Class 12 History Chapter 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ

Class 12 History Chapter 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ and select needs one.

Class 12 History Chapter 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ Solutions for All Subject, You can practice these here…

এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ

পাঠ: ৮

( খ্রীঃ ১৪ শ ৰ পৰা ১৬ শ শতিকালৈ )

দ্বিতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। কোনে আৰু কেতিয়া বিজয়নগৰ ৰাজ্য প্রতিষ্ঠা কৰিছিল ?

উত্তৰঃ হৰিহৰ আৰু বুক্কই ১৩৩৬ খ্রীষ্টাব্দত বিজয়নগৰ ৰাজ্য প্রতিষ্ঠা কৰিছিল । 

প্রশ্ন ২। কোনে আৰু কেতিয়া হাম্পীৰ আৱিষ্কাৰ কৰিছিল ? 

উত্তৰঃ ১৮০০ খ্রীষ্টাব্দত ইংৰাজ পুৰাতত্ত্ববদ কর্ণেল কলিন মেকেঞ্জীয়ে আৱিষ্কাৰ কৰিছিল । 

প্রশ্ন ৩। গজপতিৰ অর্থ কি ? 

উত্তৰঃ গজপতিৰ শব্দগত অর্থ হ’ল হাতীৰ স্বামী । 

প্রশ্ন ৪। কোনখন যুদ্ধত বিজয়নগৰ ৰাজ্যৰ পতন ঘটিছিল ? 

উত্তৰঃ তালিকোটৰ যুদ্ধত ( ১৫৬৫ খ্রীষ্টাব্দত ) । 

প্রশ্ন ৫। যৱন ৰাজ্যৰ প্রতিষ্ঠাতা বুলি কোনে দাবী কৰিছিল ? 

উত্তৰঃ কৃষ্ণদেৱ ৰায়ে তেনেদৰে দাবী কৰিছিল । 

প্রশ্ন ৬। যৱন বুলি কাক কোৱা হয় । 

উত্তৰঃ গ্রীকসকলক যৱন বুলি কোৱা হয় । 

প্রশ্ন ৭। অমৰা শব্দৰ অর্থ কি ? 

উত্তৰঃ ইয়াৰ অৰ্থ হ’ল যুদ্ধ বা সমৰ । 

প্রশ্ন ৮। আব্দুৰ ৰাজ্জাক কোন আছিল ? 

উত্তৰঃ বিজয়নগৰ ৰাজ্যলৈ অহা পাৰস্য দেশৰ ৰাজদূত । 

প্রশ্ন ৯। মহানবমী ডিববা কি ? 

উত্তৰঃ বিজয়নগৰ ৰাজ্যৰ এটি চকুত লগা প্রেক্ষাগৃহ আছিল । 

প্রশ্ন ১০। বিজয়নগৰ সাম্রাজ্যৰ আটাইতকৈ ৰাজকীয় সুন্দৰ ভৱনটোৰ নাম কি ? 

উত্তৰঃ ইয়াৰ নাম কমল মহল আছিল ।

প্রশ্ন ১১। বিৰূপাক্ষ কি মন্দিৰ আছিল ? 

উত্তৰঃ শিৱ মন্দিৰ আছিল । 

প্রশ্ন ১২। কোন চনত হাম্পীক ৰাষ্ট্ৰীয় ঐতিহ্য কেন্দ্র হিচাপে ঘােষণা কৰে ? 

উত্তৰঃ ১৯৭৬ চনত ঘােষণা কৰিছিল । 

প্রশ্ন ১৩। ভিঠালা স্বামীৰ মন্দিৰৰ এটি প্রধান বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ এই বৈশিষ্ট্যটো হ’ল – মন্দিৰত ৰথৰ যাত্ৰা আছিল । 

প্রশ্ন ১৪। ‘গপুৰম’ কি ? 

উত্তৰঃ গপুৰম হ’ল ৰাজকীয় প্রৱেশ পথ । এই পথসমূহে শাসকসকলৰ কৃতিত্ব আৰু নিজৰ প্রতিপত্তিক বুজায় । 

প্রশ্ন ১৫। বিজয় নগৰৰ প্ৰথমটো ৰাজবংশৰ নাম কি লিখা । 

উত্তৰঃ সংগম বংশ । 

চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। বিজয়নগৰ ৰাজ্যৰ আটাইতকৈ শ্রেষ্ঠ ৰজাজন কোন ? তেওঁ – কোন বংশৰ লােক আছিল ? 

