Class 12 History Chapter 11 উপনিবেশবাদ আৰু গ্রাম্য সমাজ

Class 12 History Chapter 11 উপনিবেশবাদ আৰু গ্রাম্য সমাজ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 11 উপনিবেশবাদ আৰু গ্রাম্য সমাজ and select needs one.

Class 12 History Chapter 11 উপনিবেশবাদ আৰু গ্রাম্য সমাজ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 11 উপনিবেশবাদ আৰু গ্রাম্য সমাজ Solutions for All Subject, You can practice these here…

উপনিবেশবাদ আৰু গ্রাম্য সমাজ

পাঠ: ১১

( চৰকাৰী মহাফেজখানাৰ পৰা ) 

তৃতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ইংলিছ -ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ইংলেণ্ডৰ কোন গৰাকী শাসকৰ অনুমতি লৈ ভাৰতত বেহা – বেপাৰ কৰিবলৈ আহিছিল ? 

উত্তৰঃ ৰাণী এলিজাবেথৰ পৰা অনুমতি লৈ ভাৰতলৈ আহিছিল । 

প্রশ্ন ২। চিৰস্থায়ী বন্দোবস্তৰ প্ৰৱৰ্তকজন কোন ? 

অথবা , বংগদেশত চিৰস্থায়ী বন্দোবস্ত কোনে প্রবর্তন কৰিছিল ?

উত্তৰঃ গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱালিচ । 

প্রশ্ন ৩। কোম্পানীয়ে ভাৰতৰ কোন ঠাইত প্রথমে উপনিৱেশ স্থাপন কৰিছিল ? 

উত্তৰঃ প্রথমে উপনিৱেশ স্থাপন কৰিছিল চুৰাটত । 

প্রশ্ন ৪। জোটদাৰ সকল কোন আছিল ?

উত্তৰঃ কোনাে কোনাে অঞ্চলৰ গাঁৱৰ মুখ্যজনক জোটদাৰ বুলি কোৱা হৈছিল । 

প্রশ্ন ৫। পঞ্চম প্রতিবেদন কাক কোৱা হৈছিল ? 

উত্তৰঃ ভাৰতত ইষ্ট – ইণ্ডিয়া কোম্পানীৰ প্রশাসন আৰু কার্যক্রমৰ সম্পৰ্কত দাখিল কৰা প্রতিবেদন পঞ্চম প্রতিবেদন বুলি কোৱা হৈছিল । 

প্রশ্ন ৬৷ ৰাজমহল পাহাৰৰ স্থায়ী জনজাতি সকলক কি নামেৰে জনা গৈছিল ? 

উত্তৰঃ এই জনজাতি সকল পাহাৰীয়া নামে জনজাত আছিল । 

প্রশ্ন ৭। ফ্রেন্সিচ বুকানন কোন আছিল ?

উত্তৰঃ ফ্রেন্সিচ বুকানন এজন ইংৰাজ চিকিৎসক আছিল । 

প্রশ্ন ৮। ১৮৬২ চনত ভাৰতৰ পৰা ইংলেণ্ডে কিমান শতাংশ কপাহ আমদানি কৰিছিল ? 

উত্তৰঃ প্রায় ৯০ % ভাৰতৰ পৰা কপাহ আমদানি কৰিছিল । 

প্রশ্ন ৯। ডেক্কান ৰায়ত কমিছনৰ ৰিপাের্ট কোন চনত দাখিল কৰা হৈছিল ? 

উত্তৰঃ ১৮৭৮ চনত ডেক্কান ৰায়ত কমিছনৰ ৰিপাের্ট দাখিল কৰা হৈছিল । 

প্রশ্ন ১০। লিমিটেচন ল মতে ঋণ চুক্তিৰ ম্যাদ কিমান বছৰ হ’ব লাগে ? 

উত্তৰঃ লিমিটেচুন ল মতে ঋণ চুক্তিৰ ম্যাদ তিনি বছৰ হ’ব লাগে ।

প্রশ্ন ১১। দাক্ষিণাত্যত ‘ চুপা আন্দোলন ’ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ ১৮৫৭ চনৰ ১২ তাৰিখে । 

প্রশ্ন ১২। ডেভিদ ৰিকাৰ্দোৰ বিখ্যাত কিতাপখনৰ নাম লিখা । 

উত্তৰঃ ডেভিদ ৰিকাৰ্দোৰ বিখ্যাত কিতাপখনৰ নাম হ’ল “ Principles of Economy ‘ . 

