Class 12 History Chapter 6 পর্যটকৰ দৃষ্টিভংগীৰে

Class 12 History Chapter 6 পর্যটকৰ দৃষ্টিভংগীৰে Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 6 পর্যটকৰ দৃষ্টিভংগীৰে and select needs one.

Class 12 History Chapter 6 পর্যটকৰ দৃষ্টিভংগীৰে

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 6 পর্যটকৰ দৃষ্টিভংগীৰে Solutions for All Subject, You can practice these here…

পর্যটকৰ দৃষ্টিভংগীৰে

পাঠ: ৬

( ১০ ম শতিকাৰ পৰা ১৭ শতিকালৈ )

প্রথম খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ভাৰতত পর্তুগীজ সাম্রাজ্যৰ প্রতিষ্ঠাতাজন কোন আছিল ? 

উত্তৰঃ এলফন্স ডি আলবুকাৰ্ক আছিল এই সাম্রাজ্য প্রতিষ্ঠাতা । 

প্রশ্ন ২। কোন চনত তুর্কীসকলে পর্তুগীজসকলৰ বিৰুদ্ধে ভাৰতত নৌ বহৰ প্ৰতিযােগিতাত নামি পৰিছিল ? 

উত্তৰঃ ১৫৩৬ খ্রীষ্টাব্দত প্রতিযােগিতাত নামি পৰিছিল । 

প্রশ্ন ৩। কেতিয়া বাহাদুৰ চাহৰ মৃত্যু হৈছিল ? 

উত্তৰঃ সাঁতুৰি থকা অৱস্থাত ১৫৩৬ খ্রীষ্টাব্দত তেওঁৰ মৃত্যু হৈছিল । 

প্রশ্ন ৪। কোন চনত ভাস্কো – ডা – গামা ভাৰতৰ কালিকট দ্বীপত উপস্থিত হৈছিল ? 

উত্তৰঃ ১৪৯৮ খ্রীষ্টাব্দত উপস্থিত হৈছিল । 

প্রশ্ন ৫। কৃষ্ণদেৱ ৰায়ৰ শাসন কালত ভাৰত ভ্ৰমণ কৰা ইটালীৰ লােকজন কোন আছিল ? 

উত্তৰঃ লােকজনৰ নাম হ’ল প্যইছ । 

প্রশ্ন ৬। পােন্ধৰ শতিকাৰ আৰব দেশৰ প্ৰখ্যাত দার্শনিকজনৰ নাম লিখা । 

উত্তৰঃ ইবন – আই – আৰবী আছিল প্রখ্যাত দার্শনিকজন ।

প্রশ্ন ৭। ইছলাম ধৰ্মৰ অতি উদাৰ অইনীবিষয়ক স্কুলখনৰ নাম কি আছিল ? 

উত্তৰঃ হানফি স্কুল বা শিক্ষানুষ্ঠান । 

প্রশ্ন ৮। আৰবৰ ভ্ৰমণকাৰীসকল কোন সময়ৰ ভিতৰত বৰ্তমানৰ কেৰেলা ৰাজ্যত কাম কৰিবলৈ লৈছিল ? 

উত্তৰঃ অষ্টম শতিকাৰ পৰা তেওঁলােকে কাম কৰিবলৈ লৈছিল । 

প্রশ্ন ৯। আবাচিদ খলিফাসকলৰ উত্থান কেতিয়া ঘটিছিল ? 

উত্তৰঃ দশম শতিকাৰ ভিতৰত উত্থান ঘটিছিল । 

প্রশ্ন ১০। টোগলকবাদ চহৰ কোনে নির্মাণ কৰাইছিল ? 

উত্তৰঃ গিয়াচুদ্দিন টোগলক আৰু মহম্মদ বিন্ – টোগলকে নির্মাণ কৰিছিল ।

প্রশ্ন ১১। কোনে ইবনবটুটাক দিল্লীত ন্যায়াধীশ হিচাপে নিযুক্ত কৰিছিল ? 

উত্তৰঃ মােগল সম্রাট মহম্মদ বিন টুঘলকে । 

প্রশ্ন ১২। ‘ ৰিহলা ’ গ্ৰন্থখনৰ ৰচক কোন ? 

উত্তৰঃ ইবনবটুটা । 

প্রশ্ন ১৩। বর্ণিয়াৰে লিখা গ্রন্থ এখনৰ নাম লিখা । 

উত্তৰঃ ভাৰত ভ্রমণ । 

প্রশ্ন ১৪। কুতুবমিনাৰ কোনে আৰম্ভ কৰিছিল ? 

উত্তৰঃ দাসবংশৰ প্রতিষ্ঠাতা কুতুবুবিদ্দন আইবাকে নির্মাণ কৰিছিল । 

প্রশ্ন ১৫৷ কোন চনত তুর্কী আৰু পর্তুগীজসকলৰ মাজত চুক্তি স্বাক্ষৰিত হৈছিল ? 

