Class 12 History Chapter 12 বিদ্রোহীসকল আৰু ৰাজ

Class 12 History Chapter 12 বিদ্রোহীসকল আৰু ৰাজ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 12 বিদ্রোহীসকল আৰু ৰাজ and select needs one.

Class 12 History Chapter 12 বিদ্রোহীসকল আৰু ৰাজ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 12 বিদ্রোহীসকল আৰু ৰাজ Solutions for All Subject, You can practice these here…

বিদ্রোহীসকল আৰু ‘ ৰাজ ’

পাঠ: ১২

( ১৮৫৭ চনৰ বিদ্রোহ , ইয়াৰ স্বৰূপ ) 

তৃতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। কোনজন গৱৰ্ণৰ জেনেৰেলৰ দিনত ১৮৫৭ ৰ বিদ্রোহ আৰম্ভ হৈছিল ? 

উত্তৰঃ লর্ড কেনিংঙৰ শাসন কালত চিপাহী বিদ্রোহ সংঘটিত হৈছিল । 

প্রশ্ন ২। ভাৰতৰ প্রথম ভাইচৰয় কোন আছিল ? 

উত্তৰঃ লর্ড কেনিং আছিল ভাৰতৰ প্ৰথমজন ভাইচৰয় । 

প্রশ্ন ৩। ১৮৫৭ – ৰ বিদ্রোহ প্রকৃততে ইংৰাজী কোন তাৰিখে আৰম্ভ হৈছিল ? 

উত্তৰঃ ১০ মে তাৰিখটো চিপাহী বিদ্ৰোহৰ প্ৰথম আৰম্ভণিৰ দিন বুলি ধৰি লব পাৰি । 

প্রশ্ন ৪। এনফিল্ড ৰাইফলৰ গুলী কিয় হিন্দুস্তানী সৈনিকে ব্যৱহাৰ কৰিব খােজা নাছিল ? 

উত্তৰঃ কাৰণ ইয়াৰ কার্টিজটো গৰু আৰু গাহৰিৰ চর্বিযুক্ত দ্রব্যৰে নির্মিত বুলি প্ৰচাৰ চলিছিল । 

প্রশ্ন ৫। দ্বিতীয় বাহাদুৰ ছাহ কোন আছিল ? 

উত্তৰঃ মােগল যুগৰ শেষ সম্রাট আছিল । 

প্রশ্ন ৬। স্বত্ববিলােপ নীতি কোনে প্রয়ােগ কৰিছিল ?

উত্তৰঃ লর্ড ডেলহাউচিয়ে প্রয়ােগ কৰিছিল । 

প্রশ্ন ৭৷ চিপাহী বিদ্রোহৰ তৎকালীন কাৰণ কি আছিল । 

উত্তৰঃ এনফিল্ড ৰাইফলৰ ব্যৱহাৰ আছিল চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ ।

প্রশ্ন ৮। বাৰানসী বিদ্রোহ কোনে দমন কৰিছিল ? 

উত্তৰঃ কর্ণেল নীলে দমন কৰিছিল । 

প্রশ্ন ৯। ৰজা মানসিক কেতিয়া ফাচী দিয়া হৈছিল ? 

উত্তৰঃ ১৮৫৯ চনৰ ১৮ এপ্রিল তাৰিখে ফাঁচী দিয়া হৈছিল । 

প্রশ্ন ১০। ৰাণী লক্ষ্মীবাইৰ অন্য এটি নাম কি ? 

উত্তৰঃ মনিকর্নিকা আছিল লক্ষ্মীবাইৰ অন্য এটি নাম ।

প্রশ্ন ১১। কোন চনত ৰাণী লক্ষ্মীবাইৰ মৃত্যু ঘটে ? 

উত্তৰঃ ১৮৫৮ চনৰ ১৮ জুন তাৰিখে তেওঁৰ মৃত্যু ঘটে । 

প্রশ্ন ১২। বশ্যতামূলক নীতি কোনে প্রৱৰ্তন কৰিছিল ? 

উত্তৰঃ গৱৰ্ণৰ জেনেৰেল লর্ড ৱেলেছলিয়ে বশ্যতামূলক নীতি প্রবর্তন কৰে । 

প্রশ্ন ১৩। অসমত চিপাহী বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল ? 

