Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন

Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন and select needs one.

Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন Solutions for All Subject, You can practice these here…

ভাৰতীয় সংবিধান সংকলন

পাঠ: ১৬

তৃতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। কোন চনত স্বাধীন ভাৰতৰ সংবিধানখন বলৱৎ কৰা হয় ? 

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা বলৱৎ কৰা হৈছিল । 

প্রশ্ন ২। ভাৰতীয় সংবিধানৰ এটি বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ ভাৰতীয় সংবিধানখন পৃথিৱীৰ ভিতৰত লিখিত দীঘলীয়া সংবিধান । 

প্রশ্ন ৩। কোন সময়ৰ ভিতৰত সংবিধানখন গঠন কৰা হৈছিল ? 

উত্তৰঃ ১৯৪৬ চনৰ ডিচেম্বৰ মাহৰ পৰা ১৯৪৯ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত গঠন কৰা হৈছিল । 

প্রশ্ন ৪। সংবিধান সভাৰ কিমানজন সদস্য আছিল ? 

উত্তৰঃ তিনিজন সদস্য আছিল । 

প্রশ্ন ৫। সংবিধান সভাৰ বাঁওপন্থী সদস্যজনৰ নাম লিখা । 

উত্তৰঃ সােমনাথ লাহিড়ী । 

প্রশ্ন ৬। সংবিধান সভাৰ সমাজবাদী আৰু কৃষক সদস্য জনৰ নাম লিখা । 

উত্তৰঃ এন . জি , ৰঙ্গা । 

প্রশ্ন ৭। সংবিধান সভাৰ আদিবাসী সদস্যজনৰ নাম লিখা । 

উত্তৰঃ জয়পাল সিং । 

প্রশ্ন ৮। হিন্দী ভাষাৰ মাধ্যমত সংবিধানখন ৰচনা কৰিব লাগে বুলি কোনে কৈছিল ? 

উত্তৰঃ আৰ . ভি দুলেকাৰে । 

প্রশ্ন ৯। ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক কি বুলি ঘােষণা কৰিছিল ? 

উত্তৰঃ ভাৰতবৰ্ষক এখন সার্বভৌম গণতান্ত্রিক গণৰাজ্য বুলি ঘােষণা কৰিছিল ।

প্রশ্ন ১০। সংবিধান সভাৰ কিমানটা অনুচ্ছেদ আছে ? 

উত্তৰঃ ৩৯৫ টা অনুচ্ছেদ আছে । 

প্রশ্ন ১১। ১৮৮৫ চনত লাভ কৰা ভাৰতৰ প্ৰথমটো সৰ্বভাৰতীয় জাতীয় অনুষ্ঠানৰ নাম লিখা । 

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্রেছ । 

প্রশ্ন ১২। ভাৰতে স্বাধীনতাৰ সময়ত কি জটিল সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল ? 

উত্তৰঃ দেশ বিভাজনৰ সমস্যা , সাম্প্রদায়িক সমস্যা আৰু নানা ধ্বংসাত্মক সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল ।

প্রশ্ন ১৩। ১৯১৯ চনৰ কোনখন আইনে দ্বি-সদনযুক্ত বিধান মণ্ডলৰ ব্যৱস্থা কৰিছিল ? 

উত্তৰঃ ভাৰত চৰকাৰ আইন বা মণ্টেগাে চেমচর্ড আইনে । 

প্রশ্ন ১৪। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনক ভাৰত বিৰােধী আইন বুলি কোৱাৰ এটি যুক্তি দাঙি ধৰা । 

উত্তৰঃ এই যুক্তি অনুসৰি প্রতিনিধিত্বমূলক চৰকাৰ গঠনৰ কোনাে সুবিধা নাছিল । 

প্রশ্ন ১৫। নির্দেশাত্মক নীতি ভাৰতীয় সংবিধান কোন অধ্যায়ত সন্নিৱিষ্ট আছে ? 

উত্তৰঃ সংবিধানৰ চতুর্থ অধ্যায়ত সন্নিৱিষ্ট আছে । 

প্রশ্ন ১৬। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা কোনটো গুৰুত্বপূৰ্ণ শব্দৰে আৰম্ভ কৰিছে ? 

