Class 12 History Chapter 15 ভাৰত বিভাজন আৰু ৰাজনীতি

Class 12 History Chapter 15 ভাৰত বিভাজন আৰু ৰাজনীতি The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 15 ভাৰত বিভাজন আৰু ৰাজনীতি and select needs one.

Class 12 History Chapter 15 ভাৰত বিভাজন আৰু ৰাজনীতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 15 ভাৰত বিভাজন আৰু ৰাজনীতি Solutions for All Subject, You can practice these here…

ভাৰত বিভাজন আৰু ৰাজনীতি

পাঠ: ১৫

তৃতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। কোন চনত হিন্দু মহাসভা গঠন হৈছিল ? 

উত্তৰঃ ১৯১৫ চনত হিন্দু মহাসভা গঠন হৈছিল । 

প্রশ্ন ২। কোন চনত কেবিনেট মিছনৰ দল ভাৰতলৈ আহিছিল ? 

উত্তৰঃ ১৯৪৬ চনত মিছনৰ দল ভাৰতলৈ আহিছিল । 

প্রশ্ন ৩। প্রত্যক্ষ সংগ্রাম দিৱস কেতিয়া পালন কৰা হৈছিল ? 

উত্তৰঃ ১৯৪৬ চনৰ ১৬ আগষ্ট তাৰিখে পালন কৰা হৈছিল । 

প্রশ্ন ৪। লর্ড মাউন্টবেটেনে কোন চনত ভাৰত বিভাজন আঁচনি গ্ৰহণ কৰে ? 

উত্তৰঃ ১৯৪৬ চনৰ ৩ জুন তাৰিখে তেওঁ ভাৰত বিভাজন আঁচনি গ্ৰহণ কৰে । 

প্রশ্ন ৫। ১৮৫৭ চনলৈকে ইংৰাজে কোন সম্প্রদায়ৰ পক্ষ লৈ ভাৰত শাসন কৰিছিল ? 

উত্তৰঃ হিন্দুসকলৰ পক্ষ লৈ শাসন কৰিছিল । 

প্রশ্ন ৬। ভাৰতক দুর্বল কৰি শাসন কৰি যাবলৈ ইংৰাজে কি নীতি গ্রহণ কৰিছিল ? 

উত্তৰঃ বিভাজন আৰু শাসন ( Divide and rule ) 

প্রশ্ন ৭। ‘ পাকিস্তান ’ আঁচনি প্রথমে কোনে প্রস্তুত কৰিছিল ?

উত্তৰঃ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰহমৎ আলিয়ে প্রস্তুত কৰিছিল ।

প্রশ্ন ৮। বিভাজন কৰি হ’লেও ভাৰত ত্যাগৰ ঘােষণা ইংলেণ্ডৰ কোন জন প্রধানমন্ত্রীয়ে  কৰিছিল ? 

উত্তৰঃ ব্রিটিছ প্রধানমন্ত্রী এটুলীয়ে এনে ব্যৱস্থা গ্ৰহণ কৰিছিল । 

প্রশ্ন ৯। ‘ লঙ্গেী চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিল ? 

উত্তৰঃ কংগ্ৰেছৰ নৰম আৰু চৰম পন্থী আৰু মুছলীম লীগৰ মাজত ১৯১৬ চনত স্বাক্ষৰ কৰা হৈছিল । 

প্রশ্ন ১০। বিধ্বংসী ( holocaust ) শব্দৰ অর্থ কি ? 

উত্তৰঃ ভাৰত উপমহাদেশখনত চিন্তাবিদ আৰু পণ্ডিতসকলে বিভাজনৰ পৰিণামক চাই এই শব্দৰ অৰ্থ হ’ল ধ্বংসাত্মক বা ভয়ানক । 

প্রশ্ন ১১। ‘ পাকিস্তান ‘ শব্দটো কোনে উদ্ভাৱন কৰিছিল ?

উত্তৰঃ চৌধুৰী বেহমট আলী নামৰ এজন পাঞ্জাবী মুছলীম ছাত্রই । তেওঁ কেমব্রিজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল । 

প্রশ্ন ১২। মুছলিম লীগে কেতিয়া আনুষ্ঠানিকভাবে পাকিস্তানৰ দাবী উত্থাপন কৰিছিল ? 

