Class 12 History Chapter 15 ভাৰত বিভাজন আৰু ৰাজনীতি

Class 12 History Chapter 15 ভাৰত বিভাজন আৰু ৰাজনীতি Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 15 ভাৰত বিভাজন আৰু ৰাজনীতি and select needs one.

Class 12 History Chapter 15 ভাৰত বিভাজন আৰু ৰাজনীতি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 15 ভাৰত বিভাজন আৰু ৰাজনীতি Solutions for All Subject, You can practice these here.

ভাৰত বিভাজন আৰু ৰাজনীতি

পাঠ: ১৫

তৃতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। কোন চনত হিন্দু মহাসভা গঠন হৈছিল ? 

উত্তৰঃ ১৯১৫ চনত হিন্দু মহাসভা গঠন হৈছিল । 

প্রশ্ন ২। কোন চনত কেবিনেট মিছনৰ দল ভাৰতলৈ আহিছিল ? 

উত্তৰঃ ১৯৪৬ চনত মিছনৰ দল ভাৰতলৈ আহিছিল । 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

প্রশ্ন ৩। প্রত্যক্ষ সংগ্রাম দিৱস কেতিয়া পালন কৰা হৈছিল ? 

উত্তৰঃ ১৯৪৬ চনৰ ১৬ আগষ্ট তাৰিখে পালন কৰা হৈছিল । 

প্রশ্ন ৪। লর্ড মাউন্টবেটেনে কোন চনত ভাৰত বিভাজন আঁচনি গ্ৰহণ কৰে ? 

উত্তৰঃ ১৯৪৬ চনৰ ৩ জুন তাৰিখে তেওঁ ভাৰত বিভাজন আঁচনি গ্ৰহণ কৰে । 

প্রশ্ন ৫। ১৮৫৭ চনলৈকে ইংৰাজে কোন সম্প্রদায়ৰ পক্ষ লৈ ভাৰত শাসন কৰিছিল ? 

উত্তৰঃ হিন্দুসকলৰ পক্ষ লৈ শাসন কৰিছিল । 

প্রশ্ন ৬। ভাৰতক দুর্বল কৰি শাসন কৰি যাবলৈ ইংৰাজে কি নীতি গ্রহণ কৰিছিল ? 

উত্তৰঃ বিভাজন আৰু শাসন ( Divide and rule ) 

প্রশ্ন ৭। ‘ পাকিস্তান ’ আঁচনি প্রথমে কোনে প্রস্তুত কৰিছিল ?

উত্তৰঃ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰহমৎ আলিয়ে প্রস্তুত কৰিছিল ।

প্রশ্ন ৮। বিভাজন কৰি হ’লেও ভাৰত ত্যাগৰ ঘােষণা ইংলেণ্ডৰ কোন জন প্রধানমন্ত্রীয়ে  কৰিছিল ? 

উত্তৰঃ ব্রিটিছ প্রধানমন্ত্রী এটুলীয়ে এনে ব্যৱস্থা গ্ৰহণ কৰিছিল । 

প্রশ্ন ৯। ‘ লঙ্গেী চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিল ? 

উত্তৰঃ কংগ্ৰেছৰ নৰম আৰু চৰম পন্থী আৰু মুছলীম লীগৰ মাজত ১৯১৬ চনত স্বাক্ষৰ কৰা হৈছিল । 

প্রশ্ন ১০। বিধ্বংসী ( holocaust ) শব্দৰ অর্থ কি ? 

উত্তৰঃ ভাৰত উপমহাদেশখনত চিন্তাবিদ আৰু পণ্ডিতসকলে বিভাজনৰ পৰিণামক চাই এই শব্দৰ অৰ্থ হ’ল ধ্বংসাত্মক বা ভয়ানক । 

প্রশ্ন ১১। ‘ পাকিস্তান ‘ শব্দটো কোনে উদ্ভাৱন কৰিছিল ?

উত্তৰঃ চৌধুৰী বেহমট আলী নামৰ এজন পাঞ্জাবী মুছলীম ছাত্রই । তেওঁ কেমব্রিজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল । 

প্রশ্ন ১২। মুছলিম লীগে কেতিয়া আনুষ্ঠানিকভাবে পাকিস্তানৰ দাবী উত্থাপন কৰিছিল ? 

উত্তৰঃ লাহােৰৰ প্ৰস্তাৱৰ দ্বাৰা ১৯৪০ চনত ৷ 

প্রশ্ন ১৩। কোনে দ্বৈত ৰাষ্ট্ৰীয়তত্ত্ব ঘােষণা কৰিছিল ? 

উত্তৰঃ মহম্মদ আলী জিন্নাই । 

প্রশ্ন ১৪। কেতিয়া ব্রিটিছ প্রধানমন্ত্রী ক্লিমেন্ট এটলিয়ে ভাৰতক স্বাধীনতা দিয়া কার্য ঘােষণা কৰিছিল ? 

উত্তৰঃ ব্রিটিছ প্রধানমন্ত্রীজনে ১৯৪৭ চনৰ ফেব্ৰুৱাৰীৰত ভাৰতক স্বাধীনতা দিব বুলি ঘােষণা কৰিছিল । 

প্রশ্ন ১৫। ১৯৪৮ চনৰ ৩০ জানুৱাৰীৰ দিনা এখন প্রার্থনা সভাত কোনে গান্ধীজীক হত্যা কৰিছিল ? 

উত্তৰঃ নাথুৰাম গদছে নামৰ এজন লােকে ।

প্রশ্ন ১৬। বিভাজনৰ সময়ত আজিৰ বাংলাদেশৰ নাম কি আছিল ? 

উত্তৰঃ পূৰ্ববংগ আছিল আজিৰ বাংলাদেশৰ নাম । 

প্রশ্ন ১৭। বিভাজন কালৰ অভিজ্ঞতাৰে লিখা এখন বিখ্যাত উপন্যাসৰ নাম লিখা । 

উত্তৰঃ খুচৱন্ত সিঙৰ “ Train to Pakistan ” । 

প্রশ্ন ১৮। গান্ধীজীৰ আদৰ্শৰে অনুপ্রাণিত হৈ প্ৰব্ৰজন কাৰীক সকলাে প্ৰকাৰে সহায় কৰা হিমাচল প্রদেশৰ চিকিৎসক জনৰ নাম লিখা । 

উত্তৰঃ খুশাদউ সিং আছিল । 

প্রশ্ন ১৯৷ ক’ত আৰু কেতিয়া স্বাধীন পাকিস্তানৰ দাবী গৃহীত হয় ? 

উত্তৰঃ ১৯৪০ চনৰ লাহােৰ কংগ্ৰেছ অধিবেশনত এই দাবী গৃহীত হয় । 

প্রশ্ন ২০। সুকীয়া নির্বাচন মণ্ডল গঠনৰ বিৰােধিতা কৰা এজন নেতাৰ নাম লিখা । 

উত্তৰঃ গোবিন্দ বল্লভ পোন্ট বিৰোধিতা কৰিছিল ।

প্রশ্ন ২১। ক’ত আৰু কেতিয়া মুছলিম লীগৰ জন্ম হৈছিল ? 

উত্তৰঃ ১৯০৬ চনত ঢাকাত মুছলীম লীগৰ জন্ম হৈছিল ।

প্রশ্ন ২২। কেতিয়া সুকীয়া পাকিস্তান ৰাষ্ট্ৰৰ প্ৰস্তাৱ গৃহীত হয় ? 

উত্তৰঃ ১৯৪০ চনৰ ২৩ মার্চ তাৰিখে সুকীয়া পাকিস্তান ৰাষ্ট্রৰ প্ৰস্তাৱ গৃহীত হয় । 

প্রশ্ন ২৩। পাকিস্তান প্রস্তাৱটো কোনে লিখি উলিয়াইছিল ? 

উত্তৰঃ চিকন্দৰ হায়ৎ খান নামৰ পঞ্জাৱৰ লােক এজনে এই প্রস্তাৱটো লিখি উলিয়াইছিল । 

প্রশ্ন ২৪। ‘ চাৰে জাহা সে আচ্ছা ’ গানটোৰ ৰচক কোন আছিল ? 

উত্তৰঃ মহম্মদ ইকবাল । 

প্রশ্ন ২৫। খান আব্দুল গফুৰ খান কি নামেৰে জনজাতি হৈছিল ? 

