Class 12 History Chapter 9 কৃষক, জমিদাৰ আৰু ৰাজ্য

Class 12 History Chapter 9 কৃষক, জমিদাৰ আৰু ৰাজ্য The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 9 কৃষক, জমিদাৰ আৰু ৰাজ্য and select needs one.

Class 12 History Chapter 9 কৃষক, জমিদাৰ আৰু ৰাজ্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 9 কৃষক, জমিদাৰ আৰু ৰাজ্য Solutions for All Subject, You can practice these here…

কৃষক, জমিদাৰ আৰু ৰাজ্য

পাঠ: ৯

( কৃষক সমাজ আৰু মােগল সাম্রাজ্য খ্রঃ ১৬-১৭ লৈ )

দ্বিতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ১৬-১৭ শতিকাত গাঁও অঞ্চলত কিমান শতাংশ লােক বাস কৰিছিল ? 

উত্তৰঃ প্রায় ৮৫ শতাংশ লােক বাস কৰিছিল । 

প্রশ্ন ২। আইন – ই – আকবৰীৰ ৰচক কোন ? 

উত্তৰঃ আবুল ফজল হ’ল আইন – ই – আকবৰীৰ ৰচক ।

প্রশ্ন ৩। মধ্য যুগত ধনী বুলি কোনসকল লােকক কোৱা হয় ? 

উত্তৰঃ ১০ একৰ ভূমি থকা লােকসকলক ধনী বুলি কোৱা হৈছিল । 

প্রশ্ন ৪। ধানখেতি কেনে অঞ্চলত কৰা হৈছিল ? 

উত্তৰঃ বছৰি ৪০ ইঞ্চি বৰষুণ হােৱা অঞ্চলবােৰত ধান খেতি কৰা হৈছিল । 

প্রশ্ন ৫। আগ্রা অঞ্চলত কিমানবিধ খাৰিফ শস্য কৰা হৈছিল ? 

উত্তৰঃ প্রায় ৩৯ বিধ খাৰিফ শস্য কৰা হৈছিল । 

প্রশ্ন ৬। বংগদেশত কিমান বিধ ধানখেতি কৰা হৈছিল ? 

উত্তৰঃ প্রায় ৫০ বিধ ধানখেতি কৰা হৈছিল । 

প্রশ্ন ৭। ‘ জিন্স-ই-কামিল ’ শব্দৰ অর্থ কি ? 

উত্তৰঃ সর্বোত্তম ফচলক ‘ জিন্স – ই – কামিল ’ বুলি কোৱা হৈছিল । 

প্রশ্ন ৮। যােল্লৰ পৰা ওঠৰ শতিকাৰ ভিতৰত ভাৰতৰ জনসংখ্যা কিমান আছিল ? 

উত্তৰঃ প্রায় ৫০ মিলিয়ন হৈছিলগৈ । 

প্রশ্ন ৯। মণ্ডল কাক কোৱা হৈছিল ? 

উত্তৰঃ পঞ্চায়তৰ সভাপতিজনক মণ্ডল বুলি কোৱা হৈছিল । 

প্রশ্ন ১০। মধ্য যুগত জংঘলী বুলি কাক কোৱা হৈছিল ? 

উত্তৰঃ চিকাৰ আৰু ঝুমখেতিৰ সহায়ত জীৱন নির্বাহ কৰা লােকসকলক জংঘলী বুলি কোৱা হৈছিল । যেনে — ভিলসকল , মিসকল । 

প্রশ্ন ১২। খিদমত শব্দৰ অর্থ কি ? 

উত্তৰঃ সেৱা কাৰ্যক খিদমত বুলি কোৱা হয় । 

প্রশ্ন ১৩। মােগল যুগৰ অর্থনীতিৰ প্রধান উৎস কি আছিল ? 

উত্তৰঃ ভূমি ৰাজহ আৰু কৃষি আছিল প্রধান উৎস । 

প্রশ্ন ১৪। মুক্তাৰিয়ান কাক কোৱা হৈছিল ? 

উত্তৰঃ খেতিয়ক সকলক কোৱা হৈছিল । 

প্রশ্ন ১৫। মাজুৰ বুলিলে কি বুজা ? 