উত্তৰঃ লাহােৰৰ প্ৰস্তাৱৰ দ্বাৰা ১৯৪০ চনত ৷ 

প্রশ্ন ১৩। কোনে দ্বৈত ৰাষ্ট্ৰীয়তত্ত্ব ঘােষণা কৰিছিল ? 

উত্তৰঃ মহম্মদ আলী জিন্নাই । 

প্রশ্ন ১৪। কেতিয়া ব্রিটিছ প্রধানমন্ত্রী ক্লিমেন্ট এটলিয়ে ভাৰতক স্বাধীনতা দিয়া কার্য ঘােষণা কৰিছিল ? 

উত্তৰঃ ব্রিটিছ প্রধানমন্ত্রীজনে ১৯৪৭ চনৰ ফেব্ৰুৱাৰীৰত ভাৰতক স্বাধীনতা দিব বুলি ঘােষণা কৰিছিল । 

প্রশ্ন ১৫। ১৯৪৮ চনৰ ৩০ জানুৱাৰীৰ দিনা এখন প্রার্থনা সভাত কোনে গান্ধীজীক হত্যা কৰিছিল ? 

উত্তৰঃ নাথুৰাম গদছে নামৰ এজন লােকে ।

প্রশ্ন ১৬। বিভাজনৰ সময়ত আজিৰ বাংলাদেশৰ নাম কি আছিল ? 

উত্তৰঃ পূৰ্ববংগ আছিল আজিৰ বাংলাদেশৰ নাম । 

প্রশ্ন ১৭। বিভাজন কালৰ অভিজ্ঞতাৰে লিখা এখন বিখ্যাত উপন্যাসৰ নাম লিখা । 

উত্তৰঃ খুচৱন্ত সিঙৰ “ Train to Pakistan ” । 

প্রশ্ন ১৮। গান্ধীজীৰ আদৰ্শৰে অনুপ্রাণিত হৈ প্ৰব্ৰজন কাৰীক সকলাে প্ৰকাৰে সহায় কৰা হিমাচল প্রদেশৰ চিকিৎসক জনৰ নাম লিখা । 

উত্তৰঃ খুশাদউ সিং আছিল । 

প্রশ্ন ১৯৷ ক’ত আৰু কেতিয়া স্বাধীন পাকিস্তানৰ দাবী গৃহীত হয় ? 

উত্তৰঃ ১৯৪০ চনৰ লাহােৰ কংগ্ৰেছ অধিবেশনত এই দাবী গৃহীত হয় । 

প্রশ্ন ২০। সুকীয়া নির্বাচন মণ্ডল গঠনৰ বিৰােধিতা কৰা এজন নেতাৰ নাম লিখা । 

উত্তৰঃ গোবিন্দ বল্লভ পোন্ট বিৰোধিতা কৰিছিল ।

প্রশ্ন ২১। ক’ত আৰু কেতিয়া মুছলিম লীগৰ জন্ম হৈছিল ? 

উত্তৰঃ ১৯০৬ চনত ঢাকাত মুছলীম লীগৰ জন্ম হৈছিল ।

প্রশ্ন ২২। কেতিয়া সুকীয়া পাকিস্তান ৰাষ্ট্ৰৰ প্ৰস্তাৱ গৃহীত হয় ? 

উত্তৰঃ ১৯৪০ চনৰ ২৩ মার্চ তাৰিখে সুকীয়া পাকিস্তান ৰাষ্ট্রৰ প্ৰস্তাৱ গৃহীত হয় । 

প্রশ্ন ২৩। পাকিস্তান প্রস্তাৱটো কোনে লিখি উলিয়াইছিল ? 

উত্তৰঃ চিকন্দৰ হায়ৎ খান নামৰ পঞ্জাৱৰ লােক এজনে এই প্রস্তাৱটো লিখি উলিয়াইছিল । 

প্রশ্ন ২৪। ‘ চাৰে জাহা সে আচ্ছা ’ গানটোৰ ৰচক কোন আছিল ? 

উত্তৰঃ মহম্মদ ইকবাল । 

প্রশ্ন ২৫। খান আব্দুল গফুৰ খান কি নামেৰে জনজাতি হৈছিল ? 

