাজ চৰকাৰে এখন অধ্যাদেশৰ জৰিয়তে কংগ্ৰেছক বে – আইনী বুলি ঘােষণা কৰে আৰু এসপ্তাহৰ ভিতৰত কংগ্ৰেছৰ লগত সম্পর্ক থকা সকলােবােৰ লােককে বন্দী কৰে । প্রায় আশীহাজাৰতকৈ অধিক লােকক আটক কৰা হয় । এনেহেন বিপদ সংকুল । পৰিৱেশ সৃষ্টি হােৱাত আৰউইন আৰু গান্ধীজীৰ মাজত এক চুক্তি সম্পাদন হােৱাত কংগ্ৰেছে আইন অমান্য আন্দোলন তুলি লয় ।
( গ ) ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন আৰু গান্ধীজী :- মহাত্মা গান্ধীজীয়ে ১৯৪২ চনৰ মে’ত তেওঁৰ হৰিজন’কাকতৰ যােগেদি ইংৰাজৰ ভাৰত ত্যাগ দাবী উত্থাপন কৰে । সেই বছৰে আঠ আগষ্ট তাৰিখে মুম্বাইৰ কংগ্ৰেছ অধিবেশনৰ যােগেদি ভাৰত ত্যাগ ’ প্রস্তাব গৃহীত কৰে আৰু পুনৰাই জনসাধাৰণক ব্যাপক সংগ্রামৰ বাবে আহ্বান জনায় । ৯ আগষ্টৰ কাহিলীপুৱাতে গান্ধীজী প্রমুখ্যে ৱৰ্কিং কমিটীৰ সদস্য সকলক ইংৰাজে গ্রেপ্তাৰ কৰে । ভাৰত ত্যাগ আন্দোলনে গােটেই ভাৰততে বিস্তাৰ লাভ কৰে আৰু লগে লগে হিংসাত্মক ৰূপ ধাৰণ কৰে । ইতিমধ্যে ইয়াক দমনৰ কাৰণে চৰকাৰে পাৰ্যমানে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে । গান্ধীজীয়ে চৰকাৰৰ অত্যাচাৰ বা আন্দোলন কাৰীসকলৰ হিংসাত্মক কার্যৰ সমর্থক নাছিল । সেইকাৰণে জেলৰ ভিতৰতে গান্ধীজীয়ে ২১ দিনৰ বাবে অনশন আৰম্ভ কৰে ।
( ঘ ) দ্বি – খণ্ডিত ভাৰত আৰু গান্ধীজী :- ১৯৪৪ চনৰ মে ’ মাহত ব্রিটিছ চৰকাৰে গান্ধীজী প্ৰমুখ্যে ৱৰ্কিং কমিটীৰ কেইবা জনাে নেতাক মুকলি কৰি দিয়ে । ইতিমধ্যে দ্বিতীয় বিশ্বযুদ্ধৰ অৱসান ঘটাত ১৯৪৫ চনত ইংলণ্ডৰ সাধাৰণ নির্বাচন অনুষ্ঠিত হয় । এই নির্বাচনত চার্চিল মন্ত্রীসভাৰ পতন ঘটে আৰু লেবাৰ পাৰ্টিৰ নেতা এলিয়ে নতুন চৰকাৰ গঠন কৰে । এইখিনিতে উল্লেখযােগ্য যে লেবাৰ পাৰ্টিৰ ভাৰতৰ স্বাধীনতাৰ বাবে সহানুভূতিশীল আছিল ।
প্রধানমন্ত্রী এটলিয়ে ভাৰতৰ স্বাধীনতা সম্পর্কে মীমাংসা কৰাৰ উদ্দেশ্যে ১৯৪৬ খ্রীঃৰ মার্চ মাহত ভাৰতলৈ কেবিনেট মিছ পঠিয়ায় । কেবিনেট মিছনে কংগ্রেছ আৰু লীগৰ মাজত মতানৈক্য দূৰ ক্ৰাৰ কাৰণে কিছুমান ব্যৱস্থা আগবঢ়ায় । কিন্তু দুয়ােপক্ষ এই প্রস্তাৱত মান্তি নহ’ল । ১৯৪৭ চনৰ ফেব্ৰুৱাৰী মাহত প্রধানমন্ত্রী এটলিয়ে অৱশেষত ভাৰতবৰ্ষক স্বাধীনতা প্রদান কৰাৰ কথা ঘােষণা কৰে । এই কার্য সম্পন্ন কৰাৰ উদ্দেশ্যে লর্ড মাউন্ট বেটেনক ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হিচাপে নিযুক্তি কৰি