Class 12 History Chapter 13 ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ

Class 12 History Chapter 13 ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 13 ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ and select needs one.

Class 12 History Chapter 13 ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ

Join Telegram channel

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 13 ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ Solutions for All Subject, You can practice these here.

ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ

পাঠ: ১৩

তৃতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ভাৰতৰ এখন প্রাচীন নগৰৰ নাম লিখা ? 

উত্তৰঃ দিল্লী । 

প্রশ্ন ২। মােগলৰ দিনৰ এখন ৰাজধানীৰ নাম লিখা । 

উত্তৰঃ দিল্লী হ’ল মােগলৰ দিনৰ এখন ৰাজধানী । 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

প্রশ্ন ৩। ৰাজতন্ত্রত সাধাৰণতে নগৰৰ পৃষ্ঠপােষক কোন আছিল । 

উত্তৰঃ ৰজা । 

প্রশ্ন ৪। মিউনিচিপেল কৰ সংগ্ৰহৰ ব্যৱস্থা ভাৰতত কোন শতিকাৰ পৰা আৰম্ভ হৈছিল ? 

উত্তৰঃ উনৈছ শতিকাৰ শেষৰ ফালে কৰ সংগ্ৰহৰ ব্যৱস্থা কৰিছিল । 

প্রশ্ন ৫। কোন চনত প্ৰথমটো সাৰ্বভাৰতীয় পিয়ল হৈছিল ? 

উত্তৰঃ ১৮৭২ চনত প্ৰথমটো সার্বভাৰতীয় পিয়ল আৰম্ভ কৰা হৈছিল । 

প্রশ্ন ৬। কিমান বছৰৰ মূৰে মূৰে সাধাৰণতে পিয়ল কৰাটো নিয়ম ? 

উত্তৰঃ প্রত্যেক দহ বছৰৰ মূৰে মূৰে পিয়ল কৰাটো নিয়ম কৰা হৈছিল । 

প্রশ্ন ৭। কোন চনত ভাৰতত ৰে’লপথ নির্মাণ আৰম্ভ হয় ? 

উত্তৰঃ ১৮৫৩ চনত ৰেলপথ নির্মাণ আৰম্ভ হৈছিল । 

প্রশ্ন ৮। চেণ্টজর্জ কোনখন মহানগৰত নিৰ্মাণ কৰা হৈছিল ? 

উত্তৰঃ বম্বে মহানগৰীত চেণ্টজর্জ নির্মাণ কৰা হৈছিল । 

প্রশ্ন ৯। বম্বে ডিক্তোৰিয়া টাৰমিনাছটো কোন স্থাপত্য নিদর্শন ? 

উত্তৰঃ নিও – গথিক স্থাপত্য নিদর্শন । 

প্রশ্ন ১০। ভেল্লালাৰসকল কোন আছিল ?

উত্তৰঃ ভেল্লালাৰসকল গ্রামাঞ্চলৰ জনজাতীয় লোক আছিল । তেওঁলােকে কোম্পানীৰ খুচুৰা কাম – কাজবােৰত একচেটিয়া আধিপত্য বিস্তাৰ কৰিছিল । 

প্রশ্ন ১১। পুৰাণ মানে কি ? 

উত্তৰঃ তামিল ভাষাত পুৰাণ মানে গাওৰিলাকৰ সমষ্টিক বুজাইছিল । 

প্রশ্ন ১২। পেট মানে কি বুজা ?

উত্তৰঃ পেট শব্দটো তামিল ভাষাৰ পৰা আহিছে । ইয়াৰ অৰ্থ হ’ল বন্দোৱস্ত ।

প্রশ্ন ১৩। কোন চনত কলিকতাৰ উচ্চ ন্যায়ালয় প্রতিষ্ঠা কৰা হৈছিল ? 

উত্তৰঃ ১৭৭৩ খ্রীঃত কলিকতাত উচ্চ ন্যায়ালয় প্রতিষ্ঠা কৰা হৈছিল । 

প্রশ্ন ১৪। পঞ্চম জর্জ আৰু ৰাণী মেৰী কেতিয়া ভাৰতলৈ আহিছিল ? 

উত্তৰঃ ১৯১১ চনত দুয়ােজন ভাৰতলৈ আহিছিল । 

প্রশ্ন ১৫। প্রথম পাহাৰীয়া আবাস ইংৰাজসকলে ক’ত স্থাপন কৰিছিল ? 

উত্তৰঃ চিমলাত প্রথম পাহাৰীয়া আবাস স্থাপন কৰা হৈছিল । 

প্রশ্ন ১৬। ১৮৯১ খ্রীঃত মুঠ জনসংখ্যাৰ ভিতৰত চহৰৰ জনসংখ্যাৰ হাৰ কিমান আছিল ? 

উত্তৰঃ ৯.৪ শতাংশ আছিল চহৰৰ জনসংখ্যা । 

প্রশ্ন ১৭৷ ভাৰতৰ প্রথম জৰীপ ব্যৱস্থা কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰঃ ১৮৭৪ খ্রীঃত আৰম্ভ কৰা হৈছিল । 

প্রশ্ন ১৮। পর্তুগীজসকলে কেতিয়া পাণাজীত ব্যৱসায়িক কেন্দ্র স্থাপন কৰিছিল ? 

উত্তৰঃ ১৫১০ খ্রীঃত স্থাপন কৰিছিল । 

প্রশ্ন ১৯। চিপাহী বিদ্ৰোহৰ আগত দিল্লীৰ কটোৱাল কোন আছিল ? 

উত্তৰঃ মতিলাল নেহৰুৰ পিতৃ গঙ্গাধৰ নেহৰু আছিল দিল্লীৰ কটোৱল । 

প্রশ্ন ২০। মির্জা গলীৰ কিহৰ কাৰণে বিখ্যাত আছিল ? 

উত্তৰঃ এজন উর্দু কবি হিচাপে বিখ্যাত আছিল । 

প্রশ্ন ২১। ভাৰতৰ কোনখন চহৰত ফর্ট উইলিয়াম ’ দূর্গ অৱস্থিত ?

উত্তৰঃ কলিকতা চহৰত । 

প্রশ্ন ২২। ভাৰতত কোনে প্রথমে ৰে’লসেৱা প্রবর্তন কৰিছিল । 

উত্তৰঃ লর্ড ডেলহাউচিয়ে ১৮৫৩ চনত । 

প্রশ্ন ২৩। ইংলেণ্ডৰ ৰজাই কাৰ পৰা বােম্বেখন তেওঁৰ পত্নীক যৌতুক হিচাপে লাভ কৰিছিল ? 

উত্তৰঃ পর্তুগালৰ ৰজাৰ পৰা লাভ কৰিছিল । 

প্রশ্ন ২৪। কোন চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মাদ্রাজত খােপনি পােতে 

উত্তৰ ১৫৮৯ খ্রীঃত খােপনি পােতে । 

প্রশ্ন ২৫। কোন চনত পলাচীৰ যুদ্ধ সংঘটিত হৈছিল ? 

উত্তৰঃ ১৭৫৭ চনত সংঘটিত হৈছিল । 

প্রশ্ন ২৬। ১৯০০-১৯০০ ৰ ভিতৰত শতকৰা কিমান ভাগ লােক নগৰত বাস কৰিছিল ? 

উত্তৰঃ শতকৰা কেৱল চাৰিভাগহে বাস কৰিছিল । 

প্রশ্ন ২৭। কলিকতাত প্রথম কেতিয়া মৰাপাট উদ্যোগ স্থাপন কৰে ? 

উত্তৰঃ ১৮৫০ চনৰ পৰা মৰাপাট উদ্যোগ স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল । 

প্রশ্ন ২৮। কাক স্বাগতম জনাবলৈ ১৯১১ চনত ভাৰতৰ প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰা হৈছিল ? 

উত্তৰঃ ইংলণ্ডৰ ৰজা পঞ্চম জর্জ আৰু ৰাণী মেৰীক ।

প্রশ্ন ২৯। চুয়েজ খাল কেতিয়া মুকলি কৰিছিল ? 

