Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন and select needs one.
Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন Solutions for All Subject, You can practice these here.
ভাৰতীয় সংবিধান সংকলন
পাঠ: ১৬
তৃতীয় খণ্ড
অতি চমু প্রশ্নোত্তৰ
প্রশ্ন ১। কোন চনত স্বাধীন ভাৰতৰ সংবিধানখন বলৱৎ কৰা হয় ?
উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা বলৱৎ কৰা হৈছিল ।
প্রশ্ন ২। ভাৰতীয় সংবিধানৰ এটি বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ ভাৰতীয় সংবিধানখন পৃথিৱীৰ ভিতৰত লিখিত দীঘলীয়া সংবিধান ।
প্রশ্ন ৩। কোন সময়ৰ ভিতৰত সংবিধানখন গঠন কৰা হৈছিল ?
উত্তৰঃ ১৯৪৬ চনৰ ডিচেম্বৰ মাহৰ পৰা ১৯৪৯ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত গঠন কৰা হৈছিল ।
প্রশ্ন ৪। সংবিধান সভাৰ কিমানজন সদস্য আছিল ?
উত্তৰঃ তিনিজন সদস্য আছিল ।
প্রশ্ন ৫। সংবিধান সভাৰ বাঁওপন্থী সদস্যজনৰ নাম লিখা ।
উত্তৰঃ সােমনাথ লাহিড়ী ।
প্রশ্ন ৬। সংবিধান সভাৰ সমাজবাদী আৰু কৃষক সদস্য জনৰ নাম লিখা ।
উত্তৰঃ এন . জি , ৰঙ্গা ।
প্রশ্ন ৭। সংবিধান সভাৰ আদিবাসী সদস্যজনৰ নাম লিখা ।
উত্তৰঃ জয়পাল সিং ।
প্রশ্ন ৮। হিন্দী ভাষাৰ মাধ্যমত সংবিধানখন ৰচনা কৰিব লাগে বুলি কোনে কৈছিল ?
উত্তৰঃ আৰ . ভি দুলেকাৰে ।
প্রশ্ন ৯। ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক কি বুলি ঘােষণা কৰিছিল ?
উত্তৰঃ ভাৰতবৰ্ষক এখন সার্বভৌম গণতান্ত্রিক গণৰাজ্য বুলি ঘােষণা কৰিছিল ।
প্রশ্ন ১০। সংবিধান সভাৰ কিমানটা অনুচ্ছেদ আছে ?
উত্তৰঃ ৩৯৫ টা অনুচ্ছেদ আছে ।
প্রশ্ন ১১। ১৮৮৫ চনত লাভ কৰা ভাৰতৰ প্ৰথমটো সৰ্বভাৰতীয় জাতীয় অনুষ্ঠানৰ নাম লিখা ।
উত্তৰঃ ভাৰতীয় জাতীয় কংগ্রেছ ।
প্রশ্ন ১২। ভাৰতে স্বাধীনতাৰ সময়ত কি জটিল সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল ?
উত্তৰঃ দেশ বিভাজনৰ সমস্যা , সাম্প্রদায়িক সমস্যা আৰু নানা ধ্বংসাত্মক সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল ।
প্রশ্ন ১৩। ১৯১৯ চনৰ কোনখন আইনে দ্বি-সদনযুক্ত বিধান মণ্ডলৰ ব্যৱস্থা কৰিছিল ?
উত্তৰঃ ভাৰত চৰকাৰ আইন বা মণ্টেগাে চেমচর্ড আইনে ।
প্রশ্ন ১৪। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনক ভাৰত বিৰােধী আইন বুলি কোৱাৰ এটি যুক্তি দাঙি ধৰা ।
উত্তৰঃ এই যুক্তি অনুসৰি প্রতিনিধিত্বমূলক চৰকাৰ গঠনৰ কোনাে সুবিধা নাছিল ।
প্রশ্ন ১৫। নির্দেশাত্মক নীতি ভাৰতীয় সংবিধান কোন অধ্যায়ত সন্নিৱিষ্ট আছে ?
উত্তৰঃ সংবিধানৰ চতুর্থ অধ্যায়ত সন্নিৱিষ্ট আছে ।
প্রশ্ন ১৬। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা কোনটো গুৰুত্বপূৰ্ণ শব্দৰে আৰম্ভ কৰিছে ?
উত্তৰঃ স্বাধীন সার্বভৌম ৰাষ্ট্র ।
প্রশ্ন ১৭। সংবিধান খচৰা সমিতিৰ সভাপতিজন কোন আছিল ?
উত্তৰঃ ড° ভীমৰাও আম্বেদকাৰ ।
প্রশ্ন ১৮। সংবিধান সভাৰ সভাপতিজন কোন আছিল ? নাইবা , ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিজন কোন আছিল ? নাইবা , স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্রপতি কোন আছিল ?
উত্তৰঃ ড° ৰাজেন্দ্র প্রসাদ ।
প্রশ্ন ১৯। সংবিধান সভাৰ মহিলা সদস্যা দুগৰাকীৰ নাম লিখা ।
উত্তৰঃ সৰােজনী নাইডু আৰু বিজয় লক্ষ্মী পণ্ডিত আছিল ।
প্রশ্ন ২০। ভাৰতবৰ্ষ স্বাধীন হােৱাৰ সময়ত কিমানখন ৰাজকীয় বা দেশীয় ৰাজ্য আছিল ?
উত্তৰঃ সেই সময়ত প্রায় ৫৬৫ খন ৰাজ্য আছিল ।
প্রশ্ন ২১। দেশীয় ৰাজ্য বিভাগ কোনে গঠন কৰিছিল ?
উত্তৰঃ চৰ্দাৰ বল্লভভাই পেটেলে গঠন কৰিছিল ।
প্রশ্ন ২২। অন্তৱৰ্তী চৰকাৰৰ মুৰব্বী কোন আছিল ?
উত্তৰঃ জৱাহৰলাল নেহৰু আছিল ।
প্রশ্ন ২৩। ইংলেণ্ডৰ কোনটো ৰাজনৈতিক দল ভাৰতৰ ৰাজনৈতিক সমস্যাৰ প্রতি সহানুভূতিশীল আছিল ?
উত্তৰঃ বনুৱা দল সহানুভুতিশীল আছিল ।
প্রশ্ন ২৪। তােমাৰ পাঠ্যপুথিত উল্লেখ থকা ইংলেণ্ডৰ “ লেবাৰ পার্টি ” প্রধানমন্ত্রীজনৰ নাম লিখা ।
উত্তৰঃ ক্ৰিমেণ্ট এটলি ।
প্রশ্ন ২৫। সংবিধান সভাৰ কার্যাৱলী কেতিয়াৰপৰা আৰম্ভ হৈছিল ?
উত্তৰঃ ১৯৪৬ চনৰ ৯ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল ।
প্রশ্ন ২৬। কোন চনত আলি জিন্নাক পাকিস্তান সংবিধান সভাৰ সভাপতি হিচাপে নির্বাচিত কৰিছিল ?
উত্তৰঃ ১৯৪৭ চনৰ ১১ আগষ্ট তাৰিখে নির্বাচিত কৰিছিল ।
প্রশ্ন ২৭। কোন চনত ভাৰতবৰ্ষক এখন গণতান্ত্রিক গণৰাজ্য হিচাপে ঘােষণা কৰা হৈছিল ?
উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ঘােষণা কৰা হৈছিল ।
প্রশ্ন ২৮। কোন চনত জুনাগড়ে ভাৰতৰ লগত যােগদান কৰে ?
উত্তৰঃ ১৯৪৮ চনত যােগদান কৰে ।
প্রশ্ন ২৯। কোন চনত হাইদৰাবাদ ৰাজ্য ভাৰতৰ অংগ ৰাজ্যত পৰিণত হয় ?
উত্তৰঃ ১৯৪৯ চনত অংগৰাজ্যত পৰিণত হয় ।
প্রশ্ন ৩০। কোন চনত জম্মু আৰু কাশ্মীৰ ৰাজ্য ভাৰতৰ লগত চামিল হয় ?
উত্তৰঃ ১৯৪৭ চনৰ ২৬ অক্টোবৰ তাৰিখে ভাৰতৰ লগত চামিল হয় ।
প্রশ্ন ৩১। কোন চনত প্ৰথমটো নির্বাচন অনুষ্ঠিত হৈছিল ?