প্রশ্ন ১৩। ১৮৪০ – ৰ দশকত বম্বেত কিয় খাজনা হ্রাস কৰা হৈছিল ? 

উত্তৰঃ কৃষকৰ অৱস্থা তথা গ্রাম্য অর্থনীতি অগি পৰা কাৰণে আৰু কৃষি ক্ষেত্র সম্প্রসাৰণৰ উদ্দেশ্যে খাজনাৰ পৰিমাণ হ্রাস কৰা হৈছিল । 

প্রশ্ন ১৪। পঞ্চম প্রতিবেদন কিমান পৃষ্ঠাৰ আছিল ? 

উত্তৰঃ পঞ্চম প্রতিবেদন ১০০২ পৃষ্ঠাৰ আছিল । 

প্রশ্ন ১৫। ফ্রান্সিচ বুকাননে অসমৰ বিষয়ে লিখা টোকাটোৰ নাম কি ? 

উত্তৰঃ ‘An Account of Assam’ আছিল । 

প্রশ্ন ১৬। বুর্দোৱা অঞ্চলত ১৭৯৮ চনলৈ অনাদায় হৈ থকা ৰাজহৰ পৰিমাণ কিমান আছিল ? 

উত্তৰঃ প্রায় ত্রিছ হাজাৰ টকা আছিল । 

প্রশ্ন ১৭। চাওতাল সকল কোন আছিল ? 

উত্তৰঃ চাওতাল সকল বংগদেশৰ জনজাতি লােক আছিল । তেওঁলােকে বংগদেশৰ গাঙুৰীয়া পাহাৰ অঞ্চলত উনৈছ শতিকাৰ প্ৰথম ভাগৰ পৰা বাস কৰি আহিছিল । 

প্রশ্ন ১৮। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেতিয়াৰ পৰা বংগদেশত শাসন প্রতিষ্ঠা কৰিছিল ? 

উত্তৰঃ ১৭৬৫ চনৰ পৰা । 

প্রশ্ন ১৯৷ চাহুকাৰসকল কোন আছিল ?

উত্তৰঃ বংগদেশত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত কিছুমান জমিদাৰে এফালে ঋণদাতা আৰু আনহাতে ব্যৱসায়ী বা বেপাৰী হিচাপে কাম কৰিছিল । তেওঁলােককে চাহকাৰ বুলি জনা যায় । 

প্রশ্ন ২০। ১৮৫৬ চনৰ চাওঁতাল বিপ্লৱৰ নেতাসকল কোন আছিল ? 

উত্তৰঃ চাওঁতালসকল ।

প্রশ্ন ২১। ‘ ডামি ই কোষ ’ কি আছিল ? 

উত্তৰঃ পাহাৰৰ অতি ঘন জংঘল অঞ্চল য’ত পাহাৰী লােকসকলে বাস কৰিছিল তাক ডামি – ই – কোষ বােলা হৈছিল । 

প্রশ্ন ২২। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বােম্বাই দাক্ষিণাত্যত কোনটো ৰাজহ ব্যবস্থা প্রবর্তন কৰিছিল ? 

উত্তৰঃ ৰায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল । 

প্রশ্ন ২৩। পেলজার্ট কোন আছিল ? 

উত্তৰঃ পেলজার্ট ডাচ কোম্পানীৰ এজন মুখ্য প্রশাসনীয় বিষয়া আছিল । 

প্রশ্ন ২৪। কোন চনত বৃটিছ চৰকাৰে সতীদাহ প্রথা বিলুপ্ত কৰিছিল ? 

উত্তৰঃ ১৮২৯ চনত বিলুপ্ত কৰিছিল ।

চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। জোটদাৰ সকল কোন আছিল ? 

উত্তৰঃ কোনাে কোনাে অঞ্চলৰ গাঁৱৰ মুখ্যজনক জোটদাৰ বােলা হৈছিল । এই লােক সকল অধিক মাটিৰ মালিক হােৱা হেতুকে সমাজৰ উচ্চ পর্যায়ৰ খেতিয়ক হিচাপে প্রতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল । 

প্রশ্ন ২। আমলাহ কাক কোৱা হৈছিল ? 