উত্তৰঃ ১৯৫৬ চনত । 

প্রশ্ন ৩০৷ ভাৰতবৰ্ষত কেতিয়া প্রথমে লােক গণনা কৰা হৈছিল ? 

উত্তৰঃ ১৮৭২ চনত প্রথম লোক গণনা কৰা হৈছিল । 

 চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। ইংৰাজৰ শাসন কালত গঢ়ি উঠা বর্তমান ভাৰতৰ তিনিখন প্রসিদ্ধ নগৰৰ নাম লিখা । 

উত্তৰঃ এই তিনিখন প্রসিদ্ধ মহানগৰী হ’ল বােম্বে ( মােম্বাই ) , মাদ্রাজ ( চেন্নাই ) আৰু কলিকতা ( কলকাতা ) । 

প্রশ্ন ২। বর্তমান মােম্বাই , চেন্নাই আৰু কলকাতা আদিতে কি ঠাই হিচাপে উল্লেখযােগ্য আছিল ? 

উত্তৰঃ আদিতে এই তিনিখন ঠাই মাছমৰীয়া আৰু ৰােৱা কটাৰ ঠাই হিচাপে প্রসিদ্ধ আছিল । 

প্রশ্ন ৩। ক’ত আৰু কেতিয়া প্রথম ৰে’ল সেৱাৰ প্রচলন ঘটিছিল ? 

উত্তৰঃ লর্ড ভেলহাউচিৰ শাসনকালত ১৮৪৩ খ্রীঃত বম্বে আৰু থানাৰ মাজত প্রথম ৰে’ল সেৱাৰ সম্প্ৰসাৰণ ঘটিছিল । 

প্রশ্ন ৪। ইউৰােপীয় সকলে প্রতিষ্ঠা কৰা নগৰ বা চহৰবােৰৰ প্রধান বৈশিষ্ট্য কি আছিল ? 

উত্তৰঃ এই নগৰ বা চহৰবােৰ সাধাৰণতে ডাঙৰ নদী আৰু সাগৰীয় উপকূল অঞ্চলত প্রতিষ্ঠা কৰিছিল । 

প্রশ্ন ৫। পর্তুগীজ , ইংৰাজ আৰু ফৰাচীসকলে প্রতিষ্ঠা কৰা কেইখনমান বাণিজ্যিক নগৰ বা চহৰৰ নাম উল্লেখ কৰা । 

উত্তৰঃ পর্তুগীজসকলে স্থাপন কৰা চহৰবােৰ হ’ল গােৱা আৰু ডমন । ফৰাচীসকলে পণ্ডিচেৰী , কৰিকল , মাহে আৰু চন্দন নগৰ প্রতিষ্ঠা কৰিছিল । আনহাতে , ইংৰাজসকলে প্রতিষ্ঠা কৰা নগৰ বা চহৰবােৰ হ’ল চুৰাট , ব্ৰচ , আহমেদাবাদ , আগ্রা , মছলিপট্টনম , কলকাতা , চেন্নাই আৰু বােম্বে । 

প্রশ্ন ৬। ইংৰাজসকলে নির্মাণ কৰা তিনিটা দুৰ্গৰ নাম লিখা ? 

উত্তৰঃ ইংৰাজসকলে নির্মাণ কৰা তিনিটা দুর্গ হ’ল মাদ্ৰাজৰ ফ’ৰ্ট চেইন্ট জর্জ , কলিকতাৰ ফর্ট উইলিয়াম আৰু বােম্বেৰ ফট দুর্গ । 

প্রশ্ন ৭। কলিকতাত কেতিয়া ৰে’ল যােগাযােগৰ সম্প্ৰসাৰণ ঘটিছিল ? 

উত্তৰঃ ১৮৫৪ চনত কলিকতাত প্রথম ৰে’ল যােগাযােগ ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰা হৈছিল । বিশেষকৈ কয়লা সমৃদ্ধ দক্ষিণ কলিকতালৈ ৰে’ল সেৱাৰ সম্প্ৰসাৰণ ঘটিছিল । 

প্রশ্ন ৮। ইউৰােপীয় সকলৰ সময়ত ভাৰতত প্রতিষ্ঠা হােৱা নগৰ / চহৰবােৰৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ পাঁচটা প্রধান বৈশিষ্ট্য’ হ’ল–

( ক ) নগৰবােৰৰ কিছুমান সুকীয়া স্থানত ইউৰােপীয় লােকসকল আছুতীয়াকৈ কাম কৰিছিল । 

( খ ) নগৰ চহৰবােৰৰ ৰাস্তাবােৰ আহল – বহল আৰু পােন আছিল । প্রায়বােৰ মুখ্য পথ ৰে’ল যােগাযােগৰ লগত সংলগ্ন আছিল । 

( গ ) ভাৰতৰ উচ্চ শ্রেণীৰ কাৰণেও নগৰৰ কিছুমান অঞ্চলত সুকীয়া বাসস্থান নির্মাণ কৰা হৈছিল । 

( ঘ ) ঠিক তেনেদৰে সমাজৰ মধ্য আৰু নিম্নশ্রেণীৰ কাৰণেও নগৰবােৰৰ কিছুমান ঠাইত সুকীয়া বাসস্থান নির্মাণ কৰা হৈছিল । 

( ঙ ) প্রায়বােৰ আট্টালিকাৰ গঠন প্রণালী পশ্চিমীয়া আৰ্হিৰ আছিল । 

প্রশ্ন ৯। মাদ্রাজত কেতিয়া ৰে’ল যােগাযােগৰ সম্প্ৰসাৰণ ঘটোৱা হৈছিল ? 

উত্তৰঃ ১৮৫৬ খ্রীঃত মাদ্রাজত ৰেল যােগাযােগৰ সম্প্ৰসাৰণ ঘটিছিল । 

প্রশ্ন ১০। মাদ্ৰাজৰ পূর্ব নাম কি আছিল ? কোন চনত চহৰখন প্রতিষ্ঠা কৰা হৈছিল ? কিহৰ কাৰণে এই চহৰখন প্রতিষ্ঠা কৰা হৈছিল ?

উত্তৰঃ ( ক ) বর্তমানৰ চেন্নাইখনক আদিতে চেন্ট জর্জ হিচাপে জনা গৈছিল । 

( খ ) ১৬৩৯ খ্রীঃত ইংৰাজসকলে এই চহৰখন প্রতিষ্ঠা কৰিছিল । 

( গ ) এই নগৰখন প্রতিষ্ঠা কৰাৰ কাৰণবােৰ হ’ল —

১ ) এই নগৰখন সাগৰৰ উপকূলত অৱস্থিত । 

২ ) শ্রীলংকাত উপনিৱেশ প্রতিষ্ঠাৰ কাৰণে মাদ্রাজখন ইংৰাজসকলে ঘাটি হিচাপে ব্যৱহাৰৰ উপযােগী হ’ব বুলি ধাৰণা কৰিছিল । 

৩ ) যােগাযােগ ব্যৱস্থাৰ কাৰণেও মাদ্রাজখন অতি উপযােগী আছিল । 

প্রশ্ন ১১। ইংৰাজসকলে দুর্গবােৰ কিয় নির্মাণ কৰিছিল ? নাইবা , ব্রিটিছে প্রথম ভয়াৱহ কেন্দ্রসমূহ কত প্রতিষ্ঠা কৰিছিল ? 

