Class 12 History Chapter 11 উপনিবেশবাদ আৰু গ্রাম্য সমাজ

Class 12 History Chapter 11 উপনিবেশবাদ আৰু গ্রাম্য সমাজ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 11 উপনিবেশবাদ আৰু গ্রাম্য সমাজ and select needs one.

Class 12 History Chapter 11 উপনিবেশবাদ আৰু গ্রাম্য সমাজ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 11 উপনিবেশবাদ আৰু গ্রাম্য সমাজ Solutions for All Subject, You can practice these here.

উপনিবেশবাদ আৰু গ্রাম্য সমাজ

পাঠ: ১১

তৃতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ইংলিছ -ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ইংলেণ্ডৰ কোন গৰাকী শাসকৰ অনুমতি লৈ ভাৰতত বেহা – বেপাৰ কৰিবলৈ আহিছিল ? 

উত্তৰঃ ৰাণী এলিজাবেথৰ পৰা অনুমতি লৈ ভাৰতলৈ আহিছিল । 

প্রশ্ন ২। চিৰস্থায়ী বন্দোবস্তৰ প্ৰৱৰ্তকজন কোন ? 

অথবা ,

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

বংগদেশত চিৰস্থায়ী বন্দোবস্ত কোনে প্রবর্তন কৰিছিল ?

উত্তৰঃ গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱালিচ । 

প্রশ্ন ৩। কোম্পানীয়ে ভাৰতৰ কোন ঠাইত প্রথমে উপনিৱেশ স্থাপন কৰিছিল ? 

উত্তৰঃ প্রথমে উপনিৱেশ স্থাপন কৰিছিল চুৰাটত । 

প্রশ্ন ৪। জোটদাৰ সকল কোন আছিল ?

উত্তৰঃ কোনাে কোনাে অঞ্চলৰ গাঁৱৰ মুখ্যজনক জোটদাৰ বুলি কোৱা হৈছিল । 

প্রশ্ন ৫। পঞ্চম প্রতিবেদন কাক কোৱা হৈছিল ? 

উত্তৰঃ ভাৰতত ইষ্ট – ইণ্ডিয়া কোম্পানীৰ প্রশাসন আৰু কার্যক্রমৰ সম্পৰ্কত দাখিল কৰা প্রতিবেদন পঞ্চম প্রতিবেদন বুলি কোৱা হৈছিল । 

প্রশ্ন ৬৷ ৰাজমহল পাহাৰৰ স্থায়ী জনজাতি সকলক কি নামেৰে জনা গৈছিল ? 

উত্তৰঃ এই জনজাতি সকল পাহাৰীয়া নামে জনজাত আছিল । 

প্রশ্ন ৭। ফ্রেন্সিচ বুকানন কোন আছিল ?

উত্তৰঃ ফ্রেন্সিচ বুকানন এজন ইংৰাজ চিকিৎসক আছিল । 

প্রশ্ন ৮। ১৮৬২ চনত ভাৰতৰ পৰা ইংলেণ্ডে কিমান শতাংশ কপাহ আমদানি কৰিছিল ? 

উত্তৰঃ প্রায় ৯০ % ভাৰতৰ পৰা কপাহ আমদানি কৰিছিল । 

প্রশ্ন ৯। ডেক্কান ৰায়ত কমিছনৰ ৰিপাের্ট কোন চনত দাখিল কৰা হৈছিল ? 

উত্তৰঃ ১৮৭৮ চনত ডেক্কান ৰায়ত কমিছনৰ ৰিপাের্ট দাখিল কৰা হৈছিল । 

প্রশ্ন ১০। লিমিটেচন ল মতে ঋণ চুক্তিৰ ম্যাদ কিমান বছৰ হ’ব লাগে ? 

উত্তৰঃ লিমিটেচুন ল মতে ঋণ চুক্তিৰ ম্যাদ তিনি বছৰ হ’ব লাগে ।

প্রশ্ন ১১। দাক্ষিণাত্যত ‘ চুপা আন্দোলন ’ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ ১৮৫৭ চনৰ ১২ তাৰিখে । 

প্রশ্ন ১২। ডেভিদ ৰিকাৰ্দোৰ বিখ্যাত কিতাপখনৰ নাম লিখা । 

উত্তৰঃ ডেভিদ ৰিকাৰ্দোৰ বিখ্যাত কিতাপখনৰ নাম হ’ল “ Principles of Economy ‘ . 

প্রশ্ন ১৩। ১৮৪০ – ৰ দশকত বম্বেত কিয় খাজনা হ্রাস কৰা হৈছিল ? 

উত্তৰঃ কৃষকৰ অৱস্থা তথা গ্রাম্য অর্থনীতি অগি পৰা কাৰণে আৰু কৃষি ক্ষেত্র সম্প্রসাৰণৰ উদ্দেশ্যে খাজনাৰ পৰিমাণ হ্রাস কৰা হৈছিল । 

প্রশ্ন ১৪। পঞ্চম প্রতিবেদন কিমান পৃষ্ঠাৰ আছিল ? 

উত্তৰঃ পঞ্চম প্রতিবেদন ১০০২ পৃষ্ঠাৰ আছিল । 

প্রশ্ন ১৫। ফ্রান্সিচ বুকাননে অসমৰ বিষয়ে লিখা টোকাটোৰ নাম কি ? 

উত্তৰঃ ‘An Account of Assam’ আছিল । 

প্রশ্ন ১৬। বুর্দোৱা অঞ্চলত ১৭৯৮ চনলৈ অনাদায় হৈ থকা ৰাজহৰ পৰিমাণ কিমান আছিল ? 

উত্তৰঃ প্রায় ত্রিছ হাজাৰ টকা আছিল । 

প্রশ্ন ১৭। চাওতাল সকল কোন আছিল ? 

উত্তৰঃ চাওতাল সকল বংগদেশৰ জনজাতি লােক আছিল । তেওঁলােকে বংগদেশৰ গাঙুৰীয়া পাহাৰ অঞ্চলত উনৈছ শতিকাৰ প্ৰথম ভাগৰ পৰা বাস কৰি আহিছিল । 

প্রশ্ন ১৮। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেতিয়াৰ পৰা বংগদেশত শাসন প্রতিষ্ঠা কৰিছিল ? 

উত্তৰঃ ১৭৬৫ চনৰ পৰা । 

প্রশ্ন ১৯৷ চাহুকাৰসকল কোন আছিল ?

উত্তৰঃ বংগদেশত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত কিছুমান জমিদাৰে এফালে ঋণদাতা আৰু আনহাতে ব্যৱসায়ী বা বেপাৰী হিচাপে কাম কৰিছিল । তেওঁলােককে চাহকাৰ বুলি জনা যায় । 

প্রশ্ন ২০। ১৮৫৬ চনৰ চাওঁতাল বিপ্লৱৰ নেতাসকল কোন আছিল ? 

উত্তৰঃ চাওঁতালসকল ।

প্রশ্ন ২১। ‘ ডামি ই কোষ ’ কি আছিল ?

উত্তৰঃ পাহাৰৰ অতি ঘন জংঘল অঞ্চল য’ত পাহাৰী লােকসকলে বাস কৰিছিল তাক ডামি – ই – কোষ বােলা হৈছিল । 

প্রশ্ন ২২। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বােম্বাই দাক্ষিণাত্যত কোনটো ৰাজহ ব্যবস্থা প্রবর্তন কৰিছিল ? 

উত্তৰঃ ৰায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল । 

প্রশ্ন ২৩। পেলজার্ট কোন আছিল ? 

উত্তৰঃ পেলজার্ট ডাচ কোম্পানীৰ এজন মুখ্য প্রশাসনীয় বিষয়া আছিল । 

প্রশ্ন ২৪। কোন চনত বৃটিছ চৰকাৰে সতীদাহ প্রথা বিলুপ্ত কৰিছিল ? 