উত্তৰঃ সীমান্ত গান্ধী নামেৰে । 

চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। মচজিদৰ সমুখত সংগীত বুলিলে কি বুজা ? 

উত্তৰঃ মচজিদৰ সমুখত হিন্দু সকলে সংগীত বা নৃত্য – গীত পৰিৱেশন কৰা কাৰ্যইও হিন্দু আৰু মুছলমান সকলৰ মাজত অনৈক্যৰ ভাব জাগ্রত কৰি কৰিছিল । বিশেষকৈ সেইসময়ত অক্সফোর্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা মুছলমান ছাত্র সকলে এনে কাৰ্যৰ বিৰােধিতা কৰিছিল । কাৰণ এনে কাৰ্যৰ জৰিয়তে মুছলমানসকলৰ ধর্মীয় অনুভূতিত আঘাত পৰা বুলি এই ছাত্ৰসকলে  অনুভৱ কৰিছিল । 

প্রশ্ন ২। ভাৰতবৰ্ষ স্বাধীন হােৱাৰ সময়ত জনসাধাৰণলৈ কি ঘােষণা কৰা হৈছিল ? 

উত্তৰঃ ভাৰতবৰ্ষ স্বাধীন হােৱাৰ ঘােষণাৰ জৰিয়তে জৱাহৰলাল নেহৰুৱে জনসাধাৰণক উদ্দেশ্যি কৈছিল যে— 

( ক ) ভাৰতবৰ্ষৰ পৰা অন্ধতা আৰু দুর্ভিক্ষ ৰোধ কৰা হ’ব । 

( খ ) সকলাে জনসাধাৰণে সমতা লাভ কৰিব । 

( গ ) সুবিধাভােগৰ ক্ষেত্ৰত সমাজৰ পৰা বৈষম্য দূৰ কৰা হ’ব । 

( ঘ ) শিশু সকলৰ উন্নতিৰ কাৰণে ব্যৱস্থা ঘােষণা কৰা হ’ব । 

( ঙ ) বিভাজনৰ পিছত শৰণাৰ্থীসকলক সংস্থাপন দিয়া হ’ব । 

প্রশ্ন ৩। লর্ড মাউণ্টবেটেনৰ আঁচনিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ৷ 

উত্তৰঃ লর্ড মাউণ্টবেটেনৰ আঁচনিৰ দুটা বৈশিষ্ট্য হল— 

( ক ) মুছলমান প্রধান অঞ্চল সমূহে এখন বেলেগ ৰাষ্ট্র গঠন কৰিব পাৰিব । 

( খ ) উত্তৰ – পশ্চিম সীমান্ত প্রদেশ আৰু অসমৰ চিলেট জিলাৰ ভৱিষ্যত গণভােটৰ জৰিয়তে নির্ধাৰণ কৰা হ’ব । 

প্রশ্ন ৪। ক্রীপছ মিছন কেতিয়া ভাৰতলৈ আহিছিল ? এই মিছন ব্যর্থ হােৱাৰ দুটা কাৰণ উল্লেখ কৰা । 

উত্তৰঃ ( ক ) দ্বিতীয় বিশ্বযুদ্ধ চলি থকা সময়তে ১৯৪২ চনৰ মাৰ্চ মাহত ক্রীপছ মিছনৰ দল ভাৰতলৈ আহিছিল । 

( খ ) ক্রীপছ মিছা ব্যর্থ হােৱাৰ দুটা কাৰণ হ’ল—

( ১ ) ক্রীপছ মিছনৰ প্ৰস্তাৱত ভাৰতৰ সম্পূর্ণ স্বাধীনতাৰ কথা স্পষ্টভাৱে উল্লেখ কৰা হােৱা নাছিল । 

( ২ ) গান্ধীজীৰ মতে ক্রীপছৰ প্ৰস্তাৱ হ’ল দেৱলীয়া বেংকে পিছত দিবলগীয়া ধনৰ এটা প্রতিশ্রুতি । 

