Class 12 History Chapter 10 সম্রাট আৰু ইতিহাস

Class 12 History Chapter 10 সম্রাট আৰু ইতিহাস The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 10 সম্রাট আৰু ইতিহাস and select needs one.

Class 12 History Chapter 10 সম্রাট আৰু ইতিহাস

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 10 সম্রাট আৰু ইতিহাস Solutions for All Subject, You can practice these here…

সম্রাট আৰু ইতিহাস

পাঠ: ১০

( মােগল ৰাজদৰবাৰ ) ( খ্রীঃ ১৬ – ১৭ শতিকালৈ )

দ্বিতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। মােগল শব্দটো ক’ৰ পৰা আহিছে ? 

উত্তৰঃ মংগােল শব্দৰ পৰা আহিছে । 

প্রশ্ন ২। কেতিয়া আৰু ক’ত বাবৰৰ জন্ম হৈছিল ? 

উত্তৰঃ ১৪৮৩ খ্রীষ্টাব্দত ফৰগণা নামৰ ঠাইত বাবৰৰ জন্ম হৈছিল । 

প্রশ্ন ৩। কোন চনত প্রথম পাণিপথৰ যুদ্ধ সংঘটিত হৈছিল । 

উত্তৰঃ ১৫২৬ খ্রীষ্টাব্দত প্রথম পাণিপথৰ যুদ্ধ সংঘটিত হৈছিল । 

প্রশ্ন ৪। বাবৰৰ পিছত কোন সম্রাট হৈছিল ? 

উত্তৰঃ বাবৰৰ পিছত তেওঁৰ পুত্র হুমায়ুন সম্রাট হৈছিল । 

প্রশ্ন ৫। কোন চনত চেৰচাহৰ মৃত্যু হয় ? 

উত্তৰঃ ১৬৪৫ খ্রীষ্টাব্দত চেৰচাহৰ মৃত্যু হয় । 

প্রশ্ন ৬। মােগল যুগৰ সর্বশ্রেষ্ঠ সম্রাট বুলি কাক কোৱা হয় ? 

উত্তৰঃ আকবৰক সর্বশ্রেষ্ঠ সম্রাট বুলি কোৱা হয় । 

প্রশ্ন ৭। আলমগীৰ উপাধি কোনে লৈছিল ? 

উত্তৰঃ ঔৰংজেৱে আলমগীৰ উপাধি লৈছিল । 

প্রশ্ন ৮। মােগল সাম্রাজ্য প্রতিষ্ঠাতা কোন ?

উত্তৰঃ বাবৰ ।

প্রশ্ন ৯। মােগলসকলে কিয় নিজকে টাইমুবিদ বুলি কয় ? 

উত্তৰঃ মােগলসকল টাইমূৰৰ বংশধৰ আছিল বাবে । 

প্রশ্ন ১০। মােগল যুগৰ ইতিহাসবােৰ কি ভাষাত লিখা হৈছিল ? 

উত্তৰঃ ফার্সী ভাষাত লিখা হৈছিল । 

প্রশ্ন ১১। মােগলসকলৰ মাতৃভাষা কি আছিল ? 

উত্তৰঃ মােগলসকলৰ মাতৃভাষা আছিল তুর্কী । 

প্রশ্ন ১২। ৰামায়ণখন ফাচী ভাষলৈ কোনে অনুবাদ কৰিছিল ? 

উত্তৰঃ বাৰাউনীয়ে অনুবাদ কৰিছিল । 

প্রশ্ন ১৩৷ চিত্রকলাক কোনে যাদুকল বুলি কৈছিল ? 

উত্তৰঃ আবুল ফজলে তেনেদৰে কৈছিল । 

প্রশ্ন ১৪। ‘ আকবৰ নামা ’ কোনে লিখিছিল ? 

উত্তৰঃ আবুল ফজলে লিখিছিল । 

প্রশ্ন ১৫। বাদচাহ নামাৰ লেখক কোন ? 

উত্তৰঃ হামিদ লাহিৰী । 

প্রশ্ন ১৬। বাদচাহ নামাখন আনুষ্ঠানিকভাৱে কেতিয়াৰ পৰা প্ৰকাশ কৰা হয় ? 

উত্তৰঃ ১৯৯৭ চনত প্ৰকাশ কৰা হৈছিল । 

প্রশ্ন ১৭। আগ্রা দুর্গ কোনে কেতিয়া নির্মাণ কৰিছিল ? 

উত্তৰঃ ১৫৬০ চনত আকবৰে নিৰ্মাণ কৰাইছিল । 

প্রশ্ন ১৮। লাহােৰত কোনে ৰাজধানী স্থাপন কৰিছিল ? 

উত্তৰঃ আকবৰে স্থাপন কৰিছিল । 

প্রশ্ন ১৯। ঝাৰােখা বুলিলে কি বুজা ? 

উত্তৰঃ বেলকণীক ঝাৰােখা বােলা হৈছিল । 

প্রশ্ন ২০। দিৱান – ই – আম কি ? 

উত্তৰঃ ৰাজ প্রাসাদৰ সাৰ্বজনীক সভাভৱনক বােলা হৈছিল । 

প্রশ্ন ২১। ‘দেৱানই – খাচ ’ বুলিলে কি বুজা ? 

উত্তৰঃ মােগল সম্রাটসকলৰ নিজা গােপনীয় সভাখনকে ‘ দেৱান – ই – খাচ ’ বুলিছিল । 

প্রশ্ন ২২। হেৰেম শব্দৰ অর্থ কি ? 

উত্তৰঃ পৱিত্র স্থান । 

প্রশ্ন ২৩। হুমায়ুন নামাৰ ৰচক কোন ? 