উত্তৰঃ কৃষ্ণদেৱ ৰায় হ’ল বিজয়নগৰ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা । তেওঁ তুলুভ বংশৰ লােক আছিল । 

প্রশ্ন ২। বিজয়নগৰ ৰাজ্য ভ্রমণ কৰিবলৈ অহা তিনিজন বিদেশী ভ্ৰমণকাৰীৰ নাম লিখা । 

উত্তৰঃ এই ভ্ৰমণকাৰীকেইজন হ’ল ইটালীৰ নিকলাকন্টি , পাৰস্যৰ আব্দুৰ ৰাজ্জাক আৰু ৰাছিয়াৰ নিকিটিনা । 

প্রশ্ন ৩। বিজয়নগৰ ৰাজ্যৰ প্রশাসন ব্যৱস্থাত ৰায় আৰু নায়কসকল কোন আছিল ? 

উত্তৰঃ বিজয়নগৰ ৰাজ্যৰ ৰজাসকলে নিজকে ৰায় বুলি কৈছিল । ৰায়ক নৰপতি অর্থাৎ নৰ স্বামী বুলি কৈছিল । 

আনহাতে নায়কসকল হ’ল সেনাধ্যক্ষ । তেলেগু আৰু কানাড়াভাষী এই সেনাটি নায়কসকলক সাধাৰণতে নায়ক বুলি জনা গৈছিল । 

প্রশ্ন ৪। বিজয়নগৰৰ ৰজাই অমৰ নায়কসকলক কেনেকৈ নিয়ন্ত্রণ কৰিছিল ? 

উত্তৰঃ বহু নায়কে সাধাৰণতে ৰজাৰ প্রতি আনুগত্য প্রকাশ কৰিছিল । অৱশ্যে মাজে সময়ে অমৰ নায়কসকলে বিদ্রোহাে কৰিছিল । কিন্তু এনে বিদ্রোহী নায়কসকলক ৰজাই কঠোৰ হাতেৰে দমন কৰিছিল । 

প্রশ্ন ৫। বিৰূপাক্ষ কোন আছিল ? 

উত্তৰঃ বিজয়নগৰ ৰাজ্যৰ শ্ৰেষ্ঠ মন্দিৰবােৰৰ ভিতৰত বিৰূপাক্ষ হ’ল এটি অন্যতম মন্দিৰ । এই মন্দিৰটো সম্পূর্ণকৈ নির্মাণ কৰাৰ কাৰণে কেবা শতিকাও লাগিছিল বুলি কোৱা হয় । ইয়াৰ মুখ্য দেৱতা হ’ল বিৰূপাক্ষ , বিৰূপাক্ষ হ’ল শিৱৰ আন এটি নাম ।

প্রশ্ন ৬। ৰাজকীয় কেন্দ্ৰৰ বিখ্যাত মঞ্চদুখনৰ নাম লিখা । 

উত্তৰঃ এই ৰাজকীয় মঞ্চদুখন হ’ল সভামণ্ডপ আৰু মহানৱমী ডিববা । 

প্রশ্ন ৭৷ বিজয়নগৰ শব্দৰ অর্থ কি ? 

উত্তৰঃ সাহিত্যগত দিশৰ ফালৰ পৰা বিজয়নগৰ শব্দৰ অৰ্থ হ’ল দিগ্বীজয় । ইয়াৰ দ্বাৰা নগৰুৱা ৰাজ্য জয়ৰ কথা কোৱা হৈছে । 

প্রশ্ন ৮। কি কি উৎসৰ পৰা আমি বিজয়নগৰ ৰাজ্যৰ বিষয়ে জানিব পাৰাে ? 

উত্তৰঃ তলত উল্লেখ কৰা উৎসবােৰৰ পৰা আমি বিজয়নগৰ ৰাজ্যৰ বিষয়ে জানিব পাৰাে । এই উৎসবােৰ হ’ল— 

( ক ) প্রত্নতাত্ত্বিক সমল ।

( খ ) শিলালিপি ।

( গ ) তাম আৰু শিলৰ ফলি ।

( ঘ ) বিদেশী লােকসকলৰ ভ্ৰমণ বৃত্তান্ত । আৰু 

( ঙ ) তামিল , তেলেগু আৰু সংস্কৃত সাহিত্য । 

প্রশ্ন ৯। বিজয়নগৰ ৰাজ্য শাসন কৰা ৰাজ বংশকেইটাৰ নাম লিখা । 

উত্তৰঃ বিজয়নগৰ ৰাজ্য শাসন কৰা ৰাজ বংশকেইটা হ’ল— সংগম বংশ , চালুভা বংশ , তুলুভা বংশ আৰু আৰবিন্দু বংশ । 

প্রশ্ন ১০। প্রচলিত প্রথামতে উৰিষ্যা , চুলতান বংশ আৰু বিজয়নগৰ ৰাজ বংশবােৰক কি নামেৰে জনা যায় ? 