প্রশ্ন ৫। মুছলিম লীগে ক্রীপছৰ প্রস্তাব প্রত্যাখ্যান কৰাৰ দুটা কাৰণ লিখা । 

উত্তৰঃ মুছলিম লীগেও ক্রীপছৰ প্রস্তাব প্রত্যাখ্যান কৰিছিল । কাৰণ –

( ক ) ক্রীপছৰ প্ৰস্তাৱত স্বাধীন পাকিস্তানৰ কোনাে প্রস্তাৱ নাছিল । 

( খ ) ইয়াৰােপৰি স্বাধীন পাকিস্তানৰ দাবী ফলপ্রসূ হােৱাৰ কোনাে সম্ভাৱনাও লীগে দেখা নাছিল । 

প্রশ্ন ৬। ব্যক্তিগত সত্যাগ্রহৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ ১৯৪০ চনৰ লাহােৰ কংগ্ৰেছ অধিবেশনত ব্যক্তিগত সত্যাগ্রহ আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰা হয় । এই অনুসৰি কংগ্রেছৰ দ্বাৰা নির্বাচিত এজন প্রতিনিধিয়ে জনসাধাৰণৰ ওচৰলৈ গৈ সত্যাগ্রহ কাৰ্যসূচী পালন কৰিব । লগতে যুদ্ধৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰি চৰকাৰৰ দ্বাৰা কাৰা বন্দী হব । 

প্রশ্ন ৭। ১৯৪০ চনত মুছলীম লীগৰ প্ৰস্তাৱত এখন দেশৰ ছবি প্রতিফলিত হৈছিলনে ? 

উত্তৰঃ ১৯৩৭ চনৰ পৰাজয়ৰ পিছত মুছলীম লীগে সামাজিকভাৱে বর্ধিত পৰিমাণে বিচ্ছিন্নতাবাদী মনােভাৱেৰে ল’বলৈ ধৰে ১৯৪০ চনত লাহােৰ অধিৱেশনত প্ৰথমবাৰৰ বাবে মুছলীম সংখ্যাগৰিষ্ঠ অঞ্চলৰ সুকীয়া এটা অঞ্চলৰ দাবী উত্থাপন কৰি প্ৰস্তাৱ গ্ৰহণ কৰে । জিন্নাই প্রথমে এই প্রস্তাৱক এটা সুবিধা আদায় কৰা পন্থা বুলিহে ধৰিছিল যদিও অতি কম সময়তে ১৯৪০-৪৭ চনৰ ভিতৰতে এই প্রস্তাৱ বাস্তৱত পৰিণত হয় । 

প্রশ্ন ৮। সমাজবাদী কংগ্ৰেছৰ নেতা সকলে ভাৰত ত্যাগ আন্দোলনত লােৱা ভূমিকাৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ভাৰত ত্যাগ আন্দোলনত সমাজবাদী কংগ্ৰেছ নেতা সকলেও গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল । এই দলৰ নেতাসকল হ’ল জয় প্রকাশ নাৰায়ণ , ৰাম মনােহৰ লুহিয়া , অচ্যুত পাটোৱাৰধান , মান মিশ্র , পুৰুষােত্তম ত্রিকামদাস , এচ . এম . মিশ্র আদি । ৰাম মনােহৰ লুহিয়া আৰু জয়প্রকাশ নাৰায়ণে ভাৰত ত্যাগ আন্দোলনত কাৰাবাস খাটিছিল ।

প্রশ্ন ৯। ভাৰত বিভাজনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা দুখন চলচিত্ৰৰ নাম উল্লেখ কৰা । 

উত্তৰঃ এই দুখন চলচিত্র হ’ল— 

( ক ) এম . এচ . চেথুৰ ” গৰম হাৱা ” । আৰু 

( খ ) গােবিদ নিহালানিৰ “ টামাচ ” ( Tamas ) 

প্রশ্ন ১০। ভাৰত বিভাজনৰ সময়ত হিন্দু আৰু মুছলমান লােক সকলে উভয়ে উভয়ৰ ওপৰত কি ধাৰণা পোষণ কৰিছিল ?

