Class 12 History Chapter 5 যুগে যুগে অসম

Class 12 History Chapter 5 যুগে যুগে অসম Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 5 যুগে যুগে অসম and select needs one.

Class 12 History Chapter 5 যুগে যুগে অসম

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 5 যুগে যুগে অসম Solutions for All Subject, You can practice these here…

যুগে যুগে অসম ( এক আলােকপাত ) 

পাঠ: ৫

প্রথম খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। পুৰণিকালত অসমৰ নাম কি আছিল ? 

উত্তৰঃ পুৰণিকালত অসমক প্রাগজ্যোতিষ নামে জনা গৈছিল ৷

প্রশ্ন ২। ব্ৰহ্মপুত্ৰৰ মুঠ গতি পথ কিমান ? 

উত্তৰঃ প্রায় ৮০৫ কিঃ মিঃ গতি পথ । 

প্রশ্ন ৩। অসমত ঝুমখেতিৰ প্ৰচলন কেতিয়াৰপৰা দেখা যায় ? 

উত্তৰঃ নৱ প্রস্তৰ যুগৰ পৰা আৰম্ভ হৈছিল । 

প্রশ্ন ৪। গুৱাহাটীৰ আমবাৰীত খনন কার্যত অৱিষ্কাৰ হােৱা ভগ্নাৱশেষবােৰ কেতিয়াৰ বুলি অনুমান কৰা হয় ? 

উত্তৰঃ এইবােৰ দহৰ পৰা এঘাৰ শতিকাৰ বুলি অনুমান কৰা হয় । 

প্রশ্ন ৫। অসমৰ দুজন পৌৰাণিক ৰজাৰ নাম লিখা । 

উত্তৰঃ এই দুজন ৰজা হ’ল ভীষ্মক আৰু বাণ ৰজা । 

প্রশ্ন ৬। বিদৰ্ভ ৰাজ্যৰ ৰাজধানী কি আছিল ? 

উত্তৰঃ কুণ্ডিল নগৰী আছিল । 

প্রশ্ন ৭। মধ্যযুগৰ অসমৰ অৰ্থনীতিৰ বিষয়ে জনাৰ এটা উৎসৰ নাম লিখা । 

উত্তৰঃ এই উৎসটো হ’ল হিউয়েনচাঙৰ কামৰূপৰ বিৱৰণ । 

প্রশ্ন ৮। সােৱণশিৰি নৈৰ পৰা সােণ কমােৱাসকলক কি বােলা হৈছিল ? 

উত্তৰঃ সােণােৱাল বােলা হৈছিল । 

প্রশ্ন ৯। অসমৰ প্রাচীন অধিবাসী দুটাৰ নাম উল্লেখ কৰা ।

উত্তৰঃ অসমৰ দুটা প্রাচীন অধিবাসীৰ নাম হ’ল— 

( ক ) অষ্ট্রোএচিয়াটিক । আৰু 

( খ ) মঙ্গোলিয়ান । 

প্রশ্ন ১০। প্রাচীন অসমৰ দুটা যােগাযােগ ব্যৱস্থাৰ কথা উল্লেখ কৰা । 

উত্তৰঃ এই দুটা যােগাযােগ ব্যৱস্থা হ’ল– জলপথ আৰু স্থলপথ । 

প্রশ্ন ১১। ব্রাহ্মণ সকলক দান কৰা সমষ্টিক কি বুলি জনা গৈছিল । 

উত্তৰঃ ব্রাহ্মোত্তৰ ভূমি বুলি কোৱা হৈছিল । 

প্রশ্ন ১২। মন্দিৰৰ কাৰণে দান কৰা মাটিক কি বােলা হৈছিল ? 

উত্তৰঃ ধৰ্মোত্তৰ । 

প্রশ্ন ১৩। হিউয়েনচাঙ কাৰ শাসনকালত কামৰূপলৈ আহিছিল ? 

উত্তৰঃ বৰ্মণ বংশৰ ৰজা কুমাৰ ভাস্কৰবৰ্মণৰ দিনত । 

প্রশ্ন ১৪। এটুকুৰা মাটিত যিজনে প্রথমে হাবিবন আঁতৰাই তেৱেই সেই পথাৰৰ মালিক হয়’— কোনে কৈছিল । 

উত্তৰঃ মনুৱে কৈছিল । 

প্রশ্ন ১৫। বামুণী পাহাৰ ক’ত অৱস্থিত ? 