উত্তৰঃ সীমান্ত গান্ধী নামেৰে । 

চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। মচজিদৰ সমুখত সংগীত বুলিলে কি বুজা ? 

উত্তৰঃ মচজিদৰ সমুখত হিন্দু সকলে সংগীত বা নৃত্য – গীত পৰিৱেশন কৰা কাৰ্যইও হিন্দু আৰু মুছলমান সকলৰ মাজত অনৈক্যৰ ভাব জাগ্রত কৰি কৰিছিল । বিশেষকৈ সেইসময়ত অক্সফোর্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা মুছলমান ছাত্র সকলে এনে কাৰ্যৰ বিৰােধিতা কৰিছিল । কাৰণ এনে কাৰ্যৰ জৰিয়তে মুছলমানসকলৰ ধর্মীয় অনুভূতিত আঘাত পৰা বুলি এই ছাত্ৰসকলে  অনুভৱ কৰিছিল । 

প্রশ্ন ২। ভাৰতবৰ্ষ স্বাধীন হােৱাৰ সময়ত জনসাধাৰণলৈ কি ঘােষণা কৰা হৈছিল ? 

উত্তৰঃ ভাৰতবৰ্ষ স্বাধীন হােৱাৰ ঘােষণাৰ জৰিয়তে জৱাহৰলাল নেহৰুৱে জনসাধাৰণক উদ্দেশ্যি কৈছিল যে— 

( ক ) ভাৰতবৰ্ষৰ পৰা অন্ধতা আৰু দুর্ভিক্ষ ৰোধ কৰা হ’ব । 

( খ ) সকলাে জনসাধাৰণে সমতা লাভ কৰিব । 

( গ ) সুবিধাভােগৰ ক্ষেত্ৰত সমাজৰ পৰা বৈষম্য দূৰ কৰা হ’ব । 

( ঘ ) শিশু সকলৰ উন্নতিৰ কাৰণে ব্যৱস্থা ঘােষণা কৰা হ’ব । 

( ঙ ) বিভাজনৰ পিছত শৰণাৰ্থীসকলক সংস্থাপন দিয়া হ’ব । 

প্রশ্ন ৩। লর্ড মাউণ্টবেটেনৰ আঁচনিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ৷ 

উত্তৰঃ লর্ড মাউণ্টবেটেনৰ আঁচনিৰ দুটা বৈশিষ্ট্য হল— 

( ক ) মুছলমান প্রধান অঞ্চল সমূহে এখন বেলেগ ৰাষ্ট্র গঠন কৰিব পাৰিব । 

( খ ) উত্তৰ – পশ্চিম সীমান্ত প্রদেশ আৰু অসমৰ চিলেট জিলাৰ ভৱিষ্যত গণভােটৰ জৰিয়তে নির্ধাৰণ কৰা হ’ব । 

প্রশ্ন ৪। ক্রীপছ মিছন কেতিয়া ভাৰতলৈ আহিছিল ? এই মিছন ব্যর্থ হােৱাৰ দুটা কাৰণ উল্লেখ কৰা । 

উত্তৰঃ ( ক ) দ্বিতীয় বিশ্বযুদ্ধ চলি থকা সময়তে ১৯৪২ চনৰ মাৰ্চ মাহত ক্রীপছ মিছনৰ দল ভাৰতলৈ আহিছিল । 

( খ ) ক্রীপছ মিছা ব্যর্থ হােৱাৰ দুটা কাৰণ হ’ল—

( ১ ) ক্রীপছ মিছনৰ প্ৰস্তাৱত ভাৰতৰ সম্পূর্ণ স্বাধীনতাৰ কথা স্পষ্টভাৱে উল্লেখ কৰা হােৱা নাছিল । 

( ২ ) গান্ধীজীৰ মতে ক্রীপছৰ প্ৰস্তাৱ হ’ল দেৱলীয়া বেংকে পিছত দিবলগীয়া ধনৰ এটা প্রতিশ্রুতি । 

প্রশ্ন ৫। মুছলিম লীগে ক্রীপছৰ প্রস্তাব প্রত্যাখ্যান কৰাৰ দুটা কাৰণ লিখা । 

উত্তৰঃ মুছলিম লীগেও ক্রীপছৰ প্রস্তাব প্রত্যাখ্যান কৰিছিল । কাৰণ –

( ক ) ক্রীপছৰ প্ৰস্তাৱত স্বাধীন পাকিস্তানৰ কোনাে প্রস্তাৱ নাছিল । 

( খ ) ইয়াৰােপৰি স্বাধীন পাকিস্তানৰ দাবী ফলপ্রসূ হােৱাৰ কোনাে সম্ভাৱনাও লীগে দেখা নাছিল । 

প্রশ্ন ৬। ব্যক্তিগত সত্যাগ্রহৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ ১৯৪০ চনৰ লাহােৰ কংগ্ৰেছ অধিবেশনত ব্যক্তিগত সত্যাগ্রহ আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰা হয় । এই অনুসৰি কংগ্রেছৰ দ্বাৰা নির্বাচিত এজন প্রতিনিধিয়ে জনসাধাৰণৰ ওচৰলৈ গৈ সত্যাগ্রহ কাৰ্যসূচী পালন কৰিব । লগতে যুদ্ধৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰি চৰকাৰৰ দ্বাৰা কাৰা বন্দী হব । 

প্রশ্ন ৭। ১৯৪০ চনত মুছলীম লীগৰ প্ৰস্তাৱত এখন দেশৰ ছবি প্রতিফলিত হৈছিলনে ? 

উত্তৰঃ ১৯৩৭ চনৰ পৰাজয়ৰ পিছত মুছলীম লীগে সামাজিকভাৱে বর্ধিত পৰিমাণে বিচ্ছিন্নতাবাদী মনােভাৱেৰে ল’বলৈ ধৰে ১৯৪০ চনত লাহােৰ অধিৱেশনত প্ৰথমবাৰৰ বাবে মুছলীম সংখ্যাগৰিষ্ঠ অঞ্চলৰ সুকীয়া এটা অঞ্চলৰ দাবী উত্থাপন কৰি প্ৰস্তাৱ গ্ৰহণ কৰে । জিন্নাই প্রথমে এই প্রস্তাৱক এটা সুবিধা আদায় কৰা পন্থা বুলিহে ধৰিছিল যদিও অতি কম সময়তে ১৯৪০-৪৭ চনৰ ভিতৰতে এই প্রস্তাৱ বাস্তৱত পৰিণত হয় । 

প্রশ্ন ৮। সমাজবাদী কংগ্ৰেছৰ নেতা সকলে ভাৰত ত্যাগ আন্দোলনত লােৱা ভূমিকাৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ভাৰত ত্যাগ আন্দোলনত সমাজবাদী কংগ্ৰেছ নেতা সকলেও গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল । এই দলৰ নেতাসকল হ’ল জয় প্রকাশ নাৰায়ণ , ৰাম মনােহৰ লুহিয়া , অচ্যুত পাটোৱাৰধান , মান মিশ্র , পুৰুষােত্তম ত্রিকামদাস , এচ . এম . মিশ্র আদি । ৰাম মনােহৰ লুহিয়া আৰু জয়প্রকাশ নাৰায়ণে ভাৰত ত্যাগ আন্দোলনত কাৰাবাস খাটিছিল ।

প্রশ্ন ৯। ভাৰত বিভাজনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা দুখন চলচিত্ৰৰ নাম উল্লেখ কৰা । 

উত্তৰঃ এই দুখন চলচিত্র হ’ল— 

( ক ) এম . এচ . চেথুৰ ” গৰম হাৱা ” । আৰু 

( খ ) গােবিদ নিহালানিৰ “ টামাচ ” ( Tamas ) 

প্রশ্ন ১০। ভাৰত বিভাজনৰ সময়ত হিন্দু আৰু মুছলমান লােক সকলে উভয়ে উভয়ৰ ওপৰত কি ধাৰণা পোষণ কৰিছিল ?