উত্তৰঃ জমিদাৰ সকলৰ হৈ খাজনা আদায় কৰা বিষয়া সকলক আমলাহ কোৱা হৈছিল । 

প্রশ্ন ৩। মহল কাক কোৱা হয় ? 

উত্তৰঃ ৰজা বা জমিদাৰ সকলৰ অধীনত থকা মাটিবােৰক মহল বােলা হৈছিল । 

প্রশ্ন ৪। জমিদাৰ কাক কোৱা হৈছিল ? 

উত্তৰঃ ইংৰাজ সকলৰ শাসন কালত মাটিৰ মালিক সকলক জমিদাৰ বুলি কোৱা হৈছিল । তেওঁলােকে ৰায়তৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ এটা অংশ চৰকাৰক পৰিশােধ কৰিব লাগিছিল । 

প্রশ্ন ৫। উপনিবেশবাদ বুলিলে কি বুজা ? 

উত্তৰঃ উপনিবেশবাদ বুলিলে সাধাৰণতে এখন দেশৰ একাংশ লােকে জীৱন – জীৱিকা অথবা ব্যৱসায়ৰ সন্ধানত প্ৰব্ৰজনৰ যােগেদি আন এখন দেশত কাম কৰিবলৈ লােৱা কার্যকে উপনিবেশবাদ বােলে । আনহাতে বাস কৰা দেশখনক সেই লােকসকলৰ বাবে উপনিবেশ বােলে ।

প্রশ্ন ৬। কোনে আৰু কোন চনত বংগদেশত চিৰস্থায়ী বন্দোবস্ত প্রবর্তন কৰে ? 

উত্তৰঃ লর্ড কর্ণৱালিছে ১৭৯৩ চনত বংগ , বিহাৰ আৰু উৰিষ্যাত চিৰস্থায়ী বন্দোবস্ত প্ৰৱৰ্তন কৰিছিল । 

প্রশ্ন ৭৷ ৰেগুলেটিং বা নিয়ন্ত্রণকাৰী আইন কি আছিল ? 

উত্তৰঃ ৰেগুলেটিং বা নিয়ন্ত্রণকাৰী আইনখন ইৰাজসকলে ১৭৭৩ চনত প্রণয়ন কৰিছিল । ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাম-কাজবোৰ নিয়মীয়া কৰণ কৰাৰ কাৰণে এই আইন প্রণয়ন কৰা হৈছিল । 

প্রশ্ন ৮। ‘ সূর্যাস্ত আইন ’ বুলিলে কি বুজা ? 

উত্তৰঃ এই আইন অনুসৰি নির্দিষ্ট দিনৰ সূর্যাস্তৰ আগেয়ে নির্ধাৰিত পৰিমাণৰ খাজনা দিয়াত ব্যর্থ হলে সেই জমিদাৰী নিলামত দিয়াৰ ব্যৱস্থা আছিল । ইয়াকে সূর্যাস্ত আইন বুলি কোৱা হৈছিল । 

প্রশ্ন ৯। পঞ্চম প্রতিবেদন বুলিলে কি বুজা ? কিয় ই গুৰুত্বপূর্ণ ? 

উত্তৰঃ ভাৰতবৰ্ষত কোম্পানীৰ কাম – কাজৰ খতিয়ান বিষয়ক বহুতাে প্রতিবেদন ব্রিটিছ সংসদত দাখিল কৰা হৈছিল । ১৮১৩ খ্রীঃত এই সম্পর্কত এখন বিস্তৃত প্রতিবেদন ব্রিটিছ সংসদত উত্থাপন কৰা হৈছিল । এই প্রতিবেদনখনকে পঞ্চম প্রতিবেদন বুলি কোৱা হৈছিল । কাৰণ এই প্রতিবেদনখন প্রায় এহেজাৰ দুই পৃষ্ঠাৰ আছিল । ইয়াৰে আঠ পৃষ্ঠাত ৰায়ত আৰু জমিদাৰ সকলৰ আবেদন – নিবেদন বিষয়ক তথ্য উল্লেখ কৰা হৈছিল ।

প্রশ্ন ১০। কোৰ আৰু নাঙল শব্দ দুটাৰ মাজেৰে কি বুজোৱা হৈছে ? 