উত্তৰঃ তেজপুৰত অৱস্থিত । 

প্রশ্ন ১৬। কালিকা পুৰাণ কেতিয়া ৰচনা কৰা হৈছিল ? 

উত্তৰঃ এঘাৰ শতিকাত ৰচনা কৰা হৈছিল ।

প্রশ্ন ১৭। গুৰুগৃহ কি আছিল ? 

উত্তৰঃ ব্রাহ্মণ । 

প্রশ্ন ১৮। যােল্লশ শতিকাত অসম ভ্ৰমণ কৰা দুখন ভ্ৰমণকাৰীৰ নাম লিখা । 

উত্তৰঃ এই দুজন ভ্ৰমণকাৰী হ’ল ৰাফল ফিটা আৰু চিহাবুদ্দিন তালিচ । 

প্রশ্ন ১৯৷ কোচ বংশৰ শ্ৰেষ্ঠ ৰজা জনৰ নাম লিখা । 

উত্তৰঃ মহাৰাজ নৰনাৰায়ণ । 

প্রশ্ন ২০। চিলাৰায় কোন আছিল ? 

উত্তৰঃ চিলাৰায় মহাৰাজ নৰনাৰায়ণৰ ভাতৃ আছিল । 

প্রশ্ন ২১। চিলাৰাই নামৰ অর্থ কি ? 

উত্তৰঃ চিলাৰ দ্বাৰা ক্ষীপ্রগতিৰে যুদ্ধ পৰিচালনা কৰিছিল বাবেই তেওঁক চিলাৰাই হিচাপে জনা গৈছিল । 

প্রশ্ন ২২। চিহাবুদ্দিন তালিচৰ ভ্ৰমণ টোকাটোৰ কি নাম আছিল ? 

উত্তৰঃ ফাতিয়াহ – ই – ইব্রিয়াহ । 

প্রশ্ন ২৩। ভক্তি চুফীবাদৰ প্রধান বৈশিষ্ট্য কি আছিল ? 

উত্তৰঃ একেশ্বৰবাদ । 

প্রশ্ন ২৪। কমতা ৰজা নীলাম্বৰ কাৰ হাতত পৰাজিত হৈছিল ? 

উত্তৰঃ বংগৰ শাসনকর্তা হুচেইন – ছাহৰ হাতত পৰাস্ত হৈছিল । 

প্রশ্ন ২৫। প্রাচীন অসমত কলম হিচাপে ব্যৱহাৰ কৰা দুবিধ সামগ্ৰীৰ নাম লিখা ।

উত্তৰঃ ( ক ) চৰাইৰ পাখী । আৰু 

( খ ) নল – খাগৰি আদি কলম হিচাপে ব্যৱহাৰ কৰিছিল । 

প্রশ্ন ২৬। আজানপীৰৰ প্রকৃত নাম কি আছিল ? 

উত্তৰঃ শ্বহমিলন আছিল । 

প্রশ্ন ২৭। আজান পীৰক শাস্তি দিয়া আহােম ৰজাজন কোন আছিল ? 

উত্তৰঃ গদাধৰ সিংহ আছিল । 

প্রশ্ন ২৮। অসমৰ নৱ বৈষ্ণৱ আন্দোলনৰ পিতৃপুৰুষ কাক কোৱা হয় ? 

উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱক কোৱা হয় । 

প্রশ্ন ২৯। আহােমসকলৰ প্রধান উপাস্য দেৱতাজনৰ নাম কি আছিল ? 

উত্তৰঃ সােমদেৱতা আছিল । 

প্রশ্ন ৩০। পীৰপাল মাটি কি আছিল ? 

উত্তৰঃ দৰহাগ বা মছজিদসমূহৰ মাটি ৰজাই খাজনাৰপুৰা ৰেহাই দিয়া প্রথাক পীৰ পাল মাটি বােলা হৈছিল । 

প্রশ্ন ৩১। গড়গঞা ৰজা কাক কোৱা হৈছিল ? 

উত্তৰঃ চুক্লেনমুঙক কোৱা হৈছিল । 

প্রশ্ন ৩২। পাইকবিলাক দাস আছিল নে ? 

উত্তৰঃ পাইক সকল দাস নাছিল ।

প্রশ্ন ৩৩। থুপুৰী কাক কোৱা হৈছিল ? 

উত্তৰঃ থুপুৰী শব্দটোৰে অকামিলাক বুজোৱা হৈছিল । 

প্রশ্ন ৩৪। গােৱালপাৰাত প্রথম কিমানখন জমিদাৰী আছিল ? 