উত্তৰঃ ( ক ) বিভাজনৰ সময়ৰে পৰা উভয়ে উভয়ক ঘৃণা কৰিবলৈ আৰম্ভ কৰিছিল । 

( খ ) হিন্দুসকলৰ ধাৰণামতে মুছলমান সকলে কেতিয়াও ঐশ্লামীক ধাৰণা ত্যাগ কৰিব নােৱাৰে । 

( গ ) হিন্দু সকলৰ মনত এই ধাৰণা দৃঢ় হৈছিল যে মুছলমান সকল হ’ল এটা আক্রমণকাৰী , নিষ্ঠুৰ আৰু অপৰিচ্ছন্ন । ইয়াৰ বিপৰীতে হিন্দুসকল হ’ল মৰমিয়াল , উদাৰ আৰু নির্মল অন্তৰৰ ।

( ঘ ) আনহাতে মুছলমান সকলে ভাবিছিল যে তেওঁলোক অতি সাহসী , বলবান আৰু শক্তিশালী । 

( ঙ ) মুছলমান সকলে হিন্দু সকলক দুর্বল বুলি ভাবিছিল ।

প্রশ্ন ১১। শিখ নেতা সকলে কিয় বিভাজন নীতি মানি লৈছিল ? 

উত্তৰঃ শিখ নেতা সকলে বিভাজন নীতি মানি লৈছিল । কাৰণ— 

( ক ) মুছলিম লীগে ঘােষণা কৰা প্রত্যক্ষ সংগ্ৰামৰ ফলত ভাৰতৰ আন আন ঠাইৰ লগতে পঞ্জাবৰাে নানা ঠাইত সাম্প্রদায়িক সংঘর্ষ হৈছিল । ইয়াৰ ফলত ধন – জনৰ বিস্তৰ ক্ষতি হৈছিল । এনে কার্য শিখ নেতা সকলে সহজে লব পৰা নাছিল । 

( খ ) এনে সংঘৰ্ষৰ দ্বাৰা পঞ্জাৱতাে সংখ্যালঘু মুছলিম লােক সকলে শিখ সকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব বুলি শংকা প্রকাশ কৰি শিখ নেতা সকলে বিভাজনৰ প্রতি মত প্রকাশ কৰা বুলি কোৱা হয় । 

প্রশ্ন ১২। বংগদেশৰ ভদ্রলােক হিন্দু বঙালী সকলে কিয় বিভাজনৰ প্রতি সমর্থন প্রকাশ কৰিছিল ? 

উত্তৰঃ বংগদেশৰ হিন্দু বঙালী সকলে ভাৰতৰ বিভাজনৰ প্রতি সমর্থন প্রকাশ কৰাৰ কাৰণ হ’ল— 

( ক ) মুছলমান সকলে হিংসাত্মক কার্যৰ জৰিয়তে বংগদেশৰ হিন্দু সকলৰ ওপৰত প্রাধান্য বিস্তাৰ কৰিব বুলি এই লােক সকলে শংকা প্রকাশ কৰিছিল । 

( খ ) মাত্র কেইখনমান প্রদেশত মুছলমান লােকসকলক থাকিবলৈ দি বাকী বিলাকত হিন্দু সকল শান্তিৰে বাস কৰাৰ স্বাৰ্থৰ কাৰণত বংগদেশৰ হিন্দু সকলে বিভাজনৰ পােষকতা কৰিছিল । 

প্রশ্ন ১৩। কোনে সুকীয়া পাকিস্তান শব্দটোৰ সৃষ্টি কৰিছিল ? পাকিস্তান শব্দটোৰে কি বুজাইছিল ? 

উত্তৰঃ কেমব্রিজ বিশ্ববিদ্যালয়ৰ পঞ্জাৱৰ মুছলমান ছাত্র চৌধুৰী মহম্মদ আলিয়ে পাকিস্তান শব্দটোৰ উদ্ভাৱন কৰিছিল । পাকিস্তান শব্দটোৰ দ্বাৰা তেওঁ পাঁচখন প্রদেশক বুজাইছিল ( PA KISTAN ) । এই অনুসৰি ‘ P ‘ মানে পঞ্জাৱ , ‘ A ‘ মানে আফগান , ‘ K ‘ মানে কাশ্মীৰ , ‘ S ‘ মানে । সিন্ধু আৰু ‘ N ‘ মানে বেলুচিস্থানক বুজাইছিল । 

প্রশ্ন ১৪। প্রত্যক্ষ সংগ্ৰামৰ দিনা কি ঘটিছিল ? 

উত্তৰঃ ১৯৪৬ চনৰ ১৬ আগষ্টৰ দিনা মুছলিম লীগে প্রত্যক্ষ দিৱসৰ কথা ঘােষণা কৰি সুকীয়া পাকিস্তান ৰাষ্ট্রৰ দাবী উত্থাপন কৰে । ইয়াৰ ফলত 

( ক ) কলিকতাৰ নােৱাখালিত সাম্প্রদায়িক সংঘর্ষ হয় । বহুদিন ধৰি চলি অহা এই সংঘর্ষত বহুতাে ধন – জনৰ ক্ষতি হয় । 

( খ ) লাহে লাহে গােটেই ৰাষ্ট্রতে এই সংঘর্ষই ব্যাপক ৰূপ গ্রহণ কৰে । এই সংঘর্ষ ১৯৪৭ চনৰ মাৰ্চ মাহলৈ চলি আহিছিল । 

প্রশ্ন ১৫। ভাৰতীয় জাতীয় কংগ্ৰেছে বিভাজনৰ প্রতি সমর্থন কৰাৰ কাৰণ কি আছিল ? 

উত্তৰঃ শেষত কংগ্ৰেছেও বিভাজনৰ প্রতি সমর্থন প্রকাশ কৰিবলৈ বাধ্য হৈছিল । কাৰণ— 

( ক ) মুছলিম লীগে ঘােষণা কৰা প্রত্যক্ষ সংগ্ৰামৰ ফলত গােটেই ভাৰত জুৰি সাম্প্রদায়িক সংঘর্ষ বিয়পি পৰিছিল । ফলত ধন – জনৰ বিস্তৰ ক্ষতি হৈছিল । সেয়ে বিভাজনৰ জৰিয়তে হলেও দেশত শান্তি প্রতিষ্ঠাৰ কাৰণে কংগ্ৰেছে মত পােষণ কৰিবলৈ বাধ্য হৈছিল ।

( খ ) অন্তবর্তী চৰকাৰ প্রতিষ্ঠা হােৱাৰ সময়তাে কংগ্ৰেছে মুছলিম লীগৰ পৰা কেতিয়াওঁ সমর্থন লাভ কৰা নাছিল । কাৰণ মুছলিম লীগে সদায় সুকীয়া ৰাষ্ট্ৰৰ ধাৰণাতে লাগি আহিছিল । 

( গ ) সংবিধান সভাৰ ক্ষেত্ৰতাে মুছলিম লীগে সহযােগিতাৰ মনােভাৱ প্রদর্শন কৰা নাছিল । 

( ঘ ) ইংৰাজ চৰকাৰেও সদায় মুছলিম লীগক সুকীয়া ৰাষ্ট্রৰ ধাৰণাৰ সেউজ সংকেত দি আহিছিল । 

( ঙ ) এনে পৰিস্থিতিত কংগ্ৰেছেও লাহে লাহে অখণ্ড ভাৰতবৰ্ষৰ কথা পৰিহাৰ কৰিবলৈ বাধ্য হৈছিল । 

( চ ) শেষত লর্ড মাউন্টবেটেনৰ দৃঢ় স্থিতিৰ কাৰণেও কংগ্ৰেছে বিভাজন নীতি মানি লবলৈ বাধ্য হৈছিল । 

প্রশ্ন ১৬। ভাৰত স্বাধীন হােৱাৰ দিনটো কিয় নিৰানন্দৰ দিন বুলি কোৱা হয় ? 

উত্তৰঃ কাৰণ সেই দিনটোত গােষ্ঠীগত সংঘৰ্ষৰ ফলত হাজাৰ হাজাৰ মানুহৰ মৃত্যুৰ লগতে হাজাৰ হাজাৰ লােক গৃহহীন হ’ব লগা হৈছিল । সেয়ে এই দিনটো নিৰানন্দৰ দিন বুলি কোৱা হয় । 

প্রশ্ন ১৭। “ ছায়া ” বা “ আন্ধাৰ সীমাৰেখা ” বুলিলে কি বুজা ? 

উত্তৰঃ ভাৰতবৰ্য আৰু পাকিস্তান স্বাধীন হৈছিল যদিও বহুদিন ধৰি দুয়ােখন দেশৰ মাজৰ সীমা ৰেখা নির্ধাৰণ হােৱা নাছিল । সেয়ে এই সময়খিনিক ছায়া বা আন্ধাৰ সীমাৰেখা বুলি কোৱা হয় । 

প্রশ্ন ১৮। বিভাজনৰ ফলত দুয়ােখন দেশৰ সীমান্তৰ জনসাধাৰণ কেনেদৰে ক্ষতিগ্রস্ত হৈছিল ? 