উত্তৰঃ ( ক ) বিভাজনৰ সময়ৰে পৰা উভয়ে উভয়ক ঘৃণা কৰিবলৈ আৰম্ভ কৰিছিল । 

( খ ) হিন্দুসকলৰ ধাৰণামতে মুছলমান সকলে কেতিয়াও ঐশ্লামীক ধাৰণা ত্যাগ কৰিব নােৱাৰে । 

( গ ) হিন্দু সকলৰ মনত এই ধাৰণা দৃঢ় হৈছিল যে মুছলমান সকল হ’ল এটা আক্রমণকাৰী , নিষ্ঠুৰ আৰু অপৰিচ্ছন্ন । ইয়াৰ বিপৰীতে হিন্দুসকল হ’ল মৰমিয়াল , উদাৰ আৰু নির্মল অন্তৰৰ ।

( ঘ ) আনহাতে মুছলমান সকলে ভাবিছিল যে তেওঁলোক অতি সাহসী , বলবান আৰু শক্তিশালী । 

( ঙ ) মুছলমান সকলে হিন্দু সকলক দুর্বল বুলি ভাবিছিল ।

প্রশ্ন ১১। শিখ নেতা সকলে কিয় বিভাজন নীতি মানি লৈছিল ? 

উত্তৰঃ শিখ নেতা সকলে বিভাজন নীতি মানি লৈছিল । কাৰণ— 

( ক ) মুছলিম লীগে ঘােষণা কৰা প্রত্যক্ষ সংগ্ৰামৰ ফলত ভাৰতৰ আন আন ঠাইৰ লগতে পঞ্জাবৰাে নানা ঠাইত সাম্প্রদায়িক সংঘর্ষ হৈছিল । ইয়াৰ ফলত ধন – জনৰ বিস্তৰ ক্ষতি হৈছিল । এনে কার্য শিখ নেতা সকলে সহজে লব পৰা নাছিল । 

( খ ) এনে সংঘৰ্ষৰ দ্বাৰা পঞ্জাৱতাে সংখ্যালঘু মুছলিম লােক সকলে শিখ সকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব বুলি শংকা প্রকাশ কৰি শিখ নেতা সকলে বিভাজনৰ প্রতি মত প্রকাশ কৰা বুলি কোৱা হয় । 

প্রশ্ন ১২। বংগদেশৰ ভদ্রলােক হিন্দু বঙালী সকলে কিয় বিভাজনৰ প্রতি সমর্থন প্রকাশ কৰিছিল ? 

উত্তৰঃ বংগদেশৰ হিন্দু বঙালী সকলে ভাৰতৰ বিভাজনৰ প্রতি সমর্থন প্রকাশ কৰাৰ কাৰণ হ’ল— 

( ক ) মুছলমান সকলে হিংসাত্মক কার্যৰ জৰিয়তে বংগদেশৰ হিন্দু সকলৰ ওপৰত প্রাধান্য বিস্তাৰ কৰিব বুলি এই লােক সকলে শংকা প্রকাশ কৰিছিল । 

( খ ) মাত্র কেইখনমান প্রদেশত মুছলমান লােকসকলক থাকিবলৈ দি বাকী বিলাকত হিন্দু সকল শান্তিৰে বাস কৰাৰ স্বাৰ্থৰ কাৰণত বংগদেশৰ হিন্দু সকলে বিভাজনৰ পােষকতা কৰিছিল । 

প্রশ্ন ১৩। কোনে সুকীয়া পাকিস্তান শব্দটোৰ সৃষ্টি কৰিছিল ? পাকিস্তান শব্দটোৰে কি বুজাইছিল ? 

উত্তৰঃ কেমব্রিজ বিশ্ববিদ্যালয়ৰ পঞ্জাৱৰ মুছলমান ছাত্র চৌধুৰী মহম্মদ আলিয়ে পাকিস্তান শব্দটোৰ উদ্ভাৱন কৰিছিল । পাকিস্তান শব্দটোৰ দ্বাৰা তেওঁ পাঁচখন প্রদেশক বুজাইছিল ( PA KISTAN ) । এই অনুসৰি ‘ P ‘ মানে পঞ্জাৱ , ‘ A ‘ মানে আফগান , ‘ K ‘ মানে কাশ্মীৰ , ‘ S ‘ মানে । সিন্ধু আৰু ‘ N ‘ মানে বেলুচিস্থানক বুজাইছিল । 

প্রশ্ন ১৪। প্রত্যক্ষ সংগ্ৰামৰ দিনা কি ঘটিছিল ? 