উত্তৰঃ সেই সময়ত ইংৰাজ আৰু আন আন ইউৰােপীয় জাতিৰ মাজত ভাৰতত বাণিজ্যিক প্রতিদ্বন্দ্বিতাৰ কাৰণে বিবাদ চলি আহিছিল । আনহাতে ভাৰতীয় লােকৰ পৰাও মাজে সময়ে ইংৰাজসকলে নিৰপত্তাহীনতাত ভুগিছিল । সেয়ে প্ৰধানকৈ নিৰপত্তা জনিত কাৰণৰ বাবেই ইংৰাজসকলে দুর্গবােৰ নিৰ্মাণ কৰিছিল । মাদ্ৰাজৰ ফর্ট চেন্ট জর্জ, কলিকতাৰ ফর্ট উইলিয়াম , আৰু বােম্বেৰ ফর্ট । 

প্রশ্ন ১২। প্রেছিডেন্সি মানে কি বুজা ? তিনিখন প্রেছিডেন্সিৰ নাম লিখা । 

উত্তৰঃ কোনাে এটা অঞ্চলৰ বিভাজনকে প্রেছিডেন্সি বােলা হয় । ইংৰাজৰ শাসনকালত গঠন কৰা তিনিখন প্রেছিডেন্সি হ’ল বােম্বে , কলিকতা আৰু মাদ্রাজ ।

প্রশ্ন ১৩। ইংৰাজসকলে কিয় পাহাৰীয়া শীত প্রধান অঞ্চলত আবাসিক স্থান গঢ়ি তুলিছিল ? 

উত্তৰঃ ইংৰাজসকলৰ গাৰ বৰণ বগা আছিল । ফলত তেওঁলােকে গৰম সহ্য কৰাটো কঠিন আছিল । তদুপৰি কিছুপৰিমাণে নিৰাপত্তা জনিত কাৰণৰ কাৰণেও তেওঁলােকে পাহাৰীয়া শীত প্রধান ঠাইত আবাসিক স্থান গঢ়ি তুলিছিল । প্রথমে তেওঁলােকে চিমলাত আবাসিক স্থান প্রতিষ্ঠা কৰিছিল । তদুপৰি চিলং , দার্জিলিং , উটি আদিতাে তেওঁলােকৰ বাসস্থান গঢ়ি তুলিছিল ।

প্রশ্ন ১৪। মাদ্রাজ প্রেছিডেন্সিত শাসন কার্য চলােৱা ইংৰাজ প্রশাসকসকলৰ নাম আৰু কার্যকালৰ সময় নিৰূপণ কৰা । 

উত্তৰঃ মাদ্রাজ প্রেছিডেন্সিত শাসনকার্য চলােৱা প্রশাসক সকল হ’ল থমাচ পিট ( ১৬৯৮ ১৭০৯ ) , এডৱার্ড হেৰিচন ( ১৭১১-১৭ ) , জোচেফ কোলেট ( ১৭১৭-২৫ ) , জেমছ মেকে ( ১৭২৫-৩০ ) , মর্টন পিট ( ১৭৩০-৩৫ ) আৰু ৰিচাৰ্ড বেনন ( ১৭৩৫-৪৪ ) । 

প্রশ্ন ১৫। পণ্ডিচেৰী বা বর্তমানৰ পুড়ুচেৰীৰ চমু ইতিহাস বর্ণনা কৰা । 

উত্তৰঃ ইংৰাজসকলৰ পিছত ফৰাচীসকলে ভাৰতত বাৱসায় বাণিজ্যৰ দিশত বিশেষ প্রধান্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল । এই ফৰাচীসকলে পুডুচেৰীত প্রথম বাণিজ্যিক ঘাটি স্থাপন কৰিছিল । এই ঠাইখিনি ফৰাচী গৱৰ্ণৰ ফ্রান্সিচ মার্টিনে চেখা লােডি নামৰ এজন স্থানীয় শাসকৰ পৰা লাভ কৰিছিল , ফ্রান্সিচ মার্টিন ফৰাচীসকলৰ পুডুচেৰীৰ প্ৰথমজন গৱৰ্ণৰ আছিল । তেওঁ শাসনভাৰ গ্রহণ কৰি এই ঠাইখিনিৰ উন্নতিৰ কাৰণে ব্যৱস্থা গ্রহণ কৰিছিল । এই ব্যৱস্থা অনুসৰি— 

( ক ) তেওঁ তাত বিখ্যাত ফর্ট লুইচ নামৰ দুর্গটো নিৰ্মাণ কৰাইছিল । 

( খ ) তেওঁৰ প্রচেষ্টাতে ১৬৭৩ খ্রীঃৰ পৰা পুভুচেৰী ফৰাচীসকলৰ প্রধান আৰু একক বাণিজ্যিক কেন্দ্ৰত পৰিণত হয় ।

( গ ) অৱশ্যে ১৬৯৩ খ্রীঃ ৰ পৰা ১৬৯৭ খ্রীঃলৈ পণ্ডিচেৰীত ওলণ্ডাজ সকলে আধিপত্য স্থাপন কৰিবলৈ সক্ষম হৈছিল । কিন্তু ১৬৯৭ চনত হােৱা এখন চুক্তিৰ জৰিয়তে পুড়ুচেৰীত পুনৰ ফৰাচীসকলৰ আধিপত্য প্রতিষ্ঠা হয় । 

প্রশ্ন ১৬। কাচবাহ আৰু গঞ্জ বুলিলে কি বুজা ? 

উত্তৰঃ কাচবাহ মানে হ’ল নগৰীয়া বসতি অঞ্চল । উত্তৰ ভাৰতত মােগল শাসনৰ সহযােগী স্থানীয় প্রসিদ্ধ লােক নাইবা বিষয়ববীয়া সকলে কাচবাহ বা নগৰীয়া বসতি অঞ্চল কিছুমান গঢ়ি তুলিছিল । 

আনহাতে , গঞ্জ মানে হ’ল কিছুমান সৰু সৰু স্থায়ী ব্যৱসায়িক কেন্দ্রস্থল বা বজাৰ – হাট । এই দুয়াে ঠাইতে নানা ধৰণৰ খাদ্য – সামগ্ৰী আৰু গাখীৰ উৎপাদন হৈছিল । এই সামগ্ৰীবােৰ ৰাজকীয় পৰিয়াল আৰু সৈন্যবাহিনীৰ লােকক যােগান ধৰা হৈছিল । লাহে লাহে এই ঠাইবােৰ ডাঙৰ নগৰ বা চহৰলৈ ৰূপান্তৰিত হৈছিল । 

প্রশ্ন ১৭। বস্তি বুলিলে কি বুজা ? 

উত্তৰঃ বস্তি শব্দটো বঙালী আৰু হিন্দী শব্দৰ পৰা আহিছে । এই শব্দটিয়ে চুবুৰীয়া ঠাই বা বসতিক বুজাইছিল । পিছে ইংৰাজসকলে এই শব্দটোৰ জৰিয়তে দৰিদ্ৰ লােকসকলে অস্থায়ীভাৱে সজা পঁজাবােৰক বুজাইছিল । ঔনবিংশ শতিকাৰ শেষলৈ ইংৰাজ অভিলেখাবােৰত বস্তি আৰু লেতেৰা ঠাইবােৰ সামর্থক ৰূপত ব্যৱহৃত হ’বলৈ লৈছিল । 

Sl. No.সূচী-পত্ৰ
Chapter 1ইটা মণি আৰু হাড়বােৰ
Chapter 2ৰজা কৃষক আৰু নগৰসমূহ
Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী
Chapter 4দার্শনিক প্রত্যয় আৰু স্থাপত্য
Chapter 5যুগে যুগে অসম
Chapter 6পর্যটকৰ দৃষ্টিভংগীৰে
Chapter 7ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ
Chapter 8এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ
Chapter 9কৃষক, জমিদাৰ আৰু ৰাজ্য
Chapter 10সম্রাট আৰু ইতিহাস
Chapter 11উপনিবেশবাদ আৰু গ্রাম্য সমাজ
Chapter 12বিদ্রোহীসকল আৰু ৰাজ
Chapter 13ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ
Chapter 14মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
Chapter 15ভাৰত বিভাজন আৰু ৰাজনীতি
Chapter 16ভাৰতীয় সংবিধান সংকলন

প্রশ্ন ১৮। পেট বুলিলে কি বুজা ?