উত্তৰঃ ১৮২৯ চনত বিলুপ্ত কৰিছিল ।

চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। জোটদাৰ সকল কোন আছিল ? 

উত্তৰঃ কোনাে কোনাে অঞ্চলৰ গাঁৱৰ মুখ্যজনক জোটদাৰ বােলা হৈছিল । এই লােক সকল অধিক মাটিৰ মালিক হােৱা হেতুকে সমাজৰ উচ্চ পর্যায়ৰ খেতিয়ক হিচাপে প্রতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল । 

প্রশ্ন ২। আমলাহ কাক কোৱা হৈছিল ? 

উত্তৰঃ জমিদাৰ সকলৰ হৈ খাজনা আদায় কৰা বিষয়া সকলক আমলাহ কোৱা হৈছিল । 

প্রশ্ন ৩। মহল কাক কোৱা হয় ?

উত্তৰঃ ৰজা বা জমিদাৰ সকলৰ অধীনত থকা মাটিবােৰক মহল বােলা হৈছিল । 

প্রশ্ন ৪। জমিদাৰ কাক কোৱা হৈছিল ? 

উত্তৰঃ ইংৰাজ সকলৰ শাসন কালত মাটিৰ মালিক সকলক জমিদাৰ বুলি কোৱা হৈছিল । তেওঁলােকে ৰায়তৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ এটা অংশ চৰকাৰক পৰিশােধ কৰিব লাগিছিল । 

প্রশ্ন ৫। উপনিবেশবাদ বুলিলে কি বুজা ? 

উত্তৰঃ উপনিবেশবাদ বুলিলে সাধাৰণতে এখন দেশৰ একাংশ লােকে জীৱন – জীৱিকা অথবা ব্যৱসায়ৰ সন্ধানত প্ৰব্ৰজনৰ যােগেদি আন এখন দেশত কাম কৰিবলৈ লােৱা কার্যকে উপনিবেশবাদ বােলে । আনহাতে বাস কৰা দেশখনক সেই লােকসকলৰ বাবে উপনিবেশ বােলে ।

প্রশ্ন ৬। কোনে আৰু কোন চনত বংগদেশত চিৰস্থায়ী বন্দোবস্ত প্রবর্তন কৰে ? 

উত্তৰঃ লর্ড কর্ণৱালিছে ১৭৯৩ চনত বংগ , বিহাৰ আৰু উৰিষ্যাত চিৰস্থায়ী বন্দোবস্ত প্ৰৱৰ্তন কৰিছিল । 

প্রশ্ন ৭৷ ৰেগুলেটিং বা নিয়ন্ত্রণকাৰী আইন কি আছিল ? 

উত্তৰঃ ৰেগুলেটিং বা নিয়ন্ত্রণকাৰী আইনখন ইৰাজসকলে ১৭৭৩ চনত প্রণয়ন কৰিছিল । ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাম-কাজবোৰ নিয়মীয়া কৰণ কৰাৰ কাৰণে এই আইন প্রণয়ন কৰা হৈছিল । 

প্রশ্ন ৮। ‘ সূর্যাস্ত আইন ’ বুলিলে কি বুজা ? 

উত্তৰঃ এই আইন অনুসৰি নির্দিষ্ট দিনৰ সূর্যাস্তৰ আগেয়ে নির্ধাৰিত পৰিমাণৰ খাজনা দিয়াত ব্যর্থ হলে সেই জমিদাৰী নিলামত দিয়াৰ ব্যৱস্থা আছিল । ইয়াকে সূর্যাস্ত আইন বুলি কোৱা হৈছিল । 

প্রশ্ন ৯। পঞ্চম প্রতিবেদন বুলিলে কি বুজা ? কিয় ই গুৰুত্বপূর্ণ ? 

উত্তৰঃ ভাৰতবৰ্ষত কোম্পানীৰ কাম – কাজৰ খতিয়ান বিষয়ক বহুতাে প্রতিবেদন ব্রিটিছ সংসদত দাখিল কৰা হৈছিল । ১৮১৩ খ্রীঃত এই সম্পর্কত এখন বিস্তৃত প্রতিবেদন ব্রিটিছ সংসদত উত্থাপন কৰা হৈছিল । এই প্রতিবেদনখনকে পঞ্চম প্রতিবেদন বুলি কোৱা হৈছিল । কাৰণ এই প্রতিবেদনখন প্রায় এহেজাৰ দুই পৃষ্ঠাৰ আছিল । ইয়াৰে আঠ পৃষ্ঠাত ৰায়ত আৰু জমিদাৰ সকলৰ আবেদন – নিবেদন বিষয়ক তথ্য উল্লেখ কৰা হৈছিল ।

প্রশ্ন ১০। কোৰ আৰু নাঙল শব্দ দুটাৰ মাজেৰে কি বুজোৱা হৈছে ? 

উত্তৰঃ কোৰ আৰু নাঙলৰ মাজেৰে পাহাৰীয়া আৰু চাওতালসকলৰ মাজত চলা এখন দীঘলীয়া সংঘৰ্ষৰ কথাকে বুজোৱা হৈছে । কাৰণ ইতিমধ্যে পাহাৰীয়া সকল বাস কৰা পাহাৰ অঞ্চললৈ চাওতাল সকলৰ আগমন ঘটিছিল । তেওঁলােকে পাহাৰৰ পাদদেশৰ গছ – গছনি কাটি খাষ্টাং কৰিছিল । এনেদৰে অৰণ্য মুকলি কৰি চাওতাল সকলে ধান , কপাঁহ আদিৰ খেতি কৰিবলৈ লৈছিল । 

চাওতালসকলে যেতিয়া নিম্ন পাহাৰ ভূমি দখল কৰিছিল , তেতিয়া পাহাৰীয়াসকল ৰাজমহল পাহাৰৰ আৰু গভীৰ অৰণ্যলৈ আঁতৰি গৈছিল । এফালে যদি পাহাৰীয়াসকলৰ জীৱন স্থানান্তৰণ কৃতি ব্যৱহাৰ কৰা কোৰে প্রতিনিধিত্ব কৰিছিল তেন্তে আনফালে চাওতালসকলে যেন নালৰ ক্ষমতা প্রতিষ্ঠা কৰিবলৈহে আহিছিল । ফলত কোৰ আৰু নাঙলৰ মাজৰ এই যুদ্ধ বহুদিন ধৰি চলিছিল । 

প্রশ্ন ১১। ‘ ডামি- ই – কোহ ’ বুলিলে তুমি কি বুজা ? নাইবা , বহিৰাগতসকলৰ আগমনৰ প্রতি পাহাৰীয়াসকলে কিদৰে সঁহাৰি দিছিল ? 

উত্তৰঃ ১৮৩২ চনৰ আগতে কোম্পানী চৰকাৰে এক বিস্তীর্ণ অঞ্চলক ‘ ডামি – ই – কোহ ’ নামেৰে নামাকৰণ কৰি এইবােৰ চাওতাল সকলৰ ভূমি বুলি ঘােষণা কৰিছিল । এক নির্দিষ্ট চাৰিসীমাৰ ভিতৰত নাঙল নিৰ্ভৰ কৃষি প্রণালী অনুশীলন কৰি এই ঠাইত চাওতালসকলক বাস কৰিবলৈ দিয়া হৈছিল । চাওতাল সকলক এনে ভূমি দিয়াৰ সময়ত এক বন্দবস্তিৰ জৰিয়তে তেওঁলােকক দহ বছৰৰ ভিতৰত সমগ্র অঞ্চলটোৰ অতি কমেও এক – দশমাংশ ভূমি মােকলাই খেতি কৰিব লাগিব বুলি কোৱা হৈছিল । ইয়াৰ বাবে সমগ্ৰ অঞ্চলটোৰ জৰীপ চলাই ভূ – চিত্র অংকন কৰা হৈছিল । ইয়াৰােপৰি চাৰিওফালে সীমা নির্ধাৰণ কৰি ভৈয়ামৰ স্থায়ী কৃষক আৰু পাহাৰীয়া অঞ্চলৰ কৃষক সকলক পৃথক কৰি তােলা হৈছিল । যাতে দুয়ােপক্ষৰ মাজত কোনাে ধৰণৰ বিবাদ সংঘটিত হয় । 

প্রশ্ন ১২। ১৭৮০ খ্রীঃৰ ভিতৰত চাওতালসকল কিয় বংগদেশলৈ আহিবলৈ লৈছিল ? 