উত্তৰঃ ১৯৪৬ চনৰ ১৬ আগষ্টৰ দিনা মুছলিম লীগে প্রত্যক্ষ দিৱসৰ কথা ঘােষণা কৰি সুকীয়া পাকিস্তান ৰাষ্ট্রৰ দাবী উত্থাপন কৰে । ইয়াৰ ফলত 

( ক ) কলিকতাৰ নােৱাখালিত সাম্প্রদায়িক সংঘর্ষ হয় । বহুদিন ধৰি চলি অহা এই সংঘর্ষত বহুতাে ধন – জনৰ ক্ষতি হয় । 

( খ ) লাহে লাহে গােটেই ৰাষ্ট্রতে এই সংঘর্ষই ব্যাপক ৰূপ গ্রহণ কৰে । এই সংঘর্ষ ১৯৪৭ চনৰ মাৰ্চ মাহলৈ চলি আহিছিল । 

প্রশ্ন ১৫। ভাৰতীয় জাতীয় কংগ্ৰেছে বিভাজনৰ প্রতি সমর্থন কৰাৰ কাৰণ কি আছিল ? 

উত্তৰঃ শেষত কংগ্ৰেছেও বিভাজনৰ প্রতি সমর্থন প্রকাশ কৰিবলৈ বাধ্য হৈছিল । কাৰণ— 

( ক ) মুছলিম লীগে ঘােষণা কৰা প্রত্যক্ষ সংগ্ৰামৰ ফলত গােটেই ভাৰত জুৰি সাম্প্রদায়িক সংঘর্ষ বিয়পি পৰিছিল । ফলত ধন – জনৰ বিস্তৰ ক্ষতি হৈছিল । সেয়ে বিভাজনৰ জৰিয়তে হলেও দেশত শান্তি প্রতিষ্ঠাৰ কাৰণে কংগ্ৰেছে মত পােষণ কৰিবলৈ বাধ্য হৈছিল ।

( খ ) অন্তবর্তী চৰকাৰ প্রতিষ্ঠা হােৱাৰ সময়তাে কংগ্ৰেছে মুছলিম লীগৰ পৰা কেতিয়াওঁ সমর্থন লাভ কৰা নাছিল । কাৰণ মুছলিম লীগে সদায় সুকীয়া ৰাষ্ট্ৰৰ ধাৰণাতে লাগি আহিছিল । 

( গ ) সংবিধান সভাৰ ক্ষেত্ৰতাে মুছলিম লীগে সহযােগিতাৰ মনােভাৱ প্রদর্শন কৰা নাছিল । 

( ঘ ) ইংৰাজ চৰকাৰেও সদায় মুছলিম লীগক সুকীয়া ৰাষ্ট্রৰ ধাৰণাৰ সেউজ সংকেত দি আহিছিল । 

( ঙ ) এনে পৰিস্থিতিত কংগ্ৰেছেও লাহে লাহে অখণ্ড ভাৰতবৰ্ষৰ কথা পৰিহাৰ কৰিবলৈ বাধ্য হৈছিল । 

( চ ) শেষত লর্ড মাউন্টবেটেনৰ দৃঢ় স্থিতিৰ কাৰণেও কংগ্ৰেছে বিভাজন নীতি মানি লবলৈ বাধ্য হৈছিল । 

প্রশ্ন ১৬। ভাৰত স্বাধীন হােৱাৰ দিনটো কিয় নিৰানন্দৰ দিন বুলি কোৱা হয় ? 

উত্তৰঃ কাৰণ সেই দিনটোত গােষ্ঠীগত সংঘৰ্ষৰ ফলত হাজাৰ হাজাৰ মানুহৰ মৃত্যুৰ লগতে হাজাৰ হাজাৰ লােক গৃহহীন হ’ব লগা হৈছিল । সেয়ে এই দিনটো নিৰানন্দৰ দিন বুলি কোৱা হয় । 

প্রশ্ন ১৭। “ ছায়া ” বা “ আন্ধাৰ সীমাৰেখা ” বুলিলে কি বুজা ? 