পঠিয়ায় । মাউন্ট বেটেনে গান্ধী , জিন্না আদি ভাৰতীয় নেতৃস্থানীয় লােকসকলৰ লগত আলােচনাত মিলিত হয় । শেষত তেওঁ ভাৰতবর্ষ দ্বি – খণ্ডিত হ’ব লাগে বুলি আগবঢ়োৱা পৰিকল্পনা মতে পাৰ্লিয়ামেন্টে ১৯৪৭ চনৰ জুলাই মাহত স্বাধীন ভাৰত আইন’গ্রহণ কৰে আৰু সেই চনৰে ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষ স্বাধীন হয় । ভাৰতবর্ষ স্বাধীন হ’ল সঁচা , কিন্তু দ্বি – খণ্ডিত ভাৰতবৰ্ষই গান্ধীজীক সন্তুষ্ট কৰিব নােৱাৰিলে । শেষত ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে এখন প্রার্থনা সভালৈ যােৱাৰ পথত নাথুৰাম গড়ছে নামৰ এজন আততায়ীৰ গুলীত গান্ধীজীয়ে স্বর্গগামী হয় ।
প্রশ্ন ৫। অসহযােগ আন্দোলন এক প্রকাৰ প্রতিবাদ ’ বহলাই লিখা ।
উত্তৰঃ ১৯২০ চনত মহাত্মা গান্ধীয়ে ব্রিটিছ চৰকাৰে কৰা কিছুমান অন্যায় জনক কার্যৰ বিৰুদ্ধে প্রতিবাদ স্বৰূপে অসহযােগ আন্দোলনৰ সিদ্ধান্ত লৈছিল । ভাৰতবাসীৰ প্ৰতি কৰা ন্যায়জনক কার্য হ’ল ৰাওলাট আইন , জালিৱানৱালাবাগৰ হত্যাকাণ্ড , পাঞ্জাৱৰ সামৰিক আইন , খিলাফৎ ঘটনা , স্বৰাজৰ দাবীৰ বিৰুদ্ধে প্রতিবাদ কৰি অহিংসা আৰু অসহযােগ আন্দোলনৰ সিদ্ধান্ত লয় । এই আন্দোলনত ছাত্ৰৰ স্কুল – কলেজ ত্যাগ , কোর্ট – কাছাৰী বর্জন কৰা হৈছিল । এই আন্দোলনে স্বাধীনতা আন্দোলনৰ ৰূপ সলনি কৰি তুলিছিল ।
প্রশ্ন ৬। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ চমু বুৰঞ্জী উল্লেখ কৰা । অথবা , অসমত হােৱা ভাৰত ত্যাগ আন্দোলনৰ ওপৰত এটি চমুটোকা লিখা । বা , ভাৰতীয়সকলে ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীসমূহ কেনেকৈ ৰূপায়িত কৰিছিল ?
উত্তৰঃ ক্রিছ মিছনৰ বিফলতাই ভাৰতবাসীক বিতুষ্ট কৰি তােলে । ফেচীবাদী বিৰােধী শক্তিসমূহৰ প্রতি সহানুভূতিশীল হৈ থাকিলেও দেশৰ প্রচলিত পৰিস্থিতি ভাৰতীয় জনসাধাৰণৰ কাৰণে অসহনীয় হৈ পৰিল । এনে পৰিস্থিতিত কংগ্ৰেছে ইংৰাজ চৰকাৰক ভাৰতৰ স্বাধীনতাৰ দাবী মানি ল’বলৈ বাধ্য কৰাৰ পৰা এক শক্তিশালী সংগ্রাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে ।
১৯৪২ চনৰ এপ্রিল মাহৰ হৰিজন’নামৰ সাপ্তাহিকীখনৰ এটা প্রবন্ধত গান্ধীজীয়ে ব্রিটিছক ভাৰত ত্যাগ কৰিবলৈ আহ্বান জনায় আৰু ১৫ জুলাইত ৰাধাত বহা কংগ্ৰেছ ৱর্কিং কমিটিৰ বৈঠকত ভাৰত ত্যাগ ’ প্রস্তাৱটো গ্ৰহণ কৰা হয় ।
