Class 12 History Chapter 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ

Class 12 History Chapter 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ and select needs one.

Class 12 History Chapter 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 8 এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ Solutions for All Subject, You can practice these here…

 ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। বিজয়নগৰ ৰাজ্যৰ পতনৰ কাৰণবােৰ আলােচনা কৰা । 

উত্তৰঃ বিজয়নগৰ ৰাজ্যৰ পতনৰ কাৰণবােৰ হ’ল— 

( ক ) কৃষ্ণদেৱ ৰায়ৰ পিছৰ শাসক সকল দুর্বল আছিল । ফলত আভ্যন্তৰীণ বিদ্রোহে দেখা দিছিল । 

( খ ) শাসকসকলৰ দুৰ্বলতাৰ সুযােগ বুজি নায়ক আৰু সেনাধ্যক্ষসকলেও বিদ্রোহ আৰম্ভ কৰিছিল । ফলত প্রশাসনীয় ব্যৱস্থা অত্যন্ত দুর্বল হৈ পৰিছিল । 

( গ ) আভ্যন্তৰীণ বিদ্ৰোহৰ সুযােগ লৈ দাক্ষিণাত্যৰ চুলতানী বাহমণি ৰাজ্য বিজয়নগৰ ৰাজ্যৰ প্ৰধান শত্রু হিচাপে দেখা দিয়ে । 

( ঘ ) শেষত তালিকোটৰ যুদ্ধত বাহমণি ৰাজ্যৰ হাতত বিজয়নগৰ ৰাজ্যৰ পতন ঘটে । 

প্রশ্ন ২। মহানৱমী ডিববাত অনুষ্ঠিত হােৱা ক্রিয়াকাণ্ডবােৰৰ বিষয়ে কি জানা লিখা । 

উত্তৰঃ মহানৱমী ডিববা হ’ল বিজয়নগৰ ৰাজ্যৰ সকলােতকৈ বিশাল আৰু সুন্দৰ ৰাজকীয় আবাস । ইয়াত সভামণ্ডপ আৰু মহানৱমী ডিববা নামৰ দুখন অতি সুন্দৰ প্রেক্ষাগৃহ আছিল । 

এই প্রেক্ষাগৃহত শৰৎ কালৰ মহানৱমী তিথি দহদিনীয়া উৎসব পালন কৰিছিল । এই অনুষ্ঠানৰ জৰিয়তে সম্রাটে আড়ম্বৰপূৰ্ণভাৱে নিজৰ মান – সম্মান প্রতিপত্তি আৰু সার্বভৌমত্বৰ প্রদর্শন কৰিছিল । এই ধর্মানুষ্ঠানত মূর্তি পূজা , ঘোঁৰাৰ পূজা , ম’হ আৰু অন্যান্য জীৱ – জন্তু বলি দিয়া হৈছিল । এই উপলক্ষে নৃত্য – গীত , মল্ল যুদ্ধ , সু – সজ্জিত হাতী – ঘোঁৰা , ৰথ আৰু সৈনিকসকলৰ দ্বাৰা শােভাযাত্রা কৰা হৈছিল । এই উৎসৱৰ শেষৰ দিনা মুকলি পথাৰত অনুষ্ঠিত এক মহা সমাৰােহত ৰজাই তেওঁৰ ৰাজকীয় নায়কসকলৰ সৈন্যবাহিনী পর্যবেক্ষণ কৰিছিল । আনহাতে নায়কসকলে সম্রাটক মূল্যৱান উপহাৰ আৰু বার্ষিক কৰ শােধাব লাগিছিল । 