উত্তৰঃ মণিৰাম দেৱানে নেতৃত্ব প্রদান কৰিছিল । 

প্রশ্ন ১৪। চিপাহী বিদ্রোহক কোনে স্বাধীনতা যুদ্ধ বুলি কৈছিল ? 

উত্তৰঃ জেমচ আউটমে তেনেদৰে কৈছিল । 

প্রশ্ন ১৫। চিপাহী বিদ্রোহক কোনে প্রথম ভাৰতীয় স্বাধীনতা ৰণ বুলি আখ্যা দিছিল ? 

উত্তৰঃ বিনায়ক দামােদৰ মৰৰধাৰে তেনেদৰে কৈছিল । 

প্রশ্ন ১৬। এটা চেৰীফল যি এদিন তােমাৰ মুখত পৰিবই কোনে আৰু কি প্রসংগত কৈছিল ? 

উত্তৰঃ অযােধ্যাৰ প্ৰসংগত লর্ড ডেলহাউচিয়ে তেনেকৈ কৈছিল । 

প্রশ্ন ১৭। কোঁৱৰ সিং কোন আছিল ? 

উত্তৰঃ বিহাৰৰ জমিদাৰ আছিল । 

প্রশ্ন ১৮। ভাৰতৰ শেষ মােগল সম্রাট কোন আছিল ? 

উত্তৰঃ দ্বিতীয় বাহাদুৰ শ্বাহ ।

প্রশ্ন ১৯। ১৮৫৭ চনৰ বিপ্লৱ ক’ত প্রথমে আৰম্ভ হৈছিল ? 

উত্তৰঃ ১৮৫৭ চনৰ ১০ মে’ত প্রথমে মিটত সংঘটিত হৈছিল । 

প্রশ্ন ২০। ঝালীৰ ১৮৫৭ চনৰ বিপ্লৱৰ নেতা কোন আছিল ? 

উত্তৰঃ কান্সীৰ ৰাণী লক্ষ্মীবাঈ । 

প্রশ্ন ২১। ১৮৫৭ চনৰ বিপ্লৱ আৰম্ভ হােৱাৰ সময়ত অযােধ্যাৰ নবাব কোন আছিল ? 

উত্তৰঃ নবাব ৱাজিদ আলিশ্বাহ । 

প্রশ্ন ২২। স্বত্ববিলােপ নীতি কোনে প্রবর্তন কৰিছিল ? 

উত্তৰঃ লর্ড ডেলহাউচিয়ে । 

প্রশ্ন ২১। বেগম হজৰত মহল কোন আছিল ? 

উত্তৰঃ অযােধ্যাৰ নবাৱৰ পত্নী আছিল । 

প্রশ্ন ২২। নানা চাহেবে ক’ত আত্মগােপন কৰিছিল ? 

উত্তৰঃ নেপালত আত্মগােপন কৰিছিল । 

প্রশ্ন ২৩। ফিৰিঙ্গী বুলিলে কি বুজা ? 

উত্তৰঃ প্রাচীন পাৰ্চীয়া সকলক বুজাইছিল । 

প্রশ্ন ২৪। শাহমল কোন ?

উত্তৰঃ চিপাহী বিদ্ৰোহৰ সময়ত শ্বাহমল উত্তৰ প্ৰদেশৰ এজন নেতা আছিল । 

প্রশ্ন ২৫। ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত কোঁৱৰ সিঙে বিদ্রোহীসকলক ক’ত নেতৃত্ব প্রদান কৰিছিল ?

উত্তৰঃ বিহাৰত নেতৃত্ব প্রদান কৰিছিল ।

চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। চিপাহী বিদ্রোহৰ তৎকালীন কাৰণ কি আছিল ? 

