Class 12 History Chapter 7 ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ

Class 12 History Chapter 7 ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 7 ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ and select needs one.

Class 12 History Chapter 7 ভক্তি আৰু চুফী পৰম্পৰা , ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 7 ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ Solutions for All Subject, You can practice these here…

ভক্তি আৰু চুফী পৰম্পৰা , ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ

পাঠ: ৭

( খ্রীঃ ৮ ম শতিকাৰ পৰা ১৮ শ শতিকালৈ )

দ্বিতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। তান্ত্রিক ধর্ম মানে কি ? 

উত্তৰঃ অধিকাংশৰ মতে দেৱী আৰধনা পদ্ধতিক তান্ত্রিক পদ্ধতি বা ধর্ম বুলি কোৱা হয় । 

প্রশ্ন ২। ভক্তি আন্দোলনৰ ভাগ দুটা কি কি ? 

উত্তৰঃ ভক্তি আন্দোলনৰ ভাগ দুটা হ’ল সগুণ আৰু নিৰ্গুন । 

প্রশ্ন ৩। চুফী শব্দটো ক’ৰ পৰা আহিছে ? 

উত্তৰঃ চুফী শব্দটো চাফ শব্দৰ পৰা আহিছে । 

প্রশ্ন ৪। ছিলছিলাৰ অর্থ কি ? অথবা , ‘ছিলছিলা ’ বুলিলে কি বুজা ?

উত্তৰঃ ছিলছিলাৰ অৰ্থ হ’ল শিকণি । 

প্রশ্ন ৫। ৱলী বা আউলিয়াৰ অর্থ কি ? 

উত্তৰঃ ৱলী বা আউলিয়াৰ অৰ্থ হ’ল ঈশ্বৰৰ মিত্ৰ এজন চুফী , যি আল্লাৰ নিকটাত্মীয় বুলি ” দাবী কৰিছিল ।

প্রশ্ন ৬। ১৫ শতিকাৰ ভক্তি আন্দোলনৰ বিখ্যাত মহিলা কবি কোন ?

উত্তৰঃ মীৰাবাই । 

প্রশ্ন ৭৷ অসমত বৈষ্ণববাদী আন্দোলনৰ প্রতিষ্ঠাতা কোন ? অথবা , শঙ্কৰদেৱ কোন আছিল ? 

উত্তৰঃ মহাপুৰুষ শংকৰদেৱ ।

প্রশ্ন ৮। কবীৰৰ উল্টাবাসী ৰচনাসমূহ কি আছিল ? 

উত্তৰঃ উল্টাবাসী ৰচনাবােৰ হ’ল এই প্ৰকাৰ লিখনিত দৈনন্দিন অর্থসমূহক ওলােটাভাবত প্রকাশ কৰা হৈছিল । এনে লিখনিৰ তাৎপর্য বুজা টান । উদাহৰণ স্বৰূপে ‘ফুল অবিহনে পদুম ফুল’ আদি । 

প্রশ্ন ৯। গুৰুগ্রন্থ চাহিব কোনে লিখিছিল ? 

উত্তৰঃ দশম গুৰু গােবিন্দ সিঙে প্রণয়ন কৰিছিল । 

প্রশ্ন ১০। মীবাঈ কোন আছিল ? 

উত্তৰঃ মীবাঈ ভক্তি পৰম্পৰাৰ সকলােতকৈ প্রসিদ্ধ মহিলা কবি আছিল । 

প্রশ্ন ১১। উলেমা কাক কোৱা হয় ? 

উত্তৰঃ মুছলমানসকলৰ ধৰ্ম গুৰু বা ইছলাম শিক্ষানুষ্ঠানৰ পণ্ডিতসকলক উলেমা বুলি কোৱা হয় । 

প্রশ্ন ১২। ভক্তি আন্দোলন বুলিলে কি বুজা ? 

উত্তৰঃ তুর্কী আফগান চুলতানসকলৰ দিনত ভাৰতবৰ্ষত হিন্দুসকলৰ মাজত ভক্তি আন্দোলন গঢ়ি উঠিছিল । মানৱ জীৱনৰ চৰম সার্থকতা লাভ কৰিবলৈ ভক্তিবাদৰ ওপৰত এই আন্দোলনে গুৰুত্ব আৰােপ কৰিছিল । এয়ে হ’ল ভক্তি আন্দোলন । 

প্রশ্ন ১৩। সগুণ ভক্তি কি ? 

