Class 12 History Chapter 9 কৃষক, জমিদাৰ আৰু ৰাজ্য The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 9 কৃষক, জমিদাৰ আৰু ৰাজ্য and select needs one.
Class 12 History Chapter 9 কৃষক, জমিদাৰ আৰু ৰাজ্য
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 9 কৃষক, জমিদাৰ আৰু ৰাজ্য Solutions for All Subject, You can practice these here…
ৰচনাধর্মী প্রশ্নোত্তৰ
প্রশ্ন ১। মােগল যুগৰ ৰাজহ সম্বন্ধে আলােচনা কৰা । অথবা , সম্রাট আকবৰ শাসনকালত মাটি কেনেদৰে শ্রেণী বিভাগ কৰা হৈছিল ? মাটিৰ ওপৰত কৰ কেনেদৰে নিৰ্ধাৰণ কৰা হৈছিল ?
উত্তৰঃ আকবৰৰ শাসন কালত মােগল যুগৰ ৰাজহ ব্যৱস্থা এটি সংগঠিত ৰূপত গঢ় লৈছিল । আকবৰে ১৫৮২ খ্রীষ্টাব্দত টোডৰমলৰ হতুৱাই গুণাগুণৰ ওপৰত ভিত্তি কৰি মাটিক চাৰিটা ভাগত ভাগ কৰিছিল । এই ভাগবােৰ পােলেজ , পাৰাউটি , চাচৰ আৰু বঞ্জৰ ।
পােলেজ আৰু পাৰাউটি মাটি উৎপন্ন শস্যৰ পৰিমাণৰ ভিত্তিত উত্তম , মধ্যম আৰু অধম এই তিনিভাগত বিভক্ত কৰিছিল । প্রত্যেক কৃষকৰে এই তিনি প্রকাৰৰ মাটি আছিল । এই তিনিও প্রকাৰৰ মাটিৰ উৎপন্নৰ এক তৃতীয়াংশ ৰাজহ হিচাপে নির্ধাৰণ কৰিছিল । উৎপন্ন শস্যৰ দ্বাৰা অথবা অর্থৰ দ্বাৰা ৰাজহ দিয়া হৈছিল । এই ৰাজহ ব্যৱস্থা সমগ্ৰ উত্তৰ ভাৰত আৰু গুজৰাটত প্রচলিত আছিল ।
অমুছলমান প্রজাৰ ওপৰত লগােৱা জিজিয়া কৰ, বহির্বাণিজ্যৰ ওপৰত শুল্ক আৰু আন্তঃবাণিজ্যিক শুল্ক উঠাই দিছিল ।
ৰাজহ সংগ্ৰহৰ সুবিধাৰ কাৰণে গােটেই সম্ৰাজ্যখন বাৰটা চুবাত বিভক্ত কৰা হৈছিল । চৰকাৰ চুবাৰ অন্তৰ্গত আছিল । তেনেদৰে পৰগণা চৰকাৰৰ অন্তর্ভুক্ত আছিল ।
প্রত্যেক চুবাত একোজনকৈ দেৱান বা ৰাজহ সংগ্ৰহকাৰী আছিল । ৰাজহ সংগ্ৰহ কৰাটো দেৱানৰ দায়িত্ব আছিল । দেৱান আৰু নাজিৰ উভয়ে উভয়ৰ কাম – কাজৰ ওপৰত চোকা দৃষ্টি ৰাখিছিল । নাজিৰ বা চুবেদাৰ আৰু দেৱানক সম্রাটে নিয়ােগ কৰিছিল । সংগৃহীত ৰাজহৰ পৰা শাসন – কাৰ্যৰ কাৰণে প্রয়ােজনীয় ব্যয় কৰিবলগীয়া ধন দেৱানে চুবেদাৰক দিছিল । বাকী ৰাহি হােৱা ধন কেন্দ্রীয় ৰাজকোষত জমা দিয়া হৈছিল । তদুপৰি প্ৰতিখন জিলাত ৰাজহ সংগ্ৰহৰ কাৰণে বিষয় নিয়ােগ কৰা হৈছিল ।
প্রশ্ন ২। মােগল যুগত সাধাৰণ শ্ৰেণীৰ অর্থনৈতিক অবস্থা কেনে আছিল আলােচনা কৰা ।