উত্তৰঃ পেট শব্দটো তামিল ভাষাৰ পৰা আহিছে । ইয়াৰ অৰ্থ হ’ল- বসতি স্থল বা চুবুৰীয়া । আনহাতে পুৰম শব্দই গাৱক বুজাইছিল ।

প্রশ্ন ১৯। বােম্বে মহানগৰীৰ ঘৰ – দুৱাৰ নির্মাণ কার্যত ব্যবহৃত হােৱা স্থাপত্য শৈলীৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ বােম্বে মহানগৰীৰ ঘৰ – দুৱাৰ নির্মাণ কার্যত তিনিটা বহল ভিত্তিক স্থাপত্য শৈলী প্রয়ােগ কৰা হৈছিল । ইয়াৰ দুবিধ আছিল সেই সময়ত ইংলেণ্ডত প্রচলিত শৈলীৰ প্রত্যক্ষ আমদানি । ইয়াৰ প্ৰথমটো শৈলীক নৱ – ধ্রুপদী বা নব্য – ধ্রুপদী শৈলী বােলা হৈছিল । সন্মুখৰ ফালে ওখ স্তম্ভৰে সৈতে জ্যামিতিক গাঁথনিৰ নির্মাণ কার্য ইয়াৰ অন্যতম চাৰিত্রিক বৈশিষ্ট্য আছিল । এই শৈলীটো আদিতে প্রাচীন বােমৰ নিদর্শন মূলক ভৱনবিলাকৰ পৰা আহৰণ কৰা হৈছিল । ইয়াক পিছলৈ ইউৰােপীয় নৱ – জাগৰণৰ কালছােৱাত পুনৰজীৱিত , পূর্ণসংহত আৰু জনপ্রিয় কৰি তােলা হৈছিল । ভাৰতবৰ্ষত ইংৰাজ সাম্রাজ্যৰ কাৰণে এই শৈলীটোয়ে বিশেষভাৱে উপযুক্ত আছিল বুলি বিবেচনা কৰা হৈছিল । 

প্রশ্ন ২০। গঙ্গাধৰ নেহৰু কোন আছিল ? 

উত্তৰঃ গঙ্গাধৰ নেহৰু মতিলাল নেহৰুৰ পিতৃ আৰু জৱহাৰলাল নেহৰুৰ ককা আছিল । তেওঁ ১৮৫৭ চিপাহী বিদ্ৰোহৰ আগত দিল্লীৰ এজন কটোৱাল আছিল । 

প্রশ্ন ২১। বােম্বাই মহানগৰীত দেখিবলৈ পােৱা দুবিধ ঔপনিৱেশিক স্থাপত্যশৈলী উল্লেখ কৰা । 

উত্তৰঃ দুবিধ স্থাপত্যশৈলী হ’ল— 

( ক ) দুৰ্গ আৰু ( খ ) স্মাৰক সৌধ । 

প্রশ্ন ২২। আমেৰিকাৰ গৃহযুদ্ধই ভাৰতৰ ৰায়তসকলৰ জীৱন যাত্ৰাত কেনেদৰে প্ৰভাৱ পেলাইছিল ।

উত্তৰঃ আমেৰিকাৰ গৃহযুদ্ধৰ কালত ভাৰতীয় ৰায়ত সকলৰ ওপৰত কিছু প্রভাৱ পৰিছিল । কাৰণ আমেৰিকাৰ পৰা আমদানি কৰা কপাহৰ পৰিমাণ কমি গৈছিল । ফলত ভাৰতৰ দৰে ঠাইত কপাহ উৎপাদন অধিক প্রয়ােজন । ইংলেণ্ডৰ পৰা অহা কপাহৰ বেপাৰীসকলে ভাৰতীয় খেতিয়কক অধিক কপাহ উৎপাদনৰ কাৰণে উৎসাহ যােগাইছিল । ইয়াৰ ফলত মােম্বাইৰ কপাহ উৎপাদন কাৰীসকলে অধিক পৰিমাণে কপাহ উৎপাদন কৰিবলৈ আৰম্ভ কৰে । বেপাৰীসকলে কপাহ উৎপাদনৰ কাৰণে আগধনাে খেতিয়ক সকলক প্ৰদান কৰিছিল । লগতে চৰকাৰৰ ফালৰ পৰা ঋণ দিয়াৰ ব্যৱস্থাও হাতত লৈছিল । এনেদৰে ভাৰতত কপাহ উৎপাদনৰ দিশত এক উৎপাদনমুখী আন্দোলন আৰম্ভ হৈছিল । 

ৰচনাধর্মী প্রশ্নোত্তৰ 

প্রশ্ন ১। বর্তমান কলিকতা মহানগৰীখন গঢ়ি উঠাৰ কাৰণবােৰ আলােচনা কৰা । 

উত্তৰঃ কলিকতা মহানগৰীখন গঢ়ি উঠাৰ কিছুমান কাৰণ দেখা যায় । এই কাৰণবােৰ হ’ল– 

( ক ) গাঁও :-  বর্তমানৰ কলিকতা মহানগৰীখন পূর্বতে তিনিখন গাঁৱৰ সমষ্টি আছিল । এই গাও তিনিখন হ’ল সূতানাতি , কলকতা আৰু গােবিন্দপুৰ । গাঁও তিনিখন পিছলৈ লগ লাগি বর্তমান মহানগৰীৰ ৰূপ পায় ।

( খ ) ৰাজনীতিৰ কেন্দ্রস্থল :- ১৭৭৩ চনৰ ৰেগুলেটিং এক্ট বা নিয়মগ্রহণকাৰী আইন বলবৎ হােৱাৰ পিছৰ পৰা ইংৰাজসকলৰ কাৰণে কলিকতাখন ৰাজনীতিৰ প্রধান কেন্দ্রস্থল হিচাপে বিবেচিত হৈ আহিছিল । ফলত কলিকতাখন ইংৰাজসকলে ৰাজধানী হিচাপে ঘােষণা কৰিছিল । আৰু ১৯১১ চনলৈ কলিকতাখন ভাৰতৰ ৰাজধানী হিচাপে প্রতিষ্ঠা লাভ কৰিছিল । 

( গ ) দুর্গ নির্মাণ :- ইংৰাজসকলৰ সুৰক্ষাৰ কাৰণে ইয়াত বহুতাে দুর্গ নির্মাণ কৰা হৈছিল । উদাহৰণ হিচাপে ১৭৫৬ খ্রীঃত নির্মাণ কৰা ফর্ট উইলিয়ামৰ কথা কব পাৰি । এনেদৰে ওপৰত উল্লেখক তিনিটা কাৰণে কলিকতা মহানগৰীৰ সমৃদ্ধিত অৰিহণা যােগাইছিল । 

প্রশ্ন ২। বর্তমানৰ বম্বে মহানগৰীখন প্রসিদ্ধ হােৱাৰ কাৰণবােৰ আলােচনা কৰা । 

উত্তৰঃ বর্তমান বম্বে মহানগৰীখন পূর্বতে মাছমৰা আৰু বােৱা – কটাৰ ঠাই হিচাপে প্রসিদ্ধ আছিল । পিছলৈ সেই সময়ৰ ইংলেণ্ডৰ ৰজাই তেওঁৰ পত্নীৰ যৌতুক হিচাপে পর্তুগীজসকলৰ পৰা বম্বেখন লাভ কৰিছিল । পিছত তেওঁ ১৬৬১ খ্রীঃত ব্যৱসায় – বাণিজ্যৰ কাৰণে সেই ঠাইখিনি ইষ্ট – ইণ্ডিয়া কোম্পানীক হস্তান্তৰ কৰে । বর্তমান বম্বেখন প্রসিদ্ধ হােৱাৰ ইতিহাস বিচাৰ কৰিলে কিছুমান কাৰণ লক্ষ্য কৰা যায় । সেই কাৰণবােৰ হ’ল— 

( ক ) বর্তমান বম্বে সাগৰৰ পাৰত অৱস্থিত হােৱাৰ কাৰণে ইয়াৰ জলবায়ু বগা চাহেবৰ বাবে অতি উপযুক্ত আছিল । 

