Class 12 History Chapter 13 ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ

Class 12 History Chapter 13 ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 13 ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ and select needs one.

Class 12 History Chapter 13 ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 13 ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ Solutions for All Subject, You can practice these here…

ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ

পাঠ: ১৩

তৃতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ভাৰতৰ এখন প্রাচীন নগৰৰ নাম লিখা ? 

উত্তৰঃ দিল্লী । 

প্রশ্ন ২। মােগলৰ দিনৰ এখন ৰাজধানীৰ নাম লিখা । 

উত্তৰঃ দিল্লী হ’ল মােগলৰ দিনৰ এখন ৰাজধানী । 

প্রশ্ন ৩। ৰাজতন্ত্রত সাধাৰণতে নগৰৰ পৃষ্ঠপােষক কোন আছিল । 

উত্তৰঃ ৰজা । 

প্রশ্ন ৪। মিউনিচিপেল কৰ সংগ্ৰহৰ ব্যৱস্থা ভাৰতত কোন শতিকাৰ পৰা আৰম্ভ হৈছিল ? 

উত্তৰঃ উনৈছ শতিকাৰ শেষৰ ফালে কৰ সংগ্ৰহৰ ব্যৱস্থা কৰিছিল । 

প্রশ্ন ৫। কোন চনত প্ৰথমটো সাৰ্বভাৰতীয় পিয়ল হৈছিল ? 

উত্তৰঃ ১৮৭২ চনত প্ৰথমটো সার্বভাৰতীয় পিয়ল আৰম্ভ কৰা হৈছিল । 

প্রশ্ন ৬। কিমান বছৰৰ মূৰে মূৰে সাধাৰণতে পিয়ল কৰাটো নিয়ম ? 

উত্তৰঃ প্রত্যেক দহ বছৰৰ মূৰে মূৰে পিয়ল কৰাটো নিয়ম কৰা হৈছিল । 

প্রশ্ন ৭। কোন চনত ভাৰতত ৰে’লপথ নির্মাণ আৰম্ভ হয় ? 

উত্তৰঃ ১৮৫৩ চনত ৰেলপথ নির্মাণ আৰম্ভ হৈছিল । 

প্রশ্ন ৮। চেণ্টজর্জ কোনখন মহানগৰত নিৰ্মাণ কৰা হৈছিল ? 

উত্তৰঃ বম্বে মহানগৰীত চেণ্টজর্জ নির্মাণ কৰা হৈছিল । 

প্রশ্ন ৯। বম্বে ডিক্তোৰিয়া টাৰমিনাছটো কোন স্থাপত্য নিদর্শন ? 

উত্তৰঃ নিও – গথিক স্থাপত্য নিদর্শন । 

প্রশ্ন ১০। ভেল্লালাৰসকল কোন আছিল ?

উত্তৰঃ ভেল্লালাৰসকল গ্রামাঞ্চলৰ জনজাতীয় লোক আছিল । তেওঁলােকে কোম্পানীৰ খুচুৰা কাম – কাজবােৰত একচেটিয়া আধিপত্য বিস্তাৰ কৰিছিল । 

প্রশ্ন ১১। পুৰাণ মানে কি ? 

উত্তৰঃ তামিল ভাষাত পুৰাণ মানে গাওৰিলাকৰ সমষ্টিক বুজাইছিল । 

প্রশ্ন ১২। পেট মানে কি বুজা ?

উত্তৰঃ পেট শব্দটো তামিল ভাষাৰ পৰা আহিছে । ইয়াৰ অৰ্থ হ’ল বন্দোৱস্ত ।

প্রশ্ন ১৩। কোন চনত কলিকতাৰ উচ্চ ন্যায়ালয় প্রতিষ্ঠা কৰা হৈছিল ? 

উত্তৰঃ ১৭৭৩ খ্রীঃত কলিকতাত উচ্চ ন্যায়ালয় প্রতিষ্ঠা কৰা হৈছিল । 

প্রশ্ন ১৪। পঞ্চম জর্জ আৰু ৰাণী মেৰী কেতিয়া ভাৰতলৈ আহিছিল ? 