উত্তৰঃ মােগল যুগৰ সাধাৰণ কৃষক শ্ৰেণীৰ অৱস্থা সন্তোষজনক আছিল বুলি ক’ব নােৱাৰি । কৃষক , বনুৱা , নানা কর্মৰ লগত জড়িত শিল্পী কাৰিকৰ , লগুৱা , ক্ষুদ্র ব্যবসায়ী আৰু ক্ষুদ্র ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলক লৈ সাধাৰণ শ্রেণী গঠিত হৈছিল ।
সমাজৰ এই শ্রেণীৰ লােকসকলৰ অর্থনৈতিক অবস্থা অতি দুখলগা বুলিব পাৰি । ইয়াৰ ভিতৰতে সাধাৰণ বনুৱাসকলৰ অৱস্থা অতি শােচনীয় আছিল । কাৰণ তেওঁলােকে কম মজুৰিৰ বিনিময়ত অধিক শ্ৰম কৰিবলৈ বাধ্য হৈছিল । তথ্যৰ পৰা জনা যায় এই লােকসকলে আনকি প্রয়ােজনীয় কাপােৰ – কানি ব্যৱহাৰ কৰাৰ পৰা বঞ্চিত হৈছিল । অতি নিম্নমানৰ আহাৰ গ্রহণ । কৰিবলৈ বাধ্য হৈছিল । আনকি ক্ষুদ্র ব্যবসায়ৰ লগত জড়িত ব্যক্তিসকলৰ অৱস্থা খেতিয়ক সকলতকৈও নিম্ন আছিল বুলি জনা যায় । দুর্ভাগ্যবশতঃ এই লােকসকল চৰকাৰী কৰ্মচাৰীসকলৰ দ্বাৰা শােষিত হ’বলৈ বাধ্য হৈছিল ।
প্রশ্ন ৩। মধ্য যুগত বা সােতৰ আৰু ওঠৰ শতিকাৰ ভিতৰত কৃষকসকলৰ অৱস্থাৰ চমু বিৱৰণ দিয়া ।
উত্তৰঃ সােতৰ আৰু ওঠৰ শতিকাৰ কৃষক সমাজৰ অৱস্থা অতি বেয়া আছিল বুলি তথ্যৰ পৰা জানিব পাৰি । প্রাচীন পদ্ধতি অৱলম্বনৰ দ্বাৰা কৃষি কার্য কৰা হৈছিল । আনহাতে , চৰকাৰৰ ফালৰ পৰা খেতিয়কসকলক কোনাে ধৰণৰ সহায় আগবঢ়োৱা হােৱা নাছিল । খেতিয়কসকলে চৰকাৰৰ ফালৰ পৰা উচ্চ পর্যায়ৰ বীজ আৰু সাৰৰ যােগান পােৱাত ব্যর্থ হৈছিল । তদুপৰি বানপানী আৰু খৰাং বতৰৰ সন্মুখীন হ’ব লগা হৈছিল কৃষকসকল । দুর্ভাগ্যবশতঃ এনে বিপর্যয় সময়তাে কৃষকসকলে চৰকাৰৰ ফালৰ পৰা সকলাে ধৰণৰ সহায়ৰ পৰা বঞ্চিত হ’ব লগা হৈছিল । লত খেতিয়কসকলে সকলাে বিপদ অতিক্রম কৰি জীৱন নির্বাহ কৰিবলৈ বাধ্য হৈছিল । তদুপৰি ওঠৰ শতিকাৰ ৰাজনৈতিক অস্থিৰতাত কৃষকসকলৰ জীৱনলৈ দুর্যোগ নমাই আনিছিল ।
অতি নিম্নমানৰ সুবিধাৰ জৰিয়তে কৃষিকার্য কৰি খেতিয়কসকলে শস্যৰ উৎপাদন বঢ়োৱাত ব্যর্থ হৈছিল । তদুপৰি যুদ্ধৰ সময়ত সৈন্যসকলে অবিবেচকভাৱে খেতি পথাৰৰ শস্যবােৰ নষ্ট কৰিছিল । আনহাতে ইয়াৰ বিনিময়ত চৰকাৰে কৃষকসকলক কোনাে ধৰণৰ ক্ষতি – পূৰণ আদায় দিয়াৰ পৰা বিৰত আছিল । আনকি মাজে – সময়ে চোৰ – ডকাইতবােৰেও ইচছাকৃতভাৱে খেতিপথাৰৰ শস্যবোৰ নষ্ট কৰি পেলাইছিল । এনেদৰে দেখা যায় যে মােগল , মাৰাঠা আৰু শিখসকলৰ শাসনকাল ছােৱাত খেতিয়কসকলৰ অৱস্থাৰ কোনাে পৰিৱৰ্তন ঘটনা নাছিল । তেওঁলােকে অতি কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰিব লগা হৈছিল ।