উত্তৰঃ উক্ত সময়ছােৱাত চাওতাল সকল বংগদেশলৈ অহাৰ কাৰণবােৰ হ’ল— 

( ক ) জমিদাৰ সকলে চাওতালসকলক মাটিবােৰ কৰি পৰিসৰ বৃদ্ধি কৰাৰ কাৰণে অধিক মুনাফা দিয়াৰ কথা ঘােষণা কৰিছিল । 

( খ ) ইংৰাজসকলে চাওতাল সকলক পাহাৰী জাতিসকলৰ নিয়ন্ত্রণত থকা মাটিবােৰ চাফ কৰি কৃষিৰ অধিক সম্প্রসাৰণ ঘটাবলৈ অনুপ্ৰেৰণা যােগাইছিল । 

প্রশ্ন ১৩। ইংৰাজ , সকলে প্রথমে ক’ত আৰু কেনেকৈ ভাৰতত ঔপনিবেশিক শাসন ব্যবস্থা প্রতিষ্ঠা কৰিছিল ? 

উত্তৰঃ ইংৰাজসকলে প্রথমে ১৭৬৫ খ্রীঃত বংগ , বিহাৰ আৰু উৰিষ্যাৰ দেৱানী লাভ কৰি ভাৰতত প্রথম ঔপনিবেশিক শাসন ব্যৱস্থা স্থাপনৰ পথ মুকলি কৰিছিল । 

প্রশ্ন ১৪। ১৮৭৫ চনৰ কৃষক বিদ্ৰোহৰ তিনিটা ফলাফল উল্লেখ কৰা ।

উত্তৰঃ ১৮৭৫ চনৰ কৃষক বিদ্ৰোহৰ তিনিটা ফলাফল হল— 

( ক ) এই বিদ্ৰোহৰ প্ৰভাৱ গাওবিলাকলৈও সম্প্রসাৰণ ঘটিছিল ।

( খ ) বিদ্রোহী কৃষক সকলৰ মাজত ভীতি প্রদর্শন কৰাৰ কাৰণে কিছুমান ঠাইত পুলিচ চকী স্থাপন কৰিছিল । 

( গ ) বিদ্রোহ দমন কৰাৰ কাৰণে ইংৰাজে সামৰিক বাহিনী প্রেৰণ কৰিছিল ফলত প্রায় ৯৫১ জন বিদ্রোহীক কৰায়ত্ব কৰি তেওঁলােকক বিচাৰৰ সন্মুখীন হ’বলৈ বাধ্য কৰােৱা হৈছিল । 

প্রশ্ন ১৫। পাহাৰীয়া জনজাতিবােৰৰ লগত শান্তি স্থাপনৰ কাৰণে ইংৰাজ সকলে কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰিছিল ? 

উত্তৰঃ ( ক ) ইংৰাজসকলে গ্ৰহণ কৰা ব্যৱস্থা অনুসৰি জনজাতি সকলৰ মুখিয়াল কিছুমানক বিশেষ ভাট্টা প্ৰদান কৰিছিল । ইয়াৰ বিনিময়ত মুখিয়াল জনে তেওঁৰ তলৰ মানুহখিনিক নিয়ন্ত্রণ কৰিব লাগিছিল । 

( খ ) এই মুখিয়াল জনে ভাট্টা লাভৰ ফলত তেওঁৰ নিয়ন্ত্রণাধীন ঠাইখিনিত শান্তি আৰু নিৰাপত্তাৰ দিশ চোৱা চিতা কৰিব লাগিছিল । 

( গ ) অৱশ্যে চৰকাৰৰ এনে ষড়যন্ত্রকাৰী ব্যৱস্থাৰ প্রতি বহুতাে মুখিয়াল লােক আকর্ষিত হােৱা নাছিল ৷ কাৰণ এইবােৰ যে চৰকাৰী ষড়যন্ত্র তাক তেওঁলােকে ভালদৰে বুজি পাইছিল । 

প্রশ্ন ১৬। ডেভিদ ৰিকার্ডো কোন আছিল ? তেওঁৰ অর্থনৈতিক মতবাদৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ ( ক ) ডেভিদ ৰিকার্ডো ইংলেণ্ডৰ এজন প্রখ্যাত অর্থনীতিবিদ আছিল । 

( খ ) তেওঁৰ অর্থনৈতিক মতবাদৰ দুটা প্রধান বৈশিষ্ট্য হল— 

( ১ ) ৰিকাৰ্ডোৰ মতবাদ অনুসৰি এক নির্দিষ্ট সময়ত বলবৎ হােৱা ‘ গড় পাইক’ৰ ওপৰতহে জমিদাৰী থকা উচিত । 

( ২ ) যেতিয়া জমিদাৰীৰ ৰাজহ উৎপাদন এই ‘গড় পাইক’ তকৈ বেছি হয় , তেতিয়া জমিদাৰৰ এই ওপৰঞ্চি ৰাহি উৎপাদনৰ ওপৰত চৰকাৰে কৰ আৰােপ কৰা উচিত । 

প্রশ্ন ১৭। জনজাতি বা পাহাৰীয়া লােক সকলক নিয়ন্ত্রণ কৰাৰ কাৰণে ইংৰাজ কর্তৃপক্ষই কি ব্যবস্থা গ্রহণ কৰিছিল ? নাইবা , চাওতালসকলে ব্রিটিছ শাসনৰ বিৰুদ্ধাচাৰণ কৰাৰ দুটা কাৰণ উল্লেখ কৰা । 

উত্তৰঃ ( ক ) ইংৰাজ সকলে এই জাতিসমূহক অঘৰী জীৱন – নির্বাহৰ পৰিৱর্তে স্থায়ীভাৱে বাস কৰাৰ কাৰণে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল।

( খ ) ইংৰাজসকলে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থা হিচাপে এই জনগােষ্ঠীবােৰৰ বহুতাে মুখিয়াল লােকক দমন বা নিঃশেষ কৰাৰ কাৰণে আঁচনি লৈছিল । 

প্রশ্ন ১৮। নতুন যােগাযােগ ব্যৱস্থা হিচাপে ৰেল সেৱাৰ প্ৰৱৰ্তনৰ ফলত হােৱা দুটা পৰিৱর্তনৰ কথা উল্লেখ কৰা । 

উত্তৰঃ ( ক ) নতুন ৰেল সেৱাৰ প্রৱর্তনৰ ফলত কপাহ সৰবৰাহৰ ক্ষেত্ৰত প্রচলিত জল পৰিবহন ব্যৱহাৰ অৱস্থান ঘটিছিল । 

( খ ) ইয়াৰােপৰি গৰু গাড়ী আৰু নাও ব্যৱস্থাৰাে অৱশান ঘটে । মাত্র ৰেল ষ্টেচনৰ পৰা বৰবােৰলৈ সামগ্রী সমূহ কঢ়িওৱাৰ বাবে গৰুগাড়ী আৰু নাও ব্যৱহাৰ কৰা হৈছিল ।

প্রশ্ন ১৯। বুকানন কোন আছিল ?