উত্তৰঃ কৃষিৰ লগত জড়িত ব্যক্তিসকলক মাজুৰ বুলি কোৱা হৈছিল । 

প্রশ্ন ১৬। বাবৰৰ আত্ম জীৱনীখনৰ নাম কি ? 

উত্তৰঃ বাবৰৰ আত্ম জীৱনীখনৰ নাম বাবৰনামা । 

প্রশ্ন ১৭। পেছকছ কি ?

উত্তৰঃ মােগল যুগত অৰণ্যবাসীসকলৰ পৰা সময়ে সময়ে পেছকছ নামৰ এবিধ কৰ আদায় কৰিছিল । এই কৰ হাতী বা ঘোঁৰাৰ সংখ্যাৰে লৈছিল । এনে কৰকে পেছকছ বােলে । 

প্রশ্ন ১৮। বংগদেশত চিৰস্থায়ী বন্দবস্ত কোনে প্ৰৱৰ্তন কৰিছিল ?

উত্তৰঃ লর্ড কর্ণৱালিছে চিৰস্থায়ী বন্দৱ প্ৰৱৰ্তন কৰিছিল ।

প্রশ্ন ১৯। মিলকিয়াত কি আছিল ?

উত্তৰঃ মিলকিয়াত মানে হ’ল কোনাে সামগ্ৰীৰ গৰাকী । 

প্রশ্ন ২০। মুকাদ্দাম বুলি কাক কোৱা হৈছিল ? 

উত্তৰঃ গাঁৱৰ মুখিয়ালজনক মুকাদ্দাম বুলি কোৱা হৈছিল ।

চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। মােগল যুগত বেছিকৈ খেতি কৰা শস্যসমূহ কি কি ? 

উত্তৰঃ কপাহ , কুঁহিয়াৰ , সৰিয়হ , তিলজাতীয় শস্য , নদগী শস্য , আলু, বিলাহী , জলকীয়া , মাটিকঁঠাল , অমিতা , কাজুবাদাম আদি । 

প্রশ্ন ২। সােতৰ শতিকাত ভাৰতলৈ বাহিৰৰ দেশবােৰৰ পৰা কোনবােৰ নতুন শস্যৰ আৱির্ভাব হৈছিল ? 

উত্তৰঃ বাহিৰা দেশৰ পৰা অহা নতুন শস্যবােৰ হ’ল –আলু , বিলাহী , আফ্রিকা আৰু স্পেইনৰ পৰা গােমধান , জলকীয়া , মাটিকঠাল , অমিতা, কাজু বাদাম আদি । 

প্রশ্ন ৩। গাঁৱৰ কৃষকসকল কেনেধৰণে কৃষিৰ লগত জড়িত হৈ আহিছিল ? 

উত্তৰঃ গাঁৱৰ কৃষকসকল বছৰৰ বিভিন্ন সময়ত নানা ধৰণে কৃষিৰ লগত জড়িত আছিল । উদাহৰণ স্বৰূপে মাটি চহোৱা , গুটি সিঁচা , শস্য চপােৱা আদি কামত জড়িত হৈছিল । ইয়াৰােপৰি চেনি , তেল , গুৰ আদি কৃষি আধাৰিত উৎপাদনৰ লগতে জড়িত আছিল । 

প্রশ্ন ৪। খুদকাশত আৰু পাহি কালত কৃষক বুলিলে কি বুজা ? 

উত্তৰঃ খুদকালত আৰু পাহিকালত হ’ল ওঠৰ শতিকাৰ দুই প্রকাৰ খেতিয়কৰ নাম । খুদকালত কৃষকসকল নিজৰ গাঁৱত আছিল আৰু তেওঁলােকৰ নিজৰ কৃষিভূমি আছিল । 

আনহাতে পাহিকালত কৃষকসকল স্থায়ী বাসিন্দা নাছিল । তেওঁলােক অন্য ঠাইৰ পৰা ঠিকা ভিত্তিত কৃষি কৰিবলৈ আহিছিল । বহুতে স্বেচ্ছাই পাহিকালত শ্রেণীভুক্ত হৈছিল । 

প্রশ্ন ৫৷ পাৰ্চিয়ান চকা পদ্ধতি কি আছিল ? নাইবা , জাতি পঞ্চায়ত কি ? 