উত্তৰঃ ( ক ) গােষ্ঠীগত সংঘৰ্ষৰ ফলত হাজাৰ হাজাৰ সীমান্তৰ জনসাধাৰণ নিহত হােৱাৰ লগতে বহুতাে মহিলা ধর্ষিতা হ’ব লগা হৈছিল । 

( খ ) লক্ষ লক্ষ মানুহ লুষ্ঠিত , গৃহ হাৰা হােৱাৰ লগতে বহুতাে লােক শৰণার্থী হিচাপে বাস কৰিব লগা হৈছিল । 

( গ ) বহুতাে লােক নিজৰ ঘৰবাৰী আৰু সা – সম্পত্তিৰ পৰা বঞ্চিত হবলৈ বাধ্য হৈছিল । 

( ঘ ) এই লােকসকলে নিজৰ ভাষা সংস্কৃতি হেৰুৱাৰ লগতে নিজ আত্মীয় – কুটুম্বৰ সান্নিধ্যৰ পৰাও বঞ্চিত হ’ব লগা হৈছিল । 

প্রশ্ন ১৯। কোন চনত লক্ষ্ণৌ চুক্তি স্বাক্ষৰিত হৈছিল ? এই চুক্তিৰ চৰ্তবােৰ কি আছিল ? 

উত্তৰঃ ১৯১৬ চনত কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত লক্ষৌ চুক্তি স্বাক্ষৰিত হৈছিল । এই সময়তে চমপন্থী সকল পুনৰ কংগ্ৰেছত চামিল হৈছিল । এই চুক্তিৰ চৰ্তবােৰ হ’ল— 

( ক ) কংগ্ৰেছে মুছলমানৰ কাৰণে পৃথক নির্বাচনৰ দাবী মানি লয় । 

( খ ) দুয়ােটা সংগঠনে স্বায়ত্ত শাসনৰ কাৰণে ইংৰাজৰ ওচৰত দাবী উত্থাপন কৰে । 

প্রশ্ন ২০৷ সুকীয়া পাকিস্তান ৰাষ্ট্ৰৰ দাবীৰ বিৰােধিতা কৰা দুজন প্রখ্যাত ব্যক্তিৰ নাম উল্লেখ কৰা । 

উত্তৰঃ এই দুজন ব্যক্তি হ’ল— মহাত্মা গান্ধী আৰু খান আব্দুল গফুৰ খান । 

Sl. No.সূচী-পত্ৰ
Chapter 1ইটা মণি আৰু হাড়বােৰ
Chapter 2ৰজা কৃষক আৰু নগৰসমূহ
Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী
Chapter 4দার্শনিক প্রত্যয় আৰু স্থাপত্য
Chapter 5যুগে যুগে অসম
Chapter 6পর্যটকৰ দৃষ্টিভংগীৰে
Chapter 7ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ
Chapter 8এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ
Chapter 9কৃষক, জমিদাৰ আৰু ৰাজ্য
Chapter 10সম্রাট আৰু ইতিহাস
Chapter 11উপনিবেশবাদ আৰু গ্রাম্য সমাজ
Chapter 12বিদ্রোহীসকল আৰু ৰাজ
Chapter 13ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ
Chapter 14মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
Chapter 15ভাৰত বিভাজন আৰু ৰাজনীতি
Chapter 16ভাৰতীয় সংবিধান সংকলন

প্রশ্ন ২১। ভাৰত বিভাজনৰ ভুক্ত ভােগীসকলৰ অভিজ্ঞতা বর্ণনা কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰিবা ।

প্রশ্ন ২২। ভাৰতীয় জাতীয় কংগ্ৰেছে কিয় আৰু কেনেকৈ বিভাজনৰ ক্ষেত্ৰত নিজৰ স্থিতি সলনি কৰিছিল ? 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰিব চেষ্টা কৰিবা ।

প্রশ্ন ২৩। ভাৰত বিভাজনৰ বিৰুদ্ধে গান্ধীজীয়ে কি কি যুক্তি দর্শাইছিল ? 

উত্তৰঃ ভাৰত বিভাজনৰ বিৰুদ্ধে গান্ধীজীয়ে সদায় মতপােষণ কৰি আহিছিল । এই কথা তেওঁ জৱাহৰলাল নেহৰুক সোঁৱৰাই দি কৈছিল যে যদি কংগ্ৰেছে ভাৰত বিভাজন নীতি মানি লয় তেতিয়া হ’লে ভয়ানক কু – ফল ভাৰতে বহু বছৰলৈ ভােগ কৰিব লাগিব । ১৯৪৭ চনৰ ৮ মে তাৰিখে তেওঁ মাউণ্টবেটেনক কৈছিল যে ভাৰত বিভাজন কৰাটো অতি ভুল কাম হ’ব । কাৰণ বিভিন্ন জাতি – ধর্ম , সম্প্রদায় লােকৰ বাসভূমি ভাৰতবৰ্ষৰ দৰে এখন দেশৰ বিভাজন কোনাে লােকৰে হিতৰ কাৰণে নহ’ব । গান্ধীজীৰ এনে যুক্তি বিভাজনৰ আগে পিছে হােৱা নানা ধৰণৰ সংঘৰ্ষৰ পৰাই প্রমাণ পােৱা যায় । 

প্রশ্ন ২৪। ভাৰত বিভাজনৰ বিৰােধিতা কৰা দুজন কংগ্ৰেছ নেতাৰ নাম লিখা ।

উত্তৰঃ ভাৰত বিভাজনৰ বিৰােধিতা কৰা দুজন কংগ্ৰেছ নেতাৰ নাম হ’ল— মহাত্মা গান্ধী আৰু মৌলানা আবুল কালাম আজাদ । 

প্রশ্ন ২৫। ভাৰত বিভাজনৰ সময়ত মহিলাসকলৰ অভিজ্ঞতা কেনে আছিল ?

উত্তৰঃ ভাৰত বিভাজনৰ সময়ত মহিলাসকলৰ অভিজ্ঞতা অতি নিদাৰুণ আছিল বুলি কোৱা হয় । উদাহৰণ হিচাপে ৰাৱালপিণ্ডিৰ এখন গাঁৱৰ প্রায় ৯০ গৰাকী শিখ মহিলাই ধর্ষণকাৰীৰ কৱলৰপৰা ৰক্ষা কৰি নিজৰ সতিত্ব অক্ষুন্ন ৰখাৰ স্বাৰ্থত কুঁৱাত পৰি আত্মজাহ দিবলৈ বাধ্য হৈছিল । তেওঁলােকে দেখুৱাই অহা এনে আদর্শই আজিও শিখ মহিলাসকলক অনুপ্রাণিত কৰি আহিছে । 

প্রশ্ন ২৬। কোনে “ প্রত্যক্ষ সংগ্রাম ” ৰ আহবান জনাইছিল আৰু ইয়াৰ বাবে কোনটো দিন বাছি লৈছিল ? 