উত্তৰঃ ১৯৫২ চনত অনুষ্ঠিত হয় ।
প্রশ্ন ৩২। বর্তমান ভাৰতবৰ্ষত কিমান খন ৰাজ্য আৰু কিমানখন কেন্দ্রীয় শাসিত অঞ্চল আছে ?
উত্তৰঃ বর্তমান ভাৰতবৰ্ষৰ ৰাজ্যৰ সংখ্যা হ’ল ২৮ খন । আনহাতে কেন্দ্রীয় শাসিত অঞ্চল হল ৭ খুন ।
প্রশ্ন ৩৩। বৰ্তমানৰ ঝাৰখণ্ড ৰাজ্য কোন ৰাজ্যৰ অন্তৰ্গত আছিল ?
উত্তৰঃ বিহাৰৰ অন্তৰ্গত আছিল ।
প্রশ্ন ৩৪। চত্তিশগড় ৰাজ্য আগতে কোন ৰাজ্যৰ অন্তৰ্গত আছিল ?
উত্তৰঃ মধ্যপ্রদেশৰ অন্তৰ্গত আছিল ।
প্রশ্ন ৩৫। উত্তৰাখণ্ড কোন ৰাজ্যৰ অন্তৰ্গত আছিল ?
উত্তৰঃ উত্তৰপ্ৰদেশৰ অন্তৰ্গত আছিল ।
প্রশ্ন ৩৬। ভাৰত বিভাজনৰ সময়ত আজিৰ বাংলাদেশৰ নাম কি আছিল ?
উত্তৰঃ পূৰ্ববংগ আছিল ।
প্রশ্ন ৩৫। ভাৰতীয় সংবিধান খচৰা প্রস্তুত সমিতিৰ সভাপতি কোন আছিল ?
উত্তৰঃ ড°.বি. আৰ আম্বেদকাৰ ।
প্রশ্ন ৩৬। সংবিধান সভাৰ কোনজন সদস্যই কার্যপ্রণালী প্ৰস্তাৱনাটো উত্থাপন কৰিছিল ?
উত্তৰঃ জৱাহৰলাল নেহৰুৱে উত্থাপন কৰিছিল ।
প্রশ্ন ৩৭। তলত দিয়া চনবােৰ কি ঘটনাৰ সৈতে জড়িত লিখা—
( ক ) ১৯৪৫ ( খ ) ১৬ মে ১৯৪৬ , ( গ ) ১৬ জুন , ১৯৪৬. ( ঘ ) ১৬ আগষ্ট , ১৯৪৬ , ( ঙ ) ১৩ অক্টোবৰ , ১৯৪৬ , ( চ ) ৩ জুন , ১৯৪৭ , ( ছ ) ১৬ জুলাই , ১৯৪৭ , ( জ ) ১৪-১৫ আগষ্ট , ১৯৪৭ , ( ঝ ) ৩০ জানুৱাৰী , ১৯৪৮ , ( ঞ ) ডিচেম্বৰ , ১৯৪৯ , ( ট ) ২৬ জানুৱাৰী , ১৯৪৯
উত্তৰঃ ( ক ) দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত । ইংলেণ্ডত চৰকাৰৰ পৰিৱৰ্তন । বনুৱা দলৰ নেতা ক্লিমেণ্ট এটলিৰ নেতৃত্বত নতুন চৰকাৰ গঠন ।
( খ ) কেবিনেট মিছনৰ দ্বাৰা সাংবিধানিক আঁচনিৰ কথা ঘােষণা ।
( গ ) অন্তৱর্তী চৰকাৰ প্রতিষ্ঠা ।
( ঘ ) মুছলিম লীগৰ দ্বাৰা প্রত্যক্ষ সংগ্ৰামৰ কথা ঘােষণা ।
( ঙ ) মুছলিম লীগৰ অন্তৱর্তী চৰকাৰত অংশ গ্রহণ ।
( চ ) লর্ড মাউণ্টবেটেনৰ ভাৰতৰ শেষ গৱৰ্ণৰ জেনেৰেল হিচাপে কার্যভাৰ গ্ৰহণ । সাম্প্রদায়িক সংঘর্ষ । মাউণ্টবেটেনৰ দ্বাৰা ভাৰতৰ স্বাধীনতাৰ কথা ঘােষণা ।
( ছ ) অন্তৱর্তী চৰকাৰৰ শেষৰখন সভা অনুষ্ঠিত ।
( জ ) মাজৰাতি ভাৰতে স্বাধীনতা লাভ কৰে । জৱাহৰলাল নেহৰুৱে স্বাধীন ভাৰতৰ প্রথমজন প্রধানমন্ত্রী হিচাপে কার্যভাৰ গ্ৰহণ কৰে ।
( ঝ ) আততায়ীৰ হাতত মহাত্মা গান্ধীৰ মৃত্যু ।
( ঞ ) ভাৰতীয় সংবিধান গ্রহণ ।
( ট ) ভাৰতীয় সংবিধানখন প্রযােজ্য কৰা হয় ।
চমু প্রশ্নোত্তৰ
প্রশ্ন ১। সংবিধান বুলিলে কি বুজা ?
উত্তৰঃ কোনাে এখন ৰাষ্ট্রৰ কার্যাৱলী পৰিচালিত কৰা প্রাথমিক বা মৌলিক নীতি কিছুমানৰ সমষ্টিকে সংবিধান বুলি কোৱা হয় । নতুবা সংবিধান হ’ল কিছুমান লিখিত আৰু অলিখিত মৌলিক আইন আৰু নীতিৰ সমষ্টি আৰু এইবােৰৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্র এখনে চৰকাৰ গঠন কৰি দেশ শাসন কৰে ।
প্রশ্ন ২। গণতান্ত্রিক দেশ এখনৰ কাৰণে সংবিধানখন কিয় গুৰুত্বপূৰ্ণ বুলি কোৱা হয় ?
উত্তৰঃ ৰাষ্ট্র এখনৰ কাৰণে সংবিধানখন গুৰুত্বপূৰ্ণ বুলি কোৱাৰ কাৰণ এয়ে যে—
( ক ) সংবিধান এখনে চৰকাৰ এখনৰ গঠন আৰু ইয়াৰ কাৰ্যসূচী সম্বন্ধে নীতি নির্ধাৰণ কৰে ।
( খ ) সংবিধানে জনসাধাৰণৰ অধিকাৰ আৰু ইয়াৰ প্রয়ােগ সম্বন্ধে স্পষ্ট নীতি নির্দেশনা দিয়ে ।
( গ ) সংবিধানে চৰকাৰৰ ক্ষমতাৰ সীমা স্পষ্টভাৱে নিৰ্ধাৰণ কৰি নাগৰিকৰ অধিকাৰ আৰু সা – সুবিধাক ৰক্ষণাবেক্ষণ দিয়ে ।
( ঘ ) ৰাষ্ট্র এখনৰ সংবিধান হ’ল চৰকাৰৰ ক্ষমতাৰ মূল উৎস ।
প্রশ্ন ৩। সংবিধানৰ যিকোনাে তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ ( ক ) সকলাে ৰাষ্ট্ৰৰে সংবিধানখন হ’ল– সর্বোচ্চ শ্রেষ্ঠ আৰু মৌলিক আইন ।
( খ ) কাম – কাজক গতিশীল কৰাৰ কাৰণে সংবিধানখনৰ সংশােধনী প্রক্রিয়া থাকে ।
( গ ) সকলাে সংবিধানৰে এটা বৈধ বা আইনগত স্থিতি থাকে ।
প্রশ্ন ৪। প্রস্তাৱনা বুলিলে কি বুজা ? প্রস্তাৱনাৰ উদ্দেশ্যবােৰ কি ?