উত্তৰঃ ১৯১১ চনত দুয়ােজন ভাৰতলৈ আহিছিল । 

প্রশ্ন ১৫। প্রথম পাহাৰীয়া আবাস ইংৰাজসকলে ক’ত স্থাপন কৰিছিল ? 

উত্তৰঃ চিমলাত প্রথম পাহাৰীয়া আবাস স্থাপন কৰা হৈছিল । 

প্রশ্ন ১৬। ১৮৯১ খ্রীঃত মুঠ জনসংখ্যাৰ ভিতৰত চহৰৰ জনসংখ্যাৰ হাৰ কিমান আছিল ? 

উত্তৰঃ ৯.৪ শতাংশ আছিল চহৰৰ জনসংখ্যা । 

প্রশ্ন ১৭৷ ভাৰতৰ প্রথম জৰীপ ব্যৱস্থা কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰঃ ১৮৭৪ খ্রীঃত আৰম্ভ কৰা হৈছিল । 

প্রশ্ন ১৮। পর্তুগীজসকলে কেতিয়া পাণাজীত ব্যৱসায়িক কেন্দ্র স্থাপন কৰিছিল ? 

উত্তৰঃ ১৫১০ খ্রীঃত স্থাপন কৰিছিল । 

প্রশ্ন ১৯। চিপাহী বিদ্ৰোহৰ আগত দিল্লীৰ কটোৱাল কোন আছিল ? 

উত্তৰঃ মতিলাল নেহৰুৰ পিতৃ গঙ্গাধৰ নেহৰু আছিল দিল্লীৰ কটোৱল । 

প্রশ্ন ২০। মির্জা গলীৰ কিহৰ কাৰণে বিখ্যাত আছিল ? 

উত্তৰঃ এজন উর্দু কবি হিচাপে বিখ্যাত আছিল । 

প্রশ্ন ২১। ভাৰতৰ কোনখন চহৰত ফর্ট উইলিয়াম ’ দূর্গ অৱস্থিত ?

উত্তৰঃ কলিকতা চহৰত । 

প্রশ্ন ২২। ভাৰতত কোনে প্রথমে ৰে’লসেৱা প্রবর্তন কৰিছিল । 

উত্তৰঃ লর্ড ডেলহাউচিয়ে ১৮৫৩ চনত । 

প্রশ্ন ২৩। ইংলেণ্ডৰ ৰজাই কাৰ পৰা বােম্বেখন তেওঁৰ পত্নীক যৌতুক হিচাপে লাভ কৰিছিল ? 

উত্তৰঃ পর্তুগালৰ ৰজাৰ পৰা লাভ কৰিছিল । 

প্রশ্ন ২৪। কোন চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মাদ্রাজত খােপনি পােতে 

উত্তৰ ১৫৮৯ খ্রীঃত খােপনি পােতে । 

প্রশ্ন ২৫। কোন চনত পলাচীৰ যুদ্ধ সংঘটিত হৈছিল ? 

উত্তৰঃ ১৭৫৭ চনত সংঘটিত হৈছিল । 

প্রশ্ন ২৬। ১৯০০-১৯০০ ৰ ভিতৰত শতকৰা কিমান ভাগ লােক নগৰত বাস কৰিছিল ? 

উত্তৰঃ শতকৰা কেৱল চাৰিভাগহে বাস কৰিছিল । 

প্রশ্ন ২৭। কলিকতাত প্রথম কেতিয়া মৰাপাট উদ্যোগ স্থাপন কৰে ? 

উত্তৰঃ ১৮৫০ চনৰ পৰা মৰাপাট উদ্যোগ স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল । 

প্রশ্ন ২৮। কাক স্বাগতম জনাবলৈ ১৯১১ চনত ভাৰতৰ প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰা হৈছিল ? 

উত্তৰঃ ইংলণ্ডৰ ৰজা পঞ্চম জর্জ আৰু ৰাণী মেৰীক ।

প্রশ্ন ২৯। চুয়েজ খাল কেতিয়া মুকলি কৰিছিল ? 