উত্তৰঃ কোৰ আৰু নাঙলৰ মাজেৰে পাহাৰীয়া আৰু চাওতালসকলৰ মাজত চলা এখন দীঘলীয়া সংঘৰ্ষৰ কথাকে বুজোৱা হৈছে । কাৰণ ইতিমধ্যে পাহাৰীয়া সকল বাস কৰা পাহাৰ অঞ্চললৈ চাওতাল সকলৰ আগমন ঘটিছিল । তেওঁলােকে পাহাৰৰ পাদদেশৰ গছ – গছনি কাটি খাষ্টাং কৰিছিল । এনেদৰে অৰণ্য মুকলি কৰি চাওতাল সকলে ধান , কপাঁহ আদিৰ খেতি কৰিবলৈ লৈছিল । 

চাওতালসকলে যেতিয়া নিম্ন পাহাৰ ভূমি দখল কৰিছিল , তেতিয়া পাহাৰীয়াসকল ৰাজমহল পাহাৰৰ আৰু গভীৰ অৰণ্যলৈ আঁতৰি গৈছিল । এফালে যদি পাহাৰীয়াসকলৰ জীৱন স্থানান্তৰণ কৃতি ব্যৱহাৰ কৰা কোৰে প্রতিনিধিত্ব কৰিছিল তেন্তে আনফালে চাওতালসকলে যেন নালৰ ক্ষমতা প্রতিষ্ঠা কৰিবলৈহে আহিছিল । ফলত কোৰ আৰু নাঙলৰ মাজৰ এই যুদ্ধ বহুদিন ধৰি চলিছিল । 

প্রশ্ন ১১। ‘ ডামি- ই – কোহ ’ বুলিলে তুমি কি বুজা ? নাইবা , বহিৰাগতসকলৰ আগমনৰ প্রতি পাহাৰীয়াসকলে কিদৰে সঁহাৰি দিছিল ? 

উত্তৰঃ ১৮৩২ চনৰ আগতে কোম্পানী চৰকাৰে এক বিস্তীর্ণ অঞ্চলক ‘ ডামি – ই – কোহ ’ নামেৰে নামাকৰণ কৰি এইবােৰ চাওতাল সকলৰ ভূমি বুলি ঘােষণা কৰিছিল । এক নির্দিষ্ট চাৰিসীমাৰ ভিতৰত নাঙল নিৰ্ভৰ কৃষি প্রণালী অনুশীলন কৰি এই ঠাইত চাওতালসকলক বাস কৰিবলৈ দিয়া হৈছিল । চাওতাল সকলক এনে ভূমি দিয়াৰ সময়ত এক বন্দবস্তিৰ জৰিয়তে তেওঁলােকক দহ বছৰৰ ভিতৰত সমগ্র অঞ্চলটোৰ অতি কমেও এক – দশমাংশ ভূমি মােকলাই খেতি কৰিব লাগিব বুলি কোৱা হৈছিল । ইয়াৰ বাবে সমগ্ৰ অঞ্চলটোৰ জৰীপ চলাই ভূ – চিত্র অংকন কৰা হৈছিল । ইয়াৰােপৰি চাৰিওফালে সীমা নির্ধাৰণ কৰি ভৈয়ামৰ স্থায়ী কৃষক আৰু পাহাৰীয়া অঞ্চলৰ কৃষক সকলক পৃথক কৰি তােলা হৈছিল । যাতে দুয়ােপক্ষৰ মাজত কোনাে ধৰণৰ বিবাদ সংঘটিত হয় । 

প্রশ্ন ১২। ১৭৮০ খ্রীঃৰ ভিতৰত চাওতালসকল কিয় বংগদেশলৈ আহিবলৈ লৈছিল ? 

উত্তৰঃ উক্ত সময়ছােৱাত চাওতাল সকল বংগদেশলৈ অহাৰ কাৰণবােৰ হ’ল— 

( ক ) জমিদাৰ সকলে চাওতালসকলক মাটিবােৰ কৰি পৰিসৰ বৃদ্ধি কৰাৰ কাৰণে অধিক মুনাফা দিয়াৰ কথা ঘােষণা কৰিছিল । 

( খ ) ইংৰাজসকলে চাওতাল সকলক পাহাৰী জাতিসকলৰ নিয়ন্ত্রণত থকা মাটিবােৰ চাফ কৰি কৃষিৰ অধিক সম্প্রসাৰণ ঘটাবলৈ অনুপ্ৰেৰণা যােগাইছিল । 

প্রশ্ন ১৩। ইংৰাজ , সকলে প্রথমে ক’ত আৰু কেনেকৈ ভাৰতত ঔপনিবেশিক শাসন ব্যবস্থা প্রতিষ্ঠা কৰিছিল ? 