উত্তৰঃ ভাৰতীয় সংবিধানৰ এক উল্লেখযােগ্য বৈশিষ্ট হ’ল ইয়াৰ প্ৰস্তাৱনা । প্রস্তাৱনাটো সংবিধানৰ মূল অংশ নহয় । ইয়াক সংবিধানৰ বাটচৰা বুলি ক’ব পাৰি । ইয়াত সংবিধানৰ মূল উদ্দেশ্য আৰু আদৰ্শৰ কথা কোৱা হৈছে । প্রস্তাৱনাৰ মূল উদ্দেশ্যসমূহ হ’ল ন্যায় , সাম্য , মৈত্রী আৰু ভাতৃত্ব ।
প্রশ্ন ৫। প্রস্তাৱনাৰ মূল বৈশিষ্ট্যবােৰ আলােচনা কৰা ।
উত্তৰঃ প্ৰস্তাৱনাৰ মূল বৈশিষ্ট্যবােৰ হ’ল—
( ক ) প্ৰস্তাৱনাক সংবিধানৰ মূল চাবি বুলি কোৱা হয় । কাৰণ ইয়াত সংবিধানৰ মূল কথাখিনি সন্নিৱিষ্ট হৈ থাকে ।
( খ ) প্রস্তাৱনাৰ জৰিয়তে চমুকৈ সংবিধানৰ মূল লক্ষ্য আৰু উদ্দেশ্য সমূহৰ কথা কোৱা হৈছে । সেয়ে প্রস্তাৱনাক সংবিধানৰ দাপােণ বুলিও কোৱা হয় ।
( গ ) সংবিধান এখন ৰাষ্ট্ৰৰ আর্থ – সামাজিক আৰু ৰাজনৈতিক প্রগতি দলিল স্বৰূপ । সংবিধানৰ প্রস্তাৱনাই এই প্রগতিৰ মাফকাঠী । যিহেতু সংবিধানখনৰ আদৰ্শগত ভেটি এই কাৰণেই প্রস্তাৱনাক সংবিধানৰ আত্মা বুলিও কোৱা হয় ।
প্রশ্ন ৬। প্রস্তাৱনাত উল্লেখিত ‘ সার্বভৌম ’ অর্থই কি বুজাইছে ?
উত্তৰঃ ( ক ) সংবিধানৰ প্ৰস্তাৱনাই ভাৰতবৰ্ষক এখন সার্বভৌম ৰাষ্ট্র হিচাপে স্বীকৃতি প্রদান কৰিছে ।
( খ ) এই অনুসৰি অন্য কোনাে বিদেশী শক্তিৰ আজ্ঞা পালন নকৰাকৈ ভাৰতবৰ্ষই নিজৰ অভ্যন্তৰলৈ আৰু বৈদেশীক নীতি অনুসৰণ কৰি যাব পাৰিব ।
( গ ) নিজৰ ভৌগলীক পৰিসীমাৰ ভিতৰত ৰাষ্ট্ৰীয় আইনৰ সর্বোচ্চ কতৃত্ব থাকিব আৰু সকলাে নাগৰিক তথা সংস্থা বা অনুষ্ঠানে এই আইন মানি লবলৈ বাধ্য ।
( ঘ ) যিকোনাে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সদস্য পদে এই সার্বভৌমত্বক ম্লান কৰিব নােৱাৰে ।
প্রশ্ন ৭। ১৯৫৬ চনৰ আইন অনুসৰি ভাৰতবৰ্ষত কিমানখন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল আছিল ?
উত্তৰঃ ১৯৫৬ চনৰ আইন অনুসৰি ভাৰতবৰ্ষত চৈধ্যখন ৰাজ্য আৰু পাঁচখন কেন্দ্রীয় শাসিত অঞ্চল আছিল ।
প্রশ্ন ৮। সংবিধান সভাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা ব্যক্তি সকলৰ নাম উল্লেখ কৰা । অথবা , ভাৰতৰ সংবিধান সভাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিকোনাে দুজন সদস্যৰ লিখা ।
উত্তৰঃ এই ব্যক্তি সকল হ’ল পণ্ডিত জৱাহৰলাল নেহৰু , চৰ্দাৰ বল্লভভাই পেটেল , ড° ৰাজেন্দ্র প্রসাদ , ড° ভীম ৰাও আম্বেদকাৰ , কে , এম . মুঞ্চী আৰু কৃষ্ণস্বামী আয়াৰ ।
প্রশ্ন ৯। সংবিধান সভাত সহায় কৰা দুজন উচ্চ পদস্থ বিষয়াৰ নাম লিখা ।
উত্তৰঃ এই দুজন বিষয়া হ’ল– বি.এন.ৰাও আৰু এন.এন. মুখার্জী ।
প্রশ্ন ১০। ড° ভীমৰাও আম্বেদকাৰে কার্যনির্বাহ কৰা দপ্তৰ দুটাৰ নাম উল্লেখ কৰা ।
উত্তৰঃ এই দুটা দপ্তৰ হ’ল—
( ক ) কেন্দ্রীয় আইন মন্ত্রী । আৰু
( খ ) সংবিধান খচৰা পৰিষদৰ সভাপতি ।
প্রশ্ন ১১। সংবিধান সভাত অংশ গ্রহণক সমাজৰ পিছপৰা শ্ৰেণীৰ সদস্য দুজনৰ নাম লিখা ।
উত্তৰঃ এই সদস্য দুজন হ’ল— দক্ষস্বামী বেলেউদান আৰু জে , নাগাপ্পা ।
প্রশ্ন ১২। কেন্দ্ৰৰ হাতত অধিক ক্ষমতা প্রদানৰ হকে মত পােষণ কৰা তিনিজন ব্যক্তিৰ নাম লিখা ।
উত্তৰঃ এই তিনিজন ব্যক্তি হ’ল –ড° ভীমৰাও আম্বেদকাৰ , গােপালাস্বামী আয়েঙ্গাৰ আৰু বালকৃষ্ণ শর্মা ।
প্রশ্ন ১৩। হিন্দি ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে ব্যৱহাৰ কৰা কাৰ্যৰ বিৰােধিতা কৰা দুজন ব্যক্তিৰ নাম লিখা ।
উত্তৰঃ এই ব্যক্তি দুজন হ’ল টি.এ. ৰামলিঙ্গম আৰু শ্ৰীশঙ্কৰ দেও ।
প্রশ্ন ১৪। কি লক্ষ্য আগত ৰাখি ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰা হৈছিল ?
উত্তৰঃ ভাৰতীয় সংবিধানখন ৰচনা কৰাৰ সময়ত লােৱা লক্ষ্যসমূহ হ’ল–
( ক ) জনসাধাৰণৰ একত্রিত প্রচেষ্টাৰ মাজেৰে ভাৰতবৰ্ষক আগুৱাই লৈ যােৱা ।
( খ ) সকলােৰে মাজত জাতীয়তাবাদী ভাৱধাৰা জগাই তােলা ।
( গ ) প্রাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ প্রতি সম্মান জনাই ভাৰতবৰ্ষত গণতান্ত্রিক পৰম্পৰাৰ সৃষ্টি কৰা ।
প্রশ্ন ১৫। ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীন ভাৰতৰ লগত যােগ নিদিয়া ৰাজ্য কেইখনৰ নাম লিখা ।
উত্তৰঃ এই ৰাজ্যকেইখন হ’ল— জুনাগড় , হাইদৰাবাদ আৰু জম্মু আৰু কাশ্মীৰ ।
প্রশ্ন ১৬। ভাৰতৰ সমসাময়িক ৰাজনৈতিক পৰিস্থিতিয়ে সংবিধান ৰচনাত কেনে প্রভাৱ পেলাইছিল ?
উত্তৰঃ এই পৰিস্থিতি বা কাৰণ কেইটা হ’ল–
( ক ) ভাৰত বিভাজন ।
( খ ) ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ।
( গ ) সুভাষচন্দ্র বসুৰ উগ্র জাতীয়তাবাদী ভাৱধাৰা । আৰু
( ঘ ) মুছলিম লীগৰ দ্বাৰা পালন কৰা প্রত্যক্ষ সংগ্রাম ফলত সৃষ্টি হােৱা সাম্প্রদায়িক সংঘৰ্ষৰ স্মৃতি ।
প্রশ্ন ১৭। কেন্দ্রীয় চৰকাৰক শক্তিশালী কৰিব বিচৰা লােকসকল কোন আছিল ?
উত্তৰঃ এই তিনিজন ব্যক্তি হ’ল –ড° ভীমৰাও আম্বেদকাৰ , গােপালাস্বামী আয়েঙ্গাৰ আৰু বালকৃষ্ণ শর্মা ।
প্রশ্ন ১৮। এন . জি . ৰঙ্গই সংখ্যালঘুৰ সংজ্ঞা কেনেদৰে দিছিল ?