( খ ) যােগাযােগৰ সুবিধাৰ কাৰণে ইংৰাজৰ ৰজাই এই ঠাইখিনি ব্যাৱসায়িক ৰাজধানী হিচাপে গঢ়ি তুলিছিল । 

( গ ) পৰৱৰ্তীকালত এই ঠাইখিনি জলপথ , স্থল আৰু আকাশী পথেৰে সংশােধন কৰি ইংৰাজসকলে ই এখন অতি উন্নত মহানগৰী হিচাপে প্রতিষ্ঠা হােৱাৰ বাট মুকলি কৰিছিল । 

( ঘ ) প্রাচীন পৰম্পৰাৰ ওপৰত ভেটি কৰি পৰৱৰ্তী সময়ত বম্বে এখন চাহ শিল্পৰ মহানগৰী হিচাপে গঢ়ি উঠিছিল । পৰৱৰ্তী কালত বহু উদ্যোগৰ বিশেষ প্রসাৰ ঘটিছিল । 

এনেদৰে ওপৰৰ আলােচনাৰ পৰা দেখা যায় যে বম্বে মহানগৰীখন বর্তমান পর্যায়লৈ যােৱাৰ ক্ষেত্ৰত কিছুমান কাৰকে অৰিহণা যােগাইছিল । 

প্রশ্ন ৩। ইংৰাজ শাসনকালত মেপ বা মানচিত্রৰ বিকাশ আৰু ইয়াৰ গুৰুত্বৰ বিষয়ে আলােচনা কৰা । অথবা , কোনাে এখন ঠাইৰ সঠিক নির্ধাৰণৰ কাৰণে মেপ বা মানচিত্রৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা । অথবা , ভাৰতৰ জৰীপ বিভাগ ( চার্ভে অৱ ইণ্ডিয়া ) কোন চনত স্থাপন কৰা হৈছিল ? ঔপনিবেশিক কালত প্রস্তুত কৰা মানচিত্রসমূহে বৃটিছ শাসক বর্গৰ পক্ষপাতিত্ব কেনেদৰে প্রতিফলিত কৰিছিল ?

উত্তৰঃ ইংৰাজসকলে তেওঁলােকৰ শাসনৰ আৰম্ভণিৰে পৰা ঠাইসমূহৰ সঠিক নির্ধাৰণ আৰু এই সম্বন্ধে জ্ঞান আহৰণৰ কাৰণে মেপ বা মানচিত্র অংকনৰ ওপৰত গুৰুত্ব দি আহিছিল । তেওঁলােকে ভালদৰে উপলব্ধি কৰিছিল যে দেশখনৰ ভূ – বৈচিত্ৰ আৰু ভূ – বিৱৰণীৰ বিষয়ে ভালদৰে জানিবলৈ হ’লে ভাল মানচিত্র অংকনৰ খুবেই প্রয়ােজন , মানচিত্র অংকণৰ জৰিয়তে ইংৰাজসকলে বাণিজ্যিক দিশৰ সমৃদ্ধিৰ কথাও চিন্তা কৰি আহিছিল ।

ইংৰাজ চৰকাৰে তৈয়াৰ কৰা এনে মানচিত্ৰবােৰৰ সহায়ত পাহাৰ – পর্বত , নদী , অৰণ্য অঞ্চল আদিৰ অৱস্থান সম্পর্কে বিভিন্ন চৰকাৰী তথ্য পােৱাত সহায় হৈছিল । তদুপৰি নগৰবােৰৰ সুৰক্ষা গাঁথনি নির্মাণৰ বাবে এইবােৰে তথ্যৰ সমল যােগান ধৰিছিল । মানচিত্রবােৰে নদী , পর্বত – পাহাৰ আদিৰ ওপৰিও নগৰৰ ঘৰ – দুৱাৰবােৰৰ ঘনত্ব আৰু মানদণ্ড , ৰাস্তা – ঘাট নক্সা আদিৰ সম্ভেদ দিছিল । বাণিজ্যিক সম্ভাৱনীয়তা নির্ণয় কৰা আৰু কৰ – কাটল সম্পর্কীয় কৌশলী আঁচনি প্রস্তুত কৰাত মানচিত্রৰ জ্ঞান প্রয়ােগ হৈছিল । এনে মানচিত্ৰৰ সহায়ত ইংৰাজসকলে ভৌগােলিক দিশত নানা ধৰণৰ আৱিষ্কাৰ কৰাৰ পথাে সুগম হৈ পৰিছিল । গতিকে মানচিত্র অংকনৰ প্রয়ােজনীয়তাৰ গুৰুত্ব অতি বেছি বুলি ক’ব পাৰি । 

প্রশ্ন ৪। বগ বা শ্বেতাংগ আৰু কলা বা কৃষ্ণাংগ নগৰ বুলিলে কি বুজা ? চমুকৈ আলােচনা কৰা । 

উত্তৰঃ বগা বা শ্বেতাংগ আৰু কলা বা কৃষ্ণাংগ নগৰ বা চহৰ বুলিলে সাধাৰণতে দুই প্রকাৰৰ নগৰ বা চহৰৰ অৱস্থিতিকে বুজা যায় । অর্থাৎ শ্বেতাংগ নগৰ মানে ইউৰােপীয়সকলৰ আবাসিক স্থান আছিল । আনহাতে কৃষ্ণাংগ নগৰ মানে তথাকথিত ক’লা ভাৰতীয় লােকসকলৰ আবাসিক স্থান আছিল । 

চিপাহী বিদ্ৰোহৰ পিছত ইংৰাজসকলে কিছু পৰিমাণে নিৰাপত্তা জনিত সমস্যাত ভুগিছিল । সেয়ে তেওঁলােকে ভাৰতীয়সকলৰ পৰা কিছু পৰিমাণে পৃথক কাম কৰাৰ কাৰণে কিছুমান আবাসিক অঞ্চল গঢ়ি তুলিছিল । এই উদ্দেশ্যে পুৰণি নগৰবােৰৰ পাশ্বৱর্তী চাৰণ – ভূমি তথা খেতি – পথাৰবােৰ নাইকিয়া কৰি চিভিল লাইন নামেৰে নগৰীয়া শূন্যস্থান কিছুমান নতুনকৈ সৃষ্টি কৰা হৈছিল । ইয়াক পিছৰে পৰা ইউৰােপীয় বগা বা শ্বেতাংগ লােকসকলে এই বিভিন্ন লাইনৰ মাজত বাস কৰিবলৈ লৈছিল । লগতে ইউৰােপীয় আদেশাধীন ভাৰতীয় সৈন্য বাহিনীবােৰক কিছুমান নিৰাপদ উপনিৱেশৰূপে গঢ়ি তােলা হৈছিল । আহল – বহল আলি , বিশাল বাগিচাবােৰৰ মাজে মাজে বঙলাবােৰ , সেনা – শিৱিৰ , কুচ – কাৱাজ মৈদাম আৰু গীর্জা ঘৰৰ সৈতে এনে এলেকা বা চহৰ – নগৰবােৰ ইউৰােপীয়সকলৰ কাৰণে একোখন নিৰাপদ স্বৰ্গলৈ ৰূপান্তৰিত হৈছিল । ইয়াৰ বিপৰীতে কলা বা কৃষ্ণাংগ অঞ্চলত বাস কৰা ভাৰতীয়সকলৰ সামাজিক অবস্থা অতি শােচনীয় আছিল । 