উত্তৰঃ ইংৰাজসকলে প্রথমে ১৭৬৫ খ্রীঃত বংগ , বিহাৰ আৰু উৰিষ্যাৰ দেৱানী লাভ কৰি ভাৰতত প্রথম ঔপনিবেশিক শাসন ব্যৱস্থা স্থাপনৰ পথ মুকলি কৰিছিল । 

প্রশ্ন ১৪। ১৮৭৫ চনৰ কৃষক বিদ্ৰোহৰ তিনিটা ফলাফল উল্লেখ কৰা ।

উত্তৰঃ ১৮৭৫ চনৰ কৃষক বিদ্ৰোহৰ তিনিটা ফলাফল হল— 

( ক ) এই বিদ্ৰোহৰ প্ৰভাৱ গাওবিলাকলৈও সম্প্রসাৰণ ঘটিছিল ।

( খ ) বিদ্রোহী কৃষক সকলৰ মাজত ভীতি প্রদর্শন কৰাৰ কাৰণে কিছুমান ঠাইত পুলিচ চকী স্থাপন কৰিছিল । 

( গ ) বিদ্রোহ দমন কৰাৰ কাৰণে ইংৰাজে সামৰিক বাহিনী প্রেৰণ কৰিছিল ফলত প্রায় ৯৫১ জন বিদ্রোহীক কৰায়ত্ব কৰি তেওঁলােকক বিচাৰৰ সন্মুখীন হ’বলৈ বাধ্য কৰােৱা হৈছিল । 

প্রশ্ন ১৫। পাহাৰীয়া জনজাতিবােৰৰ লগত শান্তি স্থাপনৰ কাৰণে ইংৰাজ সকলে কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰিছিল ? 

উত্তৰঃ ( ক ) ইংৰাজসকলে গ্ৰহণ কৰা ব্যৱস্থা অনুসৰি জনজাতি সকলৰ মুখিয়াল কিছুমানক বিশেষ ভাট্টা প্ৰদান কৰিছিল । ইয়াৰ বিনিময়ত মুখিয়াল জনে তেওঁৰ তলৰ মানুহখিনিক নিয়ন্ত্রণ কৰিব লাগিছিল । 

( খ ) এই মুখিয়াল জনে ভাট্টা লাভৰ ফলত তেওঁৰ নিয়ন্ত্রণাধীন ঠাইখিনিত শান্তি আৰু নিৰাপত্তাৰ দিশ চোৱা চিতা কৰিব লাগিছিল । 

( গ ) অৱশ্যে চৰকাৰৰ এনে ষড়যন্ত্রকাৰী ব্যৱস্থাৰ প্রতি বহুতাে মুখিয়াল লােক আকর্ষিত হােৱা নাছিল ৷ কাৰণ এইবােৰ যে চৰকাৰী ষড়যন্ত্র তাক তেওঁলােকে ভালদৰে বুজি পাইছিল । 

প্রশ্ন ১৬। ডেভিদ ৰিকার্ডো কোন আছিল ? তেওঁৰ অর্থনৈতিক মতবাদৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ ( ক ) ডেভিদ ৰিকার্ডো ইংলেণ্ডৰ এজন প্রখ্যাত অর্থনীতিবিদ আছিল । 

( খ ) তেওঁৰ অর্থনৈতিক মতবাদৰ দুটা প্রধান বৈশিষ্ট্য হল— 

( ১ ) ৰিকাৰ্ডোৰ মতবাদ অনুসৰি এক নির্দিষ্ট সময়ত বলবৎ হােৱা ‘ গড় পাইক’ৰ ওপৰতহে জমিদাৰী থকা উচিত । 

( ২ ) যেতিয়া জমিদাৰীৰ ৰাজহ উৎপাদন এই ‘গড় পাইক’ তকৈ বেছি হয় , তেতিয়া জমিদাৰৰ এই ওপৰঞ্চি ৰাহি উৎপাদনৰ ওপৰত চৰকাৰে কৰ আৰােপ কৰা উচিত । 