প্রশ্ন ৩। বিজয়নগৰৰ দুর্গ নির্মাণ সম্পর্কে বহলাই লিখা । 

উত্তৰঃ বিজয়নগৰ ৰাজ্যৰ বিভিন্ন ভাগসমূহ দুর্গ সদৃশ বিশাল প্রাচীৰেৰে ঘেৰি ৰখা । হৈছিল । প্রায় সাতটা দুর্গ সদৃশ প্রাচীৰেৰে গােটেই নগৰখন ঘেৰি ৰখা হৈছিল । দুর্গৰ সুৰক্ষিত মজবুত প্ৰৱেশদ্বাৰসমূহ চহবলৈ যােৱা মুখ্য পথসমূহৰ লগত সংলগ্ন আছিল । এই প্রৱেশদ্বাৰসমূহৰ স্থাপত্য ৰীতি এনে বৈশিষ্ট্যপূর্ণ আছিল যে ইয়াৰ মাজেদি নির্দিষ্ট সংখ্যক লােকেহে প্ৰৱেশ কৰিব পাৰিছিল । দুর্গৰ ভিতৰত জনবসতিপূর্ণ অঞ্চলসমূহলৈ যাবলৈ নিৰ্মাণ কৰা এই প্রৱেশদ্বাৰসমূহৰ ওপৰত নিৰ্মাণ কৰা ধেনুভিৰীয়া ভাজ আৰু ওপৰত নিৰ্মাণ কৰা গম্বুজসমূহ তুর্কী চুলতানসকলৰ স্থাপত্য কলাৰ নিদর্শন আছিল । পুৰাতত্ত্ববিদসকলে এনে নির্মাণশৈলী ইন্দো ইছলামিক শৈলী বুলি অভিহিত কৰিছে । 

Sl. No.সূচী-পত্ৰ
Chapter 1ইটা মণি আৰু হাড়বােৰ
Chapter 2ৰজা কৃষক আৰু নগৰসমূহ
Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী
Chapter 4দার্শনিক প্রত্যয় আৰু স্থাপত্য
Chapter 5যুগে যুগে অসম
Chapter 6পর্যটকৰ দৃষ্টিভংগীৰে
Chapter 7ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ
Chapter 8এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ
Chapter 9কৃষক, জমিদাৰ আৰু ৰাজ্য
Chapter 10সম্রাট আৰু ইতিহাস
Chapter 11উপনিবেশবাদ আৰু গ্রাম্য সমাজ
Chapter 12বিদ্রোহীসকল আৰু ৰাজ
Chapter 13ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ
Chapter 14মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
Chapter 15ভাৰত বিভাজন আৰু ৰাজনীতি
Chapter 16ভাৰতীয় সংবিধান সংকলন

প্রশ্ন ৪। বিদেশী লেখকসকলৰ টোকাৰ পৰা বিজয়নগৰ ৰাজ্যৰ হাট বা বজাৰৰ বিষয়ে কি জানিব পাৰি ? 

উত্তৰঃ বিদেশী লেখকসকলে সেই সময়ৰ বিজয়নগৰ ৰাজ্যৰ হাট বা বজাৰবােৰৰ বিষয়ে কিছু তথ্য দি গৈছে । এই তথ্য অনুসৰি –

( ক ) নগৰসমূহ পৰিকল্পিত , সম্পদশালী আৰু ঘনবসতিপূর্ণ আছিল । 

( খ ) বজাৰসমূহ সামগ্ৰীৰে পৰিপূৰ্ণ আছিল । বজাৰসমূহত পােৱা সামগ্ৰীসমূহৰ ভিতৰত মূল্যৱান নানা ধৰণৰ ধাতু , ঘোঁৰা , নানা ধৰণৰ ফলমূল আৰু মূল্যৱান কাঠ পােৱা গৈছিল । সাধাৰণতে কোনাে এটি ৰাস্তাৰ দাঁতিত বজাৰ সমূহ বহিছিল । 

( গ ) বজাৰসমূহ অর্থনীতিৰ লগতে সামাজিক কাম – কাজৰৰ প্রধান কেন্দ্রস্থল হিচাপে পৰিগণিত হৈছিল । 

( ঘ ) ভ্ৰমণকাৰী নুনিজৰ মতে সেই সময়ত বিজয়নগৰ ৰাজ্যখন বিশ্বৰ আন আন বহুতে উচ্চ পর্যায়ৰ নগৰৰ সমপর্যায়ৰ আছিল । 

( ঙ ) নুনিজৰ বৰ্ণনামতে , বজাৰসমূহত নানা ধৰণৰ মাংসও কিনা – বেচা হৈছিল । 

প্রশ্ন ৫। বিজয়নগৰ ৰাজ্যৰ শাসনব্যৱস্থাত নায়কসকলৰ ভূমিকাৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ নায়ক শব্দটো প্রাচীন সংস্কৃত ভাষাৰ পৰা আহিছে । এই শব্দ বা উপাধিটো সামৰিক বাহিনীৰ মুখ্য পদাধিকাৰীৰ লগত জড়িত । বিজয়নগৰ ৰাজ্যৰ শাসন ব্যৱস্থাত নায়কজন আছিল । সামৰিক বাহিনীৰ মুৰব্বী প্রধান । তেওঁৰ নেতৃত্বত ৰাজ্যখনৰ দুৰ্গবিলাকৰ সুৰক্ষা প্রদান কৰা হৈছিল । 