প্রশ্ন ৪। ভাৰতত ধপাতৰ উৎপাদনৰ কাহিনী চমুকৈ বর্ণনা কৰা ।
উত্তৰঃ ধপাত এবিধ ৰাগিয়াল দ্রব্যৰ ভিতৰত পৰে । প্রথমে ধপাত খেতিৰ প্ৰচলন দক্ষিণ ভাৰতত আৰম্ভ হৈছিল । পিছত সোতৰ শতিকাৰ প্ৰথম ভাগত ধপাতৰ খেতিৰ প্রচলন উত্তৰ ভাৰততাে আৰম্ভ হৈছিল । অৱশ্যে ‘ আইন – ই – আকবৰীত ভাৰতত ধপাতৰ উৎপাদন আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে উল্লেখ নাই । আকবৰৰ শাসনকালত মানুহে ধপাত সেৱন কৰিবলৈ আৰম্ভ কৰে । পিছলৈ ইয়াৰ ব্যৱহাৰৰ বহুল প্রচলন ঘটে । সেয়ে জাহাংগীৰে ধপাতৰ উৎপাদন আৰু ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিবলৈ বাধ্য হৈছিল বুলি জনা যায় । তথাপি ইয়াৰ উৎপাদন আৰু ব্যৱসায়ৰ প্রচলন সমাজত চলি আহিছিল ।
প্রশ্ন ৫। আবুল ফজলৰ বিষয়ে চমুকৈ আলােচনা কৰা । বা , আবুল ফজলে কেনেকৈ আকবৰৰ ৰাজবাৰ বিৱৰণ দিছিল ?
উত্তৰঃ ( ক ) আকবৰৰ শাসন কালত আবুল ফজল এজন একাধাৰে কবি , সাহিত্যিক , বুৰঞ্জীবিদ , ৰাজনীতিজ্ঞ আৰু শাসনকর্তা হিচাপে বিখ্যাত আছিল ।
( খ ) আবুল ফজল আকবৰৰ এজন অতি বিশ্বাসী গুণমুদ্ধ আৰু বিশ্বাসী লােক আছিল ।
( গ ) ১৫৫৭ খ্রীষ্টাব্দত আবুল ফজলৰ জন্ম হৈছিল । বিখ্যাত আৰবী সাহিত্যিক শেখ মােবাৰক আছিল তেওঁৰ পিতৃ ।
( ঘ ) নিজৰ গুণৰ ফলত আকবৰৰ ৰাজসভাত আবুল ফজলে উচ্চ আসন লাভ কৰিবলৈ সক্ষম হৈছিল । সেয়ে অলপ সময়ৰ ভিতৰতে আবুল ফজল আকবৰৰ অতি জনপ্রিয় হৈ উঠে । পিছত তেওঁক আকবৰে ৰাজ্যৰ উজীৰ বা বিত্তমন্ত্রী হিচাপে নিয়ােগ কৰে । সম্রাটৰ ওচৰৰ এটা কোঠালিত তেওঁৰ কার্যালয় আছিল আৰু প্রতিদিনৰ বিষয়বােৰ সম্রাটৰ লগত খৰচি মাৰি আলােচনা কৰিছিল ।
( ঙ ) আবুল ফজল এজন প্রখ্যাত বুৰঞ্জীবিদ আছিল । তেওঁ ‘ আইন – ই – আকবৰী’ আৰু আকবৰ নামা ’ নামৰ দুখন পুথি ৰচনা কৰিছিল । এই দুই পুথিৰ জৰিয়তে আকবৰৰ শাসনকালৰ বিস্তৃত বিৱৰণী পােৱা যায় ।
( চ ) আবুল ফজল এজন অনুবাদকাৰী আছিল । তেওঁ পঞ্চতন্ত্রখন পাৰ্চী ভাষালৈ অনুবাদ কৰি সমাজৰ পৰা উচ্চ সমাদৰ লাভ কৰিছিল ।
( ছ ) আবুল ফজল এজন অতি দক্ষ সামৰিক নেতাও আছিল । কাৰণ আকবৰৰ সামৰিক অভিযানৰ সময়ত তেওঁ কেবাখনাে যুদ্ধত সামৰিক নেতা হিচাপে বিশেষ প্রতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল ।