উত্তৰঃ উত্তৰ ভাৰতত ৰমানন্দৰ নেতৃত্বত এক ভক্তি আন্দোলনে গা কৰি উঠিছিল । এই আন্দোলনকে সগুণ ভক্তি বা সাকাৰাত্মক বুলি কোৱা হয় । অর্থাৎ ভগৱানৰ আকাৰ মানি লােৱা  হৈছিল । 

প্রশ্ন ১৪। চুফী আন্দোলন কি ? 

উত্তৰঃ ইছলামৰ প্ৰাৰম্ভিক শতাব্দ কেইটাতে ধর্মীয় তথা ৰাজনৈতিক সংস্থা খিলাফত গােড়ামী আৰু জড়বাহৰ বিৰুদ্ধে কিছু আধ্যাত্মিক লােকৰ মাজত বৈৰাগ্য আৰু ৰহস্যবাদী চিন্তাৰ বিদ্রোহ হয় ।ইয়াকে চুফীবাদ বুলি কোৱা হৈছিল । আচলতে চুফীবাদ গােড়া ইছলামৰ বিৰুদ্ধে এক বিদ্রোহ আছিল ।

প্রশ্ন ১৫। পীৰ কি ? 

উত্তৰঃ চুফীসকলৰ শিষ্যক বা ধর্ম প্রচাৰকসকলক পীৰ বুলি কোৱা হয় । 

প্রশ্ন ১৪। কেতিয়া গুৰু নানকৰ জন্ম হৈছিল ? 

উত্তৰঃ ১৪৬৯ খ্রীষ্টাব্দত গুৰু নানকৰ জন্ম হৈছিল ।

প্রশ্ন ১৬। শ্রীচৈতন্যৰ জন্ম কত হৈছিল ? 

উত্তৰঃ বংগদেশৰ নৱদ্বীপত এক ব্রাহ্মণ কুলত তেওঁৰ জন্ম হৈছিল । 

প্রশ্ন ১৭। কেতিয়া আৰু ক’ত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ? 

উত্তৰঃ ১৪৪৯ খ্রীষ্টাব্দত নগাঁৱৰ বৰদোৱাত তেওঁৰ জন্ম হৈছিল । 

প্রশ্ন ১৮। পােন্ধৰশ শতিকাৰ আৰবৰ এজন প্রখ্যাত দার্শনিকৰ নাম লিখা । 

উত্তৰঃ ইবন – আই – আৰবী হ’ল প্রখ্যাত দার্শনিক । 

প্রশ্ন ১৯। শ্ৰীমন্ত শংকৰদেৱৰ মূল্যৱান ৰচনা কি ? 

উত্তৰঃ কীর্তনঘােষা । 

প্রশ্ন ২০। ময়নুদ্দিন খিষ্টি কেতিয়া ভাৰতলৈ আহিছিল ? 

উত্তৰঃ১১৯২ খ্রীষ্টাব্দত তেওঁ ভাৰতলৈ আহিছিল । 

প্রশ্ন ২১। মধ্যযুগত দক্ষিণ ভাৰতত বৈষ্ণৱধৰ্ম প্ৰচাৰ কৰা ব্যক্তিজনৰ নাম লিখা । 

উত্তৰঃ বল্ল ভাচার্য । 

প্রশ্ন ২২। দুজন চুফী সস্তৰ নাম লিখা । 

উত্তৰঃ ৰাবি আৰু মনচুৰ – বিন – হালাজ । 

প্রশ্ন ২৩। মেলেছসকল কোন আছিল ?

 উত্তৰঃ খৃঃ পূঃ দ্বিতীয় শতিকাত শক জাতি মধ্য এচিয়াৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰে । সেই সময়তে ব্রাহ্মণসকলে এই জাতিটোক মেলেছ বুলিছিল । মেলেছ মানে বহিৰাগত , অস্পৃশ্য জাতি বুলি ধাৰণা কৰিছিল । 

প্রশ্ন ২৪। গুৰু নানকৰ জন্ম কত হৈছিল ? 