উত্তৰঃ হুমায়ুন নামাৰ ৰচক হ’ল গুলবদন বেগম । 

প্রশ্ন ২৪। মস শব্দৰ অর্থ কি ? 

উত্তৰঃ স্থান বা পদমর্যাদা । 

প্রশ্ন ২৫। দেৱান – এ – আল্লাৰ অর্থ কি ? 

উত্তৰঃ মােগল যুগৰ বিত্তমন্ত্রী ।

প্রশ্ন ২৬। অর্থ লিখা : 

চাহেনচাহ , জাহাংগীৰ , চাহজাহান । 

উত্তৰঃ ( ক ) চাহেনচাহ – ৰজাৰ ৰজা । 

( খ ) জাহাংগীৰ — বিশ্ব নিজৰ অধীন কৰোতা । 

( গ ) চাহজাহান – বিশ্বৰ ৰজা । 

প্রশ্ন ২৭৷ মােগল ডাঙৰীয়াসকলৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ ( ক ) ধৰ্মৰ প্রতি গােড়ামী বা জাকাত বাধ্যতামূলকভাৱে পালন । 

( খ ) তিনি বেলা নামাজেৰে আল্লাৰ নাম লােৱা বাধ্যতামূলক আছিল । 

প্রশ্ন ২৮। কাজী কাক কোৱা হৈছিল ? 

উত্তৰঃ মুখ্য বিচাৰপতিজনক কাজী বুলি কোৱা হৈছিল । 

প্রশ্ন ২৯। দেশমুখ কাক কোৱা হৈছিল ? 

উত্তৰঃ শিবাজীৰ শাসন কালৰ জমিদাৰসকলক দেশমুখ বুলি কোৱা হৈছিল । 

প্রশ্ন ৩০। পাগী কাক কোৱা হয় ? 

উত্তৰঃ শিবাজী নেতৃত্বাধীন নিয়মীয়া সৈন্যসকলক পাগা বুলি কোৱা হৈছিল । 

প্রশ্ন ৩১। জায়াবিট বুলিলে কি বুজা ? 

উত্তৰঃ নিয়মীয়া আইনী ব্যৱস্থাক জায়াবিট কোৱা হৈছিল । 

প্রশ্ন ৩২। ফাউজদাৰ কাক কোৱা হৈছিল ? 

উত্তৰঃ মােগল যুগৰ মুখ্য প্রশাসনীয় বিষয়াজনক ফাউজদাৰ বুলি কোৱা হৈছিল । 

প্রশ্ন ৩৩। ন্যায়াদেশ কাক কোৱা হৈছিল ?

উত্তৰঃ মাৰাঠা শাসনকালৰ মুখ্যসকলক ন্যায়াদেশ বােলা হৈছিল । 

প্রশ্ন ৩৪। মৰদেশ মুখ কাক কোৱা হয় ? 

উত্তৰঃ শিৱাজীৰ শাসনকালৰ দান – দক্ষিণাৰ লগত জড়িত লােকসকলক মৰদেশ মুখ বুলি কোৱা হৈছিল । 

প্রশ্ন ৩৫। শিলদাৰ কাক কোৱা হৈছিল ? 

উত্তৰঃ শিৱাজীৰ অশ্বাৰােহী বাহিনীক শিলদাৰ বুলি কোৱা হৈছিল । 

প্রশ্ন ৩৬। চেৰচাহৰ পূৰ্বৰ নাম কি আছিল ? 

উত্তৰঃ ফৰিদ আছিল চেৰচাহৰ পূৰ্বৰ নাম ।

প্রশ্ন ৩৭। আকবৰৰ শৈশৱকালৰ অভিভাৱক কোন আছিল ? 

উত্তৰঃ বৈৰাম খা আছিল আকবৰৰ অভিভাৱক । 

প্রশ্ন ৩৮। ঔৰংজেৱে কোনজন শিখ ধর্মগুৰুক হত্যা কৰিছিল ? 

উত্তৰঃ শিখ গুৰু টেগবাহাদুৰক হত্যা কৰিছিল । 

প্রশ্ন ৩৯। গ্রেট্রাংকৰােড কোনে নির্মাণ কৰাইছিল ? 

উত্তৰঃ চেৰচাহে নির্মাণ কৰাইছিল । 

প্রশ্ন ৪০। শিখ ধৰ্মৰ প্রতিষ্ঠাতাজন কোন ? 

উত্তৰঃ গুৰু নানকদেৱ আছিল শিখ ধৰ্মৰ প্রৱর্তক ।

প্রশ্ন ৪১। মহাভাৰতখন ফাৰচী ভাষালৈ কি নামেৰে অনুবাদ কৰা হৈছিল ? 

উত্তৰঃ ৰাজম নামা নামেৰে অনুবাদ কৰা হৈছিল । 

প্রশ্ন ৪২। বাবৰৰ স্মৃতি কি ভাষাত ৰচনা কৰা হৈছিল ? 

উত্তৰঃ প্রথমে তুর্কী ভাষাত লিখি পিছলৈ ফাৰী ভাষাত অনুবাদ কৰা হৈছিল । 

প্রশ্ন ৪৩। চিত্রকলাক কোনে যাদুকলা বুলি কৈছিল ? 

উত্তৰঃ আবুৰ ফজলে কৈছিল । 

প্রশ্ন ৪৪। হুমায়ুন নামা কোনে ৰচনা কৰিছিল ? 

উত্তৰঃ গুলবদন বেগমে ৰচনা কৰিছিল । 

প্রশ্ন ৪৫। পেচকচ কি আছিল ? 

উত্তৰঃ পেচকচ ৰজাৰ অনুচৰ আছিল । 

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top