উত্তৰঃ ওঠৰ শতিকাত খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা আছিল । খেতি পথাৰত পানী যােগান ধৰা অন্য এটা উন্নত ব্যৱস্থা হ’ল পাচিয়ান চকা পদ্ধতি । ই কাঠ , ৰচী আৰু মাটি কলহেৰে নির্মিত আছিল । এটা ঘূৰণীয়া ৰিঙত কলহবােৰ ৰাখি ষাঁড়গৰুৰ সহায়ত পানী তােলা হৈছিল । এই পদ্ধতিৰে অতি দ ’ কুঁৱাৰ পৰা পানী তোলাটো সহজ হৈ পৰিছিল । পঞ্জাব আৰু সিন্ধু প্রদেশত এই পদ্ধতিৰ প্ৰচলন দেখা গৈছিল । 

প্রশ্ন ৬। ( A ) কুলীনাধিপত্য ব্যবস্থা কি আছিল ? 

উত্তৰঃ মধ্য যুগৰ শাসন ব্যৱস্থাত পঞ্চায়ত পদ্ধতিৰ প্ৰচলন আছিল । এই পঞ্চায়ত ব্যৱস্থাৰ মুৰব্বীসকলৰ মাজতাে শ্রেণী বিভাজন দেখা গৈছিল । কুলীনাধিপত্য হ’ল এক শ্রেণী বা ব্যৱস্থা । এই ব্যৱস্থাত বিভিন্ন সম্প্রদায় আৰু জাতিৰ প্রতিনিধি আছিল । কিন্তু সমাজৰ সৰু সৰু শ্রেণীবােৰে ইয়াত প্রতিনিধিত্ব নাপাইছিল ।

প্রশ্ন ৬। ( B ) ঝাৰােকা দর্শন কি ? কোনে আৰু কিয় প্রৱৰ্তন কৰিছিল ?

উত্তৰঃ মােগল সম্রাটসকলে দৈনন্দিন কাম – কাজ ৰাতিপুৱা সূর্য উদয়ৰ আগতে ভক্তি গীত বা প্রার্থনাৰে আৰম্ভ কৰিছল । তাৰ পিছত পূবফালে থকা এটি সৰু বেলকণীত উপস্থিত হৈছিল । এই বেলকণীটোকে ঝাৰােকা বােলা হৈছিল । ইয়াৰ পৰা তেওঁ জনসাধাৰণক দর্শন দিছিল ৷ এই দর্শন ব্যৱস্থাকে ঝাৰােকা – দর্শন বােলা হৈছিল । ৰজাৰ এনে দর্শন পাবলৈ জুম বান্ধি থকা লােক সকলৰ ভিতৰ আছিল সৈনিক , ব্যবসায়ী , শিল্পকাৰ , কৃষক , শিশু আদি । 

এই ঝাৰোকা দর্শনব্যৱস্থা মহামতি আকবৰে উদ্ভাৱন কৰিছিল । জনমানসত সম্রাটৰ ৰাজকীয় কর্তৃক স্বীকৃতি দিয়া আৰু বিস্তাৰ কৰাই আছিল এই ব্যৱস্থাৰ প্রধান উদ্দেশ্য । 

প্রশ্ন ৭ কুঁৱাৰ পানী তুলিবলৈ ব্যৱহাৰ কৰা দুটা যন্ত্রৰ নাম লিখা । 

উত্তৰঃ এই দুবিধ যন্ত্র বা পদ্ধতি হল বাল্টি আৰু চকা পদ্ধতি । 

প্রশ্ন ৮। পঞ্চায়তৰ মুখিয়ালসকলে সমাধা কৰা দুটা কাম উল্লেখ কৰা । 

উত্তৰঃ পঞ্চায়তৰ মুখিয়ালসক মণ্ডল বােলা হৈছিল । তেওঁলােকে সমাধা কৰা দুটা কাম হ’ল— 

( ক ) অপৰাধীক জৰিমনা বিহিছিল । আৰু 

( খ ) সমাজৰ বিবাহকার্য সম্পন্ন কৰা ।

প্রশ্ন ৯। ৰাজস্থানৰ জাতি পঞ্চায়তৰ দুটা কার্যাবলী উল্লেখ কৰা । 

উত্তৰঃ ৰাজস্থানৰ জাতি পঞ্চায়ত দুটা কার্যাৱলী হ’ল— 

( ক ) নিম্ন জাতিৰ কৃষক ৰাজ্যৰ বিষয়াসকলে বা জমিদাৰসকলৰ বিভিন্ন সমস্যাসমূহৰ ৰায় দান কৰিছিল । 

( খ ) নিম্নশ্রেণীৰ লােকসকলৰ আবেদনবােৰৰ বিচাৰ কৰিছিল । 

প্রশ্ন ১০। জমা আৰু হাচিল বুলিলে কি বুজা ? 