উত্তৰঃ পঞ্জাৱ প্ৰদেশৰ ৰাভীনদীৰ পাৰৰ নানক চাহাব নামে গাঁৱত নানকৰ জন্ম হৈছিল ।

চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। আমিৰ খশ্ৰু কোন আছিল ?

উত্তৰঃ চুলতানী শাসনকালত আমিৰ খশ্ৰু এজন শ্রেষ্ঠ কবি আছিল । তেওঁ ৰচনা কৰা বহুতাে কবিতা আৰু সংগীত এতিয়াও জনসাধাৰণৰ মাজত সমাদৃত হৈ আহিছে । আমিৰ খশ্রু এজন ইতিহাসবিদো আছিল । 

প্রশ্ন ২। উর্দুভাষাৰ বিষয়ে চমুকৈ উল্লেখ কৰা । 

উত্তৰঃ উর্দুভাযা হ’ল হিন্দু আৰু মুছলমান সংস্কৃতিৰ সংমিশ্রণৰ দ্বাৰা প্রতিষ্ঠিত হােৱা ভাষা । ইয়াৰ শব্দ সম্ভাৰবােৰ হিন্দী , ফাৰচী আৰু আৰবী ভাষাৰ পৰা উদ্ভৱ হােৱা । 

প্রশ্ন ৩। ভক্তি আন্দোলনৰ কেইজনমান মুখ্য সন্তৰ নাম লিখা । অথবা , মধ্যযুগৰ ভাৰতৰ যি কোনাে দুজন চুফীসন্ত পুৰুষৰ নাম লিখা । 

উত্তৰঃ ভক্তি আন্দোলনৰ মুখ্য সন্ত কেইজনমানৰ নাম হ’ল— ৰামানুজ , কবীৰ , নানকদেৱ , শ্রীচৈতন্য , মীৰাবাঈ আদি ।

প্রশ্ন ৪। মীৰাবাঈ কোন আছিল ?

উত্তৰঃ মীবাঈ মাৰােৱাৰৰ মিৰাট জিলাৰ এগৰাকী ৰাজপুত ৰাজকুমাৰী আছিল । তেওঁ তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে এজন ৰাজকোৱৰলৈ বিয়া হৈছিল । পিছত তেওঁ স্বামীক ত্যাগ কৰে আৰু শ্রীকৃষ্ণক একমাত্র প্রেমিক হিচাপে গ্রহণ কৰে । পিছত মীবাবাঈক বিষপানৰ জৰিয়তে হত্যাৰ চেষ্টা চলােৱা হৈছিল । সেয়ে তেওঁ ৰাজভৱন ত্যাগ কৰি এগৰাকী পৰিভ্ৰমী গায়িকা হিচাপে পৰিচিত হৈ পৰে । 

মীবাঈয়ে বহুতাে ভজন ৰচনা কৰিছিল । যিবােৰ শতাব্দ জুৰি মৌখিক ৰূপত আজিও প্রচলন হৈ আছে । তেওঁৰ ৰচনাৰাজি গুজৰাট আৰু ৰাজস্থানৰ তথাকথিত নীচ জাতিবােৰৰ মাজত অধিক জনপ্রিয় আছিল । 

প্রশ্ন ৫। খানকাহ আৰু ছিলছিলা কাক বােলে ? অথবা , খানকাহ কি ? চিস্তি খানকাহত কেনেদৰে জীৱন কটোৱা হয় , চমুকৈ বর্ণনা । 

উত্তৰঃ এঘাৰ শতিকালৈ চুফীবাদে কোৰাণ আৰু চুফী মতবাদৰ সৈতে জড়িত নিজস্ব সাহিত্যৰ সৈতে এক পূর্ণ বিকশিত আন্দোলন ৰূপে আত্মপ্রকাশ কৰিছিল । চুফীসকলে নিজকে এক সংগঠিত সম্প্রদায় ৰূপে প্রতিষ্ঠা কৰিছিল । ইয়াকে খানকাহ বােলা হৈছিল । 