( জ ) আকবৰৰ ৰাজসভাত আবুল ফজলৰ স্থান বহুতৰ বাবে হিংসাৰ কাৰণ হৈ পৰিছিল । ফলত তেওঁৰ বিৰুদ্ধে নানা ষড়যন্ত্র গঢ়ি উঠিছিল । এনে ষড়যন্ত্রৰ ফল হিচাপে যুৱৰাজ চেলিমৰ হাতত আবুল ফজল নিহত হ’ব লগা হয় । চেলিমৰ হাতত আবুল ফজলৰ মৃত্যুৰ বাতৰি পাই দুখেৰে কৈছিল যে – “ সিংহাসনৰ বাবে যদি চেলিমৰ ইমানেই লােভ আছিল তেতিয়া হ’লে তেওঁ আবুল ফজলৰ সলনি মােকেই হত্যা কৰা উচিত । ”
প্রশ্ন ৬। মােগল যুগত জমিদাৰসকলৰ ভূমিকাৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ মধ্য বা মােগল যুগত সমাজত জমিদাৰসকলে বিশেষ ভূমিকা পালন কৰিছিল । মাটিৰ গৰাকী হিচাপেও তেওঁলােকে সমাজত আধিপত্য স্থাপনৰ প্ৰয়াস কৰিছিল । মাটিৰ মালিক হোৱাৰ বাবে তেওঁলােকে গ্রাম্য সমাজৰ ওপৰত নিজৰ প্রভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল । অৱশ্যে তেওঁলােকে প্রশাসনীয় দিশতাে বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল ।
জমিদাৰসকলৰ নিজা মালিকনাধীন মাটি আছিল । এই মাটিবােৰত তেওঁলােকে বনুৱাৰ সহায়ত খেতি – বাতি কৰিছিল । প্রয়ােজন অনুসৰি তেওঁলােকে সেই মাটিবােৰ বিক্ৰী কৰিব পাৰিছিল ।
জমিদাৰসকলৰ তলত কৃষকসকলে তেওঁলােকৰ মাটিত খেতি কৰিছিল । কৃষকসকলৰ পৰা তেওঁলােকে খেতি কৰাৰ বিনিময়ত জমিদাৰসকলে খাজনা সংগ্ৰহ কৰিছিল । তাৰ এটা অংশ চৰকাৰক ৰাজহ হিচাপে পৰিশােধ কৰিছিল ।
জমিদাৰসকলে সৈন্য বাহিনীৰ নিয়ন্ত্রণ কৰিছিল । আনকি তেওঁলােকে নিজাববীয়াকৈ সৈন্য বাহিনীও ৰাখিছিল । এই সৈন্যবাহিনীটো পদাতিক , অশ্বাৰােহী আৰু হাতী বিভাগেৰে গঠিত আছিল । জমিদাৰসকলে সাধাৰণতে কৃষক শ্রেণীক শােষণ কৰা বুলি কোৱা হয় । অৱশ্যে কৃষকসকলৰ উন্নতিৰ ক্ষেত্ৰত তেওঁলােকে কিছুমান ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল ।
প্রশ্ন ৭। মধ্য যুগত কৃষকসকলৰ দুৰৱস্থাৰ কাৰণবােৰ চমুকৈ আলােচনা কৰা ।
উত্তৰঃ বিভিন্ন তথ্যৰ পৰা জনা যায় মধ্য বা মােগল যুগত খেতিয়কসকলে এক কষ্টকৰ পৰিৱেশৰ মাজেৰে জীৱন নির্বাহ কৰাৰ কাৰণে বাধ্য হৈছিল । এনে অৱস্থাৰ বিষয়ে অধ্যয়ন কৰিলে এই দিশত কিছুমান কাৰণ লক্ষ্য কৰা যায় । এই কাৰণবােৰ তলত উল্লেখ কৰা ধৰণে আলােচনা কৰিব পাৰি ।