উত্তৰঃ স্বাধীন সার্বভৌম ৰাষ্ট্র । 

প্রশ্ন ১৭। সংবিধান খচৰা সমিতিৰ সভাপতিজন কোন আছিল ? 

উত্তৰঃ  ড° ভীমৰাও আম্বেদকাৰ । 

প্রশ্ন ১৮। সংবিধান সভাৰ সভাপতিজন কোন আছিল ? নাইবা , ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিজন কোন আছিল ? নাইবা , স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্রপতি কোন আছিল ? 

উত্তৰঃ ড° ৰাজেন্দ্র প্রসাদ ।

প্রশ্ন ১৯। সংবিধান সভাৰ মহিলা সদস্যা দুগৰাকীৰ নাম লিখা । 

উত্তৰঃ সৰােজনী নাইডু আৰু বিজয় লক্ষ্মী পণ্ডিত আছিল । 

প্রশ্ন ২০। ভাৰতবৰ্ষ স্বাধীন হােৱাৰ সময়ত কিমানখন ৰাজকীয় বা দেশীয় ৰাজ্য আছিল ? 

উত্তৰঃ সেই সময়ত প্রায় ৫৬৫ খন ৰাজ্য আছিল । 

প্রশ্ন ২১। দেশীয় ৰাজ্য বিভাগ কোনে গঠন কৰিছিল ? 

উত্তৰঃ চৰ্দাৰ বল্লভভাই পেটেলে গঠন কৰিছিল । 

প্রশ্ন ২২। অন্তৱৰ্তী চৰকাৰৰ মুৰব্বী কোন আছিল ? 

উত্তৰঃ জৱাহৰলাল নেহৰু আছিল । 

প্রশ্ন ২৩। ইংলেণ্ডৰ কোনটো ৰাজনৈতিক দল ভাৰতৰ ৰাজনৈতিক সমস্যাৰ প্রতি সহানুভূতিশীল আছিল ? 

উত্তৰঃ বনুৱা দল সহানুভুতিশীল আছিল । 

প্রশ্ন ২৪। তােমাৰ পাঠ্যপুথিত উল্লেখ থকা ইংলেণ্ডৰ “ লেবাৰ পার্টি ” প্রধানমন্ত্রীজনৰ নাম লিখা ।

উত্তৰঃ ক্ৰিমেণ্ট এটলি ।

প্রশ্ন ২৫। সংবিধান সভাৰ কার্যাৱলী কেতিয়াৰপৰা আৰম্ভ হৈছিল ? 

উত্তৰঃ ১৯৪৬ চনৰ ৯ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল । 

প্রশ্ন ২৬। কোন চনত আলি জিন্নাক পাকিস্তান সংবিধান সভাৰ সভাপতি হিচাপে নির্বাচিত কৰিছিল ? 

উত্তৰঃ ১৯৪৭ চনৰ ১১ আগষ্ট তাৰিখে নির্বাচিত কৰিছিল । 

প্রশ্ন ২৭। কোন চনত ভাৰতবৰ্ষক এখন গণতান্ত্রিক গণৰাজ্য হিচাপে ঘােষণা কৰা হৈছিল ? 

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ঘােষণা কৰা হৈছিল । 

প্রশ্ন ২৮। কোন চনত জুনাগড়ে ভাৰতৰ লগত যােগদান কৰে ? 

উত্তৰঃ ১৯৪৮ চনত যােগদান কৰে । 

প্রশ্ন ২৯। কোন চনত হাইদৰাবাদ ৰাজ্য ভাৰতৰ অংগ ৰাজ্যত পৰিণত হয় ? 

উত্তৰঃ ১৯৪৯ চনত অংগৰাজ্যত পৰিণত হয় । 

প্রশ্ন ৩০। কোন চনত জম্মু আৰু কাশ্মীৰ ৰাজ্য ভাৰতৰ লগত চামিল হয় ? 

উত্তৰঃ ১৯৪৭ চনৰ ২৬ অক্টোবৰ তাৰিখে ভাৰতৰ লগত চামিল হয় । 

প্রশ্ন ৩১। কোন চনত প্ৰথমটো নির্বাচন অনুষ্ঠিত হৈছিল ? 