উত্তৰঃ ১৫৫৬ খ্রীষ্টাব্দত দুয়ােপক্ষৰ মাজত চুক্তি স্বাক্ষৰ কৰিছিল । 

প্রশ্ন ১৬। অটোমান তুর্কীসকলে শেষ বাৰৰ কাৰণে কেতিয়া ভাৰতলৈ অভিযান প্ৰেৰণ কৰিছিল ? 

উত্তৰঃ ১৫৫৪ খ্রীষ্টাব্দত শেষবাৰৰ কাৰণে অভিযান প্রেৰণ কৰিছিল । 

প্রশ্ন ১৭। বর্ণিয়াৰে উল্লেখ কৰা মতে সেই সময়ত আগ্রা চহৰখন কোনখন চহৰতকৈ ডাঙৰ আছিল ? 

উত্তৰঃ তেওঁ উল্লেখ কৰা মতে দিল্লী নগৰীতকৈ আগ্রা নগৰী ডাঙৰ আছিল । 

প্রশ্ন ১৮৷ ৰাফল ফিটচ নামৰ ইউৰােপৰ ভ্ৰমণকাৰীজন কেতিয়া ভাৰতলৈ আহিছিল ? 

উত্তৰঃ ১৬ শতিকাৰ শেষ ভাগত ভাৰত ভ্ৰমণৰ কাৰণে আহিছিল । 

প্রশ্ন ১৯৷ ৰামায়ণ আৰু মহাভাৰত নামৰ পুথি দুখনৰ প্ৰচলন সমাজত কেতিয়াৰ পৰা আৰম্ভ হৈছিল ? 

উত্তৰঃ আনুমানিক এঘাৰ শতিকাৰ পৰা আৰম্ভ হৈছিল বুলি কোৱা হয় । 

প্রশ্ন ২০। পাৰ্চী ভাষাৰ বিকাশ প্রথমে ক’ত হৈছিল ? 

উত্তৰঃ লাহােৰত প্রথম বিকাশ হৈছিল । 

প্রশ্ন ২১। ‘ ফটেহপুৰ চিক্রী ’ কোনজন সম্রাটে নির্মাণ কৰাইছিল ? 

উত্তৰঃ আকবৰে নিৰ্মাণ কৰাইছিল । 

প্রশ্ন ২২। গুপ্ত যুগৰ পিছৰ কোনটো যুগক ধ্রুপদী যুগ বুলি কোৱা হয় ? 

উত্তৰঃ মধ্য যুগটোক কোৱা হয় । 

প্রশ্ন ২৩। কোনে আৰু কেতিয়া ইংৰাজসকলক চুৰাটত বাণিজ্য কুঠি স্থাপনৰ অনুমতি প্রদান কৰিছিল ? 

উত্তৰঃ মােগল সম্রাট জাহাঙ্গীৰে ১৬১৩ খ্রীষ্টাব্দত ইংৰাজসকলক চুৰাটত বাণিজ্য কুঠি স্থাপনৰ অনুমতি প্রদান কৰিছিল । 

প্রশ্ন ২৪। কেতিয়া পতুগীজসকল ভাৰতলৈ আহিছিল ? 

উত্তৰঃ সােতৰ শতিকাত ভাৰতলৈ আহিছিল ।

প্রশ্ন ২৫। মচলিপট্টমত ব্যৱসায় কৰাৰ কাৰণে ওলন্দাজসকলক কোনে ফৰমান প্রদান কৰিছিল ? 

উত্তৰঃ গােলকুঞ্জৰ শাসনকর্তাই ১৬০৬ খ্রীষ্টাব্দত অনুমতি প্রদান কৰিছিল । 

প্রশ্ন ২৬। ম্পেইনৰ অজেয় আমাদাৰ কোনে আৰু কেতিয়া পতন ঘটাইছিল ? 

উত্তৰঃ ১৫৮৮ চনত ইংৰাজসকলে অজেয় আমাদাৰ পতন ঘটাইছিল । 

প্রশ্ন ২৭৷ কেপ্তেইন হকিন্স কাৰ শাসনকালত ভাৰতলৈ আহিছিল ? 

উত্তৰঃ মােগল সম্রাট জাহাঙ্গীৰৰ শাসনকালত তেওঁ ভাৰতলৈ আহিছিল । 

প্রশ্ন ২৮। আবুল ফজল কাৰ ৰাজসভাত আছিল ? 

উত্তৰঃ আকবৰৰ ৰাজসভাত আছিল । 

প্রশ্ন ২৯। সুতানুটি , কলকাতা আৰু গােবিন্দপুৰৰ জমিদাৰী লাভ কৰা ইংৰাজ কৰ্মচাৰীজন কোন আছিল ? 