( ক ) জায়গীৰকৰ ব্যৱস্থা :- সেই সময়ত প্রচলিত জায়গীৰ কৰ ব্যৱস্থা আছিল কৃষকসকলৰ শােচনীয় অৱস্থাৰ অন্যতম কাৰণ । জায়গীদাৰসকলে কৃষকসকলক শােষণ কৰি নিজে বিলাসী , জীৱন – যাপন কৰিছিল । কিন্তু তেওঁলােকে কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে কোনাে ব্যৱস্থা গ্ৰহণ কৰা নাছিল ।
( খ ) কৃষি ব্যৱস্থাৰ অৱনতি :- চৰকাৰে কৃষকসকলৰ পৰা ৰাজহ সংগ্ৰহ কৰিছিল যদিও কৃষিৰ উন্নতিৰ কাৰণে কোনাে ব্যৱস্থা গ্ৰহণ কৰা নাছিল । খৰাং আৰু বানপানীৰ সময়তাে চৰকাৰে কৃষকসকলক কোনাে ধৰণৰ সহায় আগবঢ়োৱা নাছিল । ফলত কৃষকসকল নানা ধৰণৰ সমস্যাৰ সন্মুখীন হৈ কষ্টৰ মাজেৰে জীৱন নির্বাহ কৰিবলৈ বাধ্য হৈছিল । ফলত কৃষি কার্যৰাে অৱনতি ঘটিছিল ।
( গ ) অত্যধিক ৰাজহ ব্যৱস্থা :- চৰকাৰে প্রয়ােজন অনুসৰি সময়ে সময়ে কৃষকসকলৰ ওপৰত ৰাজহৰ পৰিমাণ যথেষ্ট বৃদ্ধি কৰিছিল । আনকি প্রাকৃতিক দুর্যোগৰ সময়তাে খেতিয়কসকলে চৰকাৰৰ পৰা ৰাজহ ৰেহাই পােৱা নাছিল । ফলত কৃষকসকলৰ আর্থিক অৱস্থাৰ চৰম অৱনতি ঘটিছিল ।
তদুপৰি চৰকাৰে কৃষকসকলক আর্থিক উৎপাদনৰ কাৰণে কোনাে আধুনিক পদ্ধতি গ্রহণ ব্যৱস্থা কৰা নাছিল । পুৰণিকলীয়া নীতিৰ মাজেৰে খেতিয়কসকল কৃষিকৰ্মত নিয়ােজিত হৈ থকাৰ ফলত কৃষিৰ উৎপাদন বঢ়া নাছিল ।
গতিকে ওপৰত উল্লেখ কৰা কাৰণসমূহৰ পৰিণতিত মধ্য যুগৰ কৃষকসকলৰ অৱস্থা অত্যন্ত শােচনীয় হৈ পৰিছিল ।
প্রশ্ন ৮। আইন – ই – আকবৰীৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ আকবৰৰ জীৱনৰ ভেটিত আবুল ফজলে আইন – ই – আকবৰী নামৰ গ্ৰন্থখন প্রণয়ন কৰিছিল ।
আবুল ফজলে প্রণয়ন কৰা এই গ্রন্থখন তিনিটা ভাগত ভাগ কৰি আলােচনা কৰিব পাৰি ।
প্রথম অংশটোত আকবৰৰ জন্মৰ পৰা ১৫৭২ চনৰ ১৫ ছেপ্টেম্বৰলৈ তেওঁৰ সকলাে ৰাজনৈতিক কার্যাৱলীৰ বিৱৰণ দিয়া হৈছে ।
দ্বিতীয় অংশটোত আকবৰৰ ৩১ বছৰ বয়সৰ পৰা ৪৬ বছৰ বয়সৰ ভিতৰত তেওঁৰ সমগ্র কার্যাৱলীৰ বিৱৰণ দিয়া হৈছে ।
তৃতীয় অংশটোত আকবৰৰ সমগ্ৰ শাসনাৱলীৰ বিৱৰণ দাঙি ধৰা হৈছে । এই অংশটোত সেই সময়ৰ মােগল যুগৰ কৃষি , হিন্দুসকলৰ বিভিন্ন দিশ , প্রাকৃতিক সৌন্দর্য আদিৰ বিষয়ে আভাস দিয়া হৈছে । তদুপৰি হিন্দুসকলৰ জীৱন প্রণালীৰ নানা দিশাে এই অংশটোত আলােকপাত কৰা হৈছে ।