ঠিক তেনেদৰে অমৰ নায়ক পদটো আছিল প্রশাসনীয় ব্যৱস্থাৰ এক মুখ্য বিষয় । তেৱো সেনাধি নায়ক আছিল । তেওঁক একোটা অঞ্চল শাসন কৰি তাৰ পৰা ৰাজহ সংগ্ৰহৰ ক্ষমতা দিয়া হৈছিল । নায়কসকলৰ মুখ্য কার্যাৱলীবােৰ হ’ল— 

( ক ) নায়কসকল তেওঁলােকৰ অধীনস্থ এলেকাৰ কৃষক , শিল্পী আৰু বণিকসকলৰ পৰা ৰাজহ সংগ্ৰহ কৰিছিল । 

( খ ) নায়কসকলে ৰজাৰ উপহাৰ প্ৰদানৰ লগতে বার্ষিক কৰ শােধাব লাগিছিল । 

( গ ) আদায় কৰা ৰাজহৰ এটা অংশ নায়কসকলে ৰাখিছিল , কাৰণ যুদ্ধৰ সময়ত তেওঁলােকে ঘোঁৰা আৰু হাতী ক্রয় কৰিব লাগিছিল ।

 ( ঘ ) মন্দিৰ বা ধর্মীয় অনুষ্ঠানবােৰৰ পৰিচালনাৰ দায়িত্বও নায়কসকলে পালন কৰিব লাগিছিল । 

( ঙ ) কৃষিৰ উন্নতিৰ কাৰণে নায়কসকলে জলসিঞ্চনৰ ব্যৱস্থা হাতত লৈছিল । 

প্রশ্ন ৬। বিজয়নগৰ ৰাজ্যৰ কলা আৰু সংস্কৃতিৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ কলা আৰু সংস্কৃতিৰ দিশত বিজয়নগৰ ৰাজ্য অতি উন্নত আছিল বুলি লেখকসকলৰ তথ্যৰ পৰা জনা যায় । স্থাপত্য শিল্পত বিশেষকৈ বিজয়নগৰ ৰাজ্যই উৎকৰ্ষ সাধন কৰিবলৈ সক্ষম হৈছিল । কৃষ্ণদেৱ ৰায়ৰ শাসন কালত নির্মিত হাজাৰ মন্দিৰ আছিল স্থাপত্য শিল্প উৎকৃষ্ট নিদর্শন । তদুপৰি ভিঠালা স্বামীৰ মন্দিৰটোৱে বিজয়নগৰৰ স্থাপত্য শিল্পৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰি আহিছে । 

প্রশ্ন ৯। ভিঠালা স্বামী মন্দিৰৰ বিষয়ে চমুকৈ উল্লেখ কৰা । 

উত্তৰঃ ভিঠালা স্বামী মন্দিৰ বিজয়নগৰ ৰাজ্যৰ শ্রেষ্ঠ স্থাপত্য নিদর্শন বুলি ক’ব পাৰি । এইটো এটা মুখ্যত বিষ্ণুৰ মন্দিৰ । প্ৰকৃততে ই হ’ল বিজয়নগৰ সাম্রাজ্যৰ সাংস্কৃতিক আৰু আর্থিক সমৃদ্ধ কবিৰৰ কাৰণে ভিন ভিন পৰম্পৰাক আকোৱালি লােৱাৰ এক প্রচেষ্টা । এই মন্দিৰটোতাে আন মন্দিৰবােৰৰ দৰে সভাঘৰ আছিল । ৰথৰ আকৃতিত নিৰ্মাণ কৰা এই মন্দিৰৰ স্থাপত্য আছিল অতুলনীয় । ইয়াৰ ভাস্কর্য শৈলীয়ে বিজয়নগৰ ৰাজ্যত গঢ় লৈ উঠা ভাস্কর্য বিদ্যাৰ শ্ৰেষ্ঠ নিদর্শনৰ কথা সোঁৱৰাই দিয়ে । 

এই মন্দিৰৰ উল্লেখযােগ্য বৈশিষ্ট্য হ’ল মন্দিৰত ৰথৰ ৰাস্তা আছিল । যিটো গােপুৰমৰ পৰা মন্দিৰলৈ পােন আছিল । এই ৰাস্তাবােৰ চেপেটা শিলেৰে নির্মিত আছিল আৰু ইয়াৰ দুয়ােপাৰত স্তম্ভযুক্ত মণ্ডপ আছিল । এই মণ্ডপসমূহত ব্যৱসায়ীসকলে দোকান দিছিল । 