বাৰশ শতিকাৰ আশে – পাশে ইছলাম সমাজত ছিলছিলা বা এক পন্থা গঠন কৰা হয় । ছিলছিলাৰ শব্দগত অর্থ শিকণি , যি গুৰু আৰু শিষ্যৰ মাজত এক নিৰৱচ্ছিন্ন ইংগিত বহন কৰে । ইয়াৰ মাধ্যমেৰেই আধ্যাত্মিক শক্তি আৰু আশীর্বাদ ভক্তসকললৈ প্ৰেৰণ কৰা হৈছিল । ছিলছিলাত দীক্ষাৰ ব্যৱস্থা আছিল । চুলি খুৰাই ফঁটা বস্ত্র পিন্ধি নিষ্ঠা আৰু ভক্তিৰে শপত বাক্য পাঠ কৰি দীক্ষা গ্রহণ কৰিব লাগিছিল । 

প্রশ্ন ৬। বল্লভাচাৰ্যৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ ১৪৭৯ খ্রীষ্টাব্দত এটি তেলেগু ব্রাহ্মণ পৰিয়ালত বল্লভাচাৰ্যৰ জন্ম হৈছিল । তেওঁ বাৰানসীত শিক্ষা গ্রহণ কৰিছিল । পিছত বিজয়নগৰ ৰাজ্যৰ শ্ৰেষ্ঠ সম্রাট কৃষ্ণদেৱ ৰায়ৰ ৰাজসভাত পৃষ্ঠপােষকতা লাভ কৰে । বল্লভাচার্য কৃষ্ণভক্ত আছিল । তেওঁ তাত কিছুমান শাক্ত পণ্ডিতক তর্ক যুদ্ধত পৰাস্ত কৰে । ইয়াৰ পিছত তেওঁ মথুৰা , কাশী , বৃন্দাবন আদি তীর্থস্থান ভ্রমণ কৰে আৰু পুনৰ তালৈ উভতি আহে । এইবাৰ তেওঁ ধর্ম প্রচাৰৰ কামত ব্ৰতী হয় । সকলাে ভােগ – বিলাসৰ পৰা আঁতৰত থাকি কৃষ্ণ ভক্তিত আসক্ত হােৱাই আছিল তেওঁৰ দ্বাৰা প্ৰচাৰিত ধৰ্মৰ মূলমন্ত্র । 

প্রশ্ন ৭ আদি শংকৰাচাৰ্যই প্রতিষ্ঠা কৰা পীঠ চাৰিখনৰ নাম লিখা । 

উত্তৰঃ এই পীঠ চাৰিখন হ’ল— 

( ক ) গােবর্ধন পীঠ পুৰী ( উৰিষ্যা ) 

( খ ) সাদা পীঠ — দ্বাৰকা ( গুজৰাট ) 

( গ ) শৃংগেৰী পীঠ – মহীশূৰ ( কর্ণাটক ) 

( ঘ ) জ্যোতিষ পীঠ – বদ্রীনাথ ( উত্তৰ প্ৰদেশ )

প্রশ্ন ৮। মাধৱাচার্য কোন আছিল ? 

উত্তৰঃ ভক্তি আন্দোলনৰ এজন নেতা আছিল মাধৱাচার্য । তেওঁ বিষুৰ ভক্ত আছিল । তেওঁৰ মতে জ্ঞান মাৰ্গ আৰু মােক্ষ বা মুক্তিৰ পৰাহে ভক্তি ভাব সম্ভব হয় । এনে কৰিহে মানুহে বিষ্ণুক ভক্তি কৰিব পাৰে । তেওঁ দ্বৈতবাদৰ ওপৰত বিশ্বাস ৰাখিছিল আৰু ইয়াৰ বিষয়ে মানুহৰ মাজত প্ৰচাৰ কৰিছিল । 

প্রশ্ন ৯। ভক্তি আন্দোলনৰ প্রধান বৈশিষ্ট্যবােৰৰ বিষয়ে চমুকৈ উল্লেখ কৰা । 

উত্তৰঃ ভক্তি আন্দোলনৰ দুটা প্রধান বৈশিষ্ট্য লক্ষ্য কৰা যায় । এই বৈশিষ্ট্য দুটা হ’ল–নিৰ্গুন ভক্তি আৰু সগুণ ভক্তি । 

নিণ্ডণ মানে হ’ল নিৰাকাৰ । অর্থাৎ এইসকল লােকে ঈশ্বৰৰ বা ভগৱানৰ কোনাে আকাৰ নাই বুলি বিশ্বাস কৰিব পাৰি । 