উত্তৰঃ জব চার্ণকে লাভ কৰিছিল । 

প্রশ্ন ৩০। কোনজন সম্রাটৰ দিনত মছজিদ নির্মাণৰ কাম হাতত লােৱা হৈছিল ? 

উত্তৰঃ মােগল সম্রাট চাহজাহানৰ শাসন কালত । 

প্রশ্ন ৩১। গুজৰাট জয়ৰ স্মৃতি যুগমীয়া কৰাৰ কাৰণে আকবৰে তাত কি নির্মাণ কৰাইছিল ? 

উত্তৰঃ বুলন দৰৱাজে নির্মাণ কৰাইছিল । 

প্রশ্ন ৩২। মােগল যুগৰ চিত্র শিল্পৰ কাৰ শাসন কালত প্ৰসাৰ হৈছিল ? 

উত্তৰঃ সম্রাট জাহাংগীৰৰ শাসনকালত প্রসাৰ লাভ কৰিছিল বুলি কোৱা হয় । 

প্রশ্ন ৩৩। আলবেৰুণীৰ ক’ত আৰু কেতিয়া জন্ম হৈছিল ? 

উত্তৰঃ উজবেকিস্থানৰ খােৱাৰিজমত ৯৭৩ খ্রীষ্টাব্দত তেওঁৰ জন্ম হৈছিল । 

প্রশ্ন ৩৪। কোন চনত চুলতান মামুদে খিবা ৰাজ্য আক্রমণ কৰে ? 

উত্তৰঃ ১০১৭ খ্রীষ্টাব্দত আক্রমণ কৰিছিল । 

প্রশ্ন ৩৫। কিতাব – উল – হিন্দ কি ?

উত্তৰঃ আলবেৰুণীয়ে ভাৰত ভ্রমণৰ অভিজ্ঞতাৰ ভিত্তিত লিখা সহজ – সৰল আৰবী ভাষাৰ কিতাপখনৰ নাম হ’ল কিতাব – উল – হিন্দ । 

প্রশ্ন ৩৬। হিন্দু শব্দটো ক’ৰ পৰা আহিছে ? 

উত্তৰঃ হিন্দু শব্দটো পাৰ্চিয়ান ভাষাৰ পৰা আহিছে । 

প্রশ্ন ৩৭। ব্যপ্তিষ্ট চটভ্রাণিয়াৰ কোন আছিল ? 

উত্তৰঃ এজন ফৰাচী ৰত্ন ব্যবসায়ী আছিল । 

প্রশ্ন ৩৮। “ প্রাচ্যৰ নিৰংকুশবাদ ” ধাৰণাটো কাৰ আছিল ? 

উত্তৰঃ ফৰাচী দার্শনিক মণ্টেৰ আছিল । 

প্রশ্ন ৩৯। কোনে ‘ এছিয়া উৎপাদনশিল্পী ’ ধাৰণাটো সৃষ্টি কৰিছিল ? 

উত্তৰঃ কালমার্ক্সে কৰিছিল ।

প্রশ্ন ৪০। সােতৰ শতিকাত মুঠ জনসংখ্যাৰ কিমান শতাংশই নগৰত বাস কৰিছিল ? 

উত্তৰঃ মাত্র পােন্ধৰ শতাংশই নগৰত বাস কৰিছিল । 

প্রশ্ন ৪১। কর্ণটকত নতুন ধর্ম আন্দোলনৰ নেতৃত্ব কোনে দিছিল ? 

উত্তৰঃ বাসৱনা নামৰ ধৰ্ম গুৰুজনে নেতৃত্ব দিছিল । 

প্রশ্ন ৪২। ‘ জিম্মা ’ মানে কি ?

উত্তৰঃ যি সকল হিন্দু লােকে মুছলমান শাসকে প্রৱৰ্তন কৰা জিজিয়া কৰ পৰিশােধ কৰিছিল তেওঁলােকক জিম্মা বােলা হৈছিল । 

প্রশ্ন ৪৩। ‘ৰিহলা’ৰ লেখকজন কোন ? 

উত্তৰঃ ইবনবটুতা হ’ল ‘ হিলা’ৰ লেখক । 

প্রশ্ন ৪৪। ‘ফাতিয়াহ-ই- ইব্রিয়াহ ’ গ্রন্থৰ লিখক কোন ? 

উত্তৰঃ চাহাবুদ্দিন তালিচ । 

প্রশ্ন ৪৫। জ্যা – বেপটিষ্ট ট্রেভাৰনিয়াৰ কোন ? 