প্রশ্ন ১০। কৃষ্ণদেৱ ৰায়ৰ সম্পর্কে এটি টোকা লিখা । 

উত্তৰঃ মহম্মদ বিনটোগলকৰ ৰাজত্বকালত সাম্রাজ্যৰ চাৰিওফালে বিদ্ৰোহৰ সূত্রপাত হয় । ইয়াৰে সুযােগ গ্ৰহণ কৰি দাক্ষিণাত্যৰ হিন্দু শক্তিয়েও মূৰ দাঙি উঠি পুনৰায় প্রতিষ্ঠা লাভ কৰিবলৈ উঠি – পৰি লাগিলে । ইয়াৰ ফলতেই দাক্ষিণাত্যত বিজয়নগৰ নামৰ এখন হিন্দু ৰাজ্যই প্রতিষ্ঠা লাভ কৰে । হৰিহৰ আৰু বুক্ক নামৰ দুই ভাই – ককায়েকে তুংগভদ্রা নদীৰ পাৰত বিজয় নগৰ নামৰ নগৰ প্রতিষ্ঠা কৰে । 

বিজয় নগৰ ৰাজ্যত কেবাটাও বংশই ৰাজত্ব কৰে । এই বংশসমূহৰ ভিতৰত তুলুভ নামৰ বংশটোও আছিল অতি উল্লেখযােগ্য । কৃষ্ণদেৱ ৰায় আছিল এই তুলুভ বংশৰ শ্ৰেষ্ঠ ৰজা । 

কৃষ্ণদেৱ ৰায় সেই সময়ৰ দক্ষিণ ভাৰতৰ এজন শ্রেষ্ঠ ৰজা আছিল । শাসনভাৰ গ্ৰহণ কৰিয়েই তেওঁ কিছুমান সমস্যাৰ সন্মুখীন হৈছিল । এই সমস্যাবােৰৰ ভিতৰত বিদ্রোহী সৰ্মাই আছিল প্রধান । কিন্তু তেওঁ অতি দক্ষতাৰে এই বিদ্রোহীসকলক দমন কৰিবলৈ সক্ষম হয় । ইয়াৰ পিছত তেওঁ বিজাপুৰৰ চুলতানৰ পৰা বিবাদ লাগি থকা বায়চুৰ অঞ্চল অধিকাৰ কৰি উৰিষ্যা ৰাজ্যৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে । গােলকুণ্ডা আৰু বিদাৰৰ চুলতানসকলৰ পৰা উৰিষ্যাৰ ৰজাই সহায় পাইছিল যদিও কৃষ্ণদেৱ ৰায়ৰ হাতত পৰাজিত হয় । শেষত উৰিষ্যাৰ ৰজাই নিজ কন্যাক বিয়া দি কৃষ্ণদেৱ ৰায়ৰ লগত মিত্রতা স্থাপন কৰে । ইয়াৰ পিছত বিজাপুৰৰ চুলতান ইছমাইল আদিল চাহে বায়চুৰ অঞ্চল পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা কৰে । 

কিন্তু কৃষ্ণদেৱ ৰায়ে তেওঁক পৰাস্ত কৰি তেওঁৰ ৰাজ্যৰ গুলবর্গা দুর্গ ধূলিসাৎ কৰে । যুদ্ধৰ সময়ত তেওঁ যিদৰে বাহুবলী ঠিক সেইদৰে শান্তিৰ সময়তাে তেওঁ এজন অতি উদাৰ , ন্যায়পৰায়ণ আৰু সুশাসক আছিল । পৰাজিত শত্রুকো তেওঁ কেতিয়াও অসৎ আচৰণ কৰা নাছিল । ধর্ম সম্বন্ধে তেওঁৰ কোনাে গােড়ামি নাছিল । নিজ দক্ষতা আৰু চৰিত্ৰৰ গুণতে বিজয়নগৰ ৰাজ্যক তেওঁ এখন শ্রেষ্ঠ ৰাজ্যত পৰিণত কৰিছিল । পর্তুগীজসকলৰ সৈতে কৃষ্ণদেৱ ৰায়ৰ বৰ বন্ধুত্ব আছিল । ইয়াৰ চিন স্বৰূপে ১৫১০ চনত পর্তুগীজ শাসনকর্তা আলবুকার্কক ভাটকল নামে ঠাইত এটি দুর্গ সাজিবলৈ অনুমতি প্রদান কৰে । 