উত্তৰঃ ১৯৫২ চনত অনুষ্ঠিত হয় । 

প্রশ্ন ৩২। বর্তমান ভাৰতবৰ্ষত কিমান খন ৰাজ্য আৰু কিমানখন কেন্দ্রীয় শাসিত অঞ্চল আছে ? 

উত্তৰঃ বর্তমান ভাৰতবৰ্ষৰ ৰাজ্যৰ সংখ্যা হ’ল ২৮ খন । আনহাতে কেন্দ্রীয় শাসিত অঞ্চল হল ৭ খুন । 

প্রশ্ন ৩৩। বৰ্তমানৰ ঝাৰখণ্ড ৰাজ্য কোন ৰাজ্যৰ অন্তৰ্গত আছিল ? 

উত্তৰঃ বিহাৰৰ অন্তৰ্গত আছিল । 

প্রশ্ন ৩৪। চত্তিশগড় ৰাজ্য আগতে কোন ৰাজ্যৰ অন্তৰ্গত আছিল ? 

উত্তৰঃ মধ্যপ্রদেশৰ অন্তৰ্গত আছিল । 

প্রশ্ন ৩৫। উত্তৰাখণ্ড কোন ৰাজ্যৰ অন্তৰ্গত আছিল ? 

উত্তৰঃ উত্তৰপ্ৰদেশৰ অন্তৰ্গত আছিল । 

প্রশ্ন ৩৬। ভাৰত বিভাজনৰ সময়ত আজিৰ বাংলাদেশৰ নাম কি আছিল ?

উত্তৰঃ পূৰ্ববংগ আছিল । 

প্রশ্ন ৩৫। ভাৰতীয় সংবিধান খচৰা প্রস্তুত সমিতিৰ সভাপতি কোন আছিল ? 

উত্তৰঃ ড°.বি. আৰ আম্বেদকাৰ । 

প্রশ্ন ৩৬। সংবিধান সভাৰ কোনজন সদস্যই কার্যপ্রণালী প্ৰস্তাৱনাটো উত্থাপন কৰিছিল ? 

উত্তৰঃ জৱাহৰলাল নেহৰুৱে উত্থাপন কৰিছিল । 

প্রশ্ন ৩৭। তলত দিয়া চনবােৰ কি ঘটনাৰ সৈতে জড়িত লিখা— 

( ক ) ১৯৪৫ ( খ ) ১৬ মে ১৯৪৬ , ( গ ) ১৬ জুন , ১৯৪৬. ( ঘ ) ১৬ আগষ্ট , ১৯৪৬ , ( ঙ ) ১৩ অক্টোবৰ , ১৯৪৬ , ( চ ) ৩ জুন , ১৯৪৭ , ( ছ ) ১৬ জুলাই , ১৯৪৭ , ( জ ) ১৪-১৫ আগষ্ট , ১৯৪৭ , ( ঝ ) ৩০ জানুৱাৰী , ১৯৪৮ , ( ঞ ) ডিচেম্বৰ , ১৯৪৯ , ( ট ) ২৬ জানুৱাৰী , ১৯৪৯

উত্তৰঃ  ( ক ) দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত । ইংলেণ্ডত চৰকাৰৰ পৰিৱৰ্তন । বনুৱা দলৰ নেতা ক্লিমেণ্ট এটলিৰ নেতৃত্বত নতুন চৰকাৰ গঠন । 

( খ ) কেবিনেট মিছনৰ দ্বাৰা সাংবিধানিক আঁচনিৰ কথা ঘােষণা । 

( গ ) অন্তৱর্তী চৰকাৰ প্রতিষ্ঠা । 

( ঘ ) মুছলিম লীগৰ দ্বাৰা প্রত্যক্ষ সংগ্ৰামৰ কথা ঘােষণা । 

( ঙ ) মুছলিম লীগৰ অন্তৱর্তী চৰকাৰত অংশ গ্রহণ । 

( চ ) লর্ড মাউণ্টবেটেনৰ ভাৰতৰ শেষ গৱৰ্ণৰ জেনেৰেল হিচাপে কার্যভাৰ গ্ৰহণ । সাম্প্রদায়িক সংঘর্ষ । মাউণ্টবেটেনৰ দ্বাৰা ভাৰতৰ স্বাধীনতাৰ কথা ঘােষণা । 