উত্তৰঃ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ হ’ল এনফিল্ড ৰাইফলৰ ব্যৱহাৰ । ৰাইফলটো ব্যৱহাৰ কৰোঁতে তাৰ কার্টিজটো মুখেৰে কামুৰি চৰ্বিসনা মূৰটো এৰুৱাইবন্দুকত ভৰাব লাগিছিল । ভাৰতীয় চিপাহী সকলৰ মাজত প্ৰচাৰ হ’ল যে কার্টিজ বােৰত সানি থােৱা চর্বিবােৰ গৰু আৰু গাহৰিৰ । ইয়াৰ দ্বাৰা চিপাহী সকলে তেওঁলােকৰ ধৰ্মত আঘাত দিয়া বুলি অনুভৱ কৰিছিল । 

প্রশ্ন ২। চিপাহী বিদ্রোহত ভাগ লােৱা কেইজনমান ধর্মীয় নেতাৰ নাম লিখা । 

উত্তৰঃ চিপাহী বিদ্রোহত ভাগলােৱা কেইজনমান ধর্মীয় নেতা হ’ল চাহমল , গনাে , উত্তৰ প্রদেশ ফৈজাবাদ উল্লাহ চাহ আদি । 

প্রশ্ন ৩। কেতিয়া আৰু কোন সহযােগীৰ সৈতে মণিৰাম দেৱানক ফাঁচী দিয়া হৈছিল ? 

উত্তৰঃ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে সহযােগী বিপ্লক পিয়লী বৰুৱাৰ সৈতে মনিৰাম দেৱানক ফাঁচী দিয়া হৈছিল । 

প্রশ্ন ৪। বিদ্রোহ বুলিলে কি বুজা ? ১৮৫৭ চনৰ বিদ্ৰোহৰ আধাৰত ইয়াৰ ব্যাখ্যা আগবঢ়োৱা । 

উত্তৰঃ বিদ্রোহঃ প্রতিষ্ঠিত কর্তৃপক্ষক ক্ষমতাৰ বিৰুদ্ধে জনসাধাৰণে কৰা দ্রোহ । ‘বিদ্রোহ’ আৰু ‘দ্রো ’ দুয়ােটা শব্দৰ সমার্থক শব্দৰূপে ব্যৱহাৰ কৰিব পাৰি । 

১৮৫৭ চনৰ বিদ্ৰোহৰ প্রসংগত বিদ্রোহ শব্দটোৱে প্রাথমিক ৰূপত অসামৰিক লােক ( কৃষক , জমিদাৰ ) সকলৰ উত্থানক বুজাইছিল । আনহাতে , সেনাদ্রোহে চিপাহীসকলৰ দ্রোহক বুজাইছিল । 

প্রশ্ন ৫। দক্ষিণ ভাৰতত বিদ্রোহত অংশ গ্রহণ কৰা কেইজনমান নেতাৰ নাম লিখা । 

উত্তৰঃ দক্ষিণ ভাৰতৰ চিপাহী বিদ্রোহত অংশগ্রহণ কৰা কেইজনমান নেতা হ’ল ৰংগ বাপুজী ( চাতা ) , চৈয়দ হুচেইন আৰু মঙ্গল ( মহাৰাষ্ট্র ), সােণাজী পণ্ট আৰু ৰংগৰাও , ( অন্ধপ্রদেশ ) , ৰাগ হােবা ফাউনিচ ( কর্ণাটক ) , আনাগিৰি আৰু কৃষ্ণা ( মাদ্রাজ ) আৰু কুদ্রত কুঞ্জী মামা ( কেৰেলা ) । 

প্রশ্ন ৬। ভাৰতীয় শিক্ষিত লােকসকলে চিপাহী বিদ্রোহত অংশ গ্রহণৰ পৰা বিৰত থকাৰ কাৰণ কি আছিল ? 

উত্তৰঃ ভাৰতীয় লােক সকলে চিপাহী বিদ্রোহত অংশ গ্রহণৰ পৰা বিৰত আছিল । কাৰণ এনে বিদ্ৰোহৰ ফলত ভাৰতবৰ্ষ বহুদূৰ পিছুৱাই যাব বুলি তেওঁলােকে শংকা প্রকাশ কৰিছিল । ইংৰাজ সকলৰ পৰা লাভ কৰা সুবিধা সমূহৰ পৰাও এই লােক সকল বঞ্চিত হ’ব বুলি মনত দৃঢ় ধাৰণা জন্মিছিল । 

প্রশ্ন ৭। চিপাহী বিদ্ৰোহৰ উল্লেখযােগ্য ৰাজনৈতিক ফলাফলটো কি আছিল ? 