উত্তৰঃ এন . জি . ৰঙ্গৰ মতে সংখ্যালঘু অর্থই অর্থনৈতিক সংখ্যালঘুকহে বুজাব লাগে বুলি যুক্তি দাঙি ধৰিছিল । তেওঁৰ মতে প্রকৃত সংখ্যালঘু হ’ল দুখীয়া নিঃস্বলাসকলহে তেওঁলােক ইমানেই বঞ্চিত , শােষিত আৰু অৱদমিত যে তেওঁলােকে সাধাৰণ নাগৰিক অধিকাৰেই সাব্যস্ত কৰিব নােৱাৰে ।
প্রশ্ন ১৯। সংবিধানৰ লক্ষ্য সম্পর্কে নেহৰুৱে আগবঢ়োৱা বক্তব্য ব্যাখ্যা কৰা ।
উত্তৰঃ নেহৰুৰ মতে ভাৰতীয় সংবিধানৰ লক্ষ্য আৰু উদ্দেশ্য হ’ব গণতান্ত্রিক আদর্শ , সমাজবাদী অর্থনৈতিক ন্যায় , ভাৰতীয় জীৱন ধাৰাৰ লগত খাপ খুৱাই ইয়াক প্ৰৱৰ্তন কৰিব লাগিব ।
| Sl. No. | সূচী-পত্ৰ |
| Chapter 1 | ইটা মণি আৰু হাড়বােৰ |
| Chapter 2 | ৰজা কৃষক আৰু নগৰসমূহ |
| Chapter 3 | স্বজন বৰ্ণ আৰু শ্রেণী |
| Chapter 4 | দার্শনিক প্রত্যয় আৰু স্থাপত্য |
| Chapter 5 | যুগে যুগে অসম |
| Chapter 6 | পর্যটকৰ দৃষ্টিভংগীৰে |
| Chapter 7 | ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ |
| Chapter 8 | এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ |
| Chapter 9 | কৃষক, জমিদাৰ আৰু ৰাজ্য |
| Chapter 10 | সম্রাট আৰু ইতিহাস |
| Chapter 11 | উপনিবেশবাদ আৰু গ্রাম্য সমাজ |
| Chapter 12 | বিদ্রোহীসকল আৰু ৰাজ |
| Chapter 13 | ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ |
| Chapter 14 | মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে |
| Chapter 15 | ভাৰত বিভাজন আৰু ৰাজনীতি |
| Chapter 16 | ভাৰতীয় সংবিধান সংকলন |
প্রশ্ন ২০। স্বাধীনতাৰ পিছত “ বিজয় অভিযান” সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ ভাৰত স্বাধীন হৈছিল যদিও ফ্রান্স আৰু পর্তুগীজ সকলৰ নিয়ন্ত্রণত বহুতাে অঞ্চল থাকি গৈছিল । সেই অঞ্চলবােৰ হ’ল পণ্ডিচেৰী , কাৰীকল , আনাম , মাহে , চন্দন নগৰ , দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ । সেয়ে এই অঞ্চল সমূহ নিজৰ দখললৈ অনাৰ কাৰণে স্বাধীন চৰকাৰে এক অভিযান আৰম্ভ কৰে । ইয়াকে ‘ বিজয় অভিযান ’ নামে জনা যায় । এই অভিযানৰ অন্তত ১৯৬৪ চনৰ ভিতৰত ফ্ৰান্সৰ অধীনত থকা ঠাইবােৰ ভাৰতৰ লগত চামিল কৰণ কৰা হয় । ঠিক তেনেদৰে ১৯৬১ চনৰ ভিতৰত পর্তুগীজ সকলৰ নিয়ন্ত্রণাধীন অঞ্চলসমুহে স্বাধীন ভাৰতৰ লগত চামিল কৰণ কৰা হয় ।
প্রশ্ন ২১। কেনেকৈ জম্মু আৰু কাশ্মীৰ ভাৰতৰ অংগ ৰাজ্যত পৰিণত হৈছিল সেই বিষয়ে চমুকৈ আলােচনা কৰা ।
উত্তৰঃ জম্মু আৰু কাশ্মীৰ আছিল এখন বৃহৎ ৰাজ্য । মহাৰাজা হৰি শিং আছিল ইয়াৰ শাসনকর্তা । কিন্তু ইয়াৰ সৰহসংখ্যক লােক আছিল ইছলামধম্বাৱলম্বী । স্বাধীনতাৰ আগতে লর্ড মাউন্ট বেটেনে মহাৰাজা হৰি সিঙক ভাৰত বা পাকিস্তানৰ লগত যােগদান কৰাৰ কাৰণে পৰামৰ্শ আগবঢ়াইছিল । কিন্তু হৰিসিঙে তেনে পৰামর্শ গ্রহণ নকৰিলে ।
কিন্তু স্বাধীন হােৱাৰ পিছতে পাকিস্তানে জম্মু আৰু কাশ্মীৰখন দখল কৰাৰ কাৰণে সৈন্য বাহিনী প্ৰেৰণ কৰে । এনে অৱস্থাত মহাৰাজ হৰি শিঙে ২৬ অক্টোবৰ তাৰিখে ( ১৯৪৭ ) ভাৰতৰ লগত যােগদান কৰে । ভাৰতৰ স্বাধীনতা আন্দোলনত বৰঙণি আগবঢ়োৱা নেচনেল কনফাৰেন্স দলৰ নেতা শেখ আব্দুল্লাইও ইয়াৰ প্রতি সমর্থন জনায় । ইফালে কাশ্মীৰক পাকিস্তান আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতে এক সামৰিক বাহিনী প্রেৰণ কৰে । সেই বাহিনীয়ে শত্রুপক্ষক খেদি পঠাবলৈ সক্ষম হয় যদিও এটা অংশ তেওঁলােকৰ দখলতে থাকি যায় ।
প্রশ্ন ২২। দেশীয় ৰাজ্য সমূহ একত্রিত কৰাৰ ক্ষেত্ৰত গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ ভূমিকা সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ চৰ্দাৰ বল্লভ ভাই পেটেল “ লৌহ মানৱ ” বা অতি কঠোৰ নেতা হিচাপে স্বীকৃতি লাভ কৰিছিল । কাৰণ অতি কঠোৰ দৃষ্টিভংগীৰে তেওঁ দেশীয় ৰজাৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰিছিল । এই উদ্দেশ্যে তেওঁ “ দেশীয় ৰাজ্য বিভাগ ” নামে এটি নতুন বিভাগ সৃষ্টি কৰে । আৰু দেশীয় ৰজা সকলক নতুন ভাৰতৰ লগত যােগদান কৰি এখন একত্রিত ভাৰত গঢ়ি তােলাৰ কাৰণে আমন্ত্রণ জনায় । তেওঁৰ একক প্রচেষ্টাতে ১৯৪৭ চনৰ পৰা ১৯৬১ চনৰ ভিতৰত সকলাে দেশীয় ৰাজ্যকে একত্রিত কৰি ভাৰতৰ ঐক্য সাধন কৰিবলৈ সক্ষম হৈছিল ।