ৰাজ্য সম্প্রসাৰণ কৰাৰ কাৰণেই কৃষ্ণদেৱ ৰায় প্রখ্যাত নাছিল । তেওঁ আছিল একাধাৰে এগৰাকী বিখ্যাত নির্মাতা আৰু শিক্ষাপ্রেমী ৰজা । তেওঁ ৰচনা কৰা গ্ৰন্থবােৰৰ ভিতৰত কেৱল ‘অমুক্তামাল্যদা ‘ নামৰ এখন গ্রন্থ আৰু সংস্কৃতত লিখা এখন গ্রন্থহে পােৱা গৈছে ।

প্রশ্ন ১১। তালিকোটা ( ১৫৬৫ খ্রীষ্টাব্দত ) ৰ যুদ্ধৰ বিষয়ে চমুকৈ আলােচনা কৰা । এই যুদ্ধৰ ফলাফল কি আছিল । 

উত্তৰঃ বিজয়নগৰ ৰাজ্যৰ ৰজা কৃষ্ণদেৱ ৰায় এজন অতি শক্তিশালী ৰজা আছিল । যুদ্ধৰ সময়ত তেওঁ যিদৰে বাৱলী আৰু শান্তিৰ সময়ত সেইদৰে উদাৰ ন্যায় পৰায়ণ আছিল । তেওঁৰ পিছত ভায়েক অচ্যুত ৰায় আৰু ভতিজাক সদাশিৱ ৰায় বিজয়নগৰ ৰাজ্যৰ ৰজা হয় । সদাশিৱ ৰায় এজন দুর্বল ৰজা আছিল । তেওঁৰ দিনতে ঐতিহাসিক তালিকোটৰ যুদ্ধ সংঘটিত হয় । 

সদাশিৱ ৰায় এজন নামতহে ৰজা আছিল । তেওঁৰ শাসন কৰাৰ কোনাে যােগ্যতা নাছিল । ৰাজশক্তি দুর্বল হােৱাত মন্ত্রীসকলৰ মাজত ভীষণ দলাদলিৰ সৃষ্টি হয় । তেওঁৰ মন্ত্ৰী ৰামৰায় সর্বেসর্বা হৈ পৰিছিল । ৰামৰায়ৰ কুটনৈতিক বুদ্ধিৰ ফলত ওচৰচুবুৰীয়া ৰাজ্যবােৰৰ মাজত বিবাদ আৰম্ভ হয় । ১৫৫৮ খ্রীষ্টাব্দত ৰামৰায়ৰ পৰামর্শ মতে বিজয়নগৰ ৰাজ্যই গােলকুণ্ড আৰু বিজাপুৰ ৰাজ্যৰ লগ লাগি আহমদ নগৰ আক্ৰমণ কৰে । কিন্তু এই আক্রমণ অতি নিষ্ঠুৰ আছিল । ইয়াৰ প্রতিক্রিয়া বিজয়নগৰৰ কাৰণে অতি বিপদজনক হৈ পৰিছিল । কাৰণ এই নিষ্ঠুৰ কাৰ্যৰ ফলত পিছলৈ বিজাপুৰ , গােলকুণ্ডা , আহমদনগৰ আৰু বিদাৰ ৰাজ্য লগ হয় আৰু বিজয়নগৰ ৰাজ্য আক্রমণ কৰাৰ কাৰণে একগােট হয় । শেষত ১৬৬৫ খ্রীষ্টাব্দৰ ২৩ জানুৱাৰী তাৰিখে এই সন্মিলিত বাহিনীয়ে বিজয়নগৰ ৰাজ্য আক্রমণ কৰে । এয়ে আছিল ঐতিহাসিক তালিকোটৰ যুদ্ধ । 