ইংৰাজ চৰকাৰে যুদ্ধকালীন অৱস্থাত কোনাে আন্দোলন সহ্য কৰিবলৈ সন্মত নহ’ল । সেয়ে ৯ আগষ্টৰ পুৱাই গান্ধী , জৱাহৰলাল , আজাদ আদি বহুর্তে নেতা গ্রেপ্তাৰ কৰিলে । সমগ্র প্রদেশজুৰি এই গ্রেপ্তাৰ অভিযান চলিল । কংগ্ৰেছক বে আইনী বুলি ঘােষণা কৰা হ’ল । চৰকাৰৰ এনে কাৰ্যৰ বাবে সকলো পক্ষৰ লােকে আন্দোলনত অংশগ্রহণ কৰে ই তীব্রৰূপ ধাৰণ কৰে আন্দোলন কাৰীসকল হিংসাত্মক কার্যত লিপ্ত হয় । কিছুমান পুলিচ থানা , ডাকঘৰ , ৰেল লাইন , টেলিগ্রাফ লাইন আদি ধ্বংস কৰা হ’ল । ঠায়ে ঠায়ে ব্রিটিছ শাসনৰ অৱসান ঘটিল আৰু জাতীয় চৰকাৰ প্ৰতিষ্ঠা হ’ল । উত্তৰ প্রদেশ , বিহাৰ , পশ্চিমবংগ , উৰিষ্যা , অন্ধ্রপ্রদেশ , তামিলনাড়ু আৰু মহাৰাষ্ট্রৰ অনেক ঠাইত শাসকসকলে চহৰ আৰু গাৱৰ শাসনভাৰ নিজৰ দখললৈ আনিলে ।এইআন্দোলনে অসমতাে ভয়ানক ৰূপ ধাৰণ কৰিলে ।
ঠায়ে ঠায়ে শান্তি সেনা গঠিত হ’ল আৰু ইয়াৰ সদস্যসকলে আন্দোলনৰ উপৰিও আন জনকল্যাণমূলক কামতাে আত্মনিয়ােগ কৰিলে । পুৰুষ – মহিলা , যুৱক – যুবতী , কিশােৰ – কিশােৰী আদি সকলাে লােকে আন্দোলনত যােগ দিয়ে ।মহম্মদ তৈয়বুল্লা , গােপীনাথ বৰদলৈ , ফখৰুদ্দিন আলী আহমেদ , দেৱেশ্বৰ শৰ্মা , পুষ্পলতা দাস , বিষ্ণুৰাম মেধি আদি সকলাে নেতা নেত্রীক আটক কৰি কাৰাৰুদ্ধ কৰে । পুলিচ মিলিটাৰীয়ে আন্দোলন দমন কৰাৰ নামত জধে – মধে হত্যাকাণ্ডত লিপ্ত হয় । বর্তমানৰ শােণিতপুৰ জিলাৰ গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈ কনকলতা পুলিচৰ গুলীত নিহত হয়।বৰ পথাৰৰ ৰেল বগৰােৱা মিছ অভিযােগত কুশল কেঁৱৰক ফঁচী দিয়া হ’ল । ১৯৪২ চনৰ গণ আন্দোলনত অসমৰ আন কোৰাকীমান ছহিদ হ’ল— কমলা মিৰি , মুকুন্দ কাকতি , তিলক ডেঙ্কা , মদন ৰাওতা , মদন বর্মন , ওটা কঘৰী, মংগল কুৰ্মী , ঠগীৰাম সূত , লেৰেলা কছাৰী , তিলেশ্বৰ কোচ , হেমকান্ত বনিয়া , গুণাভিৰাম বৰদলৈ , ভােগেশ্বৰী ফুকননী আদি লােকসকল ।
মহাত্মা গান্ধীয়ে আন্দোলন কাৰীৰ হিংসাত্মক কার্য অথবা চৰকাৰৰ অত্যাচাৰ কোনােটোৱে সমর্থন কৰা নাছিল । সেয়েহে তেওঁ জেলৰ ভিতৰতে ২১ দিনৰ কাৰণে অনশন আৰম্ভ কৰে । শেষত কঠোৰ হাতেৰে চৰকাৰে এই আন্দোলন দমন কৰে । তথাপিও ১৯৪২ চনৰ গণবিপ্লৱে সম্পূৰ্ণৰূপে কৃতকার্য হ’ব নােৱাৰিলে যদিও ই ভাৰতবাসীৰ জাতীয়তাবাদী মনােভাৱ গঢ়ি তুলিছিল আৰু স্বাধীনতাৰ কাৰণে সর্বোচ্চ ত্যাগ কৰি অতুলনীয় মানসিক দৃঢ়তা আৰু ক্ষমতা প্রদর্শন কৰিবলৈ সক্ষম হৈছিল ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.