( ছ ) অন্তৱর্তী চৰকাৰৰ শেষৰখন সভা অনুষ্ঠিত । 

( জ ) মাজৰাতি ভাৰতে স্বাধীনতা লাভ কৰে । জৱাহৰলাল নেহৰুৱে স্বাধীন ভাৰতৰ প্রথমজন প্রধানমন্ত্রী হিচাপে কার্যভাৰ গ্ৰহণ কৰে । 

( ঝ ) আততায়ীৰ হাতত মহাত্মা গান্ধীৰ মৃত্যু । 

( ঞ ) ভাৰতীয় সংবিধান গ্রহণ । 

( ট ) ভাৰতীয় সংবিধানখন প্রযােজ্য কৰা হয় । 

চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। সংবিধান বুলিলে কি বুজা ? 

উত্তৰঃ কোনাে এখন ৰাষ্ট্রৰ কার্যাৱলী পৰিচালিত কৰা প্রাথমিক বা মৌলিক নীতি কিছুমানৰ সমষ্টিকে সংবিধান বুলি কোৱা হয় । নতুবা সংবিধান হ’ল কিছুমান লিখিত আৰু অলিখিত মৌলিক আইন আৰু নীতিৰ সমষ্টি আৰু এইবােৰৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্র এখনে চৰকাৰ গঠন কৰি দেশ শাসন কৰে । 

প্রশ্ন ২। গণতান্ত্রিক দেশ এখনৰ কাৰণে সংবিধানখন কিয় গুৰুত্বপূৰ্ণ বুলি কোৱা হয় ? 

উত্তৰঃ ৰাষ্ট্র এখনৰ কাৰণে সংবিধানখন গুৰুত্বপূৰ্ণ বুলি কোৱাৰ কাৰণ এয়ে যে— 

( ক ) সংবিধান এখনে চৰকাৰ এখনৰ গঠন আৰু ইয়াৰ কাৰ্যসূচী সম্বন্ধে নীতি নির্ধাৰণ কৰে । 

( খ ) সংবিধানে জনসাধাৰণৰ অধিকাৰ আৰু ইয়াৰ প্রয়ােগ সম্বন্ধে স্পষ্ট নীতি নির্দেশনা দিয়ে । 

( গ ) সংবিধানে চৰকাৰৰ ক্ষমতাৰ সীমা স্পষ্টভাৱে নিৰ্ধাৰণ কৰি নাগৰিকৰ অধিকাৰ আৰু সা – সুবিধাক ৰক্ষণাবেক্ষণ দিয়ে । 

( ঘ ) ৰাষ্ট্র এখনৰ সংবিধান হ’ল চৰকাৰৰ ক্ষমতাৰ মূল উৎস । 

প্রশ্ন ৩। সংবিধানৰ যিকোনাে তিনিটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ ( ক ) সকলাে ৰাষ্ট্ৰৰে সংবিধানখন হ’ল– সর্বোচ্চ শ্রেষ্ঠ আৰু মৌলিক আইন । 

( খ ) কাম – কাজক গতিশীল কৰাৰ কাৰণে সংবিধানখনৰ সংশােধনী প্রক্রিয়া থাকে । 

( গ ) সকলাে সংবিধানৰে এটা বৈধ বা আইনগত স্থিতি থাকে । 

প্রশ্ন ৪। প্রস্তাৱনা বুলিলে কি বুজা ? প্রস্তাৱনাৰ উদ্দেশ্যবােৰ কি ? 