প্রশ্ন ১৭। জনজাতি বা পাহাৰীয়া লােক সকলক নিয়ন্ত্রণ কৰাৰ কাৰণে ইংৰাজ কর্তৃপক্ষই কি ব্যবস্থা গ্রহণ কৰিছিল ? নাইবা , চাওতালসকলে ব্রিটিছ শাসনৰ বিৰুদ্ধাচাৰণ কৰাৰ দুটা কাৰণ উল্লেখ কৰা । 

উত্তৰঃ ( ক ) ইংৰাজ সকলে এই জাতিসমূহক অঘৰী জীৱন – নির্বাহৰ পৰিৱর্তে স্থায়ীভাৱে বাস কৰাৰ কাৰণে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল । 

( খ ) ইংৰাজসকলে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থা হিচাপে এই জনগােষ্ঠীবােৰৰ বহুতাে মুখিয়াল লােকক দমন বা নিঃশেষ কৰাৰ কাৰণে আঁচনি লৈছিল । 

প্রশ্ন ১৮। নতুন যােগাযােগ ব্যৱস্থা হিচাপে ৰেল সেৱাৰ প্ৰৱৰ্তনৰ ফলত হােৱা দুটা পৰিৱর্তনৰ কথা উল্লেখ কৰা । 

উত্তৰঃ ( ক ) নতুন ৰেল সেৱাৰ প্রৱর্তনৰ ফলত কপাহ সৰবৰাহৰ ক্ষেত্ৰত প্রচলিত জল পৰিবহন ব্যৱহাৰ অৱস্থান ঘটিছিল । 

( খ ) ইয়াৰােপৰি গৰু গাড়ী আৰু নাও ব্যৱস্থাৰাে অৱশান ঘটে । মাত্র ৰেল ষ্টেচনৰ পৰা বৰবােৰলৈ সামগ্রী সমূহ কঢ়িওৱাৰ বাবে গৰুগাড়ী আৰু নাও ব্যৱহাৰ কৰা হৈছিল ।

প্রশ্ন ১৯। বুকানন কোন আছিল ?

উত্তৰঃ ফ্রান্সিচ বুকানন এজন ইংৰাজ চিকিৎসক বা শৰীৰতত্ত্ববিদ আছিল । ভাৰতলৈ আহি তেওঁ চিকিৎসাৰ লগত জড়িত হৈ পৰে । প্রথম কেইবছৰমান তেওঁ সেই সময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লর্ড ৰেলেছলিৰ ব্যক্তিগত শল্য চিকিৎসক হিচাপে কাম কৰিছিল । তেওঁ বৰ্তমানৰ আলিপুৰ দুৱাৰত এখন চিৰিয়াখানাও সংগঠিত কৰিছিল । ইয়াৰােপৰি তেওঁ এখন উদ্ভিদ উদ্যানৰ কামাে চোৱা – চিতা কৰিছিল । 

বংগৰ কোম্পানী চৰকাৰৰ অনুৰােধ মর্মে তেওঁ সেই সময়ৰ ইংৰাজ অধিকৃত অঞ্চলবােৰৰ এক বিস্তৃত জৰীপ কার্য চলাইছিল । 

প্রশ্ন ২০। লােক গণনাকাৰী বিষয়াসকলে তথ্য সংগ্রহ আৰু শ্রেণীকৰণত সম্মুখিন হােৱা যিকোনাে দুটা সমস্যা লিখা । 

উত্তৰঃ এই দুটা সমস্যা হল :- ( ক ) এজন মানুহ বিভিন্ন বৃত্তিত নিয়ােজিত হৈ থকা কাৰণে লােক গণনাত তেওঁক শ্রেণীবিভাজন কৰাটো কঠিন হৈ পৰিছিল । 

( খ ) বহু সময়ত আকৌ অধিক কৰ দিব লগাৰ ভয়ত বহুতাে লােকে পিয়ল কৰা মানুহক ‘ সঁচা তথ্য দিবলৈ ইচ্ছা কৰা নাছিল । 

প্রশ্ন ২১। সম্রাট আকবৰৰ কালছােৱাত মাটি কেনেদৰে শ্রেণীবিভাজন কৰা হৈছিল ? মাটিৰ ওপৰত কৰ কেনেদৰে নিৰ্ধাৰণ কৰা হৈছিল ? 