উত্তৰঃ মােগল যুগত ভূমি ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত অৱলম্বন কৰা দুটা পদ্ধতি হল জমা আৰু হাচিল । জমা মানে হ’ল ৰাজহ ধার্য কৰা আনহাতে হাচিল হ’ল প্রকৃত ৰাজহ সংগ্ৰহৰ পৰিমাণ । 

প্রশ্ন ১১। আইন – ই – আকবৰী’ৰ দুটা আসোঁৱাহ উল্লেখ কৰা ।

উত্তৰঃ আইন – ই – আকবৰীৰ দুটা আসোঁৱাহ হ’ল— 

( ক ) তথ্যসমূহৰ মাজত মিল দেখা নাযায় ।

( খ ) তেওঁ সংগ্ৰহ কৰা তথ্যসমূহ সকলাে অঞ্চলৰ কাৰণে সমানে প্রযােজ্য নাছিল । 

প্রশ্ন ১২। টোডৰমতে উল্লেখ কৰা চাৰিবিধ মাটিৰ নাম লিখা । 

উত্তৰঃ টোডৰ মতে উল্লেখ কৰা চাৰিবিধ মাটি হ’ল— 

( ক ) পাৰাউটি । 

( খ ) পােলেজ ।

( গ ) চাচৰ । আৰু 

( ঘ ) বঞ্জৰ । 

প্রশ্ন ১৩। মনচবদাৰী ব্যৱস্থা বুলিলে কি বুজা ? 

উত্তৰঃ আকবৰৰ শাসন কালৰ আগতে সৈন্যবাহিনীৰ মাজত কোনাে নিয়মানুবর্তিতা নাছিল । সেয়ে সৈন্যবাহিনীৰ মাজত নিয়মানুবর্তিতা বজাই ৰাখি সামৰিক বাহিনীৰ সংস্কাৰ সাধন কৰাৰ কাৰণে শাহৰাজ খাক মীৰবকলী পদত নিয়ােগ কৰে আৰু নিজে এখন আঁচনি প্রস্তুত কৰে । তেওঁ প্ৰস্তুত কৰা আঁচনিখনকে মনচবদাৰী ব্যৱস্থা বুলি কোৱা হয় । এই আঁচনি অনুসৰি মুঠ তেত্রিছটা পর্যায়ৰ মনচবদাৰ আছিল । প্রতিজন মনচবদাৰে পর্যায় অনুযায়ী নির্দিষ্ট সংখ্যক সৈন্য , হাতী , ঘোঁৰা আদি প্ৰস্তুত কৰি ৰাখিব লাগিছিল ।

প্রশ্ন ১৪। মচনবি কি আছিল ? 

উত্তৰঃ বাবৰে প্রণয়ন কৰা তেওঁৰ দ্বিতীয় পুথিখনৰ নাম মচনবি আছিল । 

প্রশ্ন ১৫। পট্টা বুলিলে কি বুজা ? 

উত্তৰঃ চেচাহে খেতিয়কসকলৰ মাটিৰ ওপৰত তেওঁলােকৰ স্বত্ব স্বীকাৰ কৰি পট্টা প্রদান কৰিছিল । এই পট্টাত খেতিয়কসকলে কি শস্য সিঁচিব , মাটিৰ পৰিমাণ আৰু খেতিয়কে চৰকাৰক পৰিশােধ কৰিবলগীয়া ৰাজহৰ কথা উল্লেখ আছিল । 

প্রশ্ন ১৬। জিজিয়া কৰ কি ? 

উত্তৰঃ অমুছলমান লােকসকলৰ পৰা সংগ্ৰহ কৰা ধর্মীয় কৰকে জিজিয়া কৰ বুলি কোৱা হয় । 

প্রশ্ন ১৭। মিলকীয়াদ কি ?