উত্তৰঃ ১২ খন আছিল । 

প্রশ্ন ৩৫। অসম আৰু তিবৃতৰ মাজত কিমানটা গিৰিপথ আছিল ? 

উত্তৰঃ ৩৫ টা গিৰিপথ আছিল । 

Sl. No.সূচী-পত্ৰ
Chapter 1ইটা মণি আৰু হাড়বােৰ
Chapter 2ৰজা কৃষক আৰু নগৰসমূহ
Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী
Chapter 4দার্শনিক প্রত্যয় আৰু স্থাপত্য
Chapter 5যুগে যুগে অসম
Chapter 6পর্যটকৰ দৃষ্টিভংগীৰে
Chapter 7ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ
Chapter 8এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ
Chapter 9কৃষক, জমিদাৰ আৰু ৰাজ্য
Chapter 10সম্রাট আৰু ইতিহাস
Chapter 11উপনিবেশবাদ আৰু গ্রাম্য সমাজ
Chapter 12বিদ্রোহীসকল আৰু ৰাজ
Chapter 13ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ
Chapter 14মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
Chapter 15ভাৰত বিভাজন আৰু ৰাজনীতি
Chapter 16ভাৰতীয় সংবিধান সংকলন

প্রশ্ন ৩৬। কোনজন আহােম ৰজাৰ শাসন কালত প্রথম মুদ্ৰাৰ প্ৰচলন ঘটিছিল ? 

উত্তৰঃ চুক্লেনমুং বা গড়গঞা ৰজাৰ শাসন কালত । 

প্রশ্ন ৩৭৷ দৰং ৰাজ বংশাৱলী কোনে ৰচনা কৰিছিল ? 

উত্তৰঃ বলদেৰ সূর্যখৰি দৈৱদত্তই লিখিছিল । 

প্রশ্ন ৩৮। চকৰী ফেঁটী বুৰঞ্জীৰ লেখক কোন ? 

উত্তৰঃ নুমলী বৰগোহাই । 

প্রশ্ন ৩৯। কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ? 

উত্তৰঃ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হৈছিল । 

প্রশ্ন ৪০৷ অসমৰ প্রথমজন ইংৰাজ প্রশাসনীয় বিষয়া কোন আছিল ? 

উত্তৰঃ ডেভিট স্কট আছিল । 

প্রশ্ন ৪১। কোন চনত অসম প্রদেশ গঠন কৰা হয় ? 

উত্তৰঃ ১৮৭৪ চনত গঠন কৰা হৈছিল । 

প্রশ্ন ৪২। গােমধৰ কোৱৰ কোন আছিল ? 

উত্তৰঃ গােমধৰ কোৱৰে প্রথমে ইংৰাজ বিৰােধী আন্দোলন আৰম্ভ কৰিছিল । 

প্রশ্ন ৪৩। ভগদত্ত আৰু বাণৰজা কোন আছিল ? 

উত্তৰঃ প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰৰ পুতেক ভগদত্ত প্রাচীন কামৰূপৰ ৰজা আছিল । বাণৰজা শােণিতপুৰৰ ৰজা আছিল । 

প্রশ্ন ৪৪। আজানপীৰ কোন আছিল ? তেওঁৰ দৰগাহ ক’ত আছিল ? 

উত্তৰঃ আজানপীৰৰ আচল নাম ‘শ্বহ মিলন ‘ । তেওঁ ১৭ শতিকাত অসমলৈ আহি , শিৱসাগৰ , শৰাগুৰি চাপৰিত এটা দৰগাহ পাতিছিল । 

প্রশ্ন ৪৫। তিৰুৎ সিং কোন আছিল ? 

উত্তৰঃ খাচী নেতা আছিল । 

প্রশ্ন ৪৬। অসমৰ চিপাহী বিদ্রোহত কোনে নেতৃত্ব দিছিল ? 

উত্তৰঃ মণিৰাম দেৱানে নেতৃত্ব দিছিল । 

প্রশ্ন ৪৭। কোন চনত ফুলগুৰিৰ বিদ্রোহ সংঘটিত হৈছিল । 

উত্তৰঃ ১৮৬১ চনত সংঘটিত হৈছিল । 

প্রশ্ন ৪৮। কোন চনত পথৰু ঘাটৰ বিদ্রোহ সংঘটিত হৈছিল ? 