প্রশ্ন ২৩। ভাৰতৰ অস্পৃশ্যতা নিমূলৰ বাবে সংবিধান সভাই অনুমােদন জনােৱা দুটা ব্যৱস্থা উল্লেখ কৰা ।
উত্তৰঃ ( ক ) অস্পৃশ্যতা দূৰীকৰণৰ বাবে আইন সংস্কাৰৰ বাবে ব্যৱস্থা বখা হৈছিল ।
( খ ) সমাজৰ পৰা অস্পৃশ্যতা দূৰীকৰণৰ বাবে সকলাে সম্প্রদায়ক সংবিধানে সমান অধিকাৰ প্রদান কৰিছিল ।
প্রশ্ন ২৪। ভাৰতীয় সংবিধানৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ ভাৰতায় সংবিধানৰ দুটা বৈশিষ্ট্য হল—
( ক ) লিখিত সংবিধান । আৰু
( খ ) মৌলিক অধিকাৰ ।
ৰচনাধর্মী প্রশ্নোত্তৰ
প্রশ্ন ১। প্রস্তাৱনাৰ সাংবিধানিক তাৎপর্য সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ প্ৰস্তাৱনাৰ সাংবিধানিক তাৎপর্যবােৰ হ’ল—
( ক ) প্রস্তাৱনাৰ জৰিয়তে সংবিধানখনে অনুসৰণ কৰা আদর্শবােৰৰ বিষয়ে জানিব পাৰি ।
( খ ) ভাৰতীয় সংবিধানখনৰ প্ৰস্তাৱনাৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত হৈ বিখ্যাত দার্শনিক পণ্ডিত আর্নেষ্ট বার্কাৰে তেওঁৰ সামাজিক আৰু ৰাজনৈতিক তত্ত্বৰ ওপৰত প্রকাশিত গ্রন্থখনিৰ আৰম্ভণিত এই প্রস্তাৱনাৰ উল্লেখ কৰিছে আৰু ইয়াক তেওঁৰ গ্ৰন্থৰ মূল সূত্র বুলি স্বীকৃতি প্রদান কৰিছে ।
( গ ) সংবিধানখনৰ কোনাে আদৰ্শৰ শব্দ , বাক্য আদিৰ অৰ্থ স্পষ্ট নহলে প্রকৃত অর্থ উলিয়াবলৈ প্রস্তাৱনাৰ ব্যাখ্যাৰ প্রয়ােজন । প্রস্তাৱনাৰ শুদ্ধ ব্যাখ্যাৰ জৰিয়তে সেই অংশৰ অৰ্থ উলিয়াবলৈ প্রস্তাৱনাৰ ব্যাখ্যাৰ প্রয়ােজন ।
( ঘ ) প্ৰস্তাৱনাৰ “ আমি ভাৰতীয় জনসাধাৰণ ” বােলা কথাষাৰ অতি গুৰুত্বপূর্ণ । কিয়নাে সার্বভৌম ক্ষমতাৰ অধিকাৰী হৈ আমি আমাৰ আশা – আকাংক্ষাবােৰ বাস্তৱত ৰূপ দিবলৈ নিজে সংবিধান সভাৰ জৰিয়তে এখন সংবিধান ৰচনা কৰি নিজকে প্রদান কৰিছাে । প্রস্তাৱনাত উল্লেখ থকা সাম্য , মৈত্রী আৰু ভাতৃত্বৰ জৰিয়তে দেশৰ ঐক্য আৰু অখণ্ডতাৰ কথা কোৱা হৈছে ।
( ঙ ) প্ৰস্তাৱনাত চৰকাৰ এখনে নির্দিষ্টভাৱে মানিব লগীয়া কিছুমান নীতি – নির্দেশনা জাৰি কৰিছে । ইয়াৰ জৰিয়তে চৰকাৰ এখনে শুদ্ধ পথেৰে নিজৰ কামকাজ চলাই নিয়াত সহায় কৰিছে ।
প্রশ্ন ২। ভাৰতবর্ষ এখন গণতান্ত্রিক ৰাষ্ট্র এই উক্তিৰ সত্যতা প্রমাণ কৰা ।
উত্তৰঃ ভাৰতবর্য এখন গণতান্ত্রিক ৰাষ্ট্ৰ বুলি কোৱা হয় । কাৰণ—
( ক ) গণতন্ত্র শব্দটো ইংৰাজী “ Democracy ” শব্দৰ অনুদিত অসমীয়া ৰূপ ৷ আনহাতে Democracy শব্দটো গ্রীক ভাষাৰ “ ডেমচ আৰু “ ক্রেটচ ” শব্দৰ পৰা আহিছে । ডেমচ মানে হ’ল জনসাধাৰণ , আনহাতে ক্রেটচ ” মানে হ’ল ক্ষমতা । গতিকে গণতন্ত্র মানে হ’ল জনসাধাৰণৰ ক্ষমতা । যিটো বর্তমান ভাৰতবৰ্ষত প্রযােজ্য হৈ আহিছে ।
( খ ) ভাৰতবর্ষ এখন গণতান্ত্রিক দেশ । সেয়ে যােগ্যতাৰ ভিত্তিত সকলােলােকে নির্বাচনত অংশ গ্রহণ কৰিব পাৰে ।
( গ ) ভাৰতীয় সংবিধানে প্ৰদান কৰা মৌলিক অধিকাৰবােৰ জনসাধাৰণে ভােগ কৰি আহিছে ।
( ঘ ) আইনৰ শাসন হ’ল ভাৰতবৰ্ষৰ গণতন্ত্রৰ এক প্ৰধান দিশ ।
( ঙ ) ভাৰতবর্য এখন গণতান্ত্রিক দেশ হিচাপে জনসাধাৰণে প্রত্যক্ষ আৰু পৰােক্ষ ভাবে নির্বাচনত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে ।
( চ ) গণতান্ত্রিক চৰকাৰৰ ক্ষমতা জনসাধাৰণৰ হাতত থাকে । এই চৰকাৰত জনসাধাৰণে নিজেই নিজক শাসন কৰে ।
( ছ ) জনসাধাৰণৰ মতা চৰকাৰৰ দ্বাৰাহে কার্যকৰী কৰা হয় । গতিকে গণতন্ত্রই জনসাধাৰণৰ চৰকাৰকহে বুজায় ।
প্রশ্ন ৩। সংসদীয় পদ্ধতিৰ চৰকাৰ বুলিলে কি বুজা ?
উত্তৰঃ স্বাধীন ভাৰতবৰ্ষই সংসদীয় পদ্ধতিৰ শাসন ব্যৱস্থা গ্ৰহণ কৰি আহিছে । এই অনুসৰি লােকসভা আৰু ৰাজ্যসভাক লৈ সংসদ গঠন হৈছে, লােকসভা হ’ল নিম্ন সদন ।
আনহাতে ৰাজ্যসভা হ’ল উচ্চ সদন । লােকসভালৈ জনসাধাৰণ প্রত্যক্ষ ভােটৰ জৰিয়তে প্রতিনিধি প্ৰেৰণ কৰে । পিছত সংখ্যাগৰিষ্ঠ দলে চৰকাৰ গঠন কৰে । ৰাষ্ট্রপতি হ’ল দেশৰ মুৰব্বী প্রধান । আনহাতে প্রধান মন্ত্রীজন হ’ল চৰকাৰৰ মুৰব্বী । প্রধানমন্ত্রী আৰু তেওঁৰ মন্ত্রী সকলে ৰাষ্ট্ৰপতিৰ হৈ কার্যনির্বাহ কৰে । সংখ্যাগৰিষ্ঠ দলটোৰ ওপৰত চৰকাৰ বা প্রধানমন্ত্রী কার্যকাল নিৰ্ভৰ কৰে ।
প্রশ্ন ৪। ধর্ম নিৰপেক্ষ বুলিলে কি বুজা ? ভাৰতবর্ষ এখন ধর্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি ভাবানে ?