আনহাতে , সগুণীসকলে ভগৱানক আকাৰ হিচাপে লৈছিল । উদাহৰণ হিচাপে এই লােকসকলে ৰাম আৰু শ্রীকৃষ্ণক আকাৰ বা অৱতাৰ ৰূপত পূজা কৰিছিল । 

প্রশ্ন ১০। সুৰদাস আৰু তুলসীদাসৰ বিষয়ে চমুকৈ উল্লেখ কৰা ।

উত্তৰঃ ষােড়শ শতিকাৰ ভক্তি আন্দোলনক জনপ্রিয় কৰি তােলাৰ দিশত সুৰদাস আৰু তুলসীদাসৰ বৰঙণি আছিল অতি উল্লেখযােগ্য । দুয়ােজন সগুণপন্থী আছিল । উদাহৰণ স্বৰূপে সুৰদাস শ্রীকৃষ্ণৰ ভক্ত হােৱাৰ বিপৰীতে তুলসীদাস ৰামভক্ত আছিল । তেওঁলােক দুয়ােজনে নিজ গুৰুৰ প্ৰশংসাৰে বহুতাে কবিতা ৰচনা কৰিছিল । সুদাসে ৰচনা কৰা ভক্তিমূলক গীতসমূহ বর্তমান সমাজত যথেষ্ট পমািণে সমাদৃত হৈ আহিছে । 

প্রশ্ন ১১। শ্রীচৈতন্যৰ বিষয়ে চমুকৈ আলােচনা কৰা ।

উত্তৰঃ১৪৮৫খ্রীষ্টাব্দত শ্রীচৈতন্যই বংগদেশৰ নৱদ্বীপত জন্ম গ্রহণ কৰে । ভক্তি আন্দোলন  লগত জড়িত ব্যক্তিসকলৰ ভিতৰত শ্রীচৈতন্য আছিল অধিক জনপ্রিয় । সৰু কালৰে পৰা বিদ্যানুৰাগী আৰু ধৰ্মৰ প্রতি আসক্ত আছিল , ছাবিশ বছৰ বয়সত তেওঁ সংসাৰ ধর্ম ত্যাগ কৰে , পিছত উত্তৰ আৰু দক্ষিণ ভাৰতৰ প্ৰায়বােৰ ঠাই ঘূৰি নানা জ্ঞান অর্জন কৰে । জীৱনৰ শেষৰ কালছােৱা তেওঁ পুৰীত কটায় । শ্রীকৃষ্ণৰ প্রতি ভক্ত হৈ মানুহে সকলাে মায়া মােহৰ পৰা মুক্তি লাভ কৰিব পাৰি বুলি শ্রীচৈতন্যই দৃঢ় বিশ্বাস কৰিছিল । জাতি – বর্ণ নির্বিশেষে সকলােৰে মাজত তেওঁ নিজ ধর্ম প্রচাৰ কৰিছিল । আনকি বহুতাে মুছলমান সম্প্রদায়ৰ লােকেও তেওঁৰ ধর্ম গ্রহণ কৰিছিল । তেওঁ সমাজত প্ৰচলিত জাতিভেদ প্রথা সমর্থন কৰা নাছিল । বহুতাে লােকে শ্রীচৈতন্যক শ্ৰীকৃষ্ণৰ অৱতাৰ বুলিও জ্ঞান কৰিছিল । তেওঁৰ যত্নতে বংগদেশত ভক্তি আন্দোলনে বিশেষ প্রসাৰ লাভ কৰিবলৈ সক্ষম হৈছিল । 

প্রশ্ন ১২। ডাড়ু কোন আছিল ? 