উত্তৰঃ মুছলীম লীগ নেতা আলি জিন্নাই ‘ প্রত্যক্ষ সংগ্রাম’ ৰ আহবান জনাইছিল । ইয়াৰ বাবে ১৯৪৬ চনৰ ১৬ আগষ্ট তাৰিখৰ দিনটো বাছি লৈছিল । 

প্রশ্ন ২৭। কেবিনেট মিছনৰ দুজন সদস্যৰ নাম লিখা । 

উত্তৰঃ কেবিনেট মিছনৰ দুজন সদস্যৰ নাম হ’ল — ষ্টেফর্ড ক্রিপচ্ আৰু এ . ভি . আলেকজেণ্ডাৰ 

ৰচনাধর্মী প্রশ্নোত্তৰ 

প্রশ্ন ১। কেবিনেট মিছনৰ সিদ্ধান্ত সমূহৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ কেবিনেট মিছনৰ দল ১৯৪৬ চনত ভাৰতলৈ আহে । মিছনে কংগ্ৰেছ আৰু লীগৰ মাজত আলােচনা চলায় । কিন্তু আলােচনা সফল নহ’ল । সেয়ে কেবিনেট মিছনে নিজাববীয়াকৈ এখন আঁচনি দাঙি ধৰে । এই আঁচনি অনুসৰি— 

( ক ) ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ হৈ থাকিব । ইয়াৰ কোনাে বিভাজন নঘটে ।

( খ ) ভাৰতৰ কাৰণে এখন যুক্তৰাষ্ট্ৰীয় চৰকাৰ থাকিব । সেই চৰকাৰে প্ৰতিৰক্ষা , পৰিবহণ , আৰু বৈদেশিক বিষয়ৰ তদাৰক কৰিব । 

( গ ) প্রদেশবােৰক ‘ ক ’ ,  ‘ খ ’ আৰু ‘ গ ’ নামেৰে তিনিটা গ্রুপ বা ভাগত ভাগ হ’ব ।

( ঘ ) এই গ্রুপ বা ভাগ অনুসৰি– 

( ১ ) মাদ্রাজ , বােম্বাই , সংযুক্ত প্রদেশ , বিহাৰ , মধ্যপ্রদেশ আৰু উৰিষ্যা ‘ ক ’ গ্রুপ বা ভাগত থাকিব । 

( ২ ) পঞ্জাৱ আৰু উত্তৰ পশ্চিম সীমান্ত প্রদেশ ‘খ’ গ্রুপ বা ভাগত থাকিব । 

( ৩ ) আনহাতে বংগ আৰু অসম ‘ গ ’ গ্রুপ বা ভাগত থাকিব । 

( ঙ ) সংবিধান সভা আৰু গৱৰ্ণৰ জেনেৰেলৰ কার্যনির্বাহক পৰিষদৰ পৰিবৰ্তে এটা অন্তৱর্তী কালীন চৰকাৰ থাকিব বুলি কেবিনেট মিছনে ঘােষণা কৰিছিল । কিন্তু কংগ্ৰেছ আৰু লীগে এনে প্রস্তাৱ গ্ৰহণ নকৰাত মিছনৰ প্ৰস্তাৱ ব্যর্থ হৈছিল । 

প্রশ্ন ২। দ্বি – জাতীয় সূত্ৰৰ উদ্ভাৱক কোন ? ইয়াৰ গ্রহণযােগ্যতা থকা বুলি ভাবানে ? 

উত্তৰঃ দ্বি – জাতীয় সূত্রৰ উদ্ভাৱক হ’ল পাকিস্তান ৰাষ্ট্রৰ শ্ৰষ্টা আলি জিন্না । তেওঁৰ মতে ভাৰতবৰ্ষত হিন্দু আৰু মুছলমান নামে দুটা জাতিয়ে কাম কৰি আহিছে । এই দুয়ােটা ফৈদে পৰম্পৰে পৰস্পৰৰ পৰা পৃথক বুলি দাবী কৰি তেওঁ এই সূত্র মতে ভাৰতবর্ষ বিভাজনৰ সপক্ষে মত পােষণ কৰিছিল । কিন্তু অতীত বুৰঞ্জীৰ পৰা চালে জিন্নাৰ এই সূত্ৰৰ গ্রহণযােগ্যতা নাই কাৰণ–

( ক ) মধ্য যুগত বা মােগল যুগত হিন্দু – মুছলমান উভয়ে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ দি আহিছিল । 

( খ ) দুয়ােটা সম্প্রদায়ে প্রাচীন ভাৰতীয় সংস্কৃতিৰ প্রতি শ্রদ্ধাশীল আছিল । উদাহৰণ হিচাপে উভয়ৰ ধৰ্মস্থান সমূহৰ প্রতি দুয়ােটা সম্প্রদায়ে সম্মান প্রদর্শন কৰিছিল । 

( গ ) জাতীয় আন্দোলনৰ সময়ত হিন্দু – মুছলমান লােকসকল ইংৰাজৰ দ্বাৰা প্রতাড়িত হৈ আহিছিল ।

( ঘ ) শেষত দ্বি – জাতীয় সূত্রই ভাৰতীয় জাতীয়তাবাদৰ ওপৰত আঘাত হানিছিল । 

প্রশ্ন ৩। ক্রীপছ মিছনৰ প্ৰস্তাৱ সমূহৰ বিষয়ে চমুকৈ উল্লেখ কৰা ।

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানে জার্মানী আৰু ইটালীৰ পক্ষ লােৱাত ব্রিটিছ চৰকাৰ বৰ শংকিত হৈ পৰিছিল । ইফালে আজাদ হিন্দ ফৌজৰ নেতা সুভাষচন্দ্র বসুৱেও জাপানৰ লগত মিত্রতা স্থাপন কৰি ভাৰতৰ ইংৰাজ চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰিছিল । ফলত ভাৰতৰ নিৰাপত্তাৰ প্ৰশ্নটো অধিক জটিল হৈ পৰিছিল । এনে পৰিস্থিতিত ভাৰতীয় জনসাধাৰণক সন্তুষ্ট কৰাৰ কাৰণে প্রধানমন্ত্রী উইনস্টন চার্চিলে ব্রিটিছ সংসদৰ সমৰ পৰিষদৰ সদস্য ছাৰ ষ্টাৰফোর্ড ক্রীপছক ১৯৪২ খ্রীঃত ভাৰতলৈ প্ৰেৰণ কৰে । ক্রীপছে ভাৰতীয় নেতৃবৰ্গৰ লগত আলােচনাত মিলিত হ’ল আৰু কেইটামান প্রস্তাৱ গ্ৰহণ কৰে । এই প্রস্তাৱ অনুসৰি –

( ক ) আত্ম নিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে ভাৰতীয় ইউনিয়ন গঠন কৰা ।

( খ ) ভাৰতৰ প্ৰতিৰক্ষাৰ দায়িত্ব ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত থকা ।

( গ ) যুদ্ধৰ শেষত ভাৰতীয় প্রতিনিধি বর্গক লৈ  গঠিত সংবিধান সভাই নতুন শাসনতন্ত্র ৰচনাৰ দায়িত্ব দিয়া । কিন্তু ক্রীপছৰ এই প্রস্তাবে মুছলিম লীগ আৰু কংগ্ৰেছৰ নেতৃবৰ্গক সন্তুষ্ট কৰিব নােৱাৰিলে ।

প্রশ্ন ৪। প্রত্যক্ষ সংগ্ৰামৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ কেবিনেট মিছনৰ পৰামর্শৱলীৰ এক মিশ্রিত প্রতিক্রিয়া দেখা দিয়ে । ১৯৪৬ খ্রীঃৰ ৫ জুন তাৰিখে জিন্নাই পাকিস্তানৰ দাবী বাহাল ৰাখি কেবিনেট আঁচনি গ্ৰহণ কৰে । ইতিমধ্যে ১৯৪৬ খ্রীঃৰ জুলাই মাহত কেবিনেট মিছনৰ পৰামর্শৱলীৰ ভিত্তিত সংবিধান সভাৰ নির্বাচন অনুষ্ঠিত হয় । মুঠতে ২১৬ জনীয়া সাংবিধানিক সভাৰ ২১১ জন সদস্যৰে কংগ্ৰেছে আনুগত্য লাভ কৰে । ইয়াতে নিৰাশ হৈ জিন্নাই পাকিস্তান লাভৰ কাৰণে ১৯৪৬ খ্রীঃৰ ১৬ আগষ্টত মুছলমান সম্প্রদায়ক ‘ প্রত্যক্ষ সংগ্রাম ’ ( DirectAction ) নির্দেশ দিয়ে । এই প্রত্যক্ষ সংগ্রাম ফলত বংগ , বিহাৰ আৰু পঞ্জাৱত হিন্দু – মুছলমানৰ মাজত ভয়াৱহ সাম্প্রদায়িক সংঘর্ষই দেখা দিয়ে । হাজাৰ হাজাৰ মানুহৰ মৃত্যু ঘটে । উল্লেখযােগ্য যে অকল কলিকতাতে প্রায় সাত হাজাৰ মানুহৰ মৃত্যু ঘটিছিল । 