উত্তৰঃ ফ্রান্সিচ বুকানন এজন ইংৰাজ চিকিৎসক বা শৰীৰতত্ত্ববিদ আছিল । ভাৰতলৈ আহি তেওঁ চিকিৎসাৰ লগত জড়িত হৈ পৰে । প্রথম কেইবছৰমান তেওঁ সেই সময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লর্ড ৰেলেছলিৰ ব্যক্তিগত শল্য চিকিৎসক হিচাপে কাম কৰিছিল । তেওঁ বৰ্তমানৰ আলিপুৰ দুৱাৰত এখন চিৰিয়াখানাও সংগঠিত কৰিছিল । ইয়াৰােপৰি তেওঁ এখন উদ্ভিদ উদ্যানৰ কামাে চোৱা – চিতা কৰিছিল । 

বংগৰ কোম্পানী চৰকাৰৰ অনুৰােধ মর্মে তেওঁ সেই সময়ৰ ইংৰাজ অধিকৃত অঞ্চলবােৰৰ এক বিস্তৃত জৰীপ কার্য চলাইছিল । 

প্রশ্ন ২০। লােক গণনাকাৰী বিষয়াসকলে তথ্য সংগ্রহ আৰু শ্রেণীকৰণত সম্মুখিন হােৱা যিকোনাে দুটা সমস্যা লিখা । 

উত্তৰঃ এই দুটা সমস্যা হল :- ( ক ) এজন মানুহ বিভিন্ন বৃত্তিত নিয়ােজিত হৈ থকা কাৰণে লােক গণনাত তেওঁক শ্রেণীবিভাজন কৰাটো কঠিন হৈ পৰিছিল । 

( খ ) বহু সময়ত আকৌ অধিক কৰ দিব লগাৰ ভয়ত বহুতাে লােকে পিয়ল কৰা মানুহক ‘ সঁচা তথ্য দিবলৈ ইচ্ছা কৰা নাছিল । 

প্রশ্ন ২১। সম্রাট আকবৰৰ কালছােৱাত মাটি কেনেদৰে শ্রেণীবিভাজন কৰা হৈছিল ? মাটিৰ ওপৰত কৰ কেনেদৰে নিৰ্ধাৰণ কৰা হৈছিল ? 

উত্তৰঃ আকবৰৰ ৰাজহনীতি ঐতিহাসিকসকলে উচ্চ প্রশংসা কৰি গৈছে । ১৫৮২ খ্রীঃত টোডমলৰ হতুৱাই আকবৰে ৰাজহ নীতিৰ সংস্কাৰ সাধন কৰাইছিল । উৎপাদনৰ ওপৰত ভিত্তি কৰি মাটিক চাৰি ভাগত ভাগ কৰা হৈছিল । সেই কেইটা হ’ল– 

( ক ) পৰভেটি ( কিছু বছৰ খেতি কৰি পুনৰ উৰতা বৃদ্ধিৰ কাৰণে এই মাটি কিছুদিন খেতি নকৰা ) 

( খ ) পােলেজ ( যি মাটিত প্রতি বছৰে খেতি কৰা হয় । ) 

( গ ) চাচব ( যি মাটি তিনি – চাৰি বছৰ খেতি নকৰাকৈ চন পৰি থাকে ) আৰু 

( ঘ ) বঞ্জৰ ( যি মাটি পাঁচ বছৰ খেতি নকৰাকৈ পৰি থাকে ) উৎপাদনৰ তিনি ভাগৰ এক ভাগ ৰাজহ হিচাপে নিৰ্ধাৰণ কৰা হৈছিল । 

প্রশ্ন ২২। বশ্যতামূলক মিত্ৰতাৰ দুটা চৰ্ত লিখা । 

উত্তৰঃ ইয়াৰ দুটা চর্ত হ’ল–

( ক ) কোনাে ভাৰতীয় শাসকে ইংৰাজৰ অনুমতি অবিহনে কাৰো লগত চুক্তি কৰিব নােৱাৰিব ।

( খ ) ৰাজ্যসমূহে ৰখা ইংৰাজ সৈন্য বাহিনীৰ সকলাে খৰচ পাতি বহন কৰিছিল ।

প্রশ্ন ২৩। ১৮৭৩ চনৰ অন্তর্বর্তী সীমা নিয়ন্ত্রণ আইন বুলিলে কি বুজা ? 

উত্তৰঃ ১৮৭৩ চনৰ অন্তর্বর্তী সীমা নিয়ন্ত্রণ আইনৰ জৰিয়তে ইংৰাজসকলে অসমৰ পৰা চাহ , তেল আৰু হাতী ব্যৱসায়ৰ ক্ষেত্ৰত একচেটিয়া সুবিধা লাভ কৰিছিল । ইংৰাজৰ বাহিৰে এই দিশত আন লােকৰ কোনাে হস্তক্ষেপ মানি লােৱা নহৈছিল । 

প্রশ্ন ২৪। চিৰস্থায়ী বন্দবস্ত অনুসৰি জমিদাৰসকলে আৰম্ভণিতে ইষ্ট ইণ্ডিয়া কোম্পানীক নিয়মীয়াকৈ ভূমি ৰাজহ পৰিশােধ কৰাত কিয় ব্যর্থ হৈছিল তাৰ দুটা কাৰণ উল্লেখ কৰা ।

উত্তৰঃ ভূমি ৰাজহ পৰিশােধ কৰাত ব্যর্থ হােৱাৰ কাৰণ দুটা হল— 

( ক ) চিৰস্থায়ী বন্দৱৰ পিছত চৰকাৰে জমিদাৰসকলৰ ওপৰত ৰাজহৰ পৰিমাণ বৃদ্ধি কৰিছিল । ইয়াৰ বিপৰীতে জমিদাৰসকলে কৃষকসকলৰ পৰা অতিৰিক্ত কৰ আৰােপ কৰিব পৰা নাছিল । ফলত ৰাজহৰ পৰিমাণ আগৰ দৰে থাকি যােৱাত ইংৰাজক বর্ধিত ৰাজহ আদায় দিয়াত জমিদাৰসকল ব্যর্থ হৈছিল । 

( খ ) চিৰস্থায়ী বন্দৱস্তৰ কালত জমিদাৰসকলৰ ক্ষমতা যথেষ্ট পৰিমাণে হ্রাস পাইছিল । সেয়ে তেওঁলােকে কৃষকসকলৰ পৰাও নিয়ন্ত্রণ হেৰুৱাব লগা হৈছিল । ফলত বহুতাে খেতিয়ক বা কৃষকে জমিদাৰক খাজনা দিবলৈ অস্বীকাৰ কৰিছিল । 

ৰচনাধর্মী প্রশ্নোত্তৰ 

প্রশ্ন ১। ভাৰতবৰ্ষলৈ কপাহৰ আমদানি সম্বন্ধে আলােচনা কৰা । 

উত্তৰঃ ১৮৬০ চনৰ আগলৈ ভাৰতবৰ্ষলৈ মুঠ আমদানিকৃত কপাহৰ তিনি – চতুর্থাংশ আহিছিল আমেৰিকাৰ পৰা । অৱশ্যে ১৮৫৯ চনত ইংলেণ্ডৰ মানচেষ্টাৰত প্রথম কটন কোম্পানী প্রতিষ্ঠা হৈছিল । 

আমেৰিকাৰ গৃহযুদ্ধৰ সময়ৰে পৰা ভাৰতবর্ষ তথা ইংলেণ্ডলৈ কপাহৰ সৰবৰাহ বহুতাে পৰিমাণে হ্রাস পাইছিল । সেয়ে কপাহৰ নাটনিৰ জোৰা মৰাৰ কাৰণে ইংৰাজসকলে ভাৰতবৰ্ষত কপাহৰ খেতি কৰাৰ কাৰণে আগ্রহী হৈ পৰে । ইয়াৰ ফলত দাক্ষিণাত্যত কপাহৰ খেতি আৰম্ভ হয় । পিছলৈ দক্ষিণ ভাৰতৰ পৰা বহুতাে পৰিমাণৰ কপাহ ৰপ্তানি কৰিবলৈ সক্ষম হৈছিল । ইংৰাজ সদাগৰ সকলাে কপাহ ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছিল । পিছলৈ ই এক লাভজনক ব্যৱসায়ত পৰিণত হৈছিল । 