ইংৰাজৰ দৃষ্টিত কৃষ্ণাংগ অঞ্চলবােৰ আছিল বেমেজালি , অৰাজকতা , পুতিগন্ধ ময়তা আৰু বেমাৰ – আজাৰৰ প্রতীক । ফলত এই অঞ্চলবােৰৰ সততে নানা ধৰণৰ মহামাৰীৰ দ্বাৰা আক্রান্ত হৈছিল । বহুদিনলৈ এনে অঞ্চলবােৰৰ প্রতি ইংৰাজে বিশেষ মনােযােগ দিয়া নাছিল যদিও ৰােগ – সুংক্রমণ হৈ শ্বেতাংগ আবাসিকবােৰ আক্রান্ত হােৱাৰ ফলত তেনে অঞ্চলবােৰত কিছুমান জনস্থাস্থ্যমূলক ব্যৱস্থা গ্ৰহণৰ প্ৰয়ােজনীয়তা আহি পৰিছিল । ১৮৬০-৭০ দশকৰ পৰা অনাময়তা সম্পর্কীয় কিছুমান কঠোৰ প্ৰশাসনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । সেই অনুসৰি ভাৰতীয় আবাসিক স্থানবােৰৰ নির্মাণ কার্যত কিছুমান কঠোৰ নীতি – নিয়ম অৱলম্বন কৰা হৈছিল । ময়লা , দূষিত পানী আদি ওলাই যােৱাৰ কাৰণে বিজ্ঞানসন্মত পকীনলা – নর্দমা নির্মাণৰ আঁচনি গ্ৰহণ কৰা হৈছিল । এনে ব্যৱস্থাৰ ফলত ভাৰতীয় লােকসকলৰ উন্নত জীৱন প্ৰণালীৰ পথ মুকলি হৈছিল ।

প্রশ্ন ৫। ঔপনিবেশিক শাসনকালত কলিকতা মহানগৰীৰ গঠন , নগৰ পৰিকল্পনা আৰু ইয়াৰ সুৰক্ষাৰ বিষয়ে চমু আভাস দিয়া ।

উত্তৰঃ ভাৰতৰ আধুনিক নগৰ পৰিকল্পনাৰ সূচনা হৈছিল ঔপনিৱেশিক মহানগৰীবােৰত এনে নগৰ পৰিকল্পনাৰ বাবে প্রথমে সমগ্ৰ নগৰ এলকাটোক সামৰি এক নতুন অংগ – সজ্জা প্রস্তুত কৰা হৈছিল । এনে ব্যৱস্থা গ্ৰহণৰ জৰিয়তে সমগ্ৰ নগৰখনৰ সকলাে দিশৰ উন্নয়নৰ কথা চিন্তা কৰা হৈছিল । 

পলাচীৰ যুদ্ধৰ জৰিয়তে ইংৰাজসকলে বংগদেশত নিজৰ আধিপত্য বিস্তাৰৰ পথ মুকলি হয় । প্রথমে ইংৰাজসকলে নিজৰ সুৰক্ষাৰ কাৰণে নগৰ পৰিকল্পনাৰ ব্যৱস্থা কৰে । ইতিমধ্যে কলিকতা নগৰৰ আন্তঃগার্থনি তৈয়াৰ হৈছিল । সেয়ে কলিকতাক এখন পৰিকল্পিত আৰু সুৰক্ষিত মহানগৰী হিচাপে গঢ়ি তােলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে । বৰ্তমানৰ কলিকতাখন পূর্বতে সুতানাতি , কলকতা আৰু গােবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ সমষ্টি আছিল । ইয়াৰ আটাইতকৈ দক্ষিণপ্ৰান্তৰ গাঁও গােবিন্দপুৰৰ দুটা বিশাল এলেকা কোম্পানীয়ে ইয়াৰ স্থানীয় বেপাৰী আৰু তাতীসকলক স্থানচ্যুত কৰি মুকলি কৰিছিল । ইয়াতেই তেওঁলােকে এক বিশাল আৰু শাক্তিশালী দুর্গ নির্মাণ কৰিছিল । ইয়াৰ নাম আছিল ফর্ট উইলিয়াম । এই নতুন দুর্গটোৰ চাৰিওফালে এক মুক্ত অঞ্চলৰখা হৈছিল । কোনাে শত্রক ভেটা দিয়াৰ কাৰণে যাতে গুলী বাৰুদ প্রয়ােগ কৰাত কোনাে বাধা নাথাকে তাৰ কাৰণে এনে মুকলি ঠাই ৰখা হৈছিল । পিছলৈ ইংৰাজসকলৰ নিৰাপত্তা সুনিশ্চিত হােৱাৰ পিছত দুগৰ বাহিৰ অঞ্চলতাে তেওঁলােকে কাম কৰিবলৈ গৈছিল । এনেদৰে কলিকতাত ইংৰাজসকলৰ বসতি আৰম্ভ হৈছিল । মুকলি ঠাই আৰু আহল বহল ৰাস্তা নির্মাণৰ দ্বাৰা কলিকতাত প্রথম নগৰ পৰিকল্পনাৰ কাম আৰম্ভ হৈছিল । 

গৱৰ্ণৰ জেনেৰেল লর্ড ৱেলেচলিৰ শাসন কালত কলিকতা মহানগৰীৰ পৰিকল্পনাৰ বিশেষ প্রসাৰ লাভ কৰিছিল । তেওঁ নিজৰ বাবে এটি বিশাল ৰাজপ্রসাদ নির্মাণ কৰাইছিল । ইয়াৰৰােপৰি বিভিন্ন ঠাইৰ জংগল, খাল – পিতনি আদি চাফা কৰি কলিকতা মহানগৰীৰ সম্প্ৰসাৰণৰ কাম হাতত লৈছিল । তেওঁ নলা নদৰ্মাৰৰ উন্নতি সাধন কৰি অপৰিষ্কাৰ পানীবােৰ নৈ বা সাগৰত পৰাৰ ব্যৱস্থা কৰিছিল । কাৰণ অস্বাস্থ্যকৰ পৰিৱেশ বেমাৰৰ প্ৰধান কাৰণ বুলি তেওঁ ভালদৰে অনুভৱ কৰিছিল । তেওঁ নগৰ পৰিকল্পনাৰ কাৰণে বহুতাে সমিতি গঠন কৰিছিল । এই সমিতিবােৰৰ জৰিয়তে বহুসংখ্যক বজাৰ , ঘাট , সমাধিক্ষেত্ৰ আৰু চামৰাৰ কাৰখানা আদি মহানগৰৰ চৌহদৰ পৰা আঁতৰ কৰি সুকীয়া ঠাইত স্থাপন কৰিছিল । এনে ব্যৱস্থাৰ জৰিয়তে তেওঁ ৰাজহুৱা স্বাস্থ্য সম্পর্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ সক্ষম হৈছিল । 

ৱেলেচলিৰ পিছত ‘ লটাৰী কমিটি ’ নামৰ এখন কমিটিৰ জৰিয়তে নগৰ পৰিকল্পনাৰ কাম কাজবােৰ পৰিচালনা কৰিছিল । 

এই সমিতিয়ে কৃষ্ণাংগ বা ভাৰতীয় লােক বাস কৰা ঠাইসমূহ চাফ – চিকুণ কৰাৰ লগতে নদীৰ দাঁতিবােৰ বেদখলমুক্ত কৰিছিল । ভাৰতীয় লােকসকলে বাস কৰা স্থানবােৰ চাফ – চিকুণ , কৰি ৰখাৰ কাৰণে এই সমিতিয়ে দুখীয়া শ্রমিক বহুতাে জুপুৰি উচ্ছেদ কৰি তেওঁলােকক কলিকতা মহানগৰীৰ দাঁতি কাষৰীয়া অঞ্চললৈ আঁতৰি যাবলৈ বাধ্য কৰােৱা হৈছিল ।

প্রশ্ন ৬। ঔপনিৱেশিক মহানগৰী হিচাপে মাদ্রাজ ( চেন্নাই ) ৰ গঠন প্রণালী আৰু ইয়াৰ বিকাশৰ বিষয়ে আলােচনা কৰা ।

উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্রথমে মাদ্ৰাজৰ চুৰাটত ব্যৱসায় – বাণিজ্য আৰম্ভ কৰিছিল । আদিৰে পৰা এই ঠাই বস্ত্র বা কপাহী কাপােৰৰ কাৰণে বিখ্যাত আছিল । 