প্রশ্ন ৫৷ ৱাভেল পৰিকল্পনাৰ বিষয়ে চমুকৈ বর্ণনা কৰা ৷ 

উত্তৰঃ ১৯৪৩ খ্রীঃত লর্ড ৰাভেল ভাৰতৰ ভাইৰয় বা গৱৰ্ণৰ জেনেৰেল নিযুক্ত হয় । ইতিমধ্যে সাম্প্রদায়িকতাৰ ভিত্তিত দেশখন বিভাজন কৰাৰ কাৰণে জিন্নাই প্রচেষ্টা চলাই আহিছিল । আনহাতে , দ্বিতীয় মহাযুদ্ধত জার্মানীৰ পতন ঘটিল যদিও জাপানৰ লগত মিত্রপক্ষৰ যুদ্ধ চলি আছিল । গতিকে সামগ্রিকভাৱে দক্ষিণ – পূর্ব এছিয়া মহাদেশৰ সামৰিক গুৰুত্বৰ কথা উপলব্ধি কৰি ভাৰতক সন্তুষ্ট কৰাৰ কাৰণে ইংৰাজ চৰকাৰে এক প্রচেষ্টা হাতত লয় । লর্ড ৱাভেলে ইংৰাজ মন্ত্রী সভাৰ লগত আলােচনা কৰি ভাৰতৰ কাৰণে এক পৰিকল্পনাৰ কথা ঘােষণা কৰে । এই অনুসৰি –

( ক ) ভাৰতৰ নতুন সংবিধান ৰচিত নােহােৱা পর্যন্ত এক অন্তৱর্তী চৰকাৰ গঠন কৰা । 

( খ ) একমাত্র ভাইচৰয় আৰু প্রধান সেনাপতিৰ বাদে পৰিষদৰ সকলাে সদস্য ভাৰতীয় কৰা । 

( গ ) ভাইচৰয়ৰ কার্যনির্বাহক পৰিষদ বর্গত হিন্দু আৰু মুছলমান সদস্য সমান কৰা । উক্ত পৰিকল্পনাৰো ঘােষণা কৰি ১৯৪৫ খ্রীঃৰ জুন মাহত চিমলাত এক সর্বদলীয় বৈঠক বহে । কিন্তু আলি জিন্না আৰু সংসদৰ মাজত উক্ত পৰিকল্পনাবােৰৰ ৰূপায়ণৰ ক্ষেত্ৰত মত বিৰােধ ঘটে । ফলত চিমলা বৈঠক বিফল হয় । 

প্রশ্ন ৬। লর্ড মাউণ্টবেটেনৰ আঁচনিৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ লর্ড মাউন্ট বেটেনক ১৯৪৭ খ্রীঃৰ মাৰ্চ মাহত লর্ড ৱাভেলৰ ঠাইত ভাইচৰয় হিচাপে ভাৰতলৈ পঠিয়ায় । মাউন্ট বেটেনে ভাৰতৰ শাসনভাৰ গ্ৰহণ কৰিয়েই ক্ষমতা হস্তান্তৰৰ বিষয়ে লীগৰ নেতা আৰু কংগ্রেছৰ নেতৃবৃন্দৰ লগত আলাপ – আলােচনা আৰম্ভ কৰে । সেয়ে ভাৰত্বৰ্ষক দ্বিখণ্ডিত কৰাৰ বাহিৰে বিকল্প উপায় নাই । শেষত তেওঁ ১৯৪৭ খ্রীঃৰ ৩ জুনত এক অতিশয় গুৰুত্বপুর্ণ আঁচনি ।দাঙি ধৰে । এই আঁচনি অনুসৰি– 

( ক ) বংগ আৰু পঞ্জাৱৰ কোন কোন অংশ পাকিস্তানৰ সৈতে সংযুক্ত হ’ব তাক নির্ধাৰণ কৰাৰ এক সীমা নির্ধাৰণ আয়ােগ নিয়ােগ কৰা হ’ব।

( খ ) ভাৰতক দ্বিখণ্ডিত কৰি ভাৰত প্রজাতন্ত্র আৰু পাকিস্তান এই দুখন ৰাষ্ট্র প্রতিষ্ঠিত হ’ব । 

( গ ) উত্তর – পশ্চিম সীমান্ত প্রদেশ আৰু অসমৰ চিলেট জিলাৰ ভৱিষ্যৎ গণভােটৰ জৰিয়তে ঠিক কৰা হব । 

( ঘ ) মুছলমান প্রধান প্রদেশবােৰে বেলেগ সংবিধান সভা গঠন কৰিব পাৰিব । 

( ঙ ) ভাৰতক দ্বিখণ্ডিতৰ ব্যৱস্থা পূর্ণ হােৱাৰ লগে লগে ব্রিটিছ সংসদে ডমিনিয়ন সৃষ্টিৰ বাবে প্রয়ােজনীয় আইন প্রণয়ন কৰি ভাৰত বিভাজন পৰিকল্পনা ভাৰতীয় নেতৃবৰ্গ আৰু জনসাধাৰণৰ মনঃপূত হােৱা নাছিল । যদিও ইয়াৰ প্ৰয়ােজনীয়তা কোনেও উলাই কৰিব পৰা নাছিল । আঁচনিখন প্রকাশ পােৱাৰ দিনাখনেই নেহৰু , বলদেৱ সিং , আলি জিন্নাই অনার্তাৰ যােগে দেশবাসীকতাৰ প্রতি সম্মান জনাবলৈ আবেদন কৰে ৷ ১৯৪৭ খ্রীঃৰ ১৮ জুলাইত ব্রিটিছ সংসদে ভাৰত স্বাধীনতা আইন গৃহীত কৰে । অৱশেষত ১৯৪৭ খ্রীঃৰ ১৫ আগষ্টত ইয়াৰ ভেটিতে ভাৰতবৰ্ষ দুখন ৰাষ্ট্ৰত বিভক্ত হয় । 

প্রশ্ন ৭। গান্ধীজীয়ে ভাৰত বিভাজনৰ কিয় বিৰােধিতা কৰিছিল ? অথবা , গান্ধীজীয়ে ভাৰত বিভাজনৰ বিৰুদ্ধে কেনে যুক্তি আগবঢ়াইছিল আলােচনা কৰা । 

উত্তৰঃ হিন্দু আৰু মুছলমানৰ মাজত গঢ়ি তােলা সম্প্রীতিৰ মাজেৰে গান্ধীজীৰ নেতৃত্বত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন প্রবাহিত হৈছিল । এই ক্ষেত্ৰত গান্ধীজী সফলাে হৈছিল । সেয়ে গান্ধীজীয়ে ভাৰত বিভাজনৰ কথা মানি লব পৰা নাছিল । ইয়াৰ বিৰুদ্ধে তেওঁ নানা ধৰণৰ যুক্তি প্রদর্শন কৰা দেখা যায় । 

গান্ধীজীয়ে মত পােষণ কৰি কৈছিল যে তেওঁৰ মৃতদেহ গচকিহে ভাৰত বিভাজন সম্ভৱ হ’ব এখন প্রার্থনা সভাত ১৯৪৮ চনৰ ৭ চেপ্তেম্বৰ তাৰিখে তেওঁ এই বুলি মত পােষণ কৰিছিল । গান্ধীজীৰ ধাৰণা মতে ইছলাম ধৰ্মই হিন্দু – মুছলমানৰ মাজত কেতিয়াও বিভাজনৰ সীমাৰেখা টনা নাই । তেওঁ লীগৰ নেতা সকলক হিন্দুসকলক শত্রুজ্ঞান নকৰাৰ বাবেও পৰামৰ্শ আগবঢ়াইছিল । কাৰণ হিন্দু আৰু মুছলমান উভয়ে একে ভূমিতে জন্ম গ্রহণ কৰিছে । গতিকে ভাষা , ধর্ম , সংস্কৃতি , খাদ্য আৰু বসবাসৰ ক্ষেত্ৰত দুই সম্প্রদায়ৰ মাজত কোনাে ভেদা – ভেদ নাই। 

ভাৰত বিভাজনৰ প্রশ্নক লৈ হােৱা সাম্প্রদায়িক সংঘর্ষ জড়িত ঠাইবােৰ গান্ধীজীয়ে নিজে ভ্ৰমণ কৰি সেইবােৰ অঞ্চলত শান্তি স্থাপনৰ কাৰণে কঠোৰ ত্যাগ স্বীকাৰ কৰিছিল । গান্ধীজীৰ মতে এনে সাম্প্রদায়িক সংঘর্ষ স্থান অতি ক্ষন্তেকীয়া । পুনৰ হিন্দু আৰু মুছলমানে কান্ধত কান্ধ মিলাই ভাৰতৰ পৰা ইংৰাজক বিতাৰণ কৰিব বুলি গান্ধীজীয়ে গভীৰভাৱে আশা কৰিছিল । 