উত্তৰঃ জ্যা – বেপটিষ্ট ট্রেভাৰনিয়াৰ এজন ফৰাচী ব্যৱসায়ী আছিল । তেওঁ ছয়বাৰ ভাৰতলৈ আহিছিল । 

প্রশ্ন ৪৬। ইবনবটুতাৰ ভাৰত ভ্ৰমণৰ সময়ত দিল্লীৰ চুলতান কোন আছিল লিখা ।

উত্তৰঃ মহম্মদ বিন্ টোঘলক আছিল চুলতান । 

তলত উল্লেখ কৰা নামসমূহৰ লগত জড়িত অর্থবােৰ প্ৰকাশ কৰা :

প্ৰশ্ন ১। আব্দুৰ ৰাজাক সমকান্দি । 

উত্তৰঃ হিৰাটৰ পৰা ভাৰতলৈ অহা এজন ৰাজদূত । 

প্ৰশ্ন ২। ইবনবটুতা । 

উত্তৰঃ চৈধ্যশ শতিকাৰ আফ্রিকাৰ পৰা ভাৰতলৈ অহা এজন বিখ্যাত ভ্রমণকাৰী । 

প্ৰশ্ন ৩। ইণ্ডাজ । 

উত্তৰঃ সিন্ধু সভ্যতাক ইণ্ডাজ বুলি কোৱা হয় । 

প্রশ্ন ৪। টংকা । 

উত্তৰঃ চুলতানী আমােলত প্রচলিত মুদ্রাক টংকা বুলি কোৱা হৈছিল । 

প্ৰশ্ন ৫। শেঠ ( Seth ) 

উত্তৰঃ মহাজনসকলৰ মুখ্যজনক শেঠ বুলি কোৱা হয় । 

প্ৰশ্ন ৬। ফ্রাচোৱা বার্ণিয়া । 

উত্তৰঃ সােতৰ শতিকাৰ ফ্ৰান্সৰ পৰা ভাৰতলৈ অহা এজন ভ্ৰমণকাৰী । তেওঁ এজন চিকিৎসকো আছিল । 

প্রশ্ন ৭। মেট্রোলজি । 

উত্তৰঃ জোখ – মাপ সম্পর্কীয় বিজ্ঞান বা যন্ত্র ।

প্ৰশ্ন ৮। ৰিহ্লা । 

উত্তৰঃ আৰবী ভাষাত লিখা ইবনবটুতাৰ ভ্রমণ কাহিনীখন হ’ল ৰিহ্লা । 

তলত উল্লেখ কৰা চন – তাৰিখবােৰৰ লগত জড়িত ঘটনাটোবােৰ উল্লেখ কৰাঃ 

প্ৰশ্ন ১৷ ৯৭৩-১০৪৮ খ্রীষ্টাব্দত । 

উত্তৰঃ মহম্মদ ইবন আহমেদে আবু চাইহান আলবেৰুণীৰ ভাৰত ভ্রমণ । 

প্ৰশ্ন ২। ১২৫৪-১৩২৩ খ্রীষ্টাব্দত । 

উত্তৰঃ ইটালীৰ মাৰ্কপলৰ ভাৰত ভ্রমণ । 

প্রশ্ন ৩। ১৩০৪-১৩৭৭ খ্রীষ্টাব্দত । 

উত্তৰঃ মৰৰ্কোৰ ইবনবটুতাৰ ভাৰত ভ্রমণ । 

প্রশ্ন ৪। ১৪১৩-১৪৮২ খ্রীষ্টাব্দত । 

উত্তৰঃ সমৰখণ্ডৰ আব্দুৰ ৰাজাক কামাল আলাদিন ইচক আল সমৰখণ্ডীৰ ভাৰত ভ্রমণ । 

প্ৰশ্ন ৫। ১৪৬৬-১৪৭২ খ্রীষ্টাব্দত । 

উত্তৰঃ ৰাছিয়াৰ আফনাচী নিকিটিক নিকিটিনৰ ভাৰত ভ্রমণ । 

প্রশ্ন ৬। ১৬২৬-৩১ । 

উত্তৰঃ মামুদ ৱালি বাক্সিৰ ভাৰত ভ্রমণ । 

প্রশ্ন ৭। ১৬০০-১৬৬৭ । 

উত্তৰঃ ইংলেণ্ডৰ পিটাৰ ব্ৰণ্ডীৰ ভাৰত ভ্রমণ । 

প্ৰশ্ন ৮। ১৬০৫-১৬৮৯ । 

উত্তৰঃ ফ্ৰান্সৰ জন ব্যপ্তিষ্ট টেভাৰনিয়াচৰ ভাৰত ভ্রমণ । 

প্ৰশ্ন ৯। ১৬২০-১৬৮৮ । 

উত্তৰঃ ফ্ৰান্সৰ বার্ণিয়াৰৰ ভাৰত ভ্রমণ ।

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top