উত্তৰঃ ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন ধর্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি প্রদান কৰিছে । ধর্ম নিৰপেক্ষতাবাদৰ ভেটি সুদৃঢ় কৰাৰ কাৰণেই ভাৰতীয় সংবিধানে কোনাে ধর্মকে ৰাষ্ট্রীয় মর্যাদা প্রদান কৰাৰ পৰা বিৰত আছে । ইয়াৰ ফলত ভাৰতৰ সামাজিক জীৱনৰ প্ৰগতিৰ ধাৰাত ধর্মই , কোনাে বাধাৰ সৃষ্টি কৰিব পৰা নাই । সকলাে ধৰ্মৰ লোকে নিজ ধর্ম পালনত কোনাে বাধা নাই । আনহাতে পৰম্পৰে পৰম্পৰৰ ধৰ্মৰ ওপৰত হাত দিয়াৰাে কোনাে অধিকাৰ নাই । এই ফালৰ পৰা ভাৰতবৰ্ষক এখন ধর্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয় ।
প্রশ্ন ৫ কল্যাণকামী ৰাষ্ট্রৰ ওপৰত চমুকৈ লিখা ।
উত্তৰঃ কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাতাে বিংশ শতিকাৰ এটা অতি জনপ্রিয় ৰাজনৈতিক ধাৰণা । “ কল্যাণকামী ” শব্দটোৱে এনে ধাৰণা দিয়ে যে সমাজৰ দুর্বল শ্রেণীটোৱে জীৱন ধাৰণৰ বাবে সামগ্ৰী আৰু আন আহিলাবােৰ পােৱাৰ ব্যৱস্থা ৰাষ্ট্ৰই নিজেই কৰিব লাগে । চিন্তাবিদ কোলৰ মতে কল্যাণকামী ৰাষ্ট্র এনে এখন সমাজ য’ত প্রত্যেক নাগৰিকে জীৱন – নির্বাহৰ নিম্নতম এটা মান উপভােগ কৰাৰ বাবে আৱশ্যকীয় সুযােগ – সুবিধা খিনি প্ৰদান কৰা হয় ।
ভাৰতবৰ্ষ এখন কল্যাণকামী ৰাষ্ট্র হিচাপে প্রত্যেক ব্যক্তিৰ নূনতম সা – সুবিধাখিনি প্রদান কৰিব বিচাৰে । বর্তমান বিশ্বৰ প্ৰায়বােৰ ৰাষ্ট্রতে কল্যাণকামী ৰাষ্ট্ৰৰ কার্যাৱলীৰ গুৰুত্ব আৰু প্রাধান্য বৃদ্ধি পাই আহিছে ।
প্রশ্ন ৬। যুক্তৰাজ্যবাদ বুলিলে কি বুজা ? অথবা , ভাৰতবর্ষ এখন ৰাজ্যসমুহৰ সংঘ ” — বহলাই আলােচনা কৰা ।
উত্তৰঃ ভাৰতীয় সংবিধানৰ ১ নং অনুচ্ছেদত ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ ’ বুলি আখ্যা দিয়া হৈছে । সংবিধানৰ কোনাে ঠাইতে ভাৰত এখন যুক্তৰাষ্ট্ৰ ‘ বুলি উল্লেখ কৰা নাই । তথাপিও গাঁথনিৰ ফালৰ পৰা ভাৰতবর্ষ এখন যুক্তৰাষ্ট্র ।ইয়াৰ বিধি – ব্যৱস্থাসমূহত যুক্ত ৰাজ্যৰ লক্ষণ সমূহ দেখা বাবেই যুক্তৰাজ্যৰ সমপর্যায়ৰ বুলি কব পাৰি । যুক্তৰাষ্ট্ৰীয় শাসনৰ বেছিভাগ বৈশিষ্ট্য যেনে এখন লিখিত সংবিধান , কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন , স্বাধীন ন্যায়পলিকা আদি ইয়াত বিৰাজমান , বর্তমান ভাৰতবর্য ২৮ খন ৰাজ্য আৰু সাতখন কেন্দ্রীয় শাসিত অঞ্চলক লৈ গঠিত ।
প্রশ্ন ৮। সার্বভৌম গণতান্ত্রিক গণৰাজ্য বুলিলে কি ।
উত্তৰঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ভাৰতবৰ্ষক এখন সার্বভৌম গণতান্ত্রিক গণৰাজ্য হিচাপে ঘােষণা কৰিছে । এই তিনিটা শব্দৰ সুকীয়া অর্থ পােৱা যায় । সেই অনুসৰি –
সার্বভৌম :- সংবিধানৰ প্ৰস্তাৱনাত ভাৰতবৰ্ষক এখন সার্বভৌম ৰাষ্ট্ৰ বুলি ঘােষণা কৰা হৈছে । সার্বভৌম হ’ল অন্য কোনাে বিদেশী শক্তিৰ আজ্ঞা বা আদেশ পালন নকৰাকৈ ভাৰতবৰ্ষই নিজৰ আভ্যন্তৰীণ আৰু বৈদিশীক নীতি অনুসৰণ কৰিব পাৰিব । যিকোনাে আন্তঃৰাষ্ট্রীয় সংস্থাৰ সদস্য পদে ভাৰতৰ সার্বভৌমত্বক ম্লান কৰিব নােৱাৰে । গণতান্ত্রিক প্রস্তাৱনাত ভাৰতবৰ্ষক এখন গণতান্ত্রিক ৰাষ্ট্ৰ বুলি কোৱা হৈছে । ইয়াৰ দ্বাৰা জনসাধাৰণে ৰাজনৈতিক আৰু সামাজিক অধিকাৰ লাভ কৰিছে । চৰকাৰ নিৰ্বাচনৰ ক্ষেত্ৰত জনসাধাৰণে যােগ্যতাৰ ভিত্তিত প্রত্যক্ষভাৱে অংশগ্রহণৰ সুবিধা লাভ কৰিছে । প্রাপ্তবয়স্ক ভােটাৰ সকলে ভােট প্রদানৰ সুবিধা লাভ কৰিছে । গণতন্ত্রৰ দ্বাৰা ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে স্বীকৃতি প্রদান কৰিছে ।
গণৰাজ্য :- প্রস্তাৱনাত গণৰাজ্য শব্দটিৰ দ্বাৰা ভাৰতবৰ্ষত গণতান্ত্রিক পদ্ধতিক আৰু অধিক শক্তিশালী কৰিব বিচৰা হৈছে । ভাৰতীয় সংবিধানৰ অধীনস্থ সকলাে ক্ষমতাৰ উৎস হৈছে ভাৰতীয় জনসাধাৰণ । শাসন ব্যৱস্থাত বংশানুক্রমিক অধিকাৰ ৰদ কৰা হৈছে । কাৰণ প্রত্যক্ষভাবে চৰকাৰ গঠন কৰা আৰু পৰােক্ষভাৱে ৰাষ্ট্ৰৰ মুৰব্বী ৰাষ্ট্রপতি নির্বাচন কৰাৰ অধিকাৰ জনসাধাৰণে লাভ কৰিছে । চমুকৈ ক’বলৈ হ’লে গণৰাজ্য মানে হ’ল জনগণৰ দেশ । কোনাে ব্যক্তি বিশেষ দেশ বা চৰকাৰ নহয় ।
প্রশ্ন ৯। ভাৰতীয় সংবিধান গঠন হােৱাৰ ঐতিহাসিক পটভূমিৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ ১৯৪৬ চনৰ ১৫ মে তাৰিখে প্রস্তাবিত কেবিনেট মিছনৰ আঁচনিৰ ভিত্তিত ভাৰতৰ সংবিধানখন ৰচনাৰ কাম হাতত লােৱা হয় । সেই অনুসৰি ১৯৪৬ চনৰ ৯ ডিচেম্বৰ তাৰিখে সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় । পাকিস্তান গঠনৰ দাবীত লাগি থকাৰ কাৰণে মুছলিম লীগৰ সদস্য সকলে এই কামত জড়িত হােৱাৰ পৰা আঁতৰত থাকে । তথাপিও ড° ৰাজেন্দ্র প্রসাদৰ সভাপতিত্বত সংবিধান সভাই ভাৰতৰ কাৰণে এখন সংবিধান ৰচনাৰ কামত অগ্ৰসৰ হয় ।
সংবিধানখন চালি জাৰি চোৱাৰ কাৰণে তেৰখন সমিতি গঠন কৰা হয় । সেই কমিটি সমূহৰ প্রতিবেদনৰ ভিত্তিত ড° বেনীগেল নৰসিংহৰাও নামে এজন সাংবিধানিক উপদেষ্টাই এখন প্রাথমিক খচৰা তৈয়াৰ কৰে । তাক চূড়ান্তৰূপ দিয়াৰ কাৰণে ড° ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত ১৯৪৭ চনৰ ২৯ আগষ্টত এখন বিশেষজ্ঞ সমিতি গঠন কৰা হয় । সেই সমিতিয়ে প্রস্তুত কৰা চূড়ান্ত খচৰাখন পুংখানুপুংখভাৱে বিবেচনা কৰি ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে সংবিধান সভাই ইয়াক গ্ৰহণ কৰে ।