ফলাফলঃ এনে আক্রমণৰ ফলত বিজয়নগৰ ৰাজ্যৰ চৰম পৰাজয় ঘটে । বিজয়নগৰ ৰাজ্যৰ এই পৰাজয় অতি দুখলগা আছিল । বিখ্যাত আৰু ঐশ্বর্যশালী বিজয়নগৰ ৰাজ্য ধূলিৰ লগত মিহলি হৈ গৈছিল । ঐতিহাসিক ফিৰিষ্টাৰ মতে , এই যুদ্ধৰ অন্তত সমিলিত বাহিনীৰ প্ৰতিজন সৈনিকেই অজস্র ধন – সম্পত্তি , মণি – মুকুতাৰ অধিকাৰী হৈছিল । এই যুদ্ধৰ ফলত দক্ষিণ ভাৰতৰ শক্তিশালী হিন্দু ৰাজ্য এখনৰ পতন আসন্ন কৰি তুলিছিল । যুদ্ধক্ষেত্ৰতে আহমদ নগৰ চুলতানে বিজয়নগৰৰ মন্ত্রী ৰামৰায়ক নিষ্ঠুভাৱে হত্যা কৰে । অৱশ্যে আক্রমণৰ পিছত মুছলমান ৰাজ্যকেইখনৰ মিত্রতা স্থায়ী হােৱা নাছিল । এই যুদ্ধৰ পিছত পুনৰ তেওঁলােকৰ মাজত আগৰ দৰে বিবাদ আৰম্ভ হয় । মন্ত্রী ৰামৰায়ৰ মৃত্যুৰ পিছত তেওঁৰ ভায়েক তিৰুমলে বিজয়নগৰৰ ৰাজধানী পেনুগগাণ্ডা নামৰ ঠাইলৈ নিয়ে । অৱশ্যে ১৬৭২ খ্রীষ্টাব্দত পুনৰ বিজাপুৰ আৰু গােলকুণ্ডৰ ৰজাই বিজয়নগৰ ৰাজ্য দখল কৰে । ইয়াৰ লগে লগে বিজয়নগৰ ৰাজ্যৰ অস্তিত্ব বিলুপ্ত হয় । 

প্রশ্ন ১২। কলিন মেকেঞ্চি কোন আছিল ? বিজয়নগৰৰ ইতিহাসলৈ তেওঁ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলােচনা কৰা ।

 উত্তৰঃ ১৭৫৪ খ্রীঃত কলিন মেকেঞ্চিৰ জন্ম হৈছিল । তেওঁ এজন অভিযন্তা , পৰিদর্শক আৰু মানচিত্ৰকাৰ আছিল । ১৮১৫ খ্রীঃত ভাৰতৰ প্ৰথমজন পৰিদৰ্শক পদত অধিষ্ঠিত হয় । ১৮২১ খ্রীষ্টাব্দলৈ তেওঁ এই পদত অধিষ্ঠিত হৈছিল ৷ তেৱেই বিজয়নগৰৰ ৰাজ্য বা হাস্ফী ধ্বংসাৱশেষ ১৮০০ খ্রী:ত আৱিষ্কাৰ কৰিছিল । তেওঁ বীৰুপাক্ষ মন্দিৰৰ পুৰােহিত আৰু পদ্মাদেৱীৰ স্মৃতিৰ ওপৰত ভিত্তি কৰি সৰহ সংখ্যক প্রাথমিক তথ্য আহৰণ কৰিছিল । পিছলৈ ১৮৫৬ খ্রী:ত ফটোগ্রাফাৰসকলে ইয়াৰ ভগ্নাৱশেয়সমূহৰ ফটো সংগ্রহ কৰে আৰু এইবােৰে ইতিহাসবিদসকলক বিজয়নগৰ সাম্রাজ্যৰ ইতিহাস অধ্যয়নত সহায় কৰে ।

প্রশ্ন ১৪। বিজয় নগৰৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ এটি বর্ণনা দিয়া ? এই ব্যৱস্থাই কৃষিক্ষেত্রকো কিয় পৰিবেষ্টিত কৰিছিল ?

উত্তৰঃ বিজয় নগৰ ৰাজ্যৰ প্ৰতিৰক্ষা ব্যৱস্থা অতি শক্তিশালী আছিল । ৰাজ্যখনৰ বিভিন্ন ভাগসমূহ দুর্গ সদৃশ বিশাল প্রাচীৰেৰে ঘেৰি ৰখা হৈছিল । পাৰস্যৰ পর্যটক আব্দুল ৰাজাকৰ মতে ইখনৰ পিছত সিখনকৈ সাতখন প্রাচীৰেৰে নগৰখন ঘেৰি ৰখা হৈছিল । চহৰখনৰ উপৰিও সমগ্র কৃষিভূমি আৰু ইয়াৰ ওচৰৰ পথাৰসমূহ তথা বনাঞ্চল সমূহাে ঘেৰি ৰখা হৈছিল । ধান খেতি কৰাৰ কাৰণে এই কৃষি ভূমিসমূহ ঘেৰি ৰখা হৈছিল । লগতে বহুতাে উদ্যান আছিল । দুটা জলাশয়ৰ দ্বাৰা খেতিপথাৰত পানী যােগান ধৰা হৈছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top