প্রশ্ন ২। প্রথমে ক’ত আৰু কেতিয়া চিৰস্থায়ী বন্দোবস্ত প্ৰৱৰ্তন কৰা হৈছিল ? চিৰস্থায়ী বন্দোবস্ত প্রধান বৈশিষ্ট্যবােৰ আলােচনা কৰা । 

উত্তৰঃ ১৭৯৩ খ্রীঃত গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱলিছে বংগদেশত চিৰস্থায়ী বন্দোবস্ত প্রৱৰ্তন কৰিছিল । পিছলৈ এই ব্যৱস্থা বংগ আৰু বিহাৰতাে প্রয়ােগ কৰিছিল । চিৰস্থায়ী বন্দোবস্ত প্রধান বৈশিষ্ট্যবােৰ হ’ল— 

( ক ) এই ব্যৱস্থা মতে জমিদাৰ সকল মাটিৰ গৰাকীত পৰিণত হ’ল ।

( খ ) যিমান দিনলৈকে তেওঁলােকে খাজনা পৰিশােধ কৰি থাকিব সিমানদিনলৈকে তেওঁলােকে জমিদাৰী ভােগ কৰি থাকিব পাৰিব । 

( গ ) জমিদাৰ সকলে নিজৰ ভাগৰ দিব লগা খাজনা বছৰৰ এটা নির্ধাৰিত দিনৰ ভিতৰত ৰাজকোষত জমা দিব লাগিছিল ।

( ঘ ) ৰায়তক একোখনকৈ পট্টা দিয়াৰ ব্যৱস্থা কৰা হ’ল য’ত দিবলগীয়া খাজনাৰ কথা উল্লেখ আছিল । 

( ঙ ) চিৰস্থায়ী বন্দোৱস্তৰ ফলত ৰাজহৰ দিনত অতদিনে চলি অহা অনিয়মৰ অৱসান ঘটে । চৰকাৰৰ বাবে স্থায়ী ৰাজহৰ ব্যৱস্থা কৰি তথা এটা মাটিৰ গৰাকী শ্ৰেণীৰ সৃষ্টি কৰি । কর্ণৱালিছে চৰকাৰী ভূমি ৰাজহ নীতিৰ কিছু সুস্থিৰ অৱস্থালৈ আনিবলৈ সক্ষম হৈছিল । 

প্রশ্ন ৩। চিৰস্থায়ী বন্দোবস্তৰ কুফল আৰু সু – ফলবোৰৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ লর্ড কর্ণৱালিছে প্রৱৰ্তন কৰা চিৰস্থায়ী বন্দোৱস্তৰ কিছুমান ভাল ফল দেখা গৈছিল । যদিও ইয়াৰ কিছুমান কু – ফলাে লক্ষ্য কৰা যায় । গতিকে ইয়াৰ কু – ফল আৰুসু – ফল সমূহ তলত উল্লেখ কৰা ধৰণে আলােচনা কৰিব পাৰি । যেনে— 

চিৰস্থায়ী ব্যৱস্থাৰ সুফল :-

( ক ) এই ব্যৱস্থাৰ ফলত জমিদাৰসকল মাটিৰ স্থায়ী মালিক হ’ল । 

( খ ) কোম্পানীয়ে নির্দিষ্ট পৰিমাণৰ ৰাজহ আদায় কৰাৰ সুবিধা লাভ কৰে । 

( গ ) জমিদাৰ শ্ৰেণী কোম্পানীৰ ওচৰত নিৰ্ভৰশীল হৈ পৰে । 

( ঘ ) কোম্পানীৰ ৰাজহ বৃদ্ধি পােৱাত দেশৰ প্রশাসনীয় ব্যৱস্থাৰ উন্নতি ঘটে । 

কু – ফল :-

( ক ) এই ব্যৱস্থাৰ ফলত নির্দিষ্ট সময়ত ৰাজহ আদায় দিব নােৱৰাত বহু প্রাচীন জমিদাৰে নিজ জমিদাৰী হেৰুৱাব লগা হয় । 

( খ ) জমিদাৰসকল মাটিৰ স্থায়ী মালিক হােৱাত কৃষকসকল তেওঁলােকৰ বহতীয়া স্বৰূপ হৈ পৰিল । 

( গ ) সাধাৰণ কথাতে কৃষকসকলক মাটিৰ পৰা উচ্ছেদ কৰিবলৈ ল’লে । 

( ঘ ) ভৱিষ্যতে কোম্পানীয়ে ৰাজহ বৃদ্ধি কৰিব নােৱৰা হ’ল । 

Sl. No.সূচী-পত্ৰ
Chapter 1ইটা মণি আৰু হাড়বােৰ
Chapter 2ৰজা কৃষক আৰু নগৰসমূহ
Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী
Chapter 4দার্শনিক প্রত্যয় আৰু স্থাপত্য
Chapter 5যুগে যুগে অসম
Chapter 6পর্যটকৰ দৃষ্টিভংগীৰে
Chapter 7ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ
Chapter 8এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ
Chapter 9কৃষক, জমিদাৰ আৰু ৰাজ্য
Chapter 10সম্রাট আৰু ইতিহাস
Chapter 11উপনিবেশবাদ আৰু গ্রাম্য সমাজ
Chapter 12বিদ্রোহীসকল আৰু ৰাজ
Chapter 13ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ
Chapter 14মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
Chapter 15ভাৰত বিভাজন আৰু ৰাজনীতি
Chapter 16ভাৰতীয় সংবিধান সংকলন

প্রশ্ন ৪। জোতদাৰ সকলে জমিদাৰসকলৰ বিৰুদ্ধে কেনেদৰে প্ৰতিৰােধ আন্দোলন গঢ়ি তুলিছিল ? অথবা , ব্ৰিটিছসকলৰ বিৰুদ্ধে সন্থালসকলে কিয় বিদ্রোহ কৰিছিল ?

 উত্তৰঃ অধিক মাটিৰ মালিকসকলক জোতদাৰ বুলি কোৱা হৈছিল । অষ্টাদশ শতিকাৰ শেষৰ ফালে জমিদাৰ সকল দুর্বল হৈ পৰিছিল । সেয়ে জমিদাৰ সকলৰ এনে দুর্বলতাৰ সুযােগ লৈ জোতদাৰ সকল অধিক শক্তিশালী হৈ পৰিছিল । তেওঁলােকক যাতে জমিদাৰ সকলে পুনৰ বশ কৰিব নােৱাৰে তাৰ কাৰণে তেওঁলােকে কিছুমান প্ৰতিৰােধ মূলক ব্যৱস্থা হাতত লৈছিল । 

যেনে— ( ২ ) জমিদাৰ সকলৰ মতা হ্রাস কৰাৰ কাৰণে জোতদাৰ সকলে গাঁও অঞ্চলৰ কৃষক সকলক সংগঠিত কৰি তুলিছিল । 

( খ ) জোতদাৰকলে জমিদাৰ সকলক দিব লগা ৰাজহ বন্ধ কৰাৰ কাৰণে উচটনি দিছিল । 

( গ ) জোতদাৰ সকলে বেনামী সম্পত্তি ক্রয় কৰি জমিদাৰ সকলৰ বিপৰীতে অর্থনৈতিক দিশ টনকিয়ালৰ কাৰণে চেষ্টা কৰিছিল ।

( ঘ ) আইনৰ সহায়ত জমিদাৰ সকলে জোতদাৰ সকলৰ বিৰুদ্ধে দিয়া গোচৰ সমুহ পলম কৰাৰ কাৰণে জোতদাৰ সকলে নানা ধৰণৰ কুট – কৌশল অৱলম্বন কৰি জমিদাৰ সকলৰ শক্তি প্রতিহত কৰাৰ কাৰণে চেষ্টা চলাইছিল । 