খচৰা সংবিধানৰ চূড়ান্তৰূপ দিয়াৰ কাৰণে ড° আম্বেদকাৰক ভাৰতীয় সংবিধান প্রণেতা বুলি কোৱা হয় । এই সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা বলবৎ কৰি ভাৰতবৰ্ষক এখন “ সার্বভৌম গণতান্ত্রিক প্রজাতন্ত্র ” হিচাপে ঘােষণা কৰা হয় । তেতিয়াৰে পৰা ২৬ জানুৱাৰী দিনটো গণতন্ত্র বা প্রজাতন্ত্র দিৱস হিচাপে পালন কৰি অহা হৈছে । এনেদৰে ভাৰতীয় সংবিধানখনৰ জন্ম হৈছিল ।
প্রশ্ন ১০। ভাৰতীয় যুক্তৰাজ্যবাদৰ বৈশিষ্ট্যবােৰ আলােচনা কৰা ।
উত্তৰঃ ভাৰতীয় যুক্তৰাজ্যবাদৰ প্রধান বৈশিষ্ট্যবােৰ তলত উল্লেখ কৰা ধৰণে আলােচনা কৰিব পাৰি । যেনে—
( ক ) লিখিত সংবিধান :- ভাৰতবৰ্ষৰ সংবিধানখন হ’ল এখন লিখিত দীঘলীয়া সংবিধান । আইনগতভাৱে সংগঠিত এক সংবিধান সভাই ইয়াক ৰচনা কৰিছে আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ইয়াক বলবৎ কৰা হৈছে ।
( খ ) দুই ধৰণৰ চৰকাৰ :- ভাৰতবৰ্ষত দুই ধৰণৰ চৰকাৰ দেখা যায় । কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ । উভয় চৰকাৰে সাংবিধানিকভাৱে ক্ষমতা লাভ কৰিছে ।
( গ ) ক্ষমতাৰ বিভাজন :- যুক্তৰাষ্ট্ৰত আন এটা বৈশিষ্ট্য হ’ল ক্ষমতাৰ বিভাজন । অর্থাৎ সকলাে ক্ষমতা কেন্দ্রীয় চৰকাৰতে আবদ্ধ হৈ থকা নাই । ওপৰৰ পৰা নিম্ন পর্যায়লৈ ক্ষমতাৰ বিকেন্দ্রীকৰণ কৰা হৈছে ।
( ঘ ) স্বাধীন ন্যায় পালিকা :- ভাৰত যুক্তৰাষ্ট্ৰত এখন স্বাধীন ন্যায়পালিকা প্রতিষ্ঠা কৰা হৈছে । এই ন্যায়ালয়ে চৰকাৰ সমূহৰ মাজত হােৱা বিবাদ মীমাংসা কৰিব পাৰে । এই ন্যায়ালয়ে জনসাধাৰণৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণ দিয়ে আৰু সংবিধানৰ অভিভাৱক হিচাপে কার্যনির্বাহ কৰে ।
( ঙ ) দ্বি-সদনযুক্ত বিধানমণ্ডল :- যুক্তৰাষ্ট্রৰ আন এটা বৈশিষ্ট্য হ’ল দ্বি – সদনযুক্ত বিধানমণ্ডল । এই বিধানমণ্ডল দুটা হ’ল ৰাজ্যসভা আৰু লােক সভা । লােকসভা হ’ল নিম্ন সদন । আনহাতে উচ্চ সদন হ’ল ৰাজ্যসভা ।
( চ ) সংবিধানৰ সর্বোচ্চতা :- যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত সংবিধানৰ প্রাধান্যতা প্রতিষ্ঠিত হয় । ই যুক্তৰাষ্ট্রৰ এক অন্যতম বৈশিষ্ট্য ।
প্রশ্ন ১১। ভাৰতীয় সংবিধানখনৰ প্রধান বৈশিষ্ট্যবোৰ আলােচনা কৰা ।
উত্তৰঃ ভাৰতৰ সংবিধানৰ বৈশিষ্ট্যবােৰ তলত উল্লেখ কৰা ধৰণে আলােচনা কৰিব পাৰো । যেনে—
( ক ) লিখিত সংবিধান :- ভাৰতীয় সংবিধানখনৰ প্রধান বৈশিষ্ট্য হ’ল এয়ে যে – ই এখন লিখিত সংবিধান । প্রায় তিনি বছৰ কঠোৰ পৰিশ্ৰম কৰি সংবিধান প্রণেতাসকলে ইয়াক লিখিতৰূপত প্রকাশ কৰে ।
( খ ) সংবিধানৰ বিশালতা :- পৃথিৱীৰ ভিতৰতে ভাৰতবৰ্ষ হ’ল এখন বৃহত্তম গণতান্ত্রিক দেশ । সেই হিচাপে ইয়াৰ সংবিধানখনাে এখন বৃহৎ আকাৰৰ । সংবিধানখন ২২ টা অধ্যায়ত বিভক্ত , ইয়াত ৩৯৫ টা অনুচ্ছেদ আৰু ১০ খন অনুসূচী আছে ।
( গ ) সংবিধানৰ প্ৰস্তাৱনা :- ভাৰতীয় সংবিধানৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল ইয়াৰ প্ৰস্তাৱনা । প্রস্তাৱনাত সংবিধানৰ মূলক উদ্দেশ্য আৰু আদৰ্শৰ কথা কোৱা হৈছে । সংবিধান উদ্দেশ্য হিচাপে সকলাে নাগৰিককে সামাজিক , অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্রদান , চিন্তা, মত প্রকাশ , ধর্ম বিশ্বাস আদিৰ স্বাধীনতা , সকলাে ক্ষেত্রতে সমতা আৰু ভাতৃত্ববােধৰ জৰিয়তে দেশৰ ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰাৰ কথা কোৱা হৈছে ।
( ঘ ) সংসদীয় গণতন্ত্র :- ভাৰতীয় প্রশাসনীয় ব্যৱস্থা গণতন্ত্রৰ ওপৰত প্রতিষ্ঠিত । প্রত্যক্ষ আৰু পৰােক্ষ নির্বাচনৰ জৰিয়তে চৰকাৰ আৰু দেশৰ মুৰব্বী তথা দেশ শাসনৰ মুৰব্বী হলেও প্রকৃতপক্ষে প্রধানমন্ত্রী আৰু তেওঁৰ মন্ত্রী পৰিষদেহে দেশৰ সকলাে কার্য সম্পাদন কৰে । প্রত্যেক পাঁচ বছৰ মূৰে মূৰে লােকসভা আৰু ৰাজ্যিক বিধানসভা গঠনৰ ব্যৱস্থা কৰে ।
( ঙ ) যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা :- সংবিধানে ভাৰতক এখন ৰাজ্যসংঘ বুলি অভিহিত কৰিছে । অর্থাৎ কিছুমান ৰাজ্যক লৈ ভাৰতবর্ষ এখন যুক্তৰাষ্ট্ৰত পৰিণত হৈছে । শাসন ব্যৱস্থাৰ দিশসমূহ কেন্দ্র আৰু ৰাজ্যসমূহৰ দ্বাৰা পৰিচালিত হয় । কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত সম্পর্ক থাকে । সেয়ে শাসন ব্যৱস্থাৰ ক্ষেত্ৰত সমতাৰ বিভাজন লক্ষ্য কৰা যায় । কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত মতানৈক্য ঘটিলে তাৰ মীমাংসাৰ কাৰণে উচ্চতম ন্যায়ালয় প্রতিষ্ঠা কৰা হৈছে ।
( চ ) মৌলিক অধিকাৰ :- ভাৰতীয় সংবিধানে ভাৰতীয় জনসাধাৰণক ছয় বিধ মৌলিক অধিকাৰ প্ৰধান কৰিছে । সেইবােৰ হ’ল—
( ক ) সমতাৰ অধিকাৰ ।
( খ ) স্বাধীনতাৰ অধিকাৰ ।
( গ ) শােষণৰ বিৰুদ্ধে অধিকাৰ ।
( ঘ ) ধর্মীয় অধিকাৰ ।
( ঙ ) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ । আৰু
( চ ) সাংবিধানিক প্রতিকাৰৰ অধিকাৰ ।
( ছ ) মৌলিক কর্তব্য :- মৌলিক অধিকাৰৰ লগতে ভাৰতীয় সংবিধানে ভাৰতীয় লােকসকলক কিছুমান মৌলিক কর্তব্যৰ কথা সন্নিৱিষ্ট কৰা হৈছে । ইয়াত প্রায় দহ বিধ মৌলিক কর্তব্যৰ কথা কোৱা হৈছে । অৱশ্যে এনে মৌলিক কর্তব্যবােৰ মৌলিক অধিকাৰৰ নিচিনা ন্যায় বিচাৰযােগ্য নহয় । দেশ আৰু জনসাধাৰণৰ স্বাৰ্থৰ কাৰণে সেইবােৰ পালন কৰাৰ কাৰণে আহ্বান জনােৱা হৈছে ।