উত্তৰঃ মােগল যুগত জমিদাৰসকলৰ ব্যক্তিগত নিজৰ বাৰী – বাগানসহ মাটি সম্পত্তিক মিলকীয়াদ বােলে । 

প্রশ্ন ১৮। খুতবা বুলিলে কি বুজা ? 

উত্তৰঃ ভগৱানক বা আল্লাক প্রশস্তি কৰা প্ৰথা হ’ল খুতবা । মছজিদৰ মুখ্য ধর্মগুৰুজনে এই খুতবা বা প্রশস্তি গাই শুনাইছিল । 

প্রশ্ন ১৯। ‘ দাগ ’ বুলিলে কি বুজা ? 

উত্তৰঃ চেৰচাহে সৈন্য বাহিনীৰ মাজত নিয়মানুৱৰ্তিতা বজাই ৰখাৰ ওপৰত বিশেষ গুৰুত্ব আৰােপ কৰিছিল । তেওঁলােকৰ মাজত যাতে কোনাে ধৰণৰ দুর্নীতিয়ে বাহ ল’ব নােৱাৰে তাৰ বাবেও সততে চকু ৰাখিছিল । ইয়াৰে অংশ হিচাপে যুদ্ধৰ ঘোঁৰাবােৰ যাতে কোনেও সাল – সলনি কৰিব নােৱাৰে তাৰ কাৰণে তেওঁ চৰকাৰী ঘোঁৰাবােৰৰ গাত দাগ বা চিহ্ন প্রদান কৰিছিল । 

প্রশ্ন ২০। বৰ্গীৰ বুলিলে কি বুজা ? 

উত্তৰঃ শিবাজীয়ে অশ্বাৰােহী বাহিনীক ‘ শিলদাৰ ‘ আৰু বৰ্গীৰ নামেৰে দুটা ভাগত ভাগ কৰিছিল । বর্গীসকলে নিয়মীয়া বেতন লাভ কৰিছিল । তেওঁলােকক সামৰিক অস্ত্র – শস্ত্ৰ আৰু ঘোঁৰা যােগান ধৰা হৈছিল । 

প্রশ্ন ২১। টোমান বুলিলে কি বুজা ? 

উত্তৰঃ মােগল যুগৰ একোটা ভাগ বা গােটক টোমান বুলি কোৱা হৈছিল । একোটা টোমান বা গােটত প্রায় ৩২ হাজাৰ সৈন্যৰ লােক আছিল । চেংগিছ খাই প্রথমে এনে আৰ্হিৰ সৈন্য বাহিনী গঠন কৰিছিল । 

প্রশ্ন ২২। জাৱটি বুলিলে কি বুজা ? 

উত্তৰঃ মাটিৰ পৰিমাণ অনুসৰি নিৰ্ধাৰণ কৰা ৰাজহ ব্যৱস্থাক জাৱটি বােলা হৈছিল । চেৰচাহে প্রথমে এনে ব্যৱস্থা হাতত লৈছিল । পিছলৈ আকবৰেও এনে ব্যৱস্থাৰ দ্বাৰা ৰাজহ সংগ্রহ কৰিছিল । 

প্রশ্ন ২৩। চাচৰ আৰু ৰঞ্জৰ মাজত পার্থক্য কি ? 

উত্তৰঃ যি মাটি তিনি / চাৰিবাৰ খেতি নকৰাকৈ পৰি থাকে তাকে চাচৰ বােলে । আনহাতে যি মাটি পাঁচ বছৰ খেতি নকৰাকৈ পৰি থাকে তাক বৰ বুলি কোৱা হৈছিল । এই দুবিধ মাটিৰ ৰাজহৰ পৰিমাণে বেছি আছিল । 

প্রশ্ন ২৪। আকবৰৰ ৰাজসভাত থকা নজন পণ্ডিতৰ নাম লিখা । 

উত্তৰঃ আকবৰৰ ৰাজসভাত থকা নজন বিশিষ্ট পণ্ডিত হ’ল – মােল্লা দু পায়াজা , আব্দুল ৰহিম খানখানা , তানচেন , ৰাজা টোডৰমল , বীৰবল, হামিৰ হুমান , আবুল ফজল , মানসিং আৰু ফাইজী । 

প্রশ্ন ২৫। মােগল যুগত কৃষি প্রধান সমাজৰ মহিলাসকলে কৃষি কার্যত কেনেদৰে সহায় কৰিছিল ? অথবা , কৃষিজীৱি সমাজত মহিলাই আগবঢ়োৱা দুটা বৰঙণি উল্লেখ কৰা । 