উত্তৰঃ ১৯৫৬ চনত । 

প্রশ্ন ৩০৷ ভাৰতবৰ্ষত কেতিয়া প্রথমে লােক গণনা কৰা হৈছিল ? 

উত্তৰঃ ১৮৭২ চনত প্রথম লোক গণনা কৰা হৈছিল । 

 চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। ইংৰাজৰ শাসন কালত গঢ়ি উঠা বর্তমান ভাৰতৰ তিনিখন প্রসিদ্ধ নগৰৰ নাম লিখা । 

উত্তৰঃ এই তিনিখন প্রসিদ্ধ মহানগৰী হ’ল বােম্বে ( মােম্বাই ) , মাদ্রাজ ( চেন্নাই ) আৰু কলিকতা ( কলকাতা ) । 

প্রশ্ন ২। বর্তমান মােম্বাই , চেন্নাই আৰু কলকাতা আদিতে কি ঠাই হিচাপে উল্লেখযােগ্য আছিল ? 

উত্তৰঃ আদিতে এই তিনিখন ঠাই মাছমৰীয়া আৰু ৰােৱা কটাৰ ঠাই হিচাপে প্রসিদ্ধ আছিল । 

প্রশ্ন ৩। ক’ত আৰু কেতিয়া প্রথম ৰে’ল সেৱাৰ প্রচলন ঘটিছিল ? 

উত্তৰঃ লর্ড ভেলহাউচিৰ শাসনকালত ১৮৪৩ খ্রীঃত বম্বে আৰু থানাৰ মাজত প্রথম ৰে’ল সেৱাৰ সম্প্ৰসাৰণ ঘটিছিল । 

প্রশ্ন ৪। ইউৰােপীয় সকলে প্রতিষ্ঠা কৰা নগৰ বা চহৰবােৰৰ প্রধান বৈশিষ্ট্য কি আছিল ? 

উত্তৰঃ এই নগৰ বা চহৰবােৰ সাধাৰণতে ডাঙৰ নদী আৰু সাগৰীয় উপকূল অঞ্চলত প্রতিষ্ঠা কৰিছিল । 

প্রশ্ন ৫। পর্তুগীজ , ইংৰাজ আৰু ফৰাচীসকলে প্রতিষ্ঠা কৰা কেইখনমান বাণিজ্যিক নগৰ বা চহৰৰ নাম উল্লেখ কৰা । 

উত্তৰঃ পর্তুগীজসকলে স্থাপন কৰা চহৰবােৰ হ’ল গােৱা আৰু ডমন । ফৰাচীসকলে পণ্ডিচেৰী , কৰিকল , মাহে আৰু চন্দন নগৰ প্রতিষ্ঠা কৰিছিল । আনহাতে , ইংৰাজসকলে প্রতিষ্ঠা কৰা নগৰ বা চহৰবােৰ হ’ল চুৰাট , ব্ৰচ , আহমেদাবাদ , আগ্রা , মছলিপট্টনম , কলকাতা , চেন্নাই আৰু বােম্বে । 

প্রশ্ন ৬। ইংৰাজসকলে নির্মাণ কৰা তিনিটা দুৰ্গৰ নাম লিখা ? 

উত্তৰঃ ইংৰাজসকলে নির্মাণ কৰা তিনিটা দুর্গ হ’ল মাদ্ৰাজৰ ফ’ৰ্ট চেইন্ট জর্জ , কলিকতাৰ ফর্ট উইলিয়াম আৰু বােম্বেৰ ফট দুর্গ । 

প্রশ্ন ৭। কলিকতাত কেতিয়া ৰে’ল যােগাযােগৰ সম্প্ৰসাৰণ ঘটিছিল ? 