উত্তৰঃ ভাৰতবৰ্য আৰু পাকিস্তান স্বাধীন হৈছিল যদিও বহুদিন ধৰি দুয়ােখন দেশৰ মাজৰ সীমা ৰেখা নির্ধাৰণ হােৱা নাছিল । সেয়ে এই সময়খিনিক ছায়া বা আন্ধাৰ সীমাৰেখা বুলি কোৱা হয় । 

প্রশ্ন ১৮। বিভাজনৰ ফলত দুয়ােখন দেশৰ সীমান্তৰ জনসাধাৰণ কেনেদৰে ক্ষতিগ্রস্ত হৈছিল ? 

উত্তৰঃ ( ক ) গােষ্ঠীগত সংঘৰ্ষৰ ফলত হাজাৰ হাজাৰ সীমান্তৰ জনসাধাৰণ নিহত হােৱাৰ লগতে বহুতাে মহিলা ধর্ষিতা হ’ব লগা হৈছিল । 

( খ ) লক্ষ লক্ষ মানুহ লুষ্ঠিত , গৃহ হাৰা হােৱাৰ লগতে বহুতাে লােক শৰণার্থী হিচাপে বাস কৰিব লগা হৈছিল । 

( গ ) বহুতাে লােক নিজৰ ঘৰবাৰী আৰু সা – সম্পত্তিৰ পৰা বঞ্চিত হবলৈ বাধ্য হৈছিল । 

( ঘ ) এই লােকসকলে নিজৰ ভাষা সংস্কৃতি হেৰুৱাৰ লগতে নিজ আত্মীয় – কুটুম্বৰ সান্নিধ্যৰ পৰাও বঞ্চিত হ’ব লগা হৈছিল । 

প্রশ্ন ১৯। কোন চনত লক্ষ্ণৌ চুক্তি স্বাক্ষৰিত হৈছিল ? এই চুক্তিৰ চৰ্তবােৰ কি আছিল ? 

উত্তৰঃ ১৯১৬ চনত কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত লক্ষৌ চুক্তি স্বাক্ষৰিত হৈছিল । এই সময়তে চমপন্থী সকল পুনৰ কংগ্ৰেছত চামিল হৈছিল । এই চুক্তিৰ চৰ্তবােৰ হ’ল— 

( ক ) কংগ্ৰেছে মুছলমানৰ কাৰণে পৃথক নির্বাচনৰ দাবী মানি লয় । 

( খ ) দুয়ােটা সংগঠনে স্বায়ত্ত শাসনৰ কাৰণে ইংৰাজৰ ওচৰত দাবী উত্থাপন কৰে । 

প্রশ্ন ২০৷ সুকীয়া পাকিস্তান ৰাষ্ট্ৰৰ দাবীৰ বিৰােধিতা কৰা দুজন প্রখ্যাত ব্যক্তিৰ নাম উল্লেখ কৰা । 

উত্তৰঃ এই দুজন ব্যক্তি হ’ল— মহাত্মা গান্ধী আৰু খান আব্দুল গফুৰ খান । 

Sl. No.সূচী-পত্ৰ
Chapter 1ইটা মণি আৰু হাড়বােৰ
Chapter 2ৰজা কৃষক আৰু নগৰসমূহ
Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী
Chapter 4দার্শনিক প্রত্যয় আৰু স্থাপত্য
Chapter 5যুগে যুগে অসম
Chapter 6পর্যটকৰ দৃষ্টিভংগীৰে
Chapter 7ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ
Chapter 8এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ
Chapter 9কৃষক, জমিদাৰ আৰু ৰাজ্য
Chapter 10সম্রাট আৰু ইতিহাস
Chapter 11উপনিবেশবাদ আৰু গ্রাম্য সমাজ
Chapter 12বিদ্রোহীসকল আৰু ৰাজ
Chapter 13ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ
Chapter 14মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
Chapter 15ভাৰত বিভাজন আৰু ৰাজনীতি
Chapter 16ভাৰতীয় সংবিধান সংকলন

প্রশ্ন ২১। ভাৰত বিভাজনৰ ভুক্ত ভােগীসকলৰ অভিজ্ঞতা বর্ণনা কৰা । 

উত্তৰঃ  ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰিবা । ( প্ৰয়োজন অনুসৰি ১৭ নং প্ৰশ্নৰ উত্তৰ চাই লবা । ) 

প্রশ্ন ২২। ভাৰতীয় জাতীয় কংগ্ৰেছে কিয় আৰু কেনেকৈ বিভাজনৰ ক্ষেত্ৰত নিজৰ স্থিতি সলনি কৰিছিল ? 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰিব চেষ্টা কৰিবা । প্ৰয়োজন অনুসৰি চমু 

প্রশ্নোত্তৰৰ ১৪ নং প্রশ্নোত্তৰ চাই লবা ।

প্রশ্ন ২৩। ভাৰত বিভাজনৰ বিৰুদ্ধে গান্ধীজীয়ে কি কি যুক্তি দর্শাইছিল ? 