গান্ধীজীৰ মতে মুছলিম লীগে উত্থাপন কৰা পাকিস্তানৰ দাবী আছিল অ – ইছলামীয় নীতি । তেওঁ মুছলিম লীগৰ এনে দাবী পাপ কার্য বুলি ক’বলৈও কুণ্ঠাবােধ কৰা নাছিল । কাৰণ তেওঁৰ মতে ইছলাম ধৰ্মই সদায় ভাতৃত্ববােধৰ হকে কাম কৰি আহিছে । সেয়ে ভাৰত বিভাজনৰ সপক্ষে মাত মতা লােকসকল ইছলাম আৰু ভাৰতৰ শত্ৰু বুলি তেওঁ অভিহিত কৰিছিল । তেওঁৰ এনে মন্তব্য প্রতিবাদত তেওঁৰ দেহ খণ্ড বিখণ্ডকৈ কাটিব পাৰিব যদিও তেওঁৰ আদৰ্শক আঘাত কৰি কোনাে লােকে শান্তি নাপাব বুলিও গান্ধীজীয়ে দৃঢ়তাৰে ঘােষণা কৰিছিল । সত্তৰ বছৰীয়া গান্ধীজীয়ে বিন্দু মাত্রও নিজৰ আদৰ্শ আৰু নীতিৰ পৰা কক্ষচ্যুত হ’বলৈ বিচৰা নাছিল । গান্ধীজীৰ এনে কাৰ্যৰ মাজেদি তেওঁৰ নিজ আদর্শ , ব্যক্তিত্ব আৰু নিস্বার্থ মনােভাৱৰ পৰিচয় পাব পাৰি । 

প্রশ্ন ৮। ভাৰত বিভাজনত গান্ধীজীৰ স্থিতি বিশ্লেষণ কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰিব চেষ্টা কৰিবা । প্ৰয়োজন অনুসৰি ওপৰৰ ৭ নং প্রশ্নোত্তৰটো চাই লবা ।

প্রশ্ন ৯। ভাৰত বিভাজনৰ বিৰুদ্ধে গান্ধীজীয়ে কি কি যুক্তি আগবঢ়াইছিল আলোচনা কৰা ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰিব চেষ্টা কৰিবা । প্ৰয়োজন অনুসৰি ওপৰৰ ৭ নং প্রশ্নোত্তৰটো চাই লবা ।

প্রশ্ন ১০। ১৯৪৬-৪৭ চনৰ সময়ছােৱাত গান্ধীজীয়ে কি কৰিছিল ? অথবা , প্রত্যক্ষ সংগ্ৰামৰ সময়ত গান্ধীজীয়ে কি কৰিছিল ? 

উত্তৰঃ কেবিনেট মিছনৰ ব্যর্থতাৰ পিছত মুছলিম লীগে স্বাধীন পাকিস্তান ৰাষ্ট্রৰ দাবীত ১৯৪৬ চনৰ ১৬ আগষ্ট তাৰিখে ‘প্রত্যক্ষ সংগ্রাম ‘ ৰ কথা ঘােষণা কৰে । ইয়াৰ ফলত বংগ দেশৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত সাম্প্রদায়িক সংঘর্ষ বিয়পি পৰে । এনে সাম্প্রদায়িক সংঘৰ্ষৰ ফলত গােটেই দেশতে ধন – জনৰ বিস্তৰ ক্ষতি সাধন হয় । 

বংগদেশৰ নােৱাখলিত এনে সাম্প্রদায়িক সংঘর্ষই ব্যাপক ৰূপ ধাৰণ কৰিছিল । এনে সাম্প্রদায়িক সংঘর্ষত গান্ধীজী মর্মাহত হৈ পৰিছিল । জনসাধাৰণৰ মাজত পুনৰ মিলা – প্রীতি স্থাপনৰ উদ্দেশ্যে গান্ধীজী তেওঁৰ অনুগামী সকলৰ সৈতে নােয়াখালিলৈ যাত্ৰা কৰিছিল । তেওঁ দুই সম্প্রদায়ৰ উগ্র জাতীয়তাবাদী সকলক সংযম হৈ থকাৰ কাৰণে আহ্বান জনাইছিল । তেওঁৰ এনে প্ৰচেষ্টাত হিন্দু মুছলমান উভয় সম্প্রদায়ৰ লােকে সহযােগ আগবঢ়াইছিল । 

গান্ধীজীয়ে গােটেই জীৱন হিন্দু – মুছলমানৰ মাজত একতা স্থাপনৰ হকে কাম কৰি গৈছিল । এই কার্যৰ বাবেই তেওঁ আততায়ীৰ হাতত প্রাণ বলিদান দিছিল । তথাপিও নিজৰ নীতি আৰু আদৰ্শৰ পৰা অকণাে বিচলিত হােৱা নাছিল । 

প্রশ্ন ১১। ১৯৩৭ চনৰ প্রাদেশিক নির্বাচনৰ বিষয়ে আলােচনা কৰা । অথবা , ভাৰত বিভাজনত ১৯৩৭ চনৰ নির্বাচনে কেনে প্ৰভাৱ পেলাইছিল আলােচনা কৰা । 

উত্তৰঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ ধাৰা মতে ১৯৩৭ চনত প্রাদেশিক নির্বাচন অনুষ্ঠিত হয় । এই নির্বাচনত মাত্র দহৰ পৰা বাৰ শতাংশ লােকেহে অংশগ্রহণ কৰাৰ সুবিধা লাভ কৰিছিল । এই নির্বাচনৰ ফল অনুসৰি— 

( ক ) এই নির্বাচনত কংগ্ৰেছে এঘাৰখন প্রদেশৰ ভিতৰত পাঁচখনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল । 

( খ ) এঘাৰখন প্রদেশৰ ভিতৰত কংগ্ৰেছে ইয়াৰ সাতখন প্রদেশত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল । 

( গ ) আনহাতে মুছলিম লীগে এই নির্বাচনত বেয়া ধৰণে পৰাজিত হৈছিল । মুছলমান অধ্যুষিত উত্তৰ – পূৱ সীমান্ত প্রদেশ , বেংগল , পঞ্জাৱ আৰু সিন্ধু প্রদেশত মুছলিম লীগৰ প্রতি সঁহাৰি আছিল অতি দুখ:লগা , মাত্র ৪.৪ শতাংশ লােকেহে এই নির্বাচনত ভােট প্রদান কৰিছিল । এনে কার্যত মুছলিম লীগ হতাশ হৈ পৰিছিল । 

( ঘ ) উত্তৰ – পূব – সীমান্ত প্রদেশত মুছলিম লীগে এখনাে আসন লাভ কৰিবলৈ সক্ষম নহ’ল । 

( ঙ ) পঞ্জাৱ প্ৰদেশৰ ৮৪ খন আসনৰ ভিতৰত লীগে মাত্র দুখন আসনত জয় লাভ কৰে । 

( চ ) ঠিক তেনেদৰে সিন্ধু প্রদেশত ৩৩ খন আসনৰ ভিতৰত লীগে মাত্র তিনিখন লাভ কৰে । 

( ছ ) ১৯৩৭ চনৰ প্রাদেশিক নির্বাচনে মুছলিম লীগৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিছিল । কাৰণ এনে পৰাজয়ে তেওঁলােকক সুকীয়া পাকিস্তান দাবীৰ পথ সুগম কৰি তুলিছিল । ১৯৩৭ চনৰ নিৰ্বাচনৰ ফলাফল হিচাপে পিছলৈ ১৯৪৬ চনত স্বাধীন পাকিস্তানৰ দাবীত মুছলিম লীগে প্রত্যক্ষ সংগ্ৰামৰ কথা ঘােষণা কৰিছিল । 

প্রশ্ন ১২। ভাৰত বিভাজনৰ কাৰণ সমূহ কি আছিল ?