উত্তৰঃ ১৮৯৩ চনত সংঘটিত হৈছিল ।

প্রশ্ন ৪৯। কোন চনত গুৱাহাটীত মিউনিচিপাল এক্ট আইন গৃহীত হৈছিল । 

উত্তৰঃ ১৮৫০ চনত গৃহীত হৈছিল । 

প্রশ্ন ৫০। কোন চনৰ পৰা ইংৰাজসকল চিলঙত থাকিবলৈ লৈছিল ? 

উত্তৰঃ ১৮৬০ চনৰপৰা থাকিবলৈ লৈছিল । 

প্রশ্ন ৫১। কোন চনত কটন মহাবিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল ? 

উত্তৰঃ ১৯০১ চনত প্রতিষ্ঠা কৰা হৈছিল । 

প্রশ্ন ৮২। কোন চনত ডিব্ৰুগড় বেৰী হােৱাইট মেডিকেল স্কুল ( পিছলৈ মেডিকেল কলেজ ) স্থাপন কৰা হৈছিল । 

উত্তৰঃ ১৯০০ চনত স্থাপন কৰা হৈছিল । 

প্রশ্ন ৫৩। কোন চনত অসম এছচিয়েচনৰ জন্ম হৈছিল ? 

উত্তৰঃ ১৯০৩ চনত জন্ম হৈছিল । 

প্রশ্ন ৫৪। কোন চনত অসম সার্বজনিক সভা গঠন হৈছিল ? 

উত্তৰঃ ১৮৮৪ চনত এই সভা গঠন হৈছিল । 

প্রশ্ন ৫৫। কোন চনত অসম ছাত্ৰ সন্মিলনৰ জন্ম হৈছিল ? 

উত্তৰঃ ১৯১৬ চনত জন্ম হৈছিল । 

প্রশ্ন ৫৬। কোন চনত মুছলিম লীগৰ জন্ম হৈছিল ? 

উত্তৰঃ ১৯০৬ চনত গঠন হৈছিল । 

প্রশ্ন ৫৭৷ কোন চনত কেবিনেট মিছনৰ দল ভাৰতলৈ আহিছিল ? 

উত্তৰঃ ১৯৪৬ চনত কেবিনেট মিছনৰ দল ভাৰতলৈ আহিছিল । 

প্রশ্ন ৫৮। স্বাধীনতাৰ পিছত অসমৰ ৰাজ্যপাল জন কোন আছিল ? 

উত্তৰঃ আকবৰ হায়দৰী অসমৰ ৰাজ্যপাল হৈছিল । 

প্রশ্ন ৫৯। কোন চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল ? 

উত্তৰঃ ১৯৪৮ চনত স্থাপন হৈছিল । 

প্রশ্ন ৬০। কোন চনত গােপীনাথ বৰদলৈৰ মৃত্যু হৈছিল ? 

উত্তৰঃ ১৯৫০ চনত মৃত্যু হৈছিল । 

প্রশ্ন ৬১। হৰগৌৰী সংবাদ কোনে ৰচনা কৰিছিল । 

উত্তৰঃ পণ্ডিত মীন নাথে ৰচনা কৰিছিল । 

প্রশ্ন ৬২। অসম এছ’চিয়েচনৰ প্রথম সভাপতি কোন আছিল ? 

উত্তৰঃ অসম এছ’চিয়েচনৰ প্রথম সভাপতি আছিল গৌৰীপুৰৰ জমিদাৰ প্রভাত চন্দ্ৰ বৰুৱা । 

প্রশ্ন ৬৩। অসমৰ প্রথমে ক’ত কৃষক বিদ্রোহ হৈছিল ? 

উত্তৰঃ নগাঁৱৰ ফুলগুৰিত প্রথমে কৃষক বিদ্রোহ হৈছিল । 

প্রশ্ন ৬৪। এতিয়ালৈকে আৱিস্কৃত সর্বাধিক পুৰণি আহােম মুদ্রাসমূহ কোনজন আহােম ৰজাৰ দিনৰ ? 

উত্তৰঃ চুক্লেংমুং বা গড়গঞা ৰজাৰ দিনৰ ।

4 thoughts on “Class 12 History Chapter 5 যুগে যুগে অসম”

  1. Jyotispriya goswami

    There’s a request Sir.
    I would be grateful enough to you
    If you provide the Answers of chapter 5 ( Assam) in English also.
    As this chapter is not given in the NCERT books of English medium students but is included in the chapter . We are getting too troubled from where to read this chapter from.
    I hope you keep this request

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top