( জ ) সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ :- ১৮ বছৰৰ ওপৰৰ সকলাে লােককে ভাৰতীয় সংবিধানে ভােটাধিকাৰ প্ৰদান কৰিছে । এনে ব্যক্তিসকলে নিজৰ বিবেক অনুসৰি দেশ শাসনৰ কাৰণে নেতা নির্বাচন কৰিব পাৰে । এনে ব্যৱস্থাৰ জৰিয়তে গণতন্ত্রৰ ভেটি অধিক সুদৃঢ় কৰাত সহায় কৰিছে ।
( ঝ ) ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতা :- ভাৰতীয় সংবিধানে ৰাষ্ট্রপতিক দেশৰ মুৰব্বী হিচাপে ক্ষমতা প্রদান কৰিছে । সেই ফালৰ পৰা তেওঁক কিছুমান বিশেষ জৰুৰীকালীন ক্ষমতা প্রদান কৰা হৈছে । দেশখনৰ অস্থিৰ অৱস্থা , বৈদেশিক আক্রমণ , দেশৰ বিকল অর্থনৈতিক অৱস্থা আদিৰ ক্ষেত্ৰতে ৰাষ্ট্রপতিয়ে দেশত জৰুৰীকালীন ক্ষমতা প্রয়ােগ কৰিব পাৰে ৷
( ঞ ) স্বাধীন ন্যায়পালিকা :- স্বাধীন ন্যায়পালিকা ভাৰতীয় সংবিধানৰ আন এক উল্লেখযােগ্য বিশেষত্ব । ন্যায়পালিকা হৈছে সংবিধানৰ ৰক্ষক আৰু ই কাৰ্যপালিকা আৰু বিধান মণ্ডলৰ প্রভাৱৰ পৰা মুক্ত সংবিধানে সমগ্ৰ ভাৰতৰ কাৰণে এখন উচ্চতম ন্যায়ালয় আৰু প্রত্যেক ৰাজ্যতে একোখনকৈ উচ্চ ন্যায়ালয় স্থাপন কৰাৰ ব্যৱস্থা কৰিছে ।
প্রশ্ন ১২। পৃথক নির্বাচন ব্যৱস্থাৰ বিপক্ষে সংবিধান সভাৰ বিতৰ্কত কিছুমান আদর্শই কি কি যুক্তি দাঙি ধৰিছিল আলােচনা কৰা ।
উত্তৰঃ পৃথক নির্বাচন ব্যৱস্থাৰ বিপক্ষে সংবিধান সভাৰ বিৰ্কত অংশগ্রহণ বা ব্যক্তিসকলৰ ভিতৰত গােৱিন্দ বল্লভ পন্ট আছিল এজন অতি উল্লেখযােগ্য ব্যক্তি । তেওঁ পৃথক নির্বাচন ব্যৱস্থা সংখ্যালঘু সকলৰ কাৰণে আত্মঘাতী কার্য হ’ব বুলি মত পােষণ কৰিছিল । তেওঁৰ মতে এনে ব্যৱস্থাই সংখ্যালঘু সকলক সাংঘাতিক অনিষ্ট কৰিব । কাৰণ তেওঁলােক যদি চিৰকালৰ বাবে অকলশৰীয়া হৈ পৰে , তেতিয়াহ’লে তেওঁলােক কেতিয়াও সংখ্যাগৰিষ্ঠ হ’ব নােৱাৰিব । আনকি হতাশাৰ অনুভৱে তেওঁলােকক আৰম্ভণিৰ পৰা পঙ্গু কৰিব বুলি তেওঁ অনুভৱ কৰিছিল । তেওঁ সংখ্যালঘুসকল সদায় সংখ্যালঘু হৈ থকাৰ কথা চিন্তা কৰা নাছিল ।
ঠিক তেনেকৈয়ে চৰ্দাৰ বল্লভ ভাই পেটেলেও পৃথক নির্বাচন ব্যৱস্থাক সমর্থন কৰা নাছিল । তেওঁ মত পােষণ কৰি কৈছিল যে তােমালোকে মােক এনে এখন স্বাধীন দেশ দেখুৱাব পাৰিবানে য’ত পৃথক নির্বাচন আছে ? যদি আছে মই মানিবলৈ সাজু আছোঁ । কিন্তু যদি এইখন দুৰ্ভগীয়া দেশত পৃথক নির্বাচনী ব্যৱস্থা তিষ্ঠি থাকিবই লগা হয় , তেতিয়াহ’লে ইয়াত বাস কৰাৰ অনুপযােগী হৈ পৰিব । ব্রিটিছসকল গ’ল, কিন্তু তেওঁলােকে আমাক ক্ষতি সাধন কৰি থৈ গ’ল ।
প্রশ্ন ১৩। সংবিধান সভাৰ সদস্যসকলে এখন শক্তিশালী কেন্দ্রীয় চৰকাৰৰ সপক্ষে কি কি যুক্তি দাঙি ধৰিছিল ?
উত্তৰঃ সংবিধান সভাত কেন্দ্রীয় চৰকাৰ শক্তিশালী কৰাৰ বাবেও কিছুমান নেতাই মত পােষণ কৰিছিল ।
জৱাহৰলাল নেহৰুৱে দেশৰ অখণ্ডতা আৰু নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে কেন্দ্রীয় চৰকাৰৰ হাতত অধিক সমতাৰ পােষকতা কৰিছিল । তেওঁৰ মতে দুর্বল কেন্দ্রীয় চৰকাৰ এখনে ৰাষ্ট্ৰৰ শান্তি নিশ্চিত কৰিব নােৱাৰে । বিভিন্ন প্রান্তৰ উমৈহতীয়া বিষয়বােৰৰ সমন্বয় ৰক্ষা কৰাটো কঠিন হ’ব ৷ ইয়াৰ উপৰি আন্তর্জাতিক ক্ষেত্ৰতাে সমগ্র দেশখনৰ স্বার্থ সুৰক্ষিত কৰাতাে অসুবিধা আহি পৰিব ।
ড° ভীমৰাও আম্বেদকাৰেও কেন্দ্রীয় চৰকাৰ শক্তিশালী হােৱাৰ ওপৰত গুৰুত্ব আৰােপ কৰিছিল । তেওঁৰ মতে দেশৰ চুকে – কোণে সঘনাই ঘটি থকা বিদ্রোহ , আন্দোলন অথবা হিংসাত্মক ঘটনাবােৰৰ কথা মনত ৰখা উচিত । এনেবােৰ ঘটনাই দেশখনক ইতিমধ্যে বহুদূৰ পিছুৱাই নিছে । সাম্প্রদায়িক শক্তিক বাধা দিয়াৰ ক্ষেত্ৰতাে কেন্দ্রীয় চৰকাৰ শক্তিশালী হােৱাৰ ওপৰত তেওঁ জোৰ দিছিল ।
গােপালস্বামী আয়েঙ্গাৰেও কেন্দ্রীয় চৰকাৰ শক্তিশালী হােৱাৰ ওপৰত গুৰুত্ব আৰােপ কৰিছিল । তেওঁ নিজৰ মত পােষণ কৰি কৈছিল যে যিমান সম্ভৱ সিমান ক্ষমতা কেন্দ্রীয় চৰকাৰক দিব লাগে । ইউনাইটেড প্রভিন্সৰ বালকৃষ্ণ শর্মাই কৈছিল যে এক শক্তিশালী কেন্দ্রইহে দেশখনৰ সামূহিক স্বার্থ ৰক্ষা কৰিব পাৰে । আসন আৰু সম্পদ সঠিকভাৱে পৰিচালনা কৰিব পাৰে ।
প্রশ্ন ১৪। ৰাষ্ট্ৰীয় ভাষা সম্পর্কে মহাত্মা গান্ধীৰ দৃষ্টিভংগী কেনে ধৰণৰ আছিল ?
উত্তৰঃ গান্ধীজীয়ে হিন্দুস্তানী ভাষাক ৰাষ্ট্ৰীয় ভাষা হােৱাটো কামনা কৰিছিল । কাৰণ সকলােৰে গ্রহণযােগ্য ভাষা হিচাপে কংগ্ৰেছে ১৯৩০ ৰ দশকৰ পৰাই হিন্দুস্তানী ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে গ্ৰহণ কৰি আহিছিল । আনহাতে হিন্দুস্তানী হিন্দী আৰু উর্দুৰ সংমিশ্ৰিত এটি ভাষা । ভাৰতৰ অধিকাংশ লােকে এই ভাষাটো ব্যৱহাৰ কৰিছিল । গান্ধীজীৰ মতে হিন্দুস্তানী ভাষা বহু সাংস্কৃতিক ভাষা হিচাপে আৰু ভাব প্রকাশৰ মাধ্যম হিচাপে ভাৰতীয়সকলৰ গ্রহণযােগ্য ভাষা হ’ব পাৰে ।
ইউনাইটেড প্রদেশৰ কংগ্ৰেছী সদস্য আৰ ভি , ধূলাকাৰে সংবিধান সভাত হিন্দী ব্যৱহাৰ হােৱাটো বিচাৰিছিল । আন আন কিছুমান সদস্যইও হিন্দী ভাষাক ৰাষ্ট্ৰীয় ভাষা কৰাৰ কাৰণে বা ইয়াৰ সপক্ষে মত প্রকাশ কৰিছিল । অৱশ্যে আন কিছুমানে ইয়াৰ বিৰােধিতাও কৰিছিল ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