অথবা , মধ্যযুগীয় ভাৰতৰ কৃষিভিত্তিক সমাজত মহিলাৰ ভূমিকা আলােচনা কৰা । 

উত্তৰঃ তথ্যৰ পৰা জনা যায় যে উৎপাদন পদ্ধতিত পুৰুষ আৰু মহিলাই কিছুমান নির্দিষ্ট ভূমিকা পালন কৰিছিল । কৃষি উৎপাদনত পুৰুষ মহিলা উভয়ে কিছুমান নির্দিষ্ট কাম কৰিছিল । পুৰুষসকলে হাল বাইছিল । মহিলাসকলে শস্য চপােৱা , নিৰােৱা আৰু শস্য জবা – ফুকা কৰি চাফ কৰিছিল । পশ্চিম ভাৰতত মহিলাসকলে হালবােৱা প্রথা নাছিল । প্রয়ােজন অনুসৰি মহিলাসকলে বজাৰলৈ গৈ খাদ্য সামগ্রী ক্রয় – বিক্রয় কৰিছিল । বহুতাে মহিলাই নানা ধৰণৰ বাচনবর্তনাে তৈয়াৰ কৰিছিল । ঠিক তেনেদৰে বােৱা কটাতাে মহিলাসকল যথেষ্ট আগবঢ়া আছিল । 

প্রশ্ন ২৬। ‘খােদ কাস্তা ’ আৰু ‘পাহি কাস্তা ’ কৃষক বুলি কাক কোৱা হয় ? 

উত্তৰঃ ওঠৰশ শতিকাৰ তথ্যসমূহত দুই প্রকাৰ কৃষকৰ নাম পােৱা যায় । এই দুইবিধ কৃষক হ’ল খােদ – কাস্তা আৰু পাহি – কাস্তা । 

যি সকল কৃষকে নিজৰ গাঁৱত বাস কৰিছিল আৰু নিজ কৃষি ভূমি আছিল তেওঁলােকক খােদ – কাস্তা কৃষক নামে জনা গৈছিল । আনহাতে পাহি – কাস্তা কৃষক সকল স্থায়ী বাসিন্দা নাছিল । তেওঁলােকে অন্য গাঁৱত থাকি আনৰ মাটিত ঠিকা ভিত্তিত কৃষি কৰিছিল । 

প্রশ্ন ২৭। আমেৰিকাৰ গৃহযুদ্ধই ভাৰতৰ ৰায়ত সকলৰ জীৱণ কেনেকৈ প্ৰভাৱান্বিত কৰিছিল ? 

উত্তৰঃ আমেৰিকাৰ গৃহযুদ্ধৰ ফলত আমেৰিকাৰ পৰা আমদানী কৰা কপাহৰ পৰিমাণ হ্রাস পাইছিল । সেয়ে ভাৰতৰ দাৰে ঠাইত কপাহ উৎপাদন অধিক প্রয়ােজন হৈ পৰিল । ইংলেণ্ডৰ কপাহ বেপাৰী আহি ভাৰতৰ কপাহ খেতিক উৎসাহ দিবলৈ ধৰিলে । ফলত দক্ষিণাত্যৰ বায়তসকলে কপাহ খেতি কৰিবলৈ আৰম্ভ কৰে । উল্লেখযােগ্য যে ১৮৬২ চনত ভাৰতৰ পৰাই প্রায় নব্বৈ শতাংশ কপাহ ৰপ্তানি কৰা হৈছিল । 

Sl. No.সূচী-পত্ৰ
Chapter 1ইটা মণি আৰু হাড়বােৰ
Chapter 2ৰজা কৃষক আৰু নগৰসমূহ
Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী
Chapter 4দার্শনিক প্রত্যয় আৰু স্থাপত্য
Chapter 5যুগে যুগে অসম
Chapter 6পর্যটকৰ দৃষ্টিভংগীৰে
Chapter 7ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ
Chapter 8এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ
Chapter 9কৃষক, জমিদাৰ আৰু ৰাজ্য
Chapter 10সম্রাট আৰু ইতিহাস
Chapter 11উপনিবেশবাদ আৰু গ্রাম্য সমাজ
Chapter 12বিদ্রোহীসকল আৰু ৰাজ
Chapter 13ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ
Chapter 14মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
Chapter 15ভাৰত বিভাজন আৰু ৰাজনীতি
Chapter 16ভাৰতীয় সংবিধান সংকলন

প্রশ্ন ২৮। আইন – ই – আকবৰী পুথিখন অনুবাদ কৰা ইংৰাজ অনুবাদক দুজনৰ নাম লিখা । তেওঁলােকে অনুবাদৰ কাম কেতিয়া শেষ কৰিছিল ? 