উত্তৰঃ ১৮৫৪ চনত কলিকতাত প্রথম ৰে’ল যােগাযােগ ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰা হৈছিল । বিশেষকৈ কয়লা সমৃদ্ধ দক্ষিণ কলিকতালৈ ৰে’ল সেৱাৰ সম্প্ৰসাৰণ ঘটিছিল । 

প্রশ্ন ৮। ইউৰােপীয় সকলৰ সময়ত ভাৰতত প্রতিষ্ঠা হােৱা নগৰ / চহৰবােৰৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ পাঁচটা প্রধান বৈশিষ্ট্য’ হ’ল–

( ক ) নগৰবােৰৰ কিছুমান সুকীয়া স্থানত ইউৰােপীয় লােকসকল আছুতীয়াকৈ কাম কৰিছিল । 

( খ ) নগৰ চহৰবােৰৰ ৰাস্তাবােৰ আহল – বহল আৰু পােন আছিল । প্রায়বােৰ মুখ্য পথ ৰে’ল যােগাযােগৰ লগত সংলগ্ন আছিল । 

( গ ) ভাৰতৰ উচ্চ শ্রেণীৰ কাৰণেও নগৰৰ কিছুমান অঞ্চলত সুকীয়া বাসস্থান নির্মাণ কৰা হৈছিল । 

( ঘ ) ঠিক তেনেদৰে সমাজৰ মধ্য আৰু নিম্নশ্রেণীৰ কাৰণেও নগৰবােৰৰ কিছুমান ঠাইত সুকীয়া বাসস্থান নির্মাণ কৰা হৈছিল । 

( ঙ ) প্রায়বােৰ আট্টালিকাৰ গঠন প্রণালী পশ্চিমীয়া আৰ্হিৰ আছিল । 

প্রশ্ন ৯। মাদ্রাজত কেতিয়া ৰে’ল যােগাযােগৰ সম্প্ৰসাৰণ ঘটোৱা হৈছিল ? 

উত্তৰঃ ১৮৫৬ খ্রীঃত মাদ্রাজত ৰেল যােগাযােগৰ সম্প্ৰসাৰণ ঘটিছিল । 

প্রশ্ন ১০। মাদ্ৰাজৰ পূর্ব নাম কি আছিল ? কোন চনত চহৰখন প্রতিষ্ঠা কৰা হৈছিল ? কিহৰ কাৰণে এই চহৰখন প্রতিষ্ঠা কৰা হৈছিল ?

উত্তৰঃ ( ক ) বর্তমানৰ চেন্নাইখনক আদিতে চেন্ট জর্জ হিচাপে জনা গৈছিল । 

( খ ) ১৬৩৯ খ্রীঃত ইংৰাজসকলে এই চহৰখন প্রতিষ্ঠা কৰিছিল । 

( গ ) এই নগৰখন প্রতিষ্ঠা কৰাৰ কাৰণবােৰ হ’ল —

১ ) এই নগৰখন সাগৰৰ উপকূলত অৱস্থিত । 

২ ) শ্রীলংকাত উপনিৱেশ প্রতিষ্ঠাৰ কাৰণে মাদ্রাজখন ইংৰাজসকলে ঘাটি হিচাপে ব্যৱহাৰৰ উপযােগী হ’ব বুলি ধাৰণা কৰিছিল । 

৩ ) যােগাযােগ ব্যৱস্থাৰ কাৰণেও মাদ্রাজখন অতি উপযােগী আছিল । 

প্রশ্ন ১১। ইংৰাজসকলে দুর্গবােৰ কিয় নির্মাণ কৰিছিল ? নাইবা , ব্রিটিছে প্রথম ভয়াৱহ কেন্দ্রসমূহ কত প্রতিষ্ঠা কৰিছিল ? 

উত্তৰঃ সেই সময়ত ইংৰাজ আৰু আন আন ইউৰােপীয় জাতিৰ মাজত ভাৰতত বাণিজ্যিক প্রতিদ্বন্দ্বিতাৰ কাৰণে বিবাদ চলি আহিছিল । আনহাতে ভাৰতীয় লােকৰ পৰাও মাজে সময়ে ইংৰাজসকলে নিৰপত্তাহীনতাত ভুগিছিল । সেয়ে প্ৰধানকৈ নিৰপত্তা জনিত কাৰণৰ বাবেই ইংৰাজসকলে দুর্গবােৰ নিৰ্মাণ কৰিছিল । মাদ্ৰাজৰ ফর্ট চেন্ট জর্জ, কলিকতাৰ ফর্ট উইলিয়াম , আৰু বােম্বেৰ ফর্ট । 