উত্তৰঃ আকবৰৰ ৰাজহনীতি ঐতিহাসিকসকলে উচ্চ প্রশংসা কৰি গৈছে । ১৫৮২ খ্রীঃত টোডমলৰ হতুৱাই আকবৰে ৰাজহ নীতিৰ সংস্কাৰ সাধন কৰাইছিল । উৎপাদনৰ ওপৰত ভিত্তি কৰি মাটিক চাৰি ভাগত ভাগ কৰা হৈছিল । সেই কেইটা হ’ল– 

( ক ) পৰভেটি ( কিছু বছৰ খেতি কৰি পুনৰ উৰতা বৃদ্ধিৰ কাৰণে এই মাটি কিছুদিন খেতি নকৰা ) 

( খ ) পােলেজ ( যি মাটিত প্রতি বছৰে খেতি কৰা হয় । ) 

( গ ) চাচব ( যি মাটি তিনি – চাৰি বছৰ খেতি নকৰাকৈ চন পৰি থাকে ) আৰু 

( ঘ ) বঞ্জৰ ( যি মাটি পাঁচ বছৰ খেতি নকৰাকৈ পৰি থাকে ) উৎপাদনৰ তিনি ভাগৰ এক ভাগ ৰাজহ হিচাপে নিৰ্ধাৰণ কৰা হৈছিল । 

প্রশ্ন ২২। বশ্যতামূলক মিত্ৰতাৰ দুটা চৰ্ত লিখা । 

উত্তৰঃ ইয়াৰ দুটা চর্ত হ’ল– 

( ক ) কোনাে ভাৰতীয় শাসকে ইংৰাজৰ অনুমতি অবিহনে কাৰো লগত চুক্তি কৰিব নােৱাৰিব ।

( খ ) ৰাজ্যসমূহে ৰখা ইংৰাজ সৈন্য বাহিনীৰ সকলাে খৰচ পাতি বহন কৰিছিল ।

প্রশ্ন ২৩। ১৮৭৩ চনৰ অন্তর্বর্তী সীমা নিয়ন্ত্রণ আইন বুলিলে কি বুজা ? 

উত্তৰঃ ১৮৭৩ চনৰ অন্তর্বর্তী সীমা নিয়ন্ত্রণ আইনৰ জৰিয়তে ইংৰাজসকলে অসমৰ পৰা চাহ , তেল আৰু হাতী ব্যৱসায়ৰ ক্ষেত্ৰত একচেটিয়া সুবিধা লাভ কৰিছিল । ইংৰাজৰ বাহিৰে এই দিশত আন লােকৰ কোনাে হস্তক্ষেপ মানি লােৱা নহৈছিল । 

প্রশ্ন ২৪। চিৰস্থায়ী বন্দবস্ত অনুসৰি জমিদাৰসকলে আৰম্ভণিতে ইষ্ট ইণ্ডিয়া কোম্পানীক নিয়মীয়াকৈ ভূমি ৰাজহ পৰিশােধ কৰাত কিয় ব্যর্থ হৈছিল তাৰ দুটা কাৰণ উল্লেখ কৰা ।

উত্তৰঃ ভূমি ৰাজহ পৰিশােধ কৰাত ব্যর্থ হােৱাৰ কাৰণ দুটা হল— 

( ক ) চিৰস্থায়ী বন্দৱৰ পিছত চৰকাৰে জমিদাৰসকলৰ ওপৰত ৰাজহৰ পৰিমাণ বৃদ্ধি কৰিছিল । ইয়াৰ বিপৰীতে জমিদাৰসকলে কৃষকসকলৰ পৰা অতিৰিক্ত কৰ আৰােপ কৰিব পৰা নাছিল । ফলত ৰাজহৰ পৰিমাণ আগৰ দৰে থাকি যােৱাত ইংৰাজক বর্ধিত ৰাজহ আদায় দিয়াত জমিদাৰসকল ব্যর্থ হৈছিল । 

( খ ) চিৰস্থায়ী বন্দৱস্তৰ কালত জমিদাৰসকলৰ ক্ষমতা যথেষ্ট পৰিমাণে হ্রাস পাইছিল । সেয়ে তেওঁলােকে কৃষকসকলৰ পৰাও নিয়ন্ত্রণ হেৰুৱাব লগা হৈছিল । ফলত বহুতাে খেতিয়ক বা কৃষকে জমিদাৰক খাজনা দিবলৈ অস্বীকাৰ কৰিছিল । 

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top