প্রশ্ন ৫। বুর্দোৱা অঞ্চলৰ নিলাম ব্যৱস্থাৰ প্রধান বৈশিষ্ট্যবােৰ আলােচনা কৰা । 

উত্তৰঃ লর্ড কর্ণৱালিছে ১৭৯৩ খ্রীঃত প্ৰৱৰ্তন কৰা চিৰস্থায়ী বন্দোবস্তৰ ফলত বংগদেশত বহুতো ৰজা আৰু জমিদাৰৰ অৱস্থা অতি শােচনীয় হৈ পৰিছিল । এনে অৱস্থাত তেওঁলােকে চৰকাৰক ৰাজহ দিয়াত ব্যৰ্থ হৈছিল । সেয়ে কোম্পানীৰ চৰকাৰে ৰাজহ আদয়ৰ ঠাইত ৰজা আৰু জমিদাৰৰ তলত থকা মাটিবােৰ নিলামত দিয়াৰ ব্যৱস্থা কৰিছিল । এই নিলাম ব্যৱস্থা বুর্দোৱা বা বৰ্তমানৰ বর্ধমান জিলাত হৈছিল । সেয়ে ইয়াক বুর্দোৱা নিলাম কার্য বুলি কোৱা হয় ।

এই নিলাম ব্যৱস্থাৰ প্রধান বৈশিষ্ট্যবােৰ হ’ল— 

( ক ) এই নিলাম কার্যত বহুতাে লােকে অংশ গ্ৰহণৰ কাৰণে আহিছিল ।

( খ ) ১৭৯৭ খ্রীঃত অনুষ্ঠিত হােৱা এই নিলাম কার্য এক বিৰাট ৰাজহুৱা অনুষ্ঠান হিচাপে পৰিগণিত হৈছিল । 

( গ ) এই নিলাম ব্যৱস্থাৰ ফলত বুর্দোৱাৰ ৰজাৰ বহুতাে মহল বিক্ৰী হৈছিল । 

( ঘ ) নিলামত সর্বোচ্চ ডাক দিওঁতা জনৰ ওচৰত মহল বিলাক বিক্ৰী কৰা হৈছিল । 

( ঙ ) নিলামত অংশ লােৱা বেছিভাগ লােকেই আছিল ৰাজমহল অঞ্চলৰ ছদ্মবেশী গ্রাহক । 

( চ ) এই লােকসকল প্রকৃততে ৰজাৰহে সেৱক আছিল । 

( ছ ) নিলামত বিক্ৰী হােৱা প্রায় ৯৫ শতাংশ আছিল ভূৱা নিলাম । 

( জ ) উল্লেখযােগ্য যে ৰজাৰ সেৱকসকলে নিলামত ক্ৰয় কৰা মাটিবােৰ পুনৰ ৰজাৰ হাতলৈ গৈছিল । 

প্রশ্ন ৬। জমিদাৰ সকলে কোম্পানীৰ চৰকাৰক ৰাজহ দিয়াত কিয় ব্যর্থ হব লগা হৈছিল ? আলােচনা কৰা ।

উত্তৰঃ চিৰস্থায়ী বন্দোবস্তৰ ফলত সমাজৰ আর্থিক দিশত বহুতাে কু – প্রভাৱ পৰিলক্ষিত হৈছিল । ফলত জমিদাৰসকলে নানা কাৰণত চৰকাৰক ৰাজহ পৰিশােধ কৰাত ব্যৰ্থ হৈছিল । উদাহৰণ হিচাপে–

( ক ) চিৰস্থায়ী বন্দোবস্তৰ পিছত চৰকাৰে জমিদাৰ সকলৰ ওপৰত ৰাজহৰ পৰিমাণ বৃদ্ধি  কৰিছিল । ইয়াৰ বিপৰীতে জমিদাৰ সকলে কৃষক সকলৰ পৰা অতিৰিক্ত কৰ আৰােপ কৰিব পৰা নাছিল । ফলত ৰাজহৰ পৰিমাণ আগৰ দৰে থাকি যােৱাত ইংৰাজক বর্ধিত ৰাজহ আদায় দিয়াত জমিদাৰসকল ব্যর্থ হৈছিল । 

( খ ) নানা ধৰণৰ দুর্ভিক্ষৰ সন্মুখীন হ’ব লগা হােৱা কাৰণে জমিদাৰ সকলে কৃষকৰ পৰা সময়মতে খাজনা আদায় কৰিব পৰা নাছিল । 

( গ ) চিৰস্থায়ী বন্দোবস্তৰ ফলত জমিদাৰ সকলৰ ক্ষমতা যথেষ্ট পৰিমাণে হ্রাস পাইছিল । সেয়ে তেওঁলােকে কৃষকসকলৰ পৰাও নিয়ন্ত্রণ হেৰুৱাবলৈ বাধ্য হৈছিল । ফলত বহুতাে কৃষকে  জমিদাৰ সকলক খাজনা দিবলৈ অস্বীকাৰ কৰিছিল ।

প্রশ্ন ৭। ফ্রান্সিচ বুকাননৰ জৰীপ টোকাৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ফ্রান্সিচ বুকানন গৱৰ্ণৰ জেনেৰেল লর্ড বেলেছলিৰ ব্যক্তিগত চিকিৎসক আছিল । আলিপুৰ দুৱাৰ চিৰিয়াখানাৰাে তেওঁ সংগঠক আছিল । কিছু সময়ৰ কাৰণে তেওঁ কলকাতাৰ ব’টানিকেল গার্ডেনৰো দায়িত্ব পালন কৰিছিল । বংগ চৰকাৰৰ অনুৰােধ মর্মে তেওঁ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধিকৃত অঞ্চলত এক জৰীপ চলাইছিল । পিছত তেওঁৰ জৰীপৰ লগত এই সম্পর্কীয় এটি টোকা প্রকাশ কৰিছিল । 

এই টোকাৰ বৰ্ণনা কৰা অনুসৰি এই অঞ্চলটো এটা অতি দুর্গম অঞ্চল আছিল । কাৰণ ইয়ালৈ খুব কম সংখ্যক ভ্রমণকাৰীহে যাবলৈ সাহস কৰিছিল । অঞ্চলটো এক ভয়ানক বিপদৰ প্ৰতীকহে আছিল । তেওঁ যি ঠাইলৈ গৈছিল তাৰ জনসাধাৰণে তেওঁক শত্রু জ্ঞান কৰিছিল কাৰণ এই জনজাতি সকলে চৰকাৰী কৰ্মচাৰী আৰু বিষয়া সকলক সদায় শত্রু জ্ঞান কৰিছিল । আনকি তেওঁৰ আগমনৰ লগে লগে জনসাধাৰণ ভয়তে বা ঘৃণাতে গাঁও ত্যাগ কৰি অৰণ্যত লুকাই আছিল । 

বুকাননৰ টোকাটোৰ পৰা আমি ঊনবিংশ শতিকাৰ প্ৰাক কালৰ পাহাৰীয়া লােকসকলৰ জীৱনৰ এক হতাশাজনক ছবিহে দেখা পাওঁ । কাৰণ— 

( ক ) তেওঁ ভ্ৰমণ কৰা বিভিন্ন স্থান , মুখামুখি হােৱা বিভিন্ন মানুহ , দৃষ্টিগােচৰ হােৱা বিভিন্ন আচাৰ ব্যৱহাৰৰ ওপৰত এক দিনলিপিৰ ৰূপতহে এই খচৰা টোকাটো লিখি উলিয়াইছিল ।

( খ ) এই টোকাৰ পৰা আমি সেই সময়ৰ পাহাৰীয়া লােকসকলৰ সমস্যাসমূহৰ কোনাে সমাধান নাপাওঁ । 