উত্তৰঃ ১৫৪৪ খ্রীষ্টাব্দত গুজৰাটৰ আহমেদাবদত ডাডুৰ জন্ম হৈছিল । তেওঁ ব্রহ্ম নামৰ এটি ফৈদৰ জন্ম দিছিল । সকলাে মানুহৰ মনত সদভাব আৰু আস্থাৰ ভিত্তিত ধর্ম প্রচাৰ কৰিছিল । 

প্রশ্ন ১৩। ৰবিদাসৰ বিষয়ে চমুটোকা লিখা । 

উত্তৰঃ ৰবিদাস কবীৰৰ সমসাময়িক আছিল । ভক্তি আন্দোলনৰ তেৱো এজন প্রধান নেতা আছিল । তেওঁ নিৰাকাৰ ভগৱানৰ অস্তিত্বৰ ওপৰত বিশ্বাস ৰাখিছিল । তেওঁ পুনৰজনমৰ ওপৰতাে বিশ্বাস ৰাখিছিল । তেওঁৰ মতে মােক্ষ্য বা মুক্তি লাভ কৰাৰ প্ৰধান উপায় হ’ল শুদ্ধ অন্তৰেৰে ভগৱানক চিন্তা কৰা । 

প্রশ্ন ১৪। নামপন্থীসকল কোন আছিল ? 

উত্তৰঃ ব্রাহ্মণসকল আধিপত্যৰ বিৰুদ্ধে আন্দোলন কৰা লােকসকলক নামপন্থী বুলি কোৱা হয় । 

প্রশ্ন ১৫। আচার্য ৰামানুজ কোন আছিল ? 

উত্তৰঃ বাৰ শতিকাৰ ভক্তি আন্দোলনৰ গুৰি ধৰা সন্তসকলৰ ভিতৰত আচার্য ৰামানুজো আছিল অন্যতম । তেওঁ সগুণ ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিছিল । দক্ষিণ ভাৰত আৰু উত্তৰ ভাৰতত তেওঁ অধিক জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল । 

Sl. No.সূচী-পত্ৰ
Chapter 1ইটা মণি আৰু হাড়বােৰ
Chapter 2ৰজা কৃষক আৰু নগৰসমূহ
Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী
Chapter 4দার্শনিক প্রত্যয় আৰু স্থাপত্য
Chapter 5যুগে যুগে অসম
Chapter 6পর্যটকৰ দৃষ্টিভংগীৰে
Chapter 7ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ
Chapter 8এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ
Chapter 9কৃষক, জমিদাৰ আৰু ৰাজ্য
Chapter 10সম্রাট আৰু ইতিহাস
Chapter 11উপনিবেশবাদ আৰু গ্রাম্য সমাজ
Chapter 12বিদ্রোহীসকল আৰু ৰাজ
Chapter 13ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ
Chapter 14মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
Chapter 15ভাৰত বিভাজন আৰু ৰাজনীতি
Chapter 16ভাৰতীয় সংবিধান সংকলন

প্রশ্ন ১৬। নিমবার্কচার্য কোন আছিল ? 

উত্তৰঃ নিমবার্কচার্য ৰামানুজৰ সমসাময়িক লােক আছিল । তেৱো এজন দার্শনিক পণ্ডিত আছিল । ভক্তি আন্দোলনৰ লগত তেৱো জড়িত হৈ পৰিছিল । তেওঁ এক শৰণ ভাগৱতী ধর্ম বা কৃষ্ণক বিশ্বাস কৰিছিল । অচলা ভক্তিৰ জৰিয়তে কৃষ্ণক পােৱাৰ লগতে মুক্তি লাভ কৰিব পাৰি বুলি তেৱো বিশ্বাস কৰিছিল । উত্তৰ প্ৰদেশত তেওঁৰ বহুতাে শিষ্য আছিল । 

প্রশ্ন ১৭। পুৰীৰ মহাপ্রভু জগন্নাথৰ ভাই – ভনী কোন আছিল ? 