উত্তৰঃ প্রচলিত প্রথা মতে ( ক ) উৰিষ্যাৰ ৰাজ বংশটোক গজপতি ৰাজবংশ ।

( খ ) দক্ষিণ চুলতান বংশটোক অশ্বপতি ৰাজবংশ । আৰু 

( গ ) বিজয়নগৰ ৰাজ্যৰ শাসক সকলক নৰপতি হিচাপে জনা গৈছিল । 

প্রশ্ন ১১। বিজয়নগৰ ৰাজ্যৰ বিষয়ে টোকা লিখি থৈ যােৱা তিনিজন বিদেশী ভ্ৰমণকাৰীৰ নাম লিখা । 

উত্তৰঃ চমু টোকাখন ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰিবা ।

এই তিনিজন ভ্ৰমণকাৰী হ’ল – 

( ক ) আব্দুৰ ৰাজ্জাক ।

( খ ) ডমিনগােপেজ । আৰু 

( গ ) ফাৰনাও নুনিন ।

প্রশ্ন ১২। কোনজন ৰজাই খাল বা নলী-নাদৰ সৃষ্টি কৰিছিল ? 

উত্তৰঃ কৃষ্ণদেৱ ৰায়ে নলী – নাদৰ সৃষ্টি কৰিছিল । 

প্রশ্ন ১৩। বিজয়নগৰৰ পানীৰ সমস্যা কিদৰে সমাধান কৰা হৈছিল ? 

উত্তৰঃ উত্তৰ – পূব দিশত বৈ যােৱা তুংগভদ্রা নদীৰ দ্বাৰা সৃষ্ট এক বিশাল প্রাকৃতিক জলধাৰা বিজয়নগৰ সাম্রাজ্যৰ ভৌগােলিক স্থিতিৰ এটা প্রধান বৈশিষ্ট্য আছিল , নগৰৰ চাৰিওফালে পাহাৰবােৰ আছিল । এই পাহাৰৰ পৰা ভালেমান জলধাৰা বৈ আহিছে । সকলােবােৰ জলধাৰাৰ কাষে কাষে বান্ধ নির্মাণ কৰি বিভিন্ন আকৃতিৰ জলাশয় নির্মাণ কৰা হৈছিল । এই জলশয়বােৰৰ পৰা প্রয়ােজন অনুসৰি চহৰলৈ পানী বােৱাই নিয়া হৈছিল । পােন্ধৰ শতিকাত নির্মাণ কৰা এনে এটি বিশাল জলাশয় কমলপুৰম নামে আজিও জনাজাত হৈ আছে । 

এই জলাশয়বােৰৰ কিছুমানত পাইপ সংলগ্ন কৰা হৈছিল । এইবােৰৰ সহায়ত উদ্যান আৰু খেতিপথাৰত পানী যােগান ধৰা হৈছিল । এই জলাশয় নির্মাণ কৰাৰ কাৰণে একোখন পাহাৰ ধ্বংস কৰিব লগা হৈছিল ।

প্রশ্ন ১৪। নিজৰ মাতৃৰ স্মৃতিত কৃষ্ণদেৱ ৰায়ে বিজয়নগৰৰ ওচৰত সজোৱা নগৰখনৰ নাম কি ? 

উত্তৰঃ উক্ত নগৰখনৰ নাম হ’ল ‘নগল – পুৰম’ । 

প্রশ্ন ১৫। বিজয় নগৰ সাম্রাজ্যত বিকশিত হােৱা মন্দিৰ স্থাপত্যৰ দুটা নতুন বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ দুটা নতুন বৈশিষ্ট্য হল — 

( ক ) বহুতাে মন্দিৰ ধর্মীয় স্থানত আছিল । 

( খ ) আনহাতে আন বহুতাে মন্দিৰ ৰাজকীয় কেন্দ্ৰত অৱস্থিত আছিল । এই মন্দিৰসমূহ অকল ৰাজকীয় পৰিয়ালৰ লােকেহে দর্শন কৰিব পাৰিছিল । 

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top