উত্তৰঃ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সমগ্ৰ ঘটনাৱলী আলােচনা কৰিলে দেখা যায় যে প্রধানত ইংৰাজ সকলৰ বিভাজন নীতিয়ে আছিল ভাৰত বিভাজনৰ মুখ্য কাৰণ । ভাৰত বিভাজন বা পাকিস্তানৰ জন্মৰ বীজ ১৯০৬ চনতে ৰােপণ কৰা হৈছিল । মুছলীম লীগ গঠন হােৱাৰ পিছত কংগ্ৰেছৰ বিপক্ষে মত দিয়া আৰু বৃটিছ চৰকাৰক পাকে – প্রকাৰান্তৰে সমর্থন যােগােৱাটো লীগৰ প্রধান উদ্দেশ্য আছিল । কিন্তু লীগে বৃটিছসকলৰ সহযােগ আৰু সমর্থন পাই নিজৰ দাবীক জোৰদাৰ কৰিছিল । 

তেওঁলােকে সদায় মুছলিম সকলৰ বাবে স্বায়ত্ত শাসন বিচাৰিছিল আৰু ১৯৪০ চনৰ লীগৰ প্ৰস্তাৱমতে ভাৰতৰ মুছলমান প্রধান বসতি অঞ্চলবাৰক স্বায়ত্ত শাসন ( Autonomy ) দিবলৈ বৃটিছক জোৰ দিছিল । তেতিয়ালৈ ভাৰত বিভাজনক তেওঁলােকৰ দাবীৰ অন্তৰ্গত কৰা নাছিল । পিছলৈ লীগৰ অবিসম্বাদীয় নেতা জিন্নাই তেওঁৰ দাবীত অটল হৈ থাকিল – যাতে কংগ্ৰেছে তেওঁলােকে বিচৰা মতে কামবােৰ কৰিব নােৱাৰে আৰু যিমান পৰা যায় মুছলিমসকলৰ বাবে বিশেষ সুবিধা লাভ কৰিব পাৰে । ভাৰত ত্যাগ আন্দোলনৰ পিছত বৃটিছে বুজিলে যে তেওঁলােকে ভাৰত এৰিবই লাগিব । সেয়ে ভাৰতক দুর্বল কৰাটো বৃটিছৰ উদ্দেশ্য আছিল ; সেয়ে ভাৰতক বিভাজন কৰিবৰ বাবেই ভাৰত আৰু পাকিস্তানক দুই ভাগত ভগাই থৈ গ’ল । 

প্রশ্ন ১২। মহিলা সকলৰ ভাৰত বিভাজনৰ অভিজ্ঞতা কেনেকুৱা আছিল ?

উত্তৰঃ ভাৰত বিভাজনৰ সময়ত ভাৰতীয় মহিলা সকলৰ অভিজ্ঞতা অতি কৰুণ আছিল । কাৰণ ভাৰতীয় মহিলাসকল ভাৰত বিভাজনৰ ফলত নানা ধৰণে আক্রান্ত হৈ পৰিছিল । ইয়াৰ ফল হিচাপে ৰালপিণ্ডিৰ এখন গাঁৱৰ প্ৰায় নৱৈ গৰাকী মহিলাই নিজৰ সন্মান বচোৱাৰ কাৰণে আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল ৷ তাৰ পৰা ভাগি আহি দিল্লীত থাকিবলৈ লােৱা শিখ সকলে আজিও গুৰু দ্ৰাৰত তেওঁলােকৰ স্মৃতিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁলােকে দেখুৱাই যােৱা এনে সাহসৰ আদর্শ অনুসৰণ কৰিবলৈ এই ঘটনাই শিখ মহিলাসকলক অনুপ্রাণিত কৰি আহিছে । 

প্রশ্ন ১৩। গান্ধীজীক জনগণৰ নেতা হিচাপে কিয় গণ্য কৰা হৈছিল , আলােচনা কৰা ।

উত্তৰঃ গান্ধীজীক জনগণৰ নেতা হিচাপে গণ্য কৰাৰ কাৰণবােৰ হ’ল— 

( ক ) দেশৰ সৰহ সংখ্যক লােকে ঐশ্বৰীক শক্তিৰূপে তেওঁক পূজা কৰিবলৈ ধৰিছিল । 

( খ ) তেওঁক জনসাধৰণে এজন সাধাৰণ মানৱৰ পৰিৱর্তে মহাত্মা বা ঋষি হিচাপে প্রতিষ্ঠা কৰিছিল । 

( গ ) গান্ধীজীক আদর্শ হিচাপে লৈ দেশৰ সকলাে জনসাধাৰণ তেওঁৰ নেতৃত্বত সংগঠিত হৈছিল । 

( ঘ ) গান্ধীজীক এজন গৰীৱ বা সাধাৰণ মানুহৰ হিতাকাঙক্ষী হিচাপে সাধাৰণ মানুহে গণ্য কৰিছিল । 

প্রশ্ন ১৪। মৌখিক উৎস বুলিলে কি বুজা ? ভাৰত বিভাজনৰ বুৰঞ্জী প্রণয়নত এই উৎসই কেনেদৰে সহায় কৰে ? 

উত্তৰঃ মৌখিক সমল বিলাকৰ পৰা ঐতিহাসিকসকলে চৰকাৰী নথি – পত্ৰৰ ঠেক গণ্ডীৰ পৰা ওলাই সজীৱ অভিজ্ঞতাবােৰ সংগ্ৰহ কৰি বুৰঞ্জী অধ্যয়নৰ পৰিসৰ বহলাব পাৰে । মৌখিক সমলে পৰম্পৰাগত ইতিহাস অধ্যয়নৰ ধাৰাটো সলনি কৰিব পাৰিছে । কাৰণ বিভাজনৰ সময়ৰ ভুক্তভােগী লােকৰ পৰাহে সকলাে ঘটনাৰ বিষয়বস্তু জানিব পাৰি । অৱশ্যে মৌখিক সমলবােৰ চালি – জাবি চোৱা প্রয়ােজন । কাৰণ স্মৃতিয়ে বহু সময়ত মানুহক কোনাে কথাৰপৰা বঞ্চিত কৰিব পাৰে । অর্থাৎ মানুহে পাহৰিব পাৰে বা মুখে চলি অহা কথা বা কাহিনী ঠেকহীন হ’ব পাৰে । 

তথাপিও মৌলিক সমলৰ গুৰুত্ব সদায় বেছি । কাৰণ চৰকাৰী টোকা লিখিত হলেও বহু সময়ত সেইবােৰ পক্ষপাত দুষ্ট হােৱাৰ বহুতাে প্রমাণ পােৱা যায় । সেইবােৰ নিৰপেক্ষ নহয় । সেয়েহে জনসাধাৰণক বাস্তৱ অভিজ্ঞতা ভিত্তিক মৌলিক সমল অধিক গ্রহণযােগ্য ।

প্রশ্ন ১৫৷ বুৰঞ্জীবােৰৰ গুৰুত্ব ব্যাখ্যা কৰা । 

উত্তৰঃ বুৰঞ্জী বা ইতিহাসৰ গুৰুত্ব অসীম বুলি কোৱা হয় । অতীতৰ ঘটনা ৰাজিৰ সকলাে দিশ বিজ্ঞান সন্মতভাৱে অধ্যয়ন আৰু বিশ্লেষণ কৰাই হ’ল বুৰঞ্জীৰ মূল বিষয় বস্তু । মৌখিক সমলৰ পৰা ঐতিহাসিক সকলাে চৰকাৰী নথিপত্ৰৰ ঠেক গম্ভীৰ পৰা ওলাই আহি বাস্তৱ অভিজ্ঞতাবােৰ সংগ্ৰহ কৰি বুৰঞ্জী অধ্যয়নৰ পৰিসৰ বৃদ্ধি কৰিব পাৰি । ভাৰত বিভাজনৰ মৌখিক সমলে পৰাম্পৰাগত ইতিহাস অধ্যয়নৰ ধাৰাটো সলনি কৰিব পাৰিছে । ইতিহাসত ঘটি যােৱা সৰু – বৰ সকলােবােৰ ঘটনাৰ গুৰুত্ব অতি অসীম আৰু সেইবােৰৰ গুৰুত্ব সদায় সমাজত থাকি যায় । পিছলৈ এই ঘটনাসমূহে ইতিহাসৰ গতি নির্ণায়নত বিশেষভাবে সহায় কৰা দেখা যায় । ইতিহাসে সকলাে ঘটনাৰ শুদ্ধ বিশ্লেষণ কৰে । এনে বিশ্লেষণে জনতাক শুদ্ধ ৰূপত ঘটনাৰ সবিশেষ জনাত সহায় কৰে আৰু ইয়ে হ’ল বুৰঞ্জীৰ গুৰুত্ব ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top