উত্তৰঃ ভাৰতীয় সংবিধানৰ এক উল্লেখযােগ্য বৈশিষ্ট হ’ল ইয়াৰ প্ৰস্তাৱনা । প্রস্তাৱনাটো সংবিধানৰ মূল অংশ নহয় । ইয়াক সংবিধানৰ বাটচৰা বুলি ক’ব পাৰি । ইয়াত সংবিধানৰ মূল উদ্দেশ্য আৰু আদৰ্শৰ কথা কোৱা হৈছে । প্রস্তাৱনাৰ মূল উদ্দেশ্যসমূহ হ’ল ন্যায় , সাম্য , মৈত্রী আৰু ভাতৃত্ব । 

প্রশ্ন ৫। প্রস্তাৱনাৰ মূল বৈশিষ্ট্যবােৰ আলােচনা কৰা । 

উত্তৰঃ প্ৰস্তাৱনাৰ মূল বৈশিষ্ট্যবােৰ হ’ল— 

( ক ) প্ৰস্তাৱনাক সংবিধানৰ মূল চাবি বুলি কোৱা হয় । কাৰণ ইয়াত সংবিধানৰ মূল কথাখিনি সন্নিৱিষ্ট হৈ থাকে । 

( খ ) প্রস্তাৱনাৰ জৰিয়তে চমুকৈ সংবিধানৰ মূল লক্ষ্য আৰু উদ্দেশ্য সমূহৰ কথা কোৱা হৈছে । সেয়ে প্রস্তাৱনাক সংবিধানৰ দাপােণ বুলিও কোৱা হয় । 

( গ ) সংবিধান এখন ৰাষ্ট্ৰৰ আর্থ – সামাজিক আৰু ৰাজনৈতিক প্রগতি দলিল স্বৰূপ । সংবিধানৰ প্রস্তাৱনাই এই প্রগতিৰ মাফকাঠী । যিহেতু সংবিধানখনৰ আদৰ্শগত ভেটি এই কাৰণেই প্রস্তাৱনাক সংবিধানৰ আত্মা বুলিও কোৱা হয় । 

প্রশ্ন ৬। প্রস্তাৱনাত উল্লেখিত ‘ সার্বভৌম ’ অর্থই কি বুজাইছে ? 

উত্তৰঃ ( ক ) সংবিধানৰ প্ৰস্তাৱনাই ভাৰতবৰ্ষক এখন সার্বভৌম ৰাষ্ট্র হিচাপে স্বীকৃতি প্রদান কৰিছে । 

( খ ) এই অনুসৰি অন্য কোনাে বিদেশী শক্তিৰ আজ্ঞা পালন নকৰাকৈ ভাৰতবৰ্ষই নিজৰ অভ্যন্তৰলৈ আৰু বৈদেশীক নীতি অনুসৰণ কৰি যাব পাৰিব । 

( গ ) নিজৰ ভৌগলীক পৰিসীমাৰ ভিতৰত ৰাষ্ট্ৰীয় আইনৰ সর্বোচ্চ কতৃত্ব থাকিব আৰু সকলাে নাগৰিক তথা সংস্থা বা অনুষ্ঠানে এই আইন মানি লবলৈ বাধ্য । 

( ঘ ) যিকোনাে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সদস্য পদে এই সার্বভৌমত্বক ম্লান কৰিব নােৱাৰে । 

প্রশ্ন ৭। ১৯৫৬ চনৰ আইন অনুসৰি ভাৰতবৰ্ষত কিমানখন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল আছিল ? 

উত্তৰঃ ১৯৫৬ চনৰ আইন অনুসৰি ভাৰতবৰ্ষত চৈধ্যখন ৰাজ্য আৰু পাঁচখন কেন্দ্রীয় শাসিত অঞ্চল আছিল । 

প্রশ্ন ৮। সংবিধান সভাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা ব্যক্তি সকলৰ নাম উল্লেখ কৰা । অথবা , ভাৰতৰ সংবিধান সভাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিকোনাে দুজন সদস্যৰ লিখা । 

উত্তৰঃ এই ব্যক্তি সকল হ’ল পণ্ডিত জৱাহৰলাল নেহৰু , চৰ্দাৰ বল্লভভাই পেটেল , ড° ৰাজেন্দ্র প্রসাদ , ড° ভীম ৰাও আম্বেদকাৰ , কে , এম . মুঞ্চী আৰু কৃষ্ণস্বামী আয়াৰ ।