প্রশ্ন ১২। প্রেছিডেন্সি মানে কি বুজা ? তিনিখন প্রেছিডেন্সিৰ নাম লিখা । 

উত্তৰঃ কোনাে এটা অঞ্চলৰ বিভাজনকে প্রেছিডেন্সি বােলা হয় । ইংৰাজৰ শাসনকালত গঠন কৰা তিনিখন প্রেছিডেন্সি হ’ল বােম্বে , কলিকতা আৰু মাদ্রাজ ।

প্রশ্ন ১৩। ইংৰাজসকলে কিয় পাহাৰীয়া শীত প্রধান অঞ্চলত আবাসিক স্থান গঢ়ি তুলিছিল ? 

উত্তৰঃ ইংৰাজসকলৰ গাৰ বৰণ বগা আছিল । ফলত তেওঁলােকে গৰম সহ্য কৰাটো কঠিন আছিল । তদুপৰি কিছুপৰিমাণে নিৰাপত্তা জনিত কাৰণৰ কাৰণেও তেওঁলােকে পাহাৰীয়া শীত প্রধান ঠাইত আবাসিক স্থান গঢ়ি তুলিছিল । প্রথমে তেওঁলােকে চিমলাত আবাসিক স্থান প্রতিষ্ঠা কৰিছিল । তদুপৰি চিলং , দার্জিলিং , উটি আদিতাে তেওঁলােকৰ বাসস্থান গঢ়ি তুলিছিল ।

প্রশ্ন ১৪। মাদ্রাজ প্রেছিডেন্সিত শাসন কার্য চলােৱা ইংৰাজ প্রশাসকসকলৰ নাম আৰু কার্যকালৰ সময় নিৰূপণ কৰা । 

উত্তৰঃ মাদ্রাজ প্রেছিডেন্সিত শাসনকার্য চলােৱা প্রশাসক সকল হ’ল থমাচ পিট ( ১৬৯৮ ১৭০৯ ) , এডৱার্ড হেৰিচন ( ১৭১১-১৭ ) , জোচেফ কোলেট ( ১৭১৭-২৫ ) , জেমছ মেকে ( ১৭২৫-৩০ ) , মর্টন পিট ( ১৭৩০-৩৫ ) আৰু ৰিচাৰ্ড বেনন ( ১৭৩৫-৪৪ ) । 

প্রশ্ন ১৫। পণ্ডিচেৰী বা বর্তমানৰ পুড়ুচেৰীৰ চমু ইতিহাস বর্ণনা কৰা । 

উত্তৰঃ ইংৰাজসকলৰ পিছত ফৰাচীসকলে ভাৰতত বাৱসায় বাণিজ্যৰ দিশত বিশেষ প্রধান্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল । এই ফৰাচীসকলে পুডুচেৰীত প্রথম বাণিজ্যিক ঘাটি স্থাপন কৰিছিল । এই ঠাইখিনি ফৰাচী গৱৰ্ণৰ ফ্রান্সিচ মার্টিনে চেখা লােডি নামৰ এজন স্থানীয় শাসকৰ পৰা লাভ কৰিছিল , ফ্রান্সিচ মার্টিন ফৰাচীসকলৰ পুডুচেৰীৰ প্ৰথমজন গৱৰ্ণৰ আছিল । তেওঁ শাসনভাৰ গ্রহণ কৰি এই ঠাইখিনিৰ উন্নতিৰ কাৰণে ব্যৱস্থা গ্রহণ কৰিছিল । এই ব্যৱস্থা অনুসৰি— 

( ক ) তেওঁ তাত বিখ্যাত ফর্ট লুইচ নামৰ দুর্গটো নিৰ্মাণ কৰাইছিল । 

( খ ) তেওঁৰ প্রচেষ্টাতে ১৬৭৩ খ্রীঃৰ পৰা পুভুচেৰী ফৰাচীসকলৰ প্রধান আৰু একক বাণিজ্যিক কেন্দ্ৰত পৰিণত হয় ।