( গ ) এই টোকাত সেই সময়ৰ জনসাধাৰণৰ অতীত বুৰঞ্জীৰ কোনাে আভাস নাই । 

( ঘ ) বুকাননে মাত্র কোম্পানীৰ ব্যৱসায়িক দিশৰ অগ্ৰগতিৰ দিশ লক্ষ্য কৰিহে তেওঁ তেওঁৰ টোকাটো প্ৰকাশ কৰিছিল । 

( ঙ ) পিছৰ কালৰ ইতিহাসবিদ সকলে বুকাননৰ টোকাৰ পৰা পাহাৰীয়া জাতি সমূহৰ  ইতিহাস জনাৰ ক্ষেত্ৰত যথেষ্ট সমল লাভ কৰিবলৈ সক্ষম হৈছিল । 

প্রশ্ন ৮। বায়তবাৰী বন্দোবস্তিৰ মুখ্য বৈশিষ্ট্যবােৰৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ দক্ষিণ আৰু দক্ষিণ পশ্চিম ভাৰত ইংৰাজৰ নিয়ন্ত্রণাধীন হােৱাৰ ফলত , সেই অঞ্চলৰ ভূমি ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত কিছু সমস্যা আহি পৰে । দক্ষিণ ভাৰতত জমিদাৰী প্ৰথাৰ প্রচলন নাছিল বাবে সেই অঞ্চলত চিৰস্থায়ী বন্দোৱস্তিৰ বিৰুদ্ধে কোম্পানীৰ বিষয়া সকলে মত পােষণ কৰিছিল । আলেকজেণ্ডাৰ ৰীড , টমাছমন প্রমুখ্যে মাদ্রাজ প্রশাসনৰ অনেক বিষয়াই দক্ষিণ ভাৰতত খেতিয়ক প্রজাৰ লগত পােনপটীয়াকৈ ভূমি ৰাজহৰ বন্দোৱস্তি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল । তেওঁলােকে ভূমি ৰাজহঁৰ চিৰস্থায়ী বন্দোবস্তিৰ ফলত চৰকাৰৰ লােকচান হােৱা বুলি যুক্তি দর্শাইছিল আৰু ৰায়তৰ ওপৰত জমিদাৰবিলাকক সম্পূর্ণ স্বত্ব দিয়াৰ ফলত জমিদাৰবিলাকে যে বায়তক নিজ খুচিত নির্যাতন কৰিব পৰা হ’ল সেই কথালৈ চৰকাৰৰ দৃষ্টি আকর্ষণ কৰিছিল ৷ সেয়েহে তেওঁলােকে এই অঞ্চলবিলাকত বায়তৰ লগত পােনপটীয়াকৈ বন্দোৱস্তিৰ পৰামর্শ আগবঢ়াইছিল । এই বন্দোৱত্তি মতে ৰায়তে নিয়মীয়াকৈ মাটিৰ খাজনা সােধাই থাকিলে মাটিৰ মালিকীস্বত্ব তেওঁলােকৰ হাতত থাকিব আৰু খাজনা বাদ পৰিলে মাটি নিলামত বিক্ৰী হ’ব । তেওঁলােকৰ মতে পূর্বতে মাদ্রাজত এই ব্যবস্থাই চলিছিল । ৰায়তৰ লগত ঊনৈছ শতিকাৰ আগভাগত মাদ্রাজ আৰু বােম্বাই প্রেছিডেন্সিৰ একাংশ আৰু অসমত এই প্রথা প্ৰৱৰ্তন কৰা হৈছিল । এই বন্দোৱস্তিত খাজনাৰ নিৰিখ স্থায়ীভাৱে বান্ধি দিয়া হােৱা নাছিল । ২০/৩০ বছৰৰ মূৰে মূৰে প্রয়ােজনবােধে খাজনাৰ নিৰিখ সংশােধন কৰা হৈছিল । 

কিন্তু বাস্তৱক্ষেত্ৰত এই প্রথাটো কৃষকে মাটিৰ মালিকানা নাপালে । তেওঁলােকে সহজে উপলব্ধি কৰিলে যে এই নিয়মেৰে চৰকাৰে সৰু – সুৰা জমিদাৰখিনি আঁতৰাই নিজে ডাঙৰ জমিদাৰ হৈ পৰিল । এই প্রৱর্তনৰ কিছুদিন পিছতে চৰকাৰে মাটিৰ খাজনাটো কৰৰ সলনি ভাড়াহে বুলি কৰা দাবী সঁচাকৈয়ে প্রতিপন্ন কৰিছিল । তদুপৰি মাটিৰ মালিকীস্বত্বও ৰায়তে হেৰুৱাব লগা হৈছিল । বহুতাে ঠাইত মাটিৰ খাজনা ইমান বেছি হৈছিল যে খেতিৰ কাৰণে আটাইতকৈ উপযােগী বতৰতাে কৃষকসকলে ভালদৰে চলিব নােৱৰা হৈছিল । উদাহৰণস্বৰূপে , প্রথম অৱস্থাত মাদ্রাজত কৃষকবিলাকে উৎপন্ন বস্তুৰ শতকৰা ৪৫-৫৫ ভাগ পর্যন্ত খাজনা হিচাপে দিব লগা হৈছিল । তদুপৰি চৰকাৰৰ ইচ্ছানুযায়ী খাজনা বঢ়াব পাৰিছিল । কোনাে প্রাকৃতিক দুর্যোগত সমস্ত শস্য নষ্ট হলেও ৰায়তে খাজনাৰ পৰা ৰেহাই নাপাইছিল । ১৮৫৪ খ্রীঃত কলিকতাৰ সদৰ দেৱানী আদালতত বিচাৰক মফাট মিলচ অসমলৈ আহোঁতে মণিৰাম দেৱানে আপত্তি দর্শাইছিল যে ৰায়তে খাজনা দিব নােৱাৰি মাটি বন্ধকত থ’বলগীয়া হৈছে । অথবা অধিক সুদৰ হাৰত টকা ধাৰলৈ ল’বলগীয়াত পৰিছে আৰু টকা পৰিশােধ কৰিব নােৱাৰি মাটি হেৰুৱাইছে । 

প্রশ্ন ৯। ১৮৫৭ চনৰ ১২ মে তাৰিখে পুনেৰ চুপা অঞ্চলত গাঁওবাসীয়ে কি কৰিছিল ? 

উত্তৰঃ ১৮৫৭ চনৰ ১২ মে তাৰিখে পুনেৰ চুপা অঞ্চলৰ জনসাধাৰণে ঋণদাতা বা মহাজন এজনৰ ঘৰ জ্বলাই দিয়ে । তেওঁলােকে অন্য আৰু প্রায় বাৰজন জমিদাৰৰ ঘৰ – দুৱাৰ ভাঙি – চিঙি সকলাে বয় – বস্তু লুট পাত কৰিছিল । ইয়াৰােপৰি বাকীৰ বহীবােৰ নষ্ট কৰা হৈছিল । দলিল , ধান – চাউল , কাপােৰ – কানি আদি আলি বাটত জ্বলাই দিয়া হৈছিল । উল্লেখযােগ্য যে এই চুপা অঞ্চলত বহু সংখ্যক দোকানী আৰু সুদখােৰ ঋণদাতাই বাস কৰিছিল । চুপাৰ পৰা বিদ্ৰোহৰ অগনি আহমেদ নগৰলৈ বিয়পি পৰিছিল । 

পিছত চৰকাৰে বিদ্রোহ দমন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিল । বিদ্রোহী সকলক ভয় খুৱাই আত্মসমর্পণ কৰাৰ কাৰণে গাঁৱে গাঁৱে আৰক্ষীৰ শিৱিৰ স্থাপন কৰিছিল । বহুতাে লােকক আটক কৰা হৈছিল । অৱশ্যে এই বিদ্রোহ দমন কৰাৰ কাৰণে চৰকাৰক কেমাতাে সময়ৰ প্রয়ােজন হৈছিল । এই বিদ্ৰোহৰ ফলত ঋণদাতা সকলৰ বহুতাে টকাৰ ঘাটি সাধন হৈছিল । 