উত্তৰঃ ভাৰত বিভাজনৰ বিৰুদ্ধে গান্ধীজীয়ে সদায় মতপােষণ কৰি আহিছিল । এই কথা তেওঁ জৱাহৰলাল নেহৰুক সোঁৱৰাই দি কৈছিল যে যদি কংগ্ৰেছে ভাৰত বিভাজন নীতি মানি লয় তেতিয়া হ’লে ভয়ানক কু – ফল ভাৰতে বহু বছৰলৈ ভােগ কৰিব লাগিব । ১৯৪৭ চনৰ ৮ মে তাৰিখে তেওঁ মাউণ্টবেটেনক কৈছিল যে ভাৰত বিভাজন কৰাটো অতি ভুল কাম হ’ব । কাৰণ বিভিন্ন জাতি – ধর্ম , সম্প্রদায় লােকৰ বাসভূমি ভাৰতবৰ্ষৰ দৰে এখন দেশৰ বিভাজন কোনাে লােকৰে হিতৰ কাৰণে নহ’ব । গান্ধীজীৰ এনে যুক্তি বিভাজনৰ আগে পিছে হােৱা নানা ধৰণৰ সংঘৰ্ষৰ পৰাই প্রমাণ পােৱা যায় । 

প্রশ্ন ২৪। ভাৰত বিভাজনৰ বিৰােধিতা কৰা দুজন কংগ্ৰেছ নেতাৰ নাম লিখা ।

উত্তৰঃ ভাৰত বিভাজনৰ বিৰােধিতা কৰা দুজন কংগ্ৰেছ নেতাৰ নাম হ’ল— মহাত্মা গান্ধী আৰু মৌলানা আবুল কালাম আজাদ । 

প্রশ্ন ২৫। ভাৰত বিভাজনৰ সময়ত মহিলাসকলৰ অভিজ্ঞতা কেনে আছিল ?

উত্তৰঃ ভাৰত বিভাজনৰ সময়ত মহিলাসকলৰ অভিজ্ঞতা অতি নিদাৰুণ আছিল বুলি কোৱা হয় । উদাহৰণ হিচাপে ৰাৱালপিণ্ডিৰ এখন গাঁৱৰ প্রায় ৯০ গৰাকী শিখ মহিলাই ধর্ষণকাৰীৰ কৱলৰপৰা ৰক্ষা কৰি নিজৰ সতিত্ব অক্ষুন্ন ৰখাৰ স্বাৰ্থত কুঁৱাত পৰি আত্মজাহ দিবলৈ বাধ্য হৈছিল । তেওঁলােকে দেখুৱাই অহা এনে আদর্শই আজিও শিখ মহিলাসকলক অনুপ্রাণিত কৰি আহিছে । 

প্রশ্ন ২৬। কোনে “ প্রত্যক্ষ সংগ্রাম ” ৰ আহবান জনাইছিল আৰু ইয়াৰ বাবে কোনটো দিন বাছি লৈছিল ? 

উত্তৰঃ মুছলীম লীগ নেতা আলি জিন্নাই ‘ প্রত্যক্ষ সংগ্রাম’ ৰ আহবান জনাইছিল । ইয়াৰ বাবে ১৯৪৬ চনৰ ১৬ আগষ্ট তাৰিখৰ দিনটো বাছি লৈছিল । 

প্রশ্ন ২৭। কেবিনেট মিছনৰ দুজন সদস্যৰ নাম লিখা । 

উত্তৰঃ কেবিনেট মিছনৰ দুজন সদস্যৰ নাম হ’ল — ষ্টেফর্ড ক্রিপচ্ আৰু এ . ভি . আলেকজেণ্ডাৰ 

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top