১৬৩৯ খ্রীঃত ইংৰাজসকলে মাদ্রাজ পট্টনমত এটি ব্যৱসায়িক কুঠি স্থাপন কৰিছিল। পিছলৈ ইংৰাজসকলে ইয়াত নিগাজীকৈ থাব্বিলৈ লৈছিল । আৰু ঠাইখিনি চেনাপট্টনম হিচাপে প্রসিদ্ধ হৈ পৰে । আদিতে ইয়াত তেলেগু সামন্তসকলে বাস কৰিছিল । পিছলৈ ইংৰাজসকলে এই তেলেগু সামন্তসকলৰ পৰা এই ঠাইবােৰ ক্ৰয় কৰি নিজৰ অধীনলৈ আনিছিল । 

ইতিমধ্যে ইষ্ট – ইণ্ডিয়া কোম্পানী আৰু ফৰাচীসকলৰ মাজত মাদ্রাজতাে বাণিজ্যিক প্রতিদ্বন্দ্বিতা আৰম্ভ হয় । সেয়ে ইংৰাজসকলে মাদ্রাজখন অতি সুৰক্ষিত কৰি তুলিছিল । ইয়াৰ লগে লগে মাদ্রাজত এটি শক্তিশালী প্রশাসনীয় ব্যৱস্থা গঢ়ি তুলিছিল । ইতিমধ্যে ইংগ – ফৰাচী যুগৰ অন্তত ১৭৬১ খ্রীঃত ফৰাচীসকলে চূড়ান্তভাৱে ইংৰাজৰ হাতত পৰাস্ত হয় আৰু ভাৰতৰ পৰা প্রত্যাৱর্তন কৰিবলৈ বাধ্য হয় । ফলত মাদ্রাজত ইংৰাজসকলৰ একক আধিপত্য প্রতিষ্ঠা হয় । লাহে লাহে মাদ্রাজ এখন প্রধান বাণিজ্যিক নগৰী হিচাপে প্রতিষ্ঠা লাভ কৰে । নানা ব্যৱসায়ৰ জৰিয়তে ইংৰাজ সদাগৰ সকলাে মাদ্রাজত ক্রমে শক্তিশালী হৈ পৰে । অৱশ্যে ইংৰাজ সদাগৰসকলৰ বিপৰীতে ভাৰতীয় ব্যবসায়ীসকলৰ অৱস্থা সন্তোষজনক নাছিল । 

ইংৰাজসকলৰ আৱাসিক স্থান গঢ়ি উঠাৰ লগে লগে তেওঁলােকে তেওঁলােকৰ নিৰাপত্তাৰ কথাটিও চিন্তা কৰিছিল । সেয়ে তেওঁলােকে মাদ্রাজত এটি বিশাল দুর্গ নির্মাণ কৰিছিল । এই দুর্গটো চেইন্ট জর্জ দুর্গ নামেৰে জনা গৈছিল । ইয়াতে ইংৰাজ লােকসকলে কাম কৰিবলৈ লৈছিল, সু – উচ্চ সীমাপ্রাচীৰ আৰু বহুসংখ্যক বুঝজেৰে সৈতে এই দুর্গটো এক বিশিষ্ট ইউৰােপীয় ঔপনিৱেশিকলৈ ৰূপান্তৰিত হৈছিল । গাৰ বৰণ আৰু বৰ্ণৰ ভিত্তিত এই দুর্গত বাস কৰাৰ যােগ্যতা নিৰূপণ কৰা হৈছিল । ভাৰতীয়সকলৰ সৈতে ইউৰােপীয়সকলৰ বিবাহ নিষিদ্ধ আছিল । খ্রীষ্টান ধর্মাৱলম্বী আৰু ইউৰােপীয়ান হােৱা হেতুকে ইংৰাজসকলৰ ওপৰি কেৱল ওলণ্ডাজ আৰু পর্তুগীজবােৰকহে ইয়াত থাকিবলৈ অনুমতি দিয়া হৈছিল । 

ইংৰাজসকলে লাহে লাহে মাদ্ৰাজৰ উন্নয়নৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল । কলা বা ভাৰতীয়সকল কাম কৰাৰ কাৰণে বেলেগ আৱাসিক এলেকা গঢ়ি তােলা হৈছিল । এই এলেকাবোৰত নানা ধৰণৰ শিল্পী , ৰােৱনী আৰু মধ্যবিত্ত শ্রেণীৰ লােকসকলে কাম কৰিছিল । 

চাৰিওফালৰ গাঁও অঞ্চলবােৰ সামৰি মাদ্রাজ চহৰখন গঢ় লৈ উঠিছিল । বিভিন্ন সম্প্রদায়ৰ লােকসকলে ইয়ালৈ আহি নানা ধৰণৰ কাৰ্যৰ লগত জড়িত হৈ পৰিছিল । ভাৰতীয় দোভাষী সকল বা ভাৰতীয় আৰু ইংৰাজী ভাষা ক’ব পৰা লােক সকলাে ইয়াত বাস কৰিবলৈ আৰম্ভ কৰিছিল । এই লােকসকলে চৰকাৰৰ লগত সুবিধাজনক অৱস্থা গ্ৰহণ কৰি নিজৰ অর্থনৈতিক ভেটি টনকিয়াল কৰাৰ কাৰণে চেষ্টা কৰিছিল । 

প্রশ্ন ৭। ভাৰতীয় উদ্যোগপতি আৰু সদাগৰসকলে কেনেকৈ ঔপনিবেশিক চহৰ প্রতিষ্ঠা কৰিছিল আলােচনা কৰা ।

উত্তৰঃ ইংৰাজ সকলৰ উপৰি ভাৰতীয় সদাগৰ আৰু উদ্যোগ পতিসকলেও নিজা ববীয়াকৈ চহৰ প্ৰতিষ্ঠাৰ কাৰণে চেষ্টা কৰিছিল । তেওঁলােকে মাদ্রাজ , বােম্বে আৰু কলিকতা মহানগৰীত এনে চহৰ বা নিয়ন্ত্রণাধীন অঞ্চল গঢ়ি তুলিছিল । এইক্ষেত্ৰত তেওঁলােকে কোম্পানীৰ এজেন্ট সকলৰ লগত সম্পর্ক ৰক্ষা কৰি চলিছিল , কোম্পানীৰ সহায়ত ভাৰতীয় সদাগৰসকলে এই মুখ্য তিনি চহৰৰ বিভিন্ন স্থানত হােটেল , থকা আৰু খােৱাৰ কাৰণে গৃহ আদি নির্মাণ কৰিছিল । তদুপৰি । তেওঁলােকে নিজা উদ্যোগত যােগাযােগ ব্যৱস্থা হাতত লৈছিল । ইয়াৰ জৰিয়তে ভাৰতীয় সদাগৰসকলে বাহিৰা দেশৰ লগত যােগাযােগ ৰক্ষা কৰি আহিছিল । 

পিছলৈ বােম্বে মহানগৰীখন চীনৰ লগত কানি বা আফিং ব্যৱসায়ৰ ক্ষেত্ৰত প্রধান কেন্দ্রস্থল হিচাপে গঢ়ি তুলিছিল । ভাৰতীয় উদ্যোগপতিসকলে ৰাজস্থান আৰু মালয় অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা বােম্বেলৈ আফিং সৰবৰাহ কৰিছিল । এই আফিংবােৰ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত তেওঁলােকে উট , ঘোড়া আৰু পৰিবহণ ব্যৱস্থাৰ সহায় লৈছিল । ভাৰতীয় উদ্যোগ পতিসকলে নানা ধৰণৰ বস্ত্র আমদানি আৰু ৰপ্তানি কৰাৰ ক্ষেত্ৰত মধ্যস্থতা কাৰী হিচাপে নিজকে নিয়ােগ কৰি বহুতাে ধন সংগ্রহ কৰিছিল । উল্লেখযােগ্য যে কানিৰ গােপন ব্যৱসায়ৰ লগত ভাৰতীয়সকলৰ উপৰি বহুতাে কোম্পানীৰ লােকে অবৈধভাৱে যােগাযােগ ৰাখি নিজকে চহকী কৰিছিল । কাৰণ কানি এবিধ অতি আপুৰুগীয়া আৰু অতি মূল্যবান পণ্য হিচাপে বিবেচিত হৈছিল । এই কানিবােৰ গােপনে চীন দেশলৈ চালান দিয়া কামত বহুতাে ভাৰতীয় আৰু ইংৰাজ লােক গােপনে জড়িত হৈ পৰিছিল । এনেদৰে গােপন ব্যৱসায়ৰ লগত জড়িত হৈ সংগ্রহ কৰা ধনেৰে তেওঁলােকে নগৰবােৰত অট্টালিকাবােৰ নিৰ্মাণ কৰিছিল । 