প্রশ্ন ৯। সংবিধান সভাত সহায় কৰা দুজন উচ্চ পদস্থ বিষয়াৰ নাম লিখা । 

উত্তৰঃ এই দুজন বিষয়া হ’ল– বি.এন.ৰাও আৰু এন.এন. মুখার্জী । 

প্রশ্ন ১০। ড° ভীমৰাও আম্বেদকাৰে কার্যনির্বাহ কৰা দপ্তৰ দুটাৰ নাম উল্লেখ কৰা । 

উত্তৰঃ এই দুটা দপ্তৰ হ’ল— 

( ক ) কেন্দ্রীয় আইন মন্ত্রী । আৰু 

( খ ) সংবিধান খচৰা পৰিষদৰ সভাপতি । 

প্রশ্ন ১১। সংবিধান সভাত অংশ গ্রহণক সমাজৰ পিছপৰা শ্ৰেণীৰ সদস্য দুজনৰ নাম লিখা । 

উত্তৰঃ এই সদস্য দুজন হ’ল— দক্ষস্বামী বেলেউদান আৰু জে , নাগাপ্পা ।

প্রশ্ন ১২। কেন্দ্ৰৰ হাতত অধিক ক্ষমতা প্রদানৰ হকে মত পােষণ কৰা তিনিজন ব্যক্তিৰ নাম লিখা । 

উত্তৰঃ এই তিনিজন ব্যক্তি হ’ল –ড° ভীমৰাও আম্বেদকাৰ , গােপালাস্বামী আয়েঙ্গাৰ আৰু বালকৃষ্ণ শর্মা । 

প্রশ্ন ১৩। হিন্দি ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে ব্যৱহাৰ কৰা কাৰ্যৰ বিৰােধিতা কৰা দুজন ব্যক্তিৰ নাম লিখা । 

উত্তৰঃ এই ব্যক্তি দুজন হ’ল টি.এ. ৰামলিঙ্গম আৰু শ্ৰীশঙ্কৰ দেও । 

প্রশ্ন ১৪। কি লক্ষ্য আগত ৰাখি ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰা হৈছিল ? 

উত্তৰঃ ভাৰতীয় সংবিধানখন ৰচনা কৰাৰ সময়ত লােৱা লক্ষ্যসমূহ হ’ল–

( ক ) জনসাধাৰণৰ একত্রিত প্রচেষ্টাৰ মাজেৰে ভাৰতবৰ্ষক আগুৱাই লৈ যােৱা । 

( খ ) সকলােৰে মাজত জাতীয়তাবাদী ভাৱধাৰা জগাই তােলা । 

( গ ) প্রাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ প্রতি সম্মান জনাই ভাৰতবৰ্ষত গণতান্ত্রিক পৰম্পৰাৰ সৃষ্টি কৰা । 

প্রশ্ন ১৫। ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীন ভাৰতৰ লগত যােগ নিদিয়া ৰাজ্য কেইখনৰ নাম লিখা । 

উত্তৰঃ এই ৰাজ্যকেইখন হ’ল— জুনাগড় , হাইদৰাবাদ আৰু জম্মু আৰু কাশ্মীৰ । 

প্রশ্ন ১৬। ভাৰতৰ সমসাময়িক ৰাজনৈতিক পৰিস্থিতিয়ে সংবিধান ৰচনাত কেনে প্রভাৱ পেলাইছিল ? 

উত্তৰঃ এই পৰিস্থিতি বা কাৰণ কেইটা হ’ল–

( ক ) ভাৰত বিভাজন । 

( খ ) ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি । 

( গ ) সুভাষচন্দ্র বসুৰ উগ্র জাতীয়তাবাদী ভাৱধাৰা । আৰু 

( ঘ ) মুছলিম লীগৰ দ্বাৰা পালন কৰা প্রত্যক্ষ সংগ্রাম ফলত সৃষ্টি হােৱা সাম্প্রদায়িক সংঘৰ্ষৰ স্মৃতি । 

প্রশ্ন ১৭। কেন্দ্রীয় চৰকাৰক শক্তিশালী কৰিব বিচৰা লােকসকল কোন আছিল ? 