( গ ) অৱশ্যে ১৬৯৩ খ্রীঃ ৰ পৰা ১৬৯৭ খ্রীঃলৈ পণ্ডিচেৰীত ওলণ্ডাজ সকলে আধিপত্য স্থাপন কৰিবলৈ সক্ষম হৈছিল । কিন্তু ১৬৯৭ চনত হােৱা এখন চুক্তিৰ জৰিয়তে পুড়ুচেৰীত পুনৰ ফৰাচীসকলৰ আধিপত্য প্রতিষ্ঠা হয় । 

প্রশ্ন ১৬। কাচবাহ আৰু গঞ্জ বুলিলে কি বুজা ? 

উত্তৰঃ কাচবাহ মানে হ’ল নগৰীয়া বসতি অঞ্চল । উত্তৰ ভাৰতত মােগল শাসনৰ সহযােগী স্থানীয় প্রসিদ্ধ লােক নাইবা বিষয়ববীয়া সকলে কাচবাহ বা নগৰীয়া বসতি অঞ্চল কিছুমান গঢ়ি তুলিছিল । 

আনহাতে , গঞ্জ মানে হ’ল কিছুমান সৰু সৰু স্থায়ী ব্যৱসায়িক কেন্দ্রস্থল বা বজাৰ – হাট । এই দুয়াে ঠাইতে নানা ধৰণৰ খাদ্য – সামগ্ৰী আৰু গাখীৰ উৎপাদন হৈছিল । এই সামগ্ৰীবােৰ ৰাজকীয় পৰিয়াল আৰু সৈন্যবাহিনীৰ লােকক যােগান ধৰা হৈছিল । লাহে লাহে এই ঠাইবােৰ ডাঙৰ নগৰ বা চহৰলৈ ৰূপান্তৰিত হৈছিল । 

প্রশ্ন ১৭। বস্তি বুলিলে কি বুজা ? 

উত্তৰঃ বস্তি শব্দটো বঙালী আৰু হিন্দী শব্দৰ পৰা আহিছে । এই শব্দটিয়ে চুবুৰীয়া ঠাই বা বসতিক বুজাইছিল । পিছে ইংৰাজসকলে এই শব্দটোৰ জৰিয়তে দৰিদ্ৰ লােকসকলে অস্থায়ীভাৱে সজা পঁজাবােৰক বুজাইছিল । ঔনবিংশ শতিকাৰ শেষলৈ ইংৰাজ অভিলেখাবােৰত বস্তি আৰু লেতেৰা ঠাইবােৰ সামর্থক ৰূপত ব্যৱহৃত হ’বলৈ লৈছিল । 

Sl. No.সূচী-পত্ৰ
Chapter 1ইটা মণি আৰু হাড়বােৰ
Chapter 2ৰজা কৃষক আৰু নগৰসমূহ
Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী
Chapter 4দার্শনিক প্রত্যয় আৰু স্থাপত্য
Chapter 5যুগে যুগে অসম
Chapter 6পর্যটকৰ দৃষ্টিভংগীৰে
Chapter 7ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ
Chapter 8এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ
Chapter 9কৃষক, জমিদাৰ আৰু ৰাজ্য
Chapter 10সম্রাট আৰু ইতিহাস
Chapter 11উপনিবেশবাদ আৰু গ্রাম্য সমাজ
Chapter 12বিদ্রোহীসকল আৰু ৰাজ
Chapter 13ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ
Chapter 14মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
Chapter 15ভাৰত বিভাজন আৰু ৰাজনীতি
Chapter 16ভাৰতীয় সংবিধান সংকলন

প্রশ্ন ১৮। পেট বুলিলে কি বুজা ?