ঐতিহাসিক দিশৰ ফালৰ পৰা আইন – ই – আকবৰীৰ গুৰুত্ব অতি অসীম । কাৰণ অবুল ফজলে মনােগ্রাহী ভাষাৰে সেই সময়ৰ ভাৰতবৰ্ষৰ সকলাে দিশৰ ওপৰত আলােকপাত কৰিবলৈ চেষ্টা । কৰিছিল তদুপৰি এই গ্রন্থখন ৰচ সময়ত তেওঁক সংস্কৃত পণ্ডিতসকলৰ সহায় লােৱা বুলিও তথ্যৰ পৰা জনা যায় । হিন্দুসকলক অতি উদাৰ বুলি আবুল ফজলে তেওঁৰ গ্ৰন্থত উল্লেখ কৰি গৈছে ।
প্রশ্ন ৯। ভাৰতৰ গাঁওসমূহ ক্ষুদ্র ক্ষুদ্র গণতন্ত্র ব্যাখ্যা কৰা ।
উত্তৰঃ উনৈছ শতিকাৰ ইংৰাজ বিষয়াসকলে গাঁওসমূহক ‘ক্ষুদ্র গণতন্ত্র’ বুলি কৈছিল , য’ত ভাতৃত্ববােধেৰে সামূহিক স্তৰত সম্পদ আৰু শ্ৰমৰ বিতৰণ কৰা হৈছিল । কিন্তু ই সাম্যবাদৰ প্রতীকো আছিল । গাঁওসমূহত সম্পত্তিৰ ব্যক্তিগত মালিকীস্বত্ব , জাতি আৰু লিংগৰ ভিত্তিত বৈষম্য পৰিলক্ষিত হৈছিল । কিছুমান সম্রান্তলােকে গাঁৱৰ বিবাদসমূহ সমাধানৰ কাৰণ আগভাগ লৈছিল । কিন্তু ইয়াৰ জৰিয়তে তেওঁলােকে দুখীয়াসকলক শােষণো কৰিছিল । আনকি ন্যায় প্রদানৰ ক্ষমতাও তেওঁলােকৰ হাতত ন্যস্ত আছিল ।
আন এক গুৰুত্বপূৰ্ণ কথা হ’ল যে গাঁও আৰু নগৰসমূহৰ মাজত হােৱা বাণিজ্যিক কাৰণত গাঁওসমূহতাে নগদ লেনদেনৰে সংস্কৃতি গঢ়ি উঠাতাে মােগল শাসিত কেন্দ্রীয় অঞ্চলসমূহত ৰাজহ গণনা আৰু সংগ্রহ নগদ ধনেৰে দিয়াটো আৰম্ভ হৈছিল ।
প্রশ্ন ১০। মােগল যুগৰ জলসিঞ্চন পদ্ধতিৰ বিষয়ে এটি চমুটোকা লিখা ।
উত্তৰঃ মােগল যুগতে কৃষিকাৰ্যৰ বাবে প্রধানকৈ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল আছিল । কিন্তু এনে কিছুমান শস্য আছিল যত পানী মােগল অপৰিহাৰ্য আছিল । ইয়াৰ কাৰণে কৃত্রিম জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল । নাদ আৰু পুখুৰীৰ পৰা পানী যােগান ধৰা হৈছিল । এনে ব্যৱস্থাৰ কাৰণে পানী যােগানৰ কৌশল গ্রহণ কৰা হৈছিল ।
চাহজাহানৰ শাসনকালত পঞ্জাৱত খাল খন্ধা হৈছিল । এই খাল ৭৮ মাইল দৈৰ্ঘ্যৰ আছিল । তেওঁৰ দিনতে ৰাবী নদীৰ পৰা লাহােৰ পর্যন্ত ৮৪ মাইল পর্যন্ত দীঘল খাল খান্দি শস্যক্ষেত্ৰত পানী যােগান ধৰা হৈছিল । চাহজাহানে ফিৰােজ চাহ হৌগলকৰ দিনত খন্দা কেইবাটাও খাল চাফ কৰি সেইবােৰ জলসিঞ্চনৰ কাৰণে উপযােগী কৰি তুলিছিল । আইন – ই – আকবৰী নামৰ গ্রন্থত মেৱাৰ ধিৱাৰ হ্ৰদৰ উল্লেখ পােৱা যায় । ই প্রায় ৩৬ মাইল ব্যাসৰ আছিল । ইয়াৰ জৰিয়তে ঘেঁহু খেতিত পানী যােগান ধৰা হৈছিল ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Tq so much sir🙏🙂