উত্তৰঃ পুৰীৰ মহাপ্রভু জগন্নাথৰ ভাই – ভনী হ’ল বলােৰাম আৰু শুভদ্রা । 

প্রশ্ন ১৮। ইছলাম ধৰ্মৰ পাঁচটা মূলনীতি উল্লেখ কৰা । 

উত্তৰঃ ইছলাম ধৰ্মৰ পাঁচটা মূলনীতি হ’ল –

( ক ) এজন ভগৱান বা আল্লাক বিশ্বাস কৰা । 

( খ ) দিনটোৰ ভিতৰত পাঁচবাৰ নামাজ পঢ়া । 

( গ ) দান বা জাকাত দিয়া । 

( ঘ ) ৰমজান মাহত ৰােজা ৰখা । আৰু 

( ঙ ) হজৰ কাৰণে মক্কালৈ যােৱা । 

প্রশ্ন ১৯। বাবা গুৰু নানকৰ যিকোনাে দুটা বাণী লিখ । 

উত্তৰঃ ( ক ) ভগৱানেই চিৰসত্য , তেওঁৰ সৃষ্টিয়েই তেওঁৰ স্থিতি । 

( খ ) ভােগ বিলাস আৰু সম্পূর্ণ সন্যাস মধ্য পন্থাৰে অৱলম্বন কৰি স্বাৰ্থপৰতা , ভণ্ডামি আৰু অসততা ত্যাগ কৰি জীৱন যাপন কৰিব লাগে । 

প্রশ্ন ২০। ‘বে – ছেৰিয়া আৰু বা – ছেৰিয়া ’ বুলিলে কি বুজা ? 

উত্তৰঃ চৰিয়তক যি সকলে মনা নাছিল বা অবজ্ঞা কৰিছিল তেওঁলােকক বে – ছেৰিয়া বুলি কোৱা হৈছিল । আনহাতে চৰিয়ত পালন কৰা সকলক বা – ছেৰিয়া বুলি কোৱা হৈছিল । 

প্রশ্ন ২১। আলৱাৰ আৰু নায়নাৰ সকল কোন আছিল ? 

উত্তৰঃ ষষ্ঠ শতিকাত এচাম ভক্তই বিষ্ণুৰ ওপৰত অটল বিশ্বাস ৰাখি ভক্তিভাৱ প্রদান কৰিছিল । এই লােক সকলক আলৱাৰ বুলি জনা গৈছিল ৷ আনহাতে আন কিছুমানে শিৱৰ ওপৰত অটল বিশ্বাস ৰাখি ভক্তিভাৱ প্ৰদান কৰিছিল । এই সকল লােকক নায়নাৰ বুলি কোৱা হৈছিল । 

প্রশ্ন ২২। পঞ্চশীৰসকল কোন আছিল ? তেওঁলােকৰ দৰগাহ ক’ত আছে ? 

উত্তৰঃ পঞ্চ বা পাঁচজন পীৰ হ’ল – শ্বেইখ মইনুদ্দিন চিষ্টি , খােৱাজা কুবুদ্দিন বখতিয়াৰ কাকী , শ্বেইখ ফৰিদুদ্দিন গঞ্জ , শ্বেইখ নিজামুদ্দিন আউলীয়া আৰু শ্বেইখ নাচিৰুদ্দিন চিৰাগ – ই – দিল্লী । তেওঁলােকৰ দৰগাহ দিল্লী আৰু গুজৰাটৰ বাণিজ্যিক পথৰ কাষত অৱস্থিত । 

প্রশ্ন ২৩৷ মাৰ্গৰ সগুণ আৰু নির্গুণ ধাৰা বুলিলে কি বুজা ? 

উত্তৰঃ ইতিহাসবিদসকলে ভক্তি পৰম্পৰাক দুটা ভাগত ভাগ কৰিছিল । প্রথমটো সগুণ  ( সাকাৰাত্মক ) আৰু দ্বিতীয়টো হ’ল নির্গুণ ( নিৰাকাৰ ভগৱান ) । প্রথমটোৰ ভাগত বিষ্ণু , শিৱ , অৱতাৰ আৰু দেৱীসকলক মূর্তি ৰূপ পূজা – অর্চনা কৰা হৈছিল । দ্বিতীয়টো ভাগত অ – মূর্ত ভগৱানক নিৰাকাৰ ৰূপত উপাসনা কৰা হৈছিল । 

প্রশ্ন ২৪। শ্বৰিয়া মানে কি বুজা ? ইয়াৰ যিকোনাে এটা ভিত্তিৰ নাম উল্লেখ কৰা । 

উত্তৰঃ শ্বৰিয়া হ’ল মুছলমান লােকসকলৰ বাবে কৰা আইন বা বিধি । ইয়াৰ এটি ভিত্তি হ’ল ন্যায় বিচাৰৰ নীতি ধর্মভিত্তিক আছিল । 

See Next Page…

1 thought on “Class 12 History Chapter 7 ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top