উত্তৰঃ চিপাহী বিদ্ৰোহৰ ৰাজনৈতিক ফলাফলটো হ’ল ভাৰতত শাসন ব্যৱস্থাৰ আমূল পৰিৱর্তন সাধন । ইংলেণ্ডৰ ৰাণীৰ ঘােষণা পত্ৰৰ জৰিয়তে ভাৰতৰ শাসনভাৰ ইষ্ট – ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা গৃহ চৰকাৰৰ হাতলৈ হস্তান্তৰ কৰিছিল ।

প্রশ্ন ৮। হেনৰী হার্ডিং কোন আছিল ? 

উত্তৰঃ হেনৰী হার্ডিং ভাৰতৰ গৱৰ্ণৰ জেনেৰেল আছিল । তেওঁ ভাৰতৰ সৈন্যবাহিনীৰ আধুনিকীকৰণ কৰিছিল । এনফিল্ড ৰাইফলৰ ব্যৱহাৰৰ তেৱেঁই কৰাইছিল । 

প্রশ্ন ৯। লর্ড ডেলহাউচিয়ে অযােধ্যা অধিগ্রহণ কৰাৰ ফলাফল কি আছিল ? অথবা , অযােধ্যাত হােৱা বিদ্ৰোহৰ কাৰণ আৰু তাৎপর্য ব্যাখ্যা কৰা । 

উত্তৰঃ স্বত্ববিলােপ নীতি অনুসৰি ত্রুটিপূর্ণ শাসন ব্যৱস্থাৰ অজুহাতত লর্ড ডেলহাউচিয়ে অযােধ্যা ৰাজ্যখন ইংৰাজৰ লগত চামিল কৰে । 

অযােধ্যা চামিলকৰণৰ ফলত অযােধ্যাৰ জনসাধাৰণৰ মাজত তীব্র প্রতিক্রিয়া সৃষ্টি হয় । কাৰণ অযােধ্যাৰ শাসক নৱাব ৱাজিদ আলি শ্বাহক সিংহাসন চ্যুত কৰি কলিকতালৈ নির্বাসন দিয়া হৈছিল । নৱবৰ নির্বাসনৰ ফলত সকলােতে শােক আৰু নানা ধৰণৰ ক্ষয় – ক্ষতি হৈছিল । নৱাবৰ অপসাৰণৰ ফলত দৰবাৰ আৰু দৰবাৰী সংস্কৃতিৰ বিলুপ্তি ঘটিছিল । ফলত গীতিকাৰ , কবি , ৰান্ধনি , অনুচৰ বৰ্গ আৰু নৱবৰ প্রশাসনিক বিষয়া সকলকে ধৰি বহু শ্ৰেণীৰ লােক তাৎক্ষণিকভাৱে জীৱিকাৰ পৰা বঞ্চিত হ’ব লগা হৈছিল । উল্লেখযােগ্য যে অযােধ্যা চামিলকৰণ কার্য চিপাহী বিদ্ৰোহৰ বিৱৰ্তন বিন্দু বুলি কোৱা হয় । 

প্রশ্ন ১০। ডঙ্কা চাহ কোন আছিল ? তেওঁ এই নামেৰে কিয় বিখ্যাত হৈছিল ? 

উত্তৰঃ মৌলবী আহমদ উল্লাচাহক ডঙ্কা চাহ নামেৰে জনা গৈছিল । আহমদ উল্লাহ কম বয়সতে মুছলমান সমাজত ধর্মগুৰু হিচাপে প্রতিষ্ঠা লাভ কৰিছিল । ১৮৫৬ চনত তেওঁ গাঁৱে গাঁৱে ঘূৰি জনসাধাৰণক ইংৰাজৰ বিৰুদ্ধে জেহাদ বা ধর্মযুদ্ধৰ কাৰণে অনুপ্ৰেৰণা যােগাইছিল । তেওঁ এখন দোলাত উঠি ঘূৰি ফুৰিছিল । তেওঁৰ দোলাৰ আগে আগে গৈছিল ডবা বাদক সকল আৰু পিছে পিছে গৈছিল অনুগামী সকল । সেয়ে তেওঁক ডঙ্কা বা ডবা মৌলবী বুলিহে জনা গৈছিল ।

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top