প্রশ্ন ১০। ১৮৫৭ চনৰ ১২ মে তাৰিখে সংঘটিত হােৱা কৃষক বিদ্ৰোহৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰিব চেষ্টা কৰিবা ( প্ৰয়োজন অনুসাৰে ওপৰৰ ৯ নং প্রশ্নোত্তৰ চাই ল’ব পৰা ।) 

প্রশ্ন ১১। কিয় কোম্পানীৰ চৰকাৰে দাক্ষিণাত্য সংঘর্ষ আয়ােগ গঠন কৰিছিল । 

উত্তৰঃ ১৮৫৭ চনৰ ১২ মে তাৰিখে দক্ষিণ ভাৰতৰ পুনেৰ চুপা অঞ্চলত প্রথম বায়ত বা কৃষক বিদ্রোহ সংঘটিত হৈছিল । মহাজন আৰু সুদখােৰ সকলৰ শােযণৰ বিৰুদ্ধে এই বিদ্রোহ সংঘটিত হৈছিল । প্রথম অৱস্থাত বােম্বাই কোম্পানীৰ শাসক সকলে এই বিদ্রোহ প্রতি বিশেষ মনােযােগ দিয়া নাছিল । কিন্তু ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্রতি লক্ষ্য কৰি চৰকাৰে পিছলৈ এই বিদ্রোহক লৈ শংকা প্রকাশ কৰে । 

সেয়ে ইংৰাজ চৰকাৰে বােম্বাইৰ ইংৰাজ শাসক সকলক এই বিদ্ৰোহৰ কাৰণ উদঘাটন কৰাৰ কাৰণে নির্দেশ দিয়ে । এই নির্দেশৰ পৰিপ্ৰেক্ষিততে বােম্বাই চৰকাৰে পিছত দাক্ষিণাত্য সংঘর্ষ আয়ােগ গঠন কৰে । এই আয়ােগে বিদ্ৰোহৰ সকলাে দিশ পৰীক্ষা কৰে । পিছত এই বিষয়ে চৰকাৰৰ ওচৰত এটি টোকা বা প্রতিবেদন দাখিল কৰে । পিছত ১৮৭৮ চনত এই প্রতিবেদন বিচাৰৰ কাৰণে ইংলেণ্ডৰ সংসদত উত্থাপন কৰে ।

প্রশ্ন ১২। অযােধ্যা ৰাজ্যখন বৃটিছ সাম্রাজ্যত চামিলকৰণে তাৰ তালুকদাৰসকলক কেনেকৈ ক্ষতিগ্রস্ত কৰিছিল ? 

উত্তৰঃ লর্ড ডেলহাউচিৰ শাসনকালত অয্যোধ্যাৰ শাসকে ভালদৰে শাসন কৰিব নােৱাৰাৰ অজু হাতত অযােধ্যা ৰাজ্যখন ১৮৫৬ চনত ইংৰাজৰ নিয়ন্ত্রণাধীন কৰে । ইয়াৰ ফলত নবাৱৰ লগতে গাঁও অঞ্চলৰ শক্তিশালী মাটিগিৰি তালুকদাৰসকলে নিজৰ মান আৰু স্থান হেৰুৱাব লগা হৈছিল । তেওঁলােকক নিৰস্ত্র হ’ল আৰু দুৰ্গবােৰাে ধ্বংস কৰা হ’ল । ইয়াৰােপৰি নিজৰ নিয়ন্ত্রণত থকা গাঁওবােৰো হেৰুৱাব লগা হৈছিল । ফলত তেওঁলােক ৰাজহৰ পৰা বঞ্চিত হ’ব লগা হয় ।

প্রশ্ন ১৩। চিৰস্থায়ী বন্দোবস্ত কি আছিল ? জমিদাৰসকল নির্ধাৰিত খাজনা জমা দিয়াত কিয় ব্যর্থ হৈছিল ? 

উত্তৰঃ এক দীঘলীয়া বিতর্ক আৰু আলােচনাৰ শেষত ১৯৭৩ খ্রীঃত লর্ড কর্ণৱালিছে বংগ , বিহাৰ আৰু উৰিষ্যাত ৰাজহ বিভাগত এক চিৰস্থায়ী বন্দোবস্ত ঘােষণা কৰিছিল । এই নিয়ম অনুসৰি জমিদাৰে চৰকাৰক দিবলগীয়া ৰাজহৰ পৰিমাণ স্থায়ীভাৱে নিৱদ্ধ কৰা হৈছিল । জমিদাৰসকলে সময়মতে ৰাজহ সংগ্ৰহ কৰিব নােৱাৰা কাৰণে চৰকাৰক নির্ধাৰিত সময় খাজনা পৰিশােধ কৰাত ব্যৰ্থ হৈছিল । 

প্রশ্ন ১৪। পাহাৰীয়াসকলে জীৱিকা নির্বাহৰ বাবে কেনেকৈ অৰণ্যবােৰ ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ পাহাৰীয়া লােকসকল সাধাৰণতে পাহাৰ অঞ্চলত বাস কৰিছিল । তেওঁলােকে জুম পদ্ধতিৰে খেতি – বাতি কৰি জীৱন নির্বাহ কৰিছিল । এই লােকসকলে নানাধৰণৰ শস্য উৎপাদন কৰিছিল । অৰণ্যৰ পৰা তেওঁলােকে মহুৱা ফুল , পাট – পলু , ধূনা আৰু খৰি সংগ্ৰহ কৰি নামনি অঞ্চলত বিক্ৰী কৰিছিল । তেওঁলােকে কয়লা উৎপাদন কৰিছিল আৰু পাটপলু পুহিছিল । 

ঠিক তেনেদৰে সন্থালসকল জনজাতিৰ লােক আছিল । তেওঁলােকে হাবি – জংঘল চাফ কৰি কৃষি কার্য কৰি জীৱন নির্বাহ কৰিছিল । কালক্রমে পাহাৰীয়া আৰু সন্থালসকলৰ মাজত মাটি – বাৰী বা খেতি কৰাৰ প্রশ্নক লৈ বিবাদ আৰম্ভ হৈছিল । দুয়ােটা জনগােষ্ঠীৰে সামাজিক তথা অর্থনৈতিক অৱস্থা সন্তোষজনক নাছিল । অতি কষ্টৰ মাজেৰে তেওঁলােকে জীৱন – নির্বাহ কৰিব লাগিছিল । লাহে লাহে দুয়ােটা জনগােষ্ঠীয়ে চৰকাৰৰ দ্বাৰা নির্যাতিত হ’বলৈ বাধ্য হৈছিল ।

প্রশ্ন ১৫। ‘ ডামিন – ই – কোহ ’ কি আছিল ? ইয়াক কেনেকৈ গঢ়ি তােলা হৈছিল ? 

উত্তৰঃ চাওতালসকলক প্রথমতে ব্রিটিছ কোম্পানীয়ে জংঘল চাফ কৰি গছ – গছনি কটা কামত নিয়ােগ কৰিছিল । পিছলৈ তেওঁলােকক সংস্থাপন কৰিবলৈ মাটি দিয়াৰ কৰিছিল । যিটো অঞ্চলত তেওঁলােকক সংস্থাপিত কৰিছিল সেই অঞ্চলটোক ডমিন – ই – কোহ বােলা হৈছিল । এই অঞ্চল অকল এই লােকসকলৰ বাবেহে সংৰক্ষিত আছিল । ইয়াত আন কোনাে লােকে হস্তক্ষেপ কৰিব নােৱাৰিছিল ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top