উত্তৰঃ এই তিনিজন ব্যক্তি হ’ল –ড° ভীমৰাও আম্বেদকাৰ , গােপালাস্বামী আয়েঙ্গাৰ আৰু বালকৃষ্ণ শর্মা । 

প্রশ্ন ১৮। এন . জি . ৰঙ্গই সংখ্যালঘুৰ সংজ্ঞা কেনেদৰে দিছিল ?

উত্তৰঃ এন . জি . ৰঙ্গৰ মতে সংখ্যালঘু অর্থই অর্থনৈতিক সংখ্যালঘুকহে বুজাব লাগে বুলি যুক্তি দাঙি ধৰিছিল । তেওঁৰ মতে প্রকৃত সংখ্যালঘু হ’ল দুখীয়া নিঃস্বলাসকলহে তেওঁলােক ইমানেই বঞ্চিত , শােষিত আৰু অৱদমিত যে তেওঁলােকে সাধাৰণ নাগৰিক অধিকাৰেই সাব্যস্ত কৰিব নােৱাৰে । 

প্রশ্ন ১৯। সংবিধানৰ লক্ষ্য সম্পর্কে নেহৰুৱে আগবঢ়োৱা বক্তব্য ব্যাখ্যা কৰা । 

উত্তৰঃ নেহৰুৰ মতে ভাৰতীয় সংবিধানৰ লক্ষ্য আৰু উদ্দেশ্য হ’ব গণতান্ত্রিক আদর্শ , সমাজবাদী অর্থনৈতিক ন্যায় , ভাৰতীয় জীৱন ধাৰাৰ লগত খাপ খুৱাই ইয়াক প্ৰৱৰ্তন কৰিব লাগিব । 

Sl. No.সূচী-পত্ৰ
Chapter 1ইটা মণি আৰু হাড়বােৰ
Chapter 2ৰজা কৃষক আৰু নগৰসমূহ
Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী
Chapter 4দার্শনিক প্রত্যয় আৰু স্থাপত্য
Chapter 5যুগে যুগে অসম
Chapter 6পর্যটকৰ দৃষ্টিভংগীৰে
Chapter 7ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ
Chapter 8এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ
Chapter 9কৃষক, জমিদাৰ আৰু ৰাজ্য
Chapter 10সম্রাট আৰু ইতিহাস
Chapter 11উপনিবেশবাদ আৰু গ্রাম্য সমাজ
Chapter 12বিদ্রোহীসকল আৰু ৰাজ
Chapter 13ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ
Chapter 14মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
Chapter 15ভাৰত বিভাজন আৰু ৰাজনীতি
Chapter 16ভাৰতীয় সংবিধান সংকলন

প্রশ্ন ২০। স্বাধীনতাৰ পিছত “ বিজয় অভিযান” সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ ভাৰত স্বাধীন হৈছিল যদিও ফ্রান্স আৰু পর্তুগীজ সকলৰ নিয়ন্ত্রণত বহুতাে অঞ্চল থাকি গৈছিল । সেই অঞ্চলবােৰ হ’ল পণ্ডিচেৰী , কাৰীকল , আনাম , মাহে , চন্দন নগৰ , দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ । সেয়ে এই অঞ্চল সমূহ নিজৰ দখললৈ অনাৰ কাৰণে স্বাধীন চৰকাৰে এক অভিযান আৰম্ভ কৰে । ইয়াকে ‘ বিজয় অভিযান ’ নামে জনা যায় । এই অভিযানৰ অন্তত ১৯৬৪ চনৰ ভিতৰত ফ্ৰান্সৰ অধীনত থকা ঠাইবােৰ ভাৰতৰ লগত চামিল কৰণ কৰা হয় । ঠিক তেনেদৰে ১৯৬১ চনৰ ভিতৰত পর্তুগীজ সকলৰ নিয়ন্ত্রণাধীন অঞ্চলসমুহে স্বাধীন ভাৰতৰ লগত চামিল কৰণ কৰা হয় । 

প্রশ্ন ২১। কেনেকৈ জম্মু আৰু কাশ্মীৰ ভাৰতৰ অংগ ৰাজ্যত পৰিণত হৈছিল সেই বিষয়ে চমুকৈ আলােচনা কৰা ।