ইংলেণ্ডত আৰম্ভ হােৱা শিল্পবিপ্লৱৰ ফলত তাত উৎপাদিত হােৱা সামগ্ৰীৰে ভাৰতত ৰজাৰবােৰ ভৰি পৰে । ফলত ভাৰতীয় উদ্যোগপতি আৰু সদাগৰ সকলে ইংলেণ্ডৰ পৰা সামগ্রী সৰবৰাহ কৰা ব্যৱসায়তাে জড়িত হৈ পৰিছিল । 

পােন প্রথমে ভাৰতত ডেলহাউচিয়ে ১৮৫৩ চনত বােম্বে আৰু মাদ্ৰাজৰ মাজত ৰে’ল যােগাযােগ ব্যৱস্থা স্থাপন কৰে । কম খৰচত বয় – বস্তু সৰবৰাহ কৰা কামত ভাৰতীয় । উদ্যোগপতিসকল জড়িত হৈ পৰে । উদ্যোগপতি সকলৰ প্ৰচেষ্টাত নগৰসমূহত নানা ধৰণৰ কল – কাৰখানা প্রতিষ্ঠা হয় । উদ্যোগ আৰু বাণিজ্যৰ প্ৰসাৰৰ ফলত ভাৰতীয় বাৱস্যয়ী আৰু উদ্যোগপতি সকলে আর্থিকভাৱে সবল হৈ পৰিছিল । 

প্রশ্ন ৮। ভাৰতীয় বাণিকসকলে ঔপনিবেশিক কালত নিজকে কেনেকৈ প্রতিষ্ঠা কৰিছিল — আলােচনা কৰা । 

উত্তৰঃ ছাত্ৰ- ছাত্ৰীয়ে নিজেই কৰিব চেষ্টা কৰিবা ( প্ৰয়োজন অনুসাৰে ওপৰৰ ৭ নং প্রশ্নোত্তৰ চোৱা । )

প্রশ্ন ৯। ঔপনিবেশিক বন্দৰ নগৰসমূহ নৱ – অর্থনৈতিক মুখ্যকেন্দ্ৰলৈ কিদৰে ৰূপান্তৰিত হৈছিল ?

উত্তৰঃ ইংৰাজসকল আৰু ইউৰােপৰ কেবাটাও বাণিজ্যিক জাতিয়ে সাগৰীয় পথেৰে ভাৰতৰ সাগৰীয় বন্দৰ নগৰবােৰত খােপনি পুতিছিল । এইনগৰবােৰৰ ভিতৰত মাদ্রাজ , বােম্বে আৰু কলিকতাৰ মহানগৰীত প্রথমে নগৰীকৰণৰ প্রচেষ্টা আৰম্ভ হৈছিল । এই ঔপনিবেশিক নগৰবােৰত ৰপ্তানিৰ বাবে সংগ্রহ কেন্দ্ৰ আৰম্ভ কৰা হৈছিল । এই নগৰকেইখন সাগৰৰ পাৰত 

অৱস্থিত হােৱা বাবে সাগৰীয় পথেৰে কেঁচা সামগ্ৰীসমূহ বিশেষকৈ , বস্ত্রশিল্পৰ বাবে কপাহ , চামৰা আৰু অন্যান্য বহুতাে সামগ্রীৰ সংগ্ৰহ কৰি বিদেশলৈ পঠাবলৈ আৰম্ভ কৰে । ১৮৫৩ চনৰ পৰা পৰিবহনৰ নতুন ৰেলগাড়ী চলাবলৈ আৰম্ভ কৰাত প্রধান নগৰবােৰত ৰেলেৰে সৰু সৰু নগৰৰ পৰা সাগৰৰ পাৰৰ বন্দৰলৈ কেঁচা সামগ্ৰীৰ চলাচল হ’বলৈ ধৰে , বােম্বে , মাদ্রাজলৈ আৰু কলিকতালৈ চাৰিওফালৰ পৰা ৰেলেৰে সামগ্ৰী কঢ়িয়াবলৈ ধৰা নানা ঠাই নগৰ চহৰৰ লগতে ব্যৱসায় বাণিজ্য গঢ়ি উঠিবলৈ ধৰে , মানুহৰ বসতি ক্রমান্বয়ে বৃদ্ধি পাবলৈ ধৰে । ৰেলৱে কলনি গঢ়ি উঠে , বজাৰ – সমাৰ গঢ়ি উঠে । এইদৰে সাগৰীয় পাৰৰ বৰবােৰত নতুন অর্থনৈতিক উন্নয়নে ভাৰতৰ সকলােতে নগৰ – চহৰ গঢ়ি উঠিবলৈ ধৰে । 

প্রশ্ন ১০। ঊনবিংশ শতিকাত ব্ৰিটিছসকলক কি কি বিবেচনাই ভাৰতত নগৰ পৰিকল্পনাত প্ৰভাৱ পেলাইছিল ? 

উত্তৰঃ উনবিংশ শতিকাত ভাৰতৰ নগৰীকৰণৰ দিশত এক নতুন জাগৰণে দেখা দিছিল । কাৰণ মােগলৰ দিনত গঢ়ি উঠা নগৰবােৰৰ গুৰুত্ব কমি অহা দেখা গৈছিল । ইয়াৰ বিপৰীতে ৰাজনৈতিক লাভালাভৰ ওপৰত গুৰুত্ব দি ইংৰাজসকলে ভাৰতত ৰাজনৈতিক আধিপত্য প্রতিষ্ঠাৰ পিছত কলিকতা , মাদ্রাজ আৰু বােম্বেক বদৰ নগৰী হিচাপে গঢ়ি তােলে । লাহে লাহে এই তিনি নগৰীয়ে ইংৰাজৰ ৰাজনৈতিক আৰু প্রশাসনিক কেন্দ্ৰৰূপে গুৰুত্ব লাভ কৰে । অতি কম সময়ৰ ভিতৰত এই তিনি নগৰী মহানগৰীলৈ ৰূপান্তৰিত হয় । ৰাজনৈতিক কাম – কাজ বৃদ্ধিৰ লগে লগে এই তিনি মহানগৰীত দ্রুত হাৰত জনসংখ্যা বাঢ়িবলৈ আৰম্ভ হয় । এনে অৱস্থাৰ পৰিপেক্ষিতত ইংৰাজে এই মহানগৰীবােৰ সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে আৰু তেওঁলােকৰ স্বাৰ্থ আৰু নিৰাপত্তা যাতে সুৰক্ষিত হৈ থাকে তাৰ কাৰণে নগৰ পৰিকল্পনা হাতত লয় । এই পৰিকল্পনা অনুসৰি নগৰবােৰ নিয়মীয়াকৈ জৰীপ কৰি পৰিসংখ্যাৰ তথ্য যুগুত কৰা হৈছিল । প্রতিবেদনাে প্রকাশ কৰা হৈছিল । নগৰ প্ৰশাসনৰ কাৰণে নাগৰিকৰ পৰা পৌৰ কৰ সংগ্ৰহ কৰিছিল । স্থানীয় লােকৰ সৈতে সংঘর্ষ এৰাই চলাৰ কাৰণে স্থানীয় শাসনত ভাৰতীয় নির্বাচিত প্রতিনিধি ৰখাৰ নিয়ম কৰে আৰু নির্দিষ্ট দায়িত্ব অর্পণ কৰা হৈছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top