উত্তৰঃ এই অনুবাদক দুজন হ’ল হেনৰী ব্লচমান ( Henry Blochoman) আৰু এইছ , এচ . জেৰাট ( H.S. Jarrett ) তেওঁলােকে তেওঁলােকৰ অনুবাদৰ কাম ক্রমে ১৮৯১ আৰু ১৮৯৪ চনত সম্পূর্ণ কৰিছিল । 

প্রশ্ন ২৯। জমিদাৰ সকলতকৈ প্ৰায়ে গাঁৱলীয়া জোতদাৰ সকল বেছি প্ৰভাৱশালী । দুটা কাৰণ উল্লেখ কৰা । 

উত্তৰঃ ইয়াৰ দুটা কাৰণ হ’ল– 

( ক ) দুর্বল জমিদাৰসকলৰ দুর্বলতা । কাৰণ তেওঁলােকে জোতদাৰ সকলৰ শক্তিক প্রতিহত কৰিব পৰা নাছিল । 

( খ ) জোতদাৰসকল বে – নামী সম্পত্তি ক্ৰয় কৰি জমিদাৰসকলতকৈ অর্থনৈতিক ভাবে সবল হােৱাৰ প্রচেষ্টা চলাইছিল । 

প্রশ্ন ৩০। আকবৰৰ দিনত কৰা মাটিৰ চাৰিটা ভাগ কি কি ? 

উত্তৰঃ আব্বৰৰ দিনত কৰা মাটিৰ চাৰিটা ভাগ হ’ল — পৰাউতি , পােলেজ , চাচৰ আৰু বঞ্জৰ । 

প্রশ্ন ৩১। মধ্যযুগীয় ভাৰতত কৃষি উৎপাদন বৃদ্ধিৰ বাবে কি কি প্রযুক্তি ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ মধ্যযুগত কৃষি প্রণালী প্রকৃতিৰ ওপৰত নিৰ্ভৰশীল আছিল । সেয়ে প্রয়ােজন জলসিঞ্চন পদ্ধতি গ্রহণ কৰা হৈছিল । পুখুৰী আছিল পানী যােগান ধৰাৰ মূল উৎস । খেতি পথাৰলৈ আৰু নদৰ পৰা পানী যােগান ধৰাৰ ব্যৱস্থা কৰা হৈছিল । 

প্রশ্ন ৩২। ষষ্ঠদশ আৰু সপ্তদশ শতিকাত ভাৰতত মহিলাৰ শ্ৰমৰ ওপৰত নিৰ্ভৰশীল দুটা হস্ত শিল্পৰ নাম উল্লেখ কৰা । 

উত্তৰঃ ষষ্ঠদশ আৰু সপ্তদশ শতিকাত ভাৰতত মহিলাৰ ওপৰত নিৰ্ভৰশীল দুটা হস্তশিল্প হ’ল– সূতাকটা আৰু কাপােৰ তৈয়াৰ কৰা ।

প্রশ্ন ৩৩। ষষ্ঠদশ আৰু সপ্তদশ শতিকাত ভাৰতৰ গ্রামাঞ্চলত থকা কাৰিক সকলৰ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ উদাহৰণ দুটা হ’ল— 

( ক ) কমাৰ , কুমাৰ , বাঢ়ৈ , মুচি , সােণাৰী আদি কাৰিকসকলে গাঁওবাসীলৈ তেওঁলােকৰ সেৱা আগবঢ়াইছিল । 

( খ ) গাঁৱত আবাদী হৈ পৰি থকা কৃষি উপযােগী ঠাই সমূহত খেতি কৰিছিল । 

See Next Page…

1 thought on “Class 12 History Chapter 9 কৃষক, জমিদাৰ আৰু ৰাজ্য”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top