উত্তৰঃ জম্মু আৰু কাশ্মীৰ আছিল এখন বৃহৎ ৰাজ্য । মহাৰাজা হৰি শিং আছিল ইয়াৰ শাসনকর্তা । কিন্তু ইয়াৰ সৰহসংখ্যক লােক আছিল ইছলামধম্বাৱলম্বী । স্বাধীনতাৰ আগতে লর্ড মাউন্ট বেটেনে মহাৰাজা হৰি সিঙক ভাৰত বা পাকিস্তানৰ লগত যােগদান কৰাৰ কাৰণে পৰামৰ্শ আগবঢ়াইছিল । কিন্তু হৰিসিঙে তেনে পৰামর্শ গ্রহণ নকৰিলে । 

কিন্তু স্বাধীন হােৱাৰ পিছতে পাকিস্তানে জম্মু আৰু কাশ্মীৰখন দখল কৰাৰ কাৰণে সৈন্য বাহিনী প্ৰেৰণ কৰে । এনে অৱস্থাত মহাৰাজ হৰি শিঙে ২৬ অক্টোবৰ তাৰিখে ( ১৯৪৭ ) ভাৰতৰ লগত যােগদান কৰে । ভাৰতৰ স্বাধীনতা আন্দোলনত বৰঙণি আগবঢ়োৱা নেচনেল কনফাৰেন্স দলৰ নেতা শেখ আব্দুল্লাইও ইয়াৰ প্রতি সমর্থন জনায় । ইফালে কাশ্মীৰক পাকিস্তান আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতে এক সামৰিক বাহিনী প্রেৰণ কৰে । সেই বাহিনীয়ে শত্রুপক্ষক খেদি পঠাবলৈ সক্ষম হয় যদিও এটা অংশ তেওঁলােকৰ দখলতে থাকি যায় । 

প্রশ্ন ২২। দেশীয় ৰাজ্য সমূহ একত্রিত কৰাৰ ক্ষেত্ৰত গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ ভূমিকা সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ চৰ্দাৰ বল্লভ ভাই পেটেল “ লৌহ মানৱ ” বা অতি কঠোৰ নেতা হিচাপে স্বীকৃতি লাভ কৰিছিল । কাৰণ অতি কঠোৰ দৃষ্টিভংগীৰে তেওঁ দেশীয় ৰজাৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰিছিল । এই উদ্দেশ্যে তেওঁ “ দেশীয় ৰাজ্য বিভাগ ” নামে এটি নতুন বিভাগ সৃষ্টি কৰে । আৰু দেশীয় ৰজা সকলক নতুন ভাৰতৰ লগত যােগদান কৰি এখন একত্রিত ভাৰত গঢ়ি তােলাৰ কাৰণে আমন্ত্রণ জনায় । তেওঁৰ একক প্রচেষ্টাতে ১৯৪৭ চনৰ পৰা ১৯৬১ চনৰ ভিতৰত সকলাে দেশীয় ৰাজ্যকে একত্রিত কৰি ভাৰতৰ ঐক্য সাধন কৰিবলৈ সক্ষম হৈছিল । 

প্রশ্ন ২৩। ভাৰতৰ অস্পৃশ্যতা নিমূলৰ বাবে সংবিধান সভাই অনুমােদন জনােৱা দুটা ব্যৱস্থা উল্লেখ কৰা ।

উত্তৰঃ ( ক ) অস্পৃশ্যতা দূৰীকৰণৰ বাবে আইন সংস্কাৰৰ বাবে ব্যৱস্থা বখা হৈছিল । 

( খ ) সমাজৰ পৰা অস্পৃশ্যতা দূৰীকৰণৰ বাবে সকলাে সম্প্রদায়ক সংবিধানে সমান অধিকাৰ প্রদান কৰিছিল । 

প্রশ্ন ২৪। ভাৰতীয় সংবিধানৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ ভাৰতায় সংবিধানৰ দুটা বৈশিষ্ট্য হল— 

( ক ) লিখিত সংবিধান । আৰু 

( খ ) মৌলিক অধিকাৰ ।

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top