উত্তৰঃ পেট শব্দটো তামিল ভাষাৰ পৰা আহিছে । ইয়াৰ অৰ্থ হ’ল- বসতি স্থল বা চুবুৰীয়া । আনহাতে পুৰম শব্দই গাৱক বুজাইছিল ।

প্রশ্ন ১৯। বােম্বে মহানগৰীৰ ঘৰ – দুৱাৰ নির্মাণ কার্যত ব্যবহৃত হােৱা স্থাপত্য শৈলীৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ বােম্বে মহানগৰীৰ ঘৰ – দুৱাৰ নির্মাণ কার্যত তিনিটা বহল ভিত্তিক স্থাপত্য শৈলী প্রয়ােগ কৰা হৈছিল । ইয়াৰ দুবিধ আছিল সেই সময়ত ইংলেণ্ডত প্রচলিত শৈলীৰ প্রত্যক্ষ আমদানি । ইয়াৰ প্ৰথমটো শৈলীক নৱ – ধ্রুপদী বা নব্য – ধ্রুপদী শৈলী বােলা হৈছিল । সন্মুখৰ ফালে ওখ স্তম্ভৰে সৈতে জ্যামিতিক গাঁথনিৰ নির্মাণ কার্য ইয়াৰ অন্যতম চাৰিত্রিক বৈশিষ্ট্য আছিল । এই শৈলীটো আদিতে প্রাচীন বােমৰ নিদর্শন মূলক ভৱনবিলাকৰ পৰা আহৰণ কৰা হৈছিল । ইয়াক পিছলৈ ইউৰােপীয় নৱ – জাগৰণৰ কালছােৱাত পুনৰজীৱিত , পূর্ণসংহত আৰু জনপ্রিয় কৰি তােলা হৈছিল । ভাৰতবৰ্ষত ইংৰাজ সাম্রাজ্যৰ কাৰণে এই শৈলীটোয়ে বিশেষভাৱে উপযুক্ত আছিল বুলি বিবেচনা কৰা হৈছিল । 

প্রশ্ন ২০। গঙ্গাধৰ নেহৰু কোন আছিল ? 

উত্তৰঃ গঙ্গাধৰ নেহৰু মতিলাল নেহৰুৰ পিতৃ আৰু জৱহাৰলাল নেহৰুৰ ককা আছিল । তেওঁ ১৮৫৭ চিপাহী বিদ্ৰোহৰ আগত দিল্লীৰ এজন কটোৱাল আছিল । 

প্রশ্ন ২১। বােম্বাই মহানগৰীত দেখিবলৈ পােৱা দুবিধ ঔপনিৱেশিক স্থাপত্যশৈলী উল্লেখ কৰা । 

উত্তৰঃ দুবিধ স্থাপত্যশৈলী হ’ল— 

( ক ) দুৰ্গ আৰু ( খ ) স্মাৰক সৌধ । 

প্রশ্ন ২২। আমেৰিকাৰ গৃহযুদ্ধই ভাৰতৰ ৰায়তসকলৰ জীৱন যাত্ৰাত কেনেদৰে প্ৰভাৱ পেলাইছিল ।

উত্তৰঃ আমেৰিকাৰ গৃহযুদ্ধৰ কালত ভাৰতীয় ৰায়ত সকলৰ ওপৰত কিছু প্রভাৱ পৰিছিল । কাৰণ আমেৰিকাৰ পৰা আমদানি কৰা কপাহৰ পৰিমাণ কমি গৈছিল । ফলত ভাৰতৰ দৰে ঠাইত কপাহ উৎপাদন অধিক প্রয়ােজন । ইংলেণ্ডৰ পৰা অহা কপাহৰ বেপাৰীসকলে ভাৰতীয় খেতিয়কক অধিক কপাহ উৎপাদনৰ কাৰণে উৎসাহ যােগাইছিল । ইয়াৰ ফলত মােম্বাইৰ কপাহ উৎপাদন কাৰীসকলে অধিক পৰিমাণে কপাহ উৎপাদন কৰিবলৈ আৰম্ভ কৰে । বেপাৰীসকলে কপাহ উৎপাদনৰ কাৰণে আগধনাে খেতিয়ক সকলক প্ৰদান কৰিছিল । লগতে চৰকাৰৰ ফালৰ পৰা ঋণ দিয়াৰ ব্যৱস্থাও হাতত লৈছিল । এনেদৰে ভাৰতত কপাহ উৎপাদনৰ দিশত এক উৎপাদনমুখী আন্দোলন আৰম